গল্প-কবিতা

বাঁ‌হৰ বাকলি ‌।‌। মানসী গোহাঁই

মুক্ত চিন্তা‌।একাদশ বছৰ‌।প্ৰথম সংখ্যা

“বৌ, মই বিএ পাছহে। স্কুলত থাকোঁতে অংক ভালদৰে বুজাই নাছিলোঁ। কিবাকৈ মেট্ৰিকটোত ওলাইছিলোঁ। এতিয়া মই নিজে শিকি শিকি ল’ৰা-ছোৱালীকেইটাক অংক শিকাওঁ। এইবাৰ অষ্টম শ্ৰেণীৰ ল’ৰা ছোৱালী এহালকো কৰাইছোঁ‌। মাহিলী ফীজটো পঞ্চাশ টকা বেছি লৈছোঁ।”

নাহৰে আপোনমনে কৈ গ’ল। থৈলাখনত পেলাই থোৱা বাঁ‌হগাজকেইটা এটা এটাকৈ বখলিয়াই আছে। সিয়ে আনিছে। জ্যোতিয়ে বিচাৰিছিল। এনে নহয় যে ইয়াত আকাল। ৰঞ্জনে চাকৰিৰ পৰা বৰ্খাস্ত হোৱাৰেপৰা তেওঁলোকৰ গাঁ‌ৱলৈ অহাযোৱা সেৰেঙা হৈছে। সকামে-নিকামেও আগৰ দৰে নাযায়। বংশৰ সমূহীয়া ভাগৱতৰ ঘৰত বছৰেকীয়া নামলোৱা পাতিছে। ঘৰে প্ৰতি মাননি তুলিছে। পঢ়া-শুনা, জীৱিকাৰ সংক্ৰান্তত দূৰৈত থকা কেইঘৰৰলৈ ঘৰে-ঘৰে গৈ আগভাগ লোৱা কেইজনে তুলিছে। তেওঁলোকৰ ঘৰৰ মাননিটো নাহৰৰ হাতত দি পঠিওৱাৰ বাহানাৰে তাক বাঁ‌হগাজ বিচাৰি জ্যোতিৰ দেউতাকে ক’ল কৰিছিল। জ্যোতিয়ে ফাৰ্মেণ্টেড বেম্ব’শ্বুট তৈয়াৰ কৰা প্ৰক্ৰিয়াৰ ভিডিঅ’ তুলিব। লগতে বাঁ‌হগাজৰ সৈতে মাংসৰ আঞ্জা, খৰিচা চাটনি, আচাৰকে ধৰি ইবিধ সিবিধ কেইবাবিধো তৈয়াৰ কৰি দেখুৱাব। নাহৰে মদাৰখাটৰপৰা ডিব্ৰুগড় টাউন পালেহি। জ্যোতিয়ে উঠিলে যদিও বিছনাতে বাগৰি ফোন চাই আছে। আলুচপ, পকৰি, চাওমিন, ফ্ৰাইড ৰাইছৰ ৰেছিপিবোৰৰ দৰ্শক উলম্বভাৱে কমি আহিছে। সেয়েহে থলুৱা খাদ্য ধাৰাবাহিকভাৱে দিয়াৰ থিৰাং কৰিছে। বাঁ‌হ গাজেৰে আৰম্ভ কৰিব। মাজেমাজে নচাৰ ভিডিঅ’ এটা দুটাও দি থাকে। তথাপি দৰ্শক নবঢ়া হ’ল। কমেণ্ট বিশটাও নাহে কেতিয়াবা। নাহৰক পানী এগিলাছ যাচিবলৈ মাকে আকাৰে-ইংগিতেৰে দুবাৰমান ক’লে।
এইটোৱে মুখখন খুলিলে বন্ধ কৰিবলৈ পাহৰে— জ্যোতিৰ বিৰক্তি লাগে।

“সবফালে নকৰিলে চলিবলৈ বৰ দিগদাৰ হয়। আপোনালোকে দেখিছিলেই… পিতাইৰ ভাগৰ মাটি অলপহে আছিল। তাকো পিতায়ে আক বন্ধকিত দিলে, তাক দিলে। ভাল চৰকাৰী চাউলকেইটা পাওঁ। নহ’লে থকা কেইডৰাই ছমাহো নাযায়।”

কৈ কৈ গাজ দুটা বখলিয়ালে। আৰু কাটিব লাগিব নে এনেকৈয়ে হ’ব মাকে জ্যোতিক চিঞৰি সুধিলে। তাই গোটাকৈ ৰাখিব ক’লে। যিহেতু কটাৰ পৰা বটলত থোৱালৈকে গোটেই প্ৰক্ৰিয়াটো ভিডিঅ’ কৰিব।

“বাইক বিয়াখন পাতি দিওঁ ভাবিছোঁ। আপোনালোকৰ চিনাকি কোনোবা থাকিলে ক’ব চোন বৌ। কৰি খোৱা, ভাল স্বভাৱৰ মানুহ। এবাৰ বিয়াপতা হ’লেও হ’ব। খালী মদ চদ নোখোৱা মানুহ হ’লে ভাল। সৰুকৈ হ’লেও নিজা ভেটি থকা। আমাৰ বাইৰ হাতখন ভাল নহয়। এইবাৰ ইকৰাতলি, চাংমাই পথাৰৰ বিহুমেলাত যিমানবোৰ গামোচা লাগিলে সব আমাৰ বায়েহে বোৱা। বাইৰ চেহেৰাটো বেয়া হ’লে কি হ’ব, কামত কোনেও পিছ পেলাব নোৱাৰে। আমাৰ মাটি এদিন এবেলাতে ৰুই হয়। হ’লেও বাইৰ এদিনো আহৰি নাই। তাইক বিচাৰি ভাটিয়ালীৰ পৰাও মানুহ আহে।”

নাহৰে বাঁ‌হগাজ কেইটা বখলিয়াই বাকলিখিনি বাৰীৰ নলাটোত পেলালে। বাঁ‌হনিটোৰে চোতালত পৰি যোৱা গাজৰ টুকুৰা, আঁ‌হবোৰো সাৰি দাখন পাকঘৰৰ বেৰৰ চেপত সুমুৱাই হাত-ভৰি ধুই বাৰাণ্ডাত বহিলেহি। মূৰত মাৰি অহা গামোচাখনেৰে মুখখন মোহাৰি বাতৰি কাকতখন মেলি ল’লে।
গা ধুই অহালৈকে জ্যোতিৰ মাকে বহিবলৈ কৈ গৈছে। গাজৰ মূল্যটো দি পঠিয়াব। চাহপানী খাই যাবলৈও কৈছে। অগত্যা সি বহি আছে। ৰাতিপুৱা ভীমকল পিটিকি ভজাপিঠা দুটামান খোৱা। ঠাণ্ডা ভাত ৰাতিপুৱা মানুহে খাবলৈ নহয়। উঠি অহা হাঁ‌হৰ পোৱালিজাক আছে। নামতহে এজাক। খোৱাওতে যিমানহে যায়। ঘৰৰ তুঁ‌হগুৰিকেইটা ওলাই বুলিহে। তাকে ভাতৰ লগত সানি দিয়ে।
জ্যোতিৰ মাকে গা ধুই আহি চাকি-বাতি লগাই তাৰ ওচৰত বহিলেহি। চাহ তপতাইছে, উতলিলে চাহ দুবাতি দিবলৈ জ্যোতিক কৈ থৈ অহা নাহৰে শুনিলে। অলপ পাছত জ্যোতিয়ে চাহ দিলেহি। চাহৰ লগত বেকাৰী বিস্কুট আৰু কেঁ‌চা পিঠা।
“ককাইৰে কালি সকামলৈ গৈছিল। তাৰেই পিঠা। খা।” — জ্যোতিৰ মাকে চাহ বাতি যাচি কয়।

নাহৰে তৃপ্তিৰে খালে। সিহঁতৰ নিয়মত প্ৰসাদত মাহ-চানাতকৈ কেঁ‌চা পিঠাহে বেছি লাগে। বাপেক থকালৈকে সিহঁতৰ ঘৰত পিঠা উভৈনদী হৈছিল। গাঁ‌ৱত ইখনৰ পাছত সিখন সকাম হৈ থাকে। বাপেকক কেঁ‌চা ৰান্ধনি পাতিছিল। ভকতে গালি-শপনি পাৰিলে দুদিনমান গৈছিল। দুদিনমান আকৌ নোযোৱাকৈ আছিল। যিদিনা যায় সেইদিনা প্ৰসাদৰ ডাঙৰ ভাগ আনিছিল। সকামৰপৰা আহি প্ৰসাদভাগ থ’লে কি নথ’লে চুৰিয়াখন সুলকাই হাফপেণ্টটো পিন্ধি চিধাই লাইনলৈ হৈছিল। চুলাই খাই খাই বাপেকটো অকালতে মৰিলে।
মাকে কয়, বাপেকৰ সেইয়াই দোষ লাগিল। গাঁ‌ৱৰ ৰাইজে ৰান্ধনি পাতিছিল। টকা-সিকাও দিছিল। তথাপিতো, যাবলৈ এলাহ কৰিছিল। বেয়াপোৱা, মদ খাই কাজিয়া কৰা মানুহৰ ঘৰৰ সকামলৈও নগৈছিল।

“মায়ে অৰুণোদয় পায় নে নাহৰ?”

“পায়। মাৰ দৰৱকেইটা কিনিবলৈ হয়। হাই প্ৰেছাৰে পালে নহয় মাক। মায়ে বৰকৈ বাছি বাছি খাই বুলিহে।”

“বায়ে নাপায়?”

“ওঁহো। হিচাপত তায়ো পাব লাগিছিল। আমাৰ মেম্বাৰজনী বৰ খেছেৰী লগৰ নহয়। বাইক কাপোৰ এযোৰ খুজিছিলে। বায়ে হিচাপত বোৱা কাপোৰ কেনেকৈ তাইক দিয়ে বাৰু। মানুহৰ পৰা পইচা লৈহে বায়ে বয়। সূতাৰ যিহে দাম। সেইষাৰতে নিদিলে। এইবাৰ সেইকাৰণে পঞ্চায়ত অফিচত গৈ কৰিলোঁ। সোমাব নিচিনা লাগিছে।”

জ্যোতিৰ মাকে শলাগিলে। নাহৰে আকৌ যোগ দিলে, “টকানো কাক নালাগে বৌ। চৰকাৰে এনেই দিয়া নাই নহয়। আমাৰ অধিকাৰ এইবোৰ। বায়ে মোবাইলত মাহেকত ভৰাব পালেও কিমান তৎ পায়। তেল, ক্ৰিমকেইটা, আকৌ মাইকী মানুহৰ বস্তুবোৰ, সূতা কিনিবলৈ টাউনলৈ অহাযোৱা কৰা খৰচটো। ক’বলৈহে, হিচাপ কৰিলে অৰুণোদয়ো তেনেই তাকৰ হৈ যায়। আঁ‌চনি কৰি টকা দিলে কি হ’ব, বস্তুৰ দাম মাহে মাহে বাঢ়ে। চাকৰিৰ ফৰ্ম ফিল আপ কৰিবলৈ বায়েও দিয়ে। চাকৰি এটা পালে প্ৰথমে বাইৰ বিয়াখন ডাঙৰকে পাতিম। ক’ৰবাত কিবা এটাত সোমাব পালে অলপ ৰক্ষা পাম। য’তে হ’লেও যিকোনো কাম কৰিব পাৰিম। শিকিবলৈ বেছিপৰ নালাগে মোক। আমাৰ ওচৰৰ ধৰ্ম দাইহঁ‌তৰ নবৌৱে যৌতুকত অনা ৱাশ্বিং মেছিনটো মইহে লগাই দিলোঁ। মিস্ত্ৰিক এটকাও দিবলগীয়া নহ’ল। লাইটৰ ৱায়াৰিং কৰিবলৈও শিকিলোঁ। পাপ্লুৰ লগত যোগালি কৰিছিলোঁ নহয়। সি সব শিকাই দিলে। খালী মেছিনবোৰ বৰ দাম। মাজে মাজে এতিয়াও তাৰ লগত যাওঁ। সি টাইলচৰ মিস্ত্ৰি এটাৰ লগতো চিনাকি কৰি দিলে।”

চাহ খাই বৌয়েক ভিতৰলৈ যোৱাৰ চেগতে হাওলি পৰা পাচলিডৰাৰ জেওৰাখন পোনাই খুঁ‌টিটো ভালকৈ পুতি দিলে। বৌয়েকে তামোলৰ খৰাহিটো আনি তামোল কাটিবলৈ ধৰিলে। সি আহি পুনৰ বহিলেহি। তেওঁ আগবঢ়াই দিয়া তামোল এখন মুখত ভৰাই ক’লে, “ককাইদেউক বাঁ‌হ দুডালমান কিনিবলৈ ক’ব। এদিন আহি বাৰীখন চিকুণাই, ভালকৈ চহাই গুটি সিঁ‌চিব পৰা কৰি দিম। জেওৰাখন এবেলাতে ভেটিব পাৰিম। খৰালি বজাৰৰ শাক-পাচলি নিকিনিলেও হ’ব।”

“তই লোকৰ ঘৰত এইবোৰ কামো কৰ নেকি?”

“লোকৰ ঘৰনো ক’ত, আপোনালোকৰ ঘৰতহে। ঘৰতো কৰোঁ। মই নজনা কাম নাই বৌ। বাইক চাই চাই তাঁ‌ত ব’বলৈও পাৰিম। তাইৰ নিচিনা নোৱাৰোঁ বাৰু।” — নাহৰে ঢেকঢেকাই হাঁ‌হিলে।

সি যোৱাৰ পাছত জ্যোতিৰ মাক বাৰাণ্ডাতে দৰক লাগি বহি ৰ’ল। নাহৰে কথা বেছিকৈ কয়। টাউনত থকা ককায়েক, বৌয়েকহঁ‌ত বুলি তেওঁলোকক আদৰ, সন্মান কৰে। পৰিয়ালৰ মানুহে সুযোগ পালেই তাৰ আদৱ-কায়দা, কথা কোৱা ধৰণৰ বাবে তাচ্ছিল্য কৰে। তেওঁলোকেও কৰিছিল। আজিৰ দৰে পূৰ্বে নাহৰৰ লগত ইমান কথা পতা মনত নপৰে তেওঁৰ। কাৰোৰ সৈতে হাই-কাজিয়া নকৰা, কাকো অন্যায় নকৰা পেটে ভাতে খাই থকা পৰিয়ালটো থাকিও নথকাৰ দৰে আছিল। দেখিলে মাতে, নেদেখিলে কাৰোৰে মনত নপৰা মাক, জীয়েক আৰু পুতেকৰ সৰু পৰিয়ালটো। নাহৰে সঁ‌চাই বৰকৈ কথা কয়। ইমান কথা তাৰ! তথাপি কাম আছে বা ভাত ৰান্ধিবলৈ আছে বুলি খৰধৰকৈ মূল্যটো আৰু নামঘৰৰ মাননিটো দি তাক বিদায় দিব নোৱাৰিলে। নাহৰ বিএ পাছ আজি জানিলে। তাৰ বায়েকে ইমান তাঁ‌ত বয় জনা নাছিল। আৰ্থিক অৱস্থাই অকালতে বয়সীয়াল কৰি তোলা তেওঁৰ সমবয়সীয়া খুড়ী শাহুৱেকগৰাকীক উচ্চ ৰক্তচাপে পালে আজিহে গম পালে। ঘৰখন চলাবলৈ তিনিওটিয়ে কষ্ট কৰাৰ কথা আগতে তেওঁ জনা নাছিল। তেওঁলোকে নজনা আৰু কিমান আছে সিহঁতৰ কথা….

মেনেজাৰক কৈ নাহৰক বাগানত সোমোৱাই দিবলৈ নাহৰৰ মাকে জ্যোতিৰ দেউতাকক বৰকৈ কৈছিলে। দিওঁ বুলিলে পাৰিলেহেঁতেন। তেওঁৰ ককাই-ভাইৰ সন্তানকো চাকৰিটোৰ প্ৰয়োজন হোৱা নাছিল। অৱসৰৰ পাছত জ্যোতিৰ দেউতাকে গাঁ‌ৱত থকা চাহ বাগানবোৰ বহলাইছে। তাতো নাহৰক কিবা এটা কামৰ দায়িত্ব দিব পাৰিলেহেঁতেন। নাহৰৰ মাক জ্যোতিৰ দেউতাকৰ সম্বন্ধীয় খুড়ীয়েক। নাহৰ, ৰঞ্জনৰ সমবয়সীয়া। জিলা পৰিবহণ বিভাগৰ চাকৰিটো আধা যোগ্যতা আৰু আধা দেউতাকে অৱসৰত পোৱা মূল্যৰ এটা অংশৰ বিনিময়ত পাইছিল। এবছৰতে ঘৰখনত অভূতপূৰ্ব পৰিৱৰ্তন হৈছিল। প্ৰথমে মাক-দেউতাক দুয়োৱে সুধিছিল – কটাকটি কৰি থকা সাতাইশ হাজাৰ টকা দৰমহাৰে সি কেনেকৈ ইমান বিলাস কৰিছে। সেয়া পোনতেহে। পাছলৈ তেওঁলোকেও অংক কৰিবলৈ বেয়া পাই ফল খোৱাত গুৰুত্ব দিছিল। তিনিমাহৰ আগত ৰঞ্জন চাকৰিৰপৰা বৰ্খাস্ত হ’ল। প্ৰথমে অস্থায়ীভাৱে কৈছিল। কিন্তু এতিয়া সেয়াও অমীমাংসিত হৈ আছে। ডেৰমাহ জে’লত থাকি আহিল। এতিয়া ক’ৰ্টলৈ অহাযোৱা কৰি আছে। জ্যোতিক চাবলৈ অহা ল’ৰা ঘৰে বিয়াবাৰুলৈ যাব নোৱাৰিব বুলি খবৰ দিলে।

বহু বেলি মূৰত জ্যোতিৰ মাকে উঠি গৈ পাকঘৰত ব্যস্ত হৈ পৰিল। জ্যোতিয়ে ইখন সিখন কৰি গা ধুবলৈ সোমালে। তেনেতে মাছ দিয়া ল’ৰাটো আহি বেলটো বজায়। জ্যোতিৰ মাকক দেখা মাত্ৰকে ল’ৰাটোৱে কয়,
“আপোনালোকৰ ঘৰলৈ আহে যে ল’ৰাটো, দাঁ‌তকেইটা উজলা। তাক তিনিআলিত ল’ৰাকেইটামানে দম দি আছে।”

জ্যোতিৰ মাকে শংকিত হৈ মাছ দিয়া ল’ৰাটোক প্ৰশ্ন কৰিবলৈ ধৰিলে। জ্যোতিয়ে গা ধুই ডাঁ‌ৰত কাপোৰ মেলে।
“ঐ জ্যোতি স্কুটিখন লৈ যাৱ নেকি তিনিআলিলৈ? নাহৰ দাইক কলেজৰ ল’ৰাকেইটামানে দম দিছে হেনো।”

জ্যোতিয়ে বিৰক্তিৰে উচাট মাৰি ভিতৰলৈ সোমাই গ’ল। মাক অসহায় হ’ল। মনৰ উগুল-থুগুল নকমিল। সহজ-সৰল নাহৰৰ চিন্তাই চুই থাকিল। খবৰ কৰিবলৈ ৰঞ্জনক কৈ চোৱাৰ যুক্তি নাই। এতিয়াও পেট পেলাই শুই আছে। নাহৰক মানুহ বুলিয়ে গণ্য নকৰে। মাইকীমুৱা বুলি ভেঙুচালি কৰে। মাকৰ খং উঠে। বৰ মতা হৈছিলে নহয়। ঘোচ খাই খাই চাকৰিৰ পৰা খেদা খাই নাক কটাৰ বাহিৰে কিটো কৰিছে। তেওঁ খঙতে মাছ নল’লে। ল’ৰাটোক বিদায় দি বাৰাণ্ডাত থমথম বহি থাকিলে।
কিনো ভাবিলে জ্যোতিয়ে ওলাই আহি স্কুটিখন উলিয়ালেহি। তেওঁ কপাল কোঁ‌চাই সুধিলে,
“ক’ত যাৱ?”
“নাহৰ দাইক চাই আহোঁ।”

জ্যোতিয়ে তিনিআলিত নাহৰকো নেদেখিলে, মানুহৰ জুমো নাপালে। চিনাকি দোকানী এজনৰ পৰা ঘটনাৰ বুজ ল’লে। কলেজীয়া ল’ৰা এটাই বেপৰোৱাভাৱে পেলোৱা গুটখাৰ পিক নাহৰৰ পেণ্টত পৰিছিলে। সি চাইচিতি পেলাবা ভাইটি বুলি কৈছিল। সেইষাৰ কথাতে মহাবিদ্যালয়ৰ গণৱেশত থকা ল’ৰাকেইটাই নাহৰক উভতি ধৰিলে। চোলাৰ কৰ্লাৰত ধৰি মাৰিবলৈ বাকী। ওচৰ-পাজৰ মানুহে বচালে বুলিহে। হ’লেও টনা-আঁজোৰা কৰিছিল।
জ্যোতিয়ে কিবা এটা ভাবি নাহৰহঁ‌তৰ গাঁ‌ৱৰ দিশে আগুৱালে। বেগেৰে গৈ তাক দেখিলে আৰু আগত স্কুটিখন ৰখালে। তাইক দেখি আচৰিত হৈ নাহৰেও চাইকেল ৰখাই সুধিলে,
“ভনী ক’লৈ যাৱ?”

দদায়েকৰ প্ৰশ্নৰ উত্তৰ নিদি জ্যোতিয়ে খঙেৰে চালে। মূৰত গামোচাৰ পাগ, বিশাল মাৰ্কেটৰ পৰা তিনিশ নিৰান্নবৈ টকাত বাই ৱান গেট ৱান ফ্ৰী পলিচিত কিনা বাদাম ৰঙী পলিয়েষ্টাৰ গাত ডাঙৰ হোৱা চোলাটো, ৰং যোৱা পেণ্টটো, পিঠিত ছেইন বেয়া, পিন লগোৱা বেগটো, মুখত মাকৰ পৰা লোৱা দ্বিতীয়খন তামোল-পানৰ পাক। সমুখৰ ৰঙচুৱা দাঁ‌ত পাৰি। খংটো ভমককৈ উঠে তাইৰ,
“দাই, তই মতা মানুহৰ নিচিনা হ’ব নোৱাৰ? কলেজৰ ল’ৰাই তোক দম দিব পাৰিছে, দুচাতমান লগাই দিব নোৱাৰিলি? মতা মানুহটো হৈ চাই থাকিলি যে? মানুহে এনেই নাহাঁ‌হে তোক।”

নাহৰ হতভম্ব হ’ল। জ্যোতিয়ে ফোপাব ধৰিলে। পথাৰৰ মাজেদি যোৱা আলিটোৰে ইখনৰ পাছত সিখন গাড়ী অহাযোৱা কৰি থাকিলে।

“মোক কোনবোৰ মানুহে হাঁ‌হে ভনী?”

“সবেই হাঁ‌হে তোক। মাইকী মানুহৰ কাম কৰিবি, কথা ক’লে ৰৱ কেতিয়া লাগে খবৰ নাথাকে। কৈয়ে থাক, কৈয়ে থাক শুনি থকাটোৱে আমনি পাই যোৱাকৈ। সেইকাৰণে কলেজৰ ল’ৰাকেইটাই তোৰ ছাৰ্টৰ কলাৰত ধৰিব পাৰিলে।”

নাহৰে লাহেকৈ চাইকেলৰপৰা নামিলে। দুহাতেৰে চাইকেলখনত ধৰি ধীৰে-সুস্থিৰে ক’বলৈ ধৰিলে,
“পেহীয়েৰে নীলা আৰু গুলপীয়া সূতা দুশগ্ৰাম কিনিবলৈ পইচা দিছিলে, আইতাই খালী পেটত খোৱা টেবলেট কিনিব আছিলে। তিনিআলিত কম্পিউটাৰৰ দোকানত ফৰ্ম ফিলআপ এটা কৰিব আছিলে। চাৰ্টিফিকেট এখন আনিবলৈ পাহৰিলোঁ। কাইলৈ লাষ্ট ডেট। বহুত কাম। কলেজৰ ল’ৰাকেইটাৰ লগত মতা হ’বলৈ মোৰ সময় নাই ভনী। দাই হিচাপে তোক দুষাৰমান শুনোৱাবলৈও মোৰ সময় নাই এতিয়া।”

নাহৰে কৈ আৰু নৰ’লে। চাইকেলখন ঠেলি ঠেলি পথাৰৰ মাজৰ পকি আলিয়েদি মূৰত চৌফলীয়া ৰ’দটো লৈ আগবাঢ়িলে। বাঁ‌ও ভৰিটো লেকেচিয়াই খোজ পেলাইছে। কিলাকুটিৰ বাদাম ৰঙী তালৈ ডাঙৰ হোৱা পলিয়েষ্টাৰ চোলাটোত অকণমান তেজ বিৰিঙিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *