চন্দ্ৰপ্ৰভা শইকীয়ানী : ব্যক্তিত্ব আৰু প্ৰতিভা (ৰঞ্জিত ভূঞা)
(এক)
১৯২৫ চন। নগাঁৱত অসম সাহিত্য সভাৰ মুকলি অধিবেশন। নিমন্ত্ৰিত অতিথিৰ আসনত অন্যান্যসকলৰ লগতে এগৰাকী কমবয়সীয়া মহিলা। সেই সময়ৰ এক অভাবনীয় দৃশ্য।সভাপতি উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈয়ে সভাপতিৰ অভিভাষণত কৈ গৈছে, “সমাজৰ পৰা কানি; মদ, ভাং – এই তিনিটা বৰবিহ একেবাৰে আঁতৰাবলৈ হ’লে মতা-মাইকী উভয়ে শিক্ষিত হ’ব লাগিব। বিশেষকৈ তিৰোতা জাতিটো। তিৰোতা জাতিটো শিক্ষিত হ’লে আগলৈ জন্ম লোৱা সন্তানবিলাকো শিক্ষিত হ’ব।কিয়নো সন্তানে পোন প্ৰথমে মাকৰ পৰাহে শিক্ষা পায়।….” নাৰী শিক্ষা; স্বাধীনতা আৰু মৰ্যাদাৰ বাবে অহোপুৰুষাৰ্থ কৰা মহিলাগৰাকীৰ চকু-মুখ উজ্জ্বল হৈ উঠিছে,জোৰে জোৰে হাত চাপৰি বজাইছে। কিন্তু হঠাতে মঞ্চৰ বাঁওফালে চাই পঠিওৱাত তেওঁৰ উৎসাহত একেবাৰে চেঁচা পানী পৰিল, তেওঁক যেন বিছাইহে ডাকিলে, আসনত বহি থাকিয়ে তেওঁ ছটফটাবলৈ ধৰিলে।কাৰণ? তেখেতৰ নিজৰ ভাষাৰেই শুনকচোন, “১৯২৫ চন, নগাঁৱত পূজাৰ বন্ধত স্বৰ্গীয় ৰজনীকান্ত বৰদলৈ ই,এ,চিৰ সভাপতিত্বত বিৰাট সভামণ্ডপত মহা উৎসাহেৰে কেবা হাজাৰো মানুহৰ উপস্থিতিত অসম সাহিত্য সভাৰ মুকলি অধিৱেশন বহিছে। মই নিজেও তালৈ গৈছিলো। কিন্তু যি সময়ত পুৰুষৰ ইমান বিৰাট জাগৰণ সেই সময়ত তিৰোতা মানুহৰ অৱস্থা শ্বাসৰুদ্ধ অৱৰুদ্ধ অৱস্থাত।সভা-সমিতিত সেই সময়ত বহাৰ ব্যৱস্থা ভদ্ৰ মহিলাৰ নিমিত্তে মণ্ডপৰ এচুকে বাঁহৰ কাঠিৰ চিক (পৰ্দা)ৰ আঁৰত। নগৰৰ গণ্য-মান্য ব্যক্তিসকলৰ তিৰোতাসকলে সেই চিকৰ আঁৰত বহি বাঁহৰ কাঠিৰ ফাঁকেৰে দীঘল ওৰণি মূৰত লৈ পুৰুষৰ এই কাৰ্যকলাপ চাই নিজকে কৃতাৰ্থ মানিছিল। নগাঁৱৰ উক্ত সন্মিলনীতো মহিলাসকলৰ নিমিত্তে বাঁহৰ চিকৰ ব্যৱস্থা হৈছিল আৰু চিকৰ ভিতৰখন মহিলাৰে ঠাহ খাই পৰিছিল। তেওঁলোকক তেনে অৱস্থাত দেখি অপমান আৰু বেদনাত মোৰ অন্তৰ ব্যথিত হৈ পৰিল।তিৰোতাসকল কি মানুহ নহয়? মানুহে মানুহে এনে অসমান ব্যৱস্থা!কি কুন্ধচ আৰু কদৰ্য – কি এই ব্যৱস্থাৰ অৰ্থ? দেহবলত বাৰু নাৰী পুৰুষৰ সমকক্ষ নহয়, কিন্তু প্ৰকৃতিৰ নিয়মতেই নাৰীয়ে উৎকৃষ্ট গুণাৱলী পাইছে।কিন্তু দৈহিক দুৰ্বলতাৰ সুযোগ লৈ পুৰুষে নাৰীক ন্যায্য অধিকাৰৰ পৰা বঞ্চিত কৰিছে।
“মই চিকৰ বাহিৰত বহা সমাজখনৰ আগশাৰীৰ আসন এখনত বহিলোগৈ। মোৰ বয়স তেতিয়া তেনেই গাভৰু কালৰ। মোক বাহিৰত দেখি ভিতৰত বহুতে যে অপমানিত বোধ কৰিছিল মোৰ উপলব্ধি হৈছিল। মই আচৰিত হৈছিলোঁ কেবাগৰাকীও বাহিৰত বহা সুপ্ৰসিদ্ধ মহিলাক চিকৰ আঁৰত দেখি। তেওঁলোকে যে ভিতৰত থকা এই দুৰ্গত মহিলাসকলৰ অৱস্থাটোক সহানুভূতি দেখুৱাবলৈ গৈ তেনে কৰিছিল সি সঁচা।কিন্তু মোৰ মতে এনেবোৰ সহানুভূতি দুৰ্বলতা,আৰু এনে দুৰ্বলতাই সমাজৰ কু-সংস্কাৰক সহায়হে কৰে।
“মোক সমজুৱাৰ বক্তৃতাত ক’বলৈ দিলে সভাপতিয়ে।মই মোৰ অপমানত জ্বলি-পুৰি থকা অন্তৰেৰে জ্বলন্ত ভাষাৰে পুৰুষ-মহিলাৰ মাজত থকা সেই অসন্মানজনক ব্যৱস্থাৰ কথাকে উল্লেখ কৰি দুয়োপক্ষৰ আগত দাঙি ধৰিলো মাত্ৰ।আচৰিত ঘটনা ঘটিল। বিপ্লৱ ততালিকে আৰম্ভ হ’ল।যেতিয়াই মই ক’লো, পুৰুষে তিৰোতাৰ নিমিত্তে এনে অপমানজনক অসমান ব্যৱস্থা কৰিলে বুলিয়েই তিৰোতাই কিয় সেই ব্যৱস্থাৰ অৱসান ঘটাই বাঁহৰ চিক ভাঙি-ছিঙি বন্দী সিংহনীৰ দৰে বাহিৰ জগতলৈ ওলাই নাহে৷ – ততালিকে বাঁহৰ চিকখন ভাঙি মাটিত পৰি গ’ল আৰু সাহসী,উজ্জ্বল নয়না,প্ৰতিভাদীপ্ত মুখ কিছুমান পিছৰ পিছৰ বেঞ্চিৰ পৰা আগুৱাই আহি আগত বহিল। মই উচপ খাই চাই দেখিলোঁ কিছুমান গাভৰু আৰু মহিলাই চিকখন টানি-আঁজুৰি মাটিত পেলাই দিছে আৰু চিকখন টুকুৰা-টুকুৰ কৰি ভাঙিব লাগিছে।
“বিপুল জনতাৰ মাজত কৰতালি উঠিল। জনতাই সেইদিনাৰ সেই বিপ্লৱী অভিযাত্ৰীসকলৰ অভিযানক সম্বৰ্ধনা জনালে। তেনেহ’লে মানুহৰ মাজত কোনে কৰে এনে অসমান ব্যৱস্থাৰ সৃষ্টি? নিশ্চয় মানুহৰ ঠেক দৃষ্টিভংগীয়ে।এই দৃষ্টিভংগীৰ অৱসানৰ বাবে লাগে সিদিনাৰ পৰ্দা নমনা মহীয়সী গাভৰুসকলৰ দৰে বুজিবৰ শক্তি আৰু অভিযানৰ সাহস।
“মোৰ মতে সেয়াই সৰ্বপ্ৰথম সমাজত মহিলাই কৰা সামাজিক বিপ্লৱ। সেই ঠাইতে “অসম মহিলা সমিতি”এখন গঠিত হোৱাৰ কথা আছিল। সাহিত্য সভাৰ শেষৰ পিছদিনা এই অধিৱেশন সেই সভা মণ্ডপতে বহিল, কিন্তু সেই সময়ৰ স্থানীয় নেতা জন দিয়েকৰ বিৰোধিতাৰ ফলত সি হৈ নুঠিল। তেওঁলোকে পেণ্ডেল ভাঙি লৈ যাবলৈ ধৰিলে আৰু ভীষণ গোলমালৰ মাজত সভা ভংগ হ’ল৷” (“অসম প্ৰাদেশিক মহিলা সমিতি’ৰ মুখপত্ৰ ‘অভিযাত্ৰী’ত প্ৰকাশিত। প্ৰথম বছৰৰ প্ৰথম সংখ্যা।ডিচেম্বৰ,১৯৪৭)
সেইদৰে এক তেজোদীপ্ত,উদ্দীপনাময় ভাষণেৰে যুগ যুগ ধৰি মৰ্যাদাহীন জীৱন যাপনত অভ্যস্ত মহিলাসকলক এইদৰে সাহস আৰু আত্মবিশ্বাস জগাই তুলিব পৰা,কমবয়সীয়া এই মহিলাগৰাকীয়েই আছিল চন্দ্ৰপ্ৰভা শইকীয়ানী – বিস্ময়কৰ আৰু গভীৰ প্ৰেৰণাদায়ক যাৰ জীৱন-সংগ্ৰাম,সাহস আৰু বুদ্ধিমত্তাৰ কাহিনী ।
(দুই)
নগাঁৱৰ সাহিত্য সভাৰ অধিৱেশনৰ অভিজ্ঞতাই এফালে যেনেকৈ চন্দ্ৰপ্ৰভাক জয়ৰ আনন্দ দিলে, আনফালে আকৌ মহিলাৰ এক অভূতপূৰ্ব জাগৰণ, মহিলাৰ দ্বাৰা সংঘটিত ‘সামাজিক বিপ্লৱ’ৰ গৰমে গৰমে মহিলা সমিতি গঠন কৰাৰ যি সোণালী সুযোগ আহিছিল, তাৰ সদ্ব্যৱহাৰ কৰাত আহি পৰা বাধাই পৰাজয়ৰ তিক্ততাও দিলে। কিন্তু দৃঢ়মনা চন্দ্ৰপ্ৰভা ইমান সোনকালে ভাগৰি পৰাৰ কথাই নুঠে! মহিলা সমিতি গঠন কৰিব নোৱাৰিলে কি হ’ল, সেইখন সভাতে মহিলাক চিকৰ আঁৰৰ পৰা মুকলিলৈ উলিয়াই আনিব পৰাটো জানো কম উল্লেখযোগ্য সাফল্য? এই সফলতাই চন্দ্ৰপ্ৰভাৰ মনৰ উৎসাহ আৰু দৃঢ়তা দুগুণে বঢ়াই তুলিলে। তাৰ পাছৰ বছৰৰ সাহিত্য সভাৰ অধিৱেশনতে তেওঁ মহিলা সমিতি গঠন কৰিবলৈ সংকল্প ল’লে। ১৯২৬ চন । সেইবাৰ সাহিত্য সভাৰ ধুবুৰীত বহা অধিৱেশনত সভাপতি বেণুধৰ ৰাজখোৱাদেৱক এই সংকল্পৰ কথা মুকলিকৈ ক’লে। উদাৰ মনৰ ৰাজখোৱাদেৱে অকল সমৰ্থন কৰাই নহয় ,নিজে উদ্যোগ ল’ব বুলিও কথা দিলে। কথা মতেই কাম।তেখেতে লক্ষীপুৰৰ জমিদাৰ, সু-সাহিত্যিক নগেন্দ্ৰ নাৰায়ণ চৌধুৰী আৰু মহাদেৱ শৰ্মাৰ লগত আলোচনা কৰিলে আৰু তিনিওজনে সেইবাৰেই ধুবুৰীতে মহিলা সমিতি গঠনৰ পৰামৰ্শ দিলে। চন্দ্ৰপ্ৰভাক আৰু পায় কোনে! ইমানকেইজন উদাৰ হৃদয়ৰ নেতৃস্থানীয় ব্যক্তিৰ পৰামৰ্শ, অকুন্ঠ সহায়-সহযোগিতাৰ লগতে এজন পুলিচ বিষয়া ভুবন দত্তই আগ বাঢ়ি আহি কৰা সহায়ৰ ফলস্বৰূপে ধুবুৰীৰ ‘বিজনী হল”ত বহুসংখ্যক মহিলাৰ উপস্থিতিত হোৱা সভাত চন্দ্ৰপ্ৰভাৰ সংকল্প বাস্তৱ হ’ল, মহিলা সমিতিৰ জন্ম হ’ল। চন্দ্ৰপ্ৰভা সম্পাদিকা নিৰ্বাচিত হ’ল। ৰাজখোৱা,চৌধুৰী আৰু শৰ্মা ডাঙৰীয়াহঁতৰ দৰে গুৰুস্থানীয় ব্যক্তিসকলৰ পৰামৰ্শ আৰু সহযোগিতাতকৈ যি কথাই চন্দ্ৰপ্ৰভাৰ মন উৎসাহ আৰু সুখানুভূতিৰে ভৰাই তুলিছিল, সেইটো হ’ল কোনো দিনে চিনি নোপোৱা ভুবন দত্ত নামৰ এজন পুলিচ বিষয়াৰ অভাবনীয়, অকল্পনীয় সহযোগিতা। বিষয়াগৰাকীয়ে নিজৰ গাড়ীৰে দূৰ-দূৰণিৰ ঠাইৰ পৰা মহিলাসকলক আনি বিজনী হল ভৰাই তুলিছিল। চন্দ্ৰপ্ৰভাৰ তেওঁৰ প্ৰতি কৃতজ্ঞতাৰ ভাষা নাই!
মহিলা সমিতি গঠন হ’ল। পিছে সংগঠন বঢ়াব লাগিব। গাঁৱে গাঁৱে ঘূৰি শাখা সমিতি খুলিব লাগিব। চন্দ্ৰপ্ৰভাৰ গাত তত নাইকিয়া হ’ল। ধুবুৰীত যি অভাবনীয় সফলতা – মহিলাৰ চিকৰ আঁৰত বহিব লগা অপমানজনক ব্যৱস্থা চিৰদিনৰ বাবে উঠি গ’ল, মহিলা সমিতি গঠন কৰি নিজে তাৰ গুৰুদায়িত্ব কান্ধ পাতি ল’লে, এই ঐতিহাসিক সফলতাই চন্দ্ৰপ্ৰভাৰ মনোবল বৃদ্ধি কৰি কান্ধত লোৱা দায়িত্ব পালনৰ বাবে দৃঢ়প্ৰতিজ্ঞ কৰি তুলিলে। তাৰ জোৰতে ঘৰলৈ ঘূৰি আহি চাইকেল এখন কিনি লৈ জাৰ-জহ,ৰ’দ-বৰষুণ নেওচি গাঁৱে-গাঁৱে ঘূৰি শাখা সমিতি গঠন কৰিবলৈ উঠি-পৰি লাগিল। আজিৰ পৰা প্ৰায় এশ বছৰৰ আগৰ কথা। সেই সময়ছোৱাত নাৰী ঘৰৰ বাহিৰলৈ ওলাই আহিবলৈ সমাজ আৰোপিত অসংখ্য বাধা-নিষেধ,ছোৱালীৰ বাবে শিক্ষাৰ কোনো ব্যৱস্থা নাই, ফুলকুমুলীয়া বয়সতে বিয়া দি পৰিয়াল একোটাৰ বোজা জাপি দিয়াটোৱেই প্ৰচলিত ব্যৱস্থা, তেনে এক পৰিবেশ-পৰিস্থিতিত এগৰাকী তিৰোতাই চাইকেল চলাই মহিলা সমিতি গঠনৰ বাবে ঘৰে ঘৰে, পদূলিয়ে পদূলিয়ে ঘুৰি ফুৰাটোৱেই জানো কম বিপ্লৱ? কম ডাঙৰ কথা গাঁৱলীয়া সমাজৰ বাবে? স্বাভাৱিকভাৱেই চন্দ্ৰপ্ৰভা সন্মুখীন হ’ল অসংখ্য জনৰ ঠাট্টা-বিদ্ৰূপ,অশ্লীল মন্তব্য আৰু ইংগিতৰ। পদে পদে বাধা। কিন্তু বেলেগ ধাতুৰে গঢ়া চন্দ্ৰপ্ৰভা। এইবোৰ যিমানে বাঢ়িলে সিমানেই বাঢ়ি গ’ল চন্দ্ৰপ্ৰভাৰ দৃঢ়তা আৰু মনোবল। চন্দ্ৰপ্ৰভা সফল হৈছিল। গাঁৱে গাঁৱে বহুতো শাখা সমিতি গঠন হ’ল। ইয়াৰ আগতেও চন্দ্ৰপ্ৰভাই সফলতা পাইছিল।নগাঁৱৰ বিদ্যালয় এখনত শিক্ষয়িত্ৰীৰ কাম কৰি থাকোতে ১৯১৭চনত নগাঁৱত আৰু তেজপুৰত শিক্ষয়িত্ৰীৰ দায়িত্ব পালন কৰি থকাৰ মাজতে ১৯১৯ চনত তেজপুৰত মহিলা সমিতি গঠন কৰিছিল। অতুলনীয় সাহস, মনৰ দৃঢ়তা আৰু বুদ্ধিমত্তাৰ অধিকাৰী চন্দ্ৰপ্ৰভাৰ সংগ্ৰাম আৰু সফলতাৰ উদাহৰণ জানো ইমানতে শেষ? নহয়, আৰু বহু উল্লেখযোগ্য বিস্ময়কৰ সফলতাই চন্দ্ৰপ্ৰভাৰ জীৱন মহীয়ান কৰিছে, চন্দ্ৰপ্ৰভাৰ জীৱন সংগ্ৰাম আৰু সফলতাৰ কাহিনী এতিয়াৰ প্ৰজন্মৰ বাবে হৈ পৰিছে অসীম কৌতূহল আৰু প্ৰেৰণাৰ বিষয়।
(তিনি)
যি সময়ত ছোৱালী মাত্ৰেই তেনেই কম বয়সতে বিয়া দি দিয়াৰ ৰীতিয়েই প্ৰচলিত আছিল, ছোৱালীক বিদ্যালয়ত পঢ়ুৱালেই, ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ দিলেই দাংকাটি হ’ব, তেনে ছোৱালীক বিয়া কৰাবলৈ কোনো ল’ৰাৰ ঘৰৰ মানুহ আগ বাঢ়ি নাহিব, তেনে অনেক সাৱধানবাণী অনেক মিতিৰ-কুটুম্ব,হিতাকাংক্ষী গঞাই শুনোৱাৰ পাছতো চন্দ্ৰপ্ৰভাৰ মাক-দেউতাকে কিন্তু নিজৰ ছোৱালীৰ শিক্ষাৰ প্ৰতি আকুলতা নেওচা নিদিলে, অনেক বাধা-নিষেধ আওকাণ কৰি পুতেক ধৰ্মৰ লগতে মাজু জীয়ৰী চন্দ্ৰপ্ৰিয়া আৰু সৰু জীয়ৰী ৰামেশ্বৰী (পাছলৈ চন্দ্ৰপ্ৰিয়া হ’লগৈ চন্দ্ৰপ্ৰভা,ৰামেশ্বৰী ৰজনীপ্ৰভা)ক ঘৰৰ পৰা কেইবামাইল দূৰৈৰ ভালুকীগাঁৱৰ চন্দ্ৰপ্ৰভাৰ মাহীয়েক চেনিপ্ৰিয়াৰ ঘৰলৈ,মাহীয়েক আছিল সেইখন গাঁৱৰে পাঠশালা স্কুলৰ মাষ্টৰণী। সেই সময়ছোৱাত বিদ্যানুৰাগী এনেহেন এহাল পিতৃ-মাতৃ পোৱাটোও কম ভাগ্যৰ কথা নাছিল চন্দ্ৰপ্ৰভাৰ বাবে! বিদ্যানুৰাগী, উদাৰ হৃদয়ৰ সেইজন পিতৃ আছিল ৰাতিৰাম মজুমদাৰ, কামৰূপৰ বজালী অঞ্চলৰ অতি পিছপৰা এখন গাঁও দৈশিঙৰীৰ গাঁওবুঢ়া আৰু মাতৃৰ নাম গংগাপ্ৰিয়া। ছোৱালীহঁতৰ মনৰ প্ৰবল ইচ্ছাক বাধা দিয়াটো দূৰৈৰ কথা, বৰঞ্চ মনে-প্ৰাণে বিচাৰিছিল সিহঁত জ্ঞান অৰ্জনৰ বাটত যিমান পাৰে আগুৱাই যাওক…চন্দ্ৰপ্ৰভাৰ সংঘাতৰে ভৰা জীৱনত মাক-দেউতাকৰ সহানুভূতি,সহযোগিতাই প্ৰমাণ কৰে যে এইহাল পিতৃ-মাতৃ প্ৰকৃত অৰ্থত যুক্তিবাদী আৰু আধুনিক মনৰ মানুহ আছিল। চন্দ্ৰপ্ৰভা বাইদেউৰ পাৰিবাৰিক আৰু সামাজিক জীৱনৰ কথা আলোচনা কৰোঁতে মাক-দেউতাকে প্ৰতিমূহূৰ্তে তেওঁক যোগোৱা সাহস আৰু সহযোগিতাৰ কথা বাইদেউৱে তেওঁৰ লিখনিৰ মাজেৰে গভীৰ শ্ৰদ্ধাৰে উল্লেখ কৰিছে। তেওঁৰ একমাত্ৰ প্ৰকাশিত উপন্যাস “পিতৃভিঠা”ৰ পাতনিত আৰু অন্যান্য লিখনিতো তাৰ উল্লেখ আছে।বাইদেউৰ জীৱনৰ সংঘাত আৰু সংগ্ৰামৰ কথা কৈ শেষ কৰিব নোৱাৰি, আমি পাছলৈ তাৰে কিছু ঘটনা মাত্ৰ চুই যাবলৈ চেষ্টা কৰিম। সেই সংঘাত আৰু সংগ্ৰামৰ তীব্ৰতা কিমান আছিল, অসমৰ আন এগৰাকী মহীয়সী নাৰী ইন্দিৰা মিৰি বাইদেউ, যিগৰাকী চন্দ্ৰপ্ৰভা বাইদেউৰ ঘনিষ্ঠ সান্নিধ্যলৈও অহাৰ সৌভাগ্য হৈছিল,তেখেতে লিখি থৈ যোৱা এইখিনি কথাৰ পৰাই আমি অনুভৱ কৰিব পাৰোঁ, “চন্দ্ৰপ্ৰভা বাইদেউৰ জীৱনটো ধুমুহাৰে ভৰপূৰ। কোনোবাটো সৰু,কোনোবাটো বহু ডাঙৰ। কোনোবাটোৱে তুলিছিল সৰু ঢৌ, কোনোবাটোৱে উত্তাল তৰংগ।অসমৰ নাৰী-জাগৰণৰ ইতিহাস বাইদেউৰ জীৱনৰ সৰু-বৰ ধুমুহাৰে প্ৰতিফলন।বাইদেউৰ ওৰে জীৱনটো আছিল ঠেকেছা লেকেছা খোৱা,সমাজৰ তুচ্ছ-তাচ্ছিল্য, তিৰস্কাৰ,লাঞ্ছনা-গঞ্জনা, অপমান-অৱহেলাৰে ঠেতেলা খোৱা। তাৰ মাজতে বাইদেউক মই যিভাৱে জানিছিলোঁ মোৰ বাবে তেওঁ এক বিৰাট বিস্ময়, অসীম সাহসৰ প্ৰতীক, নাৰী মুক্তিৰ ধ্যানৰ অক্ষয় জ্যোতিৰে আজন্ম জ্যোতিৰ্ময়ী, মৰণতো যি ম্লান হোৱা নাই, মৃত্যুৰ পাছতো যি তেওঁক মৃত্যুঞ্জয়ী কৰি ৰাখিছে।”
চন্দ্ৰপ্ৰভাৰ জীৱন আৰু সংগ্ৰাম, তেখেতৰ অৱদানৰ আলোচনা কৰোঁতে, মূল্যায়ন কৰিবলৈ যাওঁতে আমি সেই সময়ছোৱাৰ পটভূমি আৰু ইতিহাস মনত ৰাখিহে আগ বাঢ়িব লাগিব।ঊনবিংশ শতিকাৰ আমাৰ সমাজৰ পৰিবেশ কি আছিল, শিক্ষা-দীক্ষাৰ প্ৰতি কিমান আগ্ৰহী আছিল, সেই কথা জানিবলৈ আমি ইতিহাস খুঁচৰিব লাগিব। ১৮৫৪ চন পৰ্যন্ত চৰকাৰীভাৱেও স্ত্ৰী-শিক্ষা বিষয়ত কোনো চিন্তা-চৰ্চা,গুৰুত্ব দিয়া হোৱা নাছিল।সমাজৰো কোনো দাবী নাছিল, কাৰণ ছোৱালীৰ শিক্ষা গুৰুত্ব দিবলগীয়া বিষয় বুলি বিবেচিত হোৱা নাছিল, একমাত্ৰ ল’ৰাৰ শিক্ষাইহে কিছু গুৰুত্ব পাইছিল। দ্বিতীয়তে, সমাজৰ ৰক্ষণশীলতা আছিল প্ৰধান বাধা। তৃতীয় মুখ্য কাৰণটো আছিল বাল্য বিবাহ। আটাইতকৈ ডাঙৰ বাধাটো আহিছিল শিক্ষিত এচামৰ পৰা, যিসকলে স্ত্ৰী শিক্ষাৰ প্ৰচলন হ’লে সামাজিক ক্ষেত্ৰত পুৰুষতান্ত্ৰিক ব্যৱস্থাৰ বিৰুদ্ধে সমাজ বিপ্লৱৰেই আৱিৰ্ভাব হ’ব পাৰে বুলি ভয় খাইছিল। আন নালাগে, ঊনবিংশ শতিকাৰ এজন প্ৰখ্যাত বুদ্ধিজীৱী বিলাত ফেৰৎ বলিনাৰায়ণ বৰাৰ দৃষ্টিভংগী আছিল এনেধৰণৰ, “আসামৰ মানুহক মানে লণ্ড-ভণ্ড কৰিছিল, কিন্তু ভাটি সভ্যতাৰ লণ্ড-ভণ্ড তাতোকৈয়ো ভয়ানক হ’ব, যদিহে তিৰোতা পণ্ডিত হ’বলৈ খোজে।”
তাৰ বিপৰীতে খৃষ্টান মিছনেৰীসকল আছিল স্ত্ৰী শিক্ষাৰ সপক্ষে। ‘অৰুণোদই’ৰ পাতত ইয়াৰ সমৰ্থনত প্ৰবন্ধ-পাতিও প্ৰকাশ কৰিছিল।পিছলৈ বিট্ৰিছ চৰকাৰেও ক্ৰমে স্ত্ৰী শিক্ষাত গুৰুত্ব দিবলৈ লৈছিল। আধুনিকতাৰ বাৰ্তাবাহক ,স্ত্ৰী শিক্ষাৰ দুৰ্ঘোৰ প্ৰবক্তা আনন্দৰাম ঢেকিয়াল ফুকন,অসমত বিজ্ঞানমনস্কতাৰ বাটকটীয়া ‘ভাষাৰ ওজা’ হেমচন্দ্ৰ বৰুৱা,গুণাভিৰাম বৰুৱা,সেই সময়ৰ অসমৰ অতিৰিক্ত আয়ুক্ত ৰাধামোহন গোস্বামী,স্কুলসমূহৰ উপ-পৰিদৰ্শক চন্দ্ৰমোহন গোস্বামী আদি মহানুভৱ শ্ৰদ্ধেয় ব্যক্তিসকলেও স্ত্ৰী শিক্ষাৰ সপক্ষে গ্ৰহণ কৰা অৱস্থান আৰু নেৰানেপেৰা চেষ্টাইও সুফল দিছিল। ১৮৬০-৬১ চনত প্ৰথমখন ছোৱালী প্ৰাইমেৰী স্কুল স্থাপন হৈছিল উজনি অসমৰ শিৱসাগৰত, ১৮৬২ চনত নামনি অসমৰ ধাৰাপুৰত দ্বিতীয়খন। ১৮৭০ চনমানলৈ অসমত মাত্ৰ আঠখন ছোৱালীৰ বাবে প্ৰাথমিক স্কুল।তাকো সমাজৰ ৰক্ষণশীলতা আৰু আগ্ৰহৰ অভাৱত ছাত্ৰীৰ সংখ্যা আছিল তেনেই তাকৰ। তাৰ আৰু এটা কাৰণ আছিল শিক্ষা লৈ ‘দাংকাটি’ হোৱাৰ ভয়, লগতে খ্ৰীষ্টান ধৰ্ম লোৱাৰ ভয়! অৱশ্যে উৎকট জাত-পাতৰ বিচাৰত ‘নীহকুলীয়া’ বুলি গণ্য হোৱাসকলক তথাকথিত উচ্চবৰ্ণৰ লোকে কৰা অপমান,তুচ্ছ-তাচ্ছিল্যৰ ফলস্বৰূপে হীনমন্যতাত ভুগি ক্ষোভত বহু লোক ধৰ্মান্তৰিতও হৈছিল।লগতে এনেকৈ ধৰ্মান্তৰিত হ’লে শিক্ষাৰ লগতে আন সুবিধাৰ পোৱাৰ বাবেও তেওঁলোকে ভাল পাইছিল,জাত-পাতৰ গ্লানি আৰু অপমানৰ পৰা মুক্ত হৈ নিৰাপদ অনুভৱ কৰিছিল।সি যি কি নহওক, ১৮৭৪-৭৫ চনৰ পৰা চৰকাৰী প্ৰচেষ্টাত ছোৱালীৰ প্ৰাথমিক শিক্ষা কিছু আগ বাঢ়িছিল যদিও তাৰ পৰিসৰ অত্যন্ত সীমিত আছিল।উদাৰমনা আৰু সম্ভ্ৰান্ত ঘৰৰ ছোৱালীয়েও ঘৰত থাকিয়ে শিকিছিল।কুৰি শতিকাৰ আৰম্ভণী কালছোৱাতো তাৰ ব্যতিক্ৰম হোৱা নাছিল। ১৯২১ চনৰ পাছৰ পৰাহে অৱস্থাৰ কিছু উন্নতি লক্ষ্য কৰা হৈছিল।ঊনৈশ শতিকাৰ তেনে সামাজিক পৰিবেশ-পৰিস্থিতিৰ মাজতে চন্দ্ৰপ্ৰভাৰ জন্ম হৈছিল ১৯০১ চনৰ ১৬ মাৰ্চ তাৰিখে বজালীৰ উত্তৰ অঞ্চলৰ এখন ঘোকোট গাঁও দৈশিঙৰীত।তেনে এখন গাঁৱত বা ওচৰে-পাঁজৰে ছোৱালীৰ শিক্ষাৰ বাবে বিদ্যালয় নথকাটো নিতান্তই স্বাভাৱিক আছিল।মাহীয়েকৰ ঘৰত থাকি পাঠশালা পঢ়াৰ পাছত চন্দ্ৰপ্ৰভাই ভনীয়েক আৰু ভায়েকৰ স’তে কেইবামাইল দূৰৈৰ কঠালমূৰী নামৰ গাঁও এখনত থকা ল’ৰাৰ স্কুলত পঢ়িবলৈ লৈছিল দুৰ্গম বাট-পথ,খাল-ডোং পাৰ হৈ অশেষ কষ্টকো হেলাৰঙে নেওচি।পাছত বাপেকে ছোৱালীহঁতৰ কষ্ট দেখি গাঁৱৰ ল’ৰাৰ এম ভি স্কুলতে পঢ়াৰ ব্যৱস্থা কৰি দিলে।কিন্তু আপত্তি উঠিল,স্কুল আধাতে এৰিব লগা হ’ল।পিছে তাতো হতাশ নহৈ এইবাৰ চন্দ্ৰপ্ৰভাই নিজে স্কুল খুলি মাষ্টৰণী হ’বলৈ মন মেলিলে।ঘৰৰ পৰা বহুখিনি দূৰৈত অকেয়া নামৰ গাঁও এখনত চাৰিটা খুঁটিৰ ওপৰত এখন চালি দি গাঁৱৰ ঘৰে ঘৰে ঘূৰি বুজাই-বঢ়াই কেইজনীমান ছোৱালী লৈ স্কুল এখন পাতি পঢ়ুৱাত লাগিল।এই স্কুলখনেই কিন্তু চন্দ্ৰপ্ৰভাৰ জীৱনৰ গতি সলাই পেলালে। চন্দ্ৰপ্ৰভাৰ শিক্ষাৰ ব্যৱস্থা হ’ল নগাঁৱৰ মিশ্যন স্কুলত। কেনেকৈ হ’ল, তাত গৈ চন্দ্ৰপ্ৰভাই কি কৰিলে,সেয়াও আন এক ৰোমাঞ্চকৰ কাহিনী।
(চাৰি)
আগলৈ পঢ়া-শুনা কৰিবলৈ সুযোগ-সুবিধা নাই, সেইবুলি ঘৰত এনেই বহি থাকিব নে? হ’বই নোৱাৰে! নিজে পঢ়িবলৈ নাপালে নাই, কিন্তু গাঁৱৰ কেইজনীমান ছোৱালীকতো লেখা-পঢ়া শিকাব পাৰে! কথাটো মনলৈ অহাৰ লগে লগে চন্দ্ৰপ্ৰভা আৰু ৰৈ নাথাকিল। মাক-দেউতাকৰ পৰা অনুমতি আদায় কৰি ঘৰৰপৰা বহুখিনি আঁতৰৰ অকয়া নামৰ গাঁও এখন বাছি ল’লে চন্দ্ৰই, তাৰে গাঁৱৰ দুজনমান সহৃদয় গঞাক খাটনি জুৰি বাঁহৰ চালি এখন দিয়াই ল’লে। ঘৰে ঘৰে ঘূৰি ছোৱালী কেইজনীমানো গোটাই ল’লে। আৰম্ভ হ’ল চন্দ্ৰৰ স্কুল। লাহে লাহে স্কুলখন অলপ ডাঙৰ হ’ল, চাৰিওফালে বেৰ-কুৰ হ’ল,চন্দ্ৰপ্ৰভাৰ নেৰা-নেপেৰা চেষ্টাত ছোৱালীৰ সংখ্যাও বহুখিনি বাঢ়িলে। চন্দ্ৰৰ কষ্টক স্বীকৃতি দি এপাকত স্কুলখন লোকেল ব’ৰ্ডেও ল’লে আৰু মাহিলি ছয় টকাকৈ দৰমহাও দিবলৈ ল’লে। ভাল উদ্দেশ্যৰে অন্তঃকৰণেৰে খাটিলে যে এদিন সুফল পায়,চন্দ্ৰৰ বিশ্বাস দৃঢ় হ’ল।সেই যুগত এখন স্কুল,তাকো ছোৱালীৰ, এনে এটা ৰূপ দিয়াটো কম সংগ্ৰামৰ কাহিনী নাছিল! তাত সফল হৈ চন্দ্ৰপ্ৰভাৰ মন আনন্দেৰে উপচি পৰিল। স্কুলখন সকলোৰে চকুত পৰা হ’ল । চন্দ্ৰই শুনিলে, স্কুলখন চাবলৈ বোলে এদিন স্কুল ইন্সপেক্টৰ আহিব। শুনি চন্দ্ৰৰ গাত তত নাইকিয়া হ’ল। ছোৱালীহঁতক বেছিকৈ পঢ়াবলৈ আৰম্ভ কৰিলে, তাৰ লগতে আচাৰ-ব্যৱহাৰ, কথা-বতৰা কোৱাৰ ধৰণ-কৰণ, চাফ-চিকুণতাৰ শিক্ষাও দি গ’ল। নিৰ্দিষ্ট দিনটো আহি পৰিল। ইন্সপেক্টৰ অহাৰ আগতে সকলোবোৰ পৰিপাটিকৈ ৰখা হ’ল। ছোৱালীহঁতৰ এটা পৰীক্ষাও ল’লে চন্দ্ৰপ্ৰভাই । ইন্সপেক্টৰ চাহাবক আদৰিবলৈ এতিয়া সকলো সাজু। ইন্সপেক্টৰ আহি পালে। লগে লগে ঠিক কৰি থোৱা ছোৱালী এজনীয়ে তেখেতক মালা পিন্ধাই আদৰিলে। স্কুলখনত সোমায়ে ইন্সপেক্টৰ নীলকান্ত বৰুৱা (এগৰাকী দক্ষ প্ৰশাসক, শিক্ষাবিদ, তেখেতৰেই দুগৰাকী সুযোগ্য সন্তান দেৱকান্ত বৰুৱা আৰু নৱকান্ত বৰুৱা) গোটেই পৰিবেশত চকু ফুৰাই মুগ্ধ হ’ল । ইমান পৰিপাটিকৈ ৰাখিছে স্কুলখন ধুনীয়া এই কমবয়সীয়া মাষ্টৰণীজনীয়ে! বয়স মাত্ৰ তেৰ বছৰ, ইমান পৰিপাটিকৈ এখন স্কুল নিজে পাতি লৈ চলাই আছে, কথা-বতৰাত ইমান আত্মবিশ্বাসৰ সুৰ! এইজনীতো কম ছোৱালী নহয়! বৰুৱাই চন্দ্ৰৰ ছাত্ৰীহঁতৰ পৰীক্ষা লোৱাৰ লগতে চন্দ্ৰৰ লগত কথা পাতিও বৰ সন্তোষ পালে। পঢ়া-শুনাত চন্দ্ৰৰ ধাউতি দেখি বৰুৱা বাৰুকৈয়ে মুগ্ধ হ’ল। চন্দ্ৰ আৰু ভনীয়েক ৰামেশ্বৰী পঢ়া-শুনাত বৰ চোকা আছিল। পাঠশালা স্কুলত ডাবল প্ৰমোচন পাইছিল।দৈশিঙৰী ল’ৰাৰ স্কুলৰ হেডপণ্ডিত কৃষ্ণকান্ত দত্তই চন্দ্ৰৰ পঢ়াত দেখুওৱা পাৰদৰ্শিতাৰ বাবে ৰজা পঞ্চম জৰ্জৰ ছাব মৰা মেডেল এটাও দিছিল। বৰুৱাই চন্দ্ৰৰ লগত পাতি পঢ়া-শুনাৰ বাবে কৰা কষ্টৰ কথা শুনি বিস্ময় মানিলে। লগতে ছোৱালীজনীৰ প্ৰতি মনত কৰুণাৰ ভাব উপজিল।বৰুৱাই চন্দ্ৰৰ পৰা জানিবলৈ বিচাৰিলে, তাইৰ আৰু পঢ়াৰ ইচ্ছা আছে নে নাই। যদি আছে চন্দ্ৰ আৰু ৰামেশ্বৰীৰ বাবে তেওঁ নগাঁৱৰ মিশ্যন স্কুলত এডমিচনৰ বাবে চেষ্টা কৰি চাব পাৰে। এই কথা শুনিয়েই চন্দ্ৰই হাততে সৰগ ঢুকি পোৱাৰ দৰে পালে।মনত অপাৰ আনন্দ লৈ চন্দ্ৰই বৰুৱা ডাঙৰীয়াক আদৰ-সন্মানেৰে বিদায় দি উৰি অহাদি ঘৰ পাই বৰুৱাই দিহা দিয়া মতে সকলোখিনি কৰিলে। নীলকান্ত বৰুৱাৰ চেষ্টাতে তেনেকৈয়ে চন্দ্ৰ আৰু ভনীয়েক ৰামেশ্বৰীৰ নগাঁৱৰ মিশ্যন স্কুলত নাম ভৰ্তি হ’ল। চন্দ্ৰৰ শিক্ষা গ্ৰহণৰ সপোন বাস্তৱ হ’ল নীলকান্ত বৰুৱাৰ দৰে এগৰাকী উদাৰ হৃদয়ৰ বিদ্বান ব্যক্তিৰ সহৃদয়তাৰ বাবেই। দৈশিঙৰীৰ চন্দ্ৰপ্ৰিয়া আৰু ৰামেশ্বৰীয়ে নগাঁৱৰ মিশ্যন স্কুলত নতুন নাম পালে চন্দ্ৰপ্ৰভা আৰু ৰজনীপ্ৰভা। নতুন চহৰত সকলো সুবিধা থকা স্কুলত ভৰ্তি হৈ দুয়োজনীয়ে মন পুতি পঢ়া আৰম্ভ কৰিলে। কিন্তু হ’লে কি হ’ব! চন্দ্ৰপ্ৰভাৰ চকুত যেতিয়া স্কুল কৰ্তৃপক্ষই ধৰ্মৰ ভিত্তিত চলোৱা বৈষম্য ধৰা পৰিল, তেওঁৰ মন লাহে লাহে বিদ্ৰোহী হৈ উঠিল। খৃষ্টান ধৰ্মৰ হ’লে থকা-খোৱাৰ ভাল সুবিধা, হিন্দু হ’লে তেনে কোনো বিশেষ সুবিধা নাই। সুকীয়াকৈ ৰখাৰ ব্যৱস্থা, ঠেলা-ঠেলিকৈ যেনে তেনে থাকিব পাৰিলেই হ’ল! স্কুল কৰ্তৃপক্ষৰ সহৃদয় মৰমিয়াল দৃষ্টি খ্ৰীষ্টান ছোৱালীৰ প্ৰতিহে, হিন্দু হ’লে অত্যন্ত কঠোৰ। তাৰ বাবেই ভাল সুবিধা, ভাল মাত এষাৰৰ বাবেই আৰু নীহকুলীয়া বুলি হিন্দু ধৰ্মীয় সমাজে চাব মাৰি দিয়া বহুজনৰ ঘৰৰ ছোৱালীয়ে খ্ৰীষ্টান ধৰ্ম লয়। কিন্তু এনে বৈষম্য চলিব কিয়? এনে প্ৰলোভন, চল-চাতুৰিৰে ধৰ্মান্তৰিত কৰিব কিয়? সৰুৰে পৰা অন্যায়, বৈষম্য সহ্য কৰিব নোৱৰা চন্দ্ৰপ্ৰভাৰ মনত এনে অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদৰ, বিদ্ৰোহৰ জুইকুৰা উমি উমি জ্বলি আছিল। পিছে ইমান কষ্ট কৰি বৰুৱাদেৱৰ কৃপাত পঢ়াৰ সুবিধা পাইছে,গতিকে পঢ়া-শুনাৰ স্বাৰ্থতে সহি-সামৰি আছিল। পিছে এদিনৰ এটা ঘটনাত চন্দ্ৰপ্ৰভাৰ ধৈৰ্যৰ বান্ধ ছিঙি গ’ল । এদিনৰ কথা। লাইব্ৰেৰীত একান্ত মনে পঢ়ি আছিল চন্দ্ৰই। তেনেতে ভনীয়েক ৰজনীপ্ৰভাই উধাতু খাই উঠি যিটো কাহিনী ক’লে, চন্দ্ৰপ্ৰভাই আৰু ধৈৰ্য ধৰি থাকিব নোৱাৰিলে। সিংহিনীৰ দৰে গৰজি উঠিল চন্দ্ৰপ্ৰভা।ঘটনাটো আছিল এনেধৰণৰ : নতুনকৈ হিন্দু ছোৱালী এজনী স্কুলত ভৰ্তি হৈছিল। পিছে হিন্দু ছোৱালী ৰখা কোঠালিত আৰু ঠাই নাই। তাইক এতিয়া ৰখাৰ ব্যৱস্থা কৰা হৈছে চাউল-দালিৰ বস্তা ৰখা গুদামঘৰত বস্তা দুটামান আঁতৰাই। অকলে অকলে এটা গুদাম ঘৰত এজনী ছোৱালী এতিয়া থাকে কেনেকৈ? বেচেৰীয়ে গুদাম ঘৰত বহি অকলে চকুলো টুকি আছে আৰু ওচৰতে থিয় হৈ এজন মানুহ, বোধহয় ছোৱালীজনীৰ দেউতাক, তাইক বুজনি দি আছে। ঘটনাটো শুনি চন্দ্ৰ একেজাঁপে উঠি ছোৱালীজনীৰ ওচৰ পালেগৈ। ছোৱালীজনীক দুই-এষাৰ কথা সুধি, সান্ত্বনা দি হাতত ধৰি গুদাম ঘৰৰ পৰা আনবোৰ ছোৱালীৰ ওচৰলৈ লৈ আহিল। আহিয়েই সকলো ছোৱালীকে উদ্দেশি চিঞৰি চিঞৰি ক’বলৈ ধৰিলে,”আজি আমাৰ লগৰে এইজনী ছোৱালীৰ অৱস্থা জানো তোমালোকে দেখা নাই? আমি মনে মনে থাকিম কিয়? আমি সকলোৱে সমান পইচা দি হোষ্টেলত আছোঁ, তেনেহ’লে এই অন্যায় কিয় সহ্য কৰি থাকিম? মিছ দৌ আৰু মিছ লংহঁতে হিন্দু ছোৱালী বুলি আমাৰ প্ৰতি এনে ব্যৱহাৰ কিয় কৰিব? এনেদৰে নচলিব, আমি সমান সুবিধা পাবই লাগিব। আজি এইক গুদাম ঘৰত থাকিবলৈ দি যি অপমান কৰিছে, সেইটো আমাৰ সকলোৰে প্ৰতি এক অপমান। আমি চবে মিলি ইয়াৰ প্ৰতিবাদ কৰিম। দৰকাৰ হ’লে আমি খ্ৰীষ্টান বাই-ভনীহঁতকো আমাৰ স’তে মাতিবলৈ ক’ম। মুঠতে কালিলৈ তহঁত সকলোৱে একেলগে মাতিবই লাগিব মোৰ লগত, এই অন্যায় বন্ধ হ’বই লাগিব। আমি ইমানবোৰ ছোৱালী একেলগ হ’লে আমাৰ দাবী তেওঁলোকে নামানি নোৱাৰে। তহঁতে একো ক’ব নালাগে। যি ক’ব লাগে মই ক’ম,তহঁত মাথোঁ মোৰ লগত থাকিবি।” ছোৱালীহঁতে ভয় খালে যদিও চন্দ্ৰৰ তেজ দেখি সাহসো পালে। চন্দ্ৰ সাজু হ’ল যুঁজৰ বাবে।অলপ পাছতে মিছ লং সোমাই আহিল। চন্দ্ৰৰ খঙাল মুখ, বাকীবোৰ ছোৱালীয়ে আসন্ন প্ৰলয়লৈ দুৰু দুৰু বুকুৰে বাট চাই ৰ’ল।
প্ৰায় প্ৰলয়ৰ দৰেই। তীব্ৰ বাক-বিতণ্ডা। মিছ লঙে চন্দ্ৰৰ স্পৰ্ধা দেখি খঙত চিঞৰিবলৈ ধৰিলে। কোনোদিনেই সন্মুখীন নোহোৱা এক পৰিস্থিতি। চন্দ্ৰই বাইবেলৰ যুক্তিৰেই মিছ লঙৰ বৈষম্যমূলক আচৰণৰ তীব্ৰ প্ৰতিবাদ কৰিলে। বহু সময় ধৰি চলি চলিল যুক্তি-তৰ্ক। খঙৰ ভমকত এবাৰ মিছ লঙে ক’বলৈ ধৰিলে, তোমালোক খাবলৈ নোপোৱা ভাৰতীয়ৰ কেইজনে গুদাম ঘৰতকৈ ভাল ঘৰত থাকি পাইছা হে? ভিতৰুৱা ঠাইত পশুৰ দৰে জীৱন যাপন কৰা তোমালোক ভাৰতীয়বোৰক আমিয়েই তো শিক্ষাৰ পোহৰ বিলাইছো। তাৰ পাছতো ইমান কথা?” মিছ লঙৰ এনে কথাত চন্দ্ৰপ্ৰভা খঙত, অপমানত জ্বলি-পকি উঠিল! আমাৰ দেশতে থাকি আমাকে ইমান অপমান! তাই চিঞৰি চিঞৰি ক’বলৈ ধৰিলে, “মেডাম,আপুনি যদি এই কথাষাৰ প্ৰত্যাহাৰ নকৰে, আমি ইমান ডাঙৰ আন্দোলন কৰিম যে আপোনালোকে সুখেৰে ইয়াত স্কুল চলাই যাব নোৱাৰিব।’ তাৰ পাছত চন্দ্ৰপ্ৰভাই সকলো ছোৱালীকে একত্ৰিত কৰি, সিহঁতৰ মনত সাহস যোগাই এনে আন্দোলন সংগঠিত কৰিছিল যে স্কুল কৰ্তৃপক্ষই তেওঁলোকৰ সকলো দাবী মানি ল’বলৈ বাধ্য হৈছিল। মিছ লঙেও তেওঁ কোৱা অপমানজনক কথাবোৰ উঠাই ল’বলৈ বাধ্য হৈছিল।
(পাঁচ)
১৯১৮ চন। অসম ছাত্ৰ সন্মিলনৰ চতুৰ্থ বাৰ্ষিক অধিৱেশন বহিছে তেজপুৰত। সভাপতিৰ আসনত ভাৰতৰ খ্যাতনামা বিজ্ঞানী আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়। সেই অধিৱেশনতে স্বেচ্ছাসেৱক বাহিনীৰ অধিনায়ক সেই সময়ৰ চফল ডেকা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই স্বেচ্ছাসেৱিকা বাহিনীক কুচকাৱাজ শিকোৱাৰ দায়িত্ব দিছিল মাত্ৰ অলপ দিনৰ আগতেহে তেজপুৰ ছোৱালী মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী হিচাবে যোগদান কৰা চন্দ্ৰপ্ৰভাক।তাৰ আগতে নগাঁৱৰ মিশ্যন স্কুলৰ শিক্ষা কৃতকাৰ্যতাৰে সামৰি নগাঁৱৰে এখন প্ৰাইমেৰী স্কুলৰ কামত যোগদান কৰিছিল চন্দ্ৰপ্ৰভাই,কিন্তু ভনীয়েক ৰজনীপ্ৰভাই নিজৰ প্ৰতিভাৰ জোৰত এটা বৃত্তি পাই উচ্চ শিক্ষাৰ বাবে শ্বিলঙলৈ গুচি যোৱাৰ পাছত চন্দ্ৰৰ আৰু নগাঁৱত থকাৰ ইচ্ছা নোযোৱা হ’ল।তেনেতে হঠাতে তেজপুৰত চাকৰিৰ খবৰ পাই চন্দ্ৰৰ বৰ আনন্দ লাগিল। ততাতৈয়াকৈ নগাঁৱৰ চাকৰি বাদ দি তেজপুৰ পালেহি।তাৰ আগতে কিন্তু নগাঁৱত মহিলা সমিতি এখন গঠন কৰি থৈ আহিল চন্দ্ৰপ্ৰভাই।তেজপুৰত চন্দ্ৰক আদৰি ল’লে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ঘৰখনে। জ্যোতিৰ মাক মমতাময়ী, মহীয়সী নাৰী কিৰণময়ী আগৰৱালাই চন্দ্ৰক লগ পায়েই তেওঁৰ প্ৰতিভাৰ উমান পালে। কিৰণময়ীৰ পৰামৰ্শতে চন্দ্ৰক জ্যোতিয়ে স্বেচ্ছাসেৱিকাসকলৰ পৰিচালনাৰ সম্পূৰ্ণ দায়িত্ব অৰ্পণ কৰিলে। স্বেচ্ছাসেৱিকা বাহিনীক কুচকাৱাজ শিকোৱাৰ দায়িত্ব পাই চন্দ্ৰই সেই দায়িত্ব সুচাৰুৰূপে পালন কৰি সকলোৰে চকুত পৰিল। চন্দ্ৰক আৰু এটা গুৰুদায়িত্ব দিয়া হ’ল। দায়িত্বটো হ’ল – অসম ছাত্ৰ সন্মিলনৰ সম্পাদক যুৱ নেতা অমিয় কুমাৰ দাসে কানি নিবাৰণৰ সপক্ষে এটা প্ৰস্তাৱ উত্থাপন কৰিব আৰু চন্দ্ৰই সেই প্ৰস্তাৱৰ সমৰ্থনত মঞ্চত উঠি বক্তৃতা দিব লাগিব। চন্দ্ৰ তেতিয়া তেজপুৰত একেবাৰে নতুন,তাতে কোনো সভাতে তেতিয়ালৈকে বক্তৃতা দি পোৱা নাই। তেনেস্থলত এনে এক বিশাল সভাত বক্তৃতা দিব কেনেকৈ? চন্দ্ৰক সেই দায়িত্ব দিয়াটোৱেই চন্দ্ৰৰ লগতে আন বহুতৰে বাবেই ভাবিব নোৱৰা কথা আছিল। তাতে বহুজন যোগ্য ব্যক্তিও আছিল। তথাপিও চন্দ্ৰক সেই দায়িত্ব দিয়াৰ কাৰণ আছিল অমিয় কুমাৰ দাস আৰু জ্যোতিপ্ৰসাদে চন্দ্ৰৰ প্ৰতিভা আৰু সাহস ঠিকেই চিনি পাইছিল।তেওঁলোকৰ সেই আস্থাৰ সন্মান ৰাখি চন্দ্ৰপ্ৰভাই সেইদিনা কানিৰ দৰে বৰবিহ সমাজৰ পৰা নিৰ্মূল আৰু শিক্ষাৰ বহুল প্ৰচাৰৰ অৰ্থে সকলোকে চেষ্টা চলাবলৈ আহ্বান জনাই যি জ্বালাময়ী ভাষণ দিছিল, সেই ভাষণে সকলোৰে মন চুই গৈছিল। শ্ৰোতা-দৰ্শকৰ বিপুল হাত চাপৰিৰে মঞ্চৰ পৰা নামি অহা চন্দ্ৰক আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়েও প্ৰশংসা কৰিছিল। চন্দ্ৰৰ তেজস্বী বক্তৃতা শুনি সভাৰ মাজতে কোনোবা এজনে কৈ উঠিছিল, “এওঁৰ নাম ভুলতেহে মাক-দেউতাকে চন্দ্ৰপ্ৰভা থ’লে, আচলতে এওঁৰ নাম হ’ব লাগে সূৰ্য্যপ্ৰভাহে”। জ্যোতিৰ মাতৃ কিৰণময়ী আগৰৱালাই বৰ সন্তোষ পাই চন্দ্ৰৰ মূৰত হাত থৈ ক’লে, ” আজি মই সৰ্বান্তঃকৰণেৰে তোমাক আশীৰ্বাদ কৰিছোঁ আই, তুমি এদিন ডাঙৰ নেত্ৰী হ’বা, অসমৰ মহিলাৰ মুখ উজ্জ্বল কৰিবা। “এইগৰাকী মমতাময়ী, প্ৰগতিশীল চিন্তা-চৰ্চাৰ নাৰীৰ সান্নিধ্যই চন্দ্ৰপ্ৰভাৰ জীৱন আৰু চিন্তা-চৰ্চা সমৃদ্ধ কৰিছিল।কিৰণময়ীৰ সকলো ভাল কামৰ প্ৰধান সাৰথি হৈ পৰিল চন্দ্ৰপ্ৰভা। সেই অধিৱেশনৰ পাছতে ১৯১৯ চনত দুয়োগৰাকীয়ে মিলি গঠন কৰিলে তেজপুৰ মহিলা সমিতি। কিৰণময়ী আগৰৱালা সভানেত্ৰী আৰু চন্দ্ৰপ্ৰভা সম্পাদিকা নিৰ্বাচিত হ’ল। অধিৱেশনত সকলোৰে পৰা উচ্চ প্ৰশংসা লাভ কৰি চন্দ্ৰ দেহ-মন পুলকিত হৈছিল।আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়েও তেখেতৰ ভাষণৰ যোগেদি গান্ধীজীৰ দৰেই স্ত্ৰী শিক্ষাইহে যে আমাৰ দেশৰ, সমাজৰ উন্নয়ন সম্ভৱ কৰি তুলিব, সেই কথাৰ ওপৰতে সৰ্বাধিক গুৰুত্ব দিয়াৰ বাবেও চন্দ্ৰ বৰ আনন্দিত হৈছিল আৰু ওৰে জীৱন নাৰী শিক্ষা আৰু সমাজত নাৰীৰ মৰ্যাদাৰ বাবে সমৰ্পিত কৰাৰ সংকল্প গ্ৰহণ কৰিছিল। চন্দ্ৰৰ মনত এই সংকল্প আৰু জোৰদাৰ হোৱাৰ লগতে দেশৰ স্বাধীনতা আন্দোলনতো মনে-প্ৰাণে যোগদান কৰাৰ দৃঢ় সংকল্প যোগ হৈছিল জাতিৰ পিতা মহাত্মা গান্ধীৰ সাক্ষাৎ লাভৰ যোগেদি। ১৯২১ চনৰ ২০ আগষ্টৰ দিনা গান্ধীজীয়ে তেজপুৰলৈ আহি জিৰণি লৈছিলহি আগৰৱালা পৰিয়ালৰ বাসগৃহ “পকী”ত। গান্ধীয়ে তেজপুৰৰ পলো ফিল্ডত বহা বিশাল সভাত ঘোষণা কৰিলে,”স্বৰাজ আমাৰ জন্মস্বত্ব”। উদাত্ত আহ্বান জনালে, “বিদেশী বস্ত্ৰ বৰ্জন কৰক”। অসমীয়া মহিলাৰ উচ্চ প্ৰশংসা কৰি ক’লে, “অসমৰ মহিলা জাত-শিপিনী, তেওঁলোকে সূতা কাটি নিজৰ বস্ত্ৰ বৈ ল’ব পাৰে, বস্ত্ৰত সপোন ৰচিব পাৰে”৷ মহাত্মাৰ ভাষণে চন্দ্ৰক স্বদেশপ্ৰেমেৰে উদ্বেলিত কৰি তুলিলে। অসহযোগ আন্দোলন, বিদেশী বস্ত্ৰ বৰ্জনত চন্দ্ৰ জঁপিয়াই পৰিল। সেই যি চন্দ্ৰ স্বাধীনতা আন্দোলনৰ স’তে জড়িত হ’ল,স্বাধীনতা লাভৰ দিনটোলৈকে চন্দ্ৰপ্ৰভাই বলিষ্ঠ ভূমিকা পালন কৰি গ’ল।কিৰণময়ী আগৰৱালাৰ স’তে তেজপুৰৰ গাঁৱে-ভূঞে ঘূৰি মহিলা সংগঠনৰ কামত আত্মনিয়োগ কৰিলে। তাৰ মাজতে ১৯১৯ চনতে চন্দ্ৰপ্ৰভাই বৰপেটাত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত আন এগৰাকী মহিলা প্ৰতিনিধি ৰাজবালা দাসৰ স’তে যোগদান কৰি তেজস্বী ভাষণেৰে সকলোৰে মন মুহিছিল। চন্দ্ৰপ্ৰভাই উচ্চ-নীচ, জাত-পাত বিচাৰৰ বিৰুদ্ধে বলিষ্ঠ কন্ঠেৰে কোৱাৰ লগতে বৰপেটা কীৰ্তন ঘৰত যে নীচ জাতিৰ মানুহ বুলি বহুতকে প্ৰৱেশ কৰিব নিদিয়ে, তাৰ বিৰুদ্ধে মাত মাতিলে। এইবোৰ যে অন্যায় আৰু শংকৰদেৱৰ আদৰ্শৰ পৰিপন্থী তাক বাখ্যা কৰি সকলোকে ইয়াৰ বিৰোধিতা কৰিবলৈ উদাত্ত কন্ঠেৰে আহ্বান জনালে। লগে লগে স্বাধীনতা আন্দোলনতো সমানে অংশ ল’বলৈ আহ্বান জনালে। চন্দ্ৰপ্ৰভাৰ ভাষণে আন সকলোৰে লগতে অসমকেশৰী অম্বিকাগিৰীৰো প্ৰশংসা পালে। বিদেশী বস্ত্ৰ বৰ্জন আন্দোলনত পাঠশালা, পাটাছাৰকুছিৰ সভাৰ উপৰিও তেজপুৰৰ চাৰিদুৱাৰৰ ৰায়ত সভাত তিনি হাজাৰৰো অধিক মহিলাৰ সমাবেশত চন্দ্ৰপ্ৰভাৰ উদাত্ত কন্ঠৰ ভাষণে অসংখ্যজনক প্ৰেৰণা যোগালে। বিশজনীমান ছোৱালীক প্ৰশিক্ষণ দি মহিলা অশ্বাৰোহী দল গঠন কৰি শোভাযাত্ৰাত অংশ লোৱালে।
এইদৰে তেজপুৰতে চন্দ্ৰপ্ৰভাৰ সক্ৰিয় সামাজিক আৰু ৰাজনৈতিক জীৱনৰ বীজ ৰোপণ হ’ল। তেজপুৰতে চন্দ্ৰপ্ৰভাৰ জীৱনৰ ভেঁটি গঢ়ি উঠিল, ভৱিষ্যতৰ উজ্জ্বল নেত্ৰী বুলি স্বীকৃতি পালে। তেজপুৰে তেওঁক বহুত দিলে। কিন্তু ইমানৰ পাছতো মাত্ৰ তিনি বছৰৰ পাছতে তেজপুৰৰ পৰা চকুলো টুকি বিদায় ল’ব লগা হ’ল চন্দ্ৰপ্ৰভাই। চন্দ্ৰপ্ৰভাৰ জীৱনলৈ ধুমুহা নামিল। সেই ধুমুহাই সাময়িকভাৱে বিতত কৰিলেও কিছুদিনৰ পাছতে কিন্তু সকলো তল পেলাই চন্দ্ৰপ্ৰভা আকৌ উজলি উঠিছিল অতুলনীয় সাহস, আত্মবিশ্বাস আৰু প্ৰতিভাৰ চমকেৰে।
(ছয়)
তেজপুৰত হোৱা ছাত্ৰ সন্মিলনৰ অধিৱেশনত চন্দ্ৰপ্ৰভাৰ প্ৰতিভা, পাৰদৰ্শিতা আৰু বাগ্মিতাত মুগ্ধ হোৱা বহুজনৰ ভিতৰতে আছিল এজন আছিল তেজপুৰৰ এজন তৰুণ সাহিত্যিক, সমাজকৰ্মী, চৰকাৰী হাইস্কুলৰ শিক্ষক দণ্ডীনাথ কলিতা। চন্দ্ৰপ্ৰভাৰ সান্নিধ্যলৈ আহি, ভাবৰ আদান-প্ৰদানেৰে কালক্ৰমত দুয়ো দুয়োৰে প্ৰতি আকৃষ্ট হ’ল, দুয়োৰে মাজত গভীৰ প্ৰণয়ৰ সম্পৰ্ক গঢ় লৈ উঠিল। পিছে অতি কঠোৰ জাত-পাতৰ প্ৰাচীৰ ভাঙিবলৈ, বিশেষকৈ অসুস্থ পিতৃ-মাতৃক আঘাত দি তেওঁলোকৰ অসন্মতিত নিজে ‘উচ্চবৰ্ণ’ৰ লোক হৈ এগৰাকী সমাজ আৰোপিত নীহকুলীয়া বৰ্ণৰ তৰুণীক সামাজিকভাৱে বিবাহ কৰিবলৈ ভাল মনৰ যুৱক হ’লেও, চন্দ্ৰপ্ৰভাৰ প্ৰতি গভীৰ প্ৰেম থকা সত্ত্বেও দণ্ডীনাথৰ সাহস নহ’ল। পৰিণতিত ইতিমধ্যে কলিতাৰ সন্তান গৰ্ভত ধাৰণ কৰি সমাজৰ চকুত অকলেই অপযশ মূৰ পাতি ল’ব লগা হোৱা চন্দ্ৰপ্ৰভাই স্কুলৰ চাকৰি ইস্তফা দি, তেজপুৰৰ উজ্জ্বল কৰ্মময় জীৱন, ভবিষ্যত জীৱনৰ সপোন জলাঞ্জলি দি চকুলো টুকি টুকি পিতৃগৃহ পালেহি।কন্যাৰ সুখ-দুখৰ সমভাগী হ’ব পৰা উদাৰ মনৰ মাক-দেউতাকে অন্তৰত আঘাত পালেও সহি-সামৰি চন্দ্ৰক সাহস যোগালে। সময়ত চন্দ্ৰৰ পুত্ৰ-সন্তান ‘অতুল’ৰ জন্ম হ’ল। সেয়া কুৰি শতিকাৰ দ্বিতীয় দশকৰ কথা, উৎকট জাত-পাতৰ প্ৰাচীৰ ভঙা আছিল যিমান কঠিন, তাতোকৈয়ো কঠিন আছিল ‘কুমাৰী মাতৃত্ব’ৰ সামাজিক স্বীকৃতি, যিটো আজিও সহজ হৈ উঠা নাই। কুমাৰী মাতৃ আৰু সন্তানে যি লাঞ্ছনা-গঞ্জনা সহিব লগা হয়, আজিও কমা নাই। তেনেস্থলত সেই যুগত তেনে এক ঘটনাৰ সাহসেৰে মুখামুখি হোৱা ধেমালি কথা নাছিল। কিন্তু প্ৰচণ্ড আত্মবিশ্বাস, সাহসেৰে চন্দ্ৰপ্ৰভাই সেই দুৰ্যোগৰ ধুমুহাক অকলে চম্ভালি নিজে শিক্ষয়িত্ৰীৰ চাকৰি কৰি, মহিলা সমিতি গঠন কৰাৰ পৰা গাঁৱে-ভূঞে মহিলাসকলক সংগঠিত কৰি স্বাধীনতা আন্দোলনত সক্ৰিয় হৈ অতুলনীয় দক্ষতাৰ পৰিচয় দিলে,পুত্ৰ অতুলকো উচ্চ-শিক্ষিত কৰি গঢ়ি তুলিলে। পুত্ৰ অতুল পাছলৈ ট্ৰেড ইউনিয়নৰ সৰ্বভাৰতীয় নেতা ৰূপে প্ৰতিষ্ঠা লাভ কৰাৰ লগতে অসম বিধানসভাৰ সদস্যও নিৰ্বাচিত হৈছিল। ওৰে জীৱন এক গভীৰ অন্তৰ্দ্বন্দ্বত ভোগা দণ্ডীনাথে কিন্তু পুত্ৰ আৰু প্ৰেয়সীৰ খা-খবৰ ঠিকেই ৰাখিছিল, নিজে টানত চলিলেও প্ৰতি মাহে এক নিৰ্দিষ্ট পৰিমাণৰ ধন পঠাই থাকিবলৈও পাহৰা নাছিল। চন্দ্ৰপ্ৰভা আৰু দণ্ডীনাথ আঁতৰি থাকিলেও দুয়োজনৰ মাজত অটুট আছিল স্নেহ আৰু মমতাৰ বান্ধোন, পাছলৈ দণ্ডীনাথৰ পত্নীৰ লগতো চন্দ্ৰপ্ৰভাৰ বাই-ভনীৰ প্ৰীতিৰ সম্পৰ্ক গঢ়ি উঠিছিল। কিন্তু কুমাৰী অৱস্থাতে সন্তানৰ মাতৃ হোৱা সেই সময়ছোৱাত স্বাভাৱিকভাবেই চন্দ্ৰৰ লগতে মাক-দেউতাকেও গাঁৱৰ মানুহৰ অনেক তিৰস্কাৰ, অপমান সহ্য কৰিব লগা হৈছিল, কিন্তু তাৰ মাজতে চন্দ্ৰপ্ৰভাক আচৰিত কৰি এটা প্ৰস্তাৱ আহিছিল বৰপেটাৰ লোকেল ব’ৰ্ডৰ চেয়াৰমেন লোহিত চন্দ্ৰ নায়কৰ পৰা – মাহিলি ত্ৰিশ টকা দৰমহাত কালজিৰাপাৰা গাঁৱৰ স্কুলৰ শিক্ষয়িত্ৰী হিচাবে যোগদানৰ প্ৰস্তাৱ। সেয়া যেন সমস্ত অপযশ, গ্লানি মচি থ’ব পৰা উজ্জ্বল জ্যোতিৰ পোহৰ আছিল চন্দ্ৰপ্ৰভাৰ বাবে! সেই সময়ত অতুল তেনেই পানীকেঁচুৱা। কণমানি কেঁচুৱাটো বুকুত বান্ধি বহু দূৰৰ স্কুললৈ যায় কেনেকৈ! তথাপিও কিন্তু সেই চাকৰিৰ প্ৰস্তাৱ না কৰিবলৈ মন নগ’ল চন্দ্ৰপ্ৰভাৰ। অশেষ কষ্টেৰে অহা-যোৱা কৰাৰ পাছত সেই অঞ্চলৰে উদাৰ মনৰ বিদ্যানুৰাগী গণ্য-মান্য লোক গোপীনাথ মেধিয়ে চন্দ্ৰক তেওঁৰ ঘৰতে থকাৰ ব্যৱস্থা কৰি দিছিল। সেই স্কুলত চাকৰি কৰি থাকোঁতেই ১৯২৫ চনত চন্দ্ৰপ্ৰভাই নগাঁৱৰ বহা অসম সাহিত্য সভাৰ অধিৱেশনলৈ অতিথিৰ মৰ্যাদাৰে নিমন্ত্ৰণ লাভ কৰিছিল। অতুল তেতিয়া আছিল আঢ়ৈ/তিনি বছৰীয়া কেঁচুৱা। অতুলক বুকুত বান্ধি চন্দ্ৰই নগাঁও পাইছিলগৈ। সেই অধিৱেশনতে বাঁহৰ চিক ভাঙি মহিলাক পৰ্দাৰ আঁৰৰ পৰা ওলাই আহি পুৰুষৰ লগত একেলগে বহি সভাত অংশ লোৱাৰ ঐতিহাসিক ঘটনাটো ঘটিছিল চন্দ্ৰপ্ৰভাৰ সাহস আৰু উদ্দীপনাময় ভাষণৰ বাবেই, যিটো কাহিনী এই লেখাৰ আৰম্ভণিতে আমি উল্লেখ কৰি আহিছোঁ।
তাৰ পাছৰ বছৰতে ধুবুৰীত হোৱা সভাৰ অধিৱেশনত চন্দ্ৰপ্ৰভাৰ চেষ্টাতে ৰাজ্যিক ভিত্তিত মহিলা সমিতি গঠন হোৱাৰ কথাও আগতে উল্লেখ কৰিছোঁ। এই কালজিৰাপাৰাৰ স্কুলত সুখ্যাতিৰে কাম কৰি থাকোঁতেই ঘটা আন এক ঘটনা চন্দ্ৰৰ ব্যক্তিত্ব আৰু সাহসৰ আন এক উদাহৰণ হিচাবে জিলিকি থাকিব।এদিনৰ কথা।চন্দ্ৰৰ কালজিৰাপাৰাৰ কীৰ্তন ঘৰ চৌহদত ভকত এগৰাকীৰ স’তে কথা পাতি থাকোঁতে লক্ষ্য কৰিলে, এজনী ছোৱালীয়ে সত্ৰৰ চৌহদৰ কাষতে থকা এটা কুঁৱাৰ পৰা পানী তুলিবলৈ আহি পানী নুতুলি ইফালে-সিফালে চাই সময় কটাইছে। কৌতূহলী হৈ চন্দ্ৰই আগ বাঢ়ি গৈ তাইক পানী নোতোলাৰ কাৰণ সুধিলে।লগে লগে আগ বাঢ়ি আহি থকা সত্ৰৰ ভকতজনে ছোৱালীজনীৰ হৈ উত্তৰ দিলে,”তাই নীচ জাতিৰ ছোৱালী তো, সেই বাবে কুঁৱাৰ পানী চুব নোৱাৰে। অলপ পাছতে কোনোবা ‘ভাল’ জাতৰ ছোৱালী পানী তুলিবলৈ আহিলে তাইৰো কলহ ভৰ্তি কৰি দিব।”চন্দ্ৰই আচৰিত হৈ ক’লে, ” কিন্তু এইটোতো লোকেল ব’ৰ্ডৰ কুঁৱা। ইয়াত সকলোৰে সমান অধিকাৰ আছে পানী তুলিবলৈ।” “কথাটো হয়, পিছে ইয়াৰ পানী আমাৰ কীৰ্তন ঘৰৰ কামত ব্যৱহাৰ হয়। নীচ জাতিৰ মানুহে ছুলে সেই পানী সত্ৰৰ কামত কেনেকৈ ব্যৱহাৰ কৰিব পাৰিম, আপুনিয়েই চাওকচোন?” ভকত জনে ক’বলৈহে পালে, চন্দ্ৰপ্ৰভা গৰজি উঠিল। “উচ্চ-নীচ জাতিৰ বিচাৰ কৰিব আহিছে আপোনালোকে? আমাৰ শংকৰদেৱ আৰু গান্ধীজীৰ নামত আপোনালোকে কলংক সানিছে। ক’ত আছে আপোনালোকৰ সত্ৰাধিকাৰ? বলক, আজি ইয়াৰ বিচাৰ হ’ব লাগিব। দৰকাৰ হ’লে লোকেল ব’ৰ্ডৰ চেয়াৰমেনৰ ওচৰলৈ যাম।” পিছে চন্দ্ৰপ্ৰভাই লোকেল ব’ৰ্ডৰ চেয়াৰমেনৰ ওচৰলৈ যাব লগা নহ’ল। মহাত্মা গান্ধীৰ অস্পৃশ্যতা নিবাৰণৰ আদৰ্শৰ কথা কওঁতেই সত্ৰাধিকাৰে গতি বিষম দেখি কুঁৱাৰ পানী সেইদিনাৰ পৰা সকলোৰে বাবে মুকলি বুলি ঘোষণা কৰিলে। চন্দ্ৰই লগে লগে কেইজনীমান তেনে “নীচ জাতি”ৰ ছোৱালী গোটাই আনি সত্ৰাধিকাৰৰ সন্মুখতে সিহঁতৰ হতুৱাই পানী তোলালে। প্ৰথমতে কিন্তু সিহঁতৰ সাহস হোৱা নাছিল। কিমান যুগৰ পুৰণি এটা নিয়ম, হঠাতে ভঙাৰ সাহস নোহোৱাটোৱেই স্বাভাৱিক। চন্দ্ৰই সিহঁতক ধমক দি এজনীক টানি আনি ৰছীত জোৰকৈ তাইৰ হাত লগাই জপংকৈ কুঁৱাৰ পানীত বাল্টিটো পেলাই দিলে। তাৰ পাছত সকলোলৈকে চাই সন্তুষ্টিৰ হাঁহি এটি মাৰি সকলোৱে শুনাকৈ ক’লে – “আজিৰ পৰাহে এই কুঁৱাৰ পানী আচলকৈ পবিত্ৰ হ’ল।”
দুদিন আগলৈকে কুমাৰী মাতৃত্বৰ বাবে সমাজে লেই-লেই, ছেই-ছেই কৰা, বাহিৰ ওলাব নোৱৰা কমবয়সীয়া মহিলা এগৰাকীয়ে এনে এক সকলোৰে চকু কপালত তুলিব পৰা কাম কৰাটো, ইমান সাহস দেখুওৱা বিস্ময়কৰ কথা নহয় নে? কিন্তু গান্ধীজীৰ অস্পৃশ্যতা নিবাৰণৰ মহান মন্ত্ৰৰে উজ্জীৱিত চন্দ্ৰপ্ৰভাৰ সৎ সাহস আৰু প্ৰখৰ যুক্তি ওফৰাব নোৱাৰি যুগ যুগ ধৰি চলি থকা বৈষম্যমূলক ৰীতি পৰিহাৰ কৰিবলৈ সত্ৰাধিকাৰ বাধ্য হৈছিল।
কালজিৰাপাৰাৰ সেই স্কুলতো কিন্তু চন্দ্ৰপ্ৰভাৰ চাকৰি বেছি দিনৰ বাবে নিটিকিল। কাৰণ? ১৯২৬ৰ গুৱাহাটীৰ পাণ্ডুত বহা কংগ্ৰেছৰ অধিৱেশনত যোগ দিবলৈ চন্দ্ৰপ্ৰভাই ছুটী বিচাৰিছিল। কিন্তু সেই দৰ্খাস্ত মঞ্জুৰ নহ’ল। কংগ্ৰেছৰ অধিৱেশনলৈ চন্দ্ৰপ্ৰভা নাযাব, এনে কথাও হ’ব পাৰে নে? আদৰ্শতকৈ, দেশতকৈ চাকৰি ডাঙৰ নহয় – চন্দ্ৰই জনাই দিলে। চাকৰি ইস্তফা দি ঘৰলৈ গুচি আহিল। এই কথাই সকলোকে অবাক কৰিলেও চন্দ্ৰৰ বাবে যেন একো কথাই নহয়! সংকল্প ল’লে – চাকৰি আৰু তেওঁ নকৰে। ইয়াৰ পাছত কেৱল কংগ্ৰেছ আৰু মহিলা সংগঠনৰ কামতেই আত্মনিয়োগ কৰিব।
(সাত)
সংকল্প ল’লে, সেইমতে কামো কৰিলে চন্দ্ৰপ্ৰভাই। কিন্তু পুত্ৰ অতুলো ডাঙৰ হৈ আহিছে,তাৰ দেউতাকে পঠাই থকা টকাকেইটাই যথেষ্ট নহয়, নিজৰ লগতে ঘৰখনৰো ঢেৰ লেঠা; এই সকলোবোৰ চিন্তা কৰি বাধ্য হৈ চন্দ্ৰই আকৌ চাকৰি কৰিব লগা হৈছিল মহিলা সংগঠন, স্বাধীনতা সংগ্ৰামৰ স’তে জড়িত বিভিন্ন কাৰ্যসূচীৰ পৰা কিছুদিন আঁতৰি থাকি। সেইখিনি কথা সদ্যহতে এৰি আন এটা কাহিনীহে উল্লেখ কৰিব খুজিছোঁ যিটো কাহিনী আজিৰ যুগৰ ৰাজনৈতিক বাতাবৰণ, নেতাৰ চৰিত্ৰ, কাম-কাজ দেখি-শুনি বহুতৰে বাবেই সাধুকথা যেন লগাৰ সম্ভাৱনাই বেছি! ভাৰতে স্বাধীনতা পোৱাৰ দহ বছৰৰ পাছৰ কথা। ১৯৫৭ চন। সাংগঠনিক কামত চন্দ্ৰপ্ৰভাৰ দক্ষতা, স্বাধীনতা সংগ্ৰামত লোৱা বলিষ্ঠ ভূমিকা, সাহস আৰু বুদ্ধিমত্তা, বাগ্মিতা, মহিলাৰ শিক্ষা আৰু স্বাৱলম্বিতাৰ বাবে কৰা বিভিন্ন কাম-কাজ, নেতৃত্ব দিব পৰা গুণ – এই সকলোবোৰৰ স্বীকৃতিৰ চিন স্বৰূপেই ১৯৫৭ চনত বিধান সভাৰ নিৰ্বাচনত চন্দ্ৰপ্ৰভা শইকীয়ানীক তেওঁৰ জন্মস্থান বজালী সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব দিয়া হৈছিল। কংগ্ৰেছৰ ফালৰ পৰা নিৰ্বাচনী প্ৰচাৰ, কাম-কাজ চলাবলৈ দায়িত্ব দিয়া হৈছিল সেই সময়ৰ অগ্ৰণী তৰুণ নেত্ৰী, পাছলৈ সাংসদ,”পদ্মবিভূষণ” উপাধিৰে বিভূষিতা পুষ্পলতা দাসক। পুষ্পলতা দাসে নিৰুপমা বৰগোহাঞিৰ আগত নিৰ্বাচনী প্ৰচাৰৰ এটা কাহিনী কৈছিল, যিটো কাহিনী “অভিযাত্ৰী”ত (চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱনীমূলক উপন্যাস) নিৰুপমা বাইদেউৱে পুষ্পলতা দাস বাইদেউৱে কোৱা ধৰণেই সন্নিবিষ্ট কৰিছে বুলি প্ৰকাশ কৰিছে। পুষ্পলতা দাসৰ মুখেৰে বৰ্ণোৱা এতিয়াৰ দিনত কল্পনাও কৰিব নোৱৰা কাহিনীটো আছিল এনেধৰণৰ,”…. সিদিনা নিৰ্বাচনৰ আগৰ শেষ সভাখন বহিছে, কাৰণ তাৰ পিছদিনাই ভোটদান পৰ্ব আৰম্ভ হ’ব। প্ৰাৰ্থীজন অৰ্থাৎ শইকীয়ানী মাহীদেউ কংগ্ৰেছী, গতিকে তাৰ স্থানীয় মৌজাদাৰ, ঠিকাদাৰ আৰু দুজনমান ডাঙৰ ব্যৱসায়ীয়ে সভাৰ গণ্য মান্যসকলৰ বাবে খোৱাৰ ব্যৱস্থা কৰিছে। জানেই, বজালীত খুব ভাল ঘিঁউ পোৱা যায়। সেয়ে সকলো কৰ্মীৰ বাবেই খাঁটি ঘিঁউৰে লুচি ভজা হৈছিল। সেই সময়তে শইকীয়া মাহীদেউৱে নিৰ্বাচনী মঞ্চত উঠি বক্তৃতা আৰম্ভ কৰি ক’বলৈ ধৰিলে -‘ৰাইজসকল, এই শোষক, পুঁজিপতিসকল, এই মৌজাদাৰ, ঠিকাদাৰ, ব্যৱসায়ীসকল যিসকলে অতদিনে ৰাইজক শোষণ কৰি আহিছে, সেই সকলৰ শোষণৰ অন্ত পেলাবলৈ আপোনালোকে কংগ্ৰেছৰ হাত টনকিয়াল কৰিব লাগিব। ন্যস্ত স্বাৰ্থই নিজ স্বাৰ্থতে আজি কংগ্ৰেছৰ পূজা কৰিছে সেই সকলৰ মুখা আজি ৰাইজেই খুলি পেলাব লাগিব।’
নকলেও হ’ব, শইকীয়ানীয়ে মৌজাদাৰ, ঠিকাদাৰ , অসৎ ব্যৱসায়ীসকলক সমালোচনা কৰি দিয়া বক্তৃতা শুনি মঞ্চত বহি থকাসকলৰ মুখৰ বৰণ নিশ্চয় চাবলগীয়া হৈছিল, এনেকুৱা শিক্ষা, অপমান বোধকৰো জীৱনত ইয়াৰ আগতে পোৱা নাছিল! সভাৰ শেষত চন্দ্ৰপ্ৰভা শইকীয়ানীক বোলে গাঁৱৰ আদহীয়া মানুহ এজন সুধিছিল – ‘এ মাই,তোৰ কি ৰাশি এ? ” চন্দ্ৰপ্ৰভাই মীন ৰাশি বুলি কোৱাত কৈছিল, “এ মাই, তই বৃশ্চিক বা সিংহ ৰাশিহে হ’বা লাগছিল, গণনাত কিবা ভুল হ’ল হেন পাওঁ!” আন এজনে কোৱা এষাৰ কথাও পুষ্পলতাৰ কাণত পৰিছিল, “এওঁ এই বক্তৃতাৰ বাবে কমেও পাঁচশ ভোট হেৰুৱালে।” চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে সেইবাৰ সঁচাকৈ পৰাজয় বৰণ কৰিব লগা হৈছিল। বজালীত এক বৃহৎসংখ্যক মহিলাৰ সমদলক লৈ পুলিচ থানা ঘেৰাও কৰিবলৈ গৈ পুলিচৰ টনাটনিত প্ৰায় বিবস্ত্ৰা হৈ পৰিছিল চন্দ্ৰপ্ৰভা, চাইকেল চলাই বজালীৰ ঘৰে ঘৰে গৈ মহিলা শাখা সমিতি খুলি ফুৰিছিল, মহিলাৰ শিক্ষাৰ বাবে দেহে কেহে খাটিছিল, সেই মানুহগৰাকী নিৰ্বাচনত হাৰিল। এই পৰাজয়ত তেওঁৰ শুভাকাংক্ষী, গুণমুগ্ধসকলে বৰ দুখ পালে, কিন্তু চন্দ্ৰপ্ৰভাৰ কোনো প্ৰতিক্ৰিয়া দেখা নগ’ল। দুখ কৰাৰ, ৰাইজক বেয়া পোৱাৰ কথাতো বাদেই, ওলোটাই ইলেকচনৰ ফলাফল ঘোষণাৰ দিনা কংগ্ৰেছৰ কৰ্মীসকলৰ বাবে মাংস আৰু ক্ৰীমৰ ব্যৱস্থা কৰাত লাগিল। তেওঁৰ কথা হ’ল, এজনতো হাৰিব লাগিবই, ময়ে হাৰিলো যেনিবা, সেইবুলি মোৰ হৈ কষ্ট কৰা কৰাসকলে ইমানকৈ খাটি ভালকৈ এসাঁজ নোখোৱাকৈ যাব নে! অকল কংগ্ৰেছৰ কৰ্মীসকলক বুলিয়েই নহয়, তেওঁৰ বিৰোধী ছ’চিয়েলিষ্ট পাৰ্টিৰ কৰ্মী ডেকা ল’ৰা দুজনমানকো এদিন সিহঁতৰ হাতত এটকাও নথকা অৱস্থাত চাইকেল ঠেলি ঠেলি গৈ থকা দেখা পাই তেওঁ ঘূৰি ফুৰা জীপখন ৰখাই সিহঁতক টকা দহটা দি কিবা খাই ল’বলৈ দি বোলে কৈছিল, “এই টকাৰে কিবা এটা খাই লোৱাগৈ যোৱা। তোমালোকে মোৰ বিৰুদ্ধে ক’বলৈ আহিলেও ডেকা মানুহ ভোকত কিয় থাকিবা?’ মানুহৰ প্ৰতি মৰম, স্নেহৰ এনেকুৱা ঢেৰ উদাহৰণ চন্দ্ৰপ্ৰভাৰ আছে, পিছে এইগৰাকী মানুহকে কিন্তু আনতকৈ বহু বেছি যোগ্যতা আৰু দক্ষতা থকা সত্ত্বেও একমাত্ৰ নাৰী বুলিয়েই কংগ্ৰেছে টিকেট দিয়াৰ বিৰোধিতা কৰি সেই দলৰে এনেকেই অসন্তোষ ব্যক্ত কৰিছিল এনেধৰণে,”…বাপ্প’ই,আমাৰ ভাগোত তিৰিটুহি প’ৰছিনা..আৰু অনেক কথা!” সেই সময়ত এনেকুৱা কথাত একো অস্বাভাৱিকতা নাছিল, মানুহৰ শিক্ষা-দীক্ষাও বেছি নাছিল, চিন্তা-চৰ্চা তেনেধৰণৰ হোৱাটো আচৰিত হ’ব লগীয়া কথাও নাছিল। আচৰিত হ’ব লগীয়া কথা এইটোহে যে আজি আধুনিক যুগতো, শিক্ষিত লোকেৰে ভৰি থকা সমাজ এখনতো কিন্তু নাৰীৰ প্ৰাৰ্থিত্বক কম-বেছি পৰিমাণে একে দৃষ্টিভংগীৰে চোৱা হৈ আহিছে।এতিয়াও নাৰীয়ে ৰাজনীতিত যোগ্যতা প্ৰমাণ কৰাৰ পাছতো,দক্ষতা প্ৰদৰ্শন কৰাৰ পাছতো নিৰ্বাচনত প্ৰাৰ্থিত্ব পোৱাত নানা ধৰণৰ বাধাৰ,বৈষম্যৰ সন্মুখীন হৈ আহিছে। নানা ধৰণৰ বিৰূপ,অসন্মানজনক কথা হজম কৰিব লগা হৈছে।ই সঁচাই লজ্জাজনক বিষয় এখন আধুনিক সমাজৰ বাবে। চন্দ্ৰপ্ৰভা শইকীয়ানীৰ সম্পূৰ্ণ যোগ্যতা থকা সত্ত্বেও নিৰ্বাচনত জয়ী হ’ব নোৱাৰিলে।তেখেত নিৰ্বাচনত প্ৰাৰ্থী হোৱা অসমৰ প্ৰথম মহিলা আছিল,জয়ী হোৱা হ’লে প্ৰথম বিধায়িকা হোৱাৰ লগতে হয়তো মন্ত্ৰীও হ’ব পাৰিলেহেঁতেন।কিন্তু সেই লৈ চন্দ্ৰপ্ৰভাই কোনো দিনে কোনো আক্ষেপ কৰা জনা নাযায়।তেখেতৰ লক্ষ্য আছিল,ৰাজনীতিত মহিলা সক্ৰিয় অংশগ্ৰহণৰ বিধান সভা তথা সংসদত মহিলা প্ৰতিনিধিৰ অন্তৰ্ভুক্তি।গতিকে নিজে হ’ব নোৱাৰিলে কি হ’ল, অনেক চেষ্টাৰে, সেই সময়ৰ মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধি, প্ৰধানমন্ত্ৰী নেহৰুক খাটনি ধৰি পুষ্পলতা দাসৰ আপত্তি সত্ত্বেও বুজাই-বঢ়াই সৈমান কৰি ৰাজ্যসভাৰ বাবে টিকেট দিয়ালে। পুষ্পলতা দাস এইদৰে অসমৰ প্ৰথম মহিলা সাংসদ হোৱাৰ মূলতে চন্দ্ৰপ্ৰভা শইকীয়ানী। তাৰ উপৰিও তেখেতৰ চেষ্টাতে পৰবৰ্তী কালত ঊষা বৰঠাকুৰ বিধানসভালৈ, মঞ্জুলা দেৱী আৰু মফিদা আহমেদ লোকসভালৈ নিৰ্বাচিত হোৱাৰ লগতে কমল কুমাৰী বৰুৱা অসমৰ শিক্ষামন্ত্ৰী হৈছিল। এইগৰাকী চন্দ্ৰপ্ৰভা শইকীয়ানীয়েই কিন্তু বেছ কিছুদিনৰ বাবে কংগ্ৰেছৰ ওপৰত অসন্তুষ্ট হৈ কংগ্ৰেছ ত্যাগ কৰি সমাজবাদী দলত যোগ দিছিল। সেয়াও অন্য এক কাহিনী। সেইখিনি উল্লেখ নকৰিলে চন্দ্ৰপ্ৰভাৰ ৰাজনৈতিক আদৰ্শ আৰু ব্যক্তিত্বৰ আলোচনা আধৰুৱা হ’ব।
(আঠ)
১৯২১ চনৰ পৰা স্বাধীনতা আন্দোলনত যোগ দি গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি অহা চন্দ্ৰপ্ৰভাই প্ৰথমবাৰৰ বাবে কাৰাবৰণ কৰিব লগা হৈছিল ১৯৩১ চনৰ ন জানুৱাৰী তাৰিখে। গ্ৰেপ্তাৰৰ পাছত পুলিচে প্ৰথমে তেওঁক ছয়গাঁও থানাত মহৰ কামোৰত ৰাতিটো কটাবলৈ বাধ্য কৰাই পিছদিনা গুৱাহাটী থানালৈ নি জে’ললৈ চালান দিছিল।তিনি মাহৰ পাছত বিচাৰ কৰি চন্দ্ৰপ্ৰভাৰ এবছৰ দ্বিতীয় শ্ৰেণীৰ বিনাশ্ৰম কাৰাবাসৰ হুকুম হ’ল।তাৰ আগতে কিন্তু আন্দোলন নকৰোঁ বুলি লিখি দিলে বিনাচৰ্তে জে’লৰপৰা মুকলি কৰি দিয়াৰ প্ৰলোভন দিয়া হৈছিল।চন্দ্ৰপ্ৰভাই খত লিখি জেলৰপৰা ওলাই যোৱাৰ প্ৰস্তাৱ বাৰে বাৰে প্ৰত্যাখান কৰিছিল।তাৰ বাবে জে’ল খটা ৰামপুৰৰ স্বাধীনতা সংগ্ৰামী দেবেন চৌধুৰীয়ে চন্দ্ৰপ্ৰভাক “অসমৰ সৰোজনী নাইডু” নাম দিছিল।গুৱাহাটী জে’লৰপৰা পৰা চন্দ্ৰক চালান দিয়া হৈছিল যোৰহাট জে’ললৈ।কিন্তু গান্ধী-আৰউইন চুক্তিৰ সুবাদত মাত্ৰ তিনি মাহৰ ভিতৰতে চন্দ্ৰ সেইবাৰ জে’লৰপৰা মুকলি হৈ আহিব পাৰিছিল।দ্বিতীয়বাৰৰ বাবে চন্দ্ৰই কাৰাবৰণ কৰিব লগা হৈছিল বিয়াল্লিশৰ আন্দোলনৰ সময়ত।পুলিচ আৰু মহিলাসকলৰ টনা-আঁজোৰাত প্ৰায় বিবস্ত্ৰা হৈ পৰা চন্দ্ৰপ্ৰভাক পুলিচে আটক কৰি শাৰীৰিক নিৰ্যাতন চলাই লৈ গৈছিল বৰপেটা জে’ল হাজোতলৈ।জে’ল হাজোতলৈ গৈয়েই তাৰ অত্যন্ত অস্বাস্থ্যকৰ পৰিৱেশ দেখি তীব্ৰ প্ৰতিবাদ জনাইছিল চন্দ্ৰপ্ৰভাই।উপায় নাপাই জে’ল কৰ্তৃপক্ষই এটা ৰাতি জে’ল হাজোতৰ অফিচত ৰাখি পিছদিনা গুৱাহাটীৰ জে’ললৈ পঠাই দিছিল।তৃতীয়বাৰৰ বাবে কাৰাবৰণ কৰিছিল 1943চনত।সেইবাৰ চন্দ্ৰপ্ৰভাৰ স’তে একে ঠাঁচতে উঠা পুত্ৰ অতুলেও কটনৰ ছাত্ৰ হৈ থকা অৱস্থাতে বিয়াল্লিশৰ স্বাধীনতা আন্দোলনত অংশ লৈ গ্ৰেপ্তাৰ বৰণ কৰি চন্দ্ৰপ্ৰভাৰ স’তে একেলগে গুৱাহাটীৰ জে’লত থাকিব লগা হৈছিল। তিনি মাহৰ পাছত বিচাৰৰ সময়ত ন্যায়াধীশ এচ,কে,দত্তই ভনীয়েক ৰজনীপ্ৰভাৰ গুৰুতৰ অসুখৰ খবৰ পাই তাইক চোৱাচিতা কৰিবৰ বাবে মানৱীয়তাৰ খাটিৰত মাত্ৰ এটা দিনৰ কাৰাবাসৰ ৰায় দি মুকলি কৰি দিছিল।মাত্ৰ তিনি মাহ কাৰাবাসৰ কালছোৱাতে চন্দ্ৰপ্ৰভাই কিন্তু গুৰুত্বপূৰ্ণ কাম এটা কৰি থৈ আহিল।কাৰাবাসত থকাৰ কেইদিনমানৰ পাছতে চন্দ্ৰই গম পাইছিল জে’ল কৰ্তৃপক্ষৰ বৈষম্যমূলক আচৰণৰ কথা।তেওঁলোকে ৰাজনৈতিক বন্দীসকলৰ শ্ৰেণী বিভাজন কৰি তলৰ শ্ৰেণীৰ বন্দীসকলক অতি নিম্নমানৰ খাদ্যৰ ব্যৱস্থা কৰিছিল। ইয়াতে ক্ষুন্ন হৈ চন্দ্ৰপ্ৰভাই একেলগে কাৰাবাসত থকা অমল প্ৰভা (অমলপ্ৰভা দাস – প্ৰসিদ্ধ সমাজকৰ্মী,স্বাধীনতা সংগ্ৰামী)ক কৈছিল,”চোৱাচোন অমল,ই কেনে বিচাৰ?আমি সকলো একে দেশকৰ্মী,একে কামকে কৰি জে’ললৈ আহিছোঁ।তেনেস্থলত সকলোৰে বাবে একে ব্যৱস্থা কিয় নহয়? মই কিন্তু এই কথা মানি ল’ব নোৱাৰোঁ।” অমল প্ৰভাইও চন্দ্ৰৰ কথাত হয়ভৰ দিলে।চন্দ্ৰপ্ৰভাই জে’লৰ ভিতৰতে সকলোৰে বাবে একে ব্যৱস্থাৰ দাবীত যুদ্ধ আৰম্ভ কৰিলে।বৰপেটা জে’লত জয়ী হোৱাৰ দৰে চন্দ্ৰপ্ৰভা ইয়াতো জয়ী হ’ল।কৰ্তৃপক্ষই তেওঁৰ দাবী মানি লৈ দেশৰ কামত জে’ল খাটিবলৈ অহা সকলোকে একে খাদ্য দিবলৈ ৰাজী হৈছিল। জয়ী হ’ল হয়, কিন্তু এই জয়ৰ আনন্দ ক্ষোভ আৰু উষ্মালৈ পৰিণত হ’ল তেতিয়া,যেতিয়া চন্দ্ৰই বিশ্বস্ত সূত্ৰে গম পালে যে তেওঁৰ এই কামক বহুতো কংগ্ৰেছ নেতাই সমৰ্থন কৰিব পৰা নাই আৰু এনে কামৰ যোগেদি হেনো চন্দ্ৰই জে’লৰ ভিতৰত সমাজবাদৰ প্ৰচাৰ চলোৱাৰহে চেষ্টা কৰিছে!কংগ্ৰেছ নেতাৰ এনে ঠেক মনোবৃত্তিৰ বাবে চন্দ্ৰৰ বৰ খং উঠাৰ লগতে মনত আঘাতো পালে।এনে স্বাৰ্থপৰ মনোবৃত্তি লৈ এইসকলে ৰাইজৰ কি সেৱা কৰিব? কি ত্যাগ কৰিব পাৰিব জীৱনত? এনে মানুহে যদি পৰিচালনা কৰে দলটো,তেন্তে এনে এটা দলত থাকি তেওঁ ভৱিষ্যতে কাম কৰিব কেনেকৈ? এই ক্ষোভ ৰৈ গ’ল চন্দ্ৰৰ মনত।এই ঘটনাই প্ৰমাণ কৰে কংগ্ৰেছৰ ভিতৰত সেই তেতিয়াও সুবিধাবাদী,স্বাৰ্থপৰ কিছু নেতা-কৰ্মী আছিল।আনহাতে চন্দ্ৰপ্ৰভাৰ আছিল নিঃস্বাৰ্থভাৱে সকলোকে লৈ সম মৰ্যাদাৰে কাম কৰাৰ আগ্ৰহ আৰু অন্যায়-বৈষম্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ সাহস।
সেই যে তেতিয়াই ক্ষোভ ৰৈ গ’ল চন্দ্ৰৰ মনত, স্বাধীনতাৰ পাছত কংগ্ৰেছৰ প্ৰতি অসন্তুষ্ট হৈ তেওঁ কংগ্ৰেছ ত্যাগ কৰি যোগদান কৰিলে সমাজবাদী দলত। ইয়াৰ পাছত তেওঁ কৃষক সংগঠনত সক্ৰিয় হৈ পৰিল আৰু ‘সদৌ অসম কৃষক পৰিষদ’ৰ সভানেত্ৰী হৈ নেতৃত্ব দিলে।চন্দ্ৰপ্ৰভাই কৃষকৰ উন্নতিৰ হকে কৃষক পৰিষদৰ সভানেত্ৰী ৰূপে প্ৰধানকৈ দুটা কামত আত্মনিয়োগ কৰিলে – ভূমিহীন কৃষকৰ মাজত মাটি বিতৰণ আৰু নিৰক্ষৰতা দূৰীকৰণ। সমবায়ৰ যোগেদিহে কৃষকৰ মংগল সাধন আৰু সমস্যা সমাধান কৰিব পাৰিব ভাবি চন্দ্ৰই সমবায়ৰ কামতো দেহে-কেহে লাগি গৈছিল। এই উদ্দেশ্যৰে তেওঁ বিভিন্ন ঠাইলৈ গৈ সভা-সমিতিবোৰত কৃষকৰ উন্নয়নৰ বাবে দিহা দিয়াৰ লগতে কংগ্ৰেছৰ ভুল নীতিৰো সমালোচনা কৰি ৰাইজৰ মাজত সচেতনতা বৃদ্ধিৰ চেষ্টা কৰিছিল।পিছে সাহসী,স্পষ্টবাদী,নীতিৰ প্ৰশ্নত আপোচ কৰিব নোৱৰা চন্দ্ৰপ্ৰভাই সমাজবাদী দলৰ নেতাৰ কিছু কাম-কাজ আৰু ভুল-ভ্ৰান্তি সহিব নোৱাৰি সেই দল ত্যাগ কৰিছিল আৰু এদিন কংগ্ৰেছ দললৈ পুনৰ ঘূৰি আহি দলৰ কামত আত্মনিয়োগ কৰিছিল।কংগ্ৰেছৰ পৰাই চন্দ্ৰপ্ৰভাৰ কামৰ স্বীকৃতিৰ চিন স্বৰূপে বজালী বিধান সভা সমষ্টিৰ পৰা অসমৰ ভিতৰতে প্ৰথম মহিলা প্ৰাৰ্থী ৰূপে 1957 চনৰ নিৰ্বাচনত কংগ্ৰেছৰ টিকেট দিয়া হৈছিল। সেই নিৰ্বাচনৰ কাহিনী আমি ইতিমধ্যে বৰ্ণনা কৰিছোঁ।নিজৰ জীৱন, পুত্ৰ অতুল ,পিতৃ-মাতৃ,ভায়েক-ভনীয়েক, ভাগিনীয়েকহঁতেৰে ভৰা সংসাৰৰ অনেক সমস্যা,দুখ-অশান্তিৰ মাজতো সমাজৰ মহিলা,কৃষক আৰু পিছপৰা শ্ৰেণীৰ বাবে চন্দ্ৰপ্ৰভাই যিমান খিনি কাম কৰি থৈ গ’ল,সি সঁচাকৈয়ে বিস্ময়কৰ।কিন্তু তাৰ মাজতে নিৰলস সাহিত্য চৰ্চাও কৰিছিল চন্দ্ৰপ্ৰভাই, কাৰণ চন্দ্ৰপ্ৰভাৰ বাবে অসম্ভৱ বুলি যেন কোনো কামেই নাছিল!
(ন)
সমাজত নাৰী আৰু তথাকথিত নীচ জাতিৰ লোকৰ চূড়ান্ত মৰ্যাদাহীনতাৰ প্ৰতিবাদ কৰাৰ,মনৰ ক্ষোভ আৰু সমাজ সংস্কাৰৰ বাবে থকা আকুলতা প্ৰকাশ কৰাৰ মাধ্যম হিচাপেই হাতত কলম তুলি লৈছিল চন্দ্ৰপ্ৰভাই।সুলেখিকা জুনু বৰাই চন্দ্ৰপ্ৰভা শইকীয়ানীৰ সৃষ্টি,সাহিত্য প্ৰতিভা আৰু দৰ্শন সম্পৰ্কে এক সুন্দৰ আলোচনা আগ বঢ়াইছে “চন্দ্ৰপ্ৰভা শইকীয়ানীৰ “পিতৃ-ভিঠা’ আৰু ‘দৈৱজ্ঞ-দুহিতা’ত নাৰীবাদৰ আভা” শীৰ্ষক লেখাটোৰ মাজেৰে।ইয়াত সেই বিষয়ে ইয়াত বিস্তাৰিত আলোচনাৰ অৱকাশ নাই।মাত্ৰ চন্দ্ৰপ্ৰভা শইকীয়ানীৰ ব্যক্তিত্ব আৰু প্ৰতিভাৰ আলোচনা কৰিবলৈ যাওঁতে এই বিষয়ে কিছু কথাই ঠাই নাপালে আলোচনা আধৰুৱা হ’ব বুলিয়েই চমুকৈ উল্লেখ কৰি যাম।কেইবাখনো উপন্যাস,বহুকেইটা গল্প-প্ৰবন্ধ-কবিতা,অন্যান্য বিষয়ক লেখনিয়ে চন্দ্ৰপ্ৰভাৰ অনন্য সাহিত্যিক প্ৰতিভা আৰু সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ স্বাক্ষৰ বহন কৰে।তেওঁৰ “দেৱী” নামৰ প্ৰথম চুটি গল্পটো প্ৰকাশ পায় “বাঁহী”ত 1921 চনত তেজপুৰত চাকৰি কৰি থাকোঁতেই।চন্দ্ৰপ্ৰভাৰ আন এটি উল্লেখযোগ্য গল্প “দৈৱজ্ঞ দুহিতা”প্ৰকাশ পাইছিল 1947ত “আৱাহন”ত।”আৱাহন”ৰ পাততে প্ৰকাশ পোৱা তেখেতৰ আন এক উল্লেখযোগ্য গল্প আছিল “আকুল পথিক”। মাত্ৰ 98পৃষ্ঠাৰ “পিতৃভিঠা” উপন্যাসখন জীৱনৰ প্ৰথম ছপা হৈ ওলোৱা কিতাপ।1937চনত ছপা হৈ ওলোৱা এই কিতাপখনৰ আগেয়ে কিন্তু চন্দ্ৰপ্ৰভাই “অপৰাজিতা”, “গৌৰীশংকৰ”, “ঘৰ-জোঁৱাই”,”বিয়াৰ বিষ” আদি কেইবাখনো উপন্যাস লিখিছিল। লেখা-মেলা আৰু সেইবোৰ ৰাইজৰ আগলৈ উলিয়াই দিয়াৰ প্ৰতি থকা চন্দ্ৰপ্ৰভাৰ হৃদয়ৰ আকুলতা প্ৰকাশ পাইছে কিতাপখনৰ ভূমিকা “লেখিকাৰ নিবেদন”ত এনেদৰে,”
“কিতাপ লিখা,বিশেষকৈ উপন্যাস লিখা,লেখিকাৰ জীৱনৰ এটা বৃহত্তৰ আকাংক্ষা।যেতিয়াই মৰাৰ কথা মনত পৰে,তেতিয়াই মনত পৰে – কিতাপ লিখা আৰু নহ’ল।মনত বেদনা ওপজে।আজি সেই আকাংক্ষাৰে প্ৰথম বিন্দুকণা ৰূপে “পিতৃভিঠা” বা “পিতৃ-ভেটি” অৰ্থৰ আশাত ৰাইজলৈ আগ বঢ়ালো।যদি অৰ্থ মিলে ইয়াৰ পিছতে “গৌৰীশংকৰ”, তাৰ পিচতে বৃহত্তম উপন্যাস,য’ত জটিল স্ত্ৰী-পুৰুষ চৰিত্ৰৰ সমাধানৰ চেষ্টা চলিছে – সেই ‘অপৰাজিতা’ তাৰ পিছত “ঘৰ-জোঁৱাই”,”বিয়াৰ বিষ”প্ৰভৃতি হাতে লিখা অৱস্থাত পৰি থকা এই “পিতৃ-ভিঠা”ৰ পৰাই প্ৰকাশিত হ’ব।”পাঠকলৈ উপন্যাসখন আদৰি ল’বলৈ অনুৰোধ জনায়ে চন্দ্ৰপ্ৰভা বহি থকা নাছিল,কিতাপ বেচা ধনেৰে বাকীখিনি প্ৰকাশ কৰাৰ আঁচনি লৈ কিতাপৰ টোপোলা চাইকেলত বান্ধি 1937 চনৰ আঠ অনা মূল্যৰ এই কিতাপখন মানুহৰ ঘৰে ঘৰে গৈ বিক্ৰী কৰিছিল।সেই সময়ত,যিটো সময়ত নাৰীয়ে কিতাপ লিখাৰ কথাতো বাদেই,নাৰী শিক্ষা তেনেই চালুকীয়া অৱস্থাতে আছিল, তেনে সময়ত এগৰাকী নাৰীয়ে কিতাপ লিখি সেই কিতাপ চাইকেলত টোপোলা বান্ধি ঘৰে ঘৰে বিলাই ফুৰাটো কম সাহসী কাম নাছিল!প্ৰচলিত পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ প্ৰতিয়েই ই আছিল এক ডাঙৰ প্ৰত্যাহ্বান।এইখিনিতে ইংলেণ্ডৰ দৰে এখন আগবঢ়া দেশৰ খ্যাতিসম্পন্ন লেখিকা মেৰী ইভান্সৰ কথা মনলৈ আহে।তেওঁৰ দৰে লেখিকাইও কিন্তু মহিলাৰ নামত কিতাপ লিখিলে মানুহে নপঢ়িবও পাৰে বুলি আশংকা কৰিয়েই হয়তো “জৰ্জ ইলিয়ট”(পুৰুষ ছদ্মনাম) লৈ এখনৰ পাছত আনখন কিতাপ লিখি গৈছিল।তেনে সময়ত তেনেই পাছপৰা অঞ্চলৰ এগৰাকী অখ্যাত মহিলাই কৰা বেছিভাগৰে দৃষ্টিত পৰিগণিত হোৱা “দুঃসাহস” ভাবিবলগীয়া,আচৰিত হ’বলগীয়া কথাই! চন্দ্ৰপ্ৰভাই আশা কৰা মতে অৱশ্যে নহ’লগৈ।বাকীকেইখন কিতাপে প্ৰকাশৰ মুখ নেদেখিলে।কিন্তু আন বহুতো লেখা আৰু কবিতা প্ৰকাশ পালে প্ৰথম অসমীয়া মহিলা আলোচনী “ঘৰ-জেউতি”ত।1947ৰ পৰা চন্দ্ৰপ্ৰভাৰ সম্পাদনাত প্ৰকাশ পোৱা অসম প্ৰাদেশিক মহিলা সমিতিৰ মুখপত্ৰ “অভিযাত্ৰী” আলোচনীতো বহু লেখা প্ৰকাশ পাইছিল। “প্ৰাদেশিক মহিলা সমিতিৰ ইতিবৃত্ত” চন্দ্ৰপ্ৰভাৰ আন এক উল্লেখনীয় কীৰ্তি।লখিমী নামৰ লেখা ‘আসাম-হিতৈষী’ত প্ৰকাশ হৈছিল।ইয়াৰ বাহিৰেও “সঁফুৰা”নামৰ এখন গ্ৰন্থ আৰু তিনিখন পাঠ্যপুস্তক তেওঁ ৰচনা কৰিছিল বুলি জনা যায়।চন্দ্ৰপ্ৰভাৰ আনকেইখন উপন্যাস হাতে-লিখা অৱস্থাতে ৰৈ গ’লেও “পিতৃ-ভিঠা” উপন্যাসখনৰ প্ৰথম সংস্কৰণ (1937 চন) লুপ্তপ্ৰায় হৈ পৰাৰ পাছত চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্মশতবৰ্ষ উপলক্ষে 2002 চনৰ 16 মাৰ্চত দ্বিতীয় পৰিবৰ্ধিত সংস্কৰণ প্ৰকাশ পায় শিক্ষাবিদ, সু-লেখিকা প্ৰীতি বৰুৱাৰ সম্পাদনাত।তিনিকুৰি বছৰ আগেয়ে প্ৰকাশ পোৱা এখন উপন্যাসৰ পুনঃ প্ৰকাশৰ যুক্তি সম্পৰ্কে শ্ৰীমতী বৰুৱাই পাতনিত এনেদৰে লিখিছে,”…”পিতৃ-ভিঠা” এখন গতানুগতিক অসমীয়া উপন্যাস নহয় আৰু এইখন উপন্যাস অসমৰ এগৰাকী অগ্নিকন্যাৰ ৰচনা,য’ত অসমীয়া উপন্যাসৰ প্ৰথম নাৰীবাদী চিন্তাৰ প্ৰকাশ ঘটিছে।লগতে লেখিকাই আধুনিক উপন্যাসৰ আংগিক আৰু ভাষা আয়ত্ত কৰি অসমীয়া উপন্যাস সাহিত্যৰ নতুন বাট কাটিছে।এনে এখন উপন্যাস আমাৰ সাহিত্য জগতৰ পৰা প্ৰায় লুপ্ত হৈ যোৱা যেন হৈছিল।বহু প্ৰবন্ধে পিতৃভিঠা এখন হাতত পৰাত সেইখন বহু বছৰৰ মূৰত পুনৰ পঢ়ি বিস্ময় মানিলো।” “দৈৱজ্ঞ-দুহিতা”কে ধৰি চন্দ্ৰপ্ৰভাৰ গল্পসমূহৰ মাজেৰে সমাজৰ পুৰুষতান্ত্ৰিকতাৰ বিৰুদ্ধে তীব্ৰ বিষোদ্গাৰ আৰু তাৰ পৰা নাৰী মুক্তিৰ বাসনা পৰিস্ফুট হৈছে। লক্ষণীয় কথা এই যে চন্দ্ৰপ্ৰভাই তেওঁৰ লেখনিৰ মাজেৰে নাৰী জাগৰণৰ ওপৰতহে সৰ্বাধিক গুৰুত্ব দিছে।1925 চনৰ নগাঁৱৰ সাহিত্য সভাৰ অধিৱেশনত যেনেকৈ নাৰীক উদ্বুদ্ধ কৰি সাহস যোগাই বাঁহৰ চিক ভাঙি ওলাই আহিবলৈ কৈছিল, পুৰুষৰ ওপৰত দোষ জাপি দি,সহি-সামৰি ভাগ্যক ধিয়াই বহি থকাতকৈ সাহসেৰে আগ বাঢ়ি যাবলৈ আহ্বান জনাইছিল,নিজৰ জীৱনতো সেই কামেই যিহেতু তেওঁ কৰি আহিছিল, ঠিক তেনেকৈ গল্পৰ নায়িকাৰ মুখেৰেও আন এগৰাকী নাৰীক ককৰ্থনাৰ সুৰত মনৰ ভাব প্ৰকাশ কৰিছে এনেদৰে,”তিৰোতা কিবা মানুহ নহয় নে?কিয় এমুঠি ভাত,এখন কাপোৰৰ চিন্তাত যে তহঁত এনেকৈ মৰ, পুৰুষৰ দৰে যোগ্যতা আৰ্জি নলৱ কিয়?কিয় তিৰোতাইতো লিখা-পঢ়া শিকি,চাকৰি-বাকৰি কৰি খাব,থাকিব পাৰে?”যুগ যুগ ধৰি অৱদমনৰ কবলত পৰি আত্মবিশ্বাস হেৰুৱাই পেলোৱা নাৰীৰ নিজৰ মানসিকতাৰ পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা সমাজৰ দৃষ্টিভংগী সলনিৰ বাবে বাধ্য কৰাবলৈ যে অতি প্ৰয়োজন সেই কথা চন্দ্ৰপ্ৰভাই মৰ্মে মৰ্মে উপলব্ধি কৰিছিল আৰু তাৰ বাবে আপ্ৰাণ চেষ্টাও কৰি গৈছিল।আজিৰ দিনতো ই সমানেই প্ৰাসংগিক।চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে অসমীয়া সাহিত্যত নাৰীবাদী চিন্তাৰ সূচনা কৰিছিল। সুলেখিকা জুনু বৰাৰ মতে,” তেওঁৰ নাৰীবাদ তাত্ত্বিক নাৰীবাদ নহয়, অসমৰ সমাজ জীৱনৰ পৰা উদ্ভৱ হোৱা অসমৰ মাটিৰ সৈতে খাপ খোৱা নাৰীবাদ।সেই সময়ৰ পিছপৰা সমাজখনত স্বাভাৱিকভাৱেই নাৰীবাদ ভ্ৰূণাৱস্থাত আছিল, য’ত নাছিল নাৰী মুক্তিৰ নিৰ্দিষ্ট পথৰ সন্ধান।নাৰী মুক্তিৰ প্ৰশ্নত অস্পষ্টতা বা সীমাবদ্ধতা থাকিলেও গভীৰ আত্মপ্ৰত্যয় আৰু নাৰীসত্তাৰ সুৰক্ষা তথা বিকাশৰ প্ৰবল আকাংক্ষাৰে চন্দ্ৰপ্ৰভা শইকীয়ানী নিঃসন্দেহে সেই যুগৰ সবাতোকৈ অগ্ৰণী চিন্তাৰ বাহক আছিল। চন্দ্ৰপ্ৰভাৰ সাহিত্য-প্ৰতিভা আৰু অৱদান,লেখনিৰ মাজতে প্ৰকাশ পোৱা নাৰীবাদ সম্পৰ্কে বৰ্তমান সময়ৰ পৰিপ্ৰেক্ষিতত আৰু অধিক আলোচনাৰ অৱকাশ নিশ্চয় আছে।কিন্তু তেখেতৰ জীৱন,কৰ্ম আৰু অৱদানৰ মূল্যায়ন কৰিবলৈ যাওঁতে সেই যুগৰ কথা মনত ৰাখি হে আগ বাঢ়িব লাগিব।
(দহ)
1982 চনত প্ৰসিদ্ধ সাহিত্যিক, সম্পাদক, সাংবাদিক হোমেন বৰগোহাঞি দেৱৰ দ্বাৰা সম্পাদিত আলোচনী “লোকায়ত”ৰ বিহু সংখ্যাত পদ্মবিভূষণ পুষ্পলতা দাসৰ চন্দ্ৰপ্ৰভা শইকীয়াৰ চমু জীৱনীমূলক এটা লেখা প্ৰকাশ পাইছিল।লেখাটোৰ ভূমিকা হিচাবে সম্পাদক বৰগোহাঞিদেৱে লিখা কথাখিনি মন কৰিবলগীয়া,-“বহুতো ঐতিহাসিকৰ মতে আধুনিক কালৰ আটাইতকৈ যুগান্তকাৰী ঘটনাটো হ’ল নাৰী মুক্তিৰ বিপ্লৱ।বহু শত শতাব্দীৰ দাসত্ব শৃংখল দলিয়াই আধুনিক যুগৰ নাৰীয়ে পুৰুষশাসিত সমাজৰ বিৰুদ্ধে যিভাৱে বিদ্ৰোহ কৰি স্বাধিকাৰ প্ৰতিষ্ঠা কৰিছে,সি মানৱিক মূল্যবোধ আৰু সম্পৰ্ক-বিন্যাসত বৈপ্লৱিক পৰিৱৰ্তন ঘটাইছে।অসমত এই বিপ্লৱৰ ধ্বজাধাৰিণী আছিল চন্দ্ৰপ্ৰভা শইকীয়ানী।আন যিকোনো সভ্য সমাজত হোৱা হ’লে বিদ্ৰোহিনী চন্দ্ৰপ্ৰভাৰ ঘটনাবহুল আৰু বীৰত্বপূৰ্ণ জীৱনক অৱলম্বন কৰি জীৱন-চৰিত, নাটক, উপন্যাস, কথাছবিৰ সৃষ্টি হ’লহেঁতেন।কিন্তু অসমত তেওঁৰ বিষয়ে এটি লেখত ল’বলগীয়া নিবন্ধও চকুত পৰা নাই।প্ৰথমবাৰৰ বাবে সেই অভাৱ কিছু পৰিমাণে দূৰ কৰিবলৈ আগ বাঢ়ি আহিছে পুষ্পলতা দাস।পুষ্পলতা দাস নিজেও আধুনিক অসম গঢ়োতাসকলৰ ভিতৰত অন্যতম।তেওঁ একেধাৰে মুক্তিযোদ্ধা,ৰাজনৈতিক নেত্ৰী,সমাজ-সেৱিকা,সুবক্তা আৰু লেখিকা।”
1972 চনৰ 16 মাৰ্চ তাৰিখে (জন্ম আৰু মৃত্যুৰ তাৰিখ একেটাই 16 মাৰ্চ) মৃত্যু বৰণ কৰা এইগৰাকী যুগাগ্ৰগামিনী বিষয়ে প্ৰথম লেখা যশস্বী সাহিত্যিক,ঔপন্যাসিক নিৰুপমা বৰগোহাঞি বাইদেউৰ এটি চুটি নিবন্ধ প্ৰকাশ পাইছিল 1975 চনত “সাপ্তাহিক নীলাচল”ত। লেখাটোৰ মাজেৰে বাইদেৱে সশ্ৰদ্ধ প্ৰশংসাৰে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ বিষয়ে এইদৰে লিখিছিল,” অসমৰ কোনো নাৰীক যদি সবাতোকৈ আগতে যদি শ্ৰদ্ধা যাচিব লাগে,সেইগৰাকী হ’ল চন্দ্ৰপ্ৰভা শইকীয়ানী..”৷ তাৰ পাছত চন্দ্ৰপ্ৰভা শইকীয়ানীৰ ঘনিষ্ঠ সান্নিধ্যলৈ অহা অসমৰ প্ৰথম মহিলা সাংসদ পদ্মবিভূষণ পুষ্পলতা দাসৰ (একমাত্ৰ চন্দ্ৰপ্ৰভাৰ চেষ্টাতে এইগৰাকী প্ৰতিভাৱতী নাৰীয়ে ৰাজ্যসভালৈ নিৰ্বাচিত হৈ অসমৰ পৰা প্ৰথম মহিলা সমাজৰ প্ৰতিনিধিত্ব কৰাৰ সুযোগ পোৱাৰ কথা আমি আগতে উল্লেখ কৰি থৈছোঁ) লেখাটো পঢ়ি নিৰুপমা বাইদেৱে অনুভৱ কৰিলে যে এইগৰাকী নাৰীৰ জীৱনৰ বিষয়ে অসমৰ ৰাইজক বহুলভাৱে জনোৱাৰ অতি প্ৰয়োজন।মনৰ এই তাগিদাতে বাইদেউৰ কলমেৰে জন্ম হ’ল “অভিযাত্ৰী”।উল্লেখযোগ্য যে “অভিযাত্ৰী” নামটোৰ স’তে শইকীয়ানীৰ এক গভীৰ সম্পৰ্কৰ কথা ইতিমধ্যে পাঠকে নিশ্চয় মন কৰিছে – এই নামেৰে অসম প্ৰাদেশিক মহিলা সমিতিৰ মুখপত্ৰৰ জন্ম দিছিল চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে নিজেই, 1947 চনৰ পৰাই সাত বছৰ ধৰি এই মুখপত্ৰৰ সম্পাদনাৰ গধুৰ দায়িত্ব অতি পৰিপাটি আৰু নিষ্ঠাসহকাৰে পালন কৰিছিল।নিৰুপমাৰ “অভিযাত্ৰী” হ’ল চন্দ্ৰপ্ৰভা শইকীয়ানীৰ ঘটনাবহুল জীৱন আধাৰিত উপন্যাস যিখন লিখিবলৈ গৈ তেখেতৰ মনৰ অৱস্থাৰ কথা পাতনিত এনেদৰে লিখিছে,”..অৱশেষত উপন্যাসখনৰ বাবে সম্ভৱপৰ সমল সংগ্ৰহ কৰাৰ পিছতো এই উপলব্ধি হ’ল যে চন্দ্ৰপ্ৰভাৰ জীৱনৰ বিতং তথ্য পূৰা সংগৃহীত নহ’ল।তথাপি তেওঁৰ ঘটনাবহুল জীৱনৰ যিখিনি কথা মোৰ জ্ঞানৰ পোহৰলৈ আহিল,অকল তাৰেই যে এখন সুবৃহৎ উপন্যাস লেখা সম্ভৱ সেই কথা উপন্যাসখন লেখি থকা সময়ত মই বাৰে বাৰে অনুভৱ কৰিছিলোঁ।উপন্যাসখন লেখি থকা সময়ত একধৰণৰ মুগ্ধতায়ো মোৰ চেতনাক আচ্ছন্ন কৰি ৰাখিছিল।কলম উঠাই লৈ বহুবাৰ পৰম বিস্ময়েৰে এই কথা ভাবি বহি থাকিছিলোঁ যে প্ৰায় এশ বছৰৰ আগতেই অসমৰ এখন পিছপৰা গাঁৱত এনে এগৰাকী নাৰীৰ জন্ম হৈছিল যাৰ বীৰত্ব,বিদ্ৰোহ, কষ্টসহিষ্ণূতা, কৰ্মদক্ষতা আৰু বৰ্ণাঢ্যতা আজিও অসমত বিৰল।..’অভিযাত্ৰী’খন উপন্যাস আকাৰত লেখা বাবে মই অ’ত-ত’ত কিছু কল্পনাৰ আশ্ৰয় ল’লেও মূল ঘটনা বা তথ্যৰ কোনো বিকৃত ঘটোৱা নাই।আচলতে চন্দ্ৰপ্ৰভাৰ জীৱনেই উপন্যাসৰ সমতুল্য; বৰং তেওঁৰ জীৱন কাহিনী অনুধাৱন কৰি এই আপ্তবাক্যষাৰকে মনলৈ আহে যে facts are stronger than fiction.’অভিযাত্ৰী’ৰ নায়িকা চন্দ্ৰপ্ৰভাৰ ব্যক্তিত্বৰ উপস্থিতি উপন্যাসখন লেখাৰ সকলো সময়তে ইমান ব্যাপকভাৱে অনুভূত হৈ আছিল যে ফলত মই আৰু কোনো কাল্পনিক চৰিত্ৰৰ সৃষ্টি কৰাৰ প্ৰয়োজন বোধ নকৰিলো।” ‘অভিযাত্ৰী’ উপন্যাসৰ আলোচনা ইতিমধ্যে বহুজনে কৰিছে,অসমৰ পাঠকেও উপন্যাসখন মৰমেৰে আদৰিছে।1993 চনত প্ৰথম প্ৰকাশ হোৱা এইখন উপন্যাসৰ 2016 চনলৈকে সপ্তম সংস্কৰণ প্ৰকাশিত হোৱাটো আনন্দৰ কথা,আশাৰ বতৰা। 1996ত এইখন উপন্যাসে সাহিত্য অকাডেমী বঁটাও লাভ কৰিছে। ইয়াৰ মাজেৰে লেখিকাৰ চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱনৰ কৰ্মৰাজি আৰু জীৱন-দৰ্শন সম্পৰ্কে থকা চিন্তাৰ স্পষ্টতা, এগৰাকী প্ৰগতিশীল চিন্তা-চেতনাসম্পন্ন, নিৰ্ভীক নাৰীৰ আন এগৰাকী অগ্ৰগামিনীৰ প্ৰতি থকা শ্ৰদ্ধা, আন্তৰিকতা, একাত্মবোধ, সমাজৰ প্ৰতি থকা দায়বদ্ধতা সুন্দৰ ৰূপত প্ৰকাশ পাইছে। চন্দ্ৰপ্ৰভা শইকীয়ানীৰ বিষয়ে জানিবলৈ,বুজিবলৈ এইখিনি কথাই পাঠকক নিশ্চয় সহায় কৰিব।আন এগৰাকী মহীয়সী নাৰী,শিক্ষাবিদ ইন্দিৰা মিৰি বাইদেউৰ উপলব্ধি ইয়াৰ আগতে আমি উল্লেখ কৰি থৈছোঁ।দেৰিকৈ হ’লেও চন্দ্ৰপ্ৰভা শইকীয়ানীৰ বিষয়ে বহুখিনি লেখা প্ৰকাশ পাইছে যদিও সংখ্যাত এতিয়াও যথেষ্ট কম।শেহতীয়াকৈ অসম প্ৰাদেশিক মহিলা সমিতিৰ উদ্যোগত চন্দ্ৰপ্ৰভা শইকীয়ানী জন্ম-শতবাৰ্ষিকী উদযাপন সমিতিয়ে বিভিন্ন কাৰ্যসূচীৰ লগতে এখনি স্মৃতিগ্ৰন্থ (2001-2002) প্ৰকাশ কৰি উলিওৱাটো অতি প্ৰশংসনীয় কাম হৈছে।স্মৃতিগ্ৰন্থখনি চন্দ্ৰপ্ৰভা শইকীয়ানীৰ নিবিড় সান্নিধ্যলৈ অহা বিভিন্নজনৰ লেখা সন্নিবিষ্ট হৈছে যিবোৰ লেখাই তেখেতৰ জীৱন আৰু ব্যক্তিত্ব বিষয়ে জনাত পাঠকক সহায় কৰিছে। তেজপুৰ বিশ্ববিদ্যালয়ৰ Chandraprabha Saikiani Centre for women studiesৰ উদ্যোগত তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা Chandraprabha Saikiani: a bilingual collection of essays on Assam’s first women’s rights crusader চন্দ্ৰপ্ৰভা শইকীয়ানী শীৰ্ষক ইংৰাজী আৰু অসমীয়া দ্বিভাষিক এখনি গ্ৰন্থ প্ৰকাশ পাইছে। (October,2015). কিতাপখনৰ দ্বিতীয় খণ্ডও সোনকালে প্ৰকাশ হ’ব বুলিও জানিব পৰা গৈছে। এইখন গ্ৰন্থ ৰাইজৰ মাজলৈ সোনকালে ওলাই আহিব বুলি আশা কৰিলোঁ।কিতাপ প্ৰকাশৰ বাহিৰেও বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাৰ লগতে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ স্মৃতি আৰু শ্ৰদ্ধাৰ চিনস্বৰূপে “চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱন” নিৰ্মাণ কৰি সেইটো women’s study centre হিচাবে নামাকৰণ কৰাটো তেজপুৰ বিশ্ববিদ্যালয়ৰ এক অতি প্ৰশংসনীয় পদক্ষেপ।তেখেতৰ স্মৃতি ৰক্ষাৰ্থে তেজপুৰ মহিলা সমিতিৰ কাম-কাজো প্ৰশংসনীয়।তেজপুৰ মহিলা সমিতিয়ে তেজপুৰ চহৰৰ মাজ মজিয়াত এখন বিদ্যালয় পৰিপাটিকৈ পৰিচালনা কৰি আছে।অতি সামান্য বৰঙণি দি কণ-কণ ল’ৰা ছোৱালীয়ে শিক্ষা গ্ৰহণৰ সুযোগ পাইছে।
এইগৰাকী বিশাল ব্যক্তিত্বৰ নাৰীৰ জীৱন আৰু কৰ্মৰ বিষয়ে কম পৰিসৰত এটি লেখা সামৰাতো এক প্ৰকাৰ অসম্ভৱ বুলিয়েই ক’ব পাৰি।তেখেতে একসত্তৰ বছৰীয়া জীৱনত কি কি কৰিছিল বুলি সোধাতকৈ কি কৰা নাছিল বুলি সুধিলেহে উত্তৰ দিবলৈ কঠিন হ’ব।তেখেতৰ জীৱন পৰিক্ৰমা ভালকৈ বুজিবলৈ চেষ্টা কৰিলে সেই কথা নিশ্চয় সকলোৰে বোধগম্য হ’ব।অসমৰ আন এগৰাকী প্ৰসিদ্ধ গল্পকাৰ,ঔপন্যাসিক অৰূপা পটংগীয়া কলিতাই “চন্দ্ৰপ্ৰভাৰ আকাশ” শীৰ্ষক এটি লেখাত যথাৰ্থভাৱেই কৈ গৈছে, “ধপধপাই কাটি পেলোৱা পাখিৰে নীলা আকাশ ধিয়াই নাৰীয়ে উৰিবলৈ এৰি দিয়া নাই।সেয়েহে জে’ন অষ্টিন, এমিলি ব্ৰনটি, ম’ৰিচন বা জ’ন অব আৰ্কক পৃথিৱীৰ সভ্যতাই পাইছে।প্ৰচণ্ড ইচ্ছাশক্তিৰেই নাৰীয়ে ইতিহাসত নিজৰ স্থান নিশ্চিত কৰি লৈছে।চন্দ্ৰপ্ৰভা শইকীয়ানীও এগৰাকী নাৰী যি নিজৰ প্ৰচণ্ড ইচ্ছাশক্তি আৰু জেদেৰে এখন আন্ধাৰ সমাজত নিজৰ স্থান আঁজুৰি লৈছিল।আঁজুৰি আনিছিল প্ৰেম আৰু জীৱনৰ নানা ৰস।..মুচৰি পেলোৱা পাখিৰেও যে উৰিব পাৰে চন্দ্ৰপ্ৰভা তাৰেই এক উদ্দীপনাময় উদাহৰণ।” কি কৰা নাছিল চন্দ্ৰপ্ৰভাই? নিজৰ জীৱনলৈ অহা ধুমুহা,প্ৰাণাধিক ভাল পোৱা প্ৰখৰ বুদ্ধিমত্তাৰ ভনীয়েক ৰজনীপ্ৰভা,প্ৰতিভাৰ বলত যি অসমৰ প্ৰথমগৰাকী মহিলা চিকিৎসক,স্ত্ৰী-ৰোগ বিশেষজ্ঞ হোৱাৰ যোগ্যতা অৰ্জন কৰিছিল,তেওঁ উন্মাদ হৈ অকালতে মৃত্যুক সাবটি লোৱাৰ দৰে অসহনীয় যন্ত্ৰণাকো সহ্য কৰিব লগা হৈছিল চন্দ্ৰপ্ৰভাই,পিতৃ ভেটি মাত্ৰ তিনি হাজাৰ টকাত মহাজনৰ ওচৰত বন্ধকত দি থৈ পলাই যোৱা দায়িত্বজ্ঞানহীন ভায়েকৰ কুকৰ্মৰ যন্ত্ৰণা পাইছিল, নিজ পুত্ৰৰ বাহিৰেও ভাগিনীয়েকৰ সমস্ত পৰিয়ালৰ দায়িত্ব ল’ব লগা হোৱা চন্দ্ৰপ্ৰভাই ইমানবোৰ সমস্যাৰ মাজতো দুবাৰকৈ শিক্ষয়িত্ৰীৰ চাকৰি একমাত্ৰ কংগ্ৰেছৰ অধিৱেশন আৰু স্বাধীনতা আন্দোলনত যোগদান কৰিবলৈ বাধা দিয়াৰ বাবেই ত্যাগ কৰি সাহস আৰু স্বদেশ প্ৰেমৰ নিদৰ্শন দেখুৱাব পাৰিছিল, পাছত বাধ্যত পৰি পৰিয়ালটোক চলাবৰ বাবেই কিছুদিন বাচৰ ব্যৱসায়ো নিয়াৰিকৈ চলাইছিল।কি কৰা নাছিল চন্দ্ৰপ্ৰভাই ? গাঁৱে গাঁৱে চাইকেল চলাই মহিলা সমিতি গঠন কৰিছিল,বাল্যবিবাহৰ বিৰুদ্ধে আৰু ছোৱালী শিক্ষাৰ সপক্ষে ৰাইজক বুজাইছিল,নিজে লিখা কিতাপ চাইকেলত বান্ধি ঘৰে ঘৰে বিক্ৰী কৰাৰ উদ্যম আৰু সাহস দেখুৱাইছিল চন্দ্ৰপ্ৰভাই। কংগ্ৰেছৰ আহ্বানত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ জ্বালাময়ী ভাষণেৰে পুৰুষ-নাৰী সমন্বিতে সকলোকে উদ্বুদ্ধ কৰি তুলিছিল,ইতিমধ্যে সেই বিষয়ে আলোচনা কৰা হৈছে, অসীম ইচ্ছাশক্তিৰে নিজে পঢ়াৰ উপৰিও স্কুল খুলি সকলো ছোৱালীকে পঢ়িবলৈ উৎসাহ যোগাইছিল।য’তে নাৰী অপমানৰ সন্মুখীন হৈছে,উচ্চ-নীচ ভেদাভেদ দেখিছে, নিজৰ কথা অকণো নাভাবি প্ৰতিবাদ কৰিছে,নিজৰ অধিকাৰ আঁজুৰি আনিছে।অস্পৃশ্যতাৰ বিৰুদ্ধে গৰজি উঠিছে। অন্যায়-অত্যাচাৰৰ কবলত পৰা নাৰী, শিশু,দুৰ্দশাগ্ৰস্ত কৃষক,শ্ৰমিকৰ কল্যাণৰ বাবে অশেষ কষ্ট স্বীকাৰ কৰি গৈছে। নাৰী শিক্ষাৰ বাবে,বাল্য বিবাহ বন্ধৰ বাবে ওৰে জীৱন যুঁজিছে।বৰপেটাৰ কীৰ্তন ঘৰত নাৰীৰ প্ৰৱেশৰ বাবে সেই তেতিয়াৰ দিনতে আগ বাঢ়ি যোৱাৰ,চেষ্টা কৰাৰ সাহস দেখুৱাব পাৰিছে।কিন্তু পৰিতাপৰ কথা,ইতিহাসৰ পথিকৃৎ এইগৰাকী নাৰীক আজি আমি কিমান মনত ৰাখিছোঁ? তেখেতক লৈ কিমান চৰ্চা হৈছে আমাৰ মাজত? মৃত্যুৰ মাত্ৰ অলপদিনৰ আগেয়ে ভাৰত চৰকাৰে পদ্মশ্ৰী উপাধি প্ৰদান কৰা এইগৰাকী মহীয়সী নাৰীৰ জন্ম-মৃত্যু তিথিত তেখেতৰ প্ৰতিমূৰ্তিত চাকি এগজ,মাল্যাৰ্পণ,স্মৃতি চাৰণতে শেষ নেকি আমাৰ দায়িত্ব? তেখেতৰ জীৱনক লৈ আজিকোপতি এখনো চলচ্চিত্ৰ নিৰ্মাণ হোৱাৰ কথা জানিব পৰা নাই।স্মৃতিগ্ৰন্থত প্ৰসিদ্ধ পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যদেৱে বোলছবি নিৰ্মাণৰ চেষ্টা চলোৱাৰ কথা পঢ়িবলৈ পালোঁ,কিন্তু পাছলৈ কি হ’লগৈ,জনা নগ’ল।এতিয়াও সময় আছে।আমাৰ মাজত বহুকেইজন প্ৰতিভাৱান পৰিচালক-পৰিচালিকা আছে।তেখেতসকলে নিশ্চয় চিন্তা কৰি চাব। এইগৰাকী প্ৰাতঃস্মৰণীয় নাৰীৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত জনাই আমাৰ আহ্বান – অসমৰ প্ৰতিখন মহিলা সমিতিয়ে নাৰী মুক্তিৰ ধ্বজাধাৰিণী এইগৰাকী মহীয়সী নাৰীৰ জীৱন আৰু অৱদানৰ কথা বিভিন্ন কাৰ্যসূচীৰ মাজেৰে নৱ প্ৰজন্মৰ মাজত বহুল প্ৰচাৰৰ ব্যৱস্থা কৰক – সেয়া হৈছে আজিৰ সময়ৰ দাবী।অসমৰ বিদ্বৎ সমাজৰো নিশ্চয় কৰণীয় আছে। অত্যন্ত প্ৰতিকূল পৰিৱেশ, বাধা-নিষেধৰ মাজত অসীম ধৈৰ্য আৰু সাহসেৰে চন্দ্ৰপ্ৰভাই সমাজৰ যি মানসিকতা পৰিবৰ্তনৰ বাবে যুঁজ দিছিল,আজিও,এই আধুনিক যুগতো সমাজখন তাৰ পৰা মুক্ত হ’ব পাৰিছে নে? তাৰ উত্তৰ বিচৰাও প্ৰয়োজন।
টোকা : সহায়ক গ্ৰন্থপঞ্জী :
এক) অভিযাত্ৰী – নিৰুপমা বৰগোহাঞি
দুই) স্মৃতিগ্ৰন্থ,চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম শতবাৰ্ষিকী উদযাপন সমিতি।
তিনি) Chadraprabha Saikiani – published by Tezpur University women’s study circle
চাৰি) অসমত বিজ্ঞান মনস্কতাৰ বাটকটীয়া হেমচন্দ্ৰ বৰুৱা – ইলোৰা বিজ্ঞান মঞ্চ।
সুন্দৰ, তথ্যভিত্তিক লেখা। ধন্যবাদ।
মন্তব্যৰ বাবে অশেষ ধন্যবাদ।