চ্যায়, চ্যায় : অজান জিৰণি ঠাইৰ যাত্ৰা ।। মূল: বিশ্বনাথ ঘোষ; অনুবাদ: কল্যাণী কোঁৱৰ
মুক্ত চিন্তা। একাদশ বছৰ।। দ্বিতীয় সংখ্যা
(পূৰ্বৰ খণ্ডটিৰ বাবে ইয়াত টিপক)
কাম দেশৰ আহ্বান (চতুৰ্থ অংশ)
এই যাত্ৰাটো সুন্দৰ মনোমোহা দৃশ্যৰে ভৰা যাত্ৰা নাছিল। মনোমোহা দৃশ্যৰ অবিহনে যাত্ৰা কেতিয়া শেষ হয় যেন লাগে আৰু গন্তব্যস্থল গৈ পোৱাৰ তাড়না বঢ়াই তোলে। অৱশ্যে আশ্চৰ্য্যৰে ভৰা কিছুমান দুৰ্লভ মুহূৰ্তৰ উপস্থিতি আছিল। খাজুৰাহো পাবলৈ ৯৮ কিলোমিটাৰ বুলি লিখি ৰখা এটা মাইলখুটি পাৰ হোৱাৰ ঠিক পিছতেই, দছান নামৰ এখন নদী সন্মুখত দেখি মোৰ উশাহ- নিশাহ বন্ধ হৈ যাব খুজিছিল। দলংখন পাৰ হৈ থাকোতে মন্থৰ গতিত বৈ থকা নদীখনৰ নীলা-সেউজীয়া পানীখিনিয়ে মোক কিছু সময় ৰৈ তাৰ সৌন্দৰ্য্য উপভোগ কৰি যাবলৈ যেন কৈছিল। কিন্তু মোৰ হাতত সময় নাই, মধ্যপ্ৰদেশৰ ৰাস্তাত আঠানব্বৈ কিলোমিটাৰ যাবলৈ প্ৰায় দুঘণ্টা সময় লাগিব। অলপ সময়ৰ পাছত এখন টোল গেটত পতাকা জোকাৰি আমাক যেতিয়া ৰখালে, তেতিয়াহে মই গম পালোঁ যে আমি ইমান সময়ে উত্তৰ প্ৰদেশতে আছিলো আৰু এতিয়া ঔৰ্চাৰ পৰা অহাৰ পাছত আমি আকৌ পুনৰ মধ্যপ্ৰদেশত প্ৰৱেশ কৰিলো।
মই ষোল্ল টকা ৰাস্তাৰ কৰ আদায় কৰিলো আৰু ৰছিদ বহীত উল্লেখ থকা মতে এই কৰ মধ্যপ্ৰদেশ চৰকাৰৰ জন কল্যাণ বিভাগৰ কোষত জমা হ’ব।
মোৰ এতিয়াও আশা আছিল যে আমি ঠিক সময়তে খাজুৰাহো পামগৈ আৰু তাত এক-দুইঘন্টা সময় কটাব পাৰিম, কিন্তু তেতিয়াই ৰাজুৱে ঘোষণা কৰিলে যে সি দুপৰীয়াৰ আহাৰ খাব। ভুলটো মোৰেই – ৰাস্তাৰ কাষৰ খাদ্য পৰিহাৰ কৰাৰ তাড়নাত মই পাহৰি গ’লো যে সি একো খোৱা নাই। সেইবাবে আমি এখন ধাবাত সোমালো। টিভিত এখন ক্রিকেট খেল চলি আছিল আৰু আমি ধাবাখনলৈ সোমাই যোৱাৰ লগে লগে ধাবাখনৰ মালিকে টিভিত খেল চাবলৈ অহা সৰু ল’ৰা-ছোৱালী বোৰক খেদি পঠিয়ালে। যিহেতু হাতত সময় কম, সেইবাবে মই দালি আৰু ৰুটিৰে মোৰ কাম চলাই ল’লোহেঁতেন। কিন্তু ৰাজুক খানা খুওৱাৰ দায়িত্ব মোৰ অন্তৰাত্মাৰ ওপৰত ন্যস্ত! সেইবাবে মই অতি বিনম্ৰতাৰে সি কি খাব সুধিলো।
ধাবাখনত ‘লান্স ডেট’ চলি আছে। মোৰ লগতে তাকো ম্যেনুখন দেখুৱাই, কি খাব ক’বলৈ ক’লে I সি আলু-কবি আৰু মালাই কোফ্টা অৰ্ডাৰ কৰিলে আৰু মই ডাল ফ্ৰাই ল’লো। খোৱা বস্তুখিনি আহি পোৱাৰ পিছত, ৰাজুৱে ডাল ফ্রাই লৈ খাবলৈ আৰম্ভ কৰিলে আৰু বিপৰীতে সি অৰ্ডাৰ কৰা খোৱা বস্তুখিনি মোৰ ফালে আগবঢ়াই দিলে। যিহেতু ‘লান্স ডেট’ চলি আছিল আৰু সেইবাবে খোৱা বস্তু টেবুল আহি পাওঁতে কিছু সময় ল’লেI ধন্যবাদ, যে টিভিত চলি থকা ক্রিকেট খেলখনে টেবুলত বহি অনৰ্থক কিছুমান কথা পাতি থকাৰ পৰা ৰক্ষা কৰিলে৷ ৰাজুৱে লাহে লাহে খাবলৈ আৰম্ভ কৰিলে আৰু মোৰ ৰাম ৰতনলৈ মনত পৰিল। মনে মনে ভাবিলো মোৰ এই যাত্ৰাটোৰ সংগী ৰাম ৰতন হোৱা হ’লে- সেই ল’ৰাটো যিয়ে মোক মোগলছৰাইৰ পৰা বাণাৰসলৈ নিছিলে৷ এতিয়া কিন্তু খোৱাৰ পিছতহে উপলব্ধি কৰিলোঁ যে মোৰো ভোক লাগি আছিল।
“চিন্তা নকৰিব, আমি বিশ মিনিটত খাজুৰাহো পাই যাম।” খাই উঠি মুখত এটা পান মছলাৰ পেকেট খালি কৰি ৰাজুৱে মোক আশ্বাস দিলে।
যেতিয়া এখন চাইনবৰ্ডে জাননী দিলে যে খাজুৰাহো পাবলৈ বিশ কিলোমিটাৰ বাকী, তেতিয়া গধূলি হৈছিল। কিছু কিলোমিটাৰৰ আঁতৰে আঁতৰে, কেতিয়াবা ডজনৰ সংখ্যাত আৰু কেতিয়াবা শ সংখ্যাত, ভাগৰে-জুগৰে গৰুৰ জাকবোৰে প্লাটোন এটাৰ দৰে মাৰ্চ কৰি আহি আছিল। সিহঁতৰ কমাণ্ডাৰজন একে ধৰণে ৰ’দত পোৰা, ভাগৰুৱা বুঢ়া লোক, যিজনে হাথিয়াৰ হিচাপে হাতত এডাল এছাৰি লৈ গৈছিল। কোনোবা এবাৰতো ৰাজুৱে গাড়ীৰ পৰা নামি এজন গৰু ৰখীয়াক ৰাস্তাৰ পৰা গৰুবোৰ আঁতৰাবলৈ গালি পাৰিলে। বেলেগ দিন হোৱা হ’লে মই উত্তৰ ভাৰতৰ গাঁৱৰ এনে এটা মনোমোহা গধূলি উপভোগ কৰিবলৈ গাড়ীৰ পৰা নামি গ’লোহেতেন- সূৰ্য্যাস্তৰ হেঙুলীয়া পোহৰত ঘৰলৈ ঘূৰি যোৱা গৰুৰ খোজত উৰা ধূলিৰ লগত মাটিৰ চৌকাৰ পৰা ওলোৱা ধোঁৱা মিহলি হৈ সৃষ্টি হোৱা সেই বেলাটোৱেই হৈছে গধূলি বেলা৷ কিন্তু এতিয়া এই সূর্য্যাস্ত মোৰ বাবে অস্বস্তিকৰ হৈ উঠিছে।
কোৱা বাহুল্য যে, আমি অৱশেষত যেতিয়া খাজুৰাহো পালোগৈ মন্দিৰ নগৰীখনৰ গেট বন্ধ কৰা হৈছিল। সদায় সন্ধিয়া ছয় বজাত নিয়মিতভাৱে মাত্র এঘণ্টাৰ কাৰণে গেট বন্ধ কৰা হয়, হয়তো পৰ্য্যটকৰ ট্ৰেফিক নিয়ন্ত্ৰণ কৰিবৰ বাবে৷ আৰু এতিয়া ছয় বাজি ত্ৰিছ মিনিট গৈছে৷ ইয়াৰ অৰ্থ, হোটেল এখন বিচাৰিবলৈ হ’লে মই আৰু আধা ঘণ্টা সময় ৰ’ব লাগিব আৰু সেই মন্দিৰবোৰৰ দৰ্শন পাবলৈ হ’লে মই এটা ৰাতি কটাব লাগিব, যিবোৰ মই আজিৰ পৰা ত্ৰিশ বছৰ আগতে চাবলৈ আহিছিলো, কি কাৰণত বিখ্যাত তাক নজনাকৈ । ইয়াতকৈ ভীষণ কথাটো হ’ল, মই ৰাতি থকাকৈ সাজু হৈ অহা নাছিলো। মোৰ পৰিকল্পনা মতে মই এতিয়া ওভটনি যাত্ৰা কৰি থাকিব লাগিছিল। হয়তো ঔর্ছা লৈ ফুৰিবলৈ যোৱাটো ভুল সিদ্ধান্ত আছিল। নতুবা মই ঝাঁন্সীৰ পৰা সোনকালে ওলাব লাগিছিল। যি নহওঁক, এতিয়া দেৰি হোৱাৰ কাৰণ বিচাৰি মাথা মাৰি লাভ নাইI মই এখন পানদোকানত সোমাই ছিগাৰেট এটা কিনিলো আৰু দোকানীজনক থাকিবলৈ হোটেল পামনে সুধিলো।
“চিন্তাৰ কোনো কাৰণ নাই, ইয়াত আপুনি পঞ্চাছ টকাৰ পৰা আৰম্ভ কৰি পাঁচ হাজাৰ টকাৰ হোটেল পাব,” দোকানীজনে আশ্বাস দিলে৷ তেওঁৰ আশ্বাসটোৱে উৎসাহিত কৰিলে যদিও বিশেষ কামত নাহিল৷ মই ভূপালত থকা মোৰ সাংবাদিক ভাইটি এটালৈ ফোন কৰিলো৷ মই আশা কৰিলোঁ, মধ্য প্ৰদেশৰ ৰাজধানীত বহি থকা সি নিশ্চয়কৈ এটা উপায় দিব ।
“কিন্তু ইমান কম সময়ৰ ভিতৰতে,” সি বিৰোধিতা কৰিলে।
“সেই কাৰণেইতো মই তোমালৈ ফোন কৰিছো,” মই উত্তৰ দিলোঁ ।
“ঠিক আছে, তেন্তে মোক আধা ঘণ্টা সময় দিয়ক।”
সি ঘূৰাই ফোন নকৰিলে, মইও তাৰ লগত যোগাযোগ কৰিব নোৱাৰিলো। নেটৱৰ্কৰ সমস্যা হোৱা যেন লাগিল। তেতিয়ালৈকে গেট খুলিছিল আৰু আমি থকা ঠাই বিচাৰি এখন নিজান-নিতাল চহৰলৈ সোমাই গৈছিলো। মই এনেকুৱা এখন হোটেল বিচাৰিবলৈ চেষ্টা কৰিছিলো যিখন দেখাত বহুত দামী নহ’লেও হ’ব, কিন্তু পঞ্চাছ টকাৰ ৰাতি ধৰণৰো হ’ব নালাগিব। ঠিক তেনেকুৱা ঠিক-ঠাক হোটেল এখন দেখি মই গাড়ীখন ৰখাবলৈ ক’লো আৰু ভিতৰলৈ সোমাই গ’লো। হোটেলখন ভাল- অভ্যৰ্থনা অঞ্চলটো বিভিন্ন দেৱ-দেৱীৰে ভৰা আধা ডজন মান ফটোৰ তলত জ্বলি থকা ধূপৰ গোন্ধে পৱিত্ৰ কৰি তুলিছিল আৰু কোঠালিবোৰো পৰিস্কাৰ- পৰিচ্ছন্ন আৰু উজ্জ্বল আছিল। একমাত্র এটা কথাই নিৰাশ কৰিলে, যেতিয়া অভ্যৰ্থনাত থকা ব্যক্তিজনে মোৰ থকা ঠাই চেন্নাইৰ বানানটো লিখিবলৈ কিছু সময় চিন্তা কৰিবলগীয়া হ’ল, আৰু শেষত ৰেজিষ্টাৰত ‘চীন’ বুলি লিখিলে।
কিন্তু তাতোতকৈও বেছি নিৰাশাজনক, অথবা আশ্চৰ্য্যকৰ এটা, মোৰ বাবে বাহিৰত ৰৈ আছিল। ৰাজুৱে মোক খবৰটো দিলে যে তাৰ গাড়ীৰ মালিকৰ নিয়মমতে, মই ইতিমধ্যে বন্দৱস্ত কৰা ভাড়াৰ দুগুণ দিব লাগিব কাৰণ পিছদিনাখনৰ তাৰ ব্যৱসায়ত মই বাধা সৃষ্টি কৰিছোঁ। চৰ্তটো মানি লোৱাৰ বাহিৰে মোৰ হাতত আন উপায় নাছিল। গতিকে এতিয়া মই টেক্সীৰ বাবে অতিৰিক্ত ভাড়া, খাজুৰাহোত থকা হোটেলৰ কোঠাৰ ভাড়া, ঝান্সীলৈ ঘূৰি গৈ তাৰ হোটেলৰ কোঠাৰ ভাড়া দিব লাগিব । সেইয়াই নহয়, মই নতুন অন্তৰ্বাস কিনিব লাগিব, এডাল টুথব্রাছৰ সৈতে সৰু টুথপেষ্ট এটা, ৰেজৰ, দাড়ি খুৰোৱা সামগ্ৰী, চেম্পু পেকেট, ফনী – এইবোৰ কিনিবলৈ যোৱাৰ আগতে হোটেলৰ আগতীয়া ধন পৰিশোধ কৰি গৈছো।
সৌভাগ্যক্রমে হোটেলখনে এটুকুৰা মেডিমিক্স চাবোন আৰু এখন টাৱেল দিলে। টাৱেলখন পিন্ধি মই বিচনাত বাগৰ মাৰি, এপেগ ড্ৰিংকৰ কথা ভাবিলো। মোক এটা পেগৰ অত্যন্ত প্রয়োজন আছিল। কিন্তু অভ্যৰ্থনাৰ ঠাইত দেৱতাৰ ভব্য উপস্থিতিৰ পাছত হোটেলখনত মদ পাম বুলি ভবা নাছিলো বা কোনোবা ল’ৰাৰ হতুৱাই মদ অনাব পাৰিম বুলিও ভবা নাছিলো। যিহেতু মই কিতাপ পত্র লগত অনা নাছিলো, সেইবাবে সময় কটাবৰ বাবে বিচনাৰ কাষতে থোৱা মেন্যু কাৰ্ডখনকে বাৰে বাৰে পঢ়িলো। কাৰ্ডখন দুটা ভাষাত লিখা- ইংৰাজী আৰু কোৰিয়ান, আৰু কোৰিয়ান ব্যঞ্জনৰ এক বেলেগ শ্রেণী আছিল। তাৰ মাজৰ এবিধ ব্যঞ্জন হৈছে কোৰিয়ান পাৰাঠা I
দুৱাৰৰ ঘণ্টাটো বাজি উঠিল আৰু মই “সোমাই আহা!” বুলি মাত দিলোঁ। হোটেলৰ ল’ৰা এটা, ৰাতিৰ আহাৰত কি খাম সুধিবলৈ আহিছে। মই উত্তৰ দিবলৈ পোৱাৰ আগতেই, মোৰ সন্মূখৰ কোঠাটোৰ দুৱাৰখন খোল খালে আৰু কোঠাটোৰ পৰা এহাল কোৰিয়ান ব্যক্তি ওলাই আহি (যিকোনো মানুহে তেওঁলোকক কোৰিয়ান বুলি চিনি পাব)। পুৰুষজনে, ভগা ভগা ইংৰাজীত প্ৰথমে ল’ৰাটোক টেৰেছৰ ৰাস্তা সুধিলে আৰু তাৰপিছত বিয়েৰ পোৱা যাব নেকি সুধিলে। তাৰ উত্তৰত ল’ৰাটোৱে ক’লে, “কি ব্ৰেণ্ড?” মই গম পালো যে মোৰ ভাগ্য ভাল।
হুইস্কি বটলটো লৈ ঘূৰি অহাৰ পাছত মই ল’ৰাটোক হোটেল আৰু কোৰিয়াৰ সম্পৰ্কৰ বিষয়ে সুধিলো। এটা ট্ৰেভেল এজেন্সীৰ লগত হোটেলৰ যোগাযোগ আছে, যি কেৱল কোৰিয়ান পৰ্যটকৰ সৈতে সম্পৰ্ক ৰক্ষা কৰে। লাগিলে নিৰামিষেই হওঁক, ৰাতিৰ আহাৰত মোৰ কোৰিয়ান পাৰাঠা খাবলৈ মন আছিল। কিন্তু ল’ৰাটোৱে ক’লে যে কেইদিনমানৰ পৰা হোটেলৰ পাকঘৰ বন্ধ হৈ আছে, গতিকে সি বাহিৰৰ পৰা খানা আনি দিব। মই ষ্টেণ্ডাৰ্ড ইণ্ডিয়ান থালি এটা অৰ্ডাৰ কৰিলোঁ।
মোৰ কেতিয়া টোপনি আহিল গমেই নাপালোঁ। কিন্তু পিছদিনা ৰাতিপুৱা যেতিয়া সাৰ পালোঁ, মোৰ মনলৈ পুৰণি ফঁকৰা-যোজনা এটা আহিল- যি হয়, ভালৰ বাবেই হয়। আগদিনা সন্ধিয়া কিবা কাৰণত কেইঘন্টামানৰ আগতে যদি খাজুৰাহো পালোহিহেঁতেন, মই খৰধৰকৈ ফুৰিব লগা হ’ল হয় আৰু হয়তো মোৰ যাত্ৰাটো আধৰুৱা হ’লহেতেন। তাৰোপৰি ঘূৰি যাবৰ বাবে মই আৰু অতিৰিক্ত পাঁচঘন্টা সময়ৰ যাত্ৰা সহ্য কৰিব লগা হ’লহেতেন, তাতে ৰাতিৰ ভাগত। কিন্তু এতিয়া , ৰাতি ভাল টোপনিৰ পাছত, মই দেখিলোঁ যে দিনৰ ভাগত খাজুৰাহোৰ হাজাৰ বছৰ পুৰণি মন্দিৰ চাবলৈ অহা ময়েই প্রথম দৰ্শনাৰ্থীI দহ টকাৰ টিকেট কাটি যেতিয়া মই মন্দিৰৰ প্ৰাংগনত উপস্থিত হ’লো, তেতিয়ালৈকে সূৰ্য্যৰ কিৰণে মন্দিৰৰ চূড়া প্রকাশিত কৰা নাছিল। মই সেই ঠাইত থিয় হৈ আছিলো য’ত আন কোনো মানুহ নাছিল।
প্ৰৱেশদ্বাৰ পাৰ হৈয়েই পোৱা শিলালিপিয়ে ক’লে যে বহুত দিনৰ আগতে তাত পঁচপন্নটা মন্দিৰ আছিল, “অৱশ্যে এতিয়া সংৰক্ষণৰ বিভিন্ন পৰ্য্যায়ৰ পাছত কেৱল পঁচিশটা আছে।” এই প্ৰাংগনত, মোৰ অপ্ৰশিক্ষিত দৃষ্টিত ফুটবল পথাৰ এখনতকৈ অধিক নলগা ঠাইটুকুৰাত মাত্র সাতটা মন্দিৰ আছিল। প্ৰত্নতাত্ত্বিকভাৱে এই মন্দিৰসমূহক পশ্চিমৰ মন্দিৰমালা নামেৰে পৰিচিত কৰা হৈছে, যিবোৰে খাজুৰাহোক বিখ্যাত কৰিছে। সেউজীয়া উপবনেৰে ভাগ ভাগ, প্রত্যেকটো মন্দিৰ সিংহৰ দৰে গৌৰৱেৰে থিয় দি প্রতীক্ষা কৰি আছে, প্রত্যক্ষদৰ্শী আহক আৰু সিহঁতৰ প্ৰশংসা কৰক।
প্ৰৱেশদ্বাৰৰ একেবাৰে ওচৰতে থকা লক্ষ্মণ মন্দিৰলৈ প্রথমে গ’লো। পাথৰৰ। চিৰি বগাই মই ওপৰলৈ উঠি গ’লো আৰু খোজ কাঢ়িবলৈ আৰম্ভ কৰিলো নিৰ্জন ৰাতিপুৱাটোত, ইয়াৰ দেৱালত আঁকি থোৱা ছবিবোৰে যেন কথা পাতিছে। হঠাৎ ছবিবোৰৰ মাজতে শৃংগাৰত এটা ছবি দেখিবলৈ পোৱা গ’ল – কেন্দ্রীয় ছবিত এজন পুৰুষ আৰু এগৰাকী নাৰী থিয় হৈ আছে আৰু সিহঁতৰ ভৰি কেইটা পৰস্পৰ মেৰাই থোৱা আছে। কিন্তু পুৰুষ জনৰ ভৰি এটা, সময় নামৰ তৰোৱাল খনে কাটি পেলাইছে। মই ফটো তুলি ল’লো। স্মৃতি হিচাপে, সেই শৃংগাৰত চিত্রৰ তলতে থিয় হৈ মোৰ নিজৰ ফটো এখন তুলিবলৈ মন আছিল। সেইফালে পাৰ হৈ যোৱা মালি এজনক মই ৰখালো- এজন বুঢ়ালোক, যিজনে হয়তো কোনোদিনে কেমেৰা ধৰি পোৱা নাই। মোৰ কামটো কৰি দিবলৈ মান্তি হোৱাটো তেওঁৰ উদাৰতা আছিল। কিন্তু যেতিয়াই তেওঁ ফটোখন ক্লিক্ কৰিবলৈ সাজু হয়, কেমেৰাটো ষ্টেণ্ড বাই মুডত গুচি যায় আৰু মই দৌৰ মাৰি তেওঁৰ ওচৰলৈ গৈ ঠিক কৰি দিবলগীয়া হয়। যেনে তেনে তেওঁ দুখনমান ফটো তুলিলে, কিন্তু কোনো এখনতে শৃংগাৰত অৱস্থাত থকা চিত্রখন নুঠিল৷ অৱশেষত, বিৰক্ত হৈ, যেতিয়া মই তেওঁক ফটোখন তুলিবৰ বাবে কেমেৰাৰ এংগলটো বুজাই দিলোঁ, তেওঁ কিছু দাদাগিৰি ভাবত ক’লে, “অহ্, আপোনাক সেই মূর্ত্তিবোৰো লাগে। আপুনি কথাটো ক’ব লাগে।” তেওঁৰ কথাকেইটাত মোৰ এনেকুৱা লাগিল যেন মই প্ৰতিৱেশীৰ শোৱনিকোঠা জুমি চাই ধৰা পৰিলো। কিন্তু কোনে গুৰুত্ব দিয়ে- খাজুৰাহো লৈ সদায়েই কোনোবা আহে নেকি।
অৱশেষত বুঢ়া মালীজনে যিখন ফটো তুলিলে, বৰ বেয়া নহয়৷ কিন্তু পৰিস্কাৰকৈ বুজা যায় যে কেমেৰামেনজনে কেমেৰা ধৰাতকৈ ফিটা কটা কেঁচীখন ধৰা হ’লে বেছি সহজবোধ কৰিলেহেঁতেন। মই তেওঁক বহুত ধন্যবাদ জনাই নিজৰ কামলৈ যাবলৈ দিলোঁ। এই গোটেই ফটো তোলা ঘটনাটো, কিছু আঁতৰৰ পৰা এজন ডেকাই লক্ষ্য কৰি আছিল। মই তেওঁক মাতিলো। সেইজনেও মালীৰ কাম কৰে আৰু ফটো তুলি দিয়াত যথেষ্ঠ আগ্রহী। মই কি বিচাৰিছো, সি ইতিমধ্যে বুজি পাইছে। গতিকে তাক নির্দেশ দিওঁতে, মই বৰ বেছি কষ্ট কৰি বুজাবলগীয়া নহ’ল। কেই ছেকেণ্ডমানৰ ভিতৰতে পৃথিৱী বিখ্যাত শৃংগাৰত চিত্ৰৰ সন্মুখত ৰৈ থকা, মোৰ ধুনীয়া ধুনীয়া আধা ডজন ফটো উঠা হৈ গ’ল। কৃতজ্ঞতাস্বৰূপে মই তাক অলপ টকা দিব খুজোঁতেই সি ক’লে, “আহক, মই আপোনাক কিবা এটা দেখুৱাম। এইফালে আহক।” মই চিৰিৰ পৰা নামি তাৰ পাছে পাছে যাবলৈ ধৰিলো আৰু এটা ৰংগমঞ্চৰ এখন দেৱালৰ সন্মুখত ৰৈ গ’লো, য’ত এজন শিল্পীয়ে নিজৰ আটাইতকৈ মূল্যবান কৰ্মৰাজি উন্মোচন কৰা এখন ফুলনিলৈ আঙুলিয়াই সি ক’লে, “এইয়া চাওক! কামসূত্ৰ!”
কিছু সময়ৰ কাৰণে মই স্তম্ভিত হৈ ৰ’লো, তাৰ ঠিক পিছতেই মই কিছু লজ্জাবোধ কৰিলো। তাৰপাছত ভাস্কৰ্য্যবোৰক শিল্পকৰ্ম বুলি গণ্য কৰি চাবলৈ ধৰিলো । কিন্তু চেক্সৰ কথা নভবাকৈ থাকিব নোৱাৰি- প্রত্যেকটো কল্পনীয় মুদ্রাত যৌনক্রিয়া কৰি থকা অৱস্থাত দেখা গৈছে। কেৱল পুৰুষ-নাৰী বা নাৰী-নাৰী মাজতে নহয়। “এই ফালে চাওঁক, ঘোঁৰাৰ লগতো যৌনৰত অৱস্থাত আছে,” ডেকা মালীজনে ইংগিতেৰে দেখুৱালে। সি মোৰ আৰু কিছুমান ফটো তুলি দিলে আৰু নমস্কাৰ জনাই আঁতৰি গ’ল।
মই যি দেখিলোঁ, তাৰ লগত নিজকে সহজবোধ অনুভৱ কৰোৱাৰ পিছত বেলেগ মন্দিৰ বোৰলৈ গ’লো- কন্দৰিয়া, জগদম্বী, চিত্ৰগুপ্ত আৰু বিশ্বনাথ মন্দিৰ। সকলো মন্দিৰৰ নক্সা একে। প্রতিটো মন্দিৰ একোটা ওখ ৰংগমঞ্চৰ ওপৰত স্থাপিত, একোখনকৈ বাৰাণ্ডা যুক্ত, এখন প্রৱেশ দ্বাৰ, এটা মণ্ডপ আৰু এটা গর্ভগৃহ আছে। সময়ৰ গোন্ধ থকা হেতেন, আপুনি খাজুৰাহোত সেই গোন্ধ ল’ব পাৰিলেহেঁতেন। এই মন্দিৰবোৰৰ অন্ধকাৰে আৱৰা ভিতৰভাগত যেন হাজাৰ বছৰৰ পুৰণি বতাহজাক আৱদ্ধ হৈ ৰৈ গ’ল আৰু গৰ্ভগৃহত একেবাৰে অকলশৰে থিয় হৈ থাকিলে এনে লাগে যেন চান্দেলা ৰজাই আগদিনা সন্ধিয়া এক আড়ম্বৰপূৰ্ণ অনুষ্ঠান আয়োজন কৰিছিল।
বিশ্বনাথ মন্দিৰৰ খটখটীত মই কিছু সময় বহিলো আৰু কের্কেটুৱা এটাই ফল এটা খাই থকা চাই আছিলো। হঠাৎ, পিছফালৰ পৰা এটা ফুচফুচনি আহিল, “গাহৰিৰ ধৰণটো চাব নেকি?” আকৌ ডেকা মালীজন আহি ওলালেহি। মই তাৰ পাছে পাছে বিশ্বনাথ মন্দিৰলৈ গ’লো আৰু ভিতৰৰ ফালে প্ৰৱেশ দ্বাৰৰ ওপৰৰ বেৰত মই এগৰাকী স্ত্ৰীৰ ওপৰত গাহৰি এটা উঠি থকা ছবি এখন দেখিলোঁ। সি মোক গৰ্ভগৃহৰ দেৱালত থকা আৰু এটা মূর্ত্তি দেখুৱালে- যৌনসংগমৰত এহাল নাৰী- পুৰুষ সেই মুদ্ৰাত আছিল, যাক “কুকুৰ মুদ্রা” বুলি কোৱা যায়। সি নমস্কাৰ জনালে আৰু পুনৰ অন্তৰ্ধান হ’ল ।
ইতিমধ্যে বেলি আহি মূৰৰ ওপৰ পাইছেহি আৰু মই ঘাঁহনি ডৰাৰ মাজেৰে খোজ কাঢ়ি গৈ আছিলোঁ। পশ্চিমৰ পৰা অহা পৰ্য্যটকৰ দল এটাই ধুনীয়াকৈ সাজ পৰিধান কৰা গাইড এজনক ঘেৰি ধৰি মনোযোগেৰে কথাবোৰ শুনি আছিল। গাইড জনে স্পষ্ট ইংৰাজী ভাষাত কথা কৈ আছে আৰু এক নির্দিষ্ট দূৰত্বৰ পৰা কিছুমান শব্দ আহি মোৰ কাণত পৰিছেহি – বেষ্টিয়ালিটি (পশু- মৈথুন), হ’ম’চেক্সুৱেলিটি (সমলৈংগিকতা), বাইছেজ (দূৰ্বল চৰিত্ৰ), ইল্যুজন (মায়া) আৰু ডিল্যুজন (ভ্রম)। মই যেতিয়া ওচৰ পালোঁগৈ, গম পালোঁ যে গাইড জনে মন্দিৰত থকা কামোদ্দীপক ভাস্কৰ্য্যৰ বিষয়ে বিতং ব্যাখ্যা দি, এইবোৰক ন্যায়সংগত তথা যথাযথ বুলি কৈ আছিল, “যেতিয়া আপুনি ঈশ্বৰৰঘৰত প্রৱেশ কৰে, তেতিয়া সংসাৰৰ সকলো ধৰণৰ মনোযোগ বিঘ্নিত কৰা বস্তুৰপৰা নিজৰ মনটোক আঁতৰাই ৰাখিব লাগে- এইয়াই খাজুৰাহোৰ মন্দিৰৰ মূল বাণী।” আৰু তাৰপাছত, ৰাসায়ন বিজ্ঞানৰ শিক্ষকৰ দৰে নিজৰ সাৰাংশ ৰাখিলে, “বাসনা প্ৰেমলৈ পৰিণত হয়, প্ৰেম ভক্তিলৈ পৰিণত হয়, ভক্তি আধ্যাত্মিকতালৈ পৰিণত হয়, আৰু আধ্যাত্মিকতা পৰম চেতনালৈ পৰিণত হয় ।” মই মূল বিন্দুটো ধৰিব পাৰিলো।
মই লক্ষ্মণ মন্দিৰলৈ আকৌ ঘূৰি আহিলো৷ ইয়াত সকলোবোৰ মুদ্রা আছিল- পাথৰতো আছিল আৰু মজিয়াতো আছিল৷ দুজন বিদেশী- এজন পুৰুষ আৰু এগৰাকী মহিলা- তালৈ আহিল আৰু মই দেখিলো যে সংগমৰত মূর্ত্তিবোৰ দেখি তেওঁলোকে হাঁহিত ফাটি পৰিব খুজিছিল। কিন্তু তেওঁলোকৰ অভ্যাসগত ব্যৱহাৰৰ ফলস্বৰূপে দুয়ো মিচিকিয়াই হাঁহিলে আৰু তাৰপৰা আঁতৰি গ’ল। এটা ভাৰতীয় পৰিয়াল আহিল- দুজন পুৰুষ আৰু মহিলা তিনিগৰাকী। গৃহিনীৰ দৰে লগা মহিলা গৰাকীয়ে মৈথুনৰত অৱস্থাত থকা মূৰ্ত্তিবোৰ দেখি হি হি কৈ হাঁহিবলৈ ধৰিলে। পুৰুষ দুজনে জটিল ভংগিমাৰ গতিক্ৰিয়াৰ ওপৰত আলোচনা কৰিবলৈ ধৰিলে। ইয়াকে দেখি মহিলা গৰাকীয়ে আৰু হাঁহিবলৈ ধৰিলে। তাৰে মাজৰে এজনে পুৰুষ সকলক ধেমালিৰ সুৰত গালি দিলে, “এইবোৰক অসৎ দৃষ্টিৰে চাব নালাগে । এইবোৰ শিল্পকলা।” এজন পুৰুষে ভেঙুচালি কৰি আচৰিত হৈ উত্তৰ দিলে, “কিন্তু ইয়াত ঘোঁৰাৰ লগত কৰি আছে!” মহিলা গৰাকীয়ে হাঁহিলে আৰু পুৰুষজনৰ বাহুত চিকুট এটা মাৰি আগবাঢ়ি গ’ল ।
ইয়ালৈ ফুৰিবলৈ আহি আৰু মন্দিৰৰ মূর্ত্তিবোৰ দেখি নিজৰ নিজৰ ধৰণে প্রতিক্রিয়া ব্যক্ত কৰা দেখি মই তাৎক্ষণিক ভাৱে কবিতাৰ কেইটামান পংক্তি লিখি পেলালো-
যাদুৰ দণ্ডৰে স্পৰ্শ কৰি
আমাকো পাথৰলৈ পৰিণত কৰা
খাজোৰাহোৰ সেই দেৱালয়ত
আমি জীন যাব খোজোঁ
নিস্তব্ধতাত প্ৰেমৰত হৈ থাকিম
এতিয়া আৰু হাজাৰ বৰ্ষ জুৰি
সূৰ্য্যই আমাৰ ফালে নাচাব
বৰষুণে আমাক তিয়াব নোৱাৰিব,
আৰু কোনোবা আপচুয়ে
আটাহ পাৰি নুঠিব, “কি নিলৰ্জ্জ!” বিস্ফোৰিত নেত্ৰে মাথো আচৰিত হৈ সুধিব,
“এই মুদ্ৰাৰ কিবা নাম আছে নে?”
বিদেশী বয়সস্থ এটা যোৰা হাতে হাত ধৰি ভিতৰলৈ সোমাই আহিল। মূর্ত্তিবোৰ দেখি তেওঁলোকে ইজনে সিজনলৈ চালে আৰু খৰখেদাকৈ গুচি গ’ল। তাৰপাছত এগৰাকী মহিলা আহিল- অকলশৰীয়া আৰু ভাৰতীয়। মূর্ত্তিবোৰ দেখাৰ লগে লগে ফটো তুলিবলৈ কেমেৰা উলিয়াই ল’লে। কিন্তু মই তেওঁলৈ চাই থকা দেখি, কেমেৰাটো পুনৰ সুমুৱাই থলে। তেতিয়াই মই বাহিৰলৈ ওলাই অহাৰ সিদ্ধান্ত ল’লো। বাহিৰত এজন ফেৰিৱালাই মোক আগচি ধৰিলে। সি মৈথুনৰত মূৰ্ত্তিৰ পোষ্টকার্ড আৰু কামসূত্রৰ পকেট বুক বিক্রি কৰি আছিল। স্মৃতিৰ চিনস্বৰূপে, মই কিতাপ এখন কিনিলো যিখনৰ শিৰোনাম ‘কামসূত্ৰ’ ৰ বাহিৰে আন নাছিল। হোটেললৈ ঘূৰি আহি, মই তাৰেই পৃষ্ঠা দুটামান লুটিয়ালো। মোৰ চকু এটা নিৰ্দেশাৱলীত পৰিল –
“যদি কোনো পুৰুষে ঘৰচিৰিকাৰ কণীৰ সৈতে চাউল মিলাই, গাখীৰত উতলাই তাৰ লগত ঘিঁউ আৰু মৌ মিহলাই নির্দিষ্ট পৰিমাণত সেৱন কৰে, তেন্তে তেওঁ অসংখ্য নাৰীৰ সৈতে সম্ভোগ কৰিব পাৰে।”
এইটো চিন্তা কৰিবলগীয়া এটা খাদ্য।
( আগলৈ)

