কপি-লেফ্ট ।। সুস্মিত ইচ্ফাক
মুক্ত চিন্তা। একাদশ বছৰ।। দ্বিতীয় সংখ্যা
(এক)
মাৰ্কিন যুক্তৰাষ্ট্ৰৰ হাইলেণ্ড পাৰ্ক, ইলিনইত জন্মগ্ৰহণ কৰা মেধাৱী ছাত্ৰ এৰণ স্বাৰ্টজ। সৰুৰে পৰা চখ কম্পিউটাৰ প্ৰগ্ৰেমিঙৰ। ১২ বছৰ বয়সত সাজি উলিয়াইছিল এটা ৱেবছাইট, নাম ‘দ্য ইনফ’ নেটৱৰ্ক’ যি আছিল আজিৰ দিনৰ ৱিকিপেডিয়াসদৃশ। কৈশোৰ কালতে স্বাৰ্টজে বুজি উঠিছিল তথ্যৰ গুৰুত্ব আৰু জানিছিল ই এদিন হৈ উঠিব পৃথিৱীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰেঞ্চি। আজিৰ দিনত প্ৰযুক্তি-দৈত্যসকলৰ (Tech Giant) বাবে তথ্যৰ গুৰুত্ব অপৰিসীম। যিয়ে বেছিকৈ গোটাব, সেই তথ্যৰ ওপৰত একচেটিয়া অধিকাৰ সাব্যস্ত কৰিব পাৰিব, সিয়ে গঢ়িব পাৰিব সম্পত্তিৰ পাহাৰ। স্বাৰ্টজ আৰু আজিৰ প্ৰযুক্তি-দৈত্যসমূহৰ মাজত আছিল এটি সৰু যদিও গুৰুত্বপূৰ্ণ পাৰ্থক্য—যি আছিল আদৰ্শগত। স্বাৰ্টজে জানিছিল মানৱ-সমাজৰ সামগ্ৰিক উত্তৰণৰ বাবে প্ৰয়োজন তথ্যৰ ওপৰত সকলোৰে অধিকাৰ, বিচাৰিছিল তথ্যৰ গণতন্ত্ৰীকৰণ। কোনোৱে যাতে পৃথিৱীত আজিলৈ উপলভ্য জ্ঞানৰ পৰা বঞ্চিত নহয়, সকলোৰে বাবে ই যাতে সহজতে উপলভ্য হয় তাৰে বাবে তেওঁ জীৱনকালত কম্পিউটাৰ প্ৰগ্ৰেমিঙৰ দ্বাৰা চলাইছিল নিৰলষ প্ৰচেষ্টা। এজন প্ৰগ্ৰেমাৰ হিচাপে স্বাৰ্টজ আছিল অত্যন্ত মেধাৱী। মাত্ৰ ১৪ বছৰ বয়সত RSS-ৰ (Really Simple Syndication) দৰে প্ৰযুক্তি, যি এতিয়া সকলোৱে ব্যবহাৰ কৰে, গঢ় দিয়া স্বাৰ্টজে পাছলৈ ২০০৫ চনত reddit-ৰ দৰে সামাজিক মাধ্যমৰো গুৰি ধৰিছিল। ২০০৪ চনত ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ত নামভৰ্তি কৰি তেওঁ লাহেকৈ জড়িত হৈ পৰিছিল এক্টিভিছিমত, আৰু নিজে প্ৰগ্ৰেমাৰ হৈ তথ্য সহজলভ্য কৰাৰ যুঁজত অগ্ৰণী ভূমিকা লৈ সমাজ সলনি কৰাৰ সপোন দেখা স্বাৰ্টজ হৈ পৰিছিল এজন হেকক্টিভিষ্ট (Hacktivist)। ২০০৮ চনত স্বাৰ্টজে লিখি উলিয়াইছিল গেৰিলা অপেন এক্সেছ মেনিফেষ্ট’ যি আছিল সাধাৰণ তথ্যৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে ৰাইজক জগাই তুলিব পৰা এক ইস্তাহাৰ, ইণ্টাৰনেট বিপ্লৱৰ এক ব্লুপ্ৰিণ্ট। ২০১০ চনত “দিমাণ্ড প্ৰগ্ৰেছ” নামৰ এটি সংস্থা প্ৰতিষ্ঠাৰ দ্বাৰা এৰণ স্বাৰ্টজে চেষ্টা কৰিছিল যাতে ইণ্টাৰনেট ব্যৱহাৰ কৰি তথ্য আহৰণ কৰাত কপিৰাইট বা পাইৰেছিৰ নামত সাধাৰণ ৰাইজক ৰাষ্ট্ৰই নিয়ন্ত্ৰণ কৰিব নোৱাৰে। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ইতিহাসৰ এটি গুৰুত্বপূৰ্ণ বাঁওপন্থী ৰাজনৈতিক আন্দোলন “অকুপাই ৱাল ষ্ট্ৰিট”-ৰ সময়ত এই আন্দোলনৰ সৈতে যুক্ত হৈ পৰা স্বাৰ্টজে সেই সময়ৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছে উত্থাপন কৰা Stop Online Piracy বিধেয়ক, যিয়ে ইণ্টাৰনেটৰ সহায়ত কপিৰাইট উলংঘা কৰা ‘অপৰাধ’ৰ বাবে পাঁচ বছৰ পৰ্যন্ত কাৰাদণ্ডৰ পোষকতা কৰিছিল, তেনে আইনৰ বিৰুদ্ধে এক প্ৰবল জনমত গঠন কৰাৰ চেষ্টা কৰিছিল।
২০১০ চনৰ শেষৰ ফালে, হাৰৱাৰ্ড বিশ্ববিদ্যালয়ৰ এজন গৱেষক ছাত্ৰ হিচাপে গৱেষণা কৰি থকাৰ সময়তে মেছাচুচেটছ প্ৰযুক্তি প্ৰতিষ্ঠান (MIT), কেমব্ৰিজে চাবচক্ৰাইব কৰি থোৱা ভিন্ন শৈক্ষিক জাৰ্নেল access কৰাৰ সুবিধা লাভ কৰিছিল স্বাৰ্টজে। পিছে MIT-ৰ নিচিনা প্ৰতিষ্ঠিত শিক্ষানুষ্ঠানলৈ আহি, এই জাৰ্নেলসমূহত প্ৰকাশ হোৱা বিভিন্ন বিষয়ৰ যুগান্তকাৰী গবেষণাসমূহ পঢ়াৰ বা ইয়াৰ দ্বাৰা উপকৃত হোৱাৰ সুবিধা জানো সকলোৰে আছে?
এই কথা চিন্তা কৰিয়েই স্বাৰ্টজে আৰম্ভ কৰিলে এক গোপন অভিযান। ২০১০ চনৰ ২৫ ছেপ্টেম্বৰৰ দিনা 18.55.6.215 আইপি এড্ৰেছেৰে শ শ শৈক্ষিক প্ৰবন্ধ জেষ্টৰ-ৰ (JSTOR) পৰা ডাউনলোড কৰাৰ ব্যৱস্থা কৰিলে স্বাৰ্টজে। লিখিলে এটি পাইথন স্ক্ৰিপ্ত যিয়ে এটাৰ পিছত এটাকৈ লেখাসমূহ স্বয়ংক্ৰিয়ভাৱে ডাউনলড কৰিব। কোনেও জনা নাছিল এই লেখাসমূহ ডাউনলড কৰাৰ তেওঁৰ অন্তঃৰ্নিহিত উদ্দেশ্য। এৰণ স্বাৰ্টজে ইণ্টাৰনেট গণতান্ত্ৰিকৰণৰ পক্ষে পূৰ্বে লোৱা খোজবোৰ বিশ্লেষণ কৰি ক’ব পাৰি যে হয়তো তাৰ মূল উদ্দেশ্য আছিল সকলোৰে বাবে লেখাসমূহ উপলভ্য কৰা। কাৰণ যিয়েই নহওঁক, একে সময়তে শ শ লেখা এটি নিৰ্দিষ্ট আই পি এড্ৰেছেৰে ডাউনলোড হৈ থকা এই অগতানুগতিক কাৰবাৰ এমআইটি কৰ্তৃপক্ষৰ চকুত পৰে আৰু তেওঁলোকে অনুসন্ধান আৰম্ভ কৰে। অনুসন্ধানত ধৰা পৰা ২৪ বছৰীয়া এৰণ স্বাৰ্টজক ২০১১ চনৰ জানুৱাৰী মাহৰ এটি ৰাতি হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ওচৰৰে পৰা এমআইটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। এবছৰৰ ভিতৰত স্বাৰ্টজৰ ওপৰত যিকেইটা গোচৰ লাগে, সেইকেইটাত দোষী সাব্যস্ত হলে স্বাৰ্টজৰ কাৰাদণ্ড হোৱাৰ কথা আছিল ৫০ বছৰ, জৰিমনা ১০ লক্ষ ডলাৰ। শৈক্ষিক প্ৰবন্ধ একেলেথাৰিয়ে ডাউনলোড কৰাৰ ‘অপৰাধ’ত অভিযুক্ত এজনক এটাৰ পিছত এটাকৈ গোচৰ জাপি দিয়া এই কাৰবাৰ আছিল নিক্সনীয় পদ্ধতিৰ। স্বাৰ্টজৰ এই ডাউনলোডৰ দ্বাৰা কাৰো প্ৰত্যক্ষভাৱে একো লোকচান হোৱা নাছিল। না কাৰোবাৰ হৈছিল কোনো অৰ্থনৈতিক ক্ষতি। পাছলৈ জেষ্টৰেও তেওঁৰ বিৰুদ্ধে থকা গোচৰ উঠাই লৈছিল। তাৰ পাছতো মাৰ্কিন যুক্তৰাষ্ট্ৰৰ অধীনত কৰ্মৰত অধিবক্তা আৰু পুলিচৰ উদ্যম আৰু অত্যুৎসাহে এই কথা প্ৰমাণ কৰিছিল যে অতদিনে ৰাষ্ট্ৰৰ বিৰুদ্ধে আন্দোলন আৰু ইণ্টাৰেনেট স্বাধীনতাৰ হকে যুঁজ দি থকাৰ বাবে এইবাৰ ভালকৈ আইনী মেৰপাকত স্বাৰ্টজক বান্ধি পেলোৱা হৈছিল। লক্ষ্য এক উদাহৰণ তৈয়াৰ কৰাৰ—যিয়ে ৰাষ্ট্ৰৰ নীতিৰ বিৰুদ্ধে যাব, তাৰ দশা এনে হ’ব।
এটা ক’লা ভি-নেক টি-চাৰ্ট, কৰ্ডৰ পেণ্ট পৰিহিত অৱস্থাত ২০১৩ চনৰ জানুৱাৰীৰ ১১ তাৰিখে, তেওঁক প্ৰথম গ্ৰেপ্তাৰ কৰাৰ দুই বছৰ পিছত, নিজৰ বেল্ট ডিঙিত লগাই ২৬ বছৰীয়া তৰুণ এৰণ স্বাৰ্টজে আত্মহত্যা কৰে, আৰু শেষ হৈ যায় এক মূল্যবান জীৱন।
(দুই)
দিল্লী বিশ্ববিদ্যালয়ৰ নৰ্থ কেম্পাচত থকা দিল্লী স্কুল অফ ইকনমিকচৰ চৌহদৰ এখন দোকান হল ৰামেশ্বৰী ফটোকপি চাৰ্ভিচ। মালিক ধৰমপাল সিং। ৰামেশ্বৰী ফটোকপিৰ মূল গ্ৰাহক বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকল যিয়ে মূলত আহে নিজৰ প্ৰয়োজনৰ হিচাপত কোনো লেখা বা কিতাপৰ ফটোকপি কৰিব। সেই দোকানৰ আন এক গুৰুত্বপূৰ্ণ ব্যৱসায় হৈছে দিল্লী স্কুল অফ ইকনমিকচৰ শিক্ষকসকলে প্ৰদান কৰা লাগতীয়াল শৈক্ষিক প্ৰবন্ধসমূহৰ ‘কৰ্চ পেক’ বনাই ছাত্ৰ-ছাত্ৰীসকলক প্ৰতিখিলা কাগজ ৫০ পইচাৰ দৰত বিক্ৰী কৰা। সাধাৰণতে যিসমূহ কিতাপৰ পৰা শিক্ষকসকলে লেখা পঢ়িবলৈ দিয়ে, সেইসমূহ কিতাপৰ প্ৰকাশক বিদেশৰ আৰু তাৰে ফলত তেনে কিতাপৰ মূল্য এগৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ বাবে হয় আকাশলংঘী। দ্বিতীয়তে শিক্ষকে নিৰ্ধাৰণ কৰি দিয়া লেখাসমূহ সাধাৰণতে বেলেগ বেলেগ কিতাপৰ এটি-দুটি অধ্যায় থাকে আৰু সেয়ে সকলো লেখা গোটাবলৈ ছাত্ৰগৰাকীয়ে ক্ৰয় কৰিব লাগে একাধিক কিতাপ যাৰ মূল্য হৈ গৈ কেইবা হাজাৰ টকা। ছাত্ৰ-ছাত্ৰীসকলক সহজতে আৰু কম মূল্যত লেখাসমূহ যোগান ধৰি নিজৰ ফটোকপিৰ ব্যৱসায় চলাই নিবলৈ ৰামেশ্বৰী ফটোকপি চাৰ্ভিচে বিশ্ববিদ্যালয়ৰ পুথিভঁৰালৰ পৰা কিতাপসমূহ গোটাই প্ৰয়োজনীয় লেখাসমূহ ফটোকপি কৰি এই ‘কৰ্চ পেক’ তৈয়াৰ কৰে আৰু ছাত্ৰ-ছাত্ৰীসকলক প্ৰতিখিলা কাগজ ৫০ পইচাৰ দৰত বিক্ৰী কৰে। এই কথাত ক্ষুব্ধ হৈ ২০১২ চনত ইংলেণ্ডৰ তিনি কিতাপ প্ৰকাশক অক্সফোৰ্ড পাব্লিছিং, কেম্ব্ৰিজ পাব্লিছিং আৰু টেইলৰ- ফ্ৰান্সিছ গোটে ৰামেশ্বৰী ফটোকপি চাৰ্ভিচ আৰু দিল্লী বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত কপিৰাইট উলংঘা কৰাৰ গোচৰ ৰুজু কৰে। গোচৰীয়াসকলৰ মূল যুক্তি আছিল এনেধৰণৰ : ফটোকপি দোকানখনে বিক্ৰী কৰা ‘কৰ্চ পেক’-ৰ লেখাসমূহ তেওঁলোকে প্ৰকাশ কৰা কিতাপসমূহৰ পৰা তুলি দিয়া হৈছে আৰু যিহেতু কিতাপসমূহৰ স্বত্বাধিকাৰী তেওঁলোক, আৰু তাৰ কপিৰাইট তেওঁলোকৰ হাতত, সেয়ে বিনা অনুমতিত কৰা ফটোকপিয়ে তেওঁলোকৰ কপিৰাইট উলংঘা কৰিছে।
কোনেও সপোনতো ভবা নাছিল কোনো ‘কৰ্চ পেক’ এনেকৈ এখন সৰু ফটোকপিৰ দোকানে বিক্ৰী কৰাৰ বাবে তেঁওলোকৰ বিৰুদ্ধে অক্সফোৰ্ড, কেম্ব্ৰিজৰ দৰে বিখ্যাত আৰু প্ৰতাপী প্ৰকাশন গোষ্ঠীয়ে গোচৰ ৰুজু কৰিব পাৰে। ২০১২ চনৰ এই গোচৰে ভাৰতৰ লগতে সমগ্ৰ বিশ্বত এক খলকনি সৃষ্টি কৰিছিল। চাৰিবছৰ জুৰি চলা এই মোকৰ্দমা শেষত শিক্ষাবিদ, প্ৰগতিশীল শিক্ষক সন্থা আদিৰ হেঁচাত গোচৰীয়াসকলে গোচৰ উঠাই লয়।
উপৰিউক্ত দুয়োটা ঘটনা মাথোঁ দুটা উদাহৰণ যিয়ে অতি স্পষ্টকৈ দেখুৱাই দিয়ে কেনেকৈ অৰ্থনৈতিকভাৱে সবল ব্যক্তি তথা অনুষ্ঠান বা ৰাষ্ট্ৰই আইনৰ সহায়ত এক বিশেষধৰণৰ সম্পদ—বৌদ্ধিক সম্পদ—একচেটিয়াভাৱে নিয়ন্ত্ৰণ কৰিবলৈ বিচাৰে আৰু তাৰ বাবে ব্যৱহাৰ কৰে এটি আইনী ধাৰণা যাক কোৱা হয় বৌদ্ধিক সম্পদ অধিকাৰ বা Intellectual Property Rights (IPR)।
সাধাৰণতে আমি বুজোৱা সম্পত্তি বা সম্পদ যেনে ঘৰ, মাটি, মোবাইল, টিভি আমি চুই চাব পাৰোঁ, অৰ্থাৎ ই tangible। পিছে যিবোৰ সম্পদৰ কথা IPR-এ কয়, সেইসমূহ মানুহৰ বৌদ্ধিক সৃষ্টি, যাক চুই চাব নোৱাৰি ঠিকেই কিন্তু তাৰ ব্যৱহাৰৰ দ্বাৰা বিভিন্ন ধৰণে উপকৃত হব পাৰি। এক ধাৰণা হিচাপে বৌদ্ধিক সম্পদ অধিকাৰৰ পৰিসৰ বহল আৰু আমি ব্যৱহাৰ কৰি থকা সকলোধৰণৰ প্ৰযুক্তিৰ পৰা আদি কৰি, হৰ্ডিঙত দেখা ট্ৰেডমাৰ্কসমূহ (উদাহৰণস্বৰূপে এপেলৰ আধাখোৱা আপেলৰ ল’গ’, ক’কা-ক’লা নামটো আদি), ব্যবহাৰ কৰি থকা বহু ঔষধ, দাৰ্জিলিঙৰ চাহপাত আদি সকলো ভিন্নধৰণৰ একো একোটা বৌদ্ধিক সম্পদ। পিছে এইসকলৰ পৰা কিছু পৃথক আৰু সাধাৰণতে বহুতে সৰলভাৱে বুজি পোৱা আৰু ব্যবহাৰ কৰা এবিধ বিশেষ বৌদ্ধিক সম্পদ অধিকাৰ হৈছে কপিৰাইট।
আইনৰ সূক্ষ্মতালৈ নগৈ, সাধাৰণভাৱে কপিৰাইটে সৃষ্টিকাৰীসকলক তেওঁলোকৰ মূল ৰচনাৰ বাবে এক নিৰ্দিষ্ট সময়লৈকে একচেটীয়া অধিকাৰ প্ৰদান কৰে। সাহিত্য, নাটক, সংগীত, চিত্ৰ, শৈল্পিক কাম আদি যেতিয়া এক মাধ্যমত স্থিৰ কৰা হয়, তেনে সৃষ্টিকাৰীসকলক আইনে কপিৰাইট প্ৰদান কৰে যাতে আনে সেই কৰ্ম নিজৰ বুলি, বা বিক্ৰী কৰি, বা নষ্ট কৰি দিব নোৱাৰে। মুঠতে যাৰ চিন্তাৰ ফচল, তেওঁ মালিক। তেওঁ খায়, নে পিন্ধে, নে বিক্ৰী কৰে, নে নষ্ট কৰে, নে আন কাৰোবাক সেইখিনি অধিকাৰ হস্তান্তৰ কৰে—সেয়া সম্পূৰ্ণ তেওঁৰ ওপৰত নিৰ্ভৰ কৰিব। পেটেণ্টৰ দৰে কপিৰাইটৰো মূল উদ্দেশ্য সৃষ্টিকাৰীক উৎসাহ প্ৰদান কৰা যাতে আগলৈও তেনে সৃষ্টি হৈ থাকে আৰু মানৱ-সমাজৰ জ্ঞানৰ সাগৰখন এটোপ এটোপকৈ বাঢ়ি বাঢ়ি গৈ থাকে। ১৭১০ চনত বৃটেইনৰ ৰাণী এনৰ সময়ত প্ৰণয়ন কৰা প্ৰথমখন আনুষ্ঠানিক কপিৰাইট আইন Statute of Anne-ৰ আৰম্ভণি শব্দযুগল আছিল “An Act for the Encouragement of Learning…” ঠিক একেদৰে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সংবিধানৰ প্ৰথম অনুচ্ছেদৰ অষ্টম ধাৰাৰ অষ্টম দফাই “কংগ্ৰেছক বিজ্ঞান আৰু উপযোগী কলাৰ উন্নতি সাধন কৰাৰ ক্ষমতা প্ৰদান কৰে, লেখক আৰু আৱিষ্কাৰকসকলক তেওঁলোকৰ ৰচনা আৰু আৱিষ্কাৰৰ বাবে নিৰ্দিষ্ট সময়ৰ বাবে একচেটিয়া অধিকাৰ সুৰক্ষিত কৰি”। ইয়াৰ পৰা বুজা যায় কপিৰাইট বা পেটেণ্টৰ মূল লক্ষ্য বিজ্ঞান আৰু কলাৰ উন্নতি সাধন।
পিছে সময়ৰ সৈতে আন আন সম্পদৰ দৰে বৌদ্ধিক সম্পদ সমূহকো এক শ্ৰেণীৰ ব্যক্তিগত সম্পদ কৰাৰ এক অহৰহ প্ৰচেষ্টা চলি আছে। এক দীৰ্ঘ সময় জুৰি সাম্ৰাজ্যবাদী শক্তিৰ হাতত পৰিচলিত ভাৰতকে ধৰি অন্যান্য দেশসমূহত আন্তৰ্জাতিক চুক্তিৰ হেঁচাত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ দৰে উন্নত দেশসমূহে লাহে লাহে TRIPS-ৰ দৰে চুক্তিৰ জৰিয়তে কঠোৰ বৌদ্ধিক অধিকাৰ আইন গ্ৰহণ কৰিবলৈ দেশসমূহক চাপ দি, নিজৰ উদ্যোগসমূহে লাভান্বিত কৰিলে ঠিকেই, পিছে ইয়াৰ ফলত বিকাশশীল দেশসমূহত জ্ঞান আৰু প্ৰযুক্তিৰ প্ৰৱেশ সীমিত হৈ ৰ’ল। কঠোৰ পেটেণ্ট আইনৰ প্ৰচলনৰ জৰিয়তে যেনেকৈ জীৱনদায়িনী ঔষধসমুহৰ মূল্য বৃদ্ধি কৰিলে, ঠিক তেনেকৈ কপিৰাইটৰ সময়সীমাও লাহে লাহে বৃদ্ধি কৰিলে। এসময়ত ভাৰতৰ কপিৰাইট আইন অনুসৰি কোনো মৌলিক লেখাৰ বা ছবিৰ সৃষ্টিকাৰীয়ে ৪২ বছৰ বা মৃত্যুৰ পাছৰ ৭ বছৰ পৰ্যন্ত (যিটো বেছি) সেই সময়লৈ নিজৰ হাতত কপিৰাইট ৰাখিব পাৰিছিল। তাৰে পাছত সেই সৃষ্টি হৈ পৰে ৰাজহুৱা, অৰ্থাৎ সকলোৱে প্ৰকাশ কৰি, ছপাই বা আন সকলোধৰণে বিয়পাই দিয়াত কোনো বাধা নাছিল। কিন্তু আজিৰ তাৰিখত কপিৰাইটৰ সময় হৈছে মৃত্যুৰ পাছত ৬০ বছৰ পৰ্যন্ত। এই সকলোবোৰে যদি সৃষ্টিকৰ্তাজনক সাংঘাতিকভাৱে লাভান্বিত কৰিলেহেতেন, তেন্তে ক’ব লগা নাছিল। পিছে বাস্তৱত সেয়া ইয়াৰ বিপৰীতহে হোৱা দেখা যায়। ইয়াৰ উৎকৃষ্ট উদাহৰণ হৈছে শৈক্ষিক জাৰ্নেলবোৰত ছপা গৱেষণামূলক লেখাসমূহ। ধৰা হওক এজন বিজ্ঞানৰ গৱেষকে এক নতুনধৰণৰ ঔষধ আৱিষ্কাৰ কৰিলে যিয়ে HIV ভাইৰাছ শেষ কৰি এজন ৰোগীক ভাল কৰি দিব পাৰে। তেওঁ সেই কথা প্ৰকাশ কৰিবলৈ পঠিয়ালে ‘নেচাৰ’ নামৰ বিখ্যাত গৱেষণা পত্ৰিকালৈ। সেই লেখাটি যদি পাঠকে পঢ়িব লাগে তেন্তে তাৰ বিনিময়ত নেচাৰে পাঠকৰ পৰা ল’ব প্ৰায় ৩৫০০-১২০০০ টকা পৰ্যন্ত। অৰ্থাৎ এটা লেখা পঢ়াৰ বাবদত পাঠকে দিব লাগিব কেইবা হাজাৰ টকা। ইয়াৰ বিপৰীতে, যদি লেখকে পাঠকক বিনামূলীয়াকৈ পঢ়িবলৈ দিব বিচাৰে তেন্তে এটা লেখা অপেন এক্সেছত প্ৰকাশৰ বিনিময়ত দিব লাগিব এক Article Processing Charge (APC) যি নেছাৰ জাৰ্নেলৰ ক্ষেত্ৰত হৈছে ৯-১০ লক্ষ টকা। লেখা প্ৰকাশ কৰিব দিয়াৰ লগতে সেই লেখাৰ কপিৰাইট জাৰ্ণেলৰ প্ৰকাশন গোষ্ঠীক সমৰ্পণ কৰা বাধ্যতামূলক। অৰ্থাৎ লিখিব কোনোবাই, পঢ়িব কোনোবাই, ৰিভিউ কৰিব আন কোনোবাই, কিন্তু পকেট গৰম হ’ব এই পাঁচ ছয়টা প্ৰকাশন গোষ্ঠীৰ—যিয়ে শৈক্ষিক জাৰ্নেলৰ মান উন্নত কৰি ৰখাৰ নামত এক স্বল্প বিক্ৰেতাৰ বজাৰ সৃষ্টি কৰি কপিৰাইট আইনৰ সহায়ত জ্ঞানৰ আদান প্ৰদান নিয়ন্ত্ৰণ কৰিব বিচাৰে।
এৰণ স্বাৰ্টজ আৰু ৰামেশ্বৰী ফটোকপি চাৰ্ভিচ—এই দুটা উদাহৰণে বৌদ্ধিক সম্পত্তিৰ নিয়ন্ত্ৰণ আৰু জ্ঞানৰ গণতন্ত্ৰীকৰণৰ মাজৰ চলি থকা সংঘাত ফুটাই তোলে। যদিও কপিৰাইট আইন সৃষ্টিকাৰীসকলৰ অধিকাৰ সুৰক্ষিত কৰি সৃষ্টিশীলতা আৰু উদ্ভাৱনক উৎসাহিত কৰাৰ স্বাৰ্থত প্ৰণয়ন কৰা হৈছিল, কিন্তু এতিয়া ই ব্যৱহাৰ হৈ আছে ইতিমধ্যে উপলভ্য জ্ঞান, তথ্য আদি নিয়ন্ত্ৰণ কৰাত। ফলস্বৰূপে, সাধাৰণ মানুহৰ ইতিমধ্যে উপলভ্য জ্ঞানৰ বিশাল ভাণ্ডাৰ অন্বেষণ কৰাৰ ৰাস্তা সীমিত হৈ পৰিছে। কঠোৰ বৌদ্ধিক সম্পত্তি অধিকাৰ আইনবোৰ, বিশেষকৈ শৈক্ষিক প্ৰকাশনৰ ক্ষেত্ৰত, এনে এক ব্যৱস্থা সৃষ্টি কৰিছে য’ত জ্ঞানক বাণিজ্যিক পণ্য হিচাপে গণ্য কৰা হয় আৰু ইয়াৰ ফলত যিসকলৰ আৰ্থিক সামৰ্থ্য নাই, তেওঁলোকে বিজ্ঞান, প্ৰযুক্তি, আৰু সংস্কৃতিৰ উন্নয়নৰ পৰা বঞ্চিত হয়।
স্বাৰ্টজৰ মৃত্যু আচলতে আত্মহত্যা নহয়। ই প্ৰযুক্তি দৈত্য কোম্পানীসমূহ, প্ৰকাশন গোষ্ঠী, বা ৰাষ্ট্ৰৰ দৰে শক্তিশালী সংস্থাসমূহে কৰা এক আনুষ্ঠানিক হত্যাৰ উদাহৰণ। ইয়াৰ বিপৰীতে, ৰামেশ্বৰী ফটোকপিৰ ক্ষেত্ৰত দিল্লী উচ্চ ন্যায়ালয়ৰ একক বিচাৰপীঠে দিয়া কপিৰাইট আইনৰ ঐতিহাসিক ব্যাখ্যা আৰু নাগৰিক-সমাজৰ এই গোচৰৰ বিৰুদ্ধে লোৱা দৃঢ় স্থিতি আন এক উদাহৰণ যিয়ে প্ৰমাণ কৰে যে এনেধৰণৰ অৱস্থাত ন্যায়ালয় আৰু নাগৰিক সমাজৰ গুৰুত্ব অপৰিসীম।
সৃষ্টিকাৰীসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ লগতে জ্ঞানক এক ৰাজহুৱা সম্পদ হিচাপে ৰখাৰ মাজত এক ভাৰসাম্য স্থাপন কৰা আজিৰ দিনত অতি গুৰুত্বপূৰ্ণ। বিশ্বজুৰি চলি থকা Access to Knowledge (A2K) আন্দোলন, Creative Commons লাইচেন্সৰ পৰিসৰ বহল কৰা, আৰু কপিৰাইট আইনৰ সংস্কাৰ এই ক্ষেত্ৰত অতিকৈ গুৰুত্বপূৰ্ণ।
মানৱ-সমাজক আগ বঢ়াই নিয়াত সামূহিক জ্ঞানৰ ভাণ্ডাৰৰ ভূমিকা বুজিয়েই হয়তো ১৬৭৬ চনত ৰবাৰ্ট হুকলৈ লিখা এখন চিঠিত আইজাক নিউটনে কৈছিল, “… If I have seen further, it is by standing on the shoulders of giants” আৰু সেয়ে পণ্ডিতসকলৰ পিঠিত উঠি দূৰৈত চাবলৈ প্ৰচলিত কপিৰাইট আইনক এক সমালোচনাত্মক দৃষ্টিভংগীৰে চোৱা অতিকৈ প্ৰয়োজন।


Susmit sir লেখা মানেই নতুন কিবা
Thanks for ur extraordinary article.