অনুবাদপ্ৰবন্ধ

কৰ’না ভাইৰাছৰ পাছৰ পৃথিৱীখন (মূল :: য়ুভাল নোৱা হাৰাৰি ; অনুবাদ :: ব্ৰজেন ডেকা)

মানৱ জাতি এতিয়া এটা পৃথিৱীজোৰা সংকটৰ সন্মুখীন হৈছে। এইটো হয়তো আমাৰ প্ৰজন্মই সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ সংকট। আহিব ধৰা সপ্তাহকেইটাত চৰকাৰ আৰু জনসাধাৰণে লোৱা সিদ্ধান্তসমূহে আহিব ধৰা বছৰবোৰত পৃথিৱীখন কেনেকুৱা হ’ব, তাক নির্ণয় কৰিব। এই সিদ্ধান্তসমূহে আমাৰ চিকিৎসা সেৱাৰ চৰিত্ৰ বা ধৰণ-কৰণ কেনেকুৱা হ’ব, তাকেই মাত্র নির্ণয় নকৰে, লগতে নির্ণয় কৰিব আহিব ধৰা দিনসমূহত আমাৰ অৰ্থনীতি, ৰাজনীতি আৰু সংস্কৃতিৰে স্বৰূপ। আমি সোনকালে সিদ্ধান্ত লৈ কামত আগুৱাব লাগিব। একে সময়তে আমি আমাৰ সিদ্ধান্ত আৰু কামবোৰৰ দীর্ঘকালীন প্রভাৱ কি হ’ব পাৰে তাৰ ওপৰতো চকু ৰাখিব লাগিব। দুটা বিকল্প ব্যৱস্থাৰ মাজত কোনোবা এটাক বাছনি কৰাৰ সময়ত আমি তৎকালীন সংকটৰপৰা কেনেকৈ সোনকালে হাত সাৰিব পাৰি, তাৰ প্রতি চকু ৰাখিব লাগিব, কিন্তু একে সময়তে আমি নিজকে এই প্রশ্নও সুধিব লাগিব যে এই সংকটৰ ধুমুহা পাৰ হৈ যোৱাৰ পাছত আমি কেনেকুৱা এখন পৃথিৱীত বাস কৰিবলৈ বিচাৰিম। এই সংকটৰ ধুমুহা পাৰ হৈ যাব। মানৱ জাতি বাচি থাকিব। আমাৰ, সৰহখিনিয়েই বাচি থাকিম, কিন্তু পৃথিৱীখন সলনি হৈ যাব।

এই সংকট মোকাবিলা কৰিবলৈ আৰম্ভ কৰা বহু হ্ৰস্বম্যাদী জৰুৰীকালীন ব্যৱস্থা আমাৰ জীৱনৰ এৰাব নোৱৰা অংগ হৈ ৰৈ যাব। এয়া হ’ল জৰুৰীকালীন সময়ৰ এটা প্রধান চৰিত্র। সংকটৰ জৰুৰীকালীন সময়ে ঐতিহাসিক প্রক্রিয়াৰ বেগ দ্রুত কৰি তোলে, ঘটনাবোৰ “ফাষ্ট ফৰ’ৱার্ড” হৈ দ্রুতগতিত ঘটে। যিবোৰ সিদ্ধান্ত ল’বৰ বাবে স্বাভাৱিক সময়ত বহু বছৰজোৰা গুণা-গথা, আলোচনাৰ প্রয়োজন হ’লহেঁতেন, সেইবোৰ এনে সংকটৰ সময়ত কেইঘণ্টামানতে লোৱ হয়। অপইতা আৰু বিপজ্জনক প্রযুক্তিকে কামত খটুওৱা হয়। ইয়াৰ ফলত বিপদ ঘটাৰ আশংকা থাকে, কিন্তু সংকটৰ সময়ত একো নকৰাকৈ থাকি বিপদত পৰাতকৈ কিছু বিপদৰ আশংকা থাকিলেও কিবা এটা কৰা আৱশ্যক হৈ পৰে। এনে জৰুৰীকালীন সময়ত এখন দেশৰ সমূহ জনতা কিছুমান সামাজিক পৰীক্ষা-নিৰীক্ষাৰ বাবে গিনিপিগত পৰিণত হয়। যেতিয়া মানুহে ঘৰৰপৰা কাম কৰিবলৈ আৰু আনৰ স’তে এটা নির্দিষ্ট দূৰত্ব বজাই ৰাখিহে যোগাযোগ কৰিবলৈ বাধ্য হয়, তেতিয়া তাৰ ফলাফল কি হ’ব পাৰে? যেতিয়া সকলো বিদ্যালয়, বিশ্ববিদ্যালয় সম্পূৰ্ণৰূপে ‘অনলাইন’ হৈ পৰে, তেতিয়া কি হ’ব পাৰে? স্বাভাৱিক সময়ত চৰকাৰে, ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰিচালকসকলে বা শিক্ষানুষ্ঠানৰ পৰিচালকসকলে এনেধৰণৰ পৰীক্ষা-নিৰীক্ষা কৰিবলৈ কেতিয়াও সন্মতি নিদিলেহেতেন। কিন্তু এয়া স্বাভাবিক সময় নহয়, সংকটৰ সময়।

এই সংকটৰ সময়ত আমি দুটা বিশেষ পৰিস্থিতিৰ সন্মুখীন হৈছোঁ। এই দুয়োটা পৰিস্থিতিতেই আমাৰ সন্মুখত থকা বাটসমূহ বা উপায়সমূহৰ পৰা আমি নিৰ্দিষ্ট একোটাক বাছি ল’ব লাগিব। প্রথমটো গুৰুত্বপূৰ্ণ বাছনি হ’ল আমি নাগৰিকৰ ব্যক্তিগত জীৱনৰ চৰকাৰৰ দ্বাৰা স্বৈৰতান্ত্ৰিক তদাৰকি (totalitarian surveillance) মানি ল’ম, নে নাগৰিকৰ আবুৰ (privacy), ব্যক্তি স্বাতন্ত্ৰ আৰু অধিকাৰ সুৰক্ষিত হৈ থকাটো বিচাৰিম। দ্বিতীয়টো গুৰুত্বপূর্ণ বাছনিত আমি সিদ্ধান্ত ল’ব লাগিব পৃথিৱীৰ ৰাষ্ট্ৰসমূহ সংযোগহীন, সম্পৰ্কহীন, অকলশৰীয়া, এঘৰীয়া হৈ থাকিব নে আমি ৰাষ্টসহৰ মাজত পৃথিৱীজোৰা একতা আৰু সহযোগিতাৰ পোষকতা কৰিম।

অন্তর্ভেদী তদাৰকী

মহামাৰী ৰাোধ কৰাৰ বাবে সমূহ জনসাধাৰণে কিছুমান নির্দিষ্ট নিয়ম পালন কৰিবলগীয়া হয়। এই নিয়ম বলৱৎ কৰাৰ বাৰে দুটা উপায় আছে। এটা উপায় হ’ল— চৰকাৰে জনসাধাৰণৰ ওপৰত চকু ৰাখিব আৰু নিয়ম নমনাসকলৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব। বর্তমান মানুহৰ হাতত এনে প্রযুক্তি আছে যাৰ সহায়ত সকলো মানুহৰ ওপৰত অনবৰত চকু ৰখা সম্ভৱ। ৫০বছৰ আগতে ছোভিয়েট চোৰাংচোৱা সংস্থা ‘কেজিবি’-ৰ পক্ষে ২৪ কোটি নাগৰিকৰ ওপৰত অনবৰত ৰখাটো সম্ভৱ নাছিল আৰু চোৰাংচোৱাসকলে সংগ্রহ কৰা তথ্য একেলগে একে সময়তে বিশ্লেষণ কৰাটোও সম্ভৱ নাছিল। ‘কেজিবি’-এ মানৱ চোৰাংচোৱাৰ ওপৰত নিৰ্ভৰ কৰিছিল আৰু তথ্যৰ বিশ্লেষণো কৰিছিল মানুহে। ২৪ কোটি নাগৰিকৰ প্রত্যেকৰে পাছত চোৰাংচোৱা নিয়োগ কৰা সম্ভৱ নাছিল। এতিয়া কিন্তু চৰকাৰবোৰে সকলোৰে ওপৰত চকু ৰাখিব পাৰে। সৰ্বব্যাপি ‘চেন্সৰ’ অর্থাৎ সংবেদক যন্ত্ৰ আৰু অপৰিমেয় পৰিমাণৰ তথ্য বিশ্লেষণ কৰিব পৰা এলগৰিডমৰ (তথ্য-প্রযুক্তিৰ আহিলা) সহায়ত মানৱ চোৰাংচোৱা অবিহনে চৰকাৰসমূহে  নাগৰিকৰ ওপৰত চকু ৰাখিব পাৰে।

কৰ’না ভাইৰাছৰ বিৰুদ্ধে হোৱা যুঁজখনত বহু চৰকাৰে জনসাধাৰণৰ ওপৰত চকু ৰাখিবপৰা প্রযুক্তি ব্যৱহাৰ কৰিছে।  চীনৰ নাগৰিকে ব্যৱহাৰ কৰা স্মার্টফোনত থকা চেহেৰা চিনাক্ত কৰিবপৰা কেমেৰাৰ পৰা পোৱা তথ্য ব্যৱহাৰ কৰি আৰু তেওঁলোকক নিজৰ দেহৰ উষ্ণতা আৰু শাৰীৰিক অৱস্থা সন্দৰ্ভত তথ্য জমা দিবলৈ বাধ্য কৰাই চীনৰ চৰকাৰে কৰ’না ভাইৰাছত আক্রান্তজনক চিনাক্ত কৰাৰ লগতে তেওঁলোক ক’লৈ গৈছিল আৰু কাৰ সান্নিধ্যলৈ আহিছিল, তাক ক্ষিপ্রতাৰে নির্ণয় কৰিব পাৰিছিল। এনেকুৱা মোবাইল এপ উদ্ভাৱন হৈছিল যিবোৰে কোনোবা কৰ’না ভাইৰাছত আক্রান্ত লোকৰ ওচৰ চাপিলেই সাৱধান কৰি দিছিল। এনেধৰণৰ প্রযুক্তি কেৱল পূৱ এছিয়াতে ব্যৱহাৰ হোৱা নাই৷ ইজৰাইলৰ প্রধান মন্ত্রী বেঞ্জামিন নেটানিয়াহুৱে সন্ত্রাসবাদীৰ বিৰুদ্ধে ব্যৱহাৰ কৰা তদাৰকী প্রযুক্তি কৰ’না ভাইৰাছত আক্রান্ত লোকক বিচাৰি উলিয়াবলৈ ব্যৱহাৰ কৰিবলৈ নির্দেশ দিছে। সংসদৰ উপ-সমিতিয়ে তেনে কৰিবলৈ অনুমতি নিদিয়াত তেওঁ জৰুৰীকালীন অধিসূচনা জাৰি কৰি তেনে কৰিবলৈ অনুমতি প্রদান কৰিছে।

মানুহ ক’ত আছে জানিবলৈ, মানুহৰ ওপৰত চকু ৰাখিবলৈ আৰু মানুহক নিজে বিচৰা মতে পৰিচালিত কৰিবলৈ চৰকাৰ আৰু বৃহৎ কৰ্প’ৰেটসমূহে অত্যাধুনিক প্রযুক্তি ব্যৱহাৰ কৰি আছে। আমি যদি সাৱধান আৰু সচেতন নহওঁ, তেনেহ’লে কৰ’না মহামাৰী মানুহৰ ওপৰত প্ৰযুক্তিৰ উপকৰণেৰে নজৰ ৰখাৰ ক্ষেত্ৰত এক যুগান্তকাৰী ঘটনাৰূপে পৰিগণিত হ’ব পাৰে। যিবোৰ দেশে জনসাধাৰণৰ ওপৰত অনবৰত নজৰ নাৰাখিছিল বা ৰখাটো আইনসংগত নাছিল, সেইবোৰ দেশতো এতিয়া জনসাধাৰণৰ ওপৰত অনবৰত নজৰ ৰখাটো সাধাৰণ ঘটনা হৈ পৰিব পাৰে। আগতে এজন ব্যক্তিৰ ওপৰত উপৰুৱা নজৰ ৰখাটোহে সম্ভৱ আছিল, এতিয়া প্রযুক্তিয়ে ব্যক্তিৰ অভ্যন্তৰলৈ চকু ৰখাটো সম্ভৱ কৰি তুলিছে। আগতে যেতিয়া এজন লোকে তেওঁৰ স্মার্টফোনটো এটা ‘এপ’ খুলিবলৈ চুইছিল, তেতিয়া চৰকাৰে মানুহজনে কি এপ ব্যৱহাৰ কৰিছে জানিব পাৰিছিল, কিন্তু কৰ’না ভাইৰাছৰ মহামাৰীৰ পাছত এতিয়া চৰকাৰে স্মার্টফোনৰ স্কীনখন চোৱাজনৰ আঙুলিৰ উত্তাপ কিমান আছিল আৰু তেওঁৰ দেহৰ ৰক্তচাপ কিমান আছিল, সেয়া জানিবলৈহে বেছি আগ্রহী হ’ব।

এইদৰে তদাৰক কৰা বা নজৰ ৰখা প্রযুক্তি সন্দৰ্ভত আলোচনা কৰা অত্যন্ত জটিল, কাৰণ আমি নাজানোঁ আমাৰ ওপৰত নজৰ ৰাখিবলৈ কিধৰণৰ প্ৰযুক্তি কেনেকৈ ব্যৱহাৰ কৰা হৈছে আৰু ভৱিষ্যতে তেনে তদাৰকী প্ৰযুক্তি আৰু তাৰ ৰূপ কেনেকুৱা হ’ব। তদাৰক কৰা প্রযুক্তিৰ এনেকুৱা দ্রতগতিত বিকাশ হৈছে যে ১০ বছৰ আগতে যিবোৰ প্ৰযুক্তিৰ কথা সাধুকথা যেন লাগিছিল, সেইবোৰ এতিয়া আওপুৰণি হৈ পৰিছে। এটা কাল্পনিক উদাহৰণ দাঙি ধৰা হওক। ধৰি লোৱা হওক যে এখন চৰকাৰে প্ৰতিজন নাগৰিককে এনেকুৱা এপাত বায়মেট্রিক খাৰু পিন্ধি থকাটো বাধ্যমূলক কৰিলে যিপাতে অনবৰত এজন মানুহৰ দেহৰ উষ্ণতা আৰু হৃদপিণ্ডৰ ধপধপনিৰ হাৰ তদাৰক কৰি থাকে। প্রতিজন মানুহৰপৰা পোৱা তথ্য চৰকাৰৰ তথ্যকোষত জমা হয় আৰু চৰকাৰী এলগৰিডমে তাৰ বিশ্লেষণ কৰে। এজন ব্যক্তিয়ে নিজৰ অসুখৰ কথা গম পোৱাৰ আগতেই সেই এলগৰিডমে গম পাব। সেই ব্যক্তিজন ক’লৈ গৈছিল আৰু কাক লগ পাইছিল সেই সমস্ত তথ্যও এলগৰিডমটোৱে গম পাব। ফলত কৰ’না ভাইৰাছৰ দৰে সংক্ৰমণ কলিতেই নিঃশেষ কৰিব পৰাটো সম্ভৱ হ’ব।

আনহাতে মহামাৰী ৰোধ কৰাৰ ক্ষেত্ৰত পোৱা সাফল্যই এনেধৰণৰ তদাৰকী প্রযুক্তিক ন্যায্যতা প্রদান কৰিব। এজন ব্যক্তিয়ে ইণ্টাৰনেটত ‘ফক্স নিউজ’ৰ লিংকত ক্লিক কৰিলে নে ‘চি.এন.এ’ নিউজৰ লিংকত ক্লিক কৰিলে, সেইটোৰপৰা মানুহজনৰ ৰাজনৈতিক বিচাৰধাৰা বা তেওঁৰ ব্যক্তিত্বৰ সন্দৰ্ভত ধাৰণা কৰা সম্ভৱ হ’ব। কিন্তু এটা ভিডিঅ’ চাই থকাৰ সময়ত এজন ব্যক্তিৰ দেহৰ উত্তাপ, হৃদযন্ত্ৰৰ ক্ৰিয়া আৰু ৰক্তচাপৰ ওপৰত পৰা প্ৰভাৱ যদি তদাৰক কৰি থাকিব পাৰি, তেনেহ’লে সেই ব্যক্তিজনে কি পৰিস্থিতিত হাঁহে, কান্দে বা খং কৰে, তাক জানিবপৰা যাব।

এই কথা মনত ৰখা দৰকাৰ যে জ্বৰ আৰু কাহৰ দৰেই খং, আনন্দ, মৰম, আমনি লগা আদিও জৈৱিক প্রক্রিয়া, দেহৰ জৈৱৰাসায়নিক ক্ৰিয়াৰ ফচল। যদি আমাৰ দেহৰ জৈৱিক তথ্যৰ ভঁৰাল চৰকাৰ আৰু কৰ্প’ৰেটৰ হাতত পৰে, তেনেহ’লে চৰকাৰ আৰু কৰ্প’ৰেটবোৰে আমি নিজকে যিমান জানো তাতকৈ অধিক জানিবলৈ সক্ষম হ’ব। এটা বিশেষ পৰিস্থিতিত এজন ব্যক্তিৰ অনুভৱ কেনেকুৱা হব, তাক চৰকাৰবা কপ’ৰেটবোৰে আগতীয়াকৈ জানিব পাৰিব আৰু আমাৰ অনুভৱসমূহ তেওঁলোকে বিচৰাধৰণে সাঁচত ঢালি গঢ়ি ল’বলৈ সক্ষম হ’ব। প্রযুক্তিয়ে দিয়া এই ক্ষমতাৰ জোৰত কৰ্প’ৰেটবোৰে আমাক তেওঁলোকৰ পণ্য বেচা আৰু ৰাজনৈতিক দলবোৰে  তেওঁলোকৰ নেতাৰ হৈ সমর্থন গোটোৱা সহজ হৈ পৰিব। ২০৩০ চনত একনায়কত্ববাদী উত্তৰ কোৰিয়াত যদি জনসাধাৰণে অনবৰত হাতত এডাল বায়মেট্রিক ব্রেছলেট পিন্ধি থকাটো বাধ্যতামূলক কৰে, তেতিয়া স্বেচ্ছাচাৰী শাসকজনৰ বক্তৃতা শুনি থকা এজন নাগৰিকে যদি নেতাজনৰ প্রতি তীব্র ঘৃণা আৰু খং অনুভৱ কৰে, তেওঁ পিন্ধি থকা বায়মেট্রিক ব্রেছলেটডালৰ বাবে শাসকে নিমিষতে সেই নাগৰিকজনৰ মনত থকা ক্ষোভ আৰু ঘৃণাৰ কথা গম পাব। বিক্ষোভ দমন কৰা স্বেচ্ছাচাৰী শাসকৰ বাবে অতি সহজ হৈ পৰিব।

সংকটৰ সময়ত এনেধৰণৰ বায়মেট্রিক তদাৰকী জৰুৰীকালীন সময়ত লোৱা ব্যৱস্থা বুলি, আৰু সংকটৰ অন্ত পৰাৰ লগে লগে তেনেধৰণৰ তদাৰকীৰ অন্ত পৰিব বুলি যুক্তি দাঙি ধৰিব পাৰি। কিন্তু এনে জৰুৰীকালীন সময়ত লোৱা ব্যৱস্থা জৰুৰীকালীন সময়ৰ অন্ত পৰাৰ পাছতো স্থায়ী হৈ ৰৈ যোৱাৰ অলেখ উদাহৰণ আছে।

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ অন্ত পৰাৰ পাছতো জনসাধাৰণৰ ওপৰত চকু ৰখাত আগ্রহী চৰকাৰে বিভিন্ন অজুহাতত তথ্য সংগ্রহ অব্যাহত ৰাখিব পাৰে। চৰকাৰে যুক্তি দাঙি ধৰিব পাৰে যে কৰ’নাৰ সংক্রমণ পুনৰ উভতি আহিব পাৰে অথবা আফ্রিকাত এটা নতুনধৰণৰ ইবলা ভাইৰাছৰ উৎপত্তি হ’ব পাৰে। যোগাযোগ প্রযুক্তিয়ে মানুহৰ ‘প্রাইভেচী” অর্থাৎ আবুৰৰ ওপৰত আক্ৰমণ আৰু অবাধ বেদখল কৰিছে আৰু মানুহৰ আবুৰ ৰক্ষা কৰিব বিচৰাসকলে ইয়াৰ বিৰুদ্ধে এখন যুদ্ধ চলাই আছে। কৰ’না ভাইৰাছৰ সংক্রমণ এই যুঁজখনৰ বাবে সন্ধিক্ষণৰ সময়। মানুহক যেতিয়া জীৱন ৰক্ষা আৰু ব্যক্তিগত আবুৰ ৰক্ষাৰ মাজত কোনটো অধিক জৰুৰী বুলি প্রশ্ন কৰা যাব, তেতিয়া স্বাভাৱিকতে সকলোৱে জীৱন ৰক্ষা আবুৰ ৰক্ষাতকৈ অধিক জৰুৰী বুলি ৰায় দিব।

চাবোন পুলিচ

ব্যক্তিৰ আবুৰ ৰক্ষা আৰু স্বাস্থ্য বা জীৱন ৰক্ষা— এই দুটাৰ কোনটো অধিক জৰুৰী বুলি এটা বাছি ল’বলৈ দিয়াটোৱেই আচলতে সমস্যাটোৰ মূল কাৰণ। ব্যক্তি এজনে আবুৰৰ অধিকাৰ তাৰ স্বাস্থ্যৰ ‌অধিকাৰ— এই দুয়োটা অধিকাৰেই একেলগে উপভোগ কৰিব পাৰিব লাগে। আমাৰ স্বাস্থ্য ৰক্ষাৰ বাবে আৰু কৰ’না ভাইৰাছৰ সংক্রমণ ৰোধ কৰাৰ বাবে স্বেচ্ছাচাৰী তদাৰকী ব্যৱস্থা বলৱৎ কৰাৰ কোনো প্রয়োজন নাই। নাগৰিকক অধিক সচেতন আৰু সবল কৰি আমি এই সংক্রমণ ৰোধ কৰিব পাৰোঁ। কৰ’না ভাইৰাছৰ সংক্রমণ ৰোধ কৰাৰ ক্ষেত্ৰত টাইৱান, ছিংগাপুৰ আৰু দক্ষিণ কোৰিয়াই বিশেষ সফলতা লাভ কৰিছে। তেওঁলোকে কিছু পৰিমাণে ব্যক্তিৰ অৱস্থান নির্ণয় কৰা প্রযুক্তি ব্যৱহাৰ কৰিছে যদিও তেওঁলোকে প্রধানকৈ নিৰ্ভৰ কৰিছে ব্যাপক হাৰত তেজৰ নমুনা পৰীক্ষা কৰা, ৰোগীয়ে সততাৰে নিজৰ ৰোগৰ বিষয়ে কর্তৃপক্ষক অৱগত কৰোৱা আৰু সচেতন জনসাধাৰণৰ সহযোগিতাৰ ওপৰত।

জনসাধাৰণক প্রয়োজনীয় নীতি-নির্দেশনা মানি চলিবলৈ সৈমান কৰাবৰ বাবে কেন্দ্রীভূত তদাৰকী ব্যৱস্থা আৰু ৰুঢ় শাস্তিমূলক ব্যৱস্থাই একমাত্র উপায় নহয়। জনসাধাৰণৰ যেতিয়া কর্তৃপক্ষ প্রতি বিশ্বাস থাকে, তেতিয়া জনসাধাৰণে কর্তৃপক্ষই দিয়া তথ্যসমূহ বিশ্বাসত লয় আৰু স্বেচ্ছাই যিটো কৰা উচিত সেইটোকে কৰিবলৈ আগবাঢ়ি আহে। অজ্ঞ, কুসংস্কাৰেৰে আচ্ছন্ন আৰু পুলিচৰ দ্বাৰা নিয়ন্ত্রিত জনসাধাৰণতকৈ স্বনিয়ন্ত্রিত কিন্তু প্রকৃত পৰিস্থিতিৰ জ্ঞান থকা মানুহৰ সহযোগেৰে পৰিস্থিতি নিয়ন্ত্রণ কৰা বেছি সহজ।

চাবোনেৰে হাত ধোৱা কামটো স্বচ্ছ, নিৰোগী আৰু বীজাণুমুক্ত হৈ থকাৰ ক্ষেত্ৰত মানৱ সভ্যতাৰ এটা যুগান্তকাৰী খোজ। এই সাধাৰণ কামটোৱে বছৰি বহু কোটি মানুহৰ জীৱন ৰক্ষা কৰে। আমি এতিয়া ইয়াক অতি সাধাৰণ বুলি ভাবোঁ যদিও বিজ্ঞানীসকলে ১৯ শতিকাতহে চাবোনেৰে হাত ধোৱাৰ উপকাৰিতা আৱিষ্কাৰ কৰিছিল। আজি মানুহে পুলিচে ধৰিব বুলি চাবোনেৰে ভয়তে হাত নেধোৱে। মানুহে বীজাণুবোৰ ৰোগৰ কাৰণ বুলি তাৰ চাবোনেৰে হাত ধুলে বীজাণু নাশ হ’ব বুলি জানে। মানুহক মনাবলৈ আৰু সহযোগিতা আদায় কৰিবলৈ মানুহৰ আস্থা অৰ্জন কৰিব লাগিব। মানুহৰ বিজ্ঞানৰ প্রতি, ৰাজহুৱা কর্তৃপক্ষৰ প্রতি আৰু প্ৰচাৰ মাধ্যমৰ প্রতি আস্থা থাকিব লাগিব। যোৱা কেইটামান বছৰত দায়িত্বজ্ঞানহীন ৰাজনীতিক নেতাই ইচ্ছাকৃতভাবে বিজ্ঞান, ৰাজহুৱা কর্তৃপক্ষ আৰু প্ৰচাৰ মাধ্যমৰ প্রতি ৰাইজৰ আস্থা নোহোৱা কৰাৰ ক্ষেত্ৰত প্ৰভুত বৰঙনি যোগাইছে। এতিয়া এনেবোৰ দায়িত্বজ্ঞানহীন নেতাই সংকটৰ সময়ত কি কৰিলে ভাল হ’ব, সেই সিদ্ধান্ত লোৱাৰ সামর্থ্য জনসাধাৰণৰ নাই বুলি কৈ স্বেচ্ছাচাৰী শাসন প্রৱর্তনৰ সপক্ষে যুক্তি দাঙি ধৰিব পাৰে।

হেৰাই পেলোৱা বিশ্বাস আৰু ভাগিপৰা আস্থা ৰাতিটোৰ ভিতৰতে উভতি নাহে। কিন্তু এতিয়া আমি এটা অস্বাভাৱিক সময়ৰ মাজেৰে পাৰ হৈ গৈ আছোঁ। সংকটৰ সময়ত মানসিকতাও দ্রুতগতিত সলনি হ’ব পাৰে। ককাই-ভাইৰ মাজত বছৰজোৰা তিক্ততাপূর্ণ সম্পর্ক থকাৰ পাছতো সংকটৰ সময়ত তেওঁলোকে হঠাৎ আত্মীয়তা আৱিষ্কাৰ কৰে। এটা স্বেচ্ছাচাৰী, প্রতি মুহূর্ততে নাগৰিকৰ ওপৰত নজৰ ৰখা শাসন ব্যৱস্থাৰ সলনি এনে এটা শাসন ব্যৱস্থা গঢ়ি তুলিব পাৰি য’ত নাগৰিকৰ ৰাজহুৱা কর্তৃপক্ষ, প্রচাৰ মাধ্যমৰ আৰু বিজ্ঞানৰ প্রতি আস্থা থাকে। নতুন প্রযুক্তিৰ ব্যৱহাৰ হ’ব লাগে, কিন্তু সেইবোৰে একছত্রী শাসকৰ সলনি ৰাইজকহে শক্তিশালী কৰিব লাগে। মোৰ ৰক্তচাপ আৰু দেহৰ উষ্ণতাৰ ওপৰত নজৰ ৰখা প্রযুক্তিৰ ব্যৱহাৰ মই সমর্থন কৰিম, কিন্তু সেই তথ্য এখন স্বেচ্ছাচাৰী চৰকাৰ গঠনৰ কামত ব্যৱহাৰ হ’ব নালাগিব। সেই তথ্যবোৰে মোক মোৰ ব্যক্তিগত জীৱনৰ বিভিন্ন সিদ্ধান্ত গ্রহণ কৰাত সহায় কৰিব লাগিব আৰু সেই তথ্য ব্যৱহাৰ কৰি চৰকাৰে যিবোৰ সিদ্ধান্ত গ্রহণ কৰে, চৰকাৰ সেইবোৰৰ বাবে জবাবদিহি হ’ব লাগিব।

মই যদি অনবৰত মোৰ দেহৰ ভিতৰত কি ঘটি আছে গম পাই থাকোঁ, তেনেহলে মই আনৰ গালৈ ৰোগ বিয়পাব পাৰোঁ নেকি বা মোৰ কোনবোৰ অভ্যাসে মোৰ স্বাস্থ্য ৰক্ষাত সহায় কৰে, সেইবোৰ অনবৰত গম পাই থাকিম। মই যদি কৰ’না ভাইৰাছৰ সংক্ৰমণ সন্দৰ্ভত প্রকৃত আৰু সত্য আৰু তথ্যবোৰ পাই থাকোঁ, তেতিয়া চৰকাৰে সঁচা কথা কৈ আছেনে, আৰু চৰকাৰে লোৱা নীতি সঠিক হয় নে নহয়, সেয়াও মই গম পাই থাকিম। এই নজৰ ৰখা প্রযুক্তিৰে এফালে যেনেকৈ চৰকাৰে নাগৰিকৰ ওপৰত চকু ৰাখিব পাৰে, ঠিক তেনেদৰে ৰাইজেও চৰকাৰৰ ওপৰত চকু ৰাখিব পাৰে।

 এখন পৃথিৱীজোৰা আঁচনি লাগে

এই সংকটৰ সময়ত পৃথিৱীৰ ৰাষ্ট্রসমূহ অধিক আপোনপেটিয়া আৰু অকলশৰীয়া হৈ পৰিলে ভাল হ’ব নে ওচৰ চাপি আহিলে ভাল হব? কৰ’না মহামাৰী আৰু তাৰ ফলত হোৱা অর্থনৈতিক সংকট কোনো ৰাষ্ট্ৰৰ অকলশৰীয়া সমস্যা নহয়, ই আন্তঃৰাষ্ট্ৰীয় সমস্যা। একমাত্র আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰেহে ইয়াৰপৰা উদ্ধাৰ পোৱাটো সম্ভব হ’ব।

প্ৰথমতে আমি এই ভাইৰাছটোক হৰুৱাব লাগিব আৰু তাৰ বাবে এইটোৰ সন্দৰ্ভত লাভ কৰা সকলো তথ্য আৰু জ্ঞান ভগাই ল’ব লাগিব। আমেৰিকাৰ কৰ’না ভাইৰাছ এটাই চীনৰ ভাইৰাছ এটাৰপৰা মানুহক কেনেকৈ অধিক ফলপ্রসূভাৱে সংক্ৰমণ কৰিব পাৰে, সেই কথা শিকি ল’ব নোৱাৰে। কিন্তু চীনে আমেৰিকাক এই ভাইৰাছটোৰ স’তে কেনেকৈ যুঁজিব লাগে, তাক শিকাব পাৰে। ইটালীৰ মিলানত চিকিৎসক এজনে পুৱা কৰা আৱিষ্কাৰটোৱে আবেলি টেহৰানৰ মানুহৰ জীৱন ৰক্ষা কৰিব পাৰে। ইংলেণ্ডৰ চৰকাৰে যেতিয়া কি ব্যৱস্থা ল’লে ভাল হ’ব, তাকে লৈ দোধোৰ-মোধোৰত পৰি থাকে, তেতিয়া ইতিমধ্যে এমাহ আগতে তেনে পৰিস্থিতি পাৰ হৈ অহা দক্ষিণ কোৰিয়াই ব্রিটিছ চৰকাৰক সঠিক সিদ্ধান্ত লোৱাত সহায় কৰিব পাৰে। ইয়াৰ বাবে আন্তঃৰাষ্ট্রীয় সহযোগিতা আৰু এক আস্থাৰ পৰিৱেশ দৰকাৰ হ’ব।

আহিব ধৰা দিনবোৰত আমি বিভিন্নধৰণৰ ভিত্তিহীন উৰাবাতৰি,  চমৎকাৰ ‘ষড়যন্ত্র তত্ত্ব’ আৰু কেৱল নিজৰ স্বার্থ চিনি পোৱা ৰাজনীতিকৰ নানা মতামত শুনিম। আমি চিকিৎসা বিজ্ঞানীসকলক আৰু বিজ্ঞানসন্মত তথ্য-পাতিহে বিশ্বাস কৰা দৰকাৰ। যুদ্ধৰ সময়ত চৰকাৰে প্রয়োজন হ’লে যিকোনো উদ্যোগ ৰাষ্ট্ৰীয়কৰণ কৰি লয়। এতিয়া সমগ্র পৃথিৱীজুৰি চিকিৎসাৰ বাবে প্রয়োজনীয় আহিলাসমূহৰ উৎপাদনৰ ‘মানৱীকৰণ’ বা আন্তঃৰাষ্ট্ৰীয়কৰণৰ প্রয়োজন হৈছে। একেদৰে চিকিৎসক আৰু চিকিৎসাকর্মীৰ এটা আন্তঃৰাষ্ট্রীয় বাহিনী তৈয়াৰ কৰাৰ কথাও বিবেচনা কৰা দৰকাৰ হৈছে, যিটো বাহিনী সকলো সময়তে পৃথিৱীৰ যিকোনো ঠাইলৈ মহামাৰী ৰোধ কৰাৰ বাবে ঢাপলি মেলিবলৈ সষ্টম হৈ থাকিব।

অর্থনৈতিক ক্ষেত্ৰতো এনে আন্তঃৰাষ্ট্রীয় সহযোগিতা প্রয়োজন। কোনো এখন দেশে অকলে এই মহামাৰীৰ ফলত উদ্ভৱ হোৱা অর্থনৈতিক সংকটৰপৰা উদ্ধাৰ পোৱাৰ আশা কৰিব নোৱাৰে। আন্তঃৰাষ্টীয় ভ্ৰমণৰ ক্ষেত্ৰতো এটা আন্তঃৰাষ্ট্রীয় সহমতত উপনীত হোৱাটো জৰুৰী। মহামাৰী ৰোধৰ বাবে দেশবোৰে নিজৰ মাজত বিজ্ঞানী, চিকিৎসক, সাংবাদিক, ৰাজনৈতিক নেতা আদিৰ অহা-যোৱাৰ অনুমতি দিবই লাগিব। প্ৰতিখন দেশে যদি মাত্র কৰ’না ভাইৰাছৰ সংক্ৰমণমুক্ত বুলি নিশ্চিত হোৱা লোককহে ভ্ৰমণৰ অনুমতি দিয়ে, তেতিয়া আন দেশেও তেনে লোকক তেওঁলোকৰ দেশত সোমাবলৈ অনুমতি দিবলৈ দ্বিধাবোধ নকৰিব।

দুর্ভাগ্যবশতঃ বৰ্তমানৰ পৃথিৱীখনত তেনেধৰণৰ সহযোগিতাৰ অভাৱ ঘটিছে। আন্তঃৰাষ্ট্রীয় সম্প্ৰদায় একেলগ হৈ এখন আঁচনি তৈয়াৰ কৰাত ব্যৰ্থ হৈছে। পৃথিৱীখন প্রাপ্তবয়স্ক অভিভাৱকহীন ঘৰ এখনৰ দৰে হৈছে।

ইয়াৰ আগতে হোৱা আন্তঃৰাষ্ট্রীয় সংকট যেনে ২০০৮ চনৰ অর্থনৈতিক সংকট আৰু ২০১৪ চনৰ ইবোলা মহামাৰীৰ সংকটৰ সময়ত আমেৰিকাই পৃথিৱীৰ নেতৃত্ব দিছিল। কিন্তু বর্তমানৰ আমেৰিকাৰ চৰকাৰখনে তেনে আন্তঃৰাষ্ট্রীয় নেতৃত্ব ল’বলৈ আগবাঢ়ি আহিবলৈ অস্বীকাৰ কৰিছে। এইখন আমেৰিকাৰ চৰকাৰে মানৱ জাতিৰ ভৱিষ্যততকৈ আমেৰিকাৰ মহানতাকলৈহে অধিক আগ্রহী। এইখন আমেৰিকা-চৰকাৰে এটা জার্মান কোম্পানীক কৰ’না ভাইৰাছৰ প্রতিযেধক বেজী তৈয়াৰ কৰাব পাৰিলে তেনে বেজীৰ মালিকানা আমেৰিকাক দিলে কোম্পানীটোক ১ বিলিয়ন ডলাৰ অর্থাৎ প্রায় ৭,৩০০ কোটি টকা দিবলৈ ওলোৱা বুলি বাতৰি প্ৰকাশ হৈছে। আমেৰিকাই নেতৃত্বৰপৰা আঁতৰি যোৱাৰ পাছত আন্তঃৰাষ্ট্রীয় পর্যায়ত যি শূন্যতাৰ সৃষ্টি হৈছে, সেই শূন্যতা যদি আন দেশে পূৰণ নকৰে, তেনেহ’লে কৰ’না মহামাৰী প্ৰতিৰোধ কৰা জটিল হ’ব আৰু কৰ’না মহামাৰীৰপৰা লাভ কৰা তিতা অভিজ্ঞতাবোৰে আন্তঃৰাষ্ট্রীয় সম্পর্ক আৰু অধিক অৱনমিত কৰিব।

পৃথিৱীৰ মানুহে একগোট হৈ সহযোগিতা কৰাৰ সিদ্ধান্ত ল’ব লাগিব। ২১ শতিকাত মানৱ জাতিক সংকটৰ মুখলৈ ঠেলি দিয়া মহামাৰী বা আন সমস্যাসমূহৰ বিৰুদ্ধে পৃথিৱীৰ মানুহে একগোট হৈ মোকাবিলা কৰিব লাগিব।

Leave a Reply

Your email address will not be published. Required fields are marked *