বিবিধ চিন্তা

ক্ৰোৱেছিয়াত এভুমুকি (নয়নিকা শৰ্মা)

জাগ্ৰেব বিশ্ববিদ্যালয়ৰ গৱেষণাগাৰত

১৩ জানুৱাৰী, ২০২২। ভোগালী বিহুৰ উৰুকা।

ৰাতিপুৱা শুই উঠিয়েই আইতাক ওলগ যাচিবলৈ বুলি ফোনটো হাতত তুলি  লৈছিলোঁ। ফোনৰ স্ক্ৰীনৰ ওপৰত জিলিকি থকা নটিফিকেশ্বনটো দেখি জাপ মাৰি উঠিলোঁ উত্তেজনাত। তৎমুহূৰ্ত্ততেই ধৰিব পাৰিছিলোঁ যে প্ৰায় এমাহ আগত দিয়া ইণ্টাৰভিউটোৰ ফলাফলৰ বাৰ্তা আহিছে। লগে লগে ই-মেইলটো খুলি চালোঁ। মেইলটো খুলি পঢ়ি চোৱাৰ লগে লগেই মনটো আনন্দত নাচি উঠিল; বহু দিনৰ আশা-প্ৰত্যাশাবোৰ আকৌ যেন সজীৱ হৈ উঠিল, শিক্ষাগত লক্ষ্যসমূহৰ প্ৰতি থকা মোৰ সংকল্পবোৰ যেন পুনৰুজ্জীৱিত হৈ পৰিল। কাৰণ, অসম কৃষি বিশ্ববিদ্যালয় আৰু এডু-পেকড্‌ নামৰ এন.জি.অ’ এটাই যৌথভাৱে আয়োজন কৰা ইণ্টাৰভিউটোত মোক বাচনি কৰিলে। অৰ্থাৎ, বিদেশত শিক্ষা-ব্যৱস্থাৰ সৈতে জ‌ড়িত হ’বলৈ মই বৃত্তি এটা লাভ কৰিছোঁ। মই যাব লাগিব পূৱ ইউৰোপৰ এখনি ধুনীয়া দেশ ক্ৰোৱেছিয়ালৈ।

বিদেশ ভ্ৰমণ বুলি ক’লে যিধৰণৰ উত্তেজনা সাধাৰণতে মানুহৰ হয়, তাতকৈ হয়তো মোৰ অনুভৱ খুব বেছি বেলেগ নাছিল। কিন্তু সেই অনুভৱৰ সৈতে যে জড়িত হৈ আছিল দুবছৰধৰি মই সকলোৰে অগোচৰে সাঁচি ৰখা অলেখ আশা আৰু সেই আশাবোৰ বাস্তৱায়িত কৰিবলৈ ইমানদিনে কৰি যোৱা ঐকান্তিক শ্ৰম আৰু কষ্টবোৰ! ক্ৰোৱেছিয়াত ৪৫ দিনৰ কাৰণে তাৰ শিক্ষা ব্যৱস্থাৰ লগত জড়িত হ’বলৈ পোৱাৰ এই সোণালী সুযোগটোৱে যেন জীৱনৰ সকলো অৱসাদ-নিৰাশা দূৰ কৰি পেলাইছিল, মনলৈ কঢ়িয়াই আনিছিল নতুন উদ্দীপনা।

ক্ৰোৱেছিয়ালৈ কৰা যাত্ৰাটোত বহুত বস্তুৰ অভিজ্ঞতা জীৱনত প্ৰথমবাৰৰ বাবে লভিবলৈ পাইছিলোঁ বাবেই হয়তো ই মোৰ বাবে একেবাৰেই সুকীয়া আৰু অনন্য। কি কি যে কৰিছিলোঁ প্ৰথমবাৰৰ বাবে! প্ৰথমবাৰ উৰাজাহাজত উঠিছিলোঁ অসমৰ পৰা কলিকতালৈ আহোঁতে, প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত খোজ দিছিলোঁ, তাৰ পিছত কাটাৰ এয়াৰৱেজৰ   আটকধুনীয়া বিমানত উঠি যাত্ৰ আৰম্ভ কৰিছিলোঁ এখন অচিনাকী অথচ সপোনৰ দেশলৈ। তাতে মই ছিট পাইছিলোঁ বিমানৰ খিৰিকিৰ কাষত! এক বুজাব নোৱাৰা অনিৰ্বচনীয় অনুভূতিৰে, উদ্বেলিত-উচ্ছসিত মনেৰে মই বাহিৰৰ প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰি গৈছিলোঁ, মাজে মাজে সন্মুখত থকা টেলিভিচনটোতো এপাক ভূমুকি মাৰিছিলোঁ। সঁচাই খিৰিকিৰে বাহিৰৰ দৃশ্যবোৰ চাই চাই হেঁপাহ পলোৱা নাছিল, সেইবোৰে মোৰ মন-প্ৰাণ ভৰাই তুলিছিল। ইমান দিনে মানচিত্ৰতহে দেখিবলৈ পাইছিলোঁ ব্লেক ছি বা কৃষ্ণ সাগৰখনক। এতিয়া সৌৱা, তলতেই দেখোন সেই বিখ্যাত ব্লেক ছি! প্ৰথমবাৰৰ বাবে মা-দেউতাক এৰি ইমান দূৰলৈ অহা ভয়বোৰো যেন নিমিষতে নোহোৱা কৰি পেলাইছিল কৃষ্ণ সাগৰৰ গভীৰতাই।

ক্ৰোৱেছিয়াৰ ৰাজধানী জাগ্ৰেব। আমি যেতিয়া জাগ্ৰেবৰ মাটিত যেতিয়া প্ৰথম ভৰি থৈছিলোঁ তেতিয়া তাত সময় হৈছিল দিনৰ ১ বাজি ৩০ মিনিট।  বিমানৰ পৰা নমাৰ লগে লগে হিমচেঁচা শুকান বতাহ এজাকে গালে-মুখে আহি খুন্দা মাৰিছিলহি। পিছত গম পাইছিলোঁ, এড্ৰিয়াটিক সাগৰৰ উত্তৰ-পূৱ দিশৰ পৰা প্ৰৱাহিত হোৱা এইজাক বতাহক ক্ৰোৱেছিয়াৰ থলুৱা মানুহে ‘বুৰা’ বুলি কয়। তেওঁলোকে কয় যে “If the sun is out and you are freezing to death, that’s bura”।

ডোহাৰ হামাদ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰ

সেই সময়ত কিনকিনিয়া বৰষুণৰ টোপালবোৰেও যেন আমাক আদৰিবলৈ মেঘৰ বুকুৰ পৰা নামি আহিছিল। তেতিয়া তাপমান আছিল ২ ডিগ্ৰী চেলচিয়াচ। ততাতৈয়াকৈ কোট এটা উলিয়াই লৈ পিন্ধি ললোঁ। বিমান বন্দৰত কৰিব লগা যাৱতীয় কামখিনি শেষ কৰি আমি বুক্‌ কৰিলোঁ এখন ব’ল্ট (Bolt ; মোবাইল এপ্লিকেছন যোগে বুক কৰিব পৰা স্থানীয় ভাড়াগাড়ী)। তাৰ পাছত যাত্ৰা আৰম্ভ কৰিলোঁ আমাৰ বাবে আগতীয়াকৈ ঠিক কৰি থোৱা এপাৰ্টমেণ্ট অভিমুখে। ১৫ জনীয়া দলটোৰ ভিতৰৰ আমি ৪জনী থাকিম জাগ্ৰেবৰ মাকচিমিৰ্স্কো নাচেলজীৰ (Maksimirsko Naselji iv 28) লিমা নামৰ এপাৰ্টমেণ্টটোত।

ভা‌ড়াগা‌ড়ীখনত বহিয়েই আমি আটায়ে ভাবি আছিলোঁ, এপাৰ্টমেণ্টত সোমায়েই আমি কিবা খাবই লাগিব, কাৰণ ইতিমধ্যে সকলোৰে ভোক তুংগত উঠিছিলগৈ। ড্ৰাইভাৰজনক সুধিলোঁ, “From where can we buy Potato?” তেওঁ একো নুবুজিলে। অংগী-ভংগী কৰি বহুত বুজায়ো একো লাভ নহ’ল। আলুক ক্ৰোৱেছিয়াত কি বুলি কয়, ইণ্টাৰনেটত চালোঁ, অন-লাইন ট্ৰেন্সলেটৰৰ সহায় ললোঁ। নাই, বৃথা! ড্ৰাইভাৰজনে একো নুবুজে, আমাৰ যে উচ্চাৰণ তেনেই বেলেগ। অৱশেষত কিন্তু আমাক ৰক্ষা কৰিলে ইণ্টাৰনেটেই, google বাবাই! ধুনীয়া আলুকেইটামানৰ ফটো এখন তেওঁক দেখুৱালোঁ। ইমান সময় আমাৰ অবিৰত প্ৰশ্নই তেওঁৰ কাণ ঘোলা কৰি দিছিল, বোধহয় সেইবোৰ শুনিও একো বুজি নাপাই বিৰক্ত হৈ পৰিছিল তেওঁ। কিন্তু আলুৰ ফটোখন দেখিয়েই মানুহজনে শিশুসুলভ উত্তেজনাৰে কৈ উঠিল, “য়েছ, য়েছ!! ক্ৰুমপীৰ! ক্ৰুমপীৰ”!! তাৰ পাছত আমাক তেওঁ নিজেই লৈ গ’ল লিডিল (Lidl) নামৰ ডাঙৰ দোকান এখনলৈ। দুদিনৰ বাবে ভালকৈ খাব পৰাকৈ কুনা (ক্ৰোয়েছিয়াৰ মুদ্ৰা) অলপ খৰচ কৰি বজাৰ কৰি আনিলোঁ।

ক্ৰোৱেছিয়াৰ পাচলিৰ সৈতে চলম’ন মাছ
ক্ৰোৱেচিয়াৰ পাচলিৰ সৈতে কুকুৰাৰ মাংস

প্ৰথম দিনাই অচিনাকী দেশ ক্ৰোয়েছিয়াৰ এগৰাকী অচিনাকি ব্যক্তিৰ ইমানখিনি সহানুভূতি আৰু সহায় দেখি আমাৰ মনটো আনন্দ আৰু কৃতজ্ঞতাৰে ভৰি পৰিল। দেশখনৰ প্ৰতি আমাৰ প্ৰথম ধাৰণাটোৱেই হৈ পৰিল বৰ সুখকৰ আৰু ইতিবাচক। আমি ধাৰণা কৰিলোঁ যে ক্ৰোয়েছিয়াৰ মানুহৰ মনোবৃত্তি বৰ অতিথিপৰায়ণ।

প্ৰথম দুদিনমান নতুন নতুন মানুহ, চৌপাশৰ নতুন ঠাই আদিৰ লগত লাহে লাহে আমি পৰিচিত হৈ পৰিলোঁ। ঠাইখনৰ বতৰ আছিল আমাৰ বাবে তেনেই আচহুৱা, অসমৰ আবহাৱাৰ সৈতে তাৰ অকণো মিল নাই। চৌপাশৰ বতৰৰ লগত অভ্যস্ত নহ’লে ভালদৰে কামকাজ কৰাটো সম্ভৱ নহয়। ক্ৰোৱেছিয়াৰ অপৰিচিত বতৰৰ লগতো আমি চিনাকী হৈ পৰিলোঁ, তেনে আবহাৱাৰ সৈতে আমি নিজকে সুন্দৰভাৱে খাপ খুৱাই ল’বলৈ সমৰ্থ হ’লোঁ অতি সোনকালে।

ইফালে ক্ৰোৱেছিয়াত ভৰি দিয়াৰ পাছতেই আমি জাগ্ৰেব বিশ্ববিদ্যালয়ৰ (University of Zagreb) কৃষি বিভাগত (Agronomski Fakultet)  আমাৰ ছাত্ৰবৃত্তিৰ মূল কামকাজবোৰ আৰম্ভ কৰিলোঁ। সেইদিনা আছিল বিভাগটোত আমাৰ দ্বিতীয় দিন। সেইদিনা বিশ্ববিদ্যালয়ৰ কৃষি অনুষদে আমন্ত্ৰণ জনাইছিল ক্ৰোৱেছিয়া গণৰাজ্যৰ ভাৰতীয় দূতাবাসৰ ৰাষ্ট্ৰদূত ৰাজকুমাৰ শ্ৰীবাস্তৱ ডাঙৰীয়াক। তেখেতৰ সৈতে আমি পাৰ কৰা মুহূৰ্ত্তকেইটি আমাৰ বাবে আছিল অতিশয় মূল্যবান। মানুহজনৰ কথা-বতৰাত প্ৰতিফলিত হৈছিল তেখেতৰ সুগভীৰ জ্ঞান, অভিজ্ঞতালব্ধ প্ৰজ্ঞা আৰু প্ৰখৰ বুদ্ধিমত্তা। কিমান যে বিষয় সামৰি লৈছিল তেখেতে! ক্ৰোৱেছিয়ান ভাষাৰ ওপৰত সংস্কৃত ভাষাৰ প্ৰভাৱৰ পৰা আৰম্ভ কৰি, অসম কৃষি বিশ্ববিদ্যালয় আৰু জাগ্ৰেব বিশ্ববিদ্যলয়ৰ মাজৰ শৈক্ষিক সম্পৰ্ক, তেনে সম্পৰ্কৰ ফলত ভবিষ্যতৰ ভাৰত-ক্ৰোৱেছিয়াৰ সুসম্পৰ্কৰ সম্ভাৱনীয়তা—এনে বহুতো বিষয় খুব কম সময়ৰ ভিতৰতে তেখেতে আমাৰ আগত ব্যাখ্যা কৰিছিল বৰ আকৰ্ষণীয়ভাৱে, অতি মনোগ্ৰাহী আৰু প্ৰাঞ্জল ভাষাত। আমাৰ দলটোৰ প্ৰত্যেকগৰাকী শিক্ষাৰ্থীক তেখেতৰ কথাই দি থৈ গ’ল এমুঠি সতেজ উদ্দীপনা, লগতে দিলে আগন্তুক সময়ৰ বাবে প্ৰস্তুত হোৱাৰ অফুৰন্ত সাহস।

ভাৰতীয় ৰাষ্ট্ৰদূতৰ লগত

বিশ্ববিদ্যালয়খনত আছিল সুসজ্জিত আটকধুনীয়া গৱেষণাগাৰ। বৰ মৰমীয়াল তত্ত্বাৱধায়ক আৰু পৰামৰ্শদাতাসকলৰ অন্তৰংগ নিৰীক্ষণৰ মাজেদি আমাৰ কামকাজ আৰম্ভ হ’ল। গৱেষণাগাৰৰ অত্যাধুনিক বৈজ্ঞানিক সা-সঁজুলিৰ লগত আমি পৰিচিত হৈ পৰিলোঁ। পৰামৰ্শদাতাসকলৰ সতৰ্ক নিৰীক্ষণত মোৰ Plant Breeding, Genetics and Biometrics আৰু Organic agriculture বিভাগত কৰা কামবোৰ কোনো বাধা নোহোৱাকৈয়ে অতি দ্ৰুত গতিত সুচাৰুৰূপে সম্পন্ন হৈ গৈছিল।

গৱেষণাগাৰৰ বৈদ্যায়তনিক কামকাজৰ মাজে মাজে বিশ্ৱবিদ্যালয়ৰ ফালৰ পৰা আয়োজন কৰা হৈছিল বহুতো ফিল্ড-ট্ৰিপ। এইটো আয়োজন কৰা হৈছিল অতি সুপৰিকল্পিতভাৱে। ফিল্ড-ট্ৰিপবোৰে আমালৈ আনি দিছিল ক্ৰোৱেছিয়া দেশখনক আৰু অলপ বেছি ভালকৈ চোৱাৰ আৰু জনাৰ বিৰল সুযোগ। সেই অভিজ্ঞতা কিমান যে অভিনৱ আছিল আমাৰ বাবে! পুলা, যাডৰ, ৰ’ভিঞ্জ অভিমুখে কৰা যাত্ৰাবোৰত প্ৰায়ভাগেই আমি ডিঙি ঘূৰাই ঘূৰাই ইফালে সিফালে চাই থাকিছিলোঁ। দেশখনৰ পৰিবহন আৰু যাতায়ত ব্যৱস্থা, ৰাস্তা-ঘাট, ঘৰ-দুৱাৰ, গছ-বন, যেন সকলো সু-পৰিকল্পিত।

ক্ৰোৱেছিয়াৰ টকা : কুনা আৰু লিপা

আমি ক্ৰোৱেছিয়াৰ লোক-পৰম্পৰা আৰু সংস্কৃতিৰ—অলপ হ’লেও—পৰিচয় পাবলৈ সুযোগ পাইছিলোঁ। আমি জানিবলৈ পাই আচৰিত হৈছিলোঁ যে দেশখনত পানী আৰু মদ, দুয়োটাৰে দাম প্ৰায় একেই। আমি দেখিছিলোঁ, তাত ১৮ বছৰৰ উৰ্ধৰ ডেকাৰ পৰা বুঢ়ালৈকে সকলোৱে মুক্তভাৱে ওয়াইন, বীয়েৰ আদি পান কৰে। কিন্তু উল্লেখনীয় যে আমি ইয়াত থকা দিনকেইটাত এজনো মাতাল মানুহ দেখা নাপালোঁ। তেতিয়া মনলৈ আহিছিল, অসমত ৰাস্তাই-ঘাটে মাতালবিলাকে সৃষ্টি কৰা অবাঞ্ছনীয় ঘটনাবোৰৰ কথা। ক্ৰোৱেছিয়াত আমি এক মুহূৰ্ত্তৰ বাবেও নিৰাপত্তাহীনতাত ভুগিব লগা হোৱা নাছিল।

ক্ৰোৱেছিয়াত মই লাভ কৰা অভিজ্ঞতাৰ বিষয়ে এইটো এটা চমু টোকাহে। পাছলৈ তাত আমি লাভ কৰা বিবিধ আৰু বৈচিত্ৰ্যপূৰ্ণ অভিজ্ঞতাৰ কথা বহলাই লেখিম বুলি ভাবি থৈছোঁ। মাজতে মনলৈ প্ৰশ্ন আহে, ক্ৰোৱেছিয়াৰ সেই চমু ভ্ৰমণটোৰ পৰা মইনো কি কঢ়িয়াই আনিলোঁ? বৈদ্যায়তনিক কিম্বা শিক্ষাগত দিশটোৰ কথা নিশ্চয় এই প্ৰসংগত আহিবই। কিন্তু মই অনুভৱ কৰিছোঁ, সেই নাতিদীৰ্ঘ বিদেশ-ভ্ৰমণে মোৰ মনলৈ এনেকুৱা এটা ভাব অহৰহ আনি আছে যেন সেই সুখকৰ অনুভূতিৰ হাত ধৰি মই যাতে সমাজৰ হকে চিন্তা কৰিবলৈ সাজু হ’ব পাৰোঁ। তাৰ বাবে মই বুকুত বান্ধি লগতে লৈ অনা ক্ৰোৱেছিয়াৰ সাংস্কৃতিক উপাদান, তাৰ মানুহৰ অমল বিশ্বাস আৰু সহায়-সহানুভূতি, তেওঁলোকৰ মৰম-চেনেহবোৰ আৰু লগতে বিভিন্ন ঠাইৰ নানান স্মৃতি মোৰ বাবে সদায় অমূল্য পাথেয় হৈ ৰ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *