দিল্লী বিশ্ববিদ্যালয়ত কি ঘটিছিল? – (আশ্ৰাফুল হুছেইন)
দুটামান বাক্যত আমাৰ মনৰ শংকা ব্যক্ত কৰি মূল বিষয়ৰ ধাৰাভাষ্যলৈ যাম। চাওক, কেন্দ্ৰত বিজেপি চৰকাৰ ক্ষমতাত অহাৰেপৰা পূৰ্বতে নঘটা অনেক কাণ্ডই ঘটিবলৈ লৈছে। বিজেপি আৰু ইয়াৰ অধীনস্থ সংগঠনসমূহৰদ্বাৰা বিশেষকৈ শিক্ষানুষ্ঠানত যি কাণ্ড ঘটিবলৈ লৈছে এয়া খুবেই চিন্তনীয়। বিশ্ববিদ্যালয় মুক্ত চিন্তা-চেতনাৰ এখন উৎকৃষ্ট মঞ্চ, ইয়াত গৱেষণা হয়, ইয়াত সমাজ পৰিৱৰ্তনৰ আলোচনা হয়, মুঠতে বিশ্ববিদ্যালয়সমূহক এখন দেশ নতুবা সমাজৰ বিবেক বুলি ক’লেও ভুল নহয়। হায়দৰাবাদ বিশ্ববিদ্যালয়, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত যি কাণ্ড বিগত দিনত ঘটি গ’ল, এইবোৰে আমাৰ দৰে গণতন্ত্ৰপ্ৰেমী আৰু মুক্তমনাক খুবেই চিন্তিত আৰু ব্যথিত কৰিছে। দিল্লী বিশ্ববিদ্যালয়ৰ ঘটনাত উপস্থিত থকা একাধিক ছাত্ৰ, গৱেষক, অধ্যাপকৰে সৈতে হোৱা আমাৰ বাৰ্তালাপ আৰু সংবাদ মাধ্যমৰ তথ্যৰ ওপৰত ভিত্তি কৰি আমাৰ ধাৰাভাষ্য আগ বঢ়ালো।
২১ ফেব্ৰুৱাৰি, ২০১৭ তাৰিখে দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আৰু উত্তৰ কেম্পাছত অৱস্থিত ৰামযশ কলেজৰ ইংৰাজী বিভাগত মহাবিদ্যালয়খনৰ লিটাৰেৰি ছ’চাইটিৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে বছৰেকীয়া অধিৱেশন পতা হৈছিল, এয়া পূৰ্ণ পৰ্যায়ৰ একাডেমিক কাৰ্যসূচী। ইয়াত এটা পৰ্ব আছিল “Culture of Protests” শীৰ্ষক আলোচনাচক্ৰ। বিষয়টোৰ ওপৰত বক্তৃতা দিবলৈ কেইবাজনো বক্তাক আমন্ত্ৰণ জনোৱা হৈছিল, ইয়াৰে এজন আছিল মণিপুৰৰ বিষে যথেষ্ট অধ্যয়ন আৰু গৱেষণাকৰ্ম থকা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক বিমল আকৈজাম, এখেতে মণিপুৰৰ বিষয়ত বক্তৃতা দিব। কাশ্মীৰৰ বিষয় লৈ তথ্যচিত্ৰ নিৰ্মাণ কৰা চৰ্চিত ছবি নিৰ্মাতা সঞ্জয় কাক, এখেতে কাশ্মীৰৰ বিষয়ে বক্তৃতা দিব। আনজন বক্তা আছিল উমৰ খালিদ, উমৰ খালিদক ঝাৰখণ্ডৰ ওপৰত বক্তৃতা দিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল, যিজনে ঝাৰখণ্ডৰ জনজাতিসকলক ভূমিৰপৰা বিছিন্ন কৰাৰ বিষয়ত গৱেষণা কৰি আছে।
কাৰ্যসূচী অনুষ্ঠিত হ’বলগীয়া দিনটোত ৰাতিপুৱা ১১মান বজাত কলেজত মাওৰিছ নগৰ থানাৰ পুলিচ উপস্থিত হৈ অধ্যক্ষ ড° ৰাজেন্দ্ৰ প্ৰসাদক ক’লে যে অনুষ্ঠানটো বাতিল কৰিব লাগে। অধ্যক্ষই ক’লে, আমাৰ কলেজৰ বছৰেকীয়া অনুষ্ঠান আমি কিয় বাতিল কৰিম? অধ্যক্ষজনে অনুষ্ঠান বাতিল কৰিবলৈ অস্বীকাৰ কৰাত পুলিচে কৈ গ’ল যে তেন্তে আমি কোনো নিৰাপত্তা দিব নোৱাৰিম, যি হয় আপোনালোকৰ দ্বায়িত্ব। ইপিনে অধ্যক্ষজনলৈ গেৰুৱা বাহিনীৰ তৰফৰপৰা অনুষ্ঠান বাতিল কৰিবলৈ হেঁচা আহি থাকিল।
মন কৰিবলগীয়া যে এবিভিপি বা অন্যান্য গেৰুৱা সংগঠনসমূহে এই অনুষ্ঠানৰ বিৰোধিতা কৰাৰ একমাত্ৰ কাৰণটো উমৰ খালিদ। যেতিয়া অধ্যক্ষই পৰিস্থিতি ভয়াৱহ দেখিলে তেতিয়া উমৰক ফোনযোগে আহিবলৈ মানা কৰিলে। উমৰ ৰাস্তাত আছিল, নিৰাপত্তাৰ খাতিৰত ফিৰি গ’ল।
বাকীকেইজন বক্তা লৈ পূৰ্বে নিৰ্ধাৰিত অনুষ্ঠানটো আৰম্ভ কৰিলে। প্ৰেক্ষাগৃহত অনুষ্ঠানটি চলি থাকোতে বাহিৰত এবিভিপিৰ প্ৰায় এক-ডেৰশ সদস্য-সমৰ্থকে সুসজ্জিতভাৱে বাহৰ পাতি থাকে। এনেতে ১২.৪৫-১.০০মান বজাত খাদ্য গ্ৰহণৰ সময়ত সকলো লোক যেতিয়া বাহিৰত ওলাই আহিছিল তেতিয়া পূৰ্ব পৰিকল্পিতভাৱে গেৰুৱা বাহিনীৰ লোকসকলে মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত আক্ৰমণ চলায়। এই আক্ৰমণ খুবেই বীভৎস আছিল, কেইবাজনো ছাত্ৰ-ছাত্ৰী আঘাতপ্ৰাপ্ত হয়। পুলিচৰ ভূমিকা আছিল ৰহস্যজনক।
আক্ৰমণৰ প্ৰতিবাদস্বৰূপে তৎক্ষণাৎ কলেজ কেম্পাছতে এখন শান্তিপূৰ্ণ প্ৰতিবাদী মিছিল উলিওৱা হয়, মিছিলত ছাত্ৰ-ছাত্ৰীৰ ওপৰিও একাংশ অধ্যাপকে ভাগ লয়। ইতিহাস বিভাগৰ অধ্যাপক মুকুল মাংলিকে তাত শ্লোগান দিছিল। তাৰে উল্লেখযোগ্য শ্লোগান আছিল যে- गुंडागर्दी (Hooliganism/ গুণ্ডামি) से आजादी, दहशतंगेज़ी (Terrorism/ভীতিপ্ৰদৰ্শন) से आजादी ইত্যাদি।
অনুষ্ঠানটোত অংশ লোৱাসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰেক্ষাগৃহত সোমাই যায় আৰু অনুষ্ঠানটো চলাই নিবলৈ সিদ্ধান্ত লয়। সকলোৱে সোমাই যোৱাৰ পাছত পুলিচে প্ৰেক্ষাগৃহটোৰ দৰ্জা বন্ধ কৰি দিয়ে। এনেতে এবিভিপিৰ সদস্য আৰু সমৰ্থকসকলে প্ৰেক্ষাগৃহৰ বিদ্যুৎ সংযোগ কৰ্তন কৰি দিয়ে আৰু প্ৰথম মহলাত গ্লাছেৰে আৱৰা প্ৰেক্ষাগৃহটোত ইটা-শিল দলিয়াই আক্ৰমণ কৰিবলৈ লয়। এই আক্ৰমণে ভিতৰত থকাসকলৰ অনেককে অঘাতপ্ৰাপ্ত কৰে। অন্ধকাৰত লোকসকলে বাহিৰৰপৰা কৰা আক্ৰমণৰ সন্মূখীন হৈ আছে অথচ পুলিচে বাহিৰত টহলৰত, এনেতে বাহিৰত ওলাই আহিলেও আৰু অধিক আক্ৰমণৰ সন্মূখীন হ’বলগীয়া হ’ব। এনেদৰেই তিনি ঘণ্টামান তাতে থকাৰ পাছত পুলিচে লোকসকলক পাছফালৰ দৰ্জাৰে বাহিৰলৈ উলিয়াই আনে, অথচ একেটা সময়তে এবিভিপিৰ সদস্যই কলেজ কেম্পাছতে সগৌৰৱে থিয় হৈ আছিল। এনে অনাকাংক্ষিত পৰিস্থিতিৰ বাবে অনুষ্ঠানটো পূৰ্ণ পৰ্যায়ে বাতিল কৰা হ’ল।
২২ ফেব্ৰুৱাৰিত এই ঘটনাৰ বিৰোধিতা কৰি গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে আগদিনা আক্ৰমণৰ বলি হোৱাসকলৰ ওপৰিও একাংশ বাঁও-গণতান্ত্ৰিক সংগঠনে। প্ৰতিবাদী কাৰ্যসূচীটো হ’ল শান্তিপূৰ্ণ মিছিল কৰি থানা ঘেৰাও। ১ বজাত আন্দোলনৰ কাৰ্যসূচী, অধিক লোক সেই সময়ৰ আশে-পাশেই আহিব যদিও তাৰ আগতেই পুলিচে গেটখন বন্ধ কৰি দিয়ে। ইপিনে আন্দোলনৰ কাৰ্যসূচীৰ বিৰোধিতা কৰিবলৈ এবিভিপিৰ সদস্য-সমৰ্থক আদিও কেম্পাছত সোমাই থাকি ছাত্ৰ-ছাত্ৰীৰ ওপৰত আক্ৰমণ আৰম্ভ কৰি দিছিল দিনৰ ১১মান বজাৰপৰা। এবিভিপিৰ গুণ্ডাবাহিনীয়ে অধ্যাপক মুকুল মাংলিক বিচাৰি আছিল আক্ৰমণ কৰিবলৈ, কিন্তু তেওঁক বিচাৰি নাপালে, অৱশ্যে তেওঁ বিশ্ববিদ্যালয় কেম্পাছতে আছিল। মুকুল মাংলিক এনেদৰে বিচাৰি থকাৰ খবৰ এজন অসমীয়া এক্টিভিষ্ট তথা অধ্যাপকে পালে, তেখেত আকৌ মুকুল মাংলিকৰ ছাত্ৰ। মুকুল মাংলিক তেখেতে নিজৰ ঘৰলৈ লৈ আহিল আৰু ঘৰতে ৰাখিলে।
ডেৰমান বজাত এবিভিপিৰ সুসজ্জিত সদস্য-সমৰ্থকৰ দলে লাঠি, হকি ষ্টিক, ৰেঞ্চ আদিৰে প্ৰতিবাদ কৰিবলৈ ওলোৱা ছাত্ৰ-ছাত্ৰীক এমূৰৰপৰা মাৰিবলৈ লয়, পুলিচৰ ভূমিকা অত্যন্ত ৰহস্যজনক আছিল। এনে আক্ৰমণৰ পাছতো প্ৰতিবাদী মিছিলটো ডেৰ কিলোমিটাৰ দূৰত্বত অৱস্থিত পুলিচ থানালৈ আগ বাঢ়িল, গৈ থাকোঁতেও আক্ৰমণ চলিয়েই থাকিল। পুলিচ আছে যদিও এবিভিপিৰ গুণ্ডাসকলৰ বিৰুদ্ধে একো ব্যৱস্থা হাতত লৈ থকা নাই। এনেকৈ থানাৰ সন্মুখলৈ গৈ প্ৰতিবাদ সাব্যস্ত কৰিলে প্ৰতিবাদকাৰীসকলে।
গেৰুৱা বাহিনীয়ে এইবাৰো, জেএনইউৰ কাণ্ডৰ দৰে দেশদ্ৰোহী (?) শ্লোগান দিয়া ভিডিঅ’ এটা আৱিষ্কাৰ কৰিলে, যাক কাৰিকৰীভাৱে দেশদ্রোহী শ্লোগান দিয়া বুলি দেশব্যাপী বিয়পাবলৈ প্ৰচেষ্টা কৰি আছে। বিভিন্ন ৱেবছাইট, ছ’চিয়েল মিডিয়া আদিত তুমুল প্ৰচাৰ চলাই এই ঘটনাটোকো দেশদ্ৰোহীৰ বিৰুদ্ধে সঠিক পদক্ষেপ বুলি পতিয়ন নিবলৈ ভয়ঙ্কৰ প্ৰচেষ্টা চলাই আছে হিন্দুত্ববাদী শক্তিসমূহে। অন্যহাতে, শ্লোগান দিয়া অধ্যাপকজনক নিলম্বন আৰু শাস্তিৰ দাবীও তুলি আছে। ইপিনে যেতিয়ালৈকে অধ্যাপকজনক নিলম্বন কৰা নহ’ব তেতিয়ালৈকে হেনো এবিভিপিয়ে শান্ত নহয় বুলি ভাবুকিও দিছে।
এই দুদিনত আক্ৰমণৰ সন্মূখীন হোৱা ছাত্ৰ-ছাত্ৰী, অধ্যাপকসকলে এতিয়া যথেষ্ট শংকাত দিন কটাইছে, আনকি বাহিৰলৈ ওলাই আহোঁতেও নিৰাপত্তাহীনতাত ভুগিছে, মনত ৰখা প্ৰয়োজন – এই নিৰাপত্তা তেওঁলোকৰ ব্যক্তিগত নহয়, এই নিৰাপত্তা গণতন্ত্ৰৰ।
২৩ ফেব্ৰুৱাৰি তাৰিখে শৃংখলাজনিত কাৰণত বিশ্ববিদ্যালয় বন্ধ ঘোষণা কৰিবলৈ বাধ্য হ’ল, দিনটোৰ সমগ্ৰ কাৰ্যসূচী বাতিল কৰিলে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। বিশ্ববিদ্যালয় কেম্পাছ হৈ পৰিল কাশ্মীৰ সীমান্ত! পাঁচ শতাধিক আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ জোৱানে গিজগিজাই থাকিল বিশ্ববিদ্যালয় কেম্পাছ।
অন্যহাতে, দেশব্যাপী বাঁও-গণতান্ত্ৰিক সংগঠনসমূহেও এবিভিপিৰ গুণ্ডাগিৰিৰ বিৰোধিতা কৰি আন্দোলনৰ কাৰ্যসূচী লোৱা দেখা গৈছে। গণতন্ত্ৰৰ প্ৰতি চৰম ভাবুকিস্বৰূপ এনে কাণ্ডৰ বিৰোধিতা কৰি সত্যৰ পক্ষে জনমত গঠন কৰাও খুবেই জৰুৰী।
এতিয়া প্ৰশ্ন হ’ল – পূৰ্বনিৰ্ধাৰিত কাৰ্যসূচী এটা অনুষ্ঠিত হ’বলগীয়া দিনটোত বাতিল কৰিবলৈ পুলিচ আৰু গেৰুৱা বাহিনী উদ্যত হোৱাৰ কাৰণ কি? নিশ্চয় এটি সংঘাত সৃষ্টিয়েই আছিল। আক্ৰমণ চলি থাকোঁতেও আক্ৰমণকাৰীসকলৰ বিৰুদ্ধে পুলিচে কোনো কাৰ্যব্যৱস্থা হাতত নোলোৱাৰ কাৰণ কি? দিল্লী পুলিচ কেন্দ্ৰীয় চৰকাৰৰ অধীনত বাবেই নহয়নে?
এই কথাবোৰ লক্ষ্য কৰাৰ উপৰিও বিগত দিনৰ ঘটনাবোৰ মন কৰিলে স্পষ্ট যে সঁচাকৈ আমাক আজাদীৰ প্ৰয়োজন হৈছে। ৰাষ্ট্ৰীয়তাবাদ যেন এক গুণ্ডাবাদ তাকেই বাৰম্বাৰ প্ৰতিপন্ন কৰিছে গেৰুৱা শিবিৰৰ ছাত্ৰ, যুৱ আৰু ৰাজনৈতিক সংগঠনসমূহে। তেওঁলোকৰ আদৰ্শৰ পৰিপন্থী হ’লেই তাতে আক্ৰমণাত্মক হৈ জঁপিয়াই পৰাটো গণতন্ত্ৰৰ প্ৰতি চৰম ভাবুকি। আমি গণতন্ত্ৰৰ প্রহৰী হৈ থিয় নিদিলে ভাৰতীয় ধৰ্মনিৰপেক্ষ গণতন্ত্ৰৰ যি কাঠামো আছে সেয়া ধ্বংস কৰি দিব চৰকাৰী ছত্ৰছায়াত। মনত ৰখা প্ৰয়োজন যে ‘তথাকথিত ৰাষ্ট্ৰীয়তাবাদ গণতন্ত্ৰৰ ওপৰত নহয়’। যিহেতু আমি গণতন্ত্ৰত বিশ্বাসী, গতিকে আমিয়েই ইয়াৰ সুৰক্ষাৰ বাবে থিয় দিব লাগিব, নহ’লে এদিন আমাৰ অজানিতেই আমি বসবাস কৰিম এখন গণতন্ত্ৰহীন, বাকহীন ৰাষ্ট্ৰত।