কেন্দ্ৰীয় নিবন্ধনিবন্ধ

প্ৰকৃতি, মানুহৰ বৌদ্ধিক সামৰ্থ্য আৰু কিছুমান প্ৰশ্ন  (ডা: অঞ্জন শইকীয়া)

প্ৰকৃতি ভুল নে শুদ্ধ?

প্ৰকৃতিত কিছুমান নিয়ম আছে! প্ৰাকৃতিক পৰিঘটনাবোৰ কিছুমান নিয়মৰ মাজেৰেই সংঘটিত হয়! নিয়মবোৰৰ কিছুমান মানুহে বিজ্ঞানৰ জৰিয়তে আৱিষ্কাৰ কৰিছে আৰু বহু প্ৰাকৃতিক নিয়ম মানুহৰ জানিবলৈ বাকী আছে!

প্ৰকৃতিৰ নিয়মবোৰ ভুল নে শুদ্ধ বিচাৰ কৰিব যোৱাটো অসুবিধাজনক! বিশ্ব-ব্ৰহ্মাণ্ডৰ কোটি কোটি গ্ৰহ-নক্ষত্ৰৰ এচুকত মানুহে নামকৰণ কৰা পৃথিৱী নামৰ ক্ষুদ্ৰ গ্ৰহ এটাত জীৱ আছে—সেয়া ভুল নে শুদ্ধ! জৈৱ বিৱৰ্তন শুদ্ধ বা মানুহৰ শৰীৰতত্ত্বৰ জটিলতা (মানুহৰ জ্ঞান সাপেক্ষে) ভুল!

নিশাৰ আকাশত জোনটো দেখোঁ, তৰাবোৰৰ নাচোনো চাওঁ! –সেইটো শুদ্ধ তৰা নে ভুল তৰা! হাজাৰ তাৰকামণ্ডলীৰ সাজোনটো শুদ্ধ নে ভুল! সাগৰৰ ঢৌবোৰ শুদ্ধ নে অৰণ্যৰ বিৰিখ, লতা, পশু, পক্ষীবোৰেই ভুল! বিশ্বৰ বিভিন্ন স্থানৰ নয়নাভিৰাম প্ৰাকৃতিক দৃশ্যবোৰ শুদ্ধ নে প্ৰলয়ংকাৰী বান, চুনামী, ভূমিকম্পবোৰ ভুল?

প্ৰকৃতিত ভাইৰাছ, বেক্টেৰিয়া, ফাংগাচ আদি কিছুমান জীৱাণুৱে অন্য জীৱৰ শৰীৰত সংক্ৰমণ ঘটাই ৰোগৰ সৃষ্টি কৰে। সেয়া জীৱাণুবোৰৰ প্ৰকৃতিলব্ধ বৈশিষ্ট্য।

ৰোগবোৰ ভুল নে শুদ্ধ! ৰোগ হোৱাটো প্ৰাকৃতিক পৰিঘটনা! মানহে জীৱাণুবোৰক বধ কৰি ৰোগৰ পৰা পৰিত্ৰাণ পাব বিচৰাটোও প্ৰকৃতিলব্ধ তাড়না! প্ৰকৃতিৰ নিয়ম মতেই সাপে ভেকুলী, মেকুৰীয়ে নিগনি, বাঘে হৰিণ খায়। জীৱবোৰ মৰণশীল, বেলেগ বেলেগ জীৱই অযৌন বা যৌন প্ৰজননৰ মাজেৰে বংশ বৃদ্ধি কৰে! মানুহৰ আবেগ অনুভূতি থাকে, যুক্তি বুদ্ধি, বিচাৰ-বিবেচনা শক্তি থাকে।

এনেধৰণৰ সকলোবোৰ প্ৰপঞ্চ বা পৰিঘটনা প্ৰাকৃতিক নিয়মৰ সূত্ৰত বান্ধ খাই আছে!

প্ৰকৃতি ভুল নে শুদ্ধ? এই প্ৰশ্নৰ সৰল উত্তৰ হৈছে—প্ৰকৃতি শুদ্ধ বা ভুল একো নহয়। প্ৰকৃতি মাথোঁ ইয়াৰ অন্তৰ্নিহিত বৈশিষ্ট্যৰে বিদ্যমান। শুদ্ধ বা ভুলৰ ধাৰণাবোৰ স্বভাৱগতভাৱে মানৱ-নিৰ্মিত (Human construct)। ভুল-শুদ্ধৰ বিষয়বোৰ মানুহৰ নৈতিকতা, ঔচিত্যবোধ, বৌদ্ধিক দৃষ্টিকোণৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰকৃতি সুন্দৰ আৰু ভয়ংক—দুয়োটাই হ’ব পাৰে, সেয়া আমি কেনেকৈ উপলব্ধি কৰোঁ তাৰ ওপৰত নিৰ্ভৰ কৰে।

এই উত্তৰটোত কিন্তু আপাততঃ প্ৰাকৃতিক জীৱ মানুহক আৰু মানুহৰ প্ৰাকৃতিক বৈশিষ্ট্যবোৰক মানৱেতৰ প্ৰকৃতিৰ পৰা পৃথক ৰূপে গণ্য কৰা হৈছে বা তেনেধৰণে গণ্য কৰাৰ বাধ্যবাধকতা আহি পৰিছে।

মানুহ জানোঁ প্ৰকৃতিৰ অংশ নহয়? নিশ্চয় হয়। মানুহো জানোঁ ইয়াৰ অন্তৰ্নিহিত বৈশিষ্ট্যৰে প্ৰকৃতিৰ অংশৰূপে প্ৰকৃতিত বিদ্যমান হৈ থকা নাই! মানুহ নিজেও এক প্ৰাকৃতিক সাজোন, এক বিশেষধৰণৰ জৈৱ-যন্ত্ৰ। প্ৰাকৃতিক জীৱ মানুহে নিজৰ সামৰ্থ্যৰে কৰা কৰ্মৰাজিৰ নিজেই বিচাৰ কৰে। তাৰবাবে নিজেই বিচাৰৰ মাপকাঠি সাজি লয়! মানুহৰ বিচাৰবোধ বা ঔচিত্যবোধৰ মাপকাঠিৰ নেপথ্যত সাধাৰণতে থাকে মানুহৰ সামূহিক কল্যাণৰ স্বাৰ্থ বা ব্যক্তিগত লাভালাভৰ স্বাৰ্থ। প্ৰকৃতিৰ অংশ হিচাপে মানুহে নিজক বিচাৰ কৰে, নিজৰ প্ৰজাতিৰ গুণাগুণ বা কৰ্মৰাজিক বিচাৰ কৰে।

মানুহ প্ৰাকৃতিক জীৱ। মানুহৰ শৰীৰ, মন, চেতনা প্ৰকৃতিউদ্ভূত। মানুহৰ চিন্তা কৰিব পৰা ক্ষমতাও প্ৰাকৃতিক। প্ৰাকৃতিক নিয়মেৰেই জৈৱ-বিৱৰ্তনৰ ফলশ্ৰুতিত মানুহে আহৰণ কৰিছে চিন্তা-চৰ্চা কৰিব পৰা উচ্চস্তৰৰ (?) মস্তিষ্ক। সেই মস্তিষ্কতেই উদ্ভৱ হয় বৌদ্ধিক সামৰ্থ্যৰ। বৌদ্ধিক সামৰ্থ্য মানৱ-মস্তিষ্কৰ অন্ত:জ ক্ৰিয়া। মানুহে প্ৰকৃতিৰ বুকুত এই বৌদ্ধিক ক্ষমতাৰে নিজকে পৰিচালিত কৰে। এই বৌদ্ধিক সামৰ্থ্য প্ৰয়োগ কৰি মানুহে নিজৰ লগতে প্ৰকৃতিৰ বিষয়ে জ্ঞান আহৰণ কৰে। মানুহে বিশ্ব-চৰাচৰ তথা প্ৰকৃতিজগত পৰিচালিত হোৱাৰ নিয়মবোৰ আয়ত্ত কৰিব পাৰে আৰু সেইবোৰৰ প্ৰয়োগো কৰিব পাৰে বিভিন্ন ক্ষেত্রত। মানুহৰ মস্তিষ্কপ্ৰসূত ধাৰণাবোৰ প্ৰাকৃতিক বুলিয়েই অভিহিত হ’ব লাগে, কিন্তু সেয়া আমি স্পষ্টকৈ প্ৰাকৃতিক বুলি নকওঁ, মানৱ-নিৰ্মিত বা মানৱ চিন্তাপ্ৰসূত বুলি কওঁ বা ক’ব লগা হয়। অথচ মানুহ বাদে অন্য জীৱ বা জন্তুৱে তেওঁলোকৰ মস্তিষ্কৰ সামৰ্থ্যৰে যি কৰে সেই সকলোবোৰ কাৰ্য প্ৰাকৃতিক।

মানুহ প্ৰাকৃতিক, মানুহৰ বৌদ্ধিক সামৰ্থ্য আৰু চিন্তা বুদ্ধি প্ৰাকৃতিক, কিন্তু মানুহে সেই বৌদ্ধিক সামৰ্থ্যৰ প্ৰয়োগ কৰি কিবা কৰ্ম কৰিলে সেয়া প্ৰাকৃতিক নহয়! মানহৰ নৈতিকতাবোধ, ঔচিত্যবোধ, বৌদ্ধিক দৃষ্টিভংগী আদিবোৰ প্ৰকৃতিক নহয় নেকি? নে মানুহৰ বিচাৰবোধ, ঔচিত্যবোধ প্ৰাকৃতিক, কিন্তু মানুহে সেই বিচাৰবোধ, ঔচিত্যবোধৰ ওপৰত কিবা সিদ্ধান্ত ল’লে, সিদ্ধান্ত লৈ কাৰ্য কৰিলে সেয়া প্ৰাকৃতিক নহয়?

মানুহে মানুহৰ চিন্তা, বুদ্ধি আৰু কৰ্মৰাজিৰ শুদ্ধাশুদ্ধ প্ৰশ্ন কৰাটো প্ৰাকৃতিক অথচ প্ৰকৃতি ভুল নে শুদ্ধ প্ৰশ্ন কৰাৰ অৱকাশ মানুহৰ নাই। এসময়ৰ গুহাবাসী মানুহে প্ৰকৃতিলব্ধ উদ্ভাৱনী সামৰ্থ্যৰে ঘৰ গঢ়ি লৈছিল।  আজিও আধুনিক মানুহে অধিক সুবিধাজনক ঘৰ গঢ়িয়েই আছে। প্ৰকৃতিত বিদ্যমান গুহাত বাস কৰাত অসুবিধা পোৱা বাবেই প্ৰকৃতিলব্ধ সৃষ্টিশীলতাৰে মানুহে প্ৰকৃতিত বিদ্যমান সামগ্ৰীৰে গুহাতকৈ সুবিধাজনক নতুন ঘৰ নিৰ্মান (নে পুনৰ্গঠন, নে সংশোধন) কৰিছিল। গঢ়ি লোৱা ঘৰটোৰ ভুল, শুদ্ধ বিচাৰ কৰিব পাৰোঁ অথচ প্ৰকৃতিত বিদ্যমান বাসৰ অনুপযোগী বিবেচনা কৰা গুহাটো ভুলনে শুদ্ধ সেই প্ৰশ্নৰ মূল্য নাই!

মানুহে প্ৰকৃতিৰ বুকুত সম্পূৰ্ণ প্ৰাকৃতিক বৈশিষ্ট্যৰে বিভিন্ন কৰ্মৰাজি কৰি ভৱিষ্যতলৈ গৈ থাকোতে নিজকে মানৱেতৰ প্ৰকৃতিতকৈ পৃথক ৰূপে প্ৰতিষ্ঠা কৰি গৈ আছে নেকি? প্ৰকৃতিলব্ধ বৌদ্ধিক সামৰ্থ্যৰ বাবেই আমি মানুহে নিজকে প্ৰকৃতিৰ পৰা নিলগাই চিহ্নিত কৰিবলগীয়া হৈছোঁনে কি? নে এনে কৰিবলৈ মানুহ প্ৰকৃতিৰ সূত্ৰমতেই বাধ্য?

কৃত্ৰিম মানে প্ৰকৃতিৰ সম্প্ৰসাৰণ?

বিশ্ব প্ৰকৃতিক এতিয়ালৈকে মানুহে আংশিকভাৱেহে বুজিছে আৰু অধিক বুজাৰ প্ৰয়াস মানুহে নিৰন্তৰ চলাই আছে। প্ৰকৃতিৰ ৰহস্য যিদৰে মানুহে সম্পূর্ণকৈ উন্মোচন কৰিব পৰা নাই, সেইদৰে প্ৰকৃতিৰে অংশ নিজকো অৰ্থাৎ মানুহে মানুহকো কিছু পৰ্যায়লৈকেহে বুজিব পাৰিছে। প্ৰকৃতি মানুহৰ বিচাৰত যিমান ৰহস্যময়, মানুহ নিজেও নিজৰ বাবে সিমানেই আশ্চর্যকৰ!

তথাপিও আমি মানুহে প্ৰকৃতিৰ নিয়মবোৰৰ জ্ঞান আহৰণ কৰি, সেই জ্ঞান প্ৰয়োগ কৰি কত যে আশ্চর্যকৰ কাম কৰিব পৰা হৈছোঁ! মহাকাশত কল’নি পাতিছোঁ, জন্মনিয়ন্ত্ৰণৰ সজুলি সাজি জন্মহ’বলগীয়া বহুতৰ জন্ম নোহোৱা কৰিছোঁ, কৃত্ৰিম (?) সূৰ্য সাজিছোঁ, জীৱৰ ক্লোনিং কৰিছোঁ, কৃত্ৰিম(?) বুদ্ধিমত্তাৰে অদ্ভুত যাদু যেন লগা কাৰ্য কৰিব পৰা হৈছোঁ, ৰবটিক অস্ত্ৰোপচাৰ, নেনো প্ৰযুক্তি, মানৱ অংগ সংৰোপন আদি ক’ত যে আশ্চর্যজনক কাণ্ড কৰি আছোঁ। এইবোৰ কিন্তু মানুহৰ বিচাৰতহে আশ্চৰ্য, মানৱেতৰ জীৱৰ বাবে এয়া আশ্চৰ্য হয় নে নহয় আমি ভালদৰে নেজানোঁ।

প্ৰকৃতিৰ নিয়মবোৰ ভঙাৰ বাবে বা নিয়ম নমনাৰ বাবে মানুহে নিজেই মানৱকুলৰ বাবে বিপদ বিঘিনি বা দুৰ্যোগো কঢ়িয়াই আনিছে। বহু বিপদ হয়তো মানুহৰ পৰিৱেশতন্ত্ৰৰ বিষয়ে অসম্পূৰ্ণ জ্ঞানৰ বাবে অজ্ঞাতসাৰে হৈ আছে! বহু বিপদ মানুহে জানি বুজিও লোভ আৰু স্বাৰ্থপৰতাৰ বাবে নিজেই গোটাই লৈছোঁ। অৱশ্যে এই লোভ, খক, স্বাৰ্থান্বেষণ আদি সকলো প্ৰকৃতি উদ্ভূত নহয় জানোঁ?

মানুহৰ চিন্তা-চেতনা, বৌদ্ধিক শক্তি, মানুহৰ বিবেকবোধ, ঔচিত্যবোধ সকলো কিন্তু প্ৰকৃতি উদ্ভূত, প্ৰকৃতিক নিয়মৰ দ্বাৰাই প্ৰাপ্ত। মানুহে জীনৰ মাধ্যমেৰেই পূৰ্বজৰ পৰা বিভিন্ন ৰিপুবোৰ, আবেগ-অনুভূতি আৰু প্ৰবৃত্তিবোৰ পায়! লগতে উচ্চস্তৰৰ জীৱ হিচাপে জীনিয়ভাৱেই মানুহে এই প্ৰবৃত্তিবোৰ বা আবেগ অনুভূতিবোৰ নিয়ন্ত্রণ আৰু শোধন কৰাৰ সামৰ্থ্যও লাভ কৰে!

প্ৰকৃতিৰ নিয়মবোৰ আয়ত্ত কৰি সেই নিয়মবোৰত হস্তক্ষেপ কৰাৰ ক্ষমতা অৰ্জা মানুহে সেয়ে নিজকে জীবশ্রেষ্ঠ বুলিও ঘোষণা কৰি থাকে। মানুহৰ বাদে অন্য জীৱ কিন্তু প্ৰাকৃতিক নিয়মেৰেই চলে। তেওঁলোকৰ কাৰ্যক বা আচৰণক আমি সদায় প্ৰাকৃতিক বুলিয়েই কওঁ। মৌমাখিয়ে মৌচাক সজা, মৌ তৈয়াৰ কৰা, টোকোৰা চৰায়ে জটিল সজ্জাৰ বাহ সজা, মকৰাই জাল সজা আদি কাৰ্যক কৃত্ৰিম কাৰ্য বোলা নহয়, সেয়া তেওঁলোকৰ স্বত:স্ফূৰ্ত প্ৰাকৃতিক আচৰণ বুলিয়ে আমি অভিহিত কৰোঁ। মানুহৰো বৌদ্ধিক শক্তি প্ৰয়োগ কৰি কিবাকিবি নিৰ্মাণ কৰাটো স্বত:স্ফূৰ্ত প্ৰাকৃতিক আচৰণেই হয় যদিও আমি তাক প্ৰাকৃতিক বুলি নকৈ মানৱনিৰ্মিত বুলি কওঁ।

মানৱেতৰ জীৱজন্তুসকলৰ ঔচিত্যবোধ, বিবেকবোধ আছেনে নাই, আছে যদি সেয়া কেনে স্তৰৰ সেয়া আমি ভালদৰে নেজানোঁ, কিন্তু এটা কথা ঠিক যে তেওঁলোকে প্ৰকৃতিৰ নিয়ম উলংঘা কৰে বুলি আমি নকওঁ।

মানুহৰ ক্ষেত্ৰত কিন্তু আমি প্ৰকৃতিপ্ৰদত্ত বৌদ্ধিক সামৰ্থ্যৰে মানুহে গঢ়া সাজোনবোৰক কৃত্ৰিম বুলি কওঁ। কৃত্ৰিম ভৰি, কৃত্ৰিম ঘৰ, কৃত্ৰিম বুদ্ধিমত্তা। মানুহে সজা গাড়ী, উৰাজাহাজ, পৰমাণু বোমা, ৰাসায়নিক ঔষধ, ৰবট, কেমেৰা ইত্যাদি। এইবোৰ সাজিবলৈ যিবোৰ দ্ৰব্য বা কেঁচাসামগ্ৰী লাগে সকলো প্ৰাকৃতিক, যি এইবোৰ সাজে অৰ্থাৎ আমি মানুহবোৰো প্ৰকৃতিৰ অংশ! আৰু যি নিয়মেৰে এইবোৰ সজা হয় সেয়াও প্ৰকৃতিৰ অংশ যিবোৰ আমি মানুহে প্ৰকৃতিৰ পৰাই আয়ত্ত কৰোঁ। যি জ্ঞান বা বৌদ্ধিক শক্তিৰে আমি মানুহে প্ৰকৃতিৰ নিয়ম আয়ত্ত কৰিলৈ সেয়া প্ৰয়োগ কৰি এইবোৰ সাজোঁ, সেই জ্ঞান আৰু বৌদ্ধিক শক্তিও প্ৰকৃতি উদ্ভূত। এইবোৰ সাজোতে আমি যি বিচাৰবোধ বা ঔচিত্যবোধৰ তুলাচনী ব্যৱহাৰ কৰোঁ সেয়াও প্ৰাকৃতিক নিয়ম অনুসৰিয়েই আমি পাওঁ। তথাপিও আমি এইবোৰক কৃত্ৰিম বুলি কওঁ!

কৃত্ৰিম বুলি কিয় কওঁ সেয়াও বিচাৰ্য বিষয়। আমি মানুহবোৰ প্ৰকৃতিৰ হৈয়ো নিজকে প্ৰকৃতিৰ পৰা পৃথক অনুভৱ কৰোঁ। সেইবাবে? নে মানুহৰ বৌদ্ধিক সামৰ্থ্যৰ পৰশত প্ৰকৃতিত পুনৰ্গঠন বা অদলবদল হোৱা সৰঞ্জাম বা প্ৰক্ৰিয়াবোৰক বিশেষভাৱে চিহ্নিত কৰিবলৈ? নে উচ্চস্তৰীয় মস্তিষ্কৰ সামৰ্থ্যৰ বাবে প্ৰকৃতি-উদ্ভূত আৰু মানৱকৃত সজোনৰ প্ৰভেদ দেখুৱাবলৈ আমি বাধ্য হৈছোঁ!

প্ৰকৃতিৰ নিয়মক হস্তক্ষেপ কৰাৰ সামৰ্থ্য থকাৰ বাবেই মানুহ আৰু মানৱেতৰ প্ৰকৃতিৰ মাজত এক বিৰোধাভাস তথা দ্বান্দ্বিক সম্পৰ্ক আহি পৰিছে। এই দ্বান্দ্বিক সম্পৰ্ক প্ৰকৃতিৰ পৰিসীমাৰ অন্তৰ্গত। আমি কৃত্ৰিম বুলি কোৱা বিষয় বা সাজোনবোৰো প্ৰকৃতিৰ পৰিসীমা বহিৰ্ভূত নহয়! এইবোৰো প্ৰকৃতিৰ নিয়মৰ অন্তৰ্গত। ই প্ৰকৃতিৰ সম্প্ৰসাৰণ? ই প্ৰকৃতিৰ প্ৰক্ষিপ্তকৰণ?

 মুক্ত ইচ্ছা আৰু মুক্ত চিন্তা আছেনে?

মানুহৰ বৌদ্ধিক সামৰ্থ্য কিমান স্বতন্ত্র? মানুহৰ মুক্ত ইচ্ছা (free will) বা মুক্ত চিন্তা-ভাৱনা (free thought) কিমান মুক্ত?

দৈনন্দিন জগতখনত আমি মানুহে আমাৰ চিন্তাৰ স্বাধীনতা অনুভৱ কৰি থাকোঁ। বিভিন্নধৰণৰ চিন্তা আমাৰ মনত জাগে, বিভিন্ন ধৰণৰ ইচ্ছাও আমি কৰিবলৈ সক্ষম! কিন্তু এই আপাততঃ মুক্ত যেন লগা মানুহৰ চিন্তাবোৰ বা ইচ্ছাবোৰ উন্মুক্ত নে, সীমাহীন নে? সম্পূর্ণ স্বতন্ত্ৰনে? মানুহৰ চিন্তা বা ইচ্ছা বাহ্যিক কাৰকৰ প্ৰভাৱৰ পৰা সম্পূর্ণ মুক্ত হোৱা সম্ভৱ নে?

মুক্ত-ইচ্ছা মানে আমি সচৰাচৰ কোনো বাহ্যিক কাৰকৰ প্ৰভাৱ নথকাকৈ ব্যক্তিয়ে স্বতন্ত্ৰভাৱে কিবা পচন্দ কৰি লোৱাৰ সামৰ্থ্যকে বুজোঁ! আনহাতে মুক্তচিন্তা মানে আনৰ ভাবনা বা অন্য কাৰকৰ প্ৰভাৱ নথকাকৈ ব্যক্তিয়ে স্বতন্ত্রভাৱে ভাবিব পৰা আৰু মতামত ডাঙি ধৰিব পৰাৰ সামৰ্থ্যক বুজোঁ। (ইয়াত মুক্ত-চিন্তা বুলি উল্লেখ কৰোতে কুসংস্কাৰ অন্ধবিশ্বাস-গোড়ামীৰ পৰা মুক্ত হৈ যুক্তিবাদী চিন্তা চৰ্চাৰ বিশেষ আদৰ্শগত মুক্ত-চিন্তাক বুজোৱা হোৱা নাই। সাধাৰণভাৱে মানুহৰ সকলো চিন্তা-ভাৱনাৰ স্বতন্ত্রতাক বুজোৱা হৈছে)।

আধুনিক বিলাসী হোটেলৰ ব্ৰেকফাষ্টত বিভিন্নধৰণৰ খাদ্যসম্ভাৰ প্ৰস্তুত কৰি ৰখা হয়। ধৰা হওক ১০০০বিধ ভিন্ন খাদ্যসম্ভাৰ আমাৰ আগত পৰিৱেশন কৰা হৈছে। আমি ১০০০বিধ খাদ্যৰ এবিধেই খামনে, কেইবাবিধো খাম নে ১০০০বিধৰ সকলোৰে অকণ অকণ জুঁতি লম—সেয়া আমি নিজেই পচন্দ কৰিব পাৰোঁ। ৫বিধ খাম যদি ১০০০বিধৰ মাজত কোন-কেইবিধ খাম—সেয়া পচন্দ কৰি ল’ব পাৰোঁ। কোনোবা এবিধ খাই ভাল নেপালে বেলেগ এবিধ খাব পাৰোঁ। আৰু এটা বিকল্প হ’ল আমি ১০০০বিধৰ এবিধো নাখাব পাৰোঁ। ব্যক্তিভেদে খাবলৈ ইচ্ছা কৰা খাদ্য আৰু খাদ্যৰ সংখ্যা ভিন্ন হ’ব পাৰে। কিছু ব্যক্তিৰ ইচ্ছা বা পচন্দৰ যথেষ্ট মিল থাকিব পাৰে।

কিন্তু আমি যিয়েই নাখাওঁ, হোটেলৰ খাদ্যতালিকাৰ  নিয়মমতে পৰিৱেশিত সেই ১০০০বিধ খাদ্যৰ মাজৰ পৰাই আমি কি খাওঁ পচন্দ কৰিব লাগিব বা পচন্দ কৰিবলৈ আমি বাধ্য। তাত নথকা খাদ্য আমি খাবলৈ ইচ্ছা কৰিব নোৱাৰোঁ। সেই ১০০০বিধ খাদ্য কি কি হ’ব বা কেনেধৰণৰ হ’ব সেয়া হোটেলৰ কৰ্তৃপক্ষই ঠিক কৰে, তাত আমাৰ ইচ্ছাৰ প্ৰত্যক্ষ নিয়ন্ত্রণ নেথাকে! এইটো আমাৰ ইচ্ছা কৰিব পৰা সামৰ্থ্যৰ ক্ষেত্ৰত এটা সীমা নহ’লনে? আমাৰ ইচ্ছাত কিন্তু তেওঁলোকৰ ইচ্ছাৰ প্ৰত্যক্ষ নিয়ন্ত্রণ থাকিল।

মানুহৰ মুক্ত ইচ্ছা বা মুক্ত চিন্তাৰ বিষয়টোও তেনেকুৱাই নেকি? মানুহৰ মুক্ত চিন্তা বা মুক্ত ইচ্ছাৰ বিষয়টো ওপৰৰ উদাহৰণটোৰ দৰে হয়তো ইমান সৰল নহয়, ই জটিল আৰু বহুস্তৰীয়। মুক্ত ইচ্ছা বা মুক্ত চিন্তাৰ ক্ষেত্ৰত মানুহ এজনৰ ইচ্ছা বা পচন্দৰ বিকল্পৰ সংখ্যা বিষয় আৰু পৰিস্থিতি অনুসৰি বা স্থান-ক্ষণ-পাত্ৰ ভেদে তেনেই সীমিত বা বিশাল হ’ব পাৰে! এই বিশালতাৰো এটা সীমা নাইনে! হোটেলৰ খাদ্যতালিকাই যিদৰে গ্ৰাহকৰ পচন্দৰ মুক্ত ইচ্ছাৰ ক্ষেত্ৰত এক সীমা আঁকি দিছে, তেনেদৰে প্ৰকৃতিজগতখনতো প্ৰকৃতিক জীৱ মানুহৰ স্বতন্ত্ৰ ইচ্ছাৰ সামৰ্থ্য বা স্বতন্ত্ৰ চিন্তা-ভাৱনাৰ সামৰ্থ্য এক সীমাৰে আবৃত হৈ থকা নাইনে? ইচ্ছা বা চিন্তাৰ উন্মুক্ততা বা স্বতন্ত্ৰতা নিশ্চয় আছে (অন্ততঃ আমি আছে বুলি অনুভৱ কৰোঁ), কিন্তু সেই উন্মুক্ততা বা স্বতন্ত্ৰতা সীমাহীন নহয়, আনৰ প্ৰভাৱশূণ্য নহয়।

মানুহৰ বৌদ্ধিক সামৰ্থ্য আৰু ইচ্ছা বা চিন্তা-ভাৱনাৰ সামৰ্থ্য মানুহৰ ব্যক্তিত্ব, মানুহৰ মনস্তত্ত্বৰ ওপৰত নিৰ্ভৰ কৰে। মানুহৰ আভ্যন্তৰীণ কাৰক যেনে, মানুহৰ জেনেটিক গঠন, গৰ্ভাৱস্থাৰ পৰিৱেশ, মানুহৰ মস্তিষ্কৰ ক্ষমতা, ইন্দ্ৰিয়বোৰৰ সক্ষমতা আদি কাৰকবোৰ লগতে বাহ্যিক কাৰক শৈশৱৰ পৰিচৰ্যা, লালিত-পালিত হোৱাৰ ধৰণ আৰু পাৰিবাৰিক তথা সামাজিক পৰিৱেশ, শিক্ষা-দীক্ষা আদিৰ বহুতৰপীয়া আৰু জটিল আন্ত:ক্ৰিয়াৰ মাজেৰে মানুহৰ ব্যক্তিত্ব আৰু মনস্তত্ত্ব গঠন হয়। গঠন হয় বুলি কোৱাতকৈ হয়তো এয়া নিৰন্তৰ গঠনশীল অৱস্থাত থাকে বোলাহে অধিক শুদ্ধ হ’ব। এইক্ষেত্ৰত প্ৰকৃতি আৰু প্ৰতিপালন (Nature and Nurture) দুয়োটাই গুৰুত্বপূৰ্ণ বিবেচিত হয় যদিও ভিন্নদৃষ্টিৰে চালে প্ৰতিপালন (Nurture) প্ৰকৃতিৰ সূত্ৰ বহিৰ্ভূত বিষয় নহয়।

আমাৰ জন্মও হয় বাহ্যিক কাৰকৰ প্ৰভাৱত (নিজৰ ইচ্ছাত নহয়), জেনেটিক সজ্জা, মস্তিষ্কৰ গঠনতো বাহ্যিক কাৰকৰ প্ৰভাৱ থাকে। ব্যক্তিত্ব, মনস্তত্বৰ গঠন আৰু ভিন্নতাও পাৰিপাৰ্শ্বিকতাৰ দ্বাৰা প্ৰভাৱিত। বৌদ্ধিক সামৰ্থ্য বাহ্যিক কাৰকৰ পৰা মুক্ত বুলি ক’ব পৰা নেযায়। মানুহে বৌদ্ধিক সামৰ্থ্যৰ অনুশীলনো কৰে ইন্দ্ৰিয়বোৰৰ দ্বাৰা অহৰ্নিশে উপলব্ধি কৰি থকা বহিৰ্জগতৰ ঘটনাৱলী, অন্য মানুহ বা জীৱৰ কাৰ্যৰ প্ৰতি সঁহাৰি বা প্ৰতিক্ৰিয়াৰ মাধ্যমেৰে। ইজনৰ চিন্তা-ভাৱনা সিজনৰ চিন্তা-ভাৱনাৰ দ্বাৰা পাৰস্পৰিকভাবে প্ৰভাৱান্বিত হৈয়েই থাকে। এজনৰ ইচ্ছা-অনিচ্ছাই আনজনৰ ইচ্ছা-অনিচ্ছাত প্ৰভাৱ পেলায়। মানুহৰ অন্তৰ্জগত আৰু বহিৰ্জগতৰ মাজত নিৰন্তৰ ক্ৰিয়া প্ৰতিক্ৰিয়া চলি থাকে। বৌদ্ধিক ক্ষেত্ৰখনত মানুহৰ অন্তৰ্জগত আৰু বহিৰ্জগতৰ মাজৰ সীমা বহুক্ষেত্রত অস্পষ্ট আৰু ধূসৰ হৈ পৰে। এই প্ৰসংগত ফেচবুককে আদি কৰি সামাজিক মাধ্যমত বিভিন্ন পোষ্ট আৰু মন্তব্যত বিভিন্নজনৰ কায়াহীন চিন্তা-ভাৱনা তথা বৌদ্ধিক ক্ৰিয়া-প্ৰতিক্ৰিয়া প্ৰকাশৰ বিষয়টিও উল্লেখনীয়। জ্ঞাত-অজ্ঞাত কোনো এজনৰ মন্তব্যৰ প্ৰতিক্ৰিয়া বা সহাঁৰি জনাই আন এজনে বা বহুজনে বিভিন্ন মন্তব্য দিয়ে। সহমত বা অমত হোৱা বিভিন্ন মতামত আহে। এই মন্তব্যবোৰ মতদাতাৰ ইচ্ছাকৃত বা চিন্তাপ্ৰসূত বুলি ভাবি লোৱা হয় যদিও ইয়াত ইজনৰ ইচ্ছা বা চিন্তাই সিজনৰ ইচ্ছা আৰু চিন্তাক প্ৰভাৱিত নকৰাকৈ নেথাকে। সাগৰৰ ঢৌবোৰ এটি এটি বিশেষ ঢৌ যদিও ইটো ঢৌ, সিটো ঢৌ বিছিন্ন নহয়— সকলোবোৰ ঢৌ সংযুক্ত, সাগৰতে আৱদ্ধ হৈ থাকে।

মানুহৰ মুক্ত ইচ্ছা (Free will) থকা নথকা বিষয়টো বিদ্বান-সমাজৰ বাবে এক বৃহৎ বিতৰ্কৰ বিষয়। জাৰ্মান দাৰ্শনিক আৰ্থাৰ শ্বপেনহাৱাৰ (Aurther Schopenhauer) আৰু বহু বিদ্বানে Free will is a lie, Free will is an Illusion অৰ্থাৎ মুক্ত-ইচ্ছা এক মিথ্যা, মুক্ত ইচ্ছা এক ভ্ৰম বুলিহে কৈছিল। আচৰিত কথা বিশিষ্ট বিজ্ঞানী আইনষ্টাইনে শ্বপেনহাৱাৰৰ এই ধাৰণা সমৰ্থন কৰিছিল বুলি জনা যায়। মুক্ত-ইচ্ছাৰ অস্তিত্বৰ বিষয়ত পদাৰ্থ-বিজ্ঞানী, জীৱবিজ্ঞানী, মনোবিজ্ঞানী, দাৰ্শনিক আৰু অনান্য বিদ্বানৰ মাজত মতভেদ সুদূৰ ভৱিষ্যতলৈ চলি থাকিব যেন অনুমান হয়। শেষ সিদ্ধান্ত এটিলৈ আহিবলৈ মানুহ বৌদ্ধিক সামৰ্থ্যৰে সক্ষম হ’বগৈনে—সেইটো এতিয়াই ক’ব পৰা হোৱা নাই। মুক্ত ইচ্ছা আছে নে নাই বৈজ্ঞানিক পদ্ধতিৰে প্ৰমাণ কৰিবলৈ বৈজ্ঞানিক সঁজুলিও উপলব্ধ নহয়।

মানুহৰ মুক্ত ইচ্ছা থকা-নথকাৰ বিষয়টোৰ ক্ষেত্রত আমাৰ দৈনন্দিন জীৱনত কোনো এটা চৰম সিদ্ধান্ত লৈ চলাটো উপযোগী নহ’ব। মুক্ত ইচ্ছা নাই, যিহেতু ইচ্ছাৰ স্বতন্ত্রতা সম্পূৰ্ণ নহয়, বুলি দাবী কৰাটো ‘জগতত সত্য বুলি একো নাই কিয়নো কোনো সত্যই সম্পূৰ্ণ নহয় বা নিখুঁত (perfect) সত্য অপ্ৰাপ্য’—তেনেধৰণে কোৱাৰ নিচিনা হ’ব। আমি ঢুকি পোৱা বা আমাৰ জ্ঞাত সত্যক লৈয়েই আমি চলিব লাগিব।

যি নহওক এই ক্ষেত্ৰত প্ৰবচন এফাকি উল্লেখযোগ্য—“You can do as you wish, but you can not wish as you wish”। আনহাতে ৰবাৰ্ট কলিনাৰ (Robert Colliner) নামৰ আমেৰিকান জনপ্ৰিয় লেখক এজনে কৈছিল “You can do anything you wish to do, have anything you wish to have, be anything you wish to be”।

দুয়োটাৰ মাজতেই কৰবাত হয়তো সত্যটো আছে।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *