কেন্দ্ৰীয় নিবন্ধ

ধর্ম আৰু সমাজ বাস্তবতা – (ফটিক বৰা)

পৃথিৱীৰ আন সকলো দেশৰ মানুহতকৈ ভাৰতৰ মানুহেই আটাইতকৈ সুখী আৰু সমৃদ্ধিশালী হ’ব লাগিছিল। কিয়নো, ইয়াতেই মানুহৰ সুখ-দুখৰ নিয়ন্তা তেত্রিশ কোটি দেৱ-দেৱী আছে। (সংখ্যা বৃদ্ধি হৈ এতিয়া হয়তো দেৱ-দেৱীৰ সংখ্যা ষাঠি কোটি বা ততোধিক হৈছেগৈ) এই দেৱ-দেৱীবিলাকক সন্তুষ্ট কৰিলেই সুখ ভোগৰ পাৰ উপচি পৰাৰ সম্ভাৱনা। ইবিলাকক সন্তুষ্ট কৰাৰ বিধি-বিধান দিবলৈ গণক, পুৰোহিত, জ্যোতিষী আদিও আছে অসংখ্য। ৰোগ নিৰাময় আৰু মনোকামনা পুৰণৰ বাবে কষ্ট কৰিব নালাগে। দৈবজ্ঞ ভোজন, দান, পূজা, পশু-বলি, কবচ বা ধাতুৰত্ন ধাৰণ আদি এশ-এবুৰি মহতী উপায়েৰে দৈবদোষ, কালদোষ, গ্রহদোষ খণ্ডাব পাৰি।

ভাৰতৰ প্ৰায় সকলো তৰফৰ মানুহৰ মাজত জীৱনৰ দুখ-কষ্ট, নিপীড়ণ,বঞ্চনাৰ পৰা মুক্তি বা সকাহ লাভৰ উপায় হিচাপে এই অলৌকিক শক্তিৰ ওপৰত বিশ্বাস গভীৰ হোৱা দেখা গৈছে। সামাজিক আৰু অর্থনৈতিক সংকট যিমানে বাঢ়িছে সিমানেই তন্ত্র-মন্ত্র, গুৰুবাবা-ঠাকুৰ, তাবিজ, দোল-ফহী আৰু গ্রহ পূজা আদিৰ পয়োভৰ বাঢ়িছে। যন্ত্র বিজ্ঞানৰ প্ৰয়োগ বাঢ়ি যোৱাৰ লগে লগে ধর্মীয় আচাৰ আৰু অনুষ্ঠানবোৰত অলেখ যান্ত্রিক কায়দা-কিটিপ ব্যৱহাৰ হৈছে। ফলত, অনুষ্ঠানসমূহৰ চমৎকাৰিত্ব বাঢ়িছে। দিন বাগৰাৰ লগে লগে বেচি সংখ্যক মানুহ এই অনুষ্ঠানবোৰত জড়িত হৈ পৰিছে।

স্বাভাৱিকতে প্রশ্ন হয়, ভাৰতীয় সমাজত প্ৰচলিত ৰোগ, পীড়া, অকাল বার্ধক্য নিৰাময় কৰাৰ এই অলৌকিক বিধি-বিধান, দেৱ-দেৱীৰ মহিমাৰ বিশ্বাস আদি সঁচাই কার্যকৰী নে? সঁচাই আশা কৰা মতে ভাৰতৰ অগণন নিপীড়িত মানুহৰ সাংসাৰিক দুখ-কষ্ট, অপায়-অমংগল দূৰ কৰাত এই বিধান আৰু বিশ্বাসবোৰে সহায় কৰিছেনে? উত্তৰত ঘোৰ ভাৱবাদী বা অলৌকিক শক্তিৰ বিশ্বাসীয়েও ক’বলৈ বাধ্য, – নাই। কিন্তু পিচ মুহূর্ততে নিজৰ বিশ্বাসৰ সমর্থনত তেওঁ যুক্তি বিচাৰি চালে-বেৰে কোবাই নিজেই অতীষ্ঠ হব আৰু প্ৰতিপক্ষক জব্দ কৰা বুলি ভাবিবলৈ ল’ব।

এতিয়া আমি আন এটা প্ৰশ্নৰ মুখামুখি হওঁ। প্ৰশ্নটো হ’ল-আজিৰ যুগ বিজ্ঞানৰ যুগ’ বুলি কৈ সেই যুগৰে মানুহ বুলি নিজকে বৰাই কৰা আমাৰ সমাজত ধৰ্ম আৰু অলৌকিক শক্তিৰ মাহাত্ম্যৰ ওপৰত বিশ্বাসৰ পয়োভৰ কিয় ইমান চলিছে? সর্বসাধাৰণ অশিক্ষিত মানুহতো বাদেই-শিক্ষিত, বিশিষ্ট জ্ঞানৰ গৰাকী, সমাজৰ বিদ্যাৰত্নসকলৰ মাজতো এই অলৌকিক শক্তিৰ বিশ্বাস ব্যাপক কিয়? এইবোৰ প্ৰশ্নৰ পোনপটীয়া উত্তৰহ’ল-(১) বৈজ্ঞানিক অনুসন্ধিৎসাৰ অভাৱ। চিন্তাৰ অলসতা, যুক্তিৰ শিথিলতা। (২) এই বিশ্বাস মতে অলপ আয়াসতে, কম খৰছত কামনা পূৰণ কৰা সম্ভৱ; ইয়াত ব্যাপক অধ্যয়ন, অনুশীলন আৰু অনুসন্ধানৰ প্ৰয়োজন নাই। (৩) অহেতুক লোভ আৰু সুবিধাবাদী মানসিকতা।

ওপৰত কৰি অহা প্রশ্নবোৰ আৰু সিহঁতৰ উত্তৰ এইসকলোৰে অন্তৰালত আছে সমাজৰ শ্ৰেণী সম্পৰ্কৰ ক্রিয়া-প্রতিক্রিয়া। ধৰ্মৰ নামত চলা এই ভিন ভিন ৰূপৰ আচাৰ অনুষ্ঠানৰ সামাজিক আৰু আৰ্থ ৰাজনৈতিক ভেটি বিচাৰ কৰি চোৱা প্রয়োজন। প্রকৃতি আৰু বিশ্ব জগতৰ বিভিন্ন শক্তি আৰু ঘটনাৰাজিৰ আচল ৰূপ, গুণ আৰু ধর্ম বুজিব পৰা নাছিল বাবেই আদিম মানুহে সেইশক্তি আৰু ঘটনাৰাজিত অলৌকিক মহিমা আৰোপ কৰিছিল। কিন্তু জীয়াই থকাৰ প্ৰক্ৰিয়াত আদিম মানুহে এই শক্তি আৰু ঘটনাৰ স্বৰূপ চিনি পাই সিবিলাকৰ সম্যক ধাৰণা লাভ কৰিছিল। এনেকৈ প্রকৃতি আৰু জীৱ জগতৰ সম্যক জ্ঞান বা বিজ্ঞানৰ জন্ম হৈছিল।

সমাজ বিকাশৰ গতি পথত মানুহে জীৱন আৰু জগত সম্পর্কে বেচি পৰিমাণে আৰু অধিক বাস্তৱ জ্ঞান লাভ কৰিলে। ফলত, পুৰণি অলাগতিয়ালখিনি বিসর্জন দি নতুনক আদৰি আনি সমাজ জীৱন অধিক নিৰাপদ আৰু সমৃদ্ধ হ’বলৈ ধৰিলে। এনেদৰেই সমাজ আগুৱায় -ঢাপে ঢাপে। শ্রেণীসমাজৰ সূচনাৰ লগে লগে শ্রেণী শোষণ ব্যৱস্থা গ্রহণযোগ্য আৰু চিৰায়ত কৰিবলৈকে অন্যায় নিপীড়ণৰ ওচৰত আনুগত্যৰ দৰ্শন ৰূপে ধৰ্মৰ উৎপত্তি হয়।

ধর্ম হৈছে বহুবিধ মানসিক নিপীড়ণৰ ভিতৰৰ এবিধ নিপীড়ণ, -যি আনৰ হকে লেথেৰি নিছিগা কাম কৰি, অভাৱ আৰু সামাজিক বিচ্ছিন্নতাত জৰ্জৰিত সাধাৰণ মানুহক অতিমাত্রাই অৱদমিত কৰি ৰাখে। আদিম বর্বৰ মানুহে প্ৰকৃতিৰ বিৰুদ্ধে কৰা জীয়াই থকাৰ সংগ্ৰামত হাৰ মানি যিদৰে দেৱতা, চয়তান, অলৌকিক কার্যকলাপ আদিত বিশ্বাস স্থাপন কৰিছিল, ঠিক সেইদৰে শোষিত মানুহে শোষক শ্ৰেণীৰ বিৰুদ্ধে কৰা সংগ্ৰামত শোষকৰ নিষ্ঠুৰ দমন-পীড়ণত হাৰ মানি মৃত্যুৰ পিছত সুন্দৰ জীৱনযাপনৰ কাল্পনিক ছবি আঁকে। যিসকলে উদয়াচল শ্ৰম কৰে, গোটেই জীৱন অভাৱত কটায় তেওঁলোকক ধর্মই শিকায় জীৱনকালত বিনীত আৰু ধৈৰ্য্যশীল হ’বলৈ। ইহ জগতৰ কষ্ট বৰণৰ বিনিময়ত পৰ জগতত এটি সুন্দৰ, শান্তিময়, ভোগৰ উভৈনদী জীৱন ঈশ্বৰে পুৰস্কাৰ দিব বুলি বিশ্বাস জন্মোৱা হয়।

আজিৰ ভাৰতৰ চহৰাঞ্চলৰ শ্রমিক শ্রেণীৰ পিছ পৰা অংশ, দুখীয়া নিচলাসকলৰ ব্যাপক অংশ আৰু প্রায় সমস্ত খেতিয়ক সমাজৰ ওপৰত ধৰ্মৰ কতৃত্ব পূৰামাত্ৰাই আছে। কিয়? লেনিনে কৈছে – ‘জনগণৰ বাবে ধর্ম হৈছে কানি, -এবিধ মানসিক নিচা।’ শ্রমজীৱি মানুহৰ নিপীড়িত অথচ অসচেতন অৱস্থাই ইয়াৰ ঘাইকাৰণ। ধনতান্ত্রিক সমাজৰ অন্ধ শক্তিববাৰে জনসাধাৰণৰ অলক্ষে তেওঁলোকৰ জীৱনলৈ যি ভয়াবহ কষ্ট, নির্যাতন আৰু আকস্মিক যুদ্ধ, সাম্প্রদায়িক সংঘর্ষ, দুর্ঘটনাজনিত মৃত্যু আদি কঢ়িয়াই আনে সিবিলাকৰ সমুখত জনগণ হৈ পৰে অসহায়। আজি পুঁজিবাদৰ চৰম সংকটৰ যুগত ধনিক শ্রেণীয়ে সুপৰিকল্পিতভাৱে এনে ঘটনা জনগণৰ ওপৰত জাপি দিছে সঘনাই। সেয়ে, শ্রেণী শোষণ পদ্ধতিৰ আওভাও নোপোৱা শ্রমিক, নিচলা কৃষক আদি তলশ্রেণীৰ জনগণৰ মাজত ভয়, শঙ্কা, নিৰাপত্তাৰ অভাৱবোধ আদিয়ে দকৈ শিপাইছে। সংসাৰৰ জ্বালা-যন্ত্রণাৰপৰা অব্যাহতি পাবলৈ পথ বিচাৰি তেওঁলোকে হাবাথুৰি খাইছে। জীৱন ধুমুহাৰ পৰা গা বচাবলৈ তেওঁলোকে ধর্ম বিশ্বাস আৰু আচাৰ অনুষ্ঠানৰ উৱলি যোৱা ঘৰৰ তলত আশ্ৰয় লৈছে। সামন্তীয় সমাজ গাঁঠনিৰ ওপৰত আৰোপিত পুঁজিবাদী সমাজৰ লোভ, লালসা আৰু আত্মমুখিনতাই এই প্রবণতাক সবল কৰিছে। মানুহৰ সমাজ জীনৰ বাস্তৱ ৰূপ চিনিব পৰা শিক্ষা, সংস্কৃতিৰ প্ৰসাৰ আৰ প্রচাৰে ৰাইজৰ এই মানসিক দাৰিদ্ৰৰ ওৰ পেলাব পাৰিব। তাৰ বাবে বিজ্ঞানপ্রেমী সমাজকৰ্মীয়ে নিৰলস চেষ্টা কৰিব লাগিব৷

Leave a Reply

Your email address will not be published. Required fields are marked *