ৰাতিৰ হাতী।। পিংকু কলিতা
মুক্ত চিন্তা, ১০ম বছৰ, ৬ষ্ঠ সংখ্যা
পুলিনে কৈছিল পৰাক্ৰমী মানুহৰ কথা আৰু প্ৰীতমে নিমাখিত প্ৰাণীটোৰ কথা।
“নিমাখিত!” পুলিনে হাঁহিছিল।
“ব’ল এইবাৰ পিকনিক তোৰ নিমাখিত প্ৰাণীটোৰ ঘৰলৈকে যাওঁ।” পুলিনৰ পোনপটীয়া প্ৰস্তাৱ।
“সঁচা নে! মই সদায়েই সাজু এনে এটুকুৰা ঠাইলৈ যোৱাৰ বাবে। কিন্তু এটা কথা; লগত পৰিয়ালো থাকিব লাগিব।”
“ঠিক আছে।” মুখ বিকটাই প্ৰীতমৰ প্ৰস্তাৱত অপূৰ্ণ সহমত।
নিচাৰ পিছৰ পুলিনহঁতক ঠিক স্থানত ৰখাৰ বাবে পৰিয়ালৰ প্ৰয়োজনীয়তাৰ কথা প্ৰীতমে ভালদৰে বুজি পায়।
বিশাল জন্তুটোৰ প্ৰতি প্ৰীতমৰ আছিল আশৈশৱ উৎসুকতা। ঈষৎ ভয় আৰু সম্ভ্ৰম। ধীৰমনা স্বভাৱৰ প্ৰাণীটোৰ গহীন খোজবোৰে প্ৰীতমৰ মনত সাঁচ বহুৱাইছিল। আজানমুলুকৰ অদৃশ্য পথ এটাৰে বৈ অহা কটকটীয়া বিশ্বাসৰ আঁহ কিছুমানে আঁকি দিছিল ইন্দ্ৰজাল। পৃথিৱীৰ বিশাল স্থলজীৱবিধকেই মানুহে সহজে বশ কৰি ল’ব পাৰে। কি আচৰিত!
‘বইত’, ‘বইত’… মাউতৰ এই শব্দতে বহি পৰিছিল সেই প্ৰকাণ্ড প্ৰাণীটো। ভয়ে ভয়ে আগুৱাই গৈছিল সিহঁত। দুজন দুজনকৈ খুৰাকৰ লগত হাতীৰ পিঠিত উঠি লৈছিল। ‘মাইল’, ‘মাইল’… শব্দৰেই আকৌ মাউতৰ উঠাৰ নিৰ্দেশ। ইমান ওখ স্থানত থাকি ভয় খাইছিল সেইদিনা প্ৰীতমৰ শিশু মনটোৱে। কেঁচেলুৱা মনটোক উচ্চতাৰ আতংকই গিলি ৰাখিছিল। প্ৰকাণ্ড প্ৰাণীটোৰ ইচ্ছা অনুসৰি ঘটাব পৰা বিপদৰ কথা ভাবিয়েই ভয় খাইছিল সি। কিন্তু মাউতে তাৰ দুই আঠুৰে নাচোন তুলি কাণৰ তলেৰে চুৰিকাঘাত কৰি ‘আগেত’, ‘আগেত’… বুলি কোৱা শব্দকেইটাত প্ৰকাণ্ড প্ৰাণীটো আগুৱাই গৈ আছিল সিহঁতৰ গাত নাচোনৰ ঢৌ তুলি।
——-
প্ৰীতমে গল্প এটাক শব্দালংকাৰেৰে সজোৱাত ব্যস্ত আছিল। বিশৃংখল সমাজ ব্যৱস্থাৰ ৰূঢ় বাস্তৱৰ সৈতে পিৰিচিতি কৰোৱাই দিয়াৰ কৌশল গল্পৰ মাধ্যমেৰে। ক্ৰূৰ সমজ ব্যৱস্থাৰ প্ৰতি বিৰক্তিৰ ভাবেৰে প্ৰীতমৰ মন মগজুত আখেজ ভৰা শব্দৰ জ্বালামুখী। শব্দবোৰে আস্ফালন কৰি ছিটিকি পৰিছিল বগা কাগজ টুকুৰাত।
হঠাৎ প্ৰীতমে বহি থকা টেবুলখনৰ কাষৰ খিৰিকীৰে শুনা পাইছিল মেৰমেৰোৱা শব্দ। প্ৰথমে খিৰিকীৰ লগতে লাগি থকা বাহৰ চাংখন কিবা প্ৰকাৰে ভাগিল বুলি গুৰুত্ব দিয়া নাছিল, শব্দটো বন্ধ হোৱা নাছিল বাবে প্ৰীতমৰ চিন্তা হৈছিল। বাহিৰত কিহবাৰ খোজৰ শব্দ। হাতীৰ মাত। প্ৰীতমৰ দহ বছৰীয়া ল’ৰাটোৱে জীৱ-জন্তুৰ মাত অনুকৰণ কৰি হুবহু উলিয়াব পাৰে। বহুকেইখন মঞ্চত ল’ৰাৰ এই প্ৰতিভাৰ প্ৰদৰ্শনো কৰোৱা হৈছিল। ইতিমধ্যে বিভিন্নজনৰ বাঃ বাঃ বুটলিবলৈকো সক্ষমো হৈছিল সি। প্ৰথম অৱস্থাত প্ৰীতমে বাহিৰৰ এই শব্দ পুতেকৰ অনুকৰণৰ আখৰা বুলি ভাবিছিল। কিন্তু সিটো কোঠাত টোপনিত লালকাল পুতেকক দেখি বাহিৰৰ এই অনাকাংক্ষিত পৰিস্থিতিয়ে উৎসুকতা বঢ়াইছিল।
আধালৈকে বেলোল দিয়া খিৰিকীখনেৰে জুমি জুমি বাহিৰলৈ চাইছিল প্ৰীতমে। এটা প্ৰকাণ্ড হাতী একচিত্তে ঘূৰ্মুটিয়াই ফুৰিছিল। শুঁড়ডালৰ একেবাৰে আগ অংশ স্বচ্ছ বেলোলখনত লগাই দিছিল হাতীটোৱে। মেলি থকা মানৱ মুখ এখন যেন মাজতে দুভাগ কৰা আছিল; গোলাপী মাংসৰ মাজেৰে ক্ৰমে দুফালে ভিতৰলৈ সোমাই যোৱা দুটা গাঁত। দৃশ্যটো যিমান ভয়ানক আছিল প্ৰীতমে সিমান ভয় নোখোৱাৰ কাৰণ আছিল সৰুকালতে মাউতৰ পৰা হাতী সম্পৰ্কে পোৱা জ্ঞান। ভাটিখোলা হাতী কেতিয়াবা মাইকী হাতী বিচাৰি জংগললৈ যোৱাৰ ৰাস্তা বিচাৰি ফুৰে। প্ৰীতমে লাহেকৈ খিৰিকীখন খুলি লৈছিল আৰু হাতীটোৰ মূৰৰ কুমেদি বিজলুৱা হাতীহিমেজুৰ নিৰ্যাস লৈছিল। এনে কোনো সম্ভেদ নাপাই নিশ্চিত হৈছিল যে এই হাতীটো যৌনক্ষুধাৰ তাৰণাত চটফতাই থকা হাতী নহয়।
প্ৰীতমে জুখি চাবলৈ এবাৰ শব্দ কৰিছিল ‘চাম… চাম…’ হাতীটো দুখোজ পিছুৱাই গৈছিল। সেইখিনি সময়তো হাতীটোৱে পাহৰি যোৱা নাছিল চেপি চেপি বশ মানোৱা নিৰ্দেশৰ অপ্ৰিয় সুৰবোৰ। প্ৰীতমৰ গল্পটো সম্পূৰ্ণ হৈছিল; লাহে লাহে হাতীটোৰ শব্দবোৰো নোহোৱা হৈ আহিছিল।
———
আধাডুখৰীয়া নিৰ্মীয়মাণ পথ এটাৰে গতি কৰিছিল পিকনিকৰ গাড়ীখন। গ্লাছেৰে বন্ধ কৰি ৰখা গাড়ীৰ ভিতৰলৈকে ধূলিয়ৰি পথটোৰ পৰা সোমাই অহা ধূলিকণাত প্ৰীতমহঁতৰ চৰচৰণি উঠিছিল। পথটোৰ দুইফালে থমথমকৈ ৰখাই থোৱা আছিল নিৰ্মাণ কাৰ্য্যত প্ৰযুক্ত যন্ত্ৰাদি; যন্ত্ৰবোৰে যেন বহুদিনীয়া ভাগৰ পলুৱাবলৈ ৰাস্তাৰ কাষত বহি লৈছিল।
ধূলি উৰুৱাই পাৰ হৈ যাব খোজা বালি ভৰ্তি ট্ৰাকৰ লানি এটাক যোৱাৰ সুবিধা কৰি দিবলগীয়া হৈছিল প্ৰীতমহঁতে। অলপ দূৰ গৈয়েই শাল-চেগুণকে ধৰি সৰু বৰ গছেৰে ঢাকি থোৱা ঠাইটুকুৰাৰ মাজত বনবিভাগৰ অফিচ এটা। পুৰণি চাইকেল আৰু ঠেলাৰ ভগ্নাৱশেষ অফিচ চৌহদত। গেটতে আঁৰি থোৱা ছাইনবোৰ্ডখনত আধা মচখোৱা আখৰ। গাভৰুৰ ধুনীয়া চুলিটাৰিত পেকেটৰ জেতুকা গুৰি লেপি ৰখাৰ দৰে মাটিৰ গেদ লিপিট খাই আছিল ৰাস্তাৰ দুইকাষৰ সেউজীয়াবোৰত। নিজৰ ৰং লুকুৱাই মাটি ৰং জাপি দিয়া তৃণবোৰে হয়তো সেইখিনি সময়ত আগ্ৰহেৰে অপেক্ষা কৰিছিল এজাপুৰ দবাপিতা বৰষুণৰ বাবে। যি জাপুৰ বৰষুণৰ উপস্থিতি সিহঁতৰ বাবে হৈ পৰিব স্থিতি জাহিৰৰ অৱলম্ব। ওখ চাপৰ ৰাস্তাটোৰে গাড়ীখন ক্ৰমে পাহাৰমুখে আগুৱাই গৈছিল।
প্ৰীতমহঁতৰ আগে আগে আন দুটা দল উপস্থিত হ’লেও ঠাইটুকুৰাই যে এটা নিঃসংগ ৰাতি কটাই সাৰ পাইছিল সেই চিন তেতিয়াও স্পষ্ট আছিল। আগৰ দলকেইটাই ইতিমধ্যে গাড়ীৰ পৰা খৰি, কেৰাহী, ছাউণ্ড বক্স আদি সামগ্ৰীবোৰ নমাই নিজৰ নিজৰ ঠাইত থান-থিত লগোৱাত ব্যস্ত আছিল।
পুলিনে কোৱা মতে হাতীৰ ঠাইটুকুৰাত পিকনিকৰ নামত মানুহৰ স্বচ্ছন্দ বিচৰণ। হাতীবোৰ এতিয়া দিনৰ পোহৰত নোলাই যদিও ৰাতি কোনো কোনো ঠাইত দেখা পোৱা যায়। উপস্থিতিৰ প্ৰমাণ হিচাপে প্ৰায়ে বাতৰি কাকতৰ শিৰোনামাই কঢ়িয়াই সিহঁতৰ ত্যাগৰ খবৰবোৰ। ৰে’লৰ খুন্দাত বা হাই ভল্টেজ তাঁৰত লাগি হোৱা মৃত্যুৰ খবৰবোৰে খন্তেকৰ বাবে হ’লেও হৃদয়বানৰ হিয়া কঁপায়।
বস্তু ৰাখিবলৈ প্ৰয়োজন হোৱা কলপাত বিচাৰি পুলিনে ঠাইটুকুৰাত কলপাত এখিলাও নাই বুলি হাহাকাৰ কৰি ফুৰিছিল। উচ্চ আৱাজৰ সংগীতৰ তালত পিকনিক পাৰ্টীবোৰৰ নৃত্য ইতিমধ্যে আৰম্ভ হৈছিল। নৃত্যৰ মাধ্যমে টানি-আঁজুৰি ছিঙি পেলোৱাৰ অকৃপণ প্ৰতিযোগিতা সভ্যতাই গাঁঠি দিয়া লেবেলখন। প্ৰীতমে বিচাৰি ফুৰিছিল নিমাখিত প্ৰাণীটোৰ উপস্থিতিৰ কিবা এটা চিন-মোকাম।
বিদায়ক্ষণত গছবোৰৰ ফাকেৰে জুই ৰঙী সূৰুযটোৱে ৰক্ষকৰ দায়িত্বৰে জুমি জুমি চাইছিল ঠাইটুকুৰালৈ। প্ৰকাণ্ড গছৰ ছায়াবোৰে আন্ধাৰ বৰণলৈ ক্ৰমশঃ ঢলি আহিছিল। আন্ধাৰে গিলি থোৱাৰ আগতেই ঠাইটুকুৰা খালি কৰি দিব লাগিব বুলি সকলোৱে নিজৰ বস্তু-বাহানিবোৰ সামৰাত লাগিছিল। দুই এখন গাড়ী ইতিমধ্যে বিদায় লৈছিলেই। প্ৰীতমহঁতৰ তেতিয়াও কিছু বস্তু গাড়ীত তুলিবলৈ বাকী আছিল। তেনেতেই অলপ দূৰত থকা বনবিভাগৰ অফিচটোৰ লাউড-স্পিকাৰৰ পৰা ভাঁহি অহা ডাঙৰ ডাঙৰ শব্দবোৰত সকলোৱে ৰৈ সেইফালে কাণ টোঁৱাইছিল। শব্দকেইটাত পুলিনহঁতে ভয় খাইছিল; অফিচটোৰ পৰা কোনোৱে সতৰ্কবাণী শুনাইছিল- আশে-পাশে হাতীৰ জাক এটা ওলাইছে; দুদিনৰ আগতে দলটোৰ মাজৰ এজনক হেৰুৱাই ইতিমধ্যে জাকটো উগ্ৰ হৈছে। সকলোকে নিজৰ নিজৰ স্থানত সুৰক্ষিত ঠাই এটুকুৰা বাছি ল’বলৈ আহ্বান জনাইছিল আৰু কাইলৈ দিনৰ পোহৰতহে যেন এই ঠাই এৰে তাৰ নিৰ্দেশ দিছিল। একেই বাৰ্তা আছিল ওচৰ-পাজৰৰ গাওঁবাসীৰ বাবেও। পৰিত্যক্ত যদিও মজবুত যেন লগা চৰকাৰী ঘৰ এটালৈ সকলোৱে দৌৰি গৈছিল। প্ৰীতমহঁতৰ দলটোত আছিল মুঠ আঠজন। প্ৰীতমৰ পৰিবাৰ আৰু ল’ৰাটো, পুলিনৰ পৰিবাৰ আৰু সাতবছৰীয়া ছোৱালীজনী এইফালে সিহঁতৰ লগৰ নতুনকৈ বিয়া পতা ৰাকেশ আৰু তাৰ সহধৰ্মিণী।
নিৰাপদ যেন লগা ঘৰটোৰ ভিতৰলৈ সোমাই গৈছিল প্ৰায় পঁচিছজনমান ভীতিবিহ্বল মানুহ। খন্তেক আগলৈকে আনন্দ-উল্লাসত ডুব গৈ থকা ঠাইটুকুৰাত যেন শতৰুৰ কোপদৃষ্টি। দৌৰা-দৌৰিৰ মাজতে ইজনে আনজনৰ ওপৰত দোষ জাপি দিয়াৰ চেষ্টা। সময়ত ঠাই এৰিব নোৱৰাৰ কাৰণ দৰ্শোৱাৰ নামত এজনে উদঙাইছে আনজনৰ চৰিত্ৰ। ইমান দেৰি মানুহৰ ৰেহ-ৰূপ লক্ষ্য কৰি থকা প্ৰীতমে নিজৰ পৰিয়ালৰ সুৰক্ষাৰ বাবে চিন্তিত হৈছিল যদিও নিমাখিত প্ৰাণীটোৰ উগ্ৰ ৰূপটো চোৱাৰ হেঁপাহ জাগিছিল।
———-
“বুনইৰা হাথীৰ ঝাক এটাৰ কিৰিঙা এটাক সি বেটাই মদৰ নিচাহ’ত মূতী দিছিল। সেইদিনা একো নকল্লা; ভালে ভালে যাবা দিছিল।” ঠাইখনৰ আশ-পাশৰ কোনো গাঁৱৰ বুলি কথাত অনুমান কৰিব পৰা মানুহজনৰ হাতী সম্পৰ্কীয় অভিজ্ঞতাৰ গল্পবোৰ জুম বান্ধি শুনি আছিল কেইজনমানে।
” বাইপাক পুতাক অঁৰাকমাখাই একদিন মঝিয়াত বহি আছিল, ক’ৰ পেৰে চাকুনা দঁতিয়া এটা আহি পুতাকক শুঁৰেদি টানি আনি আচেৰি-আচেৰি মাল্লা কায়ো তলকিবাই নল্লা। পোটক বুচ্ছা হাথীৰ বাচ্ছাক মূতী দিছিল যে সেইৰধৰি তাৰো পুতাকক সেনাকে শাস্তি দিছিল।” মানুহজনৰ ৰস লগা গল্পবোৰৰ ভাগ প্ৰীতমেও লৈছিল।
বাহিৰত বতাহজাকৰ বাবে গছৰ পাতে পাতে লাগি হোৱা শব্দ আৰু পৰিভ্ৰমী চৰাইজাকৰ পাগ উঠা দ্বৈতসংগীতৰ আৰোহণ-অৱৰোহণ। মাজে মাজে কোকলঙাৰ তাল কটা শব্দত কাণবোৰে গতি কৰে গছবোৰৰ মাজেৰে; প্ৰকাণ্ড প্ৰাণীটোৰ উপস্থিতিৰ অনুমান কৰি।
“হাতীৰ মৌ-মাখিলৈ বৰ ভয়। শব্দ শুনিলে সেই ঠাইত ৰৈ নাথাকে।” তাচ খেলত বহি থকা এজনে কৈছিল।
“আমাৰ ই মৌ-মাখিৰ মাত বৰ ধুনীয়াকৈ উলিয়াই।” এইহেন সময়খিনিতো নিজৰ পুতেকৰ প্ৰতিভাখিনিৰ বাবে গৌৰৱ কৰা নিজৰ মানুহজনীৰ কথাত প্ৰীতমে মিচিকিয়াই হাঁহিছিল।
ঝৰঝৰকৈ উঠিছিল; গছ ভঙাৰ শব্দ; উৎকৰ্ণ হৈ শুনাৰ চেষ্টা কৰি সকলো নিতাল মাৰিছিল।
——-
খিচিৰ-মিচিৰ মংগলধ্বনিৰে ৰাতিপুৱাটোক স্বাগতম জনাইছিল চৰাইজাকে; পুৱাৰ পোহৰে কঢ়িয়াই আনিছিল সাহস।
ৰ’দৰ সৰলৰেখাবোৰে গছৰ পৰা নামি আহিছিল বাটটোলৈকে; চলিব লৈছিল প্ৰীতমহঁতৰ ঘৰমুৱা গাড়ী। তামোল গছবোৰ গুৰিতে কটা বাৰী এখনৰ ওচৰত প্ৰীতমৰ গাড়ী ৰখালে। ৰাতি গছভঙা শব্দবোৰ এইখিনি ঠাইৰ পৰাই গৈছিল। হাতীয়ে এনেদৰে গছবোৰ নিশ্চয় ভঙা নাই। কৌতুহল তুংগত উঠি গৃহস্থৰ লগত কথা পতাৰ ইচ্ছা জাগিল প্ৰীতমৰ।
ঘৰটোৰ গৰাকী প্ৰীতমৰ চিনাকি ওলাল। পক্ষীৰাজ কুমাৰ। প্ৰকৃতিপ্ৰেমী। আলোচনা চক্ৰ এটাত দেখা হৈছিল। কিন্তু আজিৰ এই সাক্ষাত সম্পূৰ্ণ কাকতালীয়। পক্ষীৰাজে প্ৰীতমহঁতে হাতীৰ ভয়ত ৰাতি এনেদৰে কটাবলগীয়া হোৱাৰ কথাটোত হাঁহিছিল।
“কি ভাবিছে কালি সঁচাকৈয়ে হাতী ওলাইছিল!” পক্ষীৰাজৰ কথাবোৰত প্ৰীতমৰ আগ্ৰহবোধ জন্মিছিল।
পক্ষীৰাজে কৈ গৈছিল কথাবোৰ।
নিৰ্মীয়মান পথটো নিৰ্মাণৰ বাবে কাটিবলগীয়া হৈছিল পাহাৰৰ এছোৱা। পাহাৰৰ গাত নলগোৱাকৈও এই পথ সাজিব পাৰি যদিও খৰচৰ পৰিমাণ বাঢ়ি যায়। চৰকাৰী পক্ষক ঠিকাদাৰৰ হেঁচা; পাহাৰ কাটিবলৈ অনুমতি লাগে। পাহাৰৰ গাত লগাই পথ নিৰ্মাণৰ কাৰ্যত তীব্ৰ বিৰোধ পক্ষীৰাজহঁতৰ। এইদৰে পথ নিৰ্মাণ কৰিলে হাতীৰ মুক্ত বিচৰণত বাধাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা। প্ৰথমাৱস্থাত সকলোৱে একমুখে বিৰোধ কৰিছিল এই পথ নিৰ্মাণৰ; এতিয়া ভাগ ভাগ। আগতে পাহাৰ কাটি পথ নিৰ্মাণ হ’ব নিদিও বোলা পক্ষৰ কিছুমানো এতিয়া পথটো হ’লেও একো ক্ষতি নাই বুলি সমৰ্থন দিয়াৰ পক্ষত।
যোৱাৰাতি এনে কিছুলোকৰ সহায়তেই শেষ স্বাক্ষৰ হৈ গ’ল তথাকথিত স্থানীয় মানুহখিনিৰ লগত; যদিওবা প্ৰতিবাদৰ ভয়ত হাতীৰ ভয় দেখুৱাই ঘৰতে সুমোৱাই ৰখা হ’ল একাংশক, এক দীঘলীয়া সংগ্ৰামৰ অন্তত প্ৰাপ্তিৰ বনৰীয়া আনন্দত বিভোৰ এচামে গুৰিতে কাটি থৈ গ’ল পক্ষীৰাজৰ এবাৰী তামোল গছ।
প্ৰীতমে হুমুনিয়াহ কাঢ়িছিল।
পৰিয়ালটোক অকাৰণে যান্ত্ৰণাৰ ৰাতি এটাত কটাবলৈ এৰি দিয়াৰ কথাষাৰ সহজে ল’ব পৰা নাই প্ৰীতমে। খং আৰু বিকচিনাই তাৰ সৰ্বশৰীৰ কঁপাই তুলিছিল। অলপ আঁতৰলৈ গৈ সি আটাহ পাৰিছিল পাৰ্যমানে। তাৰ ওচৰলৈ আহি টালফাল লগাইছিলহি এটা মিৰ্গা গঢ়ৰ হাতী। সেই একেটাই হাতী; সেইদিনা শব্দালংকাৰেৰে গল্পটো সজোৱাৰ সময়তো প্ৰত্যক্ষ কৰিছিল। ক্ৰোধিত হাতীটোৱে যেন তাৰ আদেশলৈ বাট চাই আছে। ইচ্ছাকৃতভাৱে এইবাৰ সি হাতীটোৰ খং কোনো কাৰণতে দমাবলৈ চেষ্টা নকৰিলে। ঠাণ্ডা স্বভাৱৰ বুলি নাম থকা জাতৰ হাতীটোৰ ঈষাণেৰে স্ফুলিত হৈছে খঙৰ ফিৰিঙতি। কোনো উজ্জ্বল চমকেৰে ভ্ৰমৰ সৃষ্টি কৰি বশ কৰিব নোৱাৰা এযোৰ তীক্ষ্ণ চকু। এটা খঙাল হাতীৰ ; যিটো হাতীয়ে ৰাতিৰ গল্প কোৱা মানুহজনৰ হাতীটোৰ দৰে পোটক ল’বলৈ ক্ষেপ পুতি ৰৈ থাকিব (আচেৰি-আচেৰি মাৰাৰ সামৰ্থ্যৰে)। শক্তিশালী আপোচহীন হাতীটো জংঘলত এৰি প্ৰীতমে লাহে-লাহে তাৰ গাড়ীখন ঘৰমুখে আগুৱাই লৈ গৈছিল।
——–

