দৈ শিঙৰীৰ ৰজনীপ্রভা: প্রথম অসমীয়া চিকিৎসক ।। অদিতি বেজবৰুৱা
মুক্ত চিন্তা। একাদশ বছৰ।। দ্বিতীয় সংখ্যা
ৰজনীপ্রভা দাস- তেওঁৰ পিতৃপ্রদত্ত নাম আছিল ৰামেশ্বৰী মজুমদাৰ। অবিভক্ত কামৰূপ জিলাৰ বজালী অঞ্চলৰ দৈ শিঙৰী গাঁৱৰ ৰাতিৰাম গাওঁবুঢ়াৰ নুমলীয়া কন্যা। মাকৰ নাম আছিল গঙ্গাপ্রিয়া। ৰামেশ্বৰীয়ে কামৰূপ জিলাবে ভালুকীগাঁৱত মাহীয়েকৰ ঘৰত থাকি প্রাথমিক শিক্ষা লাভ কৰিছিল। ভালুকীত প্রাথমিক শিক্ষা সমাপ্ত কৰি ঘূৰি আহি দৈ শিঙৰীৰ ওচৰৰ কঠালমূৰী গাঁৱত পঢ়াৰ আশাৰে উদ্যোগ লৈছিল। কিন্তু কঠালমূৰী গাঁৱৰ বিদ্যালয় আছিল ল’ৰাৰ বাবে। তাতে যাতায়তৰ অসুবিধা। গতিকে সেই আশা আশা হৈয়েই থাকিল।
ৰামেশ্বৰীৰ বায়েক আছিল চন্দ্রপ্রিয়া। চন্দ্রপ্রিয়াৰো আছিল পঢ়াৰ প্রতি তীব্র হেঁপাহ। কিন্তু কঠালমূৰীত পঢ়াৰ সুবিধা নোহোৱাত চন্দ্রপ্রিয়াই ওচৰৰ অকয়া গাঁৱত এখন অনানুষ্ঠানিক স্কুল খুলি গাঁৱৰ ছোৱালীবিলাকক পঢ়াবলৈ আৰম্ভ কৰিছিল। তেতিয়াৰ চৰকাৰী সহকাৰী স্কুল পৰিদৰ্শক নীল বৰুৱাই অকয়াৰ স্কুলখন চাবলৈ আহি চন্দ্ৰপ্ৰিয়াৰ শিক্ষাৰ প্ৰতি হেঁপাহ দেখি মুগ্ধ হৈ নগাঁওৰ মিছন স্কুলত পঢ়িবলৈ সুবিধা কৰি দিলে।
তুলসীৰ লগতে কলপটুৱাৰো মুক্তি হোৱাৰ দৰে চন্দ্ৰপ্ৰিয়াৰ লগতে ৰামেশ্বৰীও আহি দৈ শিৰীৰ পৰা নগাঁও মিছন স্কুল পালেহি। বোধহয় বিদ্যালয় পৰিদৰ্শক নীল বৰুৱাক ৰাতিৰাম মজুমদাৰে চন্দ্ৰপ্ৰিয়াৰ লগতে ৰামেশ্বৰীৰ বাবেও সুবিধা কৰি দিবলৈ খাটনি ধৰিছিল।
যি কি নহওক, ১৯১৫ চনত দুয়ো বাই-ভনী নগাঁৱৰ মিছন স্কুলত ভর্তি হ’লগৈ। মিছন স্কুলত চন্দ্রপ্রিয়া হ’লগৈ চন্দ্রপ্রভা দাস আৰু ৰামেশ্বৰী হ’লগৈ ৰজনীপ্রভা দাস। উল্লেখযোগ্য যে এই চন্দ্রপ্রভা দাসেই হ’ল অসমৰ নাৰী মুক্তি আন্দোলনৰ অগ্রগামী নেতা অগ্নিস্নাতা চন্দ্রপ্রভা শইকীয়ানী।
চন্দ্ৰপ্রভা শইকীয়ানীৰ লক্ষ্য আছিল অসমৰ নাৰী সমাজত শিক্ষাৰ পোহৰ বিলাই নাৰীৰ সামাজিক অৱস্থানৰ উন্নতি সাধন কৰা। ৰজনীপ্রভাই মনৰ মাজত এক সপোন পুহি ৰাখিছিল। তেওঁৰ ইচ্ছা আছিল দেশৰ মানুহক বিশেষকৈ নাৰী সমাজক চিকিৎসা সেৱা আগবঢ়োৱা। কাৰণ চিকিৎসাৰ অভাৱত বহু নাৰীয়ে মৃত্যুক সাৱটি ল’ব লগা হৈছিল। সন্তান জন্ম দিবলৈ গৈ বহুতো নাৰীয়ে ইহসংসাৰৰ পৰা মেলানি মাগিবলগীয়া হৈছিল। পৃথিৱী দেখাৰ লগে লগে বহুতো নৱজাতকে মৃত্যুৰ কোলাত আশ্ৰয় লৈছিল। আনকি ৰজনীপ্ৰভাৰ কেইবাটাও ভাই-ভনীৰ সৰুতেই মৃত্যু হৈছিল।
কিন্তু এই সপোন দিঠকত পূৰণ কৰিবলৈ তেওঁৰ পিতৃৰ আৰ্থিক সামর্থ্য নাছিল। দৈ শিঙৰীৰ দৰে গাঁৱৰ ছোৱালীৰ বাবে এই পথ মুঠেই মসৃণ নাছিল। কিন্তু ‘খ্ৰীষ্টান ধৰ্ম’ প্ৰচাৰৰ বাবে অহা মিছনেৰীসকলে তেওঁলোকে পতা স্কুলবিলাকত সমাজৰ নিম্নজাতৰ নিস্পেষিত ল’ৰা-ছোৱালীক নানা সা-সুবিধাৰ ব্যৱস্থা কৰি দিছিল। খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰা মেধাৱী ছাত্ৰ-ছাত্ৰীৰ বাবে তেওঁলোকে খুলি দিছিল জীৱনৰ সেন্দুৰীয়া বাট। নিজৰ সপোন পূৰণ কৰিবৰ কাৰণে বহুতো ছাত্র-ছাত্রীয়ে এনেদৰে মিছন স্কুলৰ সহযোগত খ্ৰীষ্টান ধর্ম গ্রহণ কৰিছিল।
ৰজনীপ্রভাই নগাঁও মিছন স্কুলত এম.ই পঢ়াৰ পাছত শ্বিলঙত হাইস্কুলীয়া শিক্ষা লাভ কৰিলে। ৰজনীপ্ৰভাৰ মেধা শক্তি আৰু খ্ৰীষ্টান ধৰ্মৰ প্ৰতি দেখুওৱা আগ্রহ এই দুই কথাৰ বাবে মিছনেৰীসকলে তেওঁৰ পঢ়াৰ সমস্ত দায়িত্ব গ্রহণ কৰিছিল। পাছত লক্ষ্ণৌৰ ইজাবেল কলেজৰ পৰা ইণ্টাৰমিডিয়েট পাছ কৰি কলিকতাৰ মেডিকেল কলেজত পঢ়িবলৈ যায়। আৰু তাৰ পৰা ১৯৩৩ চনত এম.বি. ডিগ্রী লাভ কৰি অসমৰ প্ৰথমগৰাকী মহিলা এম.বি. ডিগ্রীধাৰী চিকিৎসকৰূপে পৰিগণিত হয়।
ধর্মান্তৰ হ’লেও, মেডিকেল পঢ়ি থাকিলেও নিজৰ ঘৰখনৰ প্ৰতি ৰজনীপ্রভা উদাসীন নাছিল। ইতিমধ্যে ককায়েক ধৰ্মেশ্বৰে মাটি-সম্পত্তি বন্ধকত থোৱাৰ বাবে তেওঁলোকৰ আৰ্থিক অৱস্থাৰ আৰু অৱনতি ঘটিছিল। দেউতাক ঢুকুৱাৰ পাছত ঘৰখনৰ হাল ধৰা চন্দ্ৰপ্ৰভাক কেনেকৈ সহায় কৰিব পাৰে তাৰে চিন্তা কৰিছিল। কলিকতাত পঢ়িবলৈ তেওঁ মিছনেৰীৰ পৰা ১০৫ টকাৰ বৃত্তি পাইছিল। বায়েকলৈ তাৰে ৩৫ টকা পঠাইছিল ঘৰ চলাবৰ বাবে।
কলিকতাত পঢ়ি থাকোতে তেওঁ পঢ়া-শুনাত আগৰণুৱা আছিল। তেওঁ খুটি নাটি মাৰি জ্ঞান আহৰণ কৰিবলৈ চেষ্টা কৰিছিল। গুৰুতকৈ শিষ্য সিয়ান খুঁচৰি খুঁচৰি লয় জ্ঞান। পুষ্পলতা দাসে লিখা মতে তেওঁ প্ৰফেচাৰসকলৰ লগতে প্রায়ে চিকিৎসা বিষয়ক তর্ক-বিতর্কত লিপ্ত হৈছিল। তেওঁৰ নির্ভুল উত্তৰ আৰু ৰোগ নিৰ্ণয় ক্ষমতাই তেওঁৰ শিক্ষকসকলক মুগ্ধ কৰিছিল।
মেডিকেল কলেজৰ ডিগ্ৰী লোৱাৰ পাছত ৰজনীপ্রভাই শ্বিলঙৰ পেষ্টিউৰ ইনষ্টিটিউটত কর্মজীৱনৰ পাতনি মেলে। কিছুদিন পিছত এই কাম এৰি চাবুৱাৰ চৰকাৰী স্বাস্থ্য কেন্দ্ৰত কামত যোগ দিলে। ইয়াৰ পাছত কিছুদিনৰ বাবে চৰকাৰী মেলেৰিয়া প্ৰতিৰোধ বিভাগত তেওঁ সেৱা আগবঢ়ায়। ইতিমধ্যে তেওঁ পশ্চিমবংগৰ মৰাপাট কলৰ গ্ৰুপ হস্পিতেলত এটা চাকৰি লাভ কৰিলে। চন্দন নগৰ আৰু শ্ৰীৰামপুৰৰ মাজত নংগাদ নামে ঠাইত থকা হস্পিতেলখনত কিছু থিতাপি লোৱাৰ পাছত চন্দ্ৰপ্ৰভা শইকীয়ানীৰ পুত্ৰ ভাগিনীয়েক অতুলক নিজৰ তত্ত্বাৱধানত ৰাখিছিল। এই চিকিৎসালয়ত চাকৰি কৰি থাকোতেই ইছাপুৰ গান ফেক্টৰিৰ কাৰখানাত কাম কৰা অভিযন্তা প্রফুল্ল দত্তই ৰজনীপ্ৰভাৰ প্ৰতি আকর্ষিত হয় আৰু তেওঁলৈ বিবাহৰ প্ৰস্তাৱ আগবঢ়ায়। তেওঁলোক দুয়ো বিবাহপাশত আৱদ্ধ হ’ল যদিও স্বামীৰ পৰিয়ালে তেওঁক স্বীকৃতি নিদিলে। হয়তো প্রবাসী বুলি বা ভিন্ন ভাষা, ভিন্ন ৰাজ্যৰ বুলি নহ’লে কোনো যৌতুক নোপোৱাৰ বাবেই তেওঁক আদৰি নল’লে।
ইতিমধ্যে তেওঁ হাওৰাৰ অসামৰিক চিকিৎসালয় এখনত চিকিৎসা বিষয়া হিচাপে কামত যোগদান কৰিলে। সেই সময়তে তেওঁৰ গৃহস্থ প্রফুল্ল দত্তই হাওৰাৰ ওচৰৰ চালকিয়া বান্ধা ঘাটত এজন কালী সাধকৰ ওচৰত দীক্ষা লয় আৰু ৰজনীপ্রভাকো দীক্ষা লোৱালে। তান্ত্রিকজনে মা-কামাখ্যাৰ দেশৰ ৰজনীপ্রভাক মা কালী ৰূপে আৰাধনা কৰিবলৈ ধৰিলে। লাহে লাহে সেই তান্ত্রিকজনৰ মোহজালত সন্মোহিত হৈ আধুনিক চিকিৎসা বিজ্ঞানৰ মেধাৱী ছাত্ৰীগৰাকী আৱদ্ধ হ’ল। নিজৰ টকা-পইচা, আ-অলংকাৰ, সা-সম্পত্তি সকলো তান্ত্রিকক অর্পণ কৰাৰ লগতে তেওঁ মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছিল।
ৰজনীপ্ৰভাৰ অসুস্থতাৰ খবৰ পাই চন্দ্ৰপ্ৰভাই ৰজনীপ্রভাক ঘৰলৈ লৈ আহিল। কিছুদিন গুৱাহাটীৰ ড০ ভূবনেশ্বৰ বৰুৱাৰ চিকিৎসাত আৰু মাক-বায়েকৰ শুশ্রূষাত ৰজনীপ্রভাই কিছু আৰোগ্য লাভ কৰিলে। ইয়াৰ পিছত তেওঁ বজালীৰ সাদেৰী স্বাস্থ্য কেন্দ্ৰতে চাকৰিত সোমাই কিছুদিন চাকৰি কৰে। তাৰপিছত চন্দ্ৰপ্ৰভাই তেওঁক বৰপেটাৰ অসামৰিক চিকিৎসালয়লৈ বদলি কৰাই আনিলে। পিছে তাতে থাকোতেই পুনৰ গুৰুতৰভাৱে অসুস্থ হৈ গাঁৱৰ ঘৰলৈ ঘূৰি আহিল। তেওঁ আউলী-বাউলী চুলি আৰু অবিন্যস্ত সাজপাৰেৰে গাঁৱৰ চুবুৰীয়ে চুবুৰীয়ে, আলিয়ে-পথাৰে ঘূৰি ফুৰিবলৈ ধৰিলে আৰু এনেকৈ ঘূৰি ফুৰোতেই গাঁৱৰ অসৎ চৰিত্ৰৰ কোনো লোকে সুবিধা ল’লে। ফলস্বৰূপে সন্তানসম্ভৱা হ’ল ৰজনীপ্রভা, আৰু বিধিৰ বিধান অনুসৰি গাঁৱৰ সন্তানসম্ভৱা মাতৃক চিকিৎসা সেৱা আগবঢ়াবলৈ মনস্থ কৰা ৰজনীপ্রভাই নিজে সন্তান জন্ম দিবলৈ গৈ মৃত্যুমুখত পৰিল। এনেদৰে প্ৰথমগৰাকী অসমীয়া এম.বি ডিগ্রীধাৰী মহিলা চিকিৎসকৰ জীৱন কাহিনীৰ অন্ত পৰিল। প্ৰচুৰ সম্ভাৱনাময় এই নাৰীৰ অকাল মৃত্যুত অসমীয়া সমাজে পায়ো হেৰুৱালে এগৰাকী মহিলা চিকিৎসকক।
তেওঁ সমাজৰ সকলো ভেটা ভাঙি, নিজৰ দৃঢ়তা আৰু একনিষ্ঠতাৰেৰে আধুনিক চিকিৎসাবিজ্ঞানৰ জগতখনত প্রৱেশ কৰিছিল। জীৱন যাত্ৰাৰ ৰূপালী পথেৰে সফল সমাপ্তি ঘটা চাবলৈ সক্ষম নহ’ল। জীৱনৰ সুন্দৰ সপোনৰ আধাতে পৰিসমাপ্তি ঘটিল। কিন্তু তেওঁৰ অসম্পূৰ্ণ সপোনবোৰে আন বহুতো নাৰীৰ মনত জগাই তুলিলে অনেক স্বপ্নৰ অংকুৰ।

