আৰ্দ্ৰভূমিৰ গুৰুত্ব আৰু সংৰক্ষণৰ প্ৰয়োজনীয়তা-কামৰূপ জিলাৰ ‘দৰা বিল’ৰ বিশেষ উল্লিখনসহ-(দীপাংকৰ ঠাকুৰীয়া আৰু প্ৰসন্ন কলিতা)
আৰম্ভণি: আমাৰ ৰাজ্য অসমত আৰ্দ্ৰভূমিৰ পয়োভৰ বেছি কাৰণে ই প্ৰাকৃতিক ভাৰসাম্য বৰ্তাই ৰখাই সহায়ক হৈছে। আৰ্দ্ৰভূমিক পৃথিৱীৰ বৃক্ক বুলি কোৱা হয়।এই আৰ্দ্ৰভূমিবোৰ পৰিস্থিতি তন্ত্ৰৰ আটাইতকৈ বেছি উৎপাদনক্ষম আৰু দীৰ্ঘম্যাদী পুনৰব্যৱহাৰযোগ্য প্ৰাকৃতিক ভাণ্ডাৰ। সেয়েহে আৰ্দ্ৰভূমিবোৰক আমাৰ পাৰিপাৰৰ্শ্বিকতাৰ ৰক্ষা কৱচ বুলি ক’ব পাৰি। কিন্তু বিগত কিছু সময়ত অসমত প্ৰকৃতিৰ মহামূল্যবান আৰ্দ্ৰভূমিবোৰ জধে-মধে অপব্যৱহাৰ কৰি থকা হৈছে।অতীত সময়ত কিন্তু প্ৰকৃতিৰ সুৰক্ষা আৰু ইয়াৰ সৈতে সহাৱস্থান কৰি স্থানীয় মানুহখিনিয়ে দীৰ্ঘদিন ধৰি বসতি কৰিছিল।পৰিস্থিতি তন্ত্ৰ এটাৰ পৰা পাব পৰা সম্পদ আহৰণেৰে লোকজীৱন আগুৱাই নিছিল। কিন্তু মানুহৰ বৰ্দ্ধিত লালসা,জনবিষ্ফোৰণ,পুঁজিপতিৰ দ্বাৰা ভূমি ব্যৱহাৰ আৰু চৰকাৰী বিভাগৰ কিছু অবিবেচকী সিদ্ধান্তই প্ৰকৃতিৰ ওপৰত বৰ দূখলগাকৈ আঘাত হানিছে। ক্ৰমশঃ টুটি অহা আৰ্দ্ৰভূমি এলেকাই ইয়াকেই সূচায় যে, আৰ্দ্ৰভূমি সংৰক্ষণৰ গুৰুত্বৰ বিষয়ে অসমৰ জনতা বৰ বেছি সজাগ নহয়, সেয়েহে উদ্যোগৰ নামত জলাহ ভূমি পুতি তাত বৃহৎ নিৰ্মাণকাৰ্য হৈ আছে। আৰ্দ্ৰভূমিৰ অপব্যৱহাৰ বা সংকোচন যদি আমি ৰোধ কৰিব নোৱাৰো, তেনেহ’লে আমাৰ পৰৱৰ্তী প্ৰজন্ম ভয়াবহ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব লাগিব।আৰ্দ্ৰভূমি বিলুপ্তি বা সংকোচনৰ ফলত হোৱা কুফল বৰ্তমানৰ আমাৰ প্ৰজন্মইও ভোগ কৰিছোঁ। প্ৰকৃতিৰ সংৰক্ষণৰ ব্যতিৰেকেই ইয়াৰ পৰা উদ্ধাৰৰ গত্যন্তৰ নাই, কিন্তু বৰ্তমান সময়ত প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ বিষয়টোৱে যি ধৰণে গুৰুত্ব পাব লাগিছিল, সেই দৰে বিষয়টোৱে গুৰুত্ব পোৱা নাই। সেয়েহে, আমাৰ চৌপাশত খাল-বিল, পিতনি, জান-জুৰিকে ধৰি সকলোধৰণৰ আৰ্দ্ৰভূমিৰ গুৰুত্ব সম্পৰ্কে জনসাধাৰণক সচেতন কৰাৰ লগতে সংৰক্ষণৰ বাবে ঐক্যৱদ্ধ হৈ কাম কৰিব লাগিব।জন সচেতনতা এই ক্ষেত্ৰত খুব প্ৰয়োজনীয়। আৰু আমি নিজকেই এবাৰ চিকুটি চাই প্ৰশ্ন কৰা উচিত যে আমি নিজৰ অসীম লালসা, স্বাৰ্থ আৰু ভয়-ভীতিত বিতত হৈ অবাধ হাৰত প্ৰকৃতিৰ ওপৰত হোৱা নিৰ্মম অত্যাচাৰৰ বিৰুদ্ধে মাত নমতাকৈ এক দূৰত্বত অৱস্থান কৰিছোঁ নেকি!
আৰ্দ্ৰভূমি, জলাশয়বোৰ কিয় গুৰুত্বপূৰ্ণ:
(ক) পানী সংৰক্ষণ আৰু সংশোধনঃ বৰষুণৰ পানী বৈ গৈ জলাশয়, বিল আদিত জমা হয়। তাৰ পৰা এক প্ৰাকৃতিক প্ৰক্ৰিয়াৰে পানী নিজৰি নিগৰি ছেকন হৈ গৈ ভূ-গৰ্ভত জমা হয়। নলীনাদ বা কুঁৱাৰ জৰিয়তে বাজলৈ উঠোৱা ভূ-গৰ্ভৰ পানীখিনিৰ স্থান এনেদৰেই পুনৰ পানীৰে পূৰণ হয়। খাল-বিলৰ পানীয়ে তাৰ চৌপাশৰ মাটিও জীপাল কৰি ৰাখে।যাৰ ফলত কাষৰ গছ-গছনি সমূহ সজীৱ হৈ থাকে তথা জলজ সমতা বৰ্তাই ৰাখে।
(খ) খাদ্য সামগ্ৰীৰ উৎসঃ আৰ্দ্ৰভূমিবোৰ মাছৰ এক প্ৰাকৃতিক উৎস।এই মাছৰ বাণিজ্যিক মূল্যও যথেষ্ঠ। তাৰোপৰি শেলুৱৈ, পানী, শিঙৰী, মকুৱা, নিকৰি আদিৰ দৰে জলজ উদ্ভিদো জলাশয়বোৰত প্ৰচুৰ পৰিমাণে পোৱা যায়।নিকৰিৰ অৰ্থনৈতিক গুৰুত্ব বহুত আৰু ই এক স্বাস্থ্যকৰ খাদ্য।
(গ) গ্ৰাম্য অৰ্থনীতিৰ ভেঁটিঃ আদ্ৰভূমিত নিজে নিজে গজি উঠা বেত, নল, খাগৰি, পাটি দৈ আদিৰে মানুহৰ নিত্য ব্যৱহাৰ্য বহু লাগতিয়াল সামগ্ৰী প্ৰস্তুত কৰা উপৰিও সৌন্দৰ্যবৰ্দ্ধক সামগ্ৰীও তৈয়াৰ কৰি এখন বজাৰ গঢ় লোৱাৰ উদাহৰণ আছে। গৰু-ম’হৰ ঘাঁহৰ কাৰণেও জলাশয় সমূহৰ ওপৰত গো-পালক সকলে নিৰ্ভৰ কৰিবলগীয়া হয়।এনে ব্যৱসায় সমূহে বহুলোকক আৰ্থিকভাৱে টনকিয়াল কৰিছে। আৰ্দ্ৰভূমিবোৰৰ বিলুপ্তি ঘটা মানেই এক লোক-সমাজৰ বহুতো আৰ্জনৰ পথ ৰুদ্ধ হোৱা।
(ঘ) জৈৱ-বৈচিত্ৰৰ আকৰঃ জলাশয়ক নিৰ্ভৰ কৰি এটা এলেকাত সাপ, ভেকুলী, নেউল, শিয়াল, হাপা, বিভিন্ন পখিলা, ডাউক, শঁৰালি, চিলনী, মাছৰোকা, হাড়গিলা, পানীকাউৰি ইত্যাদি থলুৱা চৰাইৰ উপৰিও নানা প্ৰজাতিৰ পৰিভ্ৰমী চৰাই,বিভিন্ন প্ৰজাতিৰ পোক-পতংগ, পশু-পক্ষী আৰু সৰীসৃপ জীয়াই থাকে। একেদৰে গা-ধুবলৈ, জলক্ৰীয়া কৰিবলৈ আৰু পানী বিচাৰি বন্যপ্ৰাণীবোৰে জলাশয়বোৰকেই ব্যৱহাৰ কৰে। গতিকে বিল, পিতনি আদি কমি অহা বা নিঃচিহ্ন হোৱা মানে এটা অঞ্চলৰ জীৱজগতৰ অস্তিত্বলৈও ভাবুকি অহা।
(ঙ) সাংস্কৃতিক গুৰুত্বঃ অসমৰ লোক-সংস্কৃতিৰ লগত আৰ্দ্ৰভূমিৰ সম্পৰ্ক চিৰাচৰিত। প্ৰতিটো জনগোষ্ঠীৰেই জীৱন ধাৰণৰ প্ৰক্ৰিয়াত জলাহভূমিৰ গুৰুত্ব আছে সেয়েহে তেওঁলোকৰ গীত-মাত, লোক পৰম্পৰা আদিত জলাহভূমিৰ প্ৰাণীকূল আৰু উদ্ভিদকূলৰ উল্লেখ আছে।পৰম্পৰাগত জ্ঞানৰে সমৃদ্ধ অতীতৰ লোক-সমাজে জলাহভূমিৰ পৰা বিভিন্ন প্ৰকাৰৰ ঔষধ,ঘৰুৱা সামগ্ৰী ব্যৱহাৰ কৰিছিল। কিন্তু জলাহভূমিবোৰ বিনাশ হোৱাৰ লগে লগে যিহেতু তাত থকা প্ৰাণী আৰু বিভিন্ন উদ্ভিদৰো বিলুপ্তি ঘটিব, সেয়েহে উত্তৰ প্ৰজন্মৰ বাবে প্ৰকৃতিৰ সেই বিচিত্ৰ সম্পদবোৰো অচিনাকী হৈ পৰিব। এনেদৰে থলুৱা লোক-সংস্কৃতি আৰু লোক-সাংস্কৃতিক উপাদান সমূহ ভৱিষ্যৎ প্ৰজন্মৰ বাবে কেৱল আচহুৱা মিউজিয়ামৰ সামগ্ৰী হৈ ৰ’ব ।
(চ) মাছৰ প্ৰজনন আৰু বিচৰণস্থলী: আৰ্দ্ৰভূমিবোৰক জলজ পৰিৱেশৰ কৃষিভূমি বুলি ক’ব পাৰি কিয়নো আৰ্দ্ৰভূমি অঞ্চলৰ পৰা যথেষ্ট পৰিমাণৰ খাদ্য (উদ্ভিদ সামগ্ৰী) উৎপাদন হয়। আৰ্দ্ৰভূমিৰ উদ্ভিদৰ মুখ্য খাদ্য মূল্য তেতিয়া আহে যেতিয়া উদ্ভিদৰ মৃত পাত আৰু কাণ্ডবোৰ পানীত ভাঙি “ডেট্ৰিটাছ” নামৰ জৈৱিক পদাৰ্থৰ সৰু কণা গঠন কৰে। এই সমৃদ্ধ সামগ্ৰী হৈছে বহুতো সৰু জলজ অমেৰুদণ্ডী প্ৰাণী, বিভিন্ন খোলাধাৰী মাছ, আৰু খাদ্যৰ মাছ বা ফৰেজ মাছৰ বাবে মুখ্য খাদ্য যি হৈছে ডাঙৰ চিকাৰী মাছৰ বাবে খাদ্য। এই ডাঙৰ মাছবোৰ আকৌ মানুহে খায়। নদীৰ লগত সংযোগ হৈ থকা জলাশয়বোৰ হৈছে নদীত থকা মাছৰ বাবে কণী দিয়াৰ আটাইতকৈ অনুকূল স্থান। বিলত জন্ম পোৱা মাছৰ পোণাবোৰ ডাঙৰ হোৱাৰ পিচত নদীলৈ ওলাই যায়। এনেদৰেই নদীসমূহত মাছৰ প্ৰাচুৰ্যতা অটুত থকাৰ লগতে আন আন ঠাইলৈ মাছৰ বিস্তাৰ ঘটে। আৰ্দ্ৰভূমিৰ ক্ষতি সাধন হ’লে বা নদীৰ সংগম স্থলী বন্ধ হ’লে মাছৰ প্ৰাকৃতিক বংশবৃদ্ধি প্ৰক্ৰিয়াও বাধাপ্ৰাপ্ত হয়।
(ছ) পৰ্যটন আৰু শিক্ষাৰ থলীঃ বিল একোটাত কিছুমান চৰাইৰ চুবুৰী নিগাজীকৈ বাস কৰা উপৰিও শীতকালত অনুকূল পৰিবেশ বিচাৰি অসমৰ বিলবোৰলৈ বিভিন্ন ধৰণৰ দেশী-বিদেশী পক্ষীৰ আগমন ঘটে। প্ৰকৃতি অধ্যয়নৰ বাবে জৈৱ বৈচিত্ৰৰে ভৰা এনে জলাশয়বোৰ গৱেষক ছাত্ৰ-ছাত্ৰী তথা পৰ্যটকৰ উপযুক্ত ঠাই ৰূপে পৰিগণিত। পৰ্যটনৰ উপযুক্ত উদ্যোগে বিশেষকৈ দৰিদ্ৰ লোকসকল, যিসকলে আৰ্দ্ৰভূমিবোৰৰ পৰিস্থিতিতন্ত্ৰৰ ওপৰত নিৰ্ভৰ কৰে তেওঁলোকে বহনক্ষম বিকাশত এক অত্যাৱশ্যকীয় ভূমিকা পালন কৰাৰ থল থাকে। এনেদৰে আৰ্দ্ৰভূমিয়ে এলেকাটোৰ লোক-সাংস্কৃতিক মিলামিছাৰ উপৰিও অৰ্থনীতি আৰু শিক্ষাৰ বিকাশত যথেষ্ঠ অৰিহণা যোগায়।
(জ) স্বাস্থ্যকৰ জলবায়ু: পৰিষ্কাৰ পানীৰ হ্ৰদ বা বিলে চৌপাশৰ বায়ু নিৰ্মল আৰু শীতল কৰি ৰখাত সহায় কৰে।আৰ্দ্ৰভূমিয়ে আন যিকোনো পৰিস্থিতিতন্ত্ৰতকৈ অধিক কাৰ্বন সংৰক্ষণ কৰে, কেৱল বোকামৃত্তিকা যুক্ত আৰ্দ্ৰভূমিয়ে পৃথিৱীৰ সকলো অৰণ্যতকৈ দুগুণ কাৰ্বন ধৰি ৰাখে। ওচৰৰ বাসিন্দাসকলৰ বাবে নিৰ্মল পানীৰ বিল বা হ্ৰদবোৰ প্ৰকৃতিৰ আশীষ।
ওপোৰক্ত আলোচনাৰ পৰা এইটো কথা স্পষ্ট যে এটা অঞ্চলৰ সুস্থ প্ৰাকৃতিক পৰিৱেশ তথা মানুহৰ শাৰীৰিক, মানসিক, সাংস্কৃতিক তথা অৰ্থনৈতিক দিশ শক্তিশালী কৰি ৰখাৰ ক্ষেত্ৰত আৰ্দ্ৰভূমিৰ গুৰুত্ব অপৰিসীম। অতি পৰিতাপৰ কথা এয়াই যে, মানুহৰ অত্যাধিক লালসা আৰু সকলো বুজিও নুবুজাৰ ভেশন ধৰাৰ প্ৰৱণতাই চৌপাশৰ জলাশয়বোৰ দ্ৰুত গতিত নিঃশেষ হ’বলৈ ধৰিছে। ই কিন্তু এক ভয়াবহ বিপদৰ আগলি সংকেত।
জলাশয়বোৰৰ আয়তন আৰু গভীৰতা হ্ৰাসৰ কাৰণ সমূহ:
(১) মানৱ সৃষ্ট কাৰণ
ঘৰ-দুৱাৰ নিৰ্মাণ: পিতনি, খাল আদিক পৰিত্যক্ত, অদৰকাৰী মাটি তথা সাপ-জোকৰ বাহ বুলি বিবেচনা কৰি মানুহে জলাশয়বোৰ পুতি ঘৰ-দুৱাৰ, অট্টালিকা, পাৰ্ক আদি সাজিছে।
খেতি-পথাৰৰ বোকা আৰু অপচয়: বাৰিষা হালবোৱাৰ সময়ত বহু পৰিমাণৰ বোকা মাটি উটি গৈ খেতি-পথাৰৰ কাষতে অৱস্থিত জলাহভূতি পৰেগৈ। পথাৰৰ কাষৰ জলাশয়বোৰৰ গভীৰতা দ্ৰুত গতিত হ্ৰাস পোৱাৰ এয়া এক প্ৰধান কাৰণ।তাৰোপৰি খেতিৰ ৰৈ যোৱা অংশ সমূহ পানীত উটি গৈ দ স্থানৰ এই ঠাই সমূহত গোট খায়।
কল-কাৰখানাৰ নিৰ্মাণৰ অনুমতি: চৰকাৰী বিষয়াৰ অবিবেচকী চিন্তাৰ জড়িয়তে উদ্যোগ নিৰ্মাণৰ বাবে মুলতঃ খাল-বিলবোৰ পুতি সমতল কৰি ঠাই উলিয়াইছে। এনেধৰণৰ অনুমতি প্ৰদানৰ কাৰণে চৰকাৰী পক্ষৰ পৰা বিৰত থকাটো অতি জৰুৰী। আনহাতে উদ্যোগৰ পৰা সৃষ্ট বৰ্জনীয় জুলীয়া পদাৰ্থ সমূহ বৈ গৈ জলাহ ভূমিত পৰে, যাৰ ফলত জলজ জীৱ আৰু উদ্ভিদৰ যথেষ্ঠ অনিষ্ঠ সাধন হয়। কল-কাৰখানাৰ কোলাহলে জলজ প্ৰাণীৰ আৰ্দ্ৰভূমিৰ ওপৰত নিৰ্ভৰশীল পক্ষীকূল বা স্থানীয় বন্যপ্ৰাণীৰ চাল-চলনত যতি পেলায়।
বাট-পথ নিৰ্মাণৰ বাবেঃ জলাশয়ৰ গুৰুত্বক নস্যাৎ কৰি জলাশয় পুতি আৰু জলাশয়ৰ গাতে লগাকৈ অপৰিকল্পিতভাৱে সজা বাট-পথ, খেলপথাৰ, স্মৃতি উদ্যান, ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানবোৰে জলাশয়বোৰৰ প্ৰাকৃতিক অৱস্থা বিনষ্ট কৰিছে। বাট-পথ নিৰ্মাণৰ কাৰণে গাড়ী-মটৰৰ সঘন আহ-যাহ আৰু মানুহৰ সমাগমে বা বনভোজ খোৱা দলে আৰ্দ্ৰভূমিৰ পৰিৱেশ কদৰ্যময় কৰি তোলে। তাৰোপৰি বাট-পথ নিৰ্মাণ কৰি বহুতো জলস্ৰোতৰ স্বাভাৱিক বোৱন ৰুদ্ধ কৰা হয়।আৰ্দ্ৰভূমিলৈ বোঁৱতি পানীৰ সোঁত বা নদীৰ সৈতে থকা জলাশয়ৰ সংযোগ বাধাপ্ৰাপ্ত হ’লে এক বিস্তৃত অঞ্চলৰ পৰিবেশতন্ত্ৰতেই বিৰূপ প্ৰভাৱ পৰে।
মানুহৰ পেলনীয়া আৱৰ্জনা: বৰ্তমান সময়ত মানুহ এনে পৰ্যায়লৈ পৰ্যবসিত হৈছে যে, নিজৰ বাস কৰা ঘৰখন পৰিস্কাৰ কৰি ৰাখি আৱৰ্জনাবোৰ যতে ততে পেলাই দিয়ে। জনাঞ্চলৰ মাজেৰে বৈ যোৱা জলধাৰাবোৰত আৱৰ্জনা নিক্ষেপ কৰে। এনেদৰে পেলোৱা আৱৰ্জনাবোৰে বাৰিষা সৰু সৰু জান, ডোং বোৰেৰে গৈ খাল-বিলবোৰত পৰা ফলত বহুতো জলাশয়ৰ আয়তন দ্ৰুত হাৰত হ্ৰাস পাই আহিছে। ঘৰুৱা আৱৰ্জনাই জলাশয়ৰ পানীও বিষাক্ত কৰি তোলে।
বনাঞ্চল আৰু পাহাৰ ধ্বংসঃ অসমৰ বহুকেইখন গুৰুত্বপূৰ্ণ বিল পাহাৰৰ পাদত আৰু অৰণ্যৰ অভ্যন্তৰত অৱস্থিত। আৰ্দ্ৰভূমিৰ ওচৰৰ পাহাৰত জধে-মধে চলোৱা মাটি খনন আৰু শিলৰ কোৱাৰীৰ কাৰ্যকলাপে ব্যাপক পৰিমাণে গছ-গছনি ধংস কৰিছে। মুক্ত খননৰ এই পাহাৰৰ মাটি বাৰিষা বৰষুণৰ পানীত উটি আহি জলাশয়বোৰত জমা হৈ গভীৰতা বহু পৰিমাণে হ্ৰাস কৰিছে।
আৰ্দ্ৰভূমিৰ সুৰক্ষাৰ বাবে আমাৰ কৰণীয়
• জলাশয়বোৰৰ পুতি মানুহৰ বসতি, নিৰ্মাণ কাৰ্য বা কোনোধৰণৰ কৃষিকাৰ্য বন্ধ কৰা।
• জলাশয়বোৰ আৱৰ্জনা মুক্ত কৰা আৰু কোনোধৰণৰ আৱৰ্জনা জলাশয়ত পেলোৱাত বাধা আৰোপ কৰা।
• জলাশয়ৰ দাঁতি কাষৰীয়া সমতলত প্ৰদূষণ হ’ব পৰা উদ্যোগ গঢ়াত নিষিদ্ধ কৰা।
• খেতি-পথাৰৰ জাৱৰ-জোথৰ জলাশয়লৈ যাব নোৱাৰাকৈ পুতো থোৱাৰ ব্যৱস্থা লোৱা।
• নলা-নৰ্দমাত ঘৰুৱা বা উদ্যোগিক আৱৰ্জনা পেলাব নোৱাৰাকৈ কঠোৰ আইন প্ৰয়োগ কৰা।
• খেতি পথাৰত ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱিক সাৰ, কীটনাশক আদিৰ ব্যৱহাৰ বৃদ্ধি কৰা।
• জলাশয়ৰ সম্পদ ব্যৱহাৰৰ ক্ষেত্ৰত উপযুক্ত নীতি-নিয়ম বলবৎ কৰা।
• মাছৰ বৈচিত্ৰ ৰক্ষাৰ বাবে নদীৰ লগত পূৰ্বৰে পৰা থকা সংযোগবোৰ মুকলি কৰি ৰখা।
• বৰষুণৰ পানীয়ে যাতে পহাৰৰ মাটি বা পাৰৰ বোকা বোৱাই নি জলাশয়বোৰ বাম কৰিব নোৱাৰে, তাৰবাবে জলাশয়বোৰৰ চৌপাশৰ হাবি-বন ধবংস কৰিব নালাগে।
• জলাশয়বোৰৰ গুৰুত্বপূৰ্ণ অংশত অক্ষত প্ৰাকৃতিক পৰিৱেশ অটুত ৰখাৰ বাবে মানুহৰ চলাচল সম্পূৰ্ণ ভাৱে নিষিদ্ধ কৰা উচিত।
• মাছৰ কণী দিয়া ঋতুত মৎস্য চিকাৰ সম্পূৰ্ণকৈ বন্ধ ৰখা। মাছ ধৰাৰ ক্ষেত্ৰত মীন আইন মানি চলিব লাগে। তদুপৰি মাছ ধৰাৰ ক্ষেত্ৰত চৰকাৰী অনুমোদিত জালহে ব্যৱহাৰ কৰা উচিত আৰু পানীত বিষ বা বোমা দি মাছ ধৰা কাৰ্যই সৰু-বৰ সকলো মাছৰ লগতে অন্যান্য জলজ প্ৰাণীৰো মৃত্যু ঘটায়।
আৰ্দ্ৰভূমি দৰাবিল
দক্ষিণ কামৰূপৰ এখন উল্লেখযোগ্য আৰ্দ্ৰভূমি হ’ল বিলডৰা।কুলশী নদীৰ নিম্ন অৱবাহিকাৰ প্লাৱনভূমিত এই বিল অৱস্থিত।বৰ্তমান দৰাবিল ৰূপে পৰিচিত এই বিলখন দক্ষিণ কামৰূপৰ পৰিবেশ সন্তুলিত কৰি ৰখাৰ কাৰণে আশীৰ্বাদ স্বৰূপ।ৰামপুৰ মৌজাৰ অন্তৰ্গত এই বিলখন ৰামপুৰ, নহিৰা, কুকুৰমাৰা,আমতলা আদি গাঁৱৰ জনজীৱন আৰু লোকসাংস্কৃতিক ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ।প্ৰাকৃতিক উপাদানেৰে চহকী এই দৰাবিলে ইয়াৰ চৌপাশে বসবাস কৰা কৃষিজীৱী, মৎসজীৱী, মৃণ্ময় শিল্পী আদি শ্ৰমজীৱী ৰাইজক জীয়াই থকাৰ বল দিছে। দৰাবিলৰ বিশুদ্ধ প্ৰাকৃতিক পৰিবেশে অঞ্চলবাসী ৰাইজৰ সুস্বাস্থ্যৰ ক্ষেত্ৰত অৰিহণা যোগাই আহিছে অতীজৰে পৰা। সহজ ভাবে কবলৈ হ’লে দৰাবিলে অঞ্চলবাসী ৰাইজক পুষ্টি যোগান ধৰি আহিছে কেবাটাও দিশৰ পৰা। দৰাবিলৰ বুকুত জীয়াই আছে এই অঞ্চলৰ হাজাৰ বছৰীয়া কৃষ্টি, সংস্কৃতিৰ সঁফুৰা, গতিকে দৰাবিল জীয়াই থাকিলেহে জীয়াই থাকিব এই অঞ্চলৰ প্ৰাকৃতিক ও সামাজিক স্বাস্থ্য। কুলশী নদীৰ গাত লাগি থাকি এই বিল খনে প্ৰাকৃতিক ভাৰসাম্য বৰ্তাই ৰাখিছে।এই বিল খনৰ গুৰুত্বৰ কেইটামান দিশ চমুকৈ এনেধৰণৰ:
(ক) চৰাইৰ বাবে এক আদৰ্শ বাসস্থান হৈছে দৰাবিল। গ্ৰীষ্মকাল বা শীতকাল, বছৰৰ প্ৰতিটো সময়তেই বিভিন্ন স্থানীয় আৰু পৰিভ্ৰমী চৰাইৰ উপস্থিতি লক্ষ কৰা হৈছে ইয়াৰ বুকুত। এতিয়ালৈকে আমাৰ অধ্যয়নত ১৮০ ৰ অধিক প্ৰজাতিৰ অধিক থলুৱা আৰু পৰিভ্ৰমী চৰাইৰ উপস্থিতি লক্ষ কৰা গৈছে দৰাবিলৰ বুকুত। ইয়াৰ ভিতৰত Oriental Pratincole নামৰ পৰিভ্ৰমী চৰাইবিধ যোৱা তিনিটা শীতকালীন সময়ত অসমৰ কেৱল দৰাবিলৰ বুকুত প্ৰত্যক্ষ কৰা গৈছে। ইয়াৰ উপৰিও বিলুপ্তিৰ পথত থকা তিনিটা প্ৰজাতিৰ শগুণ চৰাই, হাড়গিলা , বৰটোকলা, ক’নুৱা, বটা চৰাই, অসমত আজিকালি খুব বিৰল Common crane আদি বিভিন্ন চৰাইৰ উপস্থিতি লক্ষ কৰা হৈছে দৰাবিলৰ বুকুত।
(খ) দৰাবিলৰ বুকুত অতীজৰে পৰা বিভিন্ন স্তন্যপায়ী প্ৰাণীয়ে বাস কৰি আহিছে। আগৰ তুলনাত আজিকালি খুব কম সংখ্যক স্তন্যপায়ী দেখিবলৈ পোৱা যায়। ইয়াৰ মূলতেই বাসস্থান ধ্বংস প্ৰধান কাৰণ হ’লেও জ্ঞাতেই বা অজ্ঞাতেই কৰা চিকাৰ আদিও ইয়াৰ কাৰণ বুলিব পাৰি। দৰাবিলৰ বুকুত পোৱা স্তন্যপায়ী প্ৰাণীসমূহ-
(১) শিহু – দৰাবিলৰ স্তন্যপায়ী বুলিলেই আমি প্ৰথমে উল্লেখ কৰিব লাগিব নদী শিহু (GANGES RIVER DOLPHIN) ৰ কথা। যদিও শিহু দৰাবিলৰ বুকুত বাস নকৰে ভৰ বাৰিষা সময়ত দৰাবিলৰ মোহনাৰে শিহু দৰাবিলৰ বুকুলৈ বেছ কিছুদূৰ আগুৱাই আহে । এই কথা আমাক বহুতো মাছমৰীয়া আৰু প্ৰত্যক্ষদৰ্শী ৰাইজে জনাইছে। বিভিন্ন গৱেষক আৰু বিজ্ঞানীয়ে কলহী আৰু দৰাবিলৰ মোহনাত শিহুৱে প্ৰজনন কৰাৰ কথা উল্লেখ কৰিছে। আমিও সেই অঞ্চলত পোৱালিৰ হৈছে শিহুৱে খেলি থকা দেখিছোঁ। এই কথাবোৰে দৰাবিলৰ প্ৰাকৃতিক গুৰুত্বৰ কথা বাৰুকৈয়ে সোঁৱৰাই। গতিকে শিহুৰ জীৱনত দৰাবিলৰ ভূমিকা অপৰিসীম। কুলশী নদীত জীয়াই থকা দুস্প্ৰাপ্য শিহু (অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী)ৰ কাৰণে খাদ্য উৎপাদন আৰু প্ৰজননৰ মুল স্থলী আছিল দৰা বিলৰ মোহনা অংশ।শিহুৰ বাবে খাদ্যৰ ভাণ্ডাৰ এই বিলখনে যোগান ধৰে। বৰ্তমান মানুহৰ আকাশলংঘী লালসাৰ ফলত অবাধ হাৰত মেচিনেৰ দ্বাৰা বালি খননে নদীখনৰ কুকুৰমাৰা শাখাত পানী কমি আহিছে, যাৰ ফলশ্ৰুতিত শিহুৰ বাসস্থানৰ প্ৰতি ভাবুকী আহিছে।
(২) শিয়াল- আগৰ তুলনাত বহুত কমিলেও আজিও দৰাবিলৰ বুকুত শিয়াল (Golden Jackal) দেখিবলৈ পোৱা যায়। (৩) উদ- Otter (৪) হেঁপা-Jungle Cat (৫)জহামাল- Asian Palm Civet (৬) সৰু জহামাল- Small Indian Civet (৭) শহা- Indian Hare (৮) বনৰৌ- Chinese Pangolin (৯) নেউল-Indian brown mongoose (১০) কেৰ্কেটুৱা- Squirrel
(গ) মাছৰ কাৰণে বিখ্যাত দৰাবিলত ১৩০ বিধ প্ৰাজাতিৰ মাছ চিনাক্তকৰণ কৰা হৈছে।বায়ুশ্বাসী,কাৰ্প প্ৰজাতিৰ, মাগুৰ প্ৰজাতিৰ বাকলি নথকা,আৰু আলংকাৰীক মাছ পোৱা যায়।
(ঘ) দৰা বিলৰ বুকুত ২৬ বিধ আলংকাৰিক উদ্ভিদৰ প্ৰজাতি, ৭ বিধ ঔষধি উদ্ভিদৰ প্ৰজাতি, ৬ বিধ জৈৱিক সাৰ ৰূপে ব্যৱহাৰ কৰিব পৰা উদ্ভিদ আৰু তিনি বিধ মান ঘৰুৱা সামগ্ৰী উৎপন্ন কৰিব পৰা উদ্ভিদ পোৱা যায়।
(ঙ) কেবাটাও প্ৰজাতিৰ সৰীসৃপ দৰা বিলত পোৱা যায়। ই জৈৱ বৈচিত্ৰৰ এক আপোৰুগীয়া ভাণ্ডাৰ,যিয়ে প্ৰাকৃতিক পৰিৱেশ বিনষ্ট নোহোৱাকৈ ৰাখিছে।
কাছ- বৰ কাছ (Peacock Softshell Turtle- Vulnerable), হালধীয়া ফুটুকী কাছ (Indian Flapshell Turtle- Least Concern), মুগা দুৰা (Brown Roofed Turtle- Near Threatened), জেঠী জাতীয় প্ৰাণী- গুঁই সাপ( Bengal Monitor Lizard/ Varanus bengalensis), মণিকিৰা (Many-lined Sun Skink/ Eutropis multifasciata), তেজপিঁয়া (Common Garden Lizard/ Calotes versicolor), জেঠী( Gackos)
দৰাবিলৰ সাপ- সৰু ড’মা সাপ ( Brahminy Worm Snake/ Indotyphlops braminus), ডাঙৰ ড’মা সাপ( Diard’s Worm Snake/Argyrophis diardii), অজগৰ( Burmese Python/Python bivittatus), গুৱালা সাপ( Banded Krait/Bungarus fasciatus), সৰু শঙ্খচূড় সাপ( Lesser Black Krait/ Bungarus lividus), বামুনী সাপ( Buff-striped Keelback/ Amphiesma stolatum), ঢোৰা সাপ (Checkered Keelback/ Fowlea piscator), গোম সাপ (Red-necked Keelback/ Rhabdophis helleri), ধুণ্ডুলি গোম( Copper-headed Trinket/ Coelognathus radiatus), বাঢ়ি সাপ ( Indian Rat Snake/ Ptyas mucosa), চেঙেলী গোম ( Indo-chenese Rat Snake/ Ptyas korros), চাকৰি ফেঁটী (Monocled Cobra/ Naja kaouthia), কাৰ্শলা সাপ( Painted Bronzback Tree Snake/ Dendrelaphis proarchos), মেনি সাপ( Rainbow Water Snake/ Enhydris enhydris)
ইয়াৰ উপৰিও দৰাবিলৰ বুকুত বিভিন্ন প্ৰজাতিৰ ভেকুলী,পখিলা, শামুক,কেচু, পোক-পতংগ আদিৰ সাতামপুৰুষীয়া বাসভূমি।
দৰা বিলৰ সমস্যা সমূহ:
(১) দৰা বিল খনৰ প্ৰকৃত জৰীপ কৰি সীমা নিৰ্ধাৰণ নকৰাৰ পৰিপ্ৰেক্ষিতত বিলৰ চৌপাশৰ বসবাস কৰা কিছু স্থানীয় লোকে বিলৰ ভূমি অবৈধ ভাৱে দখল কৰি বিলখনক ক্ৰমশঃ সংকুচিত কৰি আনিছে।
(২) বিলখনৰ জলস্তৰ শুকাই যোৱাৰ সমস্যা। বৰ্তমান বিলখনত আগৰ তুলনাত পানী বহুত কমকৈ থাকে। এইক্ষেত্ৰত বিভিন্ন কাৰকে কাম কৰিছে। প্ৰথমে আমি উল্লেখ কৰিব লাগিব কলহী নৈৰ ফালৰ পৰা অহা পানীৰ কথা।ৰাজহ সংগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনৰ ফালৰ পৰা কলহীৰ বুকুৰপৰা বালি আহৰণৰ কাম বহু বছৰৰ পৰা চলি আহিছে ।(মাজে মাজে এই বালি মহলৰ অনুমতি বন্ধ থাকে আৰু বৰ্তমান কোনো বালি মহলৰ চৰকাৰীভৱে অনুমতি নাই)। কিন্তু যোৱা কিছু বছৰৰ পৰা নদীখনৰ ছয়গাঁও শাখাত মেচিনৰ সহায়ত অবাধ হাৰত চোৰাং ভাৱে বালি সংগ্ৰহৰ ফলত কলহীৰ বুকু বহুত বেছি দ হৈ গৈছে। নৈৰ বুকু মাত্ৰাধিক দ হোৱাৰ ফলত বাৰিষা পাহাৰৰ ফালৰ পৰা বৈ অহা পানী কুলশী নৈৰ ছয়গাঁও শাখাৰে গুচি যায়। আগতে বাৰিষাৰ সময়ত কলহী উফন্দি উঠিছিল আৰু তাৰ পানী পাৰ বাগৰি দৰাবিলৰ দৰে বিভিন্ন আদ্ৰভূমি, বিল , খেতিপথাৰ আদিত পানীৰ যোগান ধৰিছিল। সেই সময়তেই খেতিপথাৰবোৰ সাৰুৱা হোৱাৰ উপৰিও আদ্ৰভূমি, বিল আদি পানীৰ উৎসসমূহত এটা সুস্থ পৰিবেশতন্ত্ৰৰ সৃষ্টি হৈছিল। পিছত খৰালি সময়ত এই পানীৰ উৎসসমূহে কলহী আৰু ইয়াৰ শিহু বা অন্য জীৱকুলক পানী, খাদ্য আদিৰ যোগান ধৰিছিল। বৰ্তমান কলহীৰ বুকু দ হৈ যোৱাৰ ফলত ইয়াৰ গাত লাগি থকা দৰাবিল বা অন্য সকলো আদ্ৰভূমি বা বিলসমূহৰ পানী বাৰিষাৰ কিছুদিন পিছতেই নৈৰ বুকুলৈ নামি যায় আৰু বিলবোৰ সকলো শুকাই যায়। তাৰ ফলত বিলবোৰত বিভিন্ন জলজ উদ্ভিদ, প্ৰাণী, উভচৰ আদিৰ উৎপাদনত প্ৰভাৱ পৰে আৰু তাৰ ফলত সম্পূৰ্ণ পৰিবেশতন্ত্ৰৰ ক্ষতি হয়।
(৩) দৰাবিলৰ বুকুত পানী বেছিদিনলৈ নথকা বা সোনকালেই শুকাই যোৱাৰ ফলত বিভিন্ন মাছ, কাছ, শামুক, উভচৰ, পোক-পতংগ, জলজ উদ্ভিদ আদিৰ উৎপাদন কমি গৈছে। তাৰ বাবে ইয়াৰ ওপৰত নিৰ্ভৰ বন্যজীৱ যেনে বিভিন্ন স্থানীয় আৰু পৰিভ্ৰমী চৰাই, স্তন্যপায়ী, সৰীসৃপ আদিৰ জীৱনত প্ৰভাৱ পৰিছে। দৰাবিল আৰু কলহীৰ মোহনাত আগতে যিবোৰ শিহুৱে খাদ্য খাইছিল বা জলকেলি কৰিছিল আজিকালি সেই দৃশ্য দেখিবলৈ নোহোৱা হৈছে।
(৪)পানীৰ অভাৱত দৰাবিলৰ চাৰিওফালে বাস কৰা কৃষিজীৱী ৰাইজৰ মাটিবোৰ আজিকালি বেছিভাগ চন পৰি থাকে। বিলৰ বুকুত মাছ ধৰি জীৱিকা নিৰ্বাহ কৰা প্ৰায় ২০০০ মাছমৰীয়া পৰিয়ালৰ জীৱন আজি দুৰ্বিসহ। বিলৰ পলসুৱা মাটিৰে বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰি জীৱিকা নিৰ্বাহ কৰা মৃণ্ময় শিল্পীসকলৰ অৱস্থা অতি দুখলগা।
(৫) মীন মহলৰ নামত চৰকাৰীভাৱে বিলৰ বুকুত পুখুৰী খান্দি বিলখনৰ মাৰাত্মক ক্ষতি সাধন কৰিছে।তাৰোপৰি নিশাৰ ভাগত মেচিনেৰে বিলৰ মাটি খনন কৰি ট্ৰাকেৰে কাষৰীয়া মানুহৰ বা উদ্যোগৰ কামত ব্যৱহাৰ কৰে, জৈৱ বৈচিত্ৰৰে ভৰপূৰ আৰু অতি সংবেদনশীল এনেকুৱা বিল এখনত এনেকুৱা কৰ্ম-কাণ্ড অতিকৈ গৰ্হিত কাম।
(৬) উদ্যোগীকৰণ আৰু প্ৰদূষণৰ সমস্যা- ইতিমধ্যে দৰাবিললৈ পানী কঢ়িয়াই অনা বিভিন্ন উৎসৰ আশে পাশে গঢ়ি উঠা বিভিন্ন সৰু বৰ উদ্যোগ গঢ়ি উঠিছে। সেই সমূহৰ পৰা ইতিমধ্যে দৰাবিলৰ বুকুলৈ বিভিন্ন প্লাষ্টিক অৱৰ্জনা বা প্ৰদূষিত পানী অহা আৰম্ভ হৈছে। দৰাবিলৰ সীমাতেই বিভিন্ন উদ্যোগ আৰম্ভ কৰিবলৈ যো-জাও চলোৱা হৈছে। ইয়াৰ ফলত অদূৰ ভৱিষ্যতে দৰাবিলৰ মাটি, পানী, বতাহ সকলো যে প্ৰদূষিত হৈ উঠিব সেই কথা প্ৰায় নিশ্চিত।
সামৰণি:
প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ বিলখনৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ থাকিলেও ইয়াত যথেষ্ট সম্ভাৱনাও লুকাই আছে। বিলখন যদি চৰকাৰ প্ৰশাসনৰ লগত চৌপাশৰ ৰাইজে লগ লাগি বিজ্ঞানসন্মত ভাবে সংৰক্ষণৰ ক্ষেত্ৰত আগবাঢ়ি আহে তেন্তে ইয়াত লোক-পৰ্যটন,খাদ্য সংগ্ৰহৰ ভঁৰাল ৰূপে যথেষ্ট সম্ভাৱনা আছে। ইতিমধ্যে দৰাবিলৰ বুকুত পোৱা ১৮০ৰো অধিক চৰাই আৰু দৰাবিলৰ গাতে লাগি থকা পৃথিৱী বিখ্যাত নদী শিহু চাবলৈ বিভিন্ন পৰ্যটক আহে। দৰাবিলক সংৰক্ষিত এলেকা বা পক্ষী অভয়াৰণ্য ৰূপে গঢ়ি তুলিব পাৰিলে লাহে লাহে এক সুস্থ পৰ্যটন উদ্যোগৰ দ্বাৰা স্থানীয় ৰাইজ লাভাম্বিত হোৱাৰ উপৰিও চৰকাৰেও ৰাজহ সংগ্ৰহৰ দ্বাৰা লাভাম্বিত হ’ব। সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে দৰাবিল প্ৰাকৃতিক ভাবে সুস্থ হৈ থাকিলে যুগ যুগান্তৰলৈ অঞ্চলবাসী ৰাইজে এক সুস্থ আৰু সুন্দৰ পৰিবেশত জীয়াই থকাৰ সুবিধা লাভ কৰিব।
আহক, আমি আমাৰ মূল্যবান আৰ্দ্ৰভূমিৰ সংৰক্ষণৰ বাবে আগবাঢ়োঁ। প্ৰতিটো অঞ্চলৰ গাঁও পঞ্চায়ত, স্বেচ্ছাসেৱী সংগঠন, শিক্ষানুষ্ঠানে আৰু যুৱ শক্তিয়ে নিজ এলেকাৰ জলাশয়বোৰৰ সুৰক্ষাৰ বাবে সজাগতা সৃষ্টিৰ কাৰণে হাতে-কামে লাগো আহক। এতিয়াই সময়, পিছলৈ বহু পলম হৈ গ’লে আমি বিচাৰিলেও একো কৰিব নোৱাৰিম।