বিবিধ চিন্তা

দুটা কৰুণ মৃত্যু আৰু সাম্প্রদায়িকতাৰ ভয়াৱহতা-(পাৰভিন চুলতানা)

গ্রীক ইতিহাসবিদ হিৰোডোটাছৰ মতে শান্তিৰ সময়ত পুত্রই পিতৃৰ কবৰ দিয়ে, যুদ্ধৰ পৰিৱেশত পিতৃয়ে পুত্রৰ কবৰ দিব লগা হয়। নিজ সন্তানৰ মৃত্যুৰ সাক্ষী হ’বলগীয়া মাক-দেউতাকৰ বাবে হয়তো ইয়াতকৈ ভয়ংকৰ কোনো অভিজ্ঞতা নাই। কিন্তু সাম্প্রতিক সময়ত যুদ্ধ নহ’লেও বিভিন্ন সংঘর্ষই এনে বহু পিতৃ-মাতৃৰ বুকু-কোলা উদং কৰি থৈ গৈছে। সদ্যহতে ভাৰতৰ বিভিন্ন ঠাইত দুষ্কৃতিকাৰীয়ে চলোৱা ষড়যন্ত্রমূলক সংঘর্ষৰ ফলতে এনে বহু জীৱন আৰম্ভ হোৱাৰ আগতেই শেষ হৈ গৈছে।

যোৱা ১ ফেব্রুৱাৰিত (২০১৮) দিল্লীৰ অংকিত ছাক্সেনাৰ মৃত্যু হয় তেওঁৰ প্রেয়সীৰ পৰিয়ালৰ হাতত। কাৰণ আন একো নাছিল— কেৱল তেওঁ আৰু তেওঁৰ প্রেয়সীৰ ধর্ম একে নাছিল। দ্বিতীয় ঘটনাটো ২৭ মার্চৰ দিনা পশ্চিমবংগৰ আছানছোলত ঘটে। ১৬ বছৰীয়া ছিবতুল্লাক হত্যা কৰা হয় ৰাম নৱমীৰ সমদলৰ পিছত হোৱা সাম্প্রদায়িক সংঘর্ষৰ সময়ত। এই দুটা মৃত্যুৰ মাজত কোনো প্রত্যক্ষ সম্পর্ক নাই। কিন্তু দুটা মৃত্যুৱে সাম্প্রদায়িক হিংসা আৰু অসহিষ্ণুতাৰ ফলাফল। আৰু এটা সাদৃশ্য হ’ল ভুক্তভোগী পৰিয়াল দুটাই দেখুওৱা মানৱতা।

অংকিত আৰু ছিবতুল্লাৰ পিতৃদ্বয়ে এনে সাম্প্রদায়িক সহনশীলতাৰ উদাহৰণ দাঙি ধৰিছে যে সাম্প্রতিক সময়ৰ ৰাজনৈতিক নেতাসকল ইয়াৰপৰা কিছু শিক্ষা গ্রহণ কৰা উচিত। অংকিতৰ পিতৃ যশপাল আৰু ছিবতুল্লাৰ পিতৃ মৌলানা ইমদাদুল ৰাশিদিয়ে নিজ নিজ পুত্রক সাম্প্রদায়িক হিংসা আৰু বিদ্বেষৰ কাৰণে হেৰুৱাব লগা হ’ল। কিন্তু তাৰ পিছতো এই দুইজনে তেওঁলোকৰ সন্তানৰ মৃত্যুক লৈ কোনো হিংসাত্মক প্রতিক্রিয়া নকৰিবলৈ আহ্বান জনাইছে। প্রতিশোধ তেওঁলোকৰ লক্ষ্য নাছিল।

অংকিতৰ মৃত্যুৰ কাৰণ হ’ল যে অংকিত হিন্দু আৰু তেওঁ ভাল পোৱা ছোৱালীজনী মুছলমান আছিল। ভাৰতৰ বিভিন্ন ঠাইত ‘লাভ জিহাদ’ৰ নামত বিভাজনমূলক ৰাজনীতি চলিয়েই আছে। সদ্যহতে কেৰালাৰ ২৪ বছৰীয়া হাদিয়াক ন্যূনতম ব্যক্তিগত স্বতন্ত্রতাৰপৰা বঞ্চিত কৰি নিজ পিতৃগৃহত গৃহবন্দী কৰি ৰখা হৈছিল। কাৰণ আছিল এটাই— তাই ভাল পোৱা মানুহজন ভিন ধর্মৰ আছিল। এয়া চিন্তনীয় যে এফালে ভাৰতবর্ষত Special Marriage Actৰ অধীনত ভিন ধর্মৰ মানুহ নিজৰ ধর্ম পৰিৱর্তন নকৰাকৈ বিবাহপাশত আবদ্ধ হ’ব পাৰে। কিন্তু আনফালে প্রাপ্তবয়স্ক এজনী ছোৱালীয়ে স্ব-ইচ্ছাত কৰা বিয়া উচ্চ ন্যায়ালয়ে অবৈধ বুলি ৰায়দান কৰে। শেষত হাদিয়াই ৰেহাই পায় যেতিয়া উচ্চতম ন্যায়ালয়ে উচ্চ ন্যায়ালয়ৰ ৰায়ক খাৰিজ কৰে।

আন্তঃধর্মীয় সম্পর্কৰ বলি পিছে কেৱল কোনো এটা সম্প্রদায় হৈ নাথাকে— এয়া প্রমাণ কৰে অংকিতৰ মৃত্যুৱে। ঠেক সাম্প্রদায়িক মানসিকতা, মানৱতাৰ অভাৱ আৰু পৰিয়ালৰ সন্মান বজাই ৰখাৰ এটি চৰম আৱশ্যকতাৰ বিশ্বাসে এনে বহু সম্পর্কৰ লগতে বহু জীৱন ধ্বংস কৰে। অংকিতৰ মৃত্যুৰ পিছত ঘটনাটোক সাম্প্রদায়িক ৰহণ সনাৰ চেষ্টা কিছুমানে নকৰা নহয়। আনকি দিল্লীৰ বিজেপি প্রমুখ মনোজ তিৱাৰীৰ মতে অংকিত হিন্দু সম্প্রদায়ৰ হোৱা বাবে তেওঁৰ পৰিয়ালক কম ক্ষতিপূৰণ দিয়া হয়। পিছে অংকিতৰ পিতৃয়ে এনে ভাবধাৰাৰ বিৰোধিতা কৰে। একমাত্র সন্তানৰ মৃত্যুত শোকাহত যশপালে কয় যে তেওঁ আশা কৰে তেওঁ ন্যায় পাব। কিন্তু অংকিতৰ মৃত্যুৰ বাবে তেওঁ এটা গোটেই সম্প্রদায়ক দোষাৰোপ কৰিব নিবিচাৰে। তেওঁ নিবিচাৰে যে অংকিতৰ মৃত্যুক লৈ আৰু কোনো সাম্প্রদায়িক হিংসা হওক, আৰু কোনো পৰিয়ালে নিজ সন্তানক হেৰুওৱাক।

আন্তঃধর্মী প্রেম বা বিবাহ সম্পর্কৰ প্রতি এতিয়াও আমাৰ সমাজ সংবেদনশীল নহয় বা এনে সম্পর্কক সাধাৰণতে সমর্থন নকৰে। তৎসত্ত্বেও এনে সম্পর্কৰ বিৰুদ্ধে হিংসা গ্রহণযোগ্য নহয়। অংকিতৰ মৃত্যুৰ পিছৰপৰাই তেওঁৰ পৰিয়ালৰ চোৱা-চিতা প্রতিবেশী মুছলমান পৰিয়ালে কৰি আছে। অংকিতৰ পিতৃৰ দূৰদর্শিতাই হয়তো দেশক এক ভয়ংকৰ সাম্প্রদায়িক সংঘর্ষৰপৰা ৰক্ষা কৰিলে। ইয়াতে আমি মনত ৰখা উচিত যে ভিন ধর্মৰ ল’ৰা বা ছোৱালীৰ লগত ঘূৰা-ফিৰা বা বন্ধুত্ব কৰাৰ বাবেও ল’ৰা-ছোৱালী সমাজৰ কিছু স্ব-নিয়োজিত ৰক্ষকৰ আক্রোশৰ বলি হ’ব লগা হয়।

দ্বিতীয় হত্যাৰ ঘটনা সংঘটিত হৈছে পশ্চিমবংগৰ আছানছোলত। ছিবতুল্লা দশম শ্রেণীৰ ছাত্র আছিল। ২৭ মার্চৰ দিনা ৰাম নৱমী উপলক্ষে আৰ এছ এছৰ নেতৃত্বত অস্ত্র লৈ হোৱা সমদলৰ সময়ত সাম্প্রদায়িক সংঘর্ষৰ সৃষ্টি হয়। ছিবতুল্লা সেই সময়ত চেতলাদাঙ্গাৰ নুৰানী মছজিদৰপৰা বাহিৰত ওলাই আহে। ছিবতুল্লাৰ দেউতাক এই মছজিদতে ইমামতি কৰে। বাহিৰলৈ ওলাই অহাৰ পিছত ছিবতুল্লাক এটি হিংসাত্মক ভিৰে টানি-আঁজুৰি অপহৰণ কৰি লৈ যায়। ছিবতুল্লাৰ ভ্রাতৃয়ে আৰক্ষীৰ ওচৰত ছিবতুল্লা নিৰুদ্দেশ হোৱাৰ গোচৰ ৰুজু কৰাৰ পিছতো কোনো পদক্ষেপ নল’লে আৰক্ষীয়ে। পিছৰ ৰাতি ছিবতুল্লাৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ কৰা হয় আৰু ২৯ মার্চৰ দিনা তেওঁৰ মৃতদেহ চিনাক্তকৰণ কৰা হয়।

ছিবতুল্লাৰ মৃত্যু নিঃসন্দেহে এক সাম্প্রদায়িক হিংসাৰ ফলাফল। দুটা সম্প্রদায়ৰ মাজত হোৱা হিংসাত্মক সংঘর্ষৰ ফলত ছিবতুল্লাৰ মৃত্যু হয়। আৰু মৃত্যুৰ কাৰণ আছিল ছিবতুল্লাৰ ধর্মীয় পৰিচয়। ছিবতুল্লাৰ পিতৃয়ে খুব সহজে প্রতিশোধ দাবী কৰিব পাৰিলে হয়। কিন্তু তেওঁ শান্তি বিচাৰে। তেওঁ নিবিচাৰে যে তেওঁৰ দৰে আন কোনো পৰিয়ালেও নিজ সন্তান হেৰুওৱাৰ যাতনা সহিব লগা হওক। ছিবতুল্লাৰ পিতৃয়ে অনুৰোধ কৰে যে যদি স্থানীয় ৰাইজে তেওঁক ভাল পায় আৰু তেওঁক সহায় কৰিব বিচাৰে তেনেহ’লে ছিবতুল্লাৰ মৃত্যুক লৈ কোনোধৰণৰ ৰাজনীতি বা হিংসাত্মক প্রতিক্রিয়া যেন নকৰে।

ছিবতুল্লাৰ দেউতাক এজন ইমাম। স্থানীয় ৰাইজে তেওঁক সন্মান কৰে আৰু তেওঁৰ নির্দেশত হয়তো খুব সহজে পৰিৱেশ আৰু ভয়ংকৰ হৈ উঠিলহেতেন। কিন্তু নিজৰ সন্তানক হেৰুওৱাৰ পিছতো তেওঁ যথেষ্ট ধৈর্য অৱলম্বন কৰিছে। এই ক্ষেত্রত হয়তো তেওঁৰ আৰু যশপালৰ মাজত কোনো বিশেষ পার্থক্য নাই। দুজন পিতৃয়ে দেশৰ সন্মুখত এটি সুন্দৰ উদাহৰণ দাঙি ধৰিছে। এই দুয়োজনৰ মতে সাম্প্রদায়িক হিংসাৰ প্রত্যুত্তৰ আৰু চৰম হিংসা নহয়, বৰঞ্চ সাম্প্রদায়িক সম্প্রীতি সাব্যস্ত কৰা। এনে ভাৰতীয় নাগৰিকৰ সহিষ্ণুতাই দেশত আজিও শান্তি আৰু মানৱধর্ম বচাই ৰাখিছে।

কিন্তু এনে হিংসাৰ ঘটনাবোৰে কিছু কথা চিন্তা কৰিবলৈ আমাক বাধ্য কৰিছে। য’ত এফালে অংকিতৰ মৃত্যুৱে Honour Killingৰ ভয়াৱহতা উদঙাই দিছে, ছিবতুল্লাৰ মৃত্যুৱে এতিয়াও আমাৰ মাজত বিৰাজমান সাম্প্রদায়িক হিংসাৰ সত্যতা দাঙি ধৰিছে। সাম্প্রদায়িক হিংসাক প্রতিৰোধ কৰিবলৈ কেৱল সাম্প্রদায়িকতাৰ প্রত্যক্ষ ঘটনাবোৰলৈ আমি সীমিত থাকিলে নহ’ব, বৰঞ্চ দৈনন্দিন ঘটা সৰুসুৰা যিবোৰ ঘটনাই দুটা সম্প্রদায়ৰ মাজৰ সম্পর্ক বেয়া কৰি পেলাব পাৰে বা সাম্প্রদায়িক হিংসাৰ জন্ম দিব পাৰে, তেনে ঘটনাকো আমি নির্মূল কৰিব লাগিব।

ভাৰতীয় সংবিধানে ভাৰতবর্ষক এখন ধর্মনিৰপেক্ষ দেশ বুলি আখ্যা দিছে। পিছে ভাৰতৰ ধর্মনিৰপেক্ষতা পশ্চিমীয়া দেশবোৰৰ ধর্মনিৰপেক্ষতাৰ ধাৰণাৰপৰা কিছু বেলেগ। পশ্চিমীয়া দেশবোৰত ধর্মনিৰপেক্ষতাৰ অর্থ হ’ল যে ৰাষ্ট্র আৰু ধর্মৰ মাজত কোনো সম্পর্ক নাথাকিব। আনহাতে, ভাৰতবর্ষত ধর্মনিৰপেক্ষতাৰ অর্থ হ’ল যে ৰাষ্ট্রই সকলো ধর্মক সমান মৰ্যাদা প্রদান কৰিব। ভাৰতৰ বহুসংস্কৃতিবাদী বৈচিত্র্যময় সামাজিক জীৱনে সদায় বিভিন্ন সম্প্রদায়ৰ শান্তিপূর্ণ সহাৱস্থানৰ পৃষ্ঠপোষকতা কৰে। কিন্তু সাম্প্রতিক সময়ত এনে ভালেকেইটামান ঘটনা ঘটি গৈছে য’ত ধর্মীয় উৎসৱ, সমদলৰ অজুহাতত বিভিন্ন সম্প্রদায়ৰ মাজৰ সম্পর্ক বিনষ্ট কৰাৰ চেষ্টা কৰা হৈছে।

আছানছোল-ৰাণীগঞ্জৰ সাম্প্রদায়িক সংঘর্ষ আৰু ভয়াৱহ হৈ নুঠিল ভুক্তভোগীৰ মানৱতাৰ বাবে। কিন্তু আমি এই ঘটনাবোৰত ৰাজনৈতিক নেতাৰ ভূমিকা নুই কৰিব নোৱাৰোঁ। আছানছোলৰ সাংসদ বাবুল সুপ্রিয়ৰ কিছু আপত্তিজনক বক্তব্যই ভালেখিনি বিতর্কৰ সৃষ্টি কৰিছে। তাৰ উপৰিও বিভিন্ন দলৰ ৰাজনৈতিক নেতাসকলে এই সমস্যাক লৈ ৰাজনীতি কৰা আৰম্ভ কৰি দিছে। আনকি আছানছোলত কার্যকৰী কৰা সান্ধ্য আইনো অমান্য কৰাৰ চেষ্টা কৰিছে বহুতে।

দুর্ভাগ্যজনকভাৱে ধর্মীয় উৎসৱৰ সময়ত সকলো ধর্মৰ মানুহক একত্ৰিত কৰাৰ ঠাইত বিভিন্ন সম্প্রদায়ৰ মানুহৰ মাজত কলহৰ সৃষ্টিহে কৰা হৈছে। ৰাজস্থানৰ যোধপুৰ জিলাত ৰাম নৱমীৰ সময়ত শম্ভুলাল ৰায়গাৰৰ সন্মানত এটি বিশেষ পত্রিকা ছপোৱা হয়। এই শম্ভুলাল ৰায়গাৰ এজন দুখীয়া মুছলমান শ্রমিকক হত্যা কৰি জ্বলাই দিয়াৰ বাবে আজি কাৰাগাৰত। সেই হত্যাৰ ভিডিঅ’ বনাই ভাইৰেল কৰি তেওঁ আন মুছলমানক সকীয়নি দিছিল। বিহাৰৰ ভাগলপুৰত ৰাম নৱমীৰ এক সমদলৰ সময়ত সাম্প্রদায়িক হিংসাৰ উচটনি দিয়াৰ বাবে কেন্দ্রীয় মন্ত্রী অশ্বিনী চৌবেৰ পুত্র অৰিজিৎ শাশ্বতৰ নামত গোচৰ ৰুজু হৈছে। সাম্প্রদায়িক হিংসা যেন ইচ্ছাকৃতভাৱে বিস্তাৰিত কৰা হৈছে।

উক্ত ঘটনাবোৰত আইন-শৃংখলা ৰক্ষা কৰা আৰু দোষীক আটক কৰাৰ দায়িত্ব স্থানীয় প্রশাসন আৰু আৰক্ষীৰ। পশ্চিমবংগ আৰু বিহাৰত এই কাম স্থানীয় আৰক্ষীয়ে সন্তোষজনকভাৱে কৰিব পৰা নাই। কিন্তু সাম্প্রতিক সময়ৰ সংঘর্ষবোৰ বিশ্লেষণ কৰিলে দেখা যায় যে নির্বাচনৰ ওচৰে-পাঁজৰে এনে ঘটনা বেছিকৈ সংঘটিত হয়। এনে ঘটনাৰ লগত কোনো নহয় কোনো দলৰ ৰাজনৈতিক নেতা জড়িত থাকে। ঘটনাবোৰ যিমানখিনি সাম্প্রদায়িক তাতোকৈ বেছি যেন ৰাজনৈতিক। সম্প্রদায়ৰ সাধাৰণ মানুহৰ মাজত বিদ্বেষ সৃষ্টি কৰি ৰাজনৈতিক দলবোৰে নিজ স্বার্থ পূৰণৰ চেষ্টা কৰে।

ৰাম নৱমীৰ সময়ত ভাৰতৰ বিভিন্ন ঠাইত অস্ত্র লৈ সমদল উলিওৱাৰ এটা নতুন পৰম্পৰা আৰম্ভ কৰে আৰ এছ এছে। পশ্চিমবংগত আগতে এই প্রথা প্রচলিত নাছিল। যোৱা দুটা বছৰৰপৰা এই প্রথাৰ আৰম্ভ হৈছে আৰু প্রায় সময় এই সমদলত হিংসাত্মক ঘটনা সংঘটিত হৈছে। ভাৰতবর্ষত ৰাজহুৱাভাৱে বহু উৎসৱ-পার্বণ পালন কৰা হয়, বিভিন্ন ঠাইত বিভিন্নধৰণৰ সমদল উলিওৱা হয়। সাধাৰণতে পাৰস্পৰিক সন্মান আৰু সহিষ্ণুতাৰ মাজতেই ধর্মীয় উৎসৱবোৰ পালন কৰা হয়। এনে বহু উদাহৰণ এই ভাৰতবর্ষতে পোৱা গৈছে য’ত এটা সম্প্রদায়ৰ মানুহে আন এটা সম্প্রদায়ৰ ধর্মীয় অনুষ্ঠানত সহযোগিতা কৰিছে।

কিন্তু বৰ্তমানে ধর্মীয় অনুষ্ঠানবোৰতো অসহিষ্ণুতা যেন গা কৰি উঠিছে। বহু ঠাইত ধর্মীয় অনুষ্ঠানৰ সময়ত আন ধর্মৰ মানুহৰ প্রৱেশ নিষেধ কৰাৰ দৰে বিতর্কিত নীতি অৱলম্বন কৰা হয়। এইধৰণৰ পদক্ষেপে সমাজখনক আৰু বিভাজিতহে কৰিব। পশ্চিমবংগ, বিহাৰত হোৱা সংঘর্ষৰ সঁচা কাৰণ কি এয়া উচিত তদন্তৰ পিছতহে জনা যাব। কিন্তু ধর্ম, ধর্মীয় অনুষ্ঠান, উৎসৱ-পার্বণৰ ৰাজনীতিকৰণ অচিৰেই বন্ধ হোৱা উচিত। তেনে নহ’লে আৰু বহুকেইজন যশপাল বা ইমদাদুল ৰাশিদিৰ কোলা খালী হৈ পৰিব কেৱল কিছু নেতাৰ কেইটামান ভোটৰ লোভত।

Leave a Reply

Your email address will not be published. Required fields are marked *