গল্প-কবিতা

দুটি কবিতা (অজিত তালুকদাৰ)

দুৰ্গন্ধ    

পুখুৰীৰ পানীত উৎকট দুৰ্গন্ধ

মৰা মাছৰ দুৰ্গন্ধ বিয়পি পৰিছে
প্ৰতিদিনে
মৰা মাছ হৈ ওপঙি উঠিছে মানুহ

পূণ্যভূমি দেশ ধন্য
লাখ লাখ চাকি জ্বলিছে
হিলৈ ফুটিছে
প্ৰভুৰ সংকীৰ্তন চলিছে
অপৰিমেয় আনন্দ

কাউৰীয়ে ৰমলিয়াই
সপোন পোৰা ছাঁই উৰে
ঘৰ জ্বলে

মৰা মানুহ মাছ হৈ ওপঙি
ভাঁহি ফুৰিছে যেনি তেনি

নাই ক’তো নাই দুৰ্গন্ধ?

হয় হুজুৰ
মহামান্য আদালত
মই যি ক'ম সঁচা ক'ম
হয়,ইয়াত কোনো দুৰ্গন্ধ নাই

গতিপথ

স্থিৰ হৈ নাথাকে সমুদ্ৰ, সময়
মানুহৰ হৃদয়ৰ পতাকা

গছৰ পাতত ঢৌ তুলি
বৈ থাকে বতাহ

সূৰ্যৰ প্ৰদক্ষিণ পথ
নীলা আকাশেদি উৰি যোৱা
চৰাইৰ জাক

এই সহজ কথাকে কৈ
গেলিলিও গেলিলি অপৰাধী হৈছিল

স্বাধীনতা প্ৰেম ক্ষুধা সুখ-শান্তি
জীৱনৰ সহজ সত্যক ঘূৰাই পোৱাৰ
অধিকাৰৰ বাবে ওৰেটো জীৱন যুঁজ দিছিল

অমিত যোদ্ধা চে
কিউবাৰ সমুদ্ৰ উপকূল
আৰু উজ্জ্বল ৰ'দ

সেই অনুভৱেৰে কবিয়ে
চে গুৱেভাৰা তোমাক চ্যেলুট্‌ দিছিল
কবিতাৰ তেজেৰে!

এই সহজ সত্যক অস্বীকাৰ কৰি হিটলাৰে
কনছেনট্ৰেচন্‌ কেম্প সাজিছিল

ৰক্তৰ পবিত্ৰতা
স্বধৰ্ম ৰক্ষাৰ মন্ত্ৰ আওৰাই আওৰাই
ইতিহাসৰ ঘৃণ্যতম ফেচিষ্ট ঘাতক
এদিন আত্মঘাতী হৈছিল

তাৰ পিচতো সূৰ্য উদয় হয় প্ৰতিদিনে
প্ৰদক্ষিণ পথেৰে প্ৰতিদিনে গতি কৰে সূৰ্যই

Leave a Reply

Your email address will not be published. Required fields are marked *