গল্প-কবিতা

কাৰোৱেই মৃত্যু নহয় (মূল: আলফ্ৰেড লৰ্ড টেনিচন; ভাবানুবাদ: যশোৱন্ত নিপুণ)

(Alfred Lord Tennyson-ৰ Nothing Will Die-ৰ ভাবানুবাদ)

কেতিয়া বাৰু জুৰিটি বৈ যাবলৈ ভাগৰি পৰিব
মোৰ দুচকুত?
কেতিয়া বাৰু বতাহজাক বলিবলৈ ভাগৰিব
আকাশৰ মাজেৰে?
কেতিয়া বাৰু মেঘবোৰে উৰিবলৈ ভাগৰিব?
কলিজাটোৱে কেতিয়া স্পন্দন কৰিবলৈ ভাগৰিব?
আৰু প্ৰকৃতিয়ে মৃত্যুক সাবটিব?
কেতিয়াও নহয়, অহ্! কেতিয়াও নহয়, কোনেও আলিংগন নকৰে মৃত্যুক?
জুৰিটি বয়,
বতাহজাক বলে,
মেঘবোৰ উৰি যায়,
কলিজাই স্পন্দন কৰে,
কাৰোৱেই মৃত্যু নহয়৷

কাৰোৱেই মৃত্যু নহয়;
সকলোৰে ৰূপ সলনি হ’ব,
চিৰদিন চিৰকাল৷

এয়া পৃৃথিৱীৰ শীতৰ ঋতু;
শৰৎ আৰু বৰ্ষাই
কেতিয়াবাই মেলানি মাগিলে;
পৃথিৱীখন গভীৰলৈকে নিৰস,
কিন্তু বসন্ত, এক নতুন আগন্তুক,
এটি পয়োভৰা আৰু মায়াময় বসন্তই
পুনৰ বতাহজাক বোৱাই আনিব,
আকৌ আৰু বাৰে বাৰে,
সকলোৰে মাজেৰে,
ইয়াত আৰু সকলোতে,
যেতিয়ালৈকে এই আকাশ
আৰু এই পৃৃথিৱী
আকৌ নতুনকৈ জীৱনেৰে উপচি নপৰে৷

পৃথিৱীখনৰ কেতিয়াও সৃষ্টি কৰা হোৱা নাছিল;
পৃৃথিৱীখন সলনি হ’ব, কিন্তু কেতিয়াও নিষ্প্ৰভ নহ’ব৷
গতিকে বতাহজাকক বৈ যাবলৈ দিয়া;
কাৰণ সন্ধিয়া আৰু প্ৰভাত
সদায়েই থাকিব
চিৰদিন চিৰকাল৷
কোনোৱেই জন্ম লোৱা নাছিল;
কোনোৱেই মৃত্যুক সাবটিও নল’ব;
সকলোৰেই ৰূপ সলনি হ’ব ৷

Leave a Reply

Your email address will not be published. Required fields are marked *