সম্পাদকৰ টোকা :: জীৱনৰ উদ্দেশ্য আৰু যুক্তিবাদ – (কৌশিক দাস)
(১)
বহু প্ৰাচীন কালৰে পৰাই চলি অহা প্ৰশ্ন এটা মানুহৰ মাজত আজিও সজীৱ হৈ আছে। এই প্ৰশ্নটিৰেই আলোচনা আৰম্ভ কৰিছোঁ। প্ৰশ্নটো হৈছে, জীৱনৰ উদ্দেশ্য কি?
বহু পুৰাতন এই প্ৰশ্নটো যে গভীৰ আৰু চিত্তাকৰ্ষক, তাত কোনো সন্দেহ নাই। বহু ক্ষেত্ৰত প্ৰশ্নটো অন্য কিছুমান দিশলৈ সম্প্ৰসাৰিত হৈ পৰে। তেতিয়া বৰ মনোগ্ৰাহী কথা কিছুমানো আনুষংগিক প্ৰশ্ন হিচাপে উত্থাপিত হয়। “আমি ক’ৰ পৰা আহিলোঁ, ক’লৈনো যাম? জীয়াই থকা দিনকেইটাত জীৱনৰ উদ্দেশ্যনো কি? নে, জীৱনৰ কোনো উদ্দেশ্য নাই, ই মাথোন এক অৰ্থহীন মৰীচিকাহে?” স্মৰণাতীত কালৰে পৰা যুগে যুগে এই প্ৰশ্নবোৰে ভাবুকসকলক বহুতো চিন্তাৰ খোৰাক দি আহিছে। কিন্তু লগতে ক’ব লাগিব, “জীৱনৰ উদ্দেশ্য কি”—এই প্ৰশ্নটোৰ উত্তৰৰ প্ৰসংগত এটা বৰ আমোদজনক ঘটনাও পৰিলক্ষিত হয়। কিয়নো, প্ৰশ্নটোৱে যিমানেই মানুহক ভবাই নোতোলক, তাৰ উত্তৰৰ স্বৰূপ সাধাৰণতেই হৈ পৰে বিবিধ আৰু বিচিত্ৰ; তাতোতকৈও আমোদজনক অথচ তাৎপৰ্যপূৰ্ণ কথা, তেনে ভিন্ন ভিন্ন উত্তৰসমূহৰ মাজত বৈপৰীত্য-দ্বন্দ্ব-বিৰোধো সততেই দেখা দিয়ে। গতিকে স্বাভাবিকতেই কথা এটা উঠিব, উক্ত প্ৰশ্নটোৰ উত্তৰৰ ক্ষেত্ৰত তেনে বৈচিত্ৰ্যতাৰ কাৰণ কি? “জীৱনৰ উদ্দেশ্য”-ৰ কথালৈ যোৱাৰ আগতে এই দিশটোলৈ আমি লক্ষ্য কৰা উচিত হ’ব।
যি কোনো বিজ্ঞানসন্মত, সুশৃংখল আৰু পদ্ধতিগত আলোচনাৰ অন্যতম মুখ্য চৰিত্ৰ হৈছে, আলোচনাৰ প্ৰসংগ আৰু পৰিসৰৰ ক্ষেত্ৰত অৱলম্বন কৰা কঠোৰ নীতি। অপ্ৰাসংগিক আৰু পৰিসৰ-বৰ্হিভূত কথা-বতৰাক তেনে আলোচনাই অগ্ৰাহ্য কৰে। “জীৱনৰ উদ্দেশ্য কি?”—এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ আগবঢ়াৰ আগতেই, কি প্ৰসংগত, কি দৃষ্টিকোণৰ পৰা প্ৰশ্নটো উত্থাপিত হৈছে, সেইটো অতি সুস্পষ্টভাবে নিৰ্দ্দিষ্ট কৰি লোৱাটো হৈছে বিজ্ঞানসন্মত আলোচনাৰ প্ৰথম আৰু প্ৰাথমিক পূৰ্বচৰ্ত। কিয়নো, প্ৰশ্নটো কৰা হ’ব পাৰে বিভিন্ন প্ৰসংগত, বেলেগ বেলেগ দৃষ্টিকোণৰ পৰা ; প্ৰসংগ বেলেগ হোৱাৰ লগে লগে উত্তৰসমূহৰ মাজতো ভিন্নতাই দেখা দিব। উদাহৰণকেইটিমানলৈ চালেই কথাটো অধিক স্পষ্ট হ’ব।
জীৱনৰ উদ্দেশ্যৰ সংক্ৰান্তত অতীজৰ পৰাই ধৰ্মাশ্ৰয়ী চিন্তাৰ নানান মাৰ্গে উত্তৰৰ সন্ধান কৰি আহিছে। তেনে কেইটিমান—নিদৰ্শন হিচাপে—আমি এইদৰে তালিকাভুক্ত কৰিব পাৰোঁ:-
১. ঈশ্বৰত নিজকে সমৰ্পণ কৰাই হৈছে মানৱ-জীৱনৰ উদ্দেশ্য।
২. নিৰন্তৰ জন্মান্তৰৰ চক্ৰৰ পৰা চিৰপৰিত্ৰাণ পোৱাৰ প্ৰচেষ্টা কৰাই হৈছে জীৱনৰ উদ্দেশ্য।
৩. ঈশ্বৰৰ ইচ্ছা পূৰণ কৰাৰ চেষ্টাই হৈছে জীৱনৰ উদ্দেশ্য।
৪. আত্মা আৰু পৰমাত্মাৰ মিলনৰ প্ৰচেষ্টাত ব্ৰতী হোৱাই হৈছে জীৱনৰ উদ্দেশ্য।
এই তালিকাখন বহু দীঘলীয়া কৰা যায়, কিয়নো সমসুৰীয়া অলেখ কথাবতৰা ধৰ্মশ্ৰয়ী দৰ্শনৰ মাজত সুলভ। আলোচনাৰ এই অংশত আমাৰ বাবে দৰকাৰী কথাটো হৈছে যে ইয়াত “জীৱনৰ উদ্দেশ্য”-ৰ প্ৰসংগটো উত্থাপিত হৈছে ধৰ্মীয় দৰ্শনৰ পৰিসীমাৰ আৱৰ্তত। প্ৰসংগই নিৰূপণ কৰা উক্ত পৰিসীমাৰ বাহিৰত তেনে উত্তৰসমূহ তেনেই অৰ্থহীন।
অন্যহাতেদি, জীৱনৰ উদ্দেশ্যৰ সৈতে সম্পৰ্কিত বহুতো ধৰ্মমুক্ত চিন্তাচৰ্চাৰ নিদৰ্শনো আছে। তেনে দুটিমান এনেধৰণৰ:-
১. মানৱ-সমাজৰ মংগলৰ বাবে কাম কৰাই হৈছে জীৱনৰ উদ্দেশ্য।
২. আনন্দ-ফূৰ্তি কৰাই হৈছে জীৱনৰ উদ্দেশ্য।
৩. পৰোপকাৰৰ মাজেদি আনন্দ লাভ কৰাই হৈছে জীৱনৰ উদ্দেশ্য।
৪. দুখ-যন্ত্ৰণাৰ পৰা মুক্তি লাভ কৰাই জীৱনৰ উদ্দেশ্য।
৫. সুখী হৈ থকাই জীৱনৰ উদ্দেশ্য।
৬. সাম্যবাদী সমাজ গঠনৰ চেষ্টা কৰাই হ’ল জীৱনৰ উদ্দেশ্য।
নিঃসন্দেহে এইকেইটিৰ সৈতে পূৰ্বতে দি অহা ধৰ্মাশ্ৰয়ী উদাহৰণকেইটিৰ প্ৰসংগ আৰু পৰিসীমা একেবাৰেই পৃথক। এইকেইটি “উদ্দেশ্য”-ৰ মাজৰ কেইটিমানৰ কথা কোনো কোনো ধৰ্মীয় দৰ্শনৰ মাজত পোৱা গ’লেও, অলপ ভাবি চালেই ওলাই পৰে, পাছৰ “উদ্দেশ্য”কেইটাৰ মূল আধাৰ ধৰ্মমুক্ত। “ধাৰ-ঋণ কৰি হলেও আনন্দ-ফূৰ্তি কৰাই হৈছে জীৱনৰ উদ্দেশ্য”— প্ৰাচীন কালত ভাৰতত প্ৰচলিত এইধৰণৰ ধৰ্মমুক্ত চিন্তাৰ মাৰ্গৰ কথাও পণ্ডিতসকলে উল্লেখ কৰিছে। কেতিয়াবা আকৌ “চিকিৎসক হোৱাই মোৰ জীৱনৰ উদ্দেশ্য” আদি কথাবতৰাৰ পৰা, প্ৰশ্নটো যে সংকীৰ্ণ বৃত্তিগত প্ৰসংগতো উত্থাপিত হ’ব পাৰে, সেইটো কথাও ধৰিব পাৰি। গতিকে আমি ক’ব পাৰোঁ যে প্ৰশ্নটোৰ উত্তৰৰ এইধৰণৰ বৈচিত্ৰ্যৰ কাৰণ প্ৰসংগসমূহৰ মাজত থকা ভিন্নতা।
“জীৱনৰ উদ্দেশ্য”-ৰ প্ৰশ্নটোৰ উত্তৰৰ ভিন্নতাৰ বাবে প্ৰসংগৰ তাৰতম্য উপৰিও আৰু এটা ডাঙৰ কাৰণ আছে। মানৱজাতিৰ সমাজখন শ্ৰেণী, ধৰ্ম, গোষ্ঠী ইত্যাদিক কেন্দ্ৰ কৰি বহুধাবিভক্ত। প্ৰত্যেক ভাগৰেই নিজা নিজা স্বাৰ্থ, নিজা নিজা দৃষ্টিকোণ বিদ্যমান। স্বাভাবিকতেই স্বাৰ্থৰ ভিন্নতাই দৃষ্টিকোণৰ ক্ষেত্ৰতো পাৰ্থক্যৰ উদ্ভৱ ঘটায়। তেনে ভিন্নতাৰ বাবে একোটা বিষয়তেই মানুহৰ মাজত বিভিন্ন মত-মতবাদৰ উদ্ভৱ হয়, যাৰ ফলত একোটা প্ৰশ্নৰ উত্তৰ বহুমাত্ৰিক হৈ পৰে। এইখিনিতে আমি এটা চমৎকাৰ উদাহৰণলৈ লক্ষ্য কৰিব পাৰোঁ। ধৰ্মগুৰু দালাই লামাই এঠাইত কৈছে, সুখী হোৱাই হৈছে মানৱ-জীৱনৰ উদ্দেশ্য। তাৰ বিপৰীতে, ব্যক্তিস্বতন্ত্ৰ্যতাবাদৰ প্ৰবক্তা ইমাৰচনে তাহানিতেই কৈ যোৱা এটি বিখ্যাত উক্তি আমি উদ্ধৃত কৰিব পাৰোঁ—, জীৱনৰ উদ্দেশ্য সুখী হোৱাটো নহয়, উদ্দেশ্য হৈছে— জীৱনটো সন্মানীয়, অন্যৰ প্ৰতি সহানুভূতিশীল আৰু উপযোগী কৈ গঢ়ি তোলাহে, যাতে জীয়াই থকা আৰু ভালকৈ জীয়াই থকাৰ মাজত পাৰ্থক্য কৰা যায়।
গতিকে, জীৱনৰ উদ্দেশ্যৰ প্ৰশ্নটোৰ নানান তৰহৰ উত্তৰৰ বাবে— প্ৰসংগৰ ভিন্নতাৰ (যেনে, ধৰ্মযুক্ত, ধৰ্মমুক্ত, বৃত্তিগত আদি) উপৰিও—, মানৱ-সমাজখনৰ আভ্যন্তৰীণ বিভাজন আৰু তৎজনিত চিন্তাৰ বহুমাত্ৰিকতা হৈছে এটা নিৰ্ণায়ক কাৰক। আমাৰ আলোচনাৰ উদাহৰণকেইটিৰ পূৰ্ব-প্ৰসংগ টানি আনিলেই কথাটো পৰিষ্কাৰ হৈ পৰিব। “ঈশ্বৰত নিজকে সমৰ্পণ কৰাই হৈছে মানৱ-জীৱনৰ উদ্দেশ্য”—জীৱনৰ এই “উদ্দেশ্য” ধৰ্মহীন কিম্বা নিৰীশ্বৰবাদী এগৰাকীৰ বাবে মুঠেও গ্ৰহণযোগ্য নহ’ব। “নিৰন্তৰ জন্মান্তৰৰ চক্ৰৰ পৰা চিৰপৰিত্ৰাণ পোৱাৰ প্ৰচেষ্টা কৰাই হৈছে জীৱনৰ উদ্দেশ্য”—, জন্মান্তৰচক্ৰত অবিশ্বাস কৰা অন্য ধৰ্মই (অথবা যুক্তিবাদী দৰ্শনে) এই উদ্দেশ্যত সহমত হোৱাৰ কোনো আশা নাই।
(২)
ওপৰৰ দফাটিত উল্লিখিত “জীৱনৰ উদ্দেশ্য” উদাহৰণকেইটিত খোদ প্ৰশ্নটোকেই এটা বিশেষ আৰ্হিত গঢ় দি লৈ, তাৰ উত্তৰৰ অনুসন্ধান কৰা হৈছে। এইটো পদ্ধতিত সমস্যাটোৰ কোনো বস্তুনিষ্ঠ সমাধান লাভ কৰাটো সম্ভৱ নহয়। তাৰ কাৰণ মূলতঃ তিনিটা।
প্ৰথম কথা হ’ল—অলপ গমি চালেই ধৰিব পাৰি—উপৰিউক্ত আলোচনাত উনুকিয়াই অহা উত্তৰসমূহ যিমানেই বৈচিত্ৰ্যময় আৰু তাৎপৰ্যপূৰ্ণ নহওঁক, সেইসমূহৰ সাধাৰণ (common) আধাৰ হৈছে নৃকেন্দ্ৰিকতা। উক্ত বিচাৰ-পদ্ধতিত জীৱনটো যিহেতু মানৱ-জীৱন, গতিকে অৱধাৰিতভাবে তাত নৃকেন্দ্ৰিকতা আৰোপিত হৈ পৰে। ইয়াৰ লগে লগেই, বস্তুনিষ্ঠতা অন্তৰ্হিত হৈ সমগ্ৰ বিচাৰ-পদ্ধতিটো হৈ পৰে পক্ষপাতদুষ্ট। “জীৱনৰ উদ্দেশ্য” নহয়, “মানুহৰ জীৱনৰ উদ্দেশ্য”-লৈ প্ৰশ্নটো পৰিৱৰ্তিত হৈ পৰে।
দ্বিতীয় কাৰণটো প্ৰথমটোৰ সৈতে সম্পৰ্কিত। মানৱচিন্তা বহুধাবিভক্ত—, এই কথাটো আলোচনাৰ প্ৰথম অংশত উনুকিয়াই অহা হৈছে। মানৱচিন্তাৰ তেনে বৈচিত্ৰ্যতাৰ বাবে নৃকেন্দ্ৰিকতাৰ বৰ্হিপ্ৰকাশো বহুমাত্ৰিক হৈ পৰাটো অৱধাৰিত হৈ পৰে। সেইবাবে আমি “জীৱনৰ উদ্দেশ্য”-ৰ প্ৰসংগত—ধৰ্ম-গোষ্ঠী-শ্ৰেণী-ব্যক্তি নিৰ্বিশেষে—, উপৰিউক্ত আৰ্হিটোৰ হাতত ধৰি আগবাঢ়িলে কোনো বস্তুনিষ্ঠ, সৰ্বজনগ্ৰাহ্য আৰু সন্তোষজনক সমাধান বা সিদ্ধান্তলৈ অহাটো সম্ভৱ নহয়।
তৃতীয় কাৰণটো হৈছে এটা পদ্ধতিগত আসোঁৱাহ কিম্বা বিসংগতি। উপৰিউক্ত বিচাৰ পদ্ধতিত উদ্দেশ্যবাদী (teleological) দৃষ্টিকোণৰ পৰাহে প্ৰশ্নটোৰ উত্থাপন কৰি, সেইমতে সমাধান আগবঢ়োৱা হয়। জীৱন এটা ইতিমধ্যেই বিদ্যমান হৈয়েই আছে, সেই জীৱনটোক কেনেদৰে পৰিচালনা কৰিব লাগে, কেনেদৰে পৰিচালনা কৰা উচিত, সেইটো অৱস্থানৰ পৰাহে “জীৱনৰ উদ্দেশ্য”-ৰ প্ৰশ্নটোৰ উত্তৰৰ সন্ধান কৰা হয়। মানুহে ব্যক্তিগত অথবা সমষ্টিগতভাবে জীৱনত কি কৰা উচিত, সেইটোহে হৈ পৰে আলোচনা-বিচাৰ-বিশ্লেষণৰ কেন্দ্ৰীয় বিষয়। ঔচিত্যবোধ-নিয়ন্ত্ৰিত তেনে সমাধানসমূহ বৰ মনোগ্ৰাহী হ’লেও, খোদ “জীৱন”-টোৰ নো উদ্দেশ্য কি, সেই মূল প্ৰশ্নটো তাত অপাংক্তেয় হৈ পৰে।
স্বাভাবিকতে এইখিনিতেই এটা চিত্তাকৰ্ষক আৰু জটিল প্ৰশ্নৰ উদ্ভৱ হয়। নৃকেন্দ্ৰিকতা, প্ৰসংগৰ ভিন্নতা আৰু উদ্দেশ্যবাদী দৃষ্টিকোণৰ পৰিধি অতিক্ৰম কৰি, “জীৱনৰ উদ্দেশ্য”-ৰ প্ৰশ্নটোৰ উত্তৰৰ সন্ধান কৰাটো সম্ভৱ নে? “জীৱনৰ উদ্দেশ্য”-ৰ কোনো বস্তুগত ভিত্তি নাই নে? এইক্ষেত্ৰত ধৰ্মীয় কিম্বা আধিভৌতিক চিন্তাক আধাৰ কৰি আগবঢ়াটো হ’বগৈ পণ্ডশ্ৰম। “জীৱনৰ উদ্দেশ্য”-ৰ প্ৰশ্নটোৰ বস্তুনিষ্ঠ উত্তৰৰ বাবে আমি বিজ্ঞান আৰু যুক্তিবাদৰ কাষ চপাৰ বাদে অন্য উপায় নাই। আমি আগতে দেখি আহিলোঁ, “জীৱনৰ উদ্দেশ্য কি”—, প্ৰশ্নটোৰ বিসংগতিপূৰ্ণ উপস্থাপনে আলোচনাত আউল লগায়, কথাবোৰত খেলিমেলি আহে। গতিকে, প্ৰথমতেই, অতি সুনিৰ্দ্দিষ্টকৈ প্ৰশ্নটোৰ প্ৰসংগটি স্থিৰ কৰি লোৱা দৰকাৰ।
উন্নত প্ৰাণীৰ জীৱনৰ আৰম্ভণি হৈছে নিষেচন। পুৰুষ জননকোষ আৰু স্ত্ৰী ডিম্বাণুৰ যৌন মিলনৰ ফলত আদিম ভ্ৰূণকোষৰ (zygote) উদ্ভৱ ঘটে। ভ্ৰূণকোষৰ ক্ৰমাগত বিভাজন আৰু পৰৱৰ্তী বিশেষীকৰণৰ (differentiation) অন্তত এটি পূৰ্ণাংগ জীৱৰ জন্ম হয়। এই জীৱৰ জীৱনটোৰ দুটিয়েই মাত্ৰ প্ৰান্তবিন্দু বিদ্যমান। আদি বিন্দু হৈছে নিষেচন, অন্তিম বিন্দুটি হৈছে মৃত্যু ; মৃত্যুৰ লগে লগে জীৱনৰ অন্ত পৰে। গতিকে জীৱন মানে কি—এই প্ৰশ্নটোৰ সহজ উত্তৰ, সেই প্ৰান্তবিন্দু দুটিৰ মাজৰ কালচোৱাই হৈছে জীৱৰ জীৱন। এই জীৱনটোৰ “উদ্দেশ্য” কি—আমাৰ আলোচ্য প্ৰশ্নটোৰ যুক্তিবাদী আৰু বিজ্ঞানসন্মত উত্তৰত আমি নৃকেন্দ্ৰিক ধাৰণা আৰু উদ্দেশ্যবাদী দৃষ্টিকোণক প্ৰথমতেই অগ্ৰাহ্য কৰিব লাগিব। কিয়, সেইটো ইতিমধ্যেই আলোচনা কৰি আহিছোঁ। এইটো বাটৰে অগ্ৰসৰ হ’লে প্ৰথমতেই আমি দেখিবলৈ পাওঁ যে মৃত্যুৰ লগে লগে যিহেতু জীৱনৰ অন্ত পৰে—, মৃত্যুৰ পাছত জীৱনৰ কথাটোৱেই যিহেতু অবান্তৰ কথা—, সেইবাবেই জীৱনৰ প্ৰাথমিক উদ্দেশ্য হৈছে জীয়াই থকা ; জীৱনৰ উদ্দেশ্য জীৱন। জীয়াই থাকি কৰিব কি, সেইবোৰ কথা এই প্ৰসংগত অপ্ৰাসংগিক। নৃকেন্দ্ৰিকতা আৰু উদ্দেশ্যবাদীতাৰ পৰিসীমাৰ অতিক্ৰম কৰি, যুক্তিবাদী দৃষ্টিৰ পৰা ক’ব পাৰি যে জীৱনৰ উদ্দেশ্যৰ প্ৰকৃত অৰ্থ হৈছে জীৱনৰ জৈৱিক উদ্দেশ্য। ইয়াত মূল জীৱ কিম্বা প্ৰাণটোৰ কথাহে প্ৰসংগটোৰ কেন্দ্ৰত অৱস্থিত। মন কৰিবলগীয়া কথা, ইয়াত জীৱ বা প্ৰাণটো মানুহ, উদ্ভিদ, চৰাই, বেক্টেৰিয়া—যিকোনো জীৱিত প্ৰজাতিৰেই হ’ব পাৰে।
জীৱনৰ এই প্ৰাথমিক জৈৱিক উদ্দেশ্য—জীয়াই থকা— জীৱ এটাই কি দৰে পূৰ্ণ কৰে? জীৱৰ বিভিন্ন প্ৰজাতিৰ উদ্ভৱ যিহেতু জৈৱ-বিৱৰ্তনৰ ফল, সেইবাবে এইটো প্ৰশ্নৰ উত্তৰ আমি বিৱৰ্তনীয় বিজ্ঞানৰ পোহৰত বিচাৰ কৰিব লাগিব। পুনৰাবৃত্তি হ’লেও কোৱা যাওঁক, জীৱনৰ প্ৰথম উদ্দেশ্য বাছি থকা, জীয়াই থকা। স্বাভাবিকতেই প্ৰশ্ন উঠিব, জীৱ এটা জীয়াই থাকিবলৈ কি কৰিব, কেনেকৈ কি কৰি বাছি থাকিব? জীৱ এটি জীয়াই থাকিবলৈ যিকেইটি প্ৰাথমিক কাৰ্য সম্পাদন কৰিবই লাগিব, সেইসমূহকো আমি জীৱনৰ উদ্দেশ্যই বুলিব পাৰোঁ। লক্ষ্যনীয়, এইটো কথা নৃ-জীৱনৰ ব্যক্তিসত্ত্বাৰ উদ্দেশ্যধৰ্মীতাৰ সৈতে একে নহয়। এইবোৰ কাৰ্য নিতান্তই জৈৱিক, তাত ঔচিত্যবোধ বা প্ৰমূল্যভিত্তিক ধ্যানধাৰণা অপ্ৰাসংগিক।
জীৱই জীৱনৰ প্ৰাথমিক উদ্দেশ্যটি (জীয়াই থকা) কি কি প্ৰাথমিক কাৰ্যৰ জৰিয়তে পূৰণ কৰিবলৈ প্ৰয়াস কৰে? কৈ থোৱা ভাল, এই “জীয়াই থকা”-ৰ অৰ্থই ব্যক্তিগত স্তৰত জীৱ এটা জীয়াই থকাৰ উপৰিও, সমগ্ৰ প্ৰজাতিটো বৰ্তি থকাৰ কথাটোও সামৰি লয়। এই প্ৰসংগৰ বিস্তাৰিত ব্যাখ্যা কিবা দীৰ্ঘ আলোচনা বাদ দি, মাত্ৰ কেইটিমান দিশহে উনুকিয়াই যাওঁ এই নিবন্ধটোত। দেখা যায় যে মূলতঃ তিনিটা প্ৰাথমিক কাৰ্যৰ মাধ্যমেৰে জীৱ এটা জীয়াই থাকে।
প্ৰথমটো হৈছে বিপাকীয় কাৰ্যকলাপ (metabolism)। মূলতঃ এইটো হৈছে জীৱ এটাৰ শক্তিৰ গ্ৰহণ, বিতৰণ আৰু আত্মীকৰণৰ প্ৰক্ৰিয়া। তেনে শক্তি ক্ষুদ্ৰাতিক্ষুদ্ৰ কোষৰ পৰা আৰম্ভ কৰি সৰু-বৰ সকলো অংগ-প্ৰত্যংগৰ বাবে অত্যাৱশ্যকীয়। উদাহৰণ এটিলৈ চাওঁ। উদ্ভিদ আৰু প্ৰাণীৰ কোষৰ ভিতৰত বিপাকীয় ক্ৰিয়াৰ ফলত গ্লুকুজ নামৰ এবিধ সৰল কাৰ্ব’হাইড্ৰেটৰ বিভংগন ঘটে। তাৰ ফলত নিৰ্গত হোৱা শক্তি এডিন’চিন ট্ৰাই ফছফেট (ATP) নামৰ অণুত সঞ্চিত হৈ থাকে। ATP-ত সঞ্চিত শক্তি জীৱনৰ বাবে অপৰিহাৰ্য। বিপাকীয় শক্তিৰ অবিহনে মৃত্যু অৱধাৰিত। সেইবাবে বিপাকীয় কাৰ্যকলাপ সুচাৰুৰূপে চলাই নিয়াটো হৈছে জীৱনৰ এটা উদ্দেশ্য। কিন্তু মনকৰিবলগীয়া কথা, বিপাকীয় কাৰ্যকলাপৰ সৈতে অন্যান্য অত্যাৱশ্যকীয় শৰীৰতাত্ত্বিক কাৰ্য স্বাভাবিকভাবে চলি থাকিবলৈ হ’লে কোষ বা দেহৰ আভ্যন্তৰীণ সুস্থিৰতা আৰু সন্তুলন অপৰিহাৰ্য। বহুতো বৰ্হি কিম্বা আভ্যন্তৰীণ কাৰকে অবিৰতভাবে তেনে আভ্যন্তৰীণ সুস্থিৰতাত ব্যাঘাত আনে। দুটা উদাহৰণলৈ লক্ষ্য কৰা যাওঁক। বিপাকীয় প্ৰক্ৰিয়াৰ নানান বিক্ৰিয়াৰ বাবে নিৰ্দিষ্ট আম্লিকতা লাগে। তাৰ অলপ হীনদেৰী হ’লেই বিপাকীয় প্ৰক্ৰিয়াটোত বিসংগতিৰ উদ্ভৱ হয়। এইটো জীৱনৰ বাবে পৰিপন্থী। দ্বিতীয় উদাহৰণটি অধিক সহজ। ধৰক, খাদ্যৰ পৰা আমাৰ তেজত বহুত বেছি গ্লুকুজ মিহলি হৈ পৰিল। এইটো পৰিস্থিতি জীৱনৰ বাবে অতিশয় বিপজ্জনক। দুয়োটা উদাহৰণৰ ক্ষেত্ৰতেই শৰীৰ বা কোষৰ আভ্যন্তৰীণ সুস্থিৰতা বিঘ্নিত হৈ পৰে। তেনে অনিয়ন্ত্ৰিত বিসংগতিয়ে জীৱটোৰ মৃত্যু ঘটাব পাৰে। কিন্তু তেনে সম্ভাৱনাৰ প্ৰতিমুখে জীৱৰ শৰীৰত একধৰণৰ ব্যৱস্থা আছে। এই ব্যৱস্থাই শৰীৰৰ আভ্যন্তৰীণ ভৌতিক আৰু ৰাসায়নিক সুস্থিৰতা বৰ্তাই ৰাখে। এই ব্যৱস্থাটোক কোৱা হয় হ’মিওষ্টেচিছ (homeostasis)। ইয়াৰ অবিহনে জীৱন অসম্ভৱ। গতিকে হ’মিওষ্টেচিছৰ জৰিয়তে জীৱদেহৰ সুস্থিৰতা অটুট ৰখাটো জীৱনৰ অন্যতম উদ্দেশ্য।
উনুকিয়াই আহিছিলোঁ, বিৱৰ্তনীয় বিজ্ঞানে “জীয়াই থকা”-ৰ অৰ্থ জীৱ এটা নিজে, ব্যক্তি হিচাপে জীয়াই থকাৰ বাদেও, সমগ্ৰ প্ৰজাতিটো বৰ্তি থকাৰ কথাটোও সামৰি লয়। প্ৰজাতি এটা পৃথিৱীত বৰ্তি থকাৰ দুটা সাম্ভাব্য প্ৰকল্পিত (hypothetical) উপায় আছে। প্ৰথমটো ব্যক্তিগত পৰ্যায়ত অমৰত্ব। দ্বিতীয়টো, প্ৰজনন (reproduction)। প্ৰজাতি এটা বৰ্তি থাকিবলৈ অমৰত্বৰ ধাৰণাটো আপাতঃদৃষ্টিত ফলপ্ৰসূ যেন লাগিলেও, সি তেনেই অকাৰ্যকৰী। কিন্তু প্ৰজননৰ গুণাৱলী, প্ৰজাতি এটি টিকি থকাৰ ক্ষেত্ৰত, অতি চমকপ্ৰদ। সৰু উদাহৰণ এটাই কথাটো স্পষ্ট কৰিব। ধৰা হওঁক, জলবায়ুৰ সাংঘাতিক পৰিৱৰ্তন সংঘটিত হ’ল। তেনে ক্ষেত্ৰত, পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে তালমিল কৰিবলৈ অক্ষম কোনো অমৰ প্ৰাণী নিচিহ্ন হৈ পৰিব। কিন্তু প্ৰজননৰ জৰিয়তে জন্ম লোৱা জীৱৰ মাজত থকা প্ৰকৰণৰ (variation) বাবে প্ৰতিকূল পৰিস্থিতিৰ মাজতো সেইটো প্ৰজাতিৰ কিছুমান প্ৰাকৃতিক নিৰ্বাচনৰ মাজেদি বাছি যাব। প্ৰজনন ব্যতিৰেকে জীৱৰ জীৱন সম্ভৱ নহয়। গতিকে অতি স্পষ্ট, জীৱনৰ অন্যতম উদ্দেশ্য হৈছে প্ৰজনন।
আমোদজনক কথা, উদ্দেশ্যবাদী দৃষ্টিকোণৰ পৰা জীৱনৰ উদ্দেশ্য সাধন কৰিবলৈ কৰা প্ৰাণপণ চেষ্টা, ব্যক্তিগত সফলতা-বিফলতা, হাঁহি-কান্দোন সকলো বিস্মৃতিৰ গৰ্ভত এদিন আপোনাআপুনি লুপ্ত হৈ পৰিব, মাত্ৰ থাকি যাব ধাৰাবাহিক সফলতাৰে প্ৰজনন সম্পাদন কৰিবলৈ সক্ষম হোৱাসকলৰ অতি ক্ষুদ্ৰ জীন। কথাটো আমোদজনক যদিও, তাৰপৰা এটা গুৰুত্ত্বপূৰ্ণ দিশো প্ৰতীয়মান হয়। কোনো মানুহেই (অন্য প্ৰাণীৰ কথা নুঠেই) চৌপাশৰ জগতখনক, ব্যক্তিগত পৰ্যায়ত, তেনে এটা দৃষ্টিকোণৰ পৰা অৱলোকন নকৰে। কোনেও নিজকে জীনৰ বাহক আৰু বিস্তাৰক বুলি অনবৰতে ভাবি নাথাকে। অথচ, সেইটোৱেই হৈছে জীৱনৰ এটা মুখ্য জৈৱিক উদ্দেশ্য। এই কথাটোৰ পৰা জীৱনৰ জৈৱিক উদ্দেশ্যৰ সৈতে নৃকেন্দ্ৰিক উদ্দেশ্যবাদী দৃষ্টিকোণৰ মাজৰ সমন্ধটো যে তেল-পানীৰ, সেইটো অতি পৰিষ্কাৰকৈ ওলাই পৰে। আমি সচেতনভাবে নিজৰ জীনৰ বিস্তাৰ কৰিম, এইটো কথাও এটা উদ্দেশ্যবাদী কথা। তেনে কাম জীৱ এটাই সচেতনভাবে কেতিয়াও নকৰে। কোনোবাই হয়তো ক’ব, কিয় জাৰ্মানিৰ নাজীবিলাক? সিহঁতে দেখোন পৰিকল্পিতভাবে “আৰ্য-জীন” বিস্তাৰ কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল! “নাজীবিলাকৰ উদ্দেশ্য”-ৰ সৈতে আমাৰ এই আলোচ্য “জীৱনৰ উদ্দেশ্য”-ৰ প্ৰসংগ যে একেবাৰেই পৃথক, সেইটো কথা আমি মনত ৰখা আৰু বুজিবলৈ চেষ্টা কৰা উচিত।
প্ৰজননৰ প্ৰসংগত আনুসংগিক বিষয় এটি থোৰতে উত্থাপন কৰি থওঁ। অনুন্নত জীৱকূলৰ বাহিৰে যৌন-প্ৰবৃত্তি হৈছে প্ৰজাতি এটা পৃথিৱীত বৰ্তি থকাৰ প্ৰধান চালিকা শক্তি, কিয়নো ই হৈছে প্ৰজনন কাৰ্যৰ একক নিৰ্ণায়ক। অৰ্থাৎ, যৌন-প্ৰবৃত্তি প্ৰজাতি এটাৰ অস্তিত্বৰ সৈতে অংগাংগীভাবে সম্পৰ্কিত। হ’ম চেপিয়ান্স, অৰ্থাৎ মানৱ-প্ৰজাতিটোও তাৰ ব্যতিক্ৰম নহয়। মানুহৰ বেলিকা কিন্তু যৌনতা উক্ত সীমাৰ মাজতেই আবদ্ধ হৈ থকা নাই। মানুহৰ ক্ষেত্ৰত যৌনতাৰ প্ৰসংগটো হৈ পৰিছে অতিশয় জটিল আৰু বহুমাত্ৰিক। মূলতঃ মানৱ-সমাজখনৰ সামাজিক বিৱৰ্তনৰ ফলতেই মানুহৰ ডি.এন.এ-ত খোদিত হৈ থকা জৈৱিক যৌন-প্ৰবৃত্তি কালক্ৰমত যৌন-চেতনালৈ উন্নিত হৈ পৰিছে। অনিবাৰ্যভাবে যৌনতাৰ প্ৰৱেশ ঘটিছে সাহিত্য-সংস্কৃতি-শিল্পকলাৰ বিস্তীৰ্ণ প্ৰাংগণত। যৌনতাক কলালৈ উত্তৰণ কৰাটো সমাজবদ্ধ মানুহৰ বাহিৰে অন্য জীৱৰ বাবে সম্ভৱ হোৱা নাই। কথাটো অতিশয় গুৰুত্ত্বপূৰ্ণ, কিয়নো অন্য প্ৰজাতিৰ দৰেই মানৱ-প্ৰজাতিৰ উদ্ভৱো জৈৱ-বিৱৰ্তনৰ ফলতেই হৈছিল যদিও পৰৱৰ্তী যুগৰ বিশাল-বিপুল পৰিসৰৰ সামাজিক বিৱৰ্তনে মানুহৰ সকলো কথাতেই বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিলে। মানৱ-সমাজখনৰ ক্ৰমাগত সামাজিক বিৱৰ্তনেই আছিল মানুহৰ স্বাভাবিক জৈৱিক যৌন-প্ৰবৃত্তি বহুমাত্ৰিক যৌন-চেতনালৈ উত্তৰণ ঘটাৰ নিৰ্ণায়ক কাৰণ। এইখিনি কথা হয়তো মূল আলোচ্য বিষয়ত সিমান প্ৰাসংগিক নহয়, তথাপি উক্ত দিশটো উল্লেখ কৰা সমিচীন হ’ব বুলি ধাৰণা হয়।
আলোচনাৰ শেষ অংশলৈ এতিয়া আমি আগবাঢ়ো, প্ৰথমতেই উল্লেখ কৰি অহা দুটা প্ৰশ্নৰ পুনৰাবৃত্তি কৰি। আমি ক’ৰ পৰা আহিলোঁ? আমি কিয় আছোঁ, কি উদ্দেশ্য আমাৰ জীৱনৰ? এইসমূহৰ বস্তুনিষ্ঠ উত্তৰ যে উদ্দেশ্যবাদী ধ্যান-ধাৰণাৰ পৰা পাব নোৱাৰি, সেইটো কথা আমি বিস্তাৰিতভাবে আলোচনা কৰি আহিলোঁ। এই প্ৰশ্ন দুটাৰ উত্তৰ কিন্তু চমৎকাৰভাবে প্ৰদান কৰে বিৱৰ্তনীয় বিজ্ঞানে। প্ৰথম প্ৰশ্নৰ উত্তৰ, বিৱৰ্তনৰ ফলত আমি আছোঁ, বা আহিলোঁ। দ্বিতীয় প্ৰশ্নৰ উত্তৰটো আৰু চমৎকাৰ— উদ্দেশ্যবাদে কোৱা কোনো পূৰ্ব-নিৰ্ধাৰিত, নৃকেন্দ্ৰিক, মানৱ-আৰোপিত উদ্দেশ্য জীৱনৰ নাই।
আমোদজনক কথা, উদ্দেশ্যবাদী দৃষ্টিকোণৰ পৰা নিঃসৃত জীৱনৰ উদ্দেশ্যৰ বাণীৰ প্ৰতি মানুহ অতিশয় সচেতন আৰু আগ্ৰহী; কিন্তু জীৱনৰ জৈৱিক উদ্দেশ্যৰ প্ৰতি ব্যক্তি সচেতন হৈ নাথাকে। জীৱনৰ জৈৱিক উদ্দেশ্যৰ প্ৰতি অচেতন, আৰু হয়তো অজ্ঞ হৈ জীৱ এটাই জীৱন অতিবাহিত কৰে। মুখ্য জৈৱিক উদ্দেশ্যৰ প্ৰতি নিস্পৃহ-অজ্ঞ হৈ থাকিও, সেই উদ্দেশ্য জীৱ এটাই অচেতনভাবে অহৰহ পালন কৰি যায়। ব্যক্তিজীৱনত তেনে জৈৱিক উদ্দেশ্যৰ কথাটো আপাতঃদৃষ্টিত তাৎপৰ্যহীন যেন লাগিব পাৰে। কিন্তু প্ৰজাতিৰ সামূহিক জীৱনৰ বিৰাট-বিপুল অস্তিত্বৰ কথা ভাবিলে কথাটোৰ পৰিসৰ ক্ষণিক ব্যক্তিজীৱনৰ পৰিসীমা অতিক্ৰম কৰি যায়। কথাটো সম্পৰ্কিত হৈ পৰে প্ৰজাতিটোৰ জীৱনৰ অস্তিত্বৰ সৈতে।
জিজ্ঞাসু পাঠকে নিশ্চয় প্ৰশ্ন তুলিব, জীৱনৰ আৰোপিত উদ্দেশ্য থকা উচিত নে? আৰোপিত উদ্দেশ্য কেনেকুৱা হোৱা উচিত? তেনে উদ্দেশ্যৰ ভিত্তি কেনেকুৱা হোৱা যুগুত? ঘটনাটো হ’ল, বিৱৰ্তনীয় বিশ্লেষণত, আমি কি কৰিব লাগিব, সেই কথাটোৰ কোনো স্থান নাই। এইটো এটা প্ৰসংগৰ বাহিৰৰ বস্তু। তদুপৰি, এইসমূহ মানৱপ্ৰমূল্য আৰু মানৱীয় ঔচিত্যবোধৰ সৈতে সম্পৰ্কিত কথাহে। দেশ-কাল-পাত্ৰভেদে তেনে উদ্দেশ্য, আৰু তেনে উদ্দেশ্যৰ গুৰুত্ত্ব ভিন্ন হৈ পৰে। বিপৰীতপক্ষে, বিৱৰ্তনীয় বিশ্লেষণ প্ৰমূল্যবোধৰহিত। লগতে আৰু এটা জৰুৰী বিষয় আছে। “জীৱনৰ পূৰ্বনিৰ্ধাৰিত উদ্দেশ্য নাই, ই অৰ্থহীন” এই উক্তিৰ সৈতে “মোৰ জীৱনটো অসাৰ, অৰ্থহীন” এই দুটি কথাৰ মাজত গুৰুতৰ পাৰ্থক্য বিদ্যমান। প্ৰথমটো এটা বিৰাট-বিপুল, ব্যক্তিসত্ত্বানিৰপেক্ষ জৈৱিক পৰিস্থিতিৰ বৰ্ণনা, দ্বিতীয়টো এটা ব্যক্তিবিশেষৰ মানসিক বিষন্নতা-অৱসাদৰ প্ৰতিফলন। প্ৰথম কথাটো মৰ্মে মৰ্মে উপলব্ধি কৰিও, ব্যক্তিগত জীৱনটো নিজ নিজ ধৰণে অৰ্থপূৰ্ণ কৰি তোলা বহুতকেই দেখা যায়। এইটো কোনো স্ববিৰোধ নহয়। কিয়, সেইটো এই আলোচনাত স্পষ্ট হৈছে বুলি আশা কৰিছোঁ।
Bohut Bhal lagil Sir. Xorure pora ei proshnor xonmukhin hoisu. Schoolot thakuteo ei proshno moi guruxokolok xudhisilu. Protitu porbot uttor beleg beleg asil.
Ene eta article or babe dhonyobad sir.
Apunar prokakh rakhi xukia xodai.
Dhormomukto aru dhormojukto buli kemedhoronor sinta kori bhag koril moi thik dhoribo pora nai.
Jivon kormo, moithun, nidra, bhoi, Ahar etc. kotha ullekh paisu Dhormojukto bhave. Anhate prakritik upadan viz. Panchabhut xomuhor obihone jivon ochol. Ami xokolu prakritik hua nidorxon tu prothom. Heye apunar ullekhito xokolukhini jodi prakritik bharxomyot uchorgito hoi tente heitu jivonor uddesyo hobo nissoi pare.
Jiyai thokar uddeshyotuo xokolu rohosyor nisina, kio thakim.. Kenekoi… Kiba niti niyom aseneki… Gotike xamuhik bhave jivon eta jiyai thakiboloi uddeshyo mathu jiyai thoka o hobo nuaribo budh hoi.
Kaam/prajanan prakritik. Iak domon he koribo pari, lupto koribo nuari, heye eitu o eta uddeshyo. Kintu hirkhot hobo nuare.
Paramatmat bilin kothatu o moi xukiake buj paisu.
Monor bhag xomuhok jodi buja jai…
Mon, chitto, buddhi, vivek, ohonkar.. Eikhini tini gunor dwara xontulito kori nijor paribekhik budh loi jivon jiyai thoka aru aan jivoru jiyai thokat bharhomyota niyontron koratu mor budhere eta upojukto onyotom uddeshyo hobo pare!
Ei proshnor bhinnojonor drishtikon beleg beleg.
Thank you Sir.
Iti apunar chatro
Siddhartha