গল্প-কবিতা

পথৰুঘাট — ( অপৰাজিতা গগৈ)

পথৰুঘাট এক ইতিহাস !
পথৰুঘাট এক বুৰঞ্জী ?
ইতিহাসৰ ৰথৰ চকৰি কোনফালে ঘূৰে?
শত কৃষকৰ কলিজাৰ শোণিত ,
হতভাগা ৰাইজ মহামেল
কোনে কয় পথৰুঘাটে ৰিঙিয়ায়?
কাৰ বুকু বিদীৰ্ণ কৰে
জয়াল ৰাতি উচুপনিত মাৰ যোৱা
অন্তহীন অন্ধকাৰে?
পথৰুঘাটে পৰাজিত জনতাৰ অসীম উত্তাপক
জয়ৰ মাল্য পিন্ধায়
পথৰুঘাট মাথোঁ সোঁৱৰণি নহয়।
(প্ৰচ্ছদ অংকন: অজিত শইকীয়া)
Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *