গল্প-কবিতা

এটা প্ৰতি কবিতা – (মনোজ বৰপূজাৰী)

কথাৰ সাগৰত সাঁতুৰিবলৈ
আজি-কালি কপালত
হেনো ৰেঘা টানি ল’ব লাগে
নহ’লে ৰাজদ্ৰোহৰ দোষে চুব

অথচ হেজাৰ ৰেঘায়ো নোৱাৰে
সাগৰত ওপঙি থাকিব
জল-নিৰপেক্ষ হৈ পাৰেনে কোনোবাই

কেতিয়াবা কিজানি হাঁহি মাৰিলেও
মাতটো বন্ধকত থৈ ল’ব লাগিব
শুদাই নেৰিব যে তাকো
সাত সাগৰৰ সদাগৰে

তেন্তে কি হ’ব তাহানিৰ গৰিমা
এতিয়াৰ শ্ল’গানৰ

কথাৰ লাচতে কোৱাতো নাই
আহি গৈছে হেনো
ভালৰো ভাল দিন
সান্দহ খোৱাৰ বালি
অজৰ অমৰ

যেন একোৰে মৰণ নহ’ব
জৈৱ কি অজৈৱৰ
যেন বন্ধ হৈ গ’ল নৰকৰ দুৱাৰ

তেন্তে কেনেকৈ নৰকৰ পৰা উভতি
আহিল নাথুৰাম

খবৰৰ সূত্ৰবোৰে তৰ্কিবই নোৱাৰিলে
বেচেৰা কেৰ্বেৰাছ

টোকাঃ কেৰ্বেৰাছ – গ্ৰীক আখ্যানত নৰকৰ দুৱাৰৰখীয়া, এটা তিনিমূৰীয়া দৈত্যকায় কুকুৰ৷

Leave a Reply

Your email address will not be published. Required fields are marked *