গল্প-কবিতা

সজাগ – (শান্তনু কোঁৱৰ)

আহ !

একে, একেটাই
নীলা বিহৰ চৰম পিয়লা

ছক্ৰেটিছৰ কণ্ঠ ৰুদ্ধ নহয়
হোৱা নাই এতিয়াও বতাহত বিলীন

নীলা বিহ পিয়লাত
স্বপ্ন বিধুৰ যৌৱন
বতাহত উৰি থকা
দুৰন্ত পখিলা

অতীত কাতৰতা এঙামুৰি দি
নীলা বিহ ৰাতিৰ
সদ্যোজাত

এটা ভীষণ উজ্জ্বল পুৱা।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *