ফিডেলৰ বাবে এটা গান- (মূলঃ আৰ্নেষ্ট’ চে গুৱেভাৰা অনুঃ বিতোপন গগৈ)
তুমি কৈছিলা
সূৰ্য এদিন উদয় হ’ব
আহা আমি আগবাঢ়ো
মানচিত্ৰত নথকা সেই পথেৰে
সেই সেউজীয়া ঘৰিয়ালটোক মুক্ত কৰোগৈ
যাক তুমি ভালপোৱা
আহা আমি আগবাঢ়ো
সকলো উপলুঙা অপমান ওফৰাই
সৌ অদমনীয় বিদ্ৰোহী নক্ষত্ৰৰ সৈতে
কথা দিছো
বিজয়ী হ’ম অথবা
বুকুত গুলী সাৱতি ল’ম
প্ৰথমটো গুলীৰ শব্দতে
ভয়াৰ্ত বিস্ময়েৰে
সাৰ পাই উঠিব সমগ্ৰ অৰণ্য
তেতিয়া আমি তাত থাকিম
নিৰ্ভীক অবিচলিত যোদ্ধা হৈ
তোমাৰ কাষত ঠিয় দি
আৰু দিনটোৰ শেষত যেতিয়া
স্বেচ্ছাচাৰী ফেচিবাদী বিৰোধী যুঁজখনৰ
শেষ সময় উপস্থিত হ’ব
তেতিয়া তোমাৰ কাষত
শেষ যুদ্ধৰ অপেক্ষাত
আমি থাকিম সাজু হৈ
যিদিনা কিউবান জনতাৰ
যাঁঠিৰ আক্ৰমণত আহত হৈ
সেই পশুৱে নিজৰ
ক্ষতস্থান চেলেকি থাকিব
গৰ্বিত হৃদয়েৰে আমি
তোমাৰ কাষত থিয় দি থাকিম
তুমি নাভাবিবা
সিহঁতে ৰাজকীয় উপহাৰৰ টোপোলাৰে
আমাৰ একতা আৰু সততা
কিনিব পাৰিব
আমি সিহঁতৰ বন্দুক
সিহঁতৰ গুলীবোৰ বিচাৰো
আৰু একো নিবিচাৰো
আৰু যদি লৌহ কপাত
আমাৰ পথৰ হেঙাৰ হয়
তেন্তে আমাৰ গেৰিলা হাড় ঢাকিবলৈ
আমি বিচাৰো
কিউবান চকুলোৰে বোৱা
এখন কফিন কাপোৰ
আমেৰিকান ইতিহাসৰ এই যাত্ৰাত
আমি আৰু একো নিবিচাৰো।