কেন্দ্ৰীয় নিবন্ধ

মাইক্ৰ’-ফাইনেঞ্চ-(পাৰ্থ প্ৰতীম বৰকটকী)

সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ লোকসকলে উপাৰ্জন সৃষ্টিকাৰী কৰ্ম সংস্থাপনত নিয়োজিত হ’বলৈ অথবা পূৰ্বৰ উপাৰ্জন সৃষ্টিকাৰী কৰ্ম প্ৰসাৰিত কৰিবলৈ সুবিধা হোৱাকৈ আৰু ইয়াৰ দ্বাৰা দৰিদ্ৰতা নিৰ্মূলৰ বাবে সহজতে ক্ষুদ্ৰ ঋণ উপলব্ধ কৰাৰ অৰ্থনৈতিক ব্যৱস্থাটোক মাইক্ৰ’-ফাইনেঞ্চ বুলি বুজা যায়৷ আন্তৰাষ্ট্ৰীয় সমুদায়ে আঁকোৱালি লোৱাৰ বহু পূৰ্বেই ১৯৭০ৰ দশকত ড° মহম্মদ ইউনাচে বাংলাদেশত এই ব্যৱস্থা আৰম্ভ কৰিছিল৷ ২০০৬ চনত ড° ইউনাচে শান্তিৰ ন’বেল বঁটা লাভ কৰাৰ পাছতেই মাইক্ৰ’-ফাইনেঞ্চৰ মুকলি চৰ্চা সৰ্বত্ৰে হ’বলৈ ধৰিলে৷ ১৯৮০ৰ দশকত ড° ইউনাচে ঘোষণা কৰিছিল যে বাংলাদেশৰ ভৱিষ্যত প্ৰজন্মই দৰিদ্ৰতাৰ ধাৰণাটো তেতিয়াহে বুজিব যেতিয়া তেওঁলোকে ‘দাৰিদ্ৰ্য সংগ্ৰহালয়’ দৰ্শন কৰিব৷ দৰিদ্ৰতাক ‘দাৰিদ্ৰ্য সংগ্ৰহালয়’ত আৱদ্ধ কৰাৰ এই ঘোষণা অনুন্নত আৰু উন্নয়নশীল দেশবোৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ যথেষ্ট আছিল৷ সমান্তৰালকৈ উন্নত দেশসমূহৰ ধনীক শ্ৰেণীৰ উৎসুক আৰু লোলুপ দৃষ্টি মাইক্ৰ’-ফাইনেঞ্চৰ ওপৰত পৰিছিল৷ তেতিয়াই ড° ইউনাচৰ চিন্তা আৰু উদ্দেশ্যৰ পৰিৱৰ্তন আৰম্ভ হৈছিল৷

(ক) আৰম্ভণি আৰু প্ৰসাৰঃ পূব পাকিস্তানত ১৯৫০ৰ দশকত স্থানীয় সুদখোৰ ঋণদাতাৰ গ্ৰাসৰ পৰা দৰিদ্ৰ শ্ৰেণীক উদ্ধাৰ কৰাৰ উদ্দেশ্যে আখতাৰ হামিদ খানে ‘ক’মিলা প্ৰকল্প’ নামৰ এক মাইক্ৰ’-ক্ৰেডিট প্ৰকল্প আৰম্ভ কৰিছিল৷ বিভিন্ন গাঁওভিত্তিক গোট আৰু সমবায়ৰ দ্বাৰা এই ক্ষুদ্ৰ ঋণ প্ৰদান কৰা হৈছিল৷ পাছলৈ চৰকাৰী হস্তক্ষেপ আৰু সমবায়ত জড়িত সম্ভান্ত লোকসকলৰ ক্ষমতাৰ আৰু ব্যক্তিগত লাভৰ আহিলা হৈ পৰা ‘কমিলা প্ৰকল্প’ এক বিফল প্ৰকল্প হৈ ৰ’ল৷ আমেৰিকাৰ পৰা ঘূৰি আহি চট্টগ্ৰাম বিশ্ববিদ্যালয়ত কৰ্মৰত হৈ থকা ড° মহম্মদ ইউনাচে দেশ বিভাজনৰ পৰৱৰ্তী সমস্যাৰে জৰ্জড়িত বাংলাদেশৰ অৰ্থনৈতিক অৱস্থাৰ উন্নতিৰ কথা ভাবিবলৈ ধৰিলে৷ খানৰ বিফল হোৱা ‘ক’মিলা প্ৰকল্প’ ড° ইউনাচৰ বাবে আধাৰ হ’ল৷ ড° ইউনাচে দেখিছিল যে গাঁৱৰ মহিলাসকল বিভিন্ন উপাৰ্জনক্ষম কৰ্মত নিয়োজিত হৈ থাকে৷ কিন্তু তেওঁলোক স্থানীয় সুদখোৰ ঋণদাতাৰ অত্যধিক সুদৰ গ্ৰাসত এইদৰে সোমাই থাকে যে তেওঁলোকৰ উপাৰ্জন পৰৱৰ্তী অৰ্থনৈতিক-চক্ৰত ব্যৱহাৰ কৰিবলৈ বাচি নাথাকে৷ ড° ইউনাচ এই সিদ্ধান্তত উপনীত হৈছিল যে দৰিদ্ৰ শ্ৰেণীটোৱে নিজৰ শ্ৰমৰ লাভ পাবলৈ আৰু দৰিদ্ৰতাৰ পৰা মুক্তি পাবলৈ সৰ্বেপ্ৰথমে নিজক স্থানীয় সুদখোৰ ঋণদাতাৰ গ্ৰাসৰ পৰা মুক্ত কৰিব লাগিব৷ ১৯৭৬ চনত ড° ইউনাচে ব্যক্তিগত জমা ধন ব্যৱহাৰ কৰি নিজৰ গাঁৱৰ দৰিদ্ৰ পুৰুষ-মহিলাক তুলনামূলকভাৱে যথেষ্ট কম সুদত ক্ষুদ্ৰ ঋণ প্ৰদান কৰিলে৷ ড° ইউনাচে আৱিষ্কাৰ কৰিলে যে ঋণ পৰিশোধৰ ক্ষেত্ৰত পুৰুষৰ তুলনাত মহিলাসকল ব্যতিক্ৰমীভাৱে উত্তম আৰু তেওঁ এই প্ৰকল্পটো মূলতঃ মহিলাসকলৰ লগত আগবঢ়াই নিলে৷ ইয়াৰ বাবে প্ৰয়োজনীয় ধনৰাশিৰ বাবে তেওঁ এটা স্থানীয় বেংকক সন্মত কৰালে৷ ক্ৰমশ ড° ইউনাচৰ প্ৰকল্পটো প্ৰসাৰিত হ’বলৈ ধৰিলে আৰু ঋণ পৰিশোধৰ ক্ষেত্ৰত মহিলাসকল পুনৰ ব্যতিক্ৰমীভাৱে উত্তম হ’ল৷ সমাজ-ৰাজনৈতিক আৰু অৰ্থনৈতিক শোষণে জুৰুলা কৰা দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ মাজত এক সামুহিক একাত্মবোধ আছিল৷ এই একাত্মবোধৰ ভিত্তিতেই ড° ইউনাচে দৰিদ্ৰ মহিলাসকলৰ মাজত কিছুমান ‘একাত্মবোধ চক্ৰ’ গঠন কৰিছিল৷ যদিও ড° ইউনাচে ঋণ পৰিশোধ কৰাটো চক্ৰসমূহৰ সামূহিক দ্বায়িত্ব বুলি কেতিয়াও কোৱা নাছিল, তথাপি চক্ৰসমূহৰ মহিলাসকলে সেইয়া তেওঁলোকৰ সামূহিক দ্বায়িত্ব বুলি মানি লৈছিল কাৰণ তেওঁলোকে যথেষ্ট নিম্ন সুদৰ ঋণ আৰু তুলনামূলকভাৱে দীৰ্ঘকালীন পৰিশোধ সীমাৰ সুযোগটো হেৰুৱাব খোজা নাছিল৷ এইদৰে ড° ইউনাচৰ প্ৰকল্পটোত উচ্চ হাৰত ঋণ পৰিশোধ হ’বলৈ ধৰিলে৷ ১৯৮৩ চনত ড° ইউনাচে এটা বেচৰকাৰী সংস্থাৰ (NGO) ৰূপত গ্ৰামীণ বেংক প্ৰতিষ্ঠা কৰিলে৷ য’ত বেংকৰ সদস্যসকলৰ ৪০%, বাংলাদেশ চৰকাৰৰ ৪০% আৰু অন্য দুটা ষ্টেট বেংকৰ ১০%কৈ অংশীদাৰিত্ব আছিল৷ পূৰ্বে দৰিদ্ৰ লোকসকলৰ ক্ষেত্ৰত থকা চৰকাৰী ঋণৰ প্ৰকল্পবোৰত ৪০-৬০% পৰিশোধৰ হাৰ দেখা পোৱা গৈছিল৷ কিন্তু ড° ইউনাচৰ গ্ৰামীণ বেংকৰ ক্ষেত্ৰত ঋণ পৰিশোধৰ হাৰ প্ৰায় ৯৮% হৈছিল৷ গ্ৰামীণ বেংকৰ গ্ৰাহকৰ সংখ্যা দ্ৰুতগতিত বাঢ়িবলৈ ধৰিলে৷ কাজেই, দৰিদ্ৰ লোকসকল যে ‘বেংক উপযুক্ত’, এই কথা ড° ইউনাচে বিনা বাধাই প্ৰতিষ্ঠা কৰিছিল৷ ইণ্ড’নেচিয়া, মালেচিয়া আদি দেশতো মাইক্ৰ’-ফাইনেঞ্চ প্ৰকল্প আৰম্ভ হ’ল৷ ভাৰততো ১৯৯০ৰ দশকত গ্ৰামীণ বেংকৰ দৰে এক গ্ৰাম্য অৰ্থনৈতিক ব্যৱস্থা আৰম্ভ হ’ল৷ বাংলাদেশৰ ‘একাত্মবোধ চক্ৰ’ৰ দৰে ভাৰতত আৰম্ভ হ’ল ‘আত্মসহায়ক গোট’৷ গ্ৰাম্য অৰ্থনীতি সবলীকৰণৰ আৰু নাৰী সবলীকৰণৰ লক্ষ্যৰে লেটিন আমেৰিকাতো মাইক্ৰ’-ফাইনেঞ্চৰ প্ৰসাৰ দ্ৰুতগতিৰে হ’বলৈ ধৰিলে৷ ১৯৮০ৰ শেষলৈ মাইক্ৰ’-ফাইনেঞ্চ আৰু মাইক্ৰ’-এণ্টাৰ্প্ৰাইজৰ বিকাশ দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত আন্তৰাষ্ট্ৰীয় সমুদায়ৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বিবেচিত হ’ল৷ মন কৰিবলগীয়া কথা, ইমানলৈ মাইক্ৰ’-ফাইনেঞ্চ শব্দটোৱে মাইক্ৰ’-ক্ৰেডিট শব্দটোৰ ব্যৱহাৰ নোহোৱা কৰি পেলালে৷ সংবাদ মাধ্যম, আলোচনী/কাকতৰ সম্পাদকীয়, বিভিন্ন বিজ্ঞাপন ইত্যাদি সৰ্বত্ৰে ড° ইউনাচ আৰু গ্ৰামীণ বেংকৰ চৰ্চা চলিবলৈ ধৰিলে৷ মূলতঃ চৰকাৰ আৰু আন্তৰাষ্ট্ৰীয় অনুদানেই আছিল মাইক্ৰ’-ফাইনেঞ্চৰ মূল পুঁজি৷ গৰিষ্ঠসংখ্যক মাইক্ৰ’-ফাইনেঞ্চ প্ৰতিষ্ঠান মুনাফাবিহীন বেচৰকাৰী সংস্থা বুলি প্ৰতিষ্ঠা কৰা হৈছিল৷ উচ্চ ঋণ পৰিশোধ হাৰ বৰ্তাই ৰাখিবলৈ দুটা তাৎক্ষণিক প্ৰয়োজন আছিল—(১) অতি নিম্ন হাৰৰ সুদ আৰু (২) বাহ্যিক পুঁজিৰ অনুদান৷ মাইক্ৰ’-ফাইনেঞ্চৰ গ্ৰাম্য অৰ্থনীতি আৰু নাৰী সবলীকৰণৰ দিশটোৱে চৰকাৰী আৰু আন্তৰাষ্ট্ৰীয় অনুদানক খৰছ-লাভৰ বিশ্লেষণত ন্যায্যতা প্ৰদান কৰিছিল৷ চৰকাৰী ৰাজসাহায্য আৰু আন্তৰাষ্ট্ৰীয় অনুদানৰ অবিহনে বাংলাদেশৰ গ্ৰামীণ বেংক আৰু বিভিন্ন দেশৰ প্ৰায়বোৰ মাইক্ৰ’-ফাইনেঞ্চ প্ৰতিষ্ঠান জীয়াই থকাটো অসম্ভৱ হৈ পৰিছিল৷ ১৯৭০ দশকৰ মাজভাগৰ পৰা নব্য-উদাৰ ৰাজনৈতিক প্ৰকল্পৰ প্ৰসাৰ তড়িৎ গতিৰে হ’বলৈ ধৰিলে৷ নব্য-উদাৰতাবাদৰ এক মূখ্য প্ৰতিবন্ধকতা হৈছে যে ই অৰ্থনীতি আৰু সমাজত নিয়োজিত প্ৰতিটো সংস্থাৰে বিত্তীয় স্বনিৰ্ভৰশীলতাত দৃঢ়ভাৱে বিশ্বাস কৰে৷ সেয়ে মাইক্ৰ’-ফাইনেঞ্চৰ পৰা ৰাজসাহায্য আৰু আন্তৰাষ্ট্ৰীয় অনুদান দূৰ কৰি ইয়াক বিত্তীয়ভাৱে স্বনিৰ্ভৰশীল কৰি তোলাটো মাইক্ৰ’-ফাইনেঞ্চৰ প্ৰতি উৎসুক আৰু লোলুপ হৈ পৰা আন্তৰাষ্ট্ৰীয় সমুদায় প্ৰাথমিক লক্ষ্য হৈ পৰিল৷ মাইক্ৰ’-ফাইনেঞ্চৰ সম্পূৰ্ণ বাণিজ্যিকীকৰণ আৰু ব্যক্তিগতকৰণৰ লগতে ইয়াক এক মুনাফা অৰ্জন ব্যৱস্থালৈ পৰিণত কৰা হ’ল৷ ৰাজসাহায্য-নিৰ্ভৰতা দূৰ কৰিবলৈ বজাৰ-দৰত সুদৰ হাৰ নিৰ্ধাৰণ কৰাৰ লগতে বিভিন্ন আঁচনি যেনে চেভিংচ একাউন্ট, পেনচন আঁচনি ইত্যাদিৰ জৰিয়তে নিজস্ব পুঁজি জমা কৰা হ’ল৷ ব্যক্তিগত খণ্ডৰ মাইক্ৰ’-ফাইনেঞ্চ প্ৰতিষ্ঠানে পূৰ্বৰ ‘একাত্মবোধ চক্ৰ’ অথবা ‘আত্মসহায়ক গোট’ৰ মাধ্যমেৰে ঋণ বিতৰণ কৰাৰ পৰিৱৰ্তে ব্যক্তিগত ঋণ দিবলৈ আৰম্ভ কৰিলে৷ মাইক্ৰ’-ফাইনেঞ্চৰ পৰা ৰাজসাহায্য দূৰ হৈ গ’ল আৰু বাহ্যিক অনুদানৰ পৰিৱৰ্তে বিনিয়োগ আৰম্ভ হ’ল৷ চতুৰ পুঁজিপতিসকলৰ দৃষ্টিত এক win-win সুযোগে ধৰা দিলে৷ মাইক্ৰ’-ফাইনেঞ্চত কৰা বিনিয়োগে তেওঁলোকক দৰিদ্ৰতা নিৰ্মূলকৰণ আৰু নাৰী সবলীকৰণৰ ক্ষেত্ৰত সুনাম আৰ্জি দিয়াৰ লগতে যথেষ্ট মুনাফাৰ মুখ দেখুৱালে৷ মাইক্ৰ’-ফাইনেঞ্চৰ নতুন ঢৌটোত ‘পৰিশোধৰ হাৰ’ৰ পৰিৱৰ্তে ‘সুদৰ হাৰ’ আৰু গ্ৰাহকৰ সংখ্যা বেছি গুৰুত্বপূৰ্ণ হৈ পৰিল৷ মাইক্ৰ’-ফাইনেঞ্চৰ মুনাফাবিহীন বেচৰকাৰী সংস্থাবোৰ আৰু প্ৰতিষ্ঠানবোৰৰ বাণিজ্যিকীকৰণ আৰু ব্যক্তিগতকৰণৰ ফলত ড° ইউনাচৰ মূল গ্ৰামীণ বেংক মাইক্ৰ’-ফাইনেঞ্চ প্ৰকল্পটো ক্ৰমশঃ ইতিহাস হৈ পৰিল আৰু গ্ৰামীণ বেংক এক লাভজনক সম্পূৰ্ণ বাণিজ্যিক বেংকলৈ ৰূপান্তৰিত হ’ল৷ আন্তৰাষ্ট্ৰীয় পুঁজিপতিসকলৰ মুনাফালোভী উৎসাহে দৰিদ্ৰতা নিৰ্মূলকৰণ, গ্ৰাম্য অৰ্থনীতি সবলীকৰণ আৰু নাৰী সবলীকৰণৰ ক্ষেত্ৰত মাইক্ৰ’-ফাইনেঞ্চক এক চমৎকাৰী আৱিষ্কাৰ ৰূপে প্ৰতিষ্ঠা কৰিলে৷ ৰাষ্ট্ৰসংঘই ২০০৫ বৰ্ষটোক ‘আন্তৰাষ্ট্ৰীয় মাইক্ৰ’-ক্ৰেডিট বৰ্ষ’ বুলি ঘোষণা কৰিলে৷ ড° মহম্মদ ইউনাচ আৰু তেওঁ আৰম্ভ কৰা গ্ৰামীণ বেংকে যুটীয়াকৈ ২০০৬ চনৰ অৰ্থনীতিৰ ন’বেল বঁটা লাভ কৰিলে৷

(খ) ভ্ৰম বনাম বাস্তৱঃ নব্য-উদাৰতাবাদৰ গ্ৰাসে মাইক্ৰ’-ফাইনেঞ্চৰ মূলগত গাঁঠনি পৰিৱৰ্তন কৰাৰ লগেলগে মাইক্ৰ’-ফাইনেঞ্চৰ দ্বাৰা দৰিদ্ৰতা ‘দাৰিদ্ৰ্য সংগ্ৰহালয়’ত আৱদ্ধ হ’ব বুলি ঘোষণা কৰা ড° ইউনাচে ক’লে যে মাইক্ৰ’-ফাইনেঞ্চৰ মূল লক্ষ্য হৈছে ‘বাংলাদেশৰ দৰিদ্ৰ মহিলাসকলক বিত্তীয় সেৱা প্ৰদান কৰা’! ঋণ পৰিশোধৰ উচ্চ হাৰ মাইক্ৰ’-ফাইনেঞ্চৰ মূল চালিকা শক্তি আছিল। কিন্তু পৰৱৰ্তী সময়ৰ বিভিন্ন সমীক্ষাত এই কথা স্পষ্ট হ’ল যে যদিও দৰিদ্ৰ মহিলাসকলে নিয়মিতভাৱে ঋণ পৰিশোধ কৰি আছিল, তেওঁলোকৰ গৰিষ্ঠসংখ্যকে ঋণৰ ধন উপাৰ্জনক্ষম কাৰ্যত ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে বিভিন্ন পাৰিবাৰিক ব্যয় আৰু উপভোগৰ বাবে ব্যৱহাৰ কৰিলে৷ নব্য-উদাৰতাবাদৰ বজাৰখনে সৃষ্টি কৰা পণ্যৰ পয়োভৰৰ বাবে তেওঁলোকৰ সমুখত অন্য বিকল্প নাছিল৷ পাৰিবাৰিক প্ৰয়োজন আৰু উপভোগৰ প্ৰয়োজন তেওঁলোকৰো আছিল! যিসকলে ঋণৰ ধন উপাৰ্জনক্ষম কাৰ্যত ব্যৱহাৰ কৰিছিল, তেওঁলোকে ঋণৰ মূল আৰু সুদৰ বাদে অতিৰিক্ত উপাৰ্জন কৰিব পৰা নাছিল৷ কাৰ্যতঃ তেওঁলোকৰ দৰিদ্ৰতা অপৰিৱৰ্তিত হৈ থাকিল৷ মাইক্ৰ’-ফাইনেঞ্চৰ বাণিজ্যিকীকৰণ আৰু ব্যক্তিগতকৰণৰ পাছত বহু মাইক্ৰ’-ফাইনেঞ্চ প্ৰতিষ্ঠান জন্ম হ’ল৷ এই প্ৰতিষ্ঠানসমূহৰ মাজত প্ৰতিষ্ঠা আৰু প্ৰসাৰৰ এক অঘোষিত প্ৰতিযোগিতা আৰম্ভ হ’ল৷ যাৰ বাবে দৰিদ্ৰ মহিলাসকলৰ সমুখত বিকল্পৰ ন ন দুৱাৰ মুকলি হ’ল৷ আপাত দৃষ্টিত, গ্ৰাম্য অৰ্থনীতিত দেখা পোৱা বাহ্যিক পুঁজিৰ এই অভূতপূৰ্ব উল্কাবৃষ্টিক এক আৰ্থ-সামাজিক শুভ লক্ষণ বুলি গণ্য কৰা হৈছিল৷ মাইক্ৰ’-ফাইনেঞ্চৰ উৎপত্তিস্থল বাংলাদেশত হোৱা কেতবোৰ সমীক্ষাত এই কথা স্পষ্ট হ’ল যে যদিও নাৰী সবলীকৰণৰ নামত গাঁৱৰ দৰিদ্ৰ মহিলাসকলক ঋণ প্ৰদান কৰা হৈছিল, পৰিশোধৰ বেলিকা তেওঁলোক পৰিয়ালৰ পুৰুষৰ ওপৰত নিৰ্ভৰশীল হৈছিল৷ গাঁৱৰ ৰক্ষণশীল সমাজ ব্যৱস্থাত পৰিয়াল কেন্দ্ৰিক সন্মান অটুট ৰাখিবলৈ তেওঁলোকে যেনেতেনে ঋণৰ কিস্তি যোগাৰ কৰিছিল৷ এইদৰেই ঋণ পৰিশোধৰ উচ্চ হাৰৰ এই ভ্ৰমক মাইক্ৰ’-ফাইনেঞ্চৰ সফলতা ৰূপে প্ৰচাৰ কৰা হ’ল৷ ড° ইউনাচ আৰু গ্ৰামীণ বেংকে বিশ্বব্যাপী অৰ্জন কৰা সুনাম নষ্ট হ’বলৈ নিদি ঋণ পৰিশোধৰ আঁৰৰ বাস্তৱ ছবিখন অতি কৌশলেৰে লুকুৱাই ৰখা হ’ল৷ পৰৱৰ্তী সময়ত, দৰিদ্ৰ মহিলাসকলে এটা প্ৰতিষ্ঠানৰ পৰা লোৱা ঋণ পৰিশোধ কৰিবলৈ আন এটা প্ৰতিষ্ঠানৰ পৰা ঋণ ল’বলৈ ধৰিলে৷ অৰ্থনৈতিকভাৱে বিপৰ্যস্ত গাঁৱৰ মহিলাসকলে মাইক্ৰ’-ফাইনেঞ্চৰ সহজ ঋণৰ সুযোগটো কেতিয়াও হেৰুৱাব বিচৰা নাছিল আৰু মাইক্ৰ’-ফাইনেঞ্চ প্ৰতিষ্ঠানসমূহে এই সুবৰ্ণ সুযোগৰ পূৰ্ণ সুবিধা আদায় কৰি অকুণ্ঠচিত্তে ঋণ বিতৰণ কৰিবলৈ ধৰিলে৷ দৰিদ্ৰতা মুক্তিৰ সপোন দেখুওৱা মাইক্ৰ’-ফাইনেঞ্চৰ গ্ৰাসত পৰি গাঁৱৰ দৰিদ্ৰ শ্ৰেণীটো আৰু সামগ্ৰিকভাৱে গ্ৰাম্য অৰ্থনীতি নিজৰ জ্ঞাতে-অজ্ঞাতে দৰিদ্ৰতাৰ চক্ৰবেহুত সোমাই চটফটাই আছে৷ নব্য-উদাৰ অৰ্থনীতি আঁকোৱালি লোৱা কল্যাণকামী ৰাষ্ট্ৰ ব্যৱস্থাৰ হাতত মাইক্ৰ’-ফাইনেঞ্চৰ প্ৰক্ৰিয়াত হস্তক্ষেপ কৰিব পৰাকৈ বিশেষ একো নাছিল৷ কাৰণ নব্য-উদাৰ অৰ্থনীতিত ৰাষ্ট্ৰৰ মূল দ্বায়িত্ব হৈছে সুবৃহৎ বজাৰখন আৰু বেপাৰীসকলৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক সুৰক্ষা নিশ্চিত কৰা৷ অবাধ আৰু মুক্ত বাণিজ্যই নব্য-উদাৰ অৰ্থনীতিৰ মূল বৈশিষ্ট্য৷ তদুপৰি গ্ৰাম্য জনজীৱনৰ পৰা আহিবলগীয়া অৰ্থনৈতিক আৰু সমাজ-ৰাজনৈতিক দাবীসমূহৰ ক্ষেত্ৰত মাইক্ৰ’-ফাইনেঞ্চ চৰকাৰৰ বাবে এক সকাহ হৈ পৰিল৷

(গ) সামৰণিঃ আমি ব্যক্তিগত অভিজ্ঞতাৰ ভিত্তিত এই কথা ক’ব পাৰোঁ যে অসমত এতিয়া মাইক্ৰ’-ফাইনেঞ্চৰ গ্ৰাসত পৰা গাঁৱৰ মহিলাসকলে ঋণৰ কিস্তিৰ বাদে আন একো চিন্তা কৰিব নোৱৰা এক পৰিস্থিতি হৈছে৷ এটা প্ৰতিষ্ঠানৰ কিস্তি আদায় কৰি স্বস্তিৰে উশাহ ল’বলৈ পোৱাৰ আগতেই আন এটা প্ৰতিষ্ঠানৰ কিস্তি যোগাৰ কৰাৰ চিন্তাই আগুৰি ধৰে৷ পৰিয়ালৰ যাৱতীয় আৰু প্ৰয়োজনীয় সম্পদ বিক্ৰী কৰি কিস্তি পৰিশোধ কৰিবলগীয়া হৈছে৷ ভূতৰ ওপৰত দানহ পৰাদি অহা কৰ’না-কেন্দ্ৰিক অচলা অৱস্থাৰ উল্লেখ নকৰিলেও হ’ব! হাতত সময় থাকোঁতেই চৰকাৰে কল্যাণকামী ৰাষ্ট্ৰ ব্যবস্থাৰ বৈশিষ্ট্য অটুত ৰখাৰ স্বাৰ্থত ঋণ মাফ কৰাৰ লগতে মাইক্ৰ’-ফাইনেঞ্চ প্ৰতিষ্ঠানসমূহক নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক৷ সৰ্বোপৰি, গ্ৰাম্য অৰ্থনীতি সবলীকৰণৰ বাবে সহজলভ্য অতি ক্ষুদ্ৰ ঋণৰ পৰিৱৰ্তে উন্নত আৰু অৰ্থনৈতিকভাৱে কাৰ্যতঃ ব্যৱহাৰিক হোৱাকৈ দীৰ্ঘম্যাদী আঁচনিৰ কথা বিবেচনা কৰক৷ আমি জানো যে উদাৰতাবাদ আৰু নব্য-উদাৰ অৰ্থনীতিৰ প্ৰবক্তাসকলে মাইক্ৰ’-ফাইনেঞ্চৰ সপক্ষে আৰু ঋণ ৰেহাইৰ বিপক্ষে নানান যুক্তি দাঙি ধৰিব৷ উদাহৰণস্বৰূপে, মাইক্ৰ’-ফাইনেঞ্চ প্ৰতিষ্ঠানত হোৱা নিবনুৱা সংস্থাপন আৰু মাইক্ৰ’-ফাইনেঞ্চৰ দ্বাৰা লাভান্বিত হৈ অৰ্থনৈতিকভাৱে স্বনিৰ্ভৰশীল হোৱা কিছু লোক ইত্যাদি৷ এই প্ৰবক্তাসকলৰ বিশ্লেষণৰ সন্দৰ্ভত আলোচনা কৰিবৰ বাবে আন এক অধ্যায় আৰম্ভ কৰিব লাগিব৷ সেয়ে সেয়া সদ্যহতে ইমানতে থাকক৷ এতিয়া ধৰি লওক, এখন অটব্য অৰণ্যত জুই লাগিল৷ সেই ভয়ানক অগ্নিকাণ্ডৰ পাছত দেখা গ’ল যে তেনেই নগণ্যসংখ্যক গছ-গছনি বাচি থাকিল৷ আপুনি জ্বলি ছাই হৈ যোৱা গৰিষ্ঠসংখ্যক গছ-গছনিৰ বাবে দুখ কৰিব নে অগ্নিকাণ্ডত বাচি যোৱা নগণ্যসংখ্যক গছ-গছনিৰ কথা ভাবি যোগাত্মক চিন্তাৰে আহ্লাদিত হ’ব?

সহায়ক গ্ৰন্থঃ
(১) Why Doesn’t Micro-Finance Work—-Milford Bateman
(২) Confessions of A Micro-Finance Heretic—Hugh Sinclair

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *