গাড়ীৰ ভাৰা (দীপজ্যোতি দাস)
দৰা ঘৰৰ পৰা বৰযাত্ৰী এই ওলাইছে, এয়া আহি আছে, ৰাস্তাত আছেহি, এই পালেহি! ক’তা? ক’তা? অহ নাই পোৱা! পাবহি পাবহি…। মাজনিশা দৰা অহা সময়ত কইনা ঘৰৰ চঞ্চল ছোৱালীকেইজনীৰ চকুত যিটো উৎকণ্ঠা দেখা পোৱা যায়– ঠিক একেধৰণৰ উৎকণ্ঠা মিঠাবজাৰৰ তিনিআলি চ’কত ৰৈ থকা অচিনাকী ল’ৰা কেইজনৰ চকুত দেখা পোৱা গৈছিল। সিহঁতৰ প্ৰত্যেকৰ পিঠিত একো একোটা ক’লা বেগ– পিন্ধনত জিনচ, টি চাৰ্ট, ভৰিত আঢ়ৈশ টকীয়া চেণ্ডেল। প্ৰত্যেকে ডিঙিত এখন পৰিচয় পত্ৰ ওলোমাই লৈছিল। সিহঁতৰ চকুত উৎকণ্ঠা, মুখত সামান্য বিৰক্তিৰ লেখ। মাজে মাজে ঘড়ী চাইছে, তাৰ পিছত ডিঙি মেলি মেলি যিমান দূৰলৈ সম্ভব সিমান দূৰলৈ চাইছে—নাই! এখনো গাড়ী এইফালে অহা নাই। প্ৰত্যেক বাৰতেই ‘নাই’ শব্দটো এক গভীৰ হুমুনিয়াহৰ ৰূপত সিহঁতৰ মুখৰ পৰা ওলাই আহিছিল। গাড়ী নোহোৱাৰ এই বিৰক্তিটো যেন সিহঁতৰ কপালৰ কোঁচ খাই যোৱা ৰেখাবোৰত দেখ্দেখ্কৈ প্ৰকাশ পাইছিল ।
এই চ’কটোত ৰৈ থাকিলে এবছৰ পিছতহে গাড়ী পোৱা যাব, তেতিয়ালৈকে সিহঁতৰ পিঠিত ঘাঁহ বন গজি যাব– এনেকুৱা এটা ভাব পলমকৈ হ’লেও সিহঁতৰ মনলৈ আহিল। এজনে ক’লে, “ইয়াত ৰৈ থাকি লাভ নাই বুইছ? বল টাউনলৈ গৈ থাকোঁ”।
বাকীকেইজনেও নীৰসভাৱে তাতেই হয়ভৰ দিলে। আচলতে সিহঁতৰ অন্য কোনো গত্যন্তৰ নাছিল। গত্যন্তৰ আজিও নাই, পঢ়ি-শুনি অটাই মেলি লোৱাৰ পিছতো নাছিল।
সৌ সিদিনাৰ কথা–। এখন চহৰৰ নলেগলে লগা পাঁচজন স্কুলীয়া বন্ধু বিভিন্ন ঠাইত বিভিন্ন বিষয়ত উচ্চ শিক্ষা লৈ ইয়াকে অনুভৱ কৰিলে যে বহুতো কাৰণৰ ভিতৰত আমাৰ দেশখন পিছ পৰি থকাৰ প্ৰধান কাৰণ হৈছে শিক্ষিত যুৱকসকলৰ চাকৰিমুখী প্ৰৱণতা। এইবুলিই পাঁচ বন্ধুৱে বিভিন্ন গাঁওভুই ঘূৰি ফুৰিবলৈ ওলাল। কিছুদিন কাগজে-পত্ৰই পঢ়া-শুনা কৰি আৰু ইণ্টাৰনেটত বিচাৰি সিহঁতে একেমুখে এটা সিদ্ধান্তত উপনীত হ’ল যে দেশৰ উন্নয়ন হ’বলৈ হ’লে গাঁৱৰ উন্নয়ন হোৱাটো বাঞ্ছনীয়। চহৰৰ উন্নয়ন মানুহে কৰিয়েই আছে, সেয়া কাগজে পত্ৰই, টিভি-ৰেডিঅ’ত ওলায়েই থাকে। কিন্তু ভাৰতৰ আচল চালিকা শক্তি ইয়াৰ গাঁওবোৰ। গাঁওৰ উন্নয়ন মানে তেওঁলোকৰো উন্নয়ন।
সকলোকেইটি ডেকাৰ তাত হয়ভৰ আছিলেই। সেয়ে ততাতৈয়াকৈ বেচৰকাৰী সংস্থা এটাৰ নাম ভবা হ’ল, কাৰ্যালয় পতা হ’ল, সদস্যসকলক পৰিচয় পত্ৰ থকা কাৰ্ড দিয়া হ’ল৷ পাঁচজন—তাৰে কথা ক’ব পৰা ল’ৰা এজন প্ৰেচিডেণ্ট হ’ল, টকাপইছাৰ দিশটোৰ প্ৰতি অলপ বেছি আগ্ৰহ থকা ল’ৰাজন হিচাপৰ বহী নিৰীক্ষক হ’ল, কোনোবা সমন্বয়ক হ’ল, বাকী কেইজনও কিবা কিবি হ’ল। সিহঁতে আৰু কেইজনমান ল’ৰাক সদস্য হিচাপে ভৰ্তিও কৰালে। সিহঁতো পঢ়া-শুনা কৰা ল’ৰা আছিল।
এন.জি.অ’-টো পূৰ্ণ উদ্যমেৰে খুলিল ঠিকেই, কিন্তু ক’ৰ পৰা আৰম্ভ কৰা যায় এতিয়া! কোনখন গাঁৱক উন্নত কৰা যায় তাক লৈ বহুত চিন্তাচৰ্চা কৰিবলগীয়া হ’ল। সিহঁতৰ হাতত বৰ্তমান যিমান টকা গোট খাইছিল, ভাৰতত নিসন্দেহে গাঁৱৰ সংখ্যা তাতকৈ বহুত হেজাৰ গুণে বেছি আছিল। কিছু বিচাৰ-খোচাৰ কৰা হ’ল। এদিন সংস্থাটোৱে ক’ৰবাত পালে যে তেওঁলোক থকা চহৰৰ শেষ প্ৰান্ত অৰ্থাৎ মিঠাবজাৰ নামৰ চহৰৰ ওচৰতে ধুবীঘাট নামৰ ধুনীয়া গাঁও এখন আছে। গাঁৱৰ মানুহখিনিৰ অৱস্থা সিমান এটা ভাল নহয়। এই গাঁওখনকেই প্ৰথম টাৰ্গেট কৰিব পাৰি।
কথামতেই কাম, সিহঁত ধুবীঘাট গাঁওখনক জনাৰ বাবে, তাত থকা সম্পদ আৰু সমস্যাৰ জৰীপ চলাবলৈ নতুনকৈ ভৰ্তি হোৱা পাঁচজন সদস্যক জৰীপ চলাবলৈ কিছুমান নিৰ্দিষ্ট প্ৰশ্নৰ সৈতে তালৈ পঠাই দিলে।
জৰীপ চলাবলৈ অহা এই পাঁচজন ল’ৰায়েই মিঠাবজাৰৰ তিনিআলিত দৰা কেতিয়া আহিব, কেতিয়া আহিব বুলি উৎকন্ঠিত হৈ থকাৰ দৰে উৎকন্ঠা এটা মূৰত লৈ ধুবীঘাটলৈ যোৱা গাড়ীৰ বাবে ৰৈ আছিল।
এন.জি.অ’ৰ প্ৰথম কাম হিচাপে জৰীপ চলাবলৈ পঠিয়াইছে বুলি উত্তেজিত হৈ জপিয়াই জপিয়াই আগ্ৰহী মন এটা লৈ চহৰ এৰি অহা ল’ৰাকেইজনৰ মন মিঠাবজাৰ পাই দুঘণ্টা ৰোৱাৰ পিছত একেবাৰেই দমি গ’ল। সিহঁত ইয়াত একেবাৰে নতুন, ক’ত কি গাড়ী পোৱা যায়, তাৰ সম্যক ধাৰণা নাই। মিঠাবজাৰ তিনিআলি চ’কত নমা দুঘণ্টা হ’ল, এতিয়ালৈ কিন্তু ধুবীঘাটলৈ যোৱা এখনো গাড়ীৰ নামগোন্ধ নাই। প্ৰথমে ৰৈ থকাত আপত্তি নাছিল, কিন্তু যেতিয়াই বেলিটো মূৰৰ ওপৰলৈ আহি সিহঁতৰ নৱৰত্ন তেল দিয়া মূৰবোৰ চিকচিকাই তুলিলে, সিহঁতৰ অৱস্থা দৰা এই আহিব, এই আহিব, কিয় পোৱাহি নাই ইমান দেৰি? কিবা হ’ল নেকি– এনেকৈ দৰাঘৰত ৰৈ থকা ছোৱালীকেইজনীৰ দৰে হ’ল।
মিঠাবজাৰ ঠাইডোখৰ চহৰাঞ্চল। মূল চহৰখন ইয়াত আহি শেষ হৈছেহি। কোনো আলৰ বুঢ়াই চুলি ৰঙ কৰি ক’লা কৰি ৰখাৰ দৰে এইখন ঠায়ো মূল চহৰতকৈ কোনো গুণে কম নাছিল! ওখ ওখ অট্টালিকা আছে, বিলাসী হোটেল আৰু ধাবা আছে, নিশা হ’লে পোহৰ কৰি ৰাখিবলৈ ৰঙা-নীলা-হালধীয়া ডিম লাইটও আছে। দোকান-পোহাৰ আছে, ধনী আৰু মূধাফুটা মানুহ আছে, দমদমকৈ পৰি থকা আলুৰ বস্তাৰে খাদ্যবস্তুৰ গুদাম আছে। সকলো আছে। মিঠাবজাৰৰ ৰাস্তাৰ ধুলিয়ে শুবলৈ নাপায়– গাড়ী-মটৰ অবিৰাম তাৰ ওপৰেৰে চলি থাকে।
এই মিঠাবজাৰ চহৰৰ গাতে লাগি আছে ধুবীঘাট গাঁও। কোনোবা ৰজাৰ নতুন পত্নীৰ সৈতে বৰ ৰাণীৰ সম্পৰ্কৰ দৰে, সুন্দৰ সুঠাম ডেকা এজনৰ কুৎসিত নাড়ীভুৰুৰ দৰে, সুন্দৰ গোলাপ ফুল এজোপাৰ কাঁইটীয়া ডালৰ দৰে মিঠাবজাৰ আৰু ধুবীঘাটৰ সম্পৰ্ক। ধুবীঘাটৰ দৰিদ্ৰ শ্ৰমিকে মিঠাবজাত কাম বিচাৰি আহে, ধুবীঘাটৰ খেতি পথাৰে মিঠাবজাৰৰ বজাৰ মিঠা কৰে, ধুবীঘাটৰ ধুবীয়ে মিঠাবজাৰৰ মহাজনৰ বোকা লগা মলিয়ন কাপোৰকানি পৰিষ্কাৰ কৰে।
মিঠাবজাৰৰ চহৰৰ প্ৰধান এলেকা অকণ পাৰ হৈ ধুবীঘাটলৈ যোৱা ৰাস্তাৰ তিনিআলিটোৰ কাষত বেচৰকাৰী সংস্থাৰ ডেকা ল’ৰাকেইজন থিয় হৈ আছিল। গাড়ীৰ অভাৱ নাই, কিন্তু সিবোৰে ধুবিঘাটলৈ যোৱা তিনিআলি পোৱাৰ আগেয়ে আন এটা তিনিআলিৰে সাউৎকৈ ভাঁজ এটা লৈ অন্য এখন চহৰলৈ যায়। ফলত এই তিনিআলিটোত গাড়ী মটৰ, মানুহদুনুহ বৰ বেছি নাই। বিয়া হৈ যোৱা ঘৰ এখনৰ পাছদিনাৰ দৰে এই তিনিআলিটো সেয়েহে খালি খালি হৈ থাকে।
ল’ৰাকেইজন টাউনৰ দিশৰ তিনিআলিটোলৈ আগুৱাই গ’ল। এইটো তিনিআলিৰ নাম চৰাইহাট, ধুবীঘাটলৈ যোৱা তিনিআলিটোৰ পৰা আধা ঘণ্টামান খোজ কাঢ়িলে পোৱা যায়। তিনিআলিটোৰ দুটা আলিয়ে দুখন প্ৰধান চহৰক সংযোগ কৰিছে। সেয়ে এই দুটা ৰাস্তাত গাড়ী লেথেৰি নিছিগাকৈ অহাযোৱা কৰি থাকে। তৃতীয় আলিটোৰে গ’লে ধুবীঘাটলৈ যোৱা তিনিআলিটো পায়। এইটো ৰাস্তাটোত সিমান জনসমাগম নাই।
ল’ৰাকেইজনে চৰাইহাটত অকণমান সময় ৰৈ ইফালে সিফালে চালে।এটা চুকত দুখন অট’ থিয় হৈ আছিল। অট’ দুখন নতুন, ৰ’দত ক’লা ৰঙটো জিলিকি আছিল। সেই অট’ দুখনত ভেজা দি ড্ৰাইভাৰ দুজনে চাধা মাৰি আছিল। সিহঁতৰ কথা বতৰাত তাচ্ছিল্যৰ উমান সহজে পোৱা গৈছিল। ল’ৰাকেইজনক দেখি ততাতৈয়াকৈ মেল বন্ধ কৰি বিশাল বাহুৰে অলপ পেট ওলোৱা হৃষ্টপুষ্ট ড্ৰাইভাৰ এজন আথেবেথে আগুৱাই আহিল। পিন্ধনত তেওঁৰ চাৰ্ট-পেণ্ট। ভৰিত এজোৰ মজবুত জোতা।
“সৌপিনে যোৱা গাড়ী-মটৰ নাপায় নেকি?”, ল’ৰা এজনে আঙুলিয়াই সুধিলে।
“ক’লৈ যাব?”, ড্ৰাইভাৰে ল’ৰাকেইজনক পৰশিবলৈ চেষ্টা কৰিলে।
“ধুবীঘাট”।
“ধুবীঘাট?”, ড্ৰাইভাৰে আগন্তুক কেইজনৰ পৰা কিমান ভাৰা ল’ব পাৰিব তাৰ আইডিয়া এটা কৰি ল’বলৈ অলপ সময় ল’লে। আনজন ড্ৰাইভাৰো আগুৱাই আহিছিল, এইজন অলপ ক্ষীণ আৰু শুকান মুখৰ। তেৱোঁ দীঘলীয়া ভাড়া এটা পোৱাৰ আশাৰে কিবা এটা সুধিবলৈ লৈছিল, কিন্তু শকতজনে যেন মুখৰ মাত কাঢ়ি ল’লে। কোনে ভাড়াকেইটা পাব তাৰ মৃদু প্ৰতিদ্বন্দ্বিতাত হৃষ্টপুষ্টজনৰেই নিঃসন্দেহে জয় হ’ল।
“ধুবীঘাটৰ ক’লৈ বাৰু যাবনো”?
“ৰ’ব চাইছোঁ, অ’ অ’…ধুবীঘাট ক্লাবলৈকে যাম”।
“দূৰ আছে”, ড্ৰাইভাৰজনে অলপ চিন্তান্বিত হৈ দেখুৱালে, “উঠক বাৰু…”৷
এইবাৰহে আচল কথা! লৰাকেইজনে অলপ থেহোনেহো কৰিলে, তাৰ পিছত এনেকুৱা দেখালে যেন সিহঁত এইখিনি ঠাই সিহঁতৰ নিচেই চিনাকী। এজনে মাতটো প্ৰয়োজনতকৈ অলপ বেছি হুটা কৰি সুধিলে, “ভাৰা কিমান ল’ব?”
এইটো প্ৰশ্নৰ উত্তৰ এইখিনিৰ অ’ট চালকে গ্ৰাহক দেখাৰ পাছতহে ঠিক কৰি লয়। গ্ৰাহকৰ মুখতেই যেন তেওঁলোকে সকলো বিচাৰি পায়। “ধুবীঘাটৰ ৰাস্তা বেয়া আছে, পাঁচশ টকা এটা দিব বলক, উঠক উঠক।” টাউনীয়া ড্ৰাইভাৰে লৰাঢপৰা লগালে।
“পাঁচশ টকা!” ল’ৰাকেইজনৰ মুখ ওলোমি আহিল, “ইমান বেছি নে?”
অটোচালক আত্মবিশ্বাসী, ঈষৎ হাঁহি এটা মাৰি তেওঁ ক’লে, “চাওঁক, আপোনালোকক মই অলপ কমায়েই কৈছোঁ, সেইফালে কোনো গাড়ী নাযায়েই, ৰাস্তাবোৰো বেয়া! পাঁচশ টকা এটা আজিকালি ভাৰা পৰেই”!
ড্ৰাইভাৰজনে অলপ হঁহা যেন কৰিলে। বৰ আশাৰে ল’ৰাকেইজনৰ মুখৰ ভাব চাবলৈ তেওঁ ৰৈ থাকিল।
এনেকুৱা সময়ত মহা সমস্যা! কিমান দূৰ যাব লাগিব তাৰ কোনো ধাৰণা নাই। এনে অৱস্থাত ঠগ খোৱাৰ সম্ভাৱনা থাকে। ল’ৰা কেইজনে অলপ হিচাপ কৰিলে, পাঁচজন ল’ৰা আছিল, সকলোৱে নিজৰ নিজৰ ভাগৰ পৰা কিমান দিলে লোকচান নহ’ব তাৰ এটা হিচাপ মনে মনে ঠিক কৰি ল’লে।
“দুশ দিম বলক …” এজনে অলপ সৰুকৈ ক’লে।
“হাহা! দুশ টকাত তেলৰ খৰচেই নাহে ভাইটি”!
“তিনিশ”?
অটোৱালা নাচোৰবন্দা, “উহু! পাঁচশ টকাৰ এক টকাও কমাই নলওঁ! দিলে বলক নগ’লে নাই”! ড্ৰাইভাৰে অলপ খং উঠা যেন দেখুৱালে।
কিছুসময় নীৰৱতা। “নগ’লে খোজ কাঢ়িয়েই যাব লাগিব”, ড্ৰাইভাৰে লগৰজনৰ পিনে চাই সৰুকৈ উচ্চাৰণ কৰি অকণমান উপহাস কৰিলে।
ল’ৰাকেইজন বৰ বিমোৰত পৰিল। ইতিমধ্যে দেৰি হ’লেই, গাঁৱত কিমান দেৰি হয় ঠিকনা নাই, সন্ধ্যা ঘূৰি যোৱা গাড়ী ধৰিবলৈ আছে। ইয়াত দৰদাম কৰি থাকিলে ইয়াতেই দুই বাজিব আৰু!
সিহঁতে এজনে সিজনৰ মুখলৈ অসহায়ভাৱে চালে, কি কৰা যায়! ঠিক, ঠিক হ’বও পাৰে। ইমান সময় ৰোৱাৰ পিছতো সেইপিনে এখনো গাড়ী যোৱা নাই! পাঁচশ টকা হ’বও পাৰে”!
এজনে আৰু অলপ চেষ্টা কৰিলে, “হ’ব বলক, তিনিশ এটাই ল’ব …”?
ড্ৰাইভাৰজনে ল’ৰাকেইজনৰ মুখলৈ অকণ চালে, কিবা এটা ধৰিব পাৰি তেওঁ আকৌ আত্মবিশ্বাসী হৈ উঠিল, “ওহো, ক’লোঁৱেই দেখোন, পাঁচশ”! ড্ৰাইভাৰৰ মাতত ৰূঢ়তা ফুটি ওলাল।
“কি কৰ”?, এজনে সুধিলে।
“উপায় নাই আৰু, ব’ল…”, আশাহীনভাৱে এজনে ক’লে।
বাকীকেইজনৰ মুখলৈ একেধৰণে চাই ল’ৰাজনে ক’লে, “বলক”।
এই শব্দটোত এক পৰাজয়ৰ ভাব, এক হুমুনিয়াহ লুকাই আছিল!
শব্দটো শুনিয়েই ড্ৰাইভাৰজনৰ চকু উজ্জ্বল হৈ আহিল। প্ৰায় দৌৰি যোৱা দিয়েই তেওঁ অটোখনত বহি লৈ ইঞ্জিনটো চলাই দিলে। ষ্টিয়েৰিঙত জোৰকৈ খামুচি ধৰি যেন তেওঁ যেন যুদ্ধ জয়ৰ ইংগিত দিছে! ল’ৰাকেইজনো পৰাজিত সৈন্যৰ দৰে, বিদ্যালয়ত প্ৰধান শিক্ষকৰ ওচৰলৈ যোৱাৰ সময়ত একান্ত বাধ্য ছাত্ৰ এজনৰ দৰে ভংগী এটা লৈ অটোখনত সোমাই গ’ল ।
********
ধুবীঘাট গাঁৱত সিহঁতৰ চাৰ্ভে খুব ভাল হৈছিল। ভাল মানে এইকাৰণে ভাল যে গাঁৱৰ মানুহবোৰৰ হৃদয় নামৰ বস্তু এটা আছিল। তেওঁলোকে ল’ৰাকেইজনক যিমান পাৰি সিমান সহায় কৰিছিল। সুধিবলগীয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰ সিহঁতে এদিনতে পাইছিল।
অটোখন গাঁৱলৈ সোমোৱাৰ পিছৰ পৰাই গাঁওবাসীৰ কৌতূহলী চকুবোৰ ল’ৰাকেইজনৰ ওপৰত পৰিছিল। সাধাৰণতে গাঁৱলৈ বাহিৰৰ মানুহ নাহে। কোনোবা যদি গাঁৱৰ পৰা যায়ো, গধূলি চাইকেলত ঘূৰি আহে। সেয়েহে গাঁৱৰ ৰাস্তাত গাড়ী-মটৰ সিমান নাই। গাঁৱৰ ক’ৰবাত যদি জুম বান্ধি বিয়নী মেল হৈ আছিল, অটোৰ ঘৰঘৰ শব্দত তেওঁলোকৰ মেল বন্ধ হৈছিল, আৰু সিহঁতৰ সন্ধানী কাণবোৰ উৎকীৰ্ণ হৈ ৰৈছিল। কোনোবা ন-বোৱাৰীয়ে যদি ঘৰৰ আগফালে চোতাল সাৰি আছিল, গাড়ীৰ শব্দত ততাতৈয়াকৈ কাপোৰকানি ঠিকেই আছেনে চাই সাউৎকৈ ভিতৰলৈ লৰ মাৰিছিল। পিৰালিত তামোল খুন্দি থকা বুঢ়াজনেও তামোল খুন্দিব এৰি ল’ৰাকেইজনলৈ চাইছিল।
“ধুনীয়া”! ল’ৰা এজনে গাঁৱত সোমাইয়েই দীঘলকৈ উশাহ এটা টানি ক’লে। সেই উশাহত পথাৰৰ সেউজীয়া আৰু ঘামৰ সুগন্ধ লুকাই আছিল। গাঁৱৰ পৰিষ্কাৰ বায়ু, নয়নাভিৰাম দৃশ্য। সকলো সুখৰ আছিল যদিও সিহঁতে উঠা অট’খনৰ ভিতৰৰ পৰা ওলোৱা কিবা এক গন্ধইহে বিশুদ্ধ বতাহ লোৱাত বাধা দিছিল।
ক্লাবৰ কাষত নামিয়েই সিহঁতে পাঁচশ টকাটো ভাগ কৰি দিওঁ-নিদিওঁ কৈ দিবলগীয়া হ’ল। ইয়াৰ কাৰণ আছিল। গাঁওখনলৈ আহি সিহঁতে প্ৰথমেই অনুভৱ কৰিলে, অটোৱালাই কোৱাৰ দৰে গাঁওখন আওহতীয়া ঠাইত নাই। তদুপৰি ৰাষ্টাবোৰ বেয়া মুঠেই নাছিল– যদিওবা পকী নাছিল, গাঁৱৰ মানুহে কেঁচা ৰাস্তাটোকে সাৰি-মচি ফু মাৰি ভাত খাব পৰা কৰি থৈছিল। মাজত দুই-এঠাইত ওখ চাপৰ আছিল যদিও তাৰ ওপৰেৰে গাড়ী আৰামেৰে পাৰ হৈ গৈছিল। অন্তত: গাঁৱৰ ৰাস্তা চহৰৰ শিলগুটিৰ নীৰস ৰাস্তাতকৈ বহুগুণে ভাল আছিল।
ড্ৰাইভাৰে পাঁচশ টকাটো লৈ বিজয়ৰ আত্মপ্ৰসাদেৰে উভতি গৈছিল।
ধুবীঘাট ক্লাবত নমাৰ পিছতেই কেইজনমান ডেকা-কিশোৰে আহোঁ নাহোঁকৈ, চুচুক চামাক কৰি ল’ৰাকেইজনৰ ওচৰলৈ আহিল আৰু আগন্তুকৰ পৰিচয় ল’লে। চা-চিনাকি হোৱাৰ পিছত ল’ৰাকেইজনে আচল কাম আৰম্ভ কৰি দিলে। চেঙেলিয়া ডেকাকেইজনেই জৰীপ চলাবলৈ অহা ল’ৰাকেইজনক প্ৰয়োজনীয় তথ্য দিব পৰাকৈ আৰু থকাকৈ চহৰ-নগৰ ঘূৰা চন্দ্ৰ নামৰ যুবক এজনৰ ওচৰলৈ লৈ গ’ল। সিহঁতে সেই যুৱকজনৰ লগতেই গাঁওখন ঘূৰিলে, একেসময়তেই বহীবোৰ বেগৰ পৰা উলিয়াই লৈ খচখচকৈ কিবাকিবি লিখি গ’ল।
ধুনীয়া গাঁও! মানুহবোৰ আৰু বেছি ধুনীয়া! মনবোৰ তাতকৈ এখাপ বেছি ভাল। লৰাহঁতে খুব ভাল পালে। অহাৰ সময়ত দুপৰীয়া ভাত ক’ত খাম বুলি চিন্তা এটা হৈছিল, এঘৰ মানুহে লৰাকেইজনক “আয়ৌ, বেচেৰাকেইটাৰ মুখ শুকাই গৈছে, ভাত দুটা খাই যাবি আহ” বুলি একপ্ৰকাৰৰ টানিয়েই নিয়াত সেইটো চিন্তা মৰিল। সিহঁতে মাটিত কলপাত পাৰি মহা তৃপ্তিৰে মানুহঘৰত ভাত খালে।
কাম ভালকৈ শেষ হ’ল। সিহঁতে খেতিপথাৰ ঘূৰিলে, মানুহৰ ঘৰে ঘৰে ঘূৰিলে, নদীৰ পাৰলৈও গ’ল। সন্ধ্যা লাগি আহিছিল, উভতিবৰ সময় হ’ল। সিহঁতে চন্দ্ৰক ক’লে, “আজিলৈ সামৰিব লাগিব যেন পাইছোঁ। গধূলি হৈ আহিছে। সোনকাল উভতিব লাগে, নহ’লে গাড়ী নাপাম”!
চন্দ্ৰই সুধিলে, “ক’ত থকা হ’ব”?
“চহৰলৈ উভতিব লাগিব”।
“অসুবিধা নহ’লে আজি আমাৰ ঘৰতেই থাকিব পাৰিব। দিনটোত বহুত পৰিশ্ৰম হ’ল”।
নাই, নাই, ধন্যবাদ জাতীয় শব্দ কিছুমান কৰি ল’ৰাকেইজনে এইবাৰহে আচল সমস্যাটো উলিয়ালে, “আপুনি মাথো চহৰলৈ ঘূৰি যোৱাৰ বাবে গাড়ী এখন ঠিক কৰি দিলেই আমাৰ ভাল হয়। ওচৰত গাড়ীয়েই দেখা পোৱা নাই’!
“অহ, সেইটো কথা! চিন্তা নকৰিব, গাঁৱৰে এজনৰ অট’ আছে। তেৱেঁ আপোনালোকক থৈ আহিব পাৰিব”।
প্ৰয়োজনীয় দুটামান কাম কৰি ল’ৰাকেইজন এইবাৰ গাঁৱৰ অট’ থকা মানুহজনৰ ঘৰলৈ গ’ল।
মানুহজনৰ নাম পূৰ্ণ। কম উচ্চতাৰ আদহীয়া এজন মানুহ, মূৰত চুলি নাই। তেওঁৰ পিন্ধি থকা টি-চাৰ্টটো দমকলৰ পানীৰে বাৰে বাৰে ধোৱাৰ বাবে উৱলি গৈছিল। ট্ৰাউজাৰটো পুৰণা, ফিচিকি গৈছে। পিন্ধি থকা হাৱাই চেণ্ডেলযোৰো ক্ষয় গৈছে—বোধহয় সকলো সময়ত ব্যৱহাৰ কৰে সেইযোৰ।
পূৰ্ণৰ ঘৰৰ অৱস্থা তথৈবচ। ঘৰৰ চাল উৱলি গৈছে। ঘৰৰ বেৰৰ মাটিৰ প্ৰলেপবোৰ ওলাই পৰিছে। তেওঁৰ ঘৰত বহিবলৈ মাত্ৰ তিনিখনহে চকী। সেয়েহে তিনিজন ল’ৰাক চকীত বহিবলৈ দি তেওঁৰ সৰু ল’ৰাটোক ওচৰৰ ঘৰৰ পৰা চকী দুখনমান আনিবলৈ পঠিয়ালে।
পূৰ্ণই গাঁৱৰ ভিতৰত অট’ চলায়, কেতিয়াবা গাঁৱৰ মানুহ সপৰিয়ালে চহৰলৈ যাবলগীয়া থাকিলে পূৰ্ণৰ গাড়ীত যায়। নিৰ্বাচনৰ সময়ত গাঁৱত প্ৰচাৰ চলাবলৈ আহিলে ৰাজনৈতিক দলৰ মানুহে পূৰ্ণৰ অট’ত মাইক এটা আঁৰি দি “ভোট দিব কেনে কৰি, অমুকৰ ছবিত ছাপ মাৰি” ইত্যাদি শব্দ গাই গাই গোটেই গাঁৱতে চিঞৰি যায়। তাৰ বাহিৰে চহৰৰ মানুহ সিমান বেছি পূৰ্ণৰ গাড়ীত নুঠে। পূৰ্ণৰ গাড়ীত উঠে গাঁৱৰ মানুহ। বৰ ধুনীয়াকৈ সাজিকাচি জোৱাইৰ ঘৰলৈ যাবলৈ ওলোৱা মাকে কাপোৰ সাজ খোজকাঢ়ি গ’লে গাঁৱৰ ধূলিত লেতেৰা হ’ব বুলি পূৰ্ণৰ অটোখনক মাতে। পূৰ্ণৰ অটোখন এখন স্বঘোষিত এম্বুলেন্সো। বহুতো মৰিবলৈ ওলোৱা বুঢ়া মানুহ বা প্ৰসৱৰ সময় হোৱা মহিলাক মাজৰাতি উঠি হ’লেও পূৰ্ণই নি হাস্পতাল পোৱাইছে বহুবাৰ। গাঁৱৰ বিয়া-সকাম হ’লে পূৰ্ণ আৰু তেওঁৰ অটোখন লাগিবই। শাক পাচলি, দৈ-চিৰা সেইবোৰতো অনা নিয়া আছেই।
গাঁৱৰ ল’ৰা চহৰলৈ যাব, চহৰৰ মানুহ গাঁৱলৈ আহিব, এনে এক আশা কৰিয়েই পূৰ্ণই অট’ এখন লৈছিল। কিন্তু তেওঁৰ আশা পূৰণ নহ’ল। গাঁৱৰ মানুহ চহৰ গ’লেও চহৰৰ মানুহ গাঁৱলৈ নাহে। সেয়ে অটোখন তেওঁ আজিকালি গাঁৱতেই চলায়, গাঁৱৰ ৰাস্তাৰ ধূলি আৰু পূৰ্ণৰ অট’ৰ চকা—এই সম্পৰ্কক লৈয়েই পূৰ্ণ আজি সন্তুষ্ট। অট’খন চলাই নিওঁতে পিছফালে দৌৰি যোৱা পিলিঙা ল’ৰা-ছোৱালীবোৰক দেখি পূৰ্ণই খুব ৰস পায়।
চন্দ্ৰই কথাটো উলিয়ালে, “এওঁলোক চহৰৰ পৰা আহিছে আমাৰ গাঁৱৰ ওপৰত লেখাপঢ়া কৰিবলৈ। আজিয়েই চহৰলৈ ঘূৰি যাব, আপুনি চৰাইহাটলৈ থৈ আহিলে ভাল হয়”।
পূৰ্ণই আথেবেথে ডিঙিত লগাই থোৱা হালধীয়া পৰা গামোছাখন হাতৰ তলুৱাত লৈ নমস্কাৰ জনালে, তাৰ পিছতেই খৰধৰ কৰি ঘৈণীয়েকক চিঞৰিলে, “হেৰা শুনিছানে? আলহী আহিছে….”।
পূৰ্ণৰ ঘৈনীয়েকে গুৰ দিয়া চাহ বনাইছিল। তাকে খাই তেওঁলোক যাবলৈ ওলাল।
পূৰ্ণৰ অট’খন পুৰণি যদিও ধুনীয়াকৈ চলে। সদায় চাফা কৰি, ধূপ লগাই থোৱাৰ বাবে গাড়ীৰ ভিতৰত এক সুগন্ধ আছিল। বাটত পূৰ্ণই বহু কিবাকিবি কৈ গ’ল, সিহঁতৰ গাঁওৰ কথা, মানুহৰ কথা, সৰল মনৰ পৰা ওলাই অহা সৰু সৰু ঘটনা ইত্যাদি। ল’ৰাকেইজনেও নিজৰ নিজৰ বিষয়ে, কামৰ বিষয়ে বহু কিবা কিবি কৈ গ’ল। গাড়ীৰ ভিতৰতে আড্ডা সদৃশ এক পৰিৱেশ জমি উঠিল।
ঘৰমুৱা ঘোঁৰা, তাতে পূৰ্ণ আৰু ল’ৰাকেইজনৰ কথা বতৰাই বাট চমুৱাই আনিছিল। বহু সোনকালে সিহঁত চৰাইহাট পালেহি।
চৰাইহাটত নামি ল’ৰাকেইজনে ভাল লাগিল দেই, আকৌ কেতিয়াবা লগ পাম বুলি পাঁচশ টকা এটা পূৰ্ণলৈ আগবঢ়াই দিলে। মানুহজন ৰঙিয়াল, আপোন কৰি ল’ব জানে। ভাড়া কিমান হ’ল বুলি সুধি লাজকণ পোৱাৰ ইচ্ছা ল’ৰাকেইজনৰ নাছিল। তদুপৰি অহাৰ সময়ত ল’ৰাকেইজনে ভাৰাৰ কথাটো গম পাই গৈছিলেই।
পূৰ্ণইহে অলপ ইতস্তত:বোধ কৰিলে। তেওঁ সেমেনাসেমেনি কৰি লাজ লাজকৈ বহি থাকিল।
কি হ’ল! ভাৰা কম হ’ল নেকি! হ’বও পাৰে! এনেই সন্ধিয়া হৈ আহিছিল, পাওঁতে ৰাতিয়েই হ’ল, তাতে গাঁৱৰ পৰা অহা গাড়ী! পাঁচশ কম হ’ল নেকি? আৰু দুশমান বঢ়াই দিওঁ নেকি”? এনেবোৰ ভাবিগুণি ল’ৰাকেইজন থিয় হৈ থাকিল।
পূৰ্ণই এইবাৰ অলপ লাজ লাজ কৰি টকাটোৰ পিনে চাই ক’লে, “খুচুৰা নাই নেকি ভাইটি”?
ল’ৰাকেইজন অবাক হ’ল। ইজনে সিজনৰ মুখলৈ চালে। পইচা হাততে থাকিল।
“কিমান হয়নো ভাৰা”?
“এশ টকা এটা দিয়া”!
ল’ৰাহত পুনৰ অবাক।
হয়তো বেছি পইচা ল’বলৈ পূৰ্ণই টান পাইছে। গাঁৱৰ মানুহ এনেকুৱাই! পইচা ল’বলৈ টান পায়। সেয়ে নোটখন হাতত লৈ থকা ল’ৰাজনে হাঁহি এটা মাৰি ক’লে, “লাজ নকৰিব দাদা। আপোনাৰ প্ৰাপ্য ভাৰাটো কওক”!
পূৰ্ণৰ মুখত সেই আকৌ সৰল লাজকুৰীয়া হাঁহি, “লাজ কিয় কৰিম! হে হে হে, এশ টকাই হৈছে…”!
ল’ৰাহতৰ বিস্ময়ৰ সীমা নাথাকিল। ক’ব খোজা নাছিল যদিও সিহঁতৰ এজনৰ মুখৰ পৰা ওলাই আহিল, “আমি যে আহোঁতে পাঁচশ টকা দি আহিছোঁ…”!
পূৰ্ণ অলপ পৰ মনে মনে ৰ’ল। তাৰ পিছত দৃঢ়ভাৱে ক’লে, “ইমান ভাৰানো কেনেকৈ হ’ব! দেশৰ অৱস্থা ইমানো বেয়া নহয়”!
নীৰৱতা। ল’ৰা এজনে পূৰ্ণৰ ফালে চাই লাহে লাহে পকেটৰ পৰা এশটকীয়া এখন উলিয়ালে আৰু লাহে লাহে পূৰ্ণৰ পিনে আগুৱাই দিলে।
পূৰ্ণই হাঁহি এটা মাৰি নোটখন ল’লে, লৈ আকৌ লগ পাম বুলি গাড়ী ঘূৰাই গুচি গ’ল। ল’ৰাকেইজনে বহুসময় পূৰ্ণ যোৱালৈ নীৰৱে চাই ৰ’ল। পূৰ্ণৰ হাঁহি আৰু হাতত থকা পাঁচশটকীয়া নোটখনে সিহঁতক যেন বহু কিবাকিবি শিকাই থৈ গ’ল।
********
কেইদিনমান পিছত ল’ৰাকেইজনৰ মাজৰ অমল নামৰ এজনে ধুবীঘাট গাঁৱৰ ওপৰত কৰা চাৰ্ভেৰ ৰিপৰ্ট লিখিবলৈ বহিছিল। টোকাটোৰ প্ৰথমেই সি লিখিলে, “ধুবীঘাট গাঁওখন অৰ্থনৈতিকভাৱে অনুন্নত হ’লেও গাঁওবাসীৰ মনপ্ৰাণ ইতিমধ্যে বহুত উন্নত—তেওঁলোক স্বয়ংসম্পূৰ্ণ। কিন্তু এইটো ঠিক যে যদি কিবা কাৰণত গাঁওখন পিছ পৰি আছে, সেয়া হৈছে চহৰীয়া সভ্যতাৰ একাংশ স্বাৰ্থান্বেষী লোলুপ মানুহৰ বাবে। এইখিনিতে উনুকিয়াই থ’লে ভাল হ’ব যে পৰজীৱীৰূপী এই শোষকসকল অকল বৰ বৰ কাৰ্যালয়ত ঘোচখোৰ বিষয়াতেই সীমাবদ্ধ নাই, নিজৰ প্ৰাপ্যতকৈ বহু গুণে আদায় কৰা বহু শোষকৰ বহু উদাহৰণ আজিও ঘৰে পদুলিয়ে, ৰাস্তাই ঘাটে আছে…”
নিজে লিখা বাক্যবোৰ কম্পিউটাৰটোতে অমলে কিছুপৰ চাই ল’লে। তাৰ পিছত উঠি গৈ সি ৰেডিঅ’টো লগাই দিলে— তাত এটা গানৰ কলি ভাঁহি আহিছিল,—
ৰ’দ বৰষুণ কাতি কৰি,
ঘাম পেলাই চহ কৰি,
তোমাৰ বুকুত সোণ চপাওঁ,
আনে নিয়ে কাঢ়ি…
********