কেন্দ্ৰীয় নিবন্ধ

গণতন্ত্ৰৰ চমু ইতিহাস আৰু সাম্প্ৰতিক ভাৰতত গণতন্ত্ৰৰ সংকট ।।পংকজ কুমাৰ কলিতা

মুক্ত চিন্তা, ১০ম বছৰ, ৬ষ্ঠ সংখ্যা

বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ হিচাপে ১৯৪৭ চনৰ পৰা এক সুকীয়া পৰিচয় গঢ়ি তোলা ভাৰতীয় গণতন্ত্ৰই শেহতীয়া বছৰবোৰত বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, যিয়ে ইয়াৰ মূল নীতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। গণতন্ত্ৰৰ এই সংকটৰ কাৰণসমূহৰ ভিতৰত আছে গণতান্ত্ৰিক অনুষ্ঠানসমূহৰ স্বাধীনতাৰ ক্ষয়, সাম্প্ৰদায়িক বিভাজন, নাগৰিকৰ স্বাধীনতাৰ ওপৰত আক্ৰমণ, আৰু দুৰ্নীতিৰ বৃদ্ধি। এই প্ৰবন্ধৰ উদ্দেশ্য হৈছে ভাৰতীয় গণতন্ত্ৰৰ এই সংকটৰ বিভিন্ন দিশ বিশ্লেষণ কৰা আৰু সম্ভাৱ্য সমাধানৰ পথৰ বিষয়ে আলোচনা কৰা।

ভাৰতৰ গণতন্ত্রৰ ইতিহাস মাথোঁ কেই দশক বিয়পা নহয়। ভাৰতত গণতান্ত্ৰিক মানসিকতাৰ শিপা অতি প্ৰাচীন শক্তিশালী গণতন্ত্ৰৰ এই শিঁপাডাল এই ভূখণ্ডত গভীৰলৈ শিঁপাই থকা বহুত্ববাদী সংস্কৃতিৰ সৈতে ওতপ্ৰোতভাৱে জড়িত। এই প্ৰাচীন আৰু ভাৰতীয় সমূহীয়া মানসিকতাত গভীৰলৈ সোমাই থকা শিঁপাডালৰ পৰাই পৰৱৰ্তী সময়ত মধ্যযুগীয় ভাৰতৰ (খৃষ্টপূৰ্ব ৬ষ্ঠ শতিকা) গণৰাজ্যসমূহ, যেনে লিচ্ছৱী আৰু শাক্য গণৰাজ্য, গণতান্ত্রিক নীতিৰ প্ৰাথমিক ৰূপটো গঢ় লৈ উঠিছিল। ভাৰতৰ হাজাৰ বছৰীয়া পৰম্পৰাৰ বহুত্ববাদী, সহনশীল নীতিৰ ধাৰণাই ন্যায়, বিৰোধী মতাদৰ্শৰ প্ৰতি সহনশীলতা, বৈচিত্ৰৰ মাজত ঐক্য আৰু সমতাৰ ওপৰত গুৰুত্ব দিছিল, যিবোৰ আধুনিক গণতন্ত্রৰ মূল মূল্যবোধৰ সৈতে সামঞ্জস্যপূৰ্ণ। বৌদ্ধ সংঘৰ সমতাভিত্তিক সংগঠন আৰু ভাৰতীয় সংস্কৃতিৰ ‘বসুধৈৱ কুটুম্বকম’ৰ দৰ্শনে গণতন্ত্রৰ বাবে এক স্বাভাৱিক ভিত্তি প্ৰদান কৰিছিল। সেয়েহে ভাৰতৰ বহুত্ববাদী সংস্কৃতিয়ে গণতন্ত্রক কেৱল গ্ৰহণ কৰাই নহয়, ইয়াক অভগ্নভাৱে আগুৱাই আনিছ।

গণতন্ত্রৰ ধাৰণা প্ৰাচীন গ্ৰীচৰ এথেন্সৰ পৰা উৎপত্তি হৈছিল, য’ত নাগৰিকসকলে প্ৰত্যক্ষভাৱে শাসনত অংশগ্ৰহণ কৰিছিল। কিন্তু এই ব্যৱস্থাতো ৰাষ্ট্ৰৰ ঋণগ্ৰস্ত, অপৰাধী আৰু নাগৰিকত্ব ৰদকৃত লোক, মহিলা, কৃতদাস আৰু সমাজৰ নিম্নস্তৰৰ নাগৰিকৰ মতদানৰ অধিকাৰ নাছিল। কেবল ধনী আৰু অভিজাত শ্ৰেণীটোৱেহে ভোটদান কৰিব পাৰিছিল। সেইদৰে প্ৰাচীন ৰোমৰ গণতন্ত্ৰতো একেই ব্যৱস্থা আছিল। ফলত, ইউৰোপীয় গণতন্ত্রৰ মডেলত সমাজৰ সৰ্বস্তৰৰ নাগৰিকৰ অংশগ্ৰহণৰ প্ৰতি সহনশীলতাৰ অভাৱ পৰিলক্ষিত হয়।

ভাৰতৰ ক্ষেত্ৰত লিচ্চৱি গণৰাজ্যৰ উদাহৰণ ল’ব পাৰি যদিও ৰোমান আৰু গ্ৰীক গণতন্ত্ৰৰ দৰে ইয়াতো ক্ষত্ৰিয় শ্ৰেণীটোৱেহে নিৰ্বাচনত অংশ গ্ৰহণ কৰিব পাৰিছিল বুলি জনা যায়। তথাপি আব্ৰাহামিক ৰিলিজয়নৰ দ্বাৰা প্ৰভাৱিত ইউৰোপীয় ৰাষ্ট্ৰ আৰু হাজাৰ হাজাৰ মনিষীৰ হাজাৰ বছৰীয়া তৰ্ক বিতৰ্কৰ মাজেৰে ৰাষ্ট্ৰ নিৰ্মাণৰ ধাৰণাত গঢ় লৈ উঠা ভাৰতীয় ৰাষ্ট্ৰৰ মাজত এটা সূক্ষ্ম পাৰ্থক্য লক্ষ্য কৰা যায় । ইউৰোপৰ ৰজা আৰু গীৰ্জাৰ মাজত ওত:প্ৰোত সম্পৰ্ক থকাৰ লগতে ৰজাক ইশ্বৰৰ প্ৰতিনিধি বুলি মানি লোৱা হৈছিল। গীৰ্জা আৰু ৰজাই মিলি প্ৰজাক কুঁহিয়াৰ চেপা দিছিল।

প্ৰাচীন ভাৰতৰ ৰাষ্ট্ৰ নিৰ্মাতাসকলে ৰাজতন্ত্ৰৰ ভিতৰতে ৰজাক ৰাজধৰ্মৰ নিয়মেৰে নিয়ন্ত্ৰিত ৰাখিছিল। ভাৰতৰ ৰজাসকলৰ বাবে এক সুকীয়া ধৰ্ম ন্যস্ত কৰা হৈছিল সেয়া হৈছে ৰাজধৰ্ম। ৰাজধৰ্ম কোনো দেৱতাৰ পূজা উপাসনা নহয়, ৰাজধৰ্ম হৈছে প্ৰজাপালন, বহি:শত্ৰুৰ পৰা দেশক ৰক্ষা, দুষ্টক দমন আৰু শিষ্টক পালন ইত্যাদি। এই কামৰ বাবে তেওঁৰ সহায় কৰাৰ বাবে মন্ত্ৰী অমাত্যবৰ্গ আছিল। তেওঁলোকৰ পৰামৰ্শত ৰজাই দেশ শাসন কৰিছিল। এই ৰাজধৰ্ম পালনৰ আধাৰতে এজন ভাল অথবা বেয়া ৰজা বিৱেচনা কৰা হৈছিল। ৰজা ভৰত, যাৰ নামেৰে আমাৰ দেশ ভাৰত বা ভাৰতবৰ্ষ, সেই ৰজা ভাৰতে নিজৰ ন গৰাকী পুত্ৰ সন্তান থকা স্বত্তেও নিজৰ কোনো তেজৰ সম্পৰ্ক নথকা ভূমন্যুক নিজৰ উত্তৰাধিকাৰী পাতিছিল। ভাৰতত এই উদাহৰণো আছে যে প্ৰজাই বেয়া পোৱা দুষ্ট ৰাজপুত্ৰক নিৰ্বাসন তথা দেশান্তৰিত কৰা হৈছিল। কৰ্তব্য পথৰ পৰা বিচ্যুত ৰজাক অভিশপ্ত কৰাৰ অনেক উদাহৰণ ভাৰতৰ প্ৰাচীন গ্ৰন্থত উপলব্ধ । প্ৰাচীন ভাৰতত ৰজাক ইশ্বৰৰ প্ৰতিনিধি জ্ঞান কৰা আৰু কোনো পন্থৰ (religion) পৃষ্ঠপোষকতা কৰাত উৎসাহ প্ৰদান কৰা হোৱা নাছিল।, তেওঁৰ ব্যক্তিগত সেযেহে তেওঁৰ কুলদেৱতা বা ইষ্টদেৱতাক পূজা কৰাৰ বাবে প্ৰজাক বাধ্য কৰাৰ উদাহৰণ পোৱা নাযায়। প্ৰাচীন ভাৰতৰ কোনো ৰজাই কোনো পন্থৰ প্ৰচাৰকৰ ভূমিকা গ্ৰহণ কৰা দেখা নাযায় । অৱশ্য পৰৱৰ্তী কালত ৰজা অশোকৰ দিনত এই পৰম্পৰা ভংগ হয়। ভাৰতৰ ইতিহাসত নাস্তিক ৰজাৰ শাসনৰো উল্লেখ পোৱা যায়। তেনে এগৰাকী ৰজা আছিল কাশীৰাজ দেৱদাস। কথিত আছে, কাশীৰাজ দেৱদাস এগৰাকী প্ৰজাবৎসল ৰজা আছিল আৰু প্ৰজাৰ ভালৰ কাৰণে অনেক কাৰ্যসূচী গ্ৰহণ কৰিছিল। কিন্তু কাশীৰ অধিষ্ঠাতা দেৱতা শিৱৰ প্ৰতি তেওঁৰ কোনো আগ্ৰহ নাছিল। তেওঁৰ শাসনতে কাশীৰ অৱস্থা নদন বদন হৈ উঠিলছিল।

কিন্তু সাম্প্ৰতিক ভাৰতত পন্থ অতীজৰে পৰা চলি থকা নিৰপেক্ষতাৰ (secularism) অৱলুপ্তি ঘটিছে, পন্থ সহনশীলতাৰ অপমৃত্যু ঘটিছে। শাসকপক্ষই গ্ৰহণ কৰা পন্থক ৰাজনীতিৰ সৈতে সানমিহলি কৰি পন্থীয় মেৰুকৰণ কৰি ‘ভাগ কৰা আৰু শাসন কৰা’ নীতি সাৰোগত কৰি জনকল্যাণলৈ পিঠি দি, এক শ্ৰেণী অতি ধনাধ্য ব্যক্তিক দেশৰ সম্পদৰ বুজন অংশ ভোগৰ ব্যৱস্থা কৰি আহিছে। তাৰোপৰি বহি:শত্ৰুৰ প্ৰতি ভয় সৃষ্টি কৰি দেশৰ জনতাৰ দৃষ্টি দেশখনৰ আভ্যন্তৰত সংঘতিত হৈ থকা সমস্যাসমূহৰ পৰা আঁতৰাই ৰখাৰ চেষ্টা বুলিব পাৰি।

আধুনিক ভাৰতৰ গণতন্ত্ৰৰ সফলতাৰ পিছফালে আছে ভাৰতীয় জনসাধাৰণৰ সামুহিক সত্বাৰ মাজত থকা গণতন্ত্ৰৰ প্ৰতি শ্ৰদ্ধা। কিন্তু বৰ্তমানৰ পৰিস্থিতিত কিছুমান কাৰকে এই গণতান্ত্ৰিক ব্যৱস্থাৰ ভেটিটোক কঁপাই তুলিছে। উদাহৰণস্বৰূপে, সংবাদ মাধ্যমসমূহ পূৰ্বৰ তুলনাত অধিকভাৱে চৰকাৰৰ পদলেহন কৰা, আৰু সামাজিক মাধ্যমত মিছা তথ্যৰ প্ৰসাৰ তথা সামাজিক মাধ্যমৰ ইনফ্লুৱেঞ্চাৰ সকলৰ দ্বাৰা নিৰ্মিত বিষয়বস্তুসমূহ চৰকাৰৰ মুখপত্ৰলৈ ৰূপান্তৰিত হৈ পৰিছে। তদুপৰি ন্যায়পালিকাৰ ওপৰত ৰাজনৈতিক চাপ, বিচাৰকসকলৰ মাজত স্বজন তোষণ আৰু দুৰ্নীতিৰ প্ৰাদুৰ্ভাৱ ইত্যাদিয়ে জনমতক ন্যায় পালিকাৰ প্ৰতিও বিতশ্ৰদ্ধ কৰি তুলিছে। ইয়াৰ উপৰিও, ৰাজনৈতিক পৃষ্ঠপষকতাত পন্থীয় (religious) আৰু জাতিগত বিভাজনৰ ৰাজনীতিয়ে সমাজত বিদ্বেষৰ সৃষ্টি কৰিছে, যিয়ে গণতান্ত্ৰিক পৰিৱেশক ক্ষতিগ্ৰস্ত কৰিছে। এই সংকটৰ মোকাবিলাৰ বাবে আমি প্ৰথমে ইয়াৰ কাৰণসমূহ গভীৰভাৱে বুজি লোৱাৰ প্ৰয়োজন। এই প্ৰবন্ধত আমি ভাৰতীয় গণতন্ত্ৰৰ ঐতিহাসিক পটভূমি, বৰ্তমানৰ প্ৰত্যাহ্বান, আৰু সমাধানৰ সম্ভাৱনাৰ বিষয়ে বিশদভাৱে আলোচনা কৰিম।

ভাৰতৰ গণতন্ত্ৰৰ যাত্ৰা আৰম্ভ হৈছিল ১৯৪৭ চনত, যেতিয়া দেশে ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল। ১৯৫০ চনত ভাৰতীয় সংবিধান প্ৰণয়নৰ জৰিয়তে দেশত গণতান্ত্ৰিক শাসনৰ ভিত্তি স্থাপন কৰা হয়। ড০ আম্বেদকাৰৰ নেতৃত্বত সংবিধান প্ৰণয়ন সমিতিয়ে এখন এনে দলিল প্ৰস্তুত কৰিছিল, যিয়ে সমতা, ন্যায়, আৰু স্বাধীনতাৰ নীতিক প্ৰতিষ্ঠা কৰিছে। এই সংবিধানে ভাৰতক এক সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য হিচাপে ঘোষণা কৰিছিল।

১৯৫২ চনত প্ৰথম সাধাৰণ নিৰ্বাচনৰ জৰিয়তে ভাৰতে বিশ্বৰ সন্মুখত নিজৰ গণতান্ত্ৰিক শক্তি প্ৰদৰ্শন কৰিছিল। নিৰ্বাচন আয়োগৰ দৰে স্বাধীন প্ৰতিষ্ঠানে এই প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। প্ৰথম কেইটামান দশকত ভাৰতে বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল, যেনে দাৰিদ্ৰ্য, অশিক্ষা, আৰু সাম্প্ৰদায়িক বিভাজন। তথাপিও, নেহৰুৰ নেতৃত্বত ভাৰতে গণতান্ত্ৰিক অনুষ্ঠানসমূহৰ সবলীকৰণৰ ওপৰত গুৰুত্ব দিছিল।

কিন্তু ১৯৭৫-৭৭ চনৰ জৰুৰীকালীন অৱস্থা ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসত এক ক’লা অধ্যায় হিচাপে চিহ্নিত হৈ আছে। তৎকালীন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নেতৃত্বত সংবিধানৰ মৌলিক অধিকাৰসমূহ স্থগিত কৰা হৈছিল, সংবাদ মাধ্যমৰ ওপৰত কঠোৰ নিয়ন্ত্ৰণ আৰোপ কৰা হৈছিল, আৰু বিৰোধী নেতাসকলক গ্ৰেপ্তাৰ কৰা হৈছিল। এই সময়ছোৱাই ভাৰতীয় গণতন্ত্ৰৰ ভংগুৰতা প্ৰকাশ কৰিছিল, কিন্তু জৰুৰীকালীন অৱস্থাৰ পিছত ১৯৭৭ চনৰ নিৰ্বাচনত জনসাধাৰণৰ শক্তিয়ে গণতন্ত্ৰৰ পুনৰুদ্ধাৰৰ পথ প্ৰশস্ত কৰিছিল।

তাৰ পিছৰ দশকসমূহত ভাৰতে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ জৰিয়তে বহুতো সামাজিক আৰু অৰ্থনৈতিক সংস্কাৰ গ্ৰহণ কৰিছে। পঞ্চায়তী ৰাজ ব্যৱস্থাৰ জৰিয়তে স্থানীয় পৰ্যায়ত গণতন্ত্ৰৰ সম্প্ৰসাৰণ, তথ্যৰ অধিকাৰ আইন (RTI), আৰু ন্যায়পালিকাৰ সক্ৰিয় ভূমিকাই গণতন্ত্ৰক শক্তিশালী কৰিছে। কিন্তু বৰ্তমানৰ পৰিস্থিতিত নতুন প্ৰত্যাহ্বানসমূহে এই অগ্ৰগতিৰ ওপৰত ছাঁ পেলাইছে।

বৰ্তমান ভাৰতীয় গণতন্ত্ৰই বহুমুখী সংকটৰ সন্মুখীন হৈছে, যিবোৰৰ মূলতে আছে গণতান্ত্ৰিক অনুষ্ঠানসমূহৰ স্বাধীনতাৰ ক্ষয়, সাম্প্ৰদায়িক বিভাজন, নাগৰিক স্বাধীনতাৰ ওপৰত আক্ৰমণ, দুৰ্নীতি, আৰু ক্ষমতাৰ কেন্দ্ৰীকৰণ। এই প্ৰত্যাহ্বানসমূহে গণতন্ত্ৰৰ মূল স্তম্ভসমূহক দুৰ্বল কৰি তুলিছে।

গণতন্ত্ৰৰ সফলতা নিৰ্ভৰ কৰে স্বাধীন আৰু নিৰপেক্ষ অনুষ্ঠানসমূহৰ ওপৰত। কিন্তু শেহতীয়া বছৰবোৰত ন্যায়পালিকা, নিৰ্বাচন আয়োগ, আৰু সংবাদ মাধ্যমৰ ওপৰত ৰাজনৈতিক চাপ বৃদ্ধি পাইছে। উদাহৰণস্বৰূপে, কিছুমান সংবাদ মাধ্যমে ৰাজনৈতিক দলৰ পক্ষপাতিত্ব প্ৰকাশ কৰে, যিয়ে জনমত গঠনত প্ৰভাৱ পেলায়। নিৰ্বাচন আয়োগৰ কাৰ্যকলাপৰ ওপৰতো কেতিয়াবা প্ৰশ্ন উত্থাপন হয়, বিশেষকৈ নিৰ্বাচনী প্ৰক্ৰিয়াৰ স্বচ্ছতাৰ বিষয়ে। ন্যায়পালিকাৰ ক্ষেত্ৰতো, বিচাৰক নিয়োগৰ প্ৰক্ৰিয়া আৰু কিছুমান সিদ্ধান্তৰ ওপৰত বিতৰ্কই স্বাধীনতাৰ প্ৰশ্ন উত্থাপন কৰিছে।

সাম্প্ৰদায়িকতা আৰু বিভাজনৰ ৰাজনীতি: ভাৰতৰ বৈচিত্ৰ্যপূৰ্ণ সমাজত ধৰ্ম, জাতি, আৰু অঞ্চলৰ ভিত্তিত বিভাজনৰ ৰাজনীতিয়ে গণতন্ত্ৰৰ আত্মাক ক্ষতিগ্ৰস্ত কৰিছে। সাম্প্ৰদায়িক সংঘৰ্ষ আৰু বিদ্বেষমূলক ভাষণে সমাজত বিভেদ সৃষ্টি কৰিছে। উদাহৰণস্বৰূপে, শেহতীয়া বছৰবোৰত ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ বিৰুদ্ধে সহিংসতাৰ ঘটনা বৃদ্ধি পাইছে, যিয়ে সংবিধানৰ ধৰ্মনিৰপেক্ষ নীতিক প্ৰত্যাহ্বান জনাইছে। এনে পৰিস্থিতিয়ে গণতান্ত্ৰিক সংলাপৰ পৰিৱেশক নষ্ট কৰে আৰু জনসাধাৰণৰ মাজত ভয়ৰ সৃষ্টি কৰে।

মত প্ৰকাশৰ স্বাধীনতা, প্ৰতিবাদৰ অধিকাৰ, আৰু ব্যক্তিগত গোপনীয়তা গণতন্ত্ৰৰ মৌলিক উপাদান। কিন্তু কিছুমান কঠোৰ আইন, যেনে অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইন (UAPA),ৰ অপব্যৱহাৰে নাগৰিকৰ অধিকাৰৰ ওপৰত প্ৰভাৱ পেলাইছে। সামাজিক মাধ্যম সমূহে মিছা তথ্য আৰু উদ্দেশ্য প্ৰণোদিত প্ৰচাৰে জনমতক বিভ্ৰান্ত কৰি আহিছে। এনেও উদাহৰণ আছে যে ন্যস্তস্বাৰ্থ জডিত সামাজিক মাধ্যম ইণ্ফুয়েন্সাৰে ন্যায় বিচাৰি প্ৰতিবাদ কৰা জণসাধৰণৰ বিৰূদ্ধে অপপ্ৰপচাৰত চৰকাৰী পৃষ্ঠপোষকতাত অপৰিঞ্চি সা-সুবিধা গ্ৰহণ কৰা সাংবাদ মাধমকো চেৰাই যোৱাতো পৰিলক্ষিত হয়। উদাহৰণস্বৰূপে, কৃষক আন্দোলনৰ সময়ত প্ৰতিবাদকাৰীৰ এচাম সামাজিক মাধ্যম আন্দোলনটোৰ বিপক্ষে উঠি পৰি লগাটো দৃষ্টিগোচৰ হয়।

দুৰ্নীতি আৰু স্বজনপ্ৰীতিয়ে (cronyism) গণতন্ত্ৰৰ প্ৰতি জনসাধাৰণৰ বিশ্বাস ক্ষুণ্ণ কৰিছে। নিৰ্বাচনত ধন আৰু ক্ষমতাৰ অপব্যৱহাৰে সাধাৰণ মানুহৰ কণ্ঠক দুৰ্বল কৰি তুলিছে। বৃহৎ ব্যৱসায়ী গোষ্ঠী আৰু ৰাজনৈতিক নেতাৰ মাজত সম্পৰ্কই ক্ৰনিজমৰ জন্ম দিছে, যিয়ে নীতি নিৰ্ধাৰণত অসমতা সৃষ্টি কৰিছে।

ভাৰতৰ সংঘীয় আন্ত:গাঁথনিত ক্ষমতাৰ কেন্দ্ৰীকৰণ বৃদ্ধি পাইছে, যিয়ে ৰাজ্যসমূহৰ স্বায়ত্তশাসনৰ ওপৰত প্ৰভাৱ পেলাইছে। এনে পৰিস্থিতিয়ে স্থানীয় পৰ্যায়ত গণতান্ত্ৰিক প্ৰক্ৰিয়াক দুৰ্বল কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *