বতৰৰ হাইকু ধৰণৰ ।। প্ৰজিত নাথ
মুক্ত চিন্তা, ১০ম বছৰ, ৬ষ্ঠ সংখ্যা
[মাটচুৱ’ বাচ’লৈ ক্ষমা প্ৰাৰ্থনাৰে]
(এইবেলি বিহুটি দুবেলা-দুমুঠি,
নাহৰ সৰি এজাৰ ফুলিবৰ বতৰ…
এজাৰৰ ৰঙে চাই লাহৰীৰ বেজাৰ হায়,
ঐ ৰাজহাড় বেঁকা দেহা যে লটৰ-পটৰ)
১)
পুৰণি পুখুৰী পাবলৈ নাই…
পুৰণি কুঁৱাতে ভেকুলীবোৰে জঁপিয়ায়
ইতিমধ্যে ঘোলা হৈ পৰা পানীত শব্দ হয়
আৰু বহুদিনলৈ নীৰৱ চৌদিশ…
বোকাময় কুঁৱা
২)
মেটাকূপৰ বাহিৰত তচ্-নচ্ পৃথিৱী
মৰে হ’ম’ ছেপিয়েন্স, অ’ত মৰে ত’ত মৰে
…চুক-ভেকুলীৰ নাই কোনো গৰজ
৩)
ধুমুহা-বৰষুণৰ পিছত চুকৰ পৰা ওলায়
মেটাকূপত জাঁপ দি বেং হৈ টোৰটোৰায়
(মনত পৰে বাচ’ৰ ভেকুলীটোলৈ)
৪)
নগৰৰ চুক-ভেকুলীয়ে দিয়ে
বৃহৎ জাঁপ মেটাকুঁৱাত,
জাঁপ মাৰি হৈ পৰে একোটা বেং
আৰু সমবেতভাৱে বেসুৰাকৈ টোৰটোৰায়
৫)
মাজে-সময়ে যে
মেটাকূপীয় মণ্ডূকৰ
টোৰটোৰণি-হাহাকাৰ
সেয়াওতো
বিশ্ব অৰ্থনীতিৰ অন্যতম বিচিত্ৰ কাৰবাৰ
৬)
সোণাৰু ৰঙেৰে
হালধীয়া ৰঙেৰে ভূ-ভাৰস্তৰ খবৰ-সংবাদ…
কৃষ্ণচূড়াৰ ৰঙেৰে
পৃথিৱী ৰঙীন হ’ব কাহানিবা
৭)
পুঁজিৰ ছাতিৰে ঢকা নিৰ্বাচনৰ বতৰত
সৰ্বহাৰা মেজিক মটৰত
৮)
চলে ৰ’দ-বৰষুণৰ ছল-কপট বা কপট-ছল
যুগ যুগ ধৰি সৰ্বহাৰা নিৰ্বাচনত অটল
৯)
হৈ থাকক হৈ থকা ধৰণে…
হ’লেহে দেখিব
দেখিলেহে শুনিব
শুনিলেহে বুজিব
হওক, হৈ থাকক হৈ থকা ধৰণে
১০)
উৰি উৰি আৰু ফুৰিবি কিমান
হাইঠা মাটিত নাম
নামি সশব্দে উৰিবলৈ কৰ কুচ্-কাৱাজ
তই ঈগল হোৱালৈ বাট চাম

