গল্প-কবিতা

হাতে ঢেৰুৱা ঠাৰি, পেটে কলেমলাই ভোকে – (গৌৰীশংকৰ দাস)

ঘৰ-চিৰিকাৰ মঙহেৰে বৰসবাহ পাতি
মানুহজাক গ’লগৈ,
মোক দি থৈ গ’ল 
ছিনা-জোকে বটিয়াই দিয়া এটৌ মান কিহবাৰ তেজ …
সেইসোপা উতলাই খাবলৈ বনচোমৰ শুকান ডাল বিচাৰি
মই মানুহটো এতিয়া হাইৰাণ ৷

.

তোক মই এটা শেষ নোহোৱা সাধু কওঁ শুন,
ওপৰৰ কথাবোৰ চেনিটেৰী পেডৰ বিজ্ঞাপনহে আছিল
ৰক্তহীনতাত খোজ কাঢ়ি ফুৰা মানুহবোৰৰ বাবে 
বিজ্ঞাপনৰ সাধু, শেষ নোহোৱা সাধু,
বিজ্ঞাপনৰ সাধু, ৰূপকথা ৷

বটগছৰ বুঢ়া ডাঙৰীয়াৰ টিবি হৈছে,
নিশা দুপৰলৈকে গল হেঁকাৰি মাৰি থাকে ৷

প্ৰথমে টিবি, তাৰ পিছতে আহে ৰক্তহীনতা ,তাৰ পিছত…
তাৰ পিছত ডাক্তৰে চাই কয়–
লাষ্ট ষ্টেজ, ৰাইজখন অধঃপতনে গ’ল !! 

ব’ল, আজি বটগছত এখন বেনাৰ আৰি দিম,
কাইলৈ পাতোঁ হিম’গ্ল’বিনৰ ওপৰত সজাগতা সভা, আৰু
পৰহিলৈ উলহ-মালহকৈ ঘৰ্-চিৰিকাৰ মঙহেৰে বৰসবাহ…
ৰাইজখনৰ কুশল কামনা কৰোঁ ৷

চেনিটেৰী পেড, 
ৰক্তহীনতাত ভোগা মানুহবোৰৰ ৱায়াৰলেছত হোৱা কথা-বাৰ্তা, 
স্মাৰ্ট-চিটি,
পেৰাচিতামল আৰু আইৰনৰ বড়ি
এক্সপায়াৰ্ড হেমফাৰৰ বটল —
সকলোবোৰ কুটি-বাছি আজি গধূলি গল্প কৰোঁ আহ (!!)

ঘৰ্-চিৰিকাৰ মঙহেৰে মদ খাৱ যদি
অলপ পিছতে মোলৈ ফ’ন কৰিবি, 
থাওকতে খেৰৰ ঘৰ এটা সাজিম৷৷

Leave a Reply

Your email address will not be published. Required fields are marked *