হীৰুদা, জোখ-মাখ চলি আছে (কৌশিক দাস)
১.
ফুল-তৰা-গানৰ কোমল কোমল ভাষাৰে ভৰা
তোমাৰ ৱাটছেপ গোটটিত হঠাতে সোমালহি
গেলামালৰ দোকান কেতিয়া খোলা—
তাৰ চৰকাৰী জাননীৰ জধলা কপি
লক্ ডাউন চলি আছে
লক্ ডাউন চলি আছে
কোৱাচোন আকৌ এবাৰ,
যি হ’ল ভালেই হ’ল বুলি!
২.
ঘৰত সোমাই সোমাই আমনি লাগিছে তোমাৰ।
ৰাতিপুৱাই পৰিবাৰক কৈছা,
ভেকচিন এটা ওলালেই ৰেলৰ টিকেট কাটি
একেলগে ফুৰিবলৈ যাবা গোটেই পৰিয়ালটো
৩.
যিটো লাইনৰ ওপৰেৰে তোমাৰ ৰেলখন যাব,
তেতিয়ালৈ তাত হয়তো শুকাই যাব
ঘৰমুখী বনুৱাৰ তেজ।
৪.
ষ্ট্ৰ’বেৰী এটা মুখত ভৰাই তুমি ভাবিলা—
হৈ থাকে, এইবোৰ হৈয়েই থাকে
তোমাৰ কবিতাও সেয়েহে
ফুল-তৰা-গানৰ হেঁচাত আকৌ কেঁকাই উঠে
বটলে বটলে চিঞাহী শেষ কৰি
চলি থাকে তোমাৰ কবিতা
৫.
খিৰিকীয়েদি তোমাৰ চকুত পৰে সিহঁতৰ মুখ।
কঁপি উঠে তোমাৰ হাত
ৰৈ যায় কলম তোমাৰ নিঃসীম আতংকত
বাৰে বাৰে নিজৰ ডিঙিটো চুই চোৱা তুমি—
সেই কাচিবোৰ বা কাৰ ডিঙিৰ জোখেৰে গঢ়া!