গ্রন্থ পৰিচয়বিবিধ চিন্তা

মীনাক্ষী বৰুৱাৰ ভিয়েটনাম ভ্ৰমণৰ কাহিনী ‘হো চি মিনৰ দেশত’ ‌।‌। বৰ্ণালী বৰুৱা দাস

মুক্ত চিন্তা। একাদশ বছৰ।।  দ্বিতীয় সংখ্যা

চিনেমাৰ ৰসগ্ৰাহী পাঠকে সত্যজিত ৰায়ৰ ‘প্ৰতিদ্বন্দী’ চিনেমাত নায়ক ধৃতিমান চেটাৰ্জিয়ে চাকৰিৰ বাবে দিয়া সাক্ষাৎকাৰটোৰ কথা নিশ্চয় চিৰদিন মনত ৰাখিব‌। সাক্ষাৎকাৰটো একাধিক কাৰণত গুৰুত্বপূৰ্ণ‌।  সেই একাধিক কথা বিস্তৃতভাৱে আলোচনা কৰিব পাৰি‌। কিন্তু সেই  আলোচনালৈ নগৈ ইয়াত মাত্ৰ এটা কথাৰ প্ৰতি পাঠকৰ মনোযোগ আকৰ্ষণ কৰিব খুজিছো‌ঁ।

সাক্ষাৎকাৰটো আছিল ইংৰাজী ভাষাত‌। তাৰে একাংশৰ মুকলি অনুবাদ তলত দিলোঁ‌। সেইখিনি পঢ়িলেই আজি কিতাপৰ আলোচনালৈ চিনেমাৰ প্ৰসংগটো টানি অনাৰ কাৰণ পাঠকে বুজি উঠিব‌।

সাক্ষাৎকাৰটোৰ একাংশ- (আগ্ৰহীসকলে ইয়াত টিপিলেই সাক্ষাৎকাৰটো চাব পাৰিব)

১ম আমোলা: আপোনাৰ মতে যোৱা শতিকাটোৰ সকলোতকৈ উল্লেখযোগ্য ঘটনা কি আছিল?

যুৱক: (কিছু চিন্তা কৰি, দুয়োজনৰ চকুলৈ চাই যেন ক্ষন্তেক সময় ভাবি লয়, এই দুজনৰ আগত উত্তৰটো দিয়া যায় নে নাযায়! তাৰপাছত দৃঢ়তাৰে উত্তৰ দিয়ে)

– ছাৰ, ভিয়েটনামৰ যুদ্ধ‌।

১ম আমোলা: মানুহে চন্দ্ৰত ভৰি দিয়াতকৈও সেইটো গুৰুত্ব পূৰ্ণ ঘটনা নে?

যুৱক: হয় ছাৰ, মই তেনেকৈয়ে ভাবোঁ‌।

২য় আমোলা: তেনেকৈ ভবাৰ কাৰণ জানিব পাৰোঁ নে?

যুৱক: (অলপ ৰৈ জুকিয়াই লৈ দৃঢ়তাৰে কয়) চাওক, আমি চন্দ্ৰ জয়ৰ ক্ষেত্ৰত সম্পূৰ্ণ অপ্ৰস্তুত নাছিলো‌ঁ।‌ আমি জানিছিলোঁ যে এনেকুৱা এটা ঘটনা ঘটিবই পাৰে‌। মহাকাশ গৱেষণাবোৰৰ বিষয়ে আমি শুনি আছিলো‌ঁ। মহাকাশ প্ৰযুক্তিৰ অগ্ৰগতিৰ কথাবোৰ পঢ়ি আছিলো‌ঁ। গতিকে আমি জানিছিলোঁ যে এদিন নহয় এদিন এইটো সম্ভৱ হ’বগৈ‌। মই এই কথা ক’ব খোজা নাই যে মানুহৰ উল্লেখযোগ্য কৃতিত্ববোৰৰ ভিতৰত ইয়াক ঠাই দিয়া নহ’ব‌। মই এইটোহে ক’ব খুজিছোঁ যে ই অভাৱনীয় নাছিল‌।

১ম আমোলা: ভিয়েটনাম যুদ্ধৰ ঘটনাটো অভাৱনীয় আছিল নেকি?

যুৱক: যুদ্ধখন নিজে অভাৱনীয় নাছিল‌। কিন্তু ই মানুহক যি দিলে, মানুহৰ প্ৰতিৰোধৰ অসাধাৰণ শক্তিৰ বিষয়ে মানুহক যি কথা উপলব্ধি কৰালে সি অসাধাৰণ আছিল‌। পৰম ধৈৰ্যশীল সাধাৰণ মানুহ বুলি আমি যাক গণ্য কৰি থাকোঁ, তেনে মানুহৰ মাজত লুকাই থকা অপৰিমিত শক্তিৰ বিষয়ে যিটো উপলব্ধি ই আমাক কৰালে, বিশেষকৈ কোনো অত্যাধুনিক প্ৰযুক্তিৰ দ্বাৰা নহয়, সৰু সৰু সাধাৰণ মানুহৰ অপ্ৰতিৰোধ্য সাহসৰ দ্বাৰা বেছি ভালকৈহে আমি আগুৱাই যাব পাৰিম, — এই যিটো উপলব্ধি, সি অভাৱনীয় আছিল‌।

১ম আমোলা: আপুনি এজন কমিউনিষ্ট নেকি?

যুৱক: (হাঁহি) ছাৰ, মই নাভাবোঁ যে ভিয়েটনামৰ সফলতাত শ্ৰদ্ধাশীল হ’বলৈ মানুহ এজন কমিউনিষ্ট হৈ লোৱাটো জৰুৰী‌।

১ম আমোলা: মোৰ প্ৰশ্নৰ উত্তৰ সেইটো নহয়‌। যি নহওক, আপুনি এতিয়া যাব পাৰে‌।

‘প্ৰতিদ্বন্দী’ চিনেমাৰ এই সাক্ষাৎকাৰটোৰ কথা এখন গ্ৰন্থ পঢ়ি থাকোঁতে বাৰে বাৰে মনলৈ আহি আছিল‌। সেয়েহে উক্ত কিতাপখনৰ বিষয়ে পৰিচয়মূলক টোকা এটা লিখিবলৈ লওঁতেও প্ৰথমেই সেই সাক্ষাৎকাৰটোৰ কথাৰেই পাতনি মেলিলোঁ‌। গ্ৰন্থখন হ’ল প্ৰজ্ঞা মিডিয়াহাইপৰ দ্বাৰা সদ্য প্ৰকাশিত এখন ভ্ৰমণ কাহিনী‌। নাম — “হো চি মিনৰ দেশত: ধুঁৱলী আকাশত ৰ’দৰ কিৰণ”। লেখিকা মীনাক্ষী বৰুৱা‌। মীনাক্ষী বৰুৱাৰ ভিয়েটনাম ভ্ৰমণৰ গোটেই গ্ৰন্থখনৰ মাজতো যেন বাৰংবাৰ অনুৰণিত হৈছে ‘প্ৰতিদ্বন্দী’-ৰ নায়কৰ সেই একেকেইটা কথা‌, – এক বিশাল সাম্ৰাজ্যবাদী শক্তিৰ বিৰুদ্ধে এজাক সৰু সৰু সংগঠিত সাহসী মানুহৰ বীৰত্বপূৰ্ণ জয়ৰ কাহিনী সঁচাকৈয়ে মানৱ ইতিহাসৰ এক অতি গুৰুত্বপূৰ্ণ পৰিঘটনা‌। সেই বীৰত্বৰ কাহিনী গুৰুত্বপূৰ্ণ তথা অভাৱনীয় এই কাৰণেই যে মানুহক ভাল পোৱা তথা শোষিত নিস্পেষিত মানুহৰ চিৰ মুক্তিৰ সপোন দেখা  বিশ্বব্যাপী মানুহৰ বাবে ই অনুপ্ৰেৰণাৰ অনি:শেষ উৎস হৈ পৰিছিল আৰু পৰিব‌। অসমৰ গীত-কবিতাটো আনকি সেই সংগ্ৰামৰ মহানায়ক হো চি মিনক লৈ গীত কবিতা সৃষ্টি হৈছিল‌। উদাহৰণ স্বৰূপে ‘বৰদৈচিলাৰ চিঠি’ শীৰ্ষক কবিতাত হেমাংগ বিশ্বাসে লিখিছিল –

ঠিকনা বিচাৰি মোৰ

ফুৰিব নেলাগে খেপিয়াই, আই,

কেৱল লিখিবা মোৰ নাম

‘কেয়াৰ অৱ’ হো চি মিন

ভিয়েটনাম।

কিন্তু বৰ্তমান পৰিৱেশ সলনি হৈছে‌। আজিৰ জটিল সমাজ ৰাজনৈতিক পৰিৱেশত মানুহ আগতকৈও অধিক ধনতান্ত্ৰিক মেৰপেচত আৱদ্ধ হৈ পৰিছে‌। এই বন্ধনৰ পৰা মুক্তি পোৱাও যে সম্ভৱ সেই কথা পাহৰি তাকেই বৰমাল্য ৰূপে বৰণ কৰি লৈ স্থিতাৱস্থাৰ লগত চামিল হোৱাৰ আয়োজনতেই সকলো ব্যস্ত হৈ পৰিছে, বা তেনে হ’বলৈ বাধ্য কৰা হৈছে‌। ধন আহৰণৰ প্ৰতিযোগিতাত অহৰ্নিশে ঘূৰি ঘূৰি ক্লান্ত হৈ পৰা মানুহক জব্দ কৰিবলৈ ক্ষন্তেকীয়া মনোৰঞ্জনৰ বিবিধ মাধ্যম উপলব্ধ হৈছে‌। সেয়েহে এতিয়া হয়তো অধিক সংখ্যক মানুহেই ভিয়েটনাম যুদ্ধৰ পৰিঘটনাক শতিকাটোৰ মহত্ততম পৰিঘটনা বুলি ভবাৰ কষ্টখিনিও নকৰে‌। নিজৰ ঠিকনাত ‘কেয়াৰ অৱ হো চি মিন, ভিয়েটনাম’ বুলি লিখাৰ মহত্বও উপলব্ধি কৰিব নোৱাৰে‌।  ভিয়েটনাম যেন এতিয়া ভ্ৰমণবিলাসী মানুহৰ এক পচন্দৰ পৰ্যটন স্থলী মাত্ৰ‌।

যোগাযোগ ব্যৱস্থাৰ উন্নতি তথা একাংশ মধ্যবিত্তৰ ক্ৰয় ক্ষমতা বৃদ্ধিৰ সমানুপাতিকভাৱে ভ্ৰমণৰ নিচা আগতকৈ বৃদ্ধি পাইছে‌। কম খৰচত বিদেশ ভ্ৰমণৰ হেঁপাহ পূৰাবলৈ সেয়েহে বহুতেই ভিয়েটনাম ভ্ৰমণৰ পেকে’জ ক্ৰয় কৰা দেখা গৈছে‌। নক’লেও হ’ব যে এই সকলৰ অধিকাংশৰ বাবে ভিয়েটনাম এক প্ৰমোদ ভ্ৰমণৰ থলী মাত্ৰ‌। জাক জমক লাইট, আকাশ চুম্বী টাৱাৰ, সুদৃশ্য দলং, মনোময় নৌকা বিহাৰ, আৰামদায়ক হোটেল, সুস্বাদু খাদ্য আদিৰ সমাহাৰ হ’লেই এনে পৰ্যটকৰ ‘ভ্ৰমণবিলাসী মনৰ শেষ হয় সকলো আয়োজন’‌। এই গ্ৰন্থৰ লেখিকাই কিন্তু গ্ৰন্থখনৰ প্ৰথম অধ্যায়তে কৈছে – “ দেউতাই প্ৰাণেৰে ভ্ৰমণ কৰা দেশখনত আজি মই কায়িকভাৱে উপস্থিত হৈছো‌। দেউতাৰ চকুৰে মই এই দেশখনক চাবলৈ আপ্ৰাণ চেষ্টা কৰিম‌।” – প্ৰশ্ন হয় লেখিকাৰ দেউতাকনো কোন? কনেকৈ বা তেখেতে সেইখন দেশ প্ৰাণেৰে ভ্ৰমণ কৰিছিল‌?

লেখিকাৰ দেউতাক আছিল অসমৰ কমিউনিষ্ট আন্দোলনৰ এজন নিষ্ঠাবান কৰ্মী প্ৰয়াত হেম বৰুৱা‌। বিশ্বনাথ চাৰিআলিৰ চতিয়াৰ দৰে এক ভিতৰুৱা অঞ্চলতো ভিয়েটনাম যুদ্ধৰ ফলাফলে আনন্দৰ বন্যা বোৱাইছিল‌। পিতৃৰ ৰাজনৈতিক দলৰ সদস্যসকলে দলীয়ভাৱে উদ্‌যাপন কৰা ভিয়েটনাম বিজয় উৎসৱৰ কথা লেখিকাৰ মনত আছে‌। আজীৱন সাম্যবাদী সমাজৰ সপোন দেখা পিতৃৰ দ্বাৰা ৰচিত বিহুনাম থুনুক থানাক মাতেৰেই সেই সময়ত গোৱাৰ কথা তেওঁ দোহাৰিছে‌। পিতৃয়ে লিখা বিহুগীতৰ মাজেৰেই লেখিকাই চিনাকি হৈছিল হো চি মিন আৰু ভিয়েটনামৰ সৈতে‌। থুনুক থানাক মাতেৰে সুৰ মিলাইছিল –

“এ’ পোনা, চাচা হো-চি-মিনে,

এ’ পোনা ইতিহাস ৰচিলে

গৰীৱৰ মুক্তিৰ পথো দেখুৱালে — ”

নাইবা গাইছিল —  “ভিয়েটনাম জিন্দাবাদ, জিন্দাবাদ

ৰণ-উন্মাদ এই পৃথিৱীত

তয়েই শুনালি মুক্তিৰ গান”

পিতৃ প্ৰদত্ত এই অনুপ্ৰেৰণাৰ প্ৰবাহেই যেন লেখিকাক গ্ৰন্থখন লিখিবলৈ উৎসাহিত কৰিলে‌। “দেউতাৰ চকুৰে মই এই চেশখনক চাবলৈ অপ্ৰাণ চেষ্টা কৰিম” বুলি প্ৰথম অধ্যায়তেই কৰা ঘোষণাই স্পষ্ট কৰে যে দেশখন বা তাৰ সমাজ ব্যৱস্থাক চোৱাৰ ক্ষেত্ৰত লেখিকাই এক সচেতন ৰাজনৈতিক দৃষ্টিকোণ নিৰ্ধাৰণ কৰি লৈছে‌। এই দৃষ্টিকোণে ইয়াক এখন সাধাৰণ ভ্ৰমণ কাহিনীৰ পৰা পৃথক কৰিছে‌।

আগকথাতেই লেখিকাই স্বীকাৰ কৰিছে – ভিয়েটনামত উপস্থিত হৈ মই যেন চৌপাশে শুনিবলৈ পালো বীৰ নেতা হো-ৰ কণ্ঠৰ প্ৰতিধ্বনি‌। সৰুতেই চাচা বা খুৰা বা আংকল বুলি সম্বোধন কৰিবলৈ শিকোৱা হো-চি-মিনৰ প্ৰতি লেখিকাই অনুভৱ কৰা এই আত্মীয়তাই গ্ৰন্থখনকো পাঠকৰ বাবে  আকৰ্ষণীয় কৰি তুলিছে‌। দূৰৈত থকা পৰম আত্মীয়ৰ ঘৰলৈ ফুৰিবলৈ গৈ কঢ়িয়াই অনা অনাবিল সন্তুষ্টিভৰা স্মৃতিৰ সঁফুৰা এটাহে যেন লেখিকাই পাঠকৰ বাবে খুলি দিছেহি‌।

মুঠ ৭ টা অধ্যায় গ্ৰন্থখনত সন্নিবিষ্ট হৈছে‌। কেইটামান দিনৰ এটি চুটি ভ্ৰমণ যদিও তেওঁলোকে ভিয়য়েটনামৰ প্ৰায়বোৰ উল্লেখযোগ্য ঠায়েই সামৰি ল’বলৈ সক্ষম হৈছিল‌। পূৰ্ব-নিৰ্ধাৰিত ভ্ৰমণসূচী তথা সু-বন্দৱস্তৰ বাবে অবাবত সময় ব্যয় কৰিব লগা হোৱা নাছিল‌। তদুপৰি কিতাপখন পঢ়ি যাওঁতে অনুভৱ কৰিব পাৰি যে লেখিকাই আগতীয়াকৈ দেশখনৰ ইতিহাস অধ্যয়নতো হেলা কৰা নাছিল‌। সেয়েহে ভিয়েটনাম যুদ্ধৰ স্মাৰকসমূহ দেখি বা হো-চি-মিনৰ প্ৰতিমূৰ্তি দেখি আন্তৰিক শ্ৰদ্ধাৰে প্ৰতি মুহূৰ্ততে সেই ইতিহাস স্মৰণ কৰি যাব পাৰিছিল‌। লেখিকাৰ লগতে পাঠকেও ভিয়েটনামৰ অলিয়ে গলিয়ে ঘূৰি ফুৰা যেন অনুভৱ কৰিব‌।

কিতাপখনৰ আৰু এটা উল্লেখযোগ্য দিশ হ’ল, ভিয়েটনাম ভ্ৰমণ কৰিব খোজা আগ্ৰহী লোকৰ বাবে ই এখন হাতপুথিৰ দৰে কাম কৰিব‌। ভাৰতীয় টকাক সেই দেশত ব্যৱহাৰ্য ডঙলৈ পৰিৱৰ্তন কৰাৰ সহজ পদ্ধতিৰ পৰা ভিছা সংগ্ৰহ, ছিম কাৰ্ড সংগ্ৰহ আদিৰ বাবেও গাইডবুকৰ দৰে কিতাপখনে কাম কৰিব‌।

ভ্ৰমণ গ্ৰন্থখনত বৰ্ণিত দুটি তথ্যই চিন্তিত কৰিলে‌। প্ৰথমটো হ’ল হানৈত অৱস্থিত টেম্পল অব লিটাৰেচাৰ (Temple of literature)ত কনফুছিয়াছৰ স্মৃতিস্তম্ভৰ সন্মুখত ৰৈ আজিও বহুতে পৰীক্ষাত সফলতা লাভৰ বাবে প্ৰাৰ্থনা কৰিবলৈ অহাৰ কথাটো ( পৃ: ২০) আৰু দ্বিতীয়টো হ’ল ‘হৈ আন চিটি’ৰ (Hoi An City) ‘থু বন’ নদীত(Thu Bon River) কাগজৰ নাৱত মমবাতি বা Lantern জ্বলাই আপোনজনৰ কুশলাৰ্থে উটুৱাই দিয়াৰ কথাটো (পৃ: ৪১)‌। আমাৰ দেশত য’ত তীৰ্থযাত্ৰা বা হজযাত্ৰা ভ্ৰমণৰ সমাৰ্থক, তেনে দেশত মনোকামনা পুৰণৰ অৰ্থে মানুহে অ’ত টিলিঙা অঁৰা, ত’ত ৰচি বন্ধা, অ’ত চাকি জ্বলোৱা, ত’ত কুঁৱাৰ পানী খোৱা আদি নিচেই সাধাৰণ কথা‌। কিন্তু বিপ্লৱোত্তৰ কালত প্ৰবুদ্ধ জনগণেৰে দেশ এখন ভৰি থাকিব বুলি আশা কৰি থকা অৱস্থাত তাৰ বিপৰীত কাৰ্য-কলাপে কিছু কথা নতুনকৈ ভাবিবলৈ বাধ্য নকৰেনে? দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত গঢ়ি উঠা সমাজতান্ত্ৰিক গণৰাজ্য এখনৰ নাগৰিকৰ চৰিত্ৰত এইবোৰ উপাদানৰ সহাৱস্থান আমাৰ বাবে কিছু আহুকলীয়া বিষয়‌। অৱশ্যে সেয়া বিদেশী পৰ্যটকক আকৰ্ষণ কৰিবলৈ কৰা ব্যৱসায়িক কৌশল নে তেওঁলোকৰ নিজৰেই দূৰ্বলতাৰ প্ৰকাশ সেই কথা জানিবলৈ হয়তো ভিয়েটনামী জন-জীৱনৰ বিষয়ে নিবিড় অধ্যয়ন আৰু পৰ্যবেক্ষণৰ প্ৰয়োজন হ’ব‌। ভৱিষ্যতে ভিয়েটনামৰ পৰ্যটন উদ্যোগ, অৰ্থনৈতিক বিকাশৰ ৰেহ-ৰূপ তথা জনজীৱনৰ সম্প্ৰতিক সাংস্কৃতিক মননৰ সম্পৰ্কত লেখিকাৰ পৰাই কিছু বিশ্লেষণাত্মক লেখা পাম বুলি আশা কৰিলোঁ‌।

সদৌ শেষত ক’ব খোজোঁ যে “হো চি মিনৰ দেশত: ধুঁৱলী আকাশত ৰ’দৰ কিৰণ” শীৰ্ষক এই ভ্ৰমণ কাহিনীখনে পাঠকৰ সন্মুখত ভিয়েটনামৰ সৌন্দৰ্য, ইতিহাস আৰু সংস্কৃতিৰ এখন জীৱন্ত ছবি তুলি ধৰিব। পুথিখন কেৱল ভ্ৰমণৰ হাতপুথি নহয়, ই এখন প্ৰবন্ধ-গ্ৰন্থও, যিয়ে পৰ্যটকক এনে এখন দেশৰ অন্তৰংগ চিনাকী দিয়ে, যাৰ অতীত আৰু বৰ্তমানৰ মাজত এক অপূৰ্ব সমন্বয় ঘটিছে। আশা কৰোঁ পাঠকে গ্ৰন্থখন আদৰি ল’ব‌।

Leave a Reply

Your email address will not be published. Required fields are marked *