হোমিওপেথি কিমান বিজ্ঞানসন্মত? – (মূলঃ সুমিত্ৰা পদ্মনাভন অনুবাদঃ শাশ্বতী বৰঠাকুৰ )
২০০৭ চনত এখন বিখ্যাত বিজ্ঞান পত্ৰিকা “নেচাৰ”এ এক বিশেষ প্ৰতিবেদনৰ প্ৰকাশ কৰিছিল য’ত লেখক জে গীলচ্ হেনিমেনে হোমিওপেথিৰ মূল বিধিক অবৈজ্ঞানিক বুলি কৈছিল। পোনতে “হুলেহে হুল কাঢ়ে” ধৰণৰ উপায়েৰে ৰোগৰ নিৰাময় অৰ্থাৎ ৰোগক বৃদ্ধি কৰি পাছত ৰোগ নিৰাময়ৰ কথা যে হোমিওপেথি চিকিৎসকসকলে কৈ থাকে তাক ভিত্তিহীন বুলি কোৱা হৈছে৷ দ্বিতীয়তে যি উপায়েৰে হোমিওপেথি ঔষধ প্ৰস্তুত কৰা হয় যেনে বাৰে বাৰে পানী বা স্পিৰিটত মিলোৱা, তাৰপৰা দহভাগৰ এভাগ লোৱা, ইয়াক আকৌ অধিক তৰল বনোৱা আৰু পৌনঃপুনিকভাৱে সেই প্ৰক্ৰিয়াৰে আগবাঢ়ি আৰু দহবাৰ এনে কৰাটো অৰ্থহীন এটা কাৰবাৰ। কাৰণ চৌবিশবাৰ তৰলীকৃত কৰাৰ পাছত ঔষধি গুণযুক্ত এটা অণুৰো অৱশিষ্ট নাথাকিবগৈ সেই দ্ৰৱণত৷ তথাপিও আমি দেখিছোঁ যে হোমিওপেথি চিকিৎসা পদ্ধতিয়ে বহুল জনপ্ৰিয়তা লাভ কৰিছে অন্ততঃ আমাৰ দেশত। যুক্তিবাদীসকলক বহুবাৰ প্ৰশ্ন কৰা হৈছে “আপোনালোকে হোমিওপেথিৰ বিষয়ে কি ক’ব? ইয়াক বিজ্ঞান বুলি ক’বনে? কিয় আপোনালোক এই বিষয়ত নীৰৱ?” উত্তৰ আহিছিল “এই বিষয়ে অদ্যাপি বিশেষ অধ্যয়ন কৰা হোৱা নাই”৷ আমি নিজেও দেখিছোঁ মা-দেউতাহঁতে বা আইতাহঁতে সৰু সৰুবোৰক কিছুমান কাগজত বন্ধা পুৰীয়া কিছুমান পুৱাতে উঠি খুউৱা। আৰু দেখিছোঁ এনেবোৰ পুৰীয়া খাই কাৰোবাৰ যদি জ্বৰ-পানীলগা ভাল হৈছে আন কাৰোবাৰ ল’ৰা-ছোৱালীৰ আকৌ খোনোৱা বা কথা ক’ব নোৱৰাৰ বিসংগতি ঠিক হৈছে বা আকৌ কাৰোবাৰ হাতত উঠা আচিনা একেবাৰে নোহোৱা হৈ গৈছে৷ আমি নাজানো যে সেইবিলাক ঔষধৰ ব্যৱহাৰ নকৰাকৈ ভাল হ’ব নে নাই বা কোনোবাই শিশুক মিঠা গুটিবোৰৰ উপৰিও কাহৰ বা জ্বৰৰ ঔষধ খুৱাইছিল নে নাই। যি কি নহওক আমি দেখিছোঁ যে জৰুৰীকালীন অৱস্থা যেনে হঠাৎ হোৱা তমোময় জ্বৰ, মুৰ কটা, হাত ভৰি ভগা আদিত কোনেও হোমিওপেথিৰ নাম নলয়। এতেকে কিয় বিষয়টোত চকু নিদিয়াকৈ থাকোঁ? মই বহুসময়ত হোমিওপেথি চিকিৎসাৰ পক্ষত বহু বাতৰি কাকতত প্ৰবন্ধ দেখিছোঁ। ইংলিছ, ৰিডাৰ্ছ ডাইজেষ্টৰ দৰে আলোচনীত লিখা হৈছিল যে জন্তুৰ ওপৰত হোমিওপেথি চিকিৎসাৰ প্ৰয়োগেৰে সুফল পোৱা গৈছে অৰ্থাৎ ই “Placebo” চিকিৎসা হ’ব নোৱাৰে। কোনোবাই গৰুৰ ঠেঙত মাদুলী বন্ধাৰ কথা ভাৱিছে নেকি? নহয় কাৰণ পশুৰ ক্ষেত্ৰত এই বিশ্বাস প্ৰযোজ্য নহয়। কিন্ত এতিয়া ইয়াৰো অপপ্ৰচাৰ হৈছে। ২০০৫ চনত টেলাৰ নামৰ এজন বিজ্ঞানীয়ে লিখিছিল- “জন্তুৰ ওপৰত বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাৰ জৰিয়তে পোৱা গৈছে যে হোমিওপেথি ঔষধৰ প্ৰভাৱ ইয়াত পোৱা নাই। অৰ্থাৎ আগৰ কথাটো মুখ বাগৰি অহা সম্পূৰ্ণ কাল্পনিক কাহিনী আছিল৷ আজিৰপৰা বহু বছৰ আগতে ৰবাৰ্টছ্ নামৰ এজন বিজ্ঞানীয়ে এটা মজাৰ পৰীক্ষা কৰিছিল যিটো ১৯০৯ চনত “নেচাৰ” পত্ৰিকাত প্ৰকাশ পাইছিল। পৰীক্ষাটো আছিল এনেকুৱা – দুটি প্ৰচলিত কাঢ়া হোমিওপেথি ঔষধ নেট্ৰিয়াম মিউৰেটিকাম থাৰ্টি চি আৰু ছালফাৰ থাৰ্টি চি লোৱা হ’ল। হোমিওপেথি চিকিৎসকৰ দৃষ্টিত দুয়োটাই অতি শক্তিশালী ঔষধ। দুয়োটা ঔষধেই নিয়মানুসাৰে দ্ৰৱীভূত কৰি গৈ থকা হ’ল৷ শেহত দুয়োটা দ্ৰৱণ এজন নাম থকা হোমিওপেথি চিকিৎসকক দিয়া হ’ল৷ তেখেতে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু চিকিৎসালয়ৰ পৰীক্ষণ পদ্ধতি এই সকলোখিনি প্ৰয়োগ কৰিও দুয়োটাৰ মাজত পাৰ্থক্য ধৰিব নোৱাৰিলে৷ তেন্তে আমি ধৰি ল’ব পাৰোঁ যে দুয়োটা দ্ৰৱণ একেই আছিল বা কোনোটোতেই ঔষধৰ নামমাত্ৰও নাছিল। তেন্তে কি আছে? কোনটো ঔষধে শৰীৰত কাম কৰে? মোৰ মনে কয় যে কোনোটোৱেই ঔষধৰ কাম নকৰে৷ শৰীৰৰ স্বাভাৱিক ৰোগ প্ৰতিৰোধী ক্ষমতা, ঔষধ খাইছোঁ বুলি লভা মানসিক সান্ত্বনা আৰু ধৈৰ্য্য সহকাৰে কিছুদিন অপেক্ষা কৰাই হ’ল ৰোগ নিৰাময় হোৱাৰ ৰহস্য৷ সম্ভৱতঃ এই সকলোবিলাকেই হোমিওপেথি ঔষধৰ সফলতাৰ কাৰণ। অনেক ৰোগ যেনে পানীলগা, কাহ বা অৰ্শৰোগ আদি নিজেই বাঢ়ে আৰু কমে৷ এটা সময়ত ভৱা হৈছিল যে পানীৰ সৈতে মিহলোৱাৰ পাছত দ্ৰৱণত মূল পদাৰ্থকণা কমাই কমাই যেতিয়া এটা অণুও নাথাকে তেতিয়াও পানীত তাৰ স্মৃতি থাকি যায় আৰু এই স্মৃতি সাংঘাতিক ধৰণেৰে ক্ষমতাসম্পন্ন। কিন্তু নহয়, এই তত্ত্বও নাকচ কৰা হৈছে৷ ২০০৫ চনত এক নতুন পদ্ধতিৰ বৰ্ণালীবীক্ষণ কৰি গম পোৱা গ’ল যে যি স্মৃতি বা “ৰেশ” দ্ৰৱণত থাকে বুলি ভৱা গৈছিল, পানীত দ্ৰৱীভূত পদাৰ্থৰ এটি কণাত নথকাৰ পিছত এক ফেমট’ ছেকেণ্ডত সেয়া ধ্বংস হৈ যাব পাৰে৷ গতিকে সেই সাংঘাতিক শক্তিক বটলত ভৰোৱাৰ প্ৰশ্নই নাহে৷ শুনা যায় যে ছাইলেছিয়া সেৱন কৰিলে ডিঙিত লগা মাছৰ কাঁইট গলি যায়। ভাৰতীয় বিজ্ঞান তথা যুক্তিবাদী সমিতিৰ সাধাৰণ সম্পাদক প্ৰবীৰ ঘোষে ছাইলেছিয়া ২০০ ঔষধৰ কিছু পৰিমাণ লৈ তাত দিনৰ পিছত দিন ধৰি মাছৰ কাঁইট এডাল ডুবাই থৈ প্ৰমাণ কৰিছিল যে ছাইলেছিয়া ঔষধে কাঁইট গলাব পৰা নাছিল৷ কাঁইটডালৰ একো পৰিৱৰ্তনেই হোৱা নাছিল৷ আমি ক’ব পাৰোঁ যে হোমিওপেথি এক হেৰাই যোৱা বিজ্ঞান – যদি ইয়াক কেতিয়াবা বিজ্ঞান বুলি মানি লোৱা হ’লহেঁতেন, তেন্তে আজি সেই ভুল ভাগি গ’লহেঁতেন৷ তাৰ এটা ডাঙৰ কাৰণ হ’ল যে প্ৰায় দুশ বছৰ ধৰি এই বিজ্ঞান স্থৱিৰ হৈ ৰৈছে৷ ইয়াৰ ওপৰত কোনো পৰীক্ষা-নিৰীক্ষা হোৱা নাই ভালদৰে৷ যিখিনি হৈছে তাতো পুৰণা ধাৰণাসমূহ ভুল বুলি প্ৰমাণিত হৈছে৷ পুৰণা জ্ঞানৰ ওপৰত ভিত্তি কৰি আগবাঢ়ি যোৱাটো বিজ্ঞানৰ ধৰ্ম৷ যেতিয়া ই আগবাঢ়ি যোৱা নাই তেনেহ’লে বুজা উচিত যে আগবাঢ়ি যাবলৈ বা ধাৰণাসমূহ প্ৰমাণ কৰিবলৈ কোনো তথ্য নাই, গতিকে কোনো তত্ত্বত উপনীত হ’ব পৰা নাই। গতিকে বিজ্ঞানৰ ধাৰণাটোৰ তাতেই মৃত্যু ঘটে৷ যেনে ধৰক জ্যোতিষ বিজ্ঞান৷ জাৰ্মানীৰ কেচেল বিশ্ববিদ্যালয়ৰ জীৱ বিজ্ঞান বিভাগৰ কুটুচেৰা নামৰ এজন পণ্ডিতে ধেমালিতে কৈছিল – যদি হেনিমেন এতিয়াৰ আধুনিক হোমিওপেথি পৰীক্ষণত বহে তেন্তে তেখেত সম্পূৰ্ণ নম্বৰেৰে সৈতে উত্তীৰ্ণ হ’লহেঁতেন কাৰণ তেখেতে যি জানে সেয়া তেতিয়াও নতুন নাছিল৷ কিন্তু যদি ছাৰ্লছ্ ডাৰউইনে বিৱৰ্তনবাদৰ পৰীক্ষাত বহিলহেঁতেন, তেন্তে তেখেত অসফল হৈ ৰ’লহেঁতেন কাৰণ এতিয়া তেখেতসকলৰ ধাৰণাসমূহ উন্নত আৰু জটিল হৈ আগবাঢ়ি গৈছে৷ ডাৰউইন ডাঙৰীয়াই সকলো প্ৰশ্ন বুজিয়েই নাপাব কাৰণ নতুন বৈজ্ঞানিক নামবোৰ তেখেতৰ বাবে অজ্ঞাত হৈয়ে থাকিব৷
হোমিওপেথি এটা বিষয় হিচাপে সেইকাৰণে স্থৱিৰ আৰু বন্ধ৷ এটা ঔষধ যিমানে কম ব্যৱহাৰ কৰিব সিমানে কাম কৰিব – এই ধৰণৰ হাস্যকৰ যুক্তি আৰু বেলেগ কি হ’ব পাৰে? গতিকে বিজ্ঞানৰ পাঠ্যক্ৰমত হোমিওপেথিৰ স্থান নাই৷ ইয়াৰোপৰি হোমিওপেথিৰ সমৰ্থন কৰাই এই জটিল কথাসমূহৰ অৱতাৰণা কৰে যেনে – পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, প্ৰাণ-ৰসায়ন (biochemistry)ৰ বাহিৰে আধ্যাত্মিক বা শক্তিশালী বুলি কোনো অস্তিত্বৰ কথা বিজ্ঞানত স্বীকাৰ কৰা হোৱা নাই৷ সৰল বাক্যত ক’বলৈ গ’লে আমাৰ সকলো দৈহিক শক্তিৰ মূলতে আছে সুষম আহাৰ, ব্যায়াম কৰা আৰু প্ৰয়োজনত এটা ঔষধ সেৱন কৰা৷ তাৰবাবে শৰীৰবিজ্ঞান জানিব লাগিব আৰু কোনো সহজ চুটি পথ নাই। এই শৰীৰ বিজ্ঞানৰ আধুনিকতম প্ৰয়োগ হ’ল বৰ্তমানৰ এল’পেথিক ঔষধ৷ ২৫০ বছৰৰ আগৰপৰা আমাৰ জ্ঞান যথেষ্ট বাঢ়িছে৷ এতিয়া আমি জানো যে কেৱল পানী বা সুৰাই এনে কোনো শক্তি ধৰি ৰাখিব নোৱাৰে যি শৰীৰত কাম কৰিব আৰু কোনো বৈজ্ঞানিক পৰীক্ষাত ধৰা নপৰিব৷ তেন্তে হোমিওপেথিৰ গুৰিতেই কিছুমান আঁসোৱাহ আছে৷ আধ্যাত্মিক শক্তি বা আত্মা বুলি একোৰে অস্তিত্ব নাই৷ তেন্তে যদি মন বা মানসিক বুলি কোনো বস্তু নাই – ইয়াৰ অৰ্থ এয়ে যে বাকী ৰ’বগৈ ঔষধ বা চিকিৎসকৰ ওপৰত আস্থা৷ অৱশ্যে ইয়াৰ কিছু প্ৰভাৱ নোহোৱাও নহয় যেনে “প্লেচিবো চিকিৎসা” যিয়ে মনোদৈহিক ৰোগ দূৰ কৰিব পাৰে৷ আৰু শাৰীৰিক ৰোগৰ ক্ষেত্ৰতো চিকিৎসকৰ ওপৰত ৰখা আস্থাই যথেষ্ট সুফল দিব পাৰে৷ সঠিকমতে চিকিৎসকৰ পৰামৰ্শ মানি চলা, “মই সুস্থ হ’মেই” এই প্ৰত্যয়েৰে সকলো ধৰণৰ চেষ্টা কৰি যোৱা ইত্যাদি কাৰণে৷ ইয়াতকৈ বেছি আৰু কোনো আধ্যাত্মিক শক্তিৰ কাম ঔষধে নকৰে৷ প্ৰশ্ন এতিয়াও উদয় হ’ব পাৰে – তেন্তে কিয় ইমানবোৰ মানুহে হোমিওপেথি ঔষধৰ ওপৰত ভৰসা কৰে? উত্তৰত ক’ব পাৰি যে
(১) চিকিৎসক সকলো ঠাইতে উপলব্ধ নহয়, বিশেষকৈ দূৰ দূৰণিৰ গাওঁসমূহত।
(২) চিকিৎসাৰ বাবে চিকিৎসকক দেখুউৱাটো এটা ব্যয়বহুল কাৰবাৰ৷
(৩) চিকিৎসকে বহু সময়ত অধিক শক্তিশালী কাঢ়া ঔষধ দিয়ে বা অপ্ৰয়োজনীয় ঔষধ দিয়ে৷
তাৰ উপৰিও হোমিওপেথি অকামিলা হৈ নাথাকিবলৈ কিছু চেষ্টা কৰা হৈছিল৷ এইটোও সঁচা যে দুৰ্নীতিগ্ৰস্ত কিছু চিকিৎসকে ফাৰ্মাচী বা ঔষধ কোম্পানীৰপৰা অধিক কমিচন পোৱাৰ আশাত অতিৰিক্তভাৱে ঔষধ দিয়ে ৷ মোৰ নিজৰ অভিজ্ঞতাৰপৰা দেখিছোঁ খুউৱ ভাল চিকিৎসকসকলে কম ঔষধ খোৱাৰ বিধান দিয়ে৷ মোৰ ছোৱালীজনী চাৰি বছৰ বয়সত এবাৰ এলোপেথি ঔষধৰ অভাৰড’জ গ্ৰহণৰ ফলত সাংঘাতিকভাৱে অসুস্থ হৈ পৰিছিল। বসন্ত ৰোগৰ তেনে কোনো ঔষধ নাই; কিন্তু মোৰ ছোৱালীজনীক চিকিৎসা কৰা চিকিৎসকজনে বহুত কাঢ়া এণ্টিবায়টিকৰ প্ৰাপ্তবয়স্কক দিয়াৰ পৰিমাণৰ ঔষধ দিলে যে বেছেৰীৰ গোটেই নাম-মুখ-চকুত বিষক্ৰিয়াৰ বাবে ঘা হৈ গৈছিল। বাহিৰৰ দেশত চিকিৎসকে ইমান ভুল বিধান দিলে সেই চিকিৎসকৰ বিৰুদ্ধে আইনী গোচৰ তৰা যায়৷ হোমিওপেথিয়ে ঠিক এই ঠাইতে “শূন্য স্হান পূৰণ” কৰিছে৷ আপুনি এইটো ঘৰত প্ৰয়োগ কৰি চাব পাৰে – হোমিওপেথি ঔষধৰ সলনি ঘণ্টাৰ মূৰে মূৰে মিচিৰি বা চেনীৰ দানা আৰু পানী খুৱাই ভাল ফলাফল পাব৷ কম ঔষধ আৰু সুষম আহাৰৰ ওপৰত ভৰসা ৰাখক। চিকিৎসকৰ (এলোপেথিৰ) ডিগ্ৰী নাচাই আগতে মানুহজন ভাল হয়নে নহয়, আন্তৰিকতা আৰু সেৱাৰ মানসিকতাৰে ৰোগী চাইনে নাচায় সেই কথা জানি লৈহে সেইজন চিকিৎসকৰ ওচৰলৈ চিকিৎসাৰ বাবে যাওক।