হম’হাইডেল বৰ্গেছিছ (মূল: অজ্ঞেয়; ভাবানুবাদ: মুনমুন সৰকাৰ)
ইয়াত উদ্ধাৰ হোৱা লাওখোলাটো
মোৰতো নাছিলেই,
নিশ্চয় মোৰ কোনো পূৰ্বপুৰুষৰো নাছিল।
আমি কি আছিলোঁ, কোন হয়
এই কথাবোৰ আমি হয়তো পাঁচ মাহ
পাঁচ বছৰ, পঁচিছ বছৰৰ পিছতো
ডাঠি ক’ব নোৱাৰিম—
কিন্তু আমি কোন কি নাছিলোঁ
এই কথাষাৰ পাঁচ লক্ষ বছৰৰ পিছতো
ধ্ৰুৱ সত্যৰ দৰে আমাৰ মনত থাকি যায়।
হাইডেলবাৰ্গ, ৩ ফেব্ৰুৱাৰী, ১৯৭৬
হাইডেলবাৰ্গৰ নিকটৱৰ্তী অঞ্চলত প্ৰাককালীন মানুহৰ ধ্বংসাৱশেষ উদ্ধাৰ হৈছিল, সেয়ে এই বিশিষ্ট মানৱ উপজাতিটোক, ‘হাইডেলবৰ্গীয় মানৱ’ (হম’ হাইডেলবৰ্গেছিছ) নাম দিয়া হ’ল। এই ধ্বংসস্তুপৰ মাজত উদ্ধাৰ হোৱা লাওখোলা এটাৰ ওপৰত এই কবিতাটি আধাৰিত।