“হৰ ঘৰ তিৰংগা” আৰু খাদী গ্ৰামোদ্যোগ: কিছু চিন্তা (পাৰভিন চুলতানা)
দীৰ্ঘদিনীয়া ঔপনিবেশিক শাসনৰ শোষণ অন্ত পেলাই পোৱা স্বাধীনতা অমূল্য আৰু এই স্বাধীনতাকলৈ প্ৰত্যেকজন ভাৰতীয় গৰ্বিত। দেশৰ প্ৰতি থকা এই ভালপোৱা, আনুগত্যৰ প্ৰমাণ দেশবাসীয়ে প্ৰত্যেক গণৰাজ্য আৰু স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰি দি আহিছে। আমি সৰুৰে পৰা এই দুয়োটা দিৱসৰ দিনাখন আমাৰ ওচৰে-পাজৰে থকা সকলো ঘৰ, কাৰ্যালয়, মন্দিৰ, মছজিদ, দোকান আদিত আমাৰ সন্মানৰ জাতীয় পতাকা উত্তোলিত হোৱা দেখি আহিছোঁ। এয়া মানুহবোৰে স্ব-ইচ্ছাই স্বতন্ত্ৰভাৱে দেশমাতৃক দেখুওৱা মৰম আৰু সন্মান।
পিছে এইবাৰ স্বাধীনতাৰ ৭৫তম দিৱস উপলক্ষে চৰকাৰে যোৱা ২২ জুলাইত আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে প্ৰত্যেক বছৰৰ দৰে কেৱল এদিন নহয়, এইবাৰ তিনিদিনলৈ পতাকা উত্তোলিত হ’ব। আনকি Flag Code of India, 2002 জৰিয়তে ৰাতিৰ সময়তো পতাকা উত্তোলিত কৰি থবলৈ অনুমতি প্ৰদান কৰা হৈছে। লগতে প্ৰায় ২০ কোটি ঘৰত এই পতাকা উত্তোলিত কৰাৰ ব্যৱস্থা কৰা হৈছে। চৰকাৰ এই নিৰ্দেশ বহুলভাৱে প্ৰচাৰ কৰা হ’ল। বাইক ৰেলী, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে দৈনন্দিন ইয়াৰ প্ৰচাৰ কৰিলে।
বিভিন্ন ৰাজ্য চৰকাৰেও নিজাববীয়াকৈ এই দিন উপলক্ষে বিভিন্ন কাৰ্যসূচী হাতত লৈছিল। এয়া যেন এক ধৰণৰ প্ৰতিযোগিতালৈহে ৰূপান্তৰিত হৈছিল। চৰকাৰৰ লগতে বিৰোধী দলৰ নেতাসকলেও ইয়াৰ প্ৰচাৰত লাগি পৰিছিল।
শুনিবলৈ ভাল লগা এই চৰকাৰী সিদ্ধান্তই পিছে কিছু আসোঁৱাহৰ সন্মুখীন হৈছিল। ইমান কম সময়ৰ ভিতৰত ২০ কোটি খাদীৰ পতাকা পোৱাটো এক প্ৰকাৰ অসম্ভৱ। ইয়াৰ বাবে চৰকাৰে খাদীৰ লগতে পলিয়েষ্টাৰ বা আন মেচিনত তৈয়াৰ কৰা সূতাৰে বনোৱা পতাকা উত্তোলন কৰাৰো অনুমতি দিছে। চৰকাৰৰ এই সিদ্ধান্তক বহুতে—বিশেষকৈ খাদী উৎপাদনৰ লগত জড়িতসকলে—সমালোচনা কৰিছে।
চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰভাৱ স্পষ্টভাৱে পৰিলক্ষিত হ’ল ১৩ আগষ্টৰ পৰা। ৰাস্তাৰ সকলো দোকানতে সহজলভ্য হৈ পৰা পলিয়েষ্টাৰৰ পতাকাহে বেছি দেখা গ’ল। আনকি প্ৰচাৰিত বাতৰি মতে দেশৰ বাহিৰৰ পৰাও আমদানি কৰিব লগা হৈছিল এই পতাকা। আমি যে এতিয়াও স্বনিৰ্ভৰশীল হৈ উঠিব পৰা নাই, এই ঘটনাই উক্ত কথাকে উনুকিয়াই দিছিল।
হয় বাট-ঘাট-দোকান আদি তিনি ৰঙৰ জাতীয় পতাকাৰে সুসজ্জিত হৈ পৰিছিল। কিন্তু এই ৰঙীন দৃশ্য চাই আমি কিছু মৌলিক প্ৰশ্ন সুধিবলৈ পাহৰা অনুচিত।
পোন-প্ৰথমতে, খাদী কেৱল সাধাৰণ সূতা বা কাপোৰ নহয়, ই ব্ৰিটিছসকলৰ বিৰুদ্ধে মহাত্মা গান্ধীৰ এটি শক্তিশালী প্ৰতিবাদ আছিল। খাদী সূতা তৈয়াৰৰ জৰিয়তে ভাৰতীয়সকলে স্বাৱলম্বিতা আৰু স্বাধীনতাৰ সপোন দেখিছিল, বিশেষকৈ যেতিয়া ব্ৰিটিছে মঞ্চেষ্টাৰৰ মিলৰ কাপোৰ ভাৰতীয়সকলৰ ওপৰত জাপি দিয়াৰ চেষ্টা কৰিছিল। খাদীৰে তৈয়াৰ কৰা জাতীয় পতাকা এই প্ৰতিবাদৰ প্ৰতীক বুলি ক’লে ভুল নহ’ব।
দ্বিতীয়তে, কভিড মহামাৰী আৰু তলাবন্ধই ভাৰতবৰ্ষৰ তাঁতশিল্প আৰু হস্তশিল্পৰ যথেষ্ট ক্ষতি সাধন কৰিছে। খাদী উদ্যোগো ইয়াৰ দ্বাৰা প্ৰভাৱান্বিত হৈছে। এই উদ্যোগৰ লগত জড়িতসকলে আশা কৰিছিল যে চৰকাৰৰ এই নিৰ্দেশৰ পিছত এই গ্ৰামোদ্যোগে মানুহৰ সহায় আৰু সমৰ্থন লাভ কৰিব। কিন্তু চৰকাৰে পতাকা তৈয়াৰৰ লগত জড়িত নিয়মবোৰ পৰিৱৰ্তন কৰাৰ ফলত এওঁলোকে আশানুৰূপ পতাকা তৈয়াৰ কৰাৰ অৰ্ডাৰ নাপালে।
তৃতীয়তে এই উদ্যোগত জড়িত সৰহ সংখ্যক হস্তশিল্পী হ’ল মহিলা। খাদী গ্ৰামোদ্যোগৰ অৱনতি হলে স্বাৱলম্বিতাৰ বাবে মহিলাৰ দীৰ্ঘদিনীয়া সংগ্ৰাম আৰু দুই খোজ পিছুৱাই যাব। লগতে আন এটা ডাঙৰ সমস্যা হ’ব নষ্ট হৈ যোৱা পতাকাবোৰক লৈ। জাতীয় পতাকা নষ্ট হলে সেই নষ্ট পতাকাবোৰৰ ব্যৱস্থাৰ বাবেও আইন আছে। পতাকা উত্তোলন কৰা হয় Prevention of Insults to National Honour Act, 1971 ৰ অধীনত। আৰু এই আইন মতে নষ্ট হৈ যোৱা পতাকাবোৰ ব্যক্তিগতভাৱে উচিত সন্মান সহকাৰে জ্বলাই দিব লাগে। পিছে বিশ কোটি পতাকাৰ এটা সৰু অংশ যদি নষ্ট হয় তেন্তে সেইবোৰ জ্বলালে যথেষ্ট প্ৰদূষণৰ সৃষ্টি হ’ব। লগতে পলিয়েষ্টাৰ জ্বলালে বহুত বেছি প্ৰদূষণ হোৱাৰ সম্ভাৱনাও আছে।
স্বাধীনতা দিৱসৰ দিনাখন সৰহ সংখ্যক মানুহে পতাকা উত্তলন কৰে, পিছে কোনো বাধ্যবাধ্যকতাৰ অধীনত নহয়। কিন্তু কাশ্মীৰৰ বিভিন্ন ঠাইৰ পৰা অভিযোগ উত্থাপিত হৈছে যে তাৰে ছাত্ৰ-ছাত্ৰী, শিক্ষক, দোকানীক এই অনুষ্ঠানৰ বাবে বাধ্যতামূলকভাৱে ২০ টকা বৰঙণি আগ বঢ়াব লাগিব। এনে এক ভিডিও প্ৰচাৰ হৈছে য’ত দোকানীবোৰক সকীয়নি দিয়া হৈছে যে বৰঙণি নিদিলে তেওঁলোকৰ লাইচেঞ্চ বাতিল কৰা হ’ব। পিছত জম্মু প্ৰশাসনে এই নিৰ্দেশ বাতিল কৰে।
বৰ্তমানৰ চৰকাৰে বিভিন্ন অনুষ্ঠান ইত্যাদিৰ ব্যৱস্থা নিয়মীয়াকৈ কৰে। আৰু তাৰ পিছত প্ৰশাসন সেই অনুষ্ঠানবোৰক সফল কৰাত ব্যস্ত হৈ পৰে। কিন্তু কোনো অনুষ্ঠানৰ পৰা সাধাৰণ মানুহ কিমানখিনি লাভান্বিত হয় সেই প্ৰশ্ন উত্থাপন কৰাৰ সাহস মানুহৰ নাইকীয়া হৈ গৈছে।
চৰকাৰৰ এই নীতিয়ে খাদী উদ্যোগক টনকিয়াল কৰি তোলাৰ এটি সুবৰ্ণ সুযোগ আনি দিছিল। কিন্তু চৰকাৰে পলিয়েষ্টাৰ পতাকা বনাবলৈ অনুমতি দিয়াৰ লগে লগে খাদী পতাকাৰ চাহিদা কমি গৈছে। প্ৰায় ৩০০ টকাৰ খাদীৰ পতাকাৰ ঠাইত মাত্ৰ ৩০ বা ৪০ টকাত পোৱা পলিয়েষ্টাৰৰ পতাকাক সাধাৰণ মানুহে বাচি লোৱাটো স্বাভাৱিক।
স্বাধীনতা দিৱসত সকলোৱে অংশগ্ৰহণ কৰা উচিত। পিছে এই অংশগ্ৰহণ কোনো বাধ্যতামূলক নিৰ্দেশ পূৰণৰ বাবে নহৈ সঁচাকৈয়ে স্বাধীনতাৰ মূল্যক অনুধাৱন কৰিবলৈহে হোৱা উচিত। লগতে চৰকাৰৰ নীতিৰ এটি দীৰ্ঘকালীন প্ৰভাৱ থকা উচিত। এই অনুষ্ঠানৰ পিছত আকৌ Flag Code পৰিবৰ্তন কৰা হব নে? সাম্প্ৰতিক সময়ত একেবাৰে সৰু-সুৰা অপৰাধতো মানুহে ৰঙাঘৰ যাব লগা হৈছে। কোনো প্ৰমাণ অবিহনে দীৰ্ঘদিন জেলত থাকিব লগা হৈছে—যেন প্ৰক্ৰিয়াই শাস্তিত পৰিণত হৈছে। তেনে ক্ষেত্ৰত এই আইনৰ গইনা লৈও যে কিছু মানুহক হাৰাশাস্তি কৰা নহ’ব, সেয়া জোৰ দি কব নোৱাৰি।
স্বাধীনতাৰ বাবে আমাৰ দেশৰ আগশাৰীৰ নেতাৰ পৰা আৰম্ভ কৰি সাধাৰণ ভাৰতীয়ই দিয়া ত্যাগৰ কথা সুঁৱৰি, তেওঁলোকৰ সপোনৰ ভাৰত গঢ়াৰ বাবে দৃঢ় সিদ্ধান্ত গ্ৰহণ কৰি, দেশক সাম্প্ৰদায়িকভাৱে বিভাজিত কৰাৰ চেষ্টা কৰি থকা অপশক্তিক প্ৰতিহত কৰাৰ প্ৰয়োজন।