কেন্দ্ৰীয় নিবন্ধনিবন্ধ

‘জয়ন্তী’ আৰু ‘আৱাহন’ৰ পাতত ভূপেন হাজৰিকা ।। পৰমানন্দ মজুমদাৰ

মুক্ত চিন্তা। একাদশ বছৰ।। তৃতীয় সংখ্যা

পুৰণি কাকত-আলোচনীৰ পাত লুটিয়ালে বহু ৰোমাঞ্চকৰ অভিজ্ঞতা হয়। সেই সময়ৰ সামাজিক -সাংস্কৃতিক পটভূমি চাবলৈ এটা সূত্ৰ বিচাৰি পোৱা যায়। তদুপৰি বহু লেখকৰ আৰম্ভণিৰ সময় চোৱা জানিও অতি বিস্ময়াভিভূত হৈ পৰো। তেনেকৈয়ে এই কাকত আলোচনীত ভূপেন হাজৰিকাৰ আগছোৱা জীৱনৰ বহুকথাই জানি পুলকিত হৈ পৰো। আমেৰিকাৰ পৰা উভতি ভূপেন হাজৰিকা কথাই কামে– সৃষ্টিৰে এটি নতুন তৰংগ যেন। গদ্য-পদ্য- নাটত যেনেকৈ, তেনেকৈ ৰাজহুৱা অনুষ্ঠান সকলোতে তেওঁৰ তেজাল বিচৰণ। গণনাট্যৰ মজিয়াত তেওঁ হৈ পৰিছে এটা নতুন ধুমুহা। তেতিয়া ‘জয়ন্তী’ আলোচনীখন থৰক বৰককৈ বাচি আছিল। তাতেই তেওঁ ১৯৫৩ চনত দুটি গীত প্ৰকাশ কৰিছিল।এটা ‘প্ৰতিধ্বনি শুনো’ আৰু আনটো ‘পানেইৰ পোনাকণ’। দুয়োটাই ভূপেন হাজৰিকাৰ সংগীত জীৱনৰ মাইলৰ খুঁটি সদৃশ। প্ৰথমটো গীত চীনৰ বিপ্লৱৰ পটভূমিত লিখা। তাত চীনা শব্দ আৰু সেই দেশৰ ঠাইৰ নামো উল্লেখ আছিল। পিছত ৰেকৰ্ড কৰাতকৈ পৃথক। যেনে—

হ’ব পাৰে ‘হোৱাংহো’ৰ শোক ভৰা কথা
হ’ব পাৰে ‘কোমিনটাঙ’ৰ ঘৃণাৰ নিঠুৰতা
‘হঙকঙ’ৰ পুঁজিপতিৰ শোষণে অনা বেথা
মহাচীনৰ গতিটিক ভেটিব নোৱাৰোঁ,
তাৰে সুৰৰ ঘনে ঘনে প্ৰতিধ্বনি শুনোঁ।

দিলীপ শৰ্মাই সেই বছৰতে চীনলৈ ভাৰতীয় সাংস্কৃতিক দলৰ লগত যাওঁতে তাত এনেদৰেই গীতটো গাইছিল। জনাযায়, গীতটো তেওঁ চীন দেশত গাবৰ বাবেই ভূপেন হাজৰিকাই লিখিছিল। এইটো গীত কোনো সংকলকে এতিয়ালৈকে সংকলন নকৰিলে। গীতটোৰ তলত ভূপেন হাজৰিকাই চীনা বিপ্লৱৰ পটভূমিৰ এটা টীকা দিছিল। টীকাটোত আছিল:

“হোৱাংহো: বছৰি হেজাৰ বিজাৰ চীনা খেতিয়কক এই নদীৰ বানপানীয়ে মৃত্যুৰ মুখত পেলাইছিল বাবেই এই নামকৰণ কৰা হৈছেল। ইয়াৰ নাম ‘শোকৰ নদী’। এতিয়াইয়াত মথাউৰি হৈছে।”

“কোমিনটাং: চাৰিশ পঞ্চাশ কোটি মানুহে বিপ্লৱ কৰি খেদি দিয়াচিয়াং কাই শ্বেকৰ জহি যোৱা দলটিৰ নাম।”

“হংকং: ব্ৰিটিছৰ আধিপাত্য থকা এটি বন্দৰ। পাশ্চাত্যৰ পুঁজিপতি বৃন্দই কৰা এছিয়াৰ শোষণৰ এটি কেন্দ্ৰ।”

“য়েনান: এই ঠাইতে নতুন চীনৰ মুক্তি সংগ্ৰামৰ পৰিকল্পনাৰ আৰম্ভ হৈছিল।”

গীতটোৰ তলতে জয়ন্তীৰ সম্পাদকে টোকা দি জনাইছে-“এই গীতি-কথাটিত সুৰ সংযোজনা কৰিছে ডক্টৰ হাজৰিকাই নিজে। সুৰটিত জনজাতীয় সুৰৰ আভাস আছে। ১৯৫৩ চনৰ ৬ এপ্ৰিলৰ পৰা ১২ এপ্ৰিললৈকে বোম্বাইত বহা গণনাট্য সংঘৰ সৰ্বভাৰতীয় সাংস্কৃতিক সন্মিলনীত অসমৰ দলে গাবৰ বাবে ই মনোনীত।”

‘পানৈৰ পোনাকণ’—ভনীয়েক সুদক্ষিণা শৰ্মাৰ সৈতে ভূপেন হাজৰিকাই গাই ষাঠিৰ দশকত অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰিছিল। গীতটোৰ তলতো সেইটো যে মুম্বাইত হ’বলগীয়া গণনাট্যৰ সন্মিলনত গোৱা হ’ব ঘোষণা কৰা হৈছিল।

‘আৱাহন’ৰ পাতত তেওঁৰ ভূমিকা আছিল ইয়াতকৈও অধিক সতেজ। ১৯৫৪ চনৰ আৱাহনৰ পাত মেলি দেখিলোঁ তেওঁৰেই ৰচনা আটাইতকৈ বেছি প্ৰকাশ হৈছে। একৰ পৰা সপ্তম সংখ্যালৈ ধাৰাবাহিকভাৱে তেওঁ লিখিছে কবিতা-গীত-গদ্য।প্ৰথম সংখ্যাতে লিখিছে, ‘দোলা:হে দোলা’—

একাবেঁকা বাটেৰে
কঢ়িয়াওঁ কঢ়িয়াওঁ
বৰ বৰ মানুহৰ দোলা

দ্বিতীয় সংখ্যাত লিখিছে, ‘এটি মদাৰ ফুলৰ কথা’ শীৰ্ষক এটি কবিতা। ইয়াৰ কেইবাবছৰ পাছতহে ‘মদাৰৰে’ গীতটো লিখিছিল তেওঁ। কবিতাটোত আছে আমেৰিকাৰ কথা, মেকাৰ্থীৰ কথা, মাৰ্কিন-পাক চুক্তিৰ কথা, আকাশত উৰা কপৌৰ কথা—

মদাৰ।
পুৱাৰ ফাগুনী আকাশত জ্বলন্ত আঙঠা।
সিহঁতে দেখিও নেদেখে!
সিহঁতে কয় অনাদৃত!
এটি মদাৰ ফুলে,সিদিনা মোক ক’লে:
“উদযান বোমাৰ কাৰখানাত মেকাৰ্থীৰ দলে,
মোৰ ৰংটো হেনো দেখি উচপ খায়!
বৰ কুৎসিৎ সিহঁতৰ ছাঁ দেখি
উন্মুক্ত আকাশত কপৌ উৰে-
বিস্মৃত শতিকাই পলাই ফাট মাৰে।…”
………
সমাজৰ লেবৰেটৰীলৈ মোৰো যাবৰ সময় হয়।
মোক বাধা দিলে
হেঙাৰে দুখ পাব।

তৃতীয় সংখ্যাত লিখিছে-‘আমাৰ দৃষ্টিয়েও লক্ষ্য জানে’—

স্নেহ আমাৰ শত শ্ৰাৱণৰ
ধাৰাষাৰ বৃষ্টিৰ প্লাৱন আনে…

চতুৰ্থ সংখ্যাত তেওঁ লিখিছে ‘ছাঁ নাট’ৰ বিষয়ে এখন মননশীল ৰচনা, য’ত ছাঁ নাটৰ পৰিচয়, ইতিহাস, উপকাৰিতাৰ সবিশেষ বিদ্যায়তনিকভাৱে তুলি ধৰা হৈছে। তাৰে এটা মন্তব্য প্ৰণিধানযোগ্য: “সকলো কলা পদ্ধতিয়েই অচেতন। তাৰ ভাল ব্যৱহাৰ আৰু সাফল্য নিৰ্ভৰ কৰিব আমাৰ সাংস্কৃতিক কৰ্মীসকলৰ সুস্থ দৃষ্টিকোণ, কাৰ্যকৰী অভিজ্ঞতা আৰু সমাজ সচেতনতাৰ ওপৰত।”

পঞ্চম-ষষ্ঠ সংখ্যাত ওলাইছে আকৌ এটি গীত–‘ৰূদ্ধ কৰাৰ দুৱাৰ ভাঙি’–

ৰুদ্ধ কাৰাৰ
দুৱাৰ ভাঙি
(য’ত) জ্যোতিয়ে নিতৌ নাচে,
(তাত) কণ্ঠেৰে মোৰ
দিম অঞ্জলি,
সুৰে মোৰ সাজোন কাচে।
………
মুক্ত বায়ু
মোৰ প্ৰাপ্য,
(য’ত) সামূহিক জীৱনৰ উৎস আছে।

সপ্তম সংখ্যাত লিখিছে—

‘প্ৰশান্ত সাগৰ অশান্ত কিয়’—
সাগৰ সংগমত
কত স্নান কৰিলো…

এইটো তেওঁ গীতি-কবিতা বুলিছে। অৱশ্যে ‘এৰাবাটৰ সুৰ’ত গাওঁতে তেওঁ ‘কত স্নান’ৰ ঠাইত ‘কতনা সাতুৰিলো’ গাইছে (১৯৫৫ চনত হেমাংগ বিশ্বাসে উদ্যোগ লৈ গণনাট্য সংঘৰ জৰিয়তে প্ৰকাশ কৰা ভূপেন হাজৰিকাৰ প্ৰথমটো গীতৰ সংকলন ‘জিলিকাব লুইতৰ পাৰ’ত জয়ন্তী আৰু আৱাহনত প্ৰকাশিত আটাইকেইটা গীত সন্নিবিষ্ট হৈছিল)।

ইয়াৰ পাছৰ সংখ্যাটো আছিল বিশেষ সংখ্যা, তাত তেওঁৰ লেখা নাছিল। বছৰটোত আৰু কেইটি সংখ্যা ওলাইছিল নাজানো। এই সংখ্যাকেইটাৰ মাজত তেওঁৰ অন্য ধৰণেও উপস্থিতি আছে। তেওঁৰ এখন অঁকা চিত্ৰ প্ৰকাশ পাইছে প্ৰথম সংখ্যাতে, শিৰোনাম—’ধান আমাৰ’। ‘’কৃষ্টি কথা’ শিতানত কিছু সাংস্কৃতিক সংবাদ প্ৰকাশ পাইছে, য’ত সংশ্লিষ্ট হৈ আছিল ভূপেন হাজৰিকা। তেওঁৰ নাট ‘এৰাবাটৰ সুৰ’ অনাতাঁৰ নাট মহোৎসৱত হোৱা সম্প্ৰচাৰ লৈ চমু মূল্যায়ন কৰা হৈছে। নাটৰ প্ৰযোজনা উবেদুল লতিফ বৰুৱাৰ আৰু সুৰ সংযোজনা মুকুল বৰুৱাৰ। নাটৰ মূল চৰিত্ৰ জয়ন্তৰ ভাও দিয়া তছদ্দুক ইউচুফৰ ভূয়সী প্ৰশংসা কৰা হৈছে। আলোচকজনৰ মতে জয়ন্ত চৰিত্ৰৰ অনুভূতি ফুটাই তুলিবলৈ নাট্যকাৰে অতি নাটকীয় সংলাপৰ আলম লোৱা নাই কাৰণে এৰাবাটৰ সুৰে শ্ৰোতাক ৪০ মিনিট কাল চাহ বাগিছাৰ বাস্তৱ জগত এখনত ৰাখি থৈছিল। শিতানত এই খবৰো আছে, ভূপেন হাজৰিকাৰ পত্নী প্ৰিয়ম হাজৰিকাই অসমীয়ালৈ অনুবাদ কৰা গুজৰাটী নাটক এখনো সত্যপ্ৰসাদ বৰুৱাই প্ৰযোজনা কৰিছিল।

‘কৃষ্টি কথা’ শিতানতে এখন চিঠি দেখি আমাৰ চকু ৰৈ গ’ল। হেমাংগ বিশ্বাসৰ ৰচনাতে আমি পঢ়িছিলো যে গুৱাহাটীৰ বিহুতলীত ভূপেন হাজৰিকাক গীত গোৱাত বাধা আৰোপ কৰা হৈছিল তেওঁৰ গীতৰ তীব্ৰ শোষণ বিৰোধী কথাৰ বাবে। এই লৈ আৱাহনত জীৱন চন্দ্ৰ বৰুৱাৰ এখন দীঘল চিঠি ওলাইছিল (বিহুতলীত মেকাৰ্থী, ২য় সংখ্যা, ১৯৫৪)। তেওঁ তাত লিখিছে,

“আমি জনাত অসমৰ বিহুতলী এখনত বিখ্যাত শিল্পী শ্ৰীবিষ্ণু ৰাভা ৰচিত গীত এটি গাবলৈ দিয়া হোৱা নাই—যদিও গীতটিৰ বিষয়বস্তু ‘বহাগ’ আছিল। অসমৰে আন এখন বিহুতলীত অসমৰ শক্তিশালী গীতিকাৰ শ্ৰীভূপেন হাজৰিকা ৰচিত জনসাধাৰণৰ সমস্যামূলক ধুনীয়া বিহুগীত এটি অনুৰোধ কৰিও শেষত সময়ৰ অভাৱৰ অজুহাত দেখুৱাই ‘চেঞ্চৰ’ কৰি শেষ মুহূৰ্তত গোৱা বন্ধ কৰা হৈছে। ভাৰত চৰকাৰৰ অল ইণ্ডিয়া ৰেডিঅ’ৰ কৰ্তৃপক্ষয়ো যি কাম কৰে অৰ্থাৎ বিষয়বস্তুত কিবা ‘আসোৱাহ’ থাকিলে ৰচয়িতাক মাতি সলাবলৈ অনুৰোধ কৰে, আমাৰ ৰাইজৰ বৰঙনি তুলি পতা বিহুতলীৰ তথাকথিত ‘সাংস্কৃতিক’ কমিটিয়ে সেইখিনি সৌজন্যও দেখুৱাব নোৱাৰিলে”।

পত্ৰ লেখকে ভূপেন হাজৰিকাৰ গীতটোৰ উদ্ধৃতি দি কৈছে যে আজিৰ গণজীৱনৰ গীতিকাৰে যদি গায়—

‘দুজন এজনে কলঘৰ সাজিছে
থানে থানে কাপোৰ ওলায়
উৰণীয়া জাহাজত ‘চিলিক’ আহিছে
আমাৰ বিহুকাপোৰ নাই।

—তেতিয়া সেই বিহুগীত হৈ পৰে ‘অবাঞ্চিত।’ আকৌ তেওঁ পত্ৰখনত উল্লেখ কৰিছে—গীতি-কবিয়ে যদি ঐতিহাসিক কথালৈ আঙুলিয়াই গায়—

কোনোবা সমুদ্ৰত বোমা ফুটুৱালে
ক’ৰবাত পাৰিলে ছাই,
এগণ্ডা বোমাৰে পৃথিৱী পুৰিব
কৰবাৰ ৰণ বলিয়াই।

—তেতিয়া ইয়াৰ শলাগ নলৈ বুৰ্জোৱা সাংস্কৃতিক ‘নেতা’ই উৰুৱাই দিবলৈ মিছা চেষ্টা চলায়। চিঠিখনত ভূপেন হাজৰিকাই যে নতুন ধাৰাৰ গীতৰ বাবে অসমৰ এটা শ্ৰেণীৰ দ্বাৰা সেই সময়ত বাধা পাইছিল সেয়া স্পষ্ট।

‘কৃষ্টি কথা’ত ডিব্ৰুগড়ৰ টকী হাউছত অনুষ্ঠিত গণনাট্য সংঘৰ এটি বিচিত্ৰা অনুষ্ঠানৰ কথা ওলাইছিল য’ত ভূপেন হাজৰিকাই খহনীয়াৰ পটভূমিত গীত গাইছিল আৰু বিভিন্ন ৰাজ্যৰ লোকগীত গাই এনেদৰে কৈছিল—’ভাৰতৰ তথাকথিত বহুমুখী অনৈক্যবোৰ থুপ খুৱাই সংগীত ৰাজ্যলৈ লৈ গৈ বিভিন্ন প্ৰদেশৰ মাজত একতা সূত্ৰ স্থাপন কৰাটোৱেই গণ-নাট্য সংঘৰ মূল উদ্দেশ্য। ‘কৃষ্টি কথা’ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক দলে দিল্লীত সৰ্বভাৰতীয়আন্ত: বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত ‘এৰাবাটৰ সুৰ’ মঞ্চস্থ কৰি দ্বিতীয় পুৰস্কাৰ পোৱাৰ বাতৰি দলটোৰ ছবিৰে সৈতে প্ৰকাশ কৰা হৈছিল। দলটোৰ মূল নেতৃত্ব বহন কৰিছিল মহেশ্বৰ নেওগে। সাংস্কৃতিক নেতৃত্ব দিছিল ভূপেন হাজৰিকাই। এটা সংখ্যাত ১৯৫৫ চনৰ গণনাট্যৰ গুৱাহাটীৰ সন্মিলনৰ সবিশেষ প্ৰকাশ পাইছিল য’ত হেমন্ত মুখোপাধ্যায়, সলিল চৌধুৰী, বলৰাজ চাহানী, দেৱব্ৰত বিশ্বাস, সুচিত্ৰা মিত্ৰ, মণ্টু ঘোষ প্ৰমুখ্যে সৰ্বভাৰতীয় শিল্পীসকল গোট খাইছিল। ইয়াতো ‘এৰাবাটৰ সুৰ’ মঞ্চস্থ হৈছিল আৰু ভুজলং কাইৰ চৰিত্ৰত বিষ্ণু ৰাভাই অভিনয় কৰিছিল। পিছৰটো বছৰত নাটখন বোলছবিলৈ ৰূপান্তৰিত কৰাৰ খবৰো ওলাইছে বলৰাজ চাহানীৰ শ্বুটিঙৰ দৃশ্যৰে সৈতে। হেমন্ত মুখোপাধ্যায়ে ছবিখনৰ বাবে ভূপেন হাজৰিকাৰ সৈতে ষ্টুডিঅ’ত গাই থকা ছবিও প্ৰকাশ হৈছে। পিছৰ বছৰত তেওঁৰ ‘কান্দোন এৰি হাঁহি থকা বান্ধ হে’ (২৭শ বছৰ, শাৰদীয় সংখ্যা, ১৯৫৬) গীতটো প্ৰকাশ পাইছিল, যিটো তেওঁ হেমন্ত মুখোপাধ্যায়ৰ সৈতে ‘এৰাবাটৰ সুৰ’ত প্ৰাণঢালি গাইছিল।

আৱাহনে বছৰটোৰ প্ৰথম সংখ্যাতে (২৫ শ বছৰ,১৯৫৪) ভূপেন হাজৰিকাৰ লিখক পৰিচয় দিছিল এনেকৈ-“অধ্যাপক, গুৱাহাটী বিশ্ববিদ্যালয়। বিখ্যাত শিল্পী। নতুন ধৰণৰ গীত ৰচনাৰে অসমীয়া সংগীতৰ যুগান্তৰ আনিছে।”

Leave a Reply

Your email address will not be published. Required fields are marked *