দুটি কবিতা-(মূলঃ যেচিন্তা কেৰকেট্টা, অসমীয়া অনুবাদঃ খামমুন ফুকন)
সাংবাদিকতাৰে কৰ্মজীৱন আৰম্ভ কৰা যেচিন্তা কেৰকেট্টা ঝাৰখণ্ডৰ পশ্চিম সিঙভূম জিলাৰ অৰাওঁ জনগোষ্ঠীৰ এগৰাকী আদিবাসী কবি আৰু সমাজসেৱী। অৰাওঁ লোকসকল ভাৰতীয় মাইথ’লজীত ৰাৱণৰ সন্তান বুলি জনা যায় । অৰাওঁ আদিবাসী লোকসকলৰ প্ৰতি হোৱা অন্যায়, অবিচাৰৰ হকে সাহিত্যৰ যোগেদি মাত মাতি অহা যেচিন্তাৰ কবিতাসমূহে অৰাওঁ লোকজীৱন, বিশ্বদৰ্শন, সংস্কৃতি আদিও পৰিস্ফুত কৰিছে । ইতিমধ্যে প্ৰকাশিত হোৱা দুখন কবিতা পুথি Angor (২০১৬) Land of the Roots (২০১৮) ইংৰাজী আৰু জাৰ্মান ভাষালৈও অনুদিত হৈছে ।
জুইকুৰা জ্বলাবই লাগিব
তেওঁ প্ৰতিদিনে ওলাই যায়
নৰভক্ষী মূৰ্ত অৰণ্যখনত পৰিশ্ৰম কৰিবলৈ
বিনিময়ত
কিছুমান মিছা সোণৰ মুদ্ৰা
সেই মুদ্ৰাৰ চিকমিকনি হাতত লৈ তেওঁ ঘৰলৈ উভতে
আৰু দেখে কেৱল অদৃশ্য হ’বলৈ ধৰা দেহৰ মঙহ
ছটফটাই মৃত্যু হোৱা মস্তিষ্কৰ বিচাৰ ।
নৰভক্ষী শিপাবোৰে তেওঁৰ সবৰ্স্ব শক্তি শুহি নিয়ে
যাতে সিহঁতে কোনো হকাবাধা নোহোৱাকৈ বিস্তাৰ হ’ব পাৰে
আৰু এই কঠিন হাতত সৰা চিকমিক মুদ্ৰাৰ আঁৰৰ শোষণৰ
প্ৰতি চিৰদিনলৈ অন্ধ হৈ পৰিব পাৰে ।
এই চিকমিকনিৰ সিপাৰে ৰচা ষড়যন্ত্ৰ –
যাতে পিছদিনা কামলৈ আহিব পৰাকৈ
বাচি থাকিবৰ জোখাৰেহে খাবলৈ দিয়ে
সেই শৰীৰ মেৰাই ধৰা মজবুত নৰভক্ষী শিপাবোৰ ছিঙিবলৈ
কেতিয়াবাতো আমি সাহস দেখুয়াব লাগিব
ভিতৰি গাপ দি ৰখা জুইকুৰাতো এদিন জ্বলাবই লাগিব ।
মোৰ হাতৰ অস্ত্ৰপাত
মা ওলাই গৈছিল আগৰদৰেই
কিন্তু হাতত খুৰ্পী আৰু পাচিৰ সলনি
আছিল ধনু কাঁড়
মই মাৰ পিছে পিছে দৌৰি গৈ
এটা ঠেক বাটৰ শেষত দেখিছিলো
জুম বান্ধি থকা এজাক মানুহৰ মাজত মা হেৰাই যোৱা
জুমটোৱে শ্লগান গায় নেদেখা হোৱালৈকে মই ৰৈ আছিলো
মা উভতি আহিছিল
বগা পট্টি এটা মূৰত বান্ধি
কৰাল বন্ধা তেজৰ চেকুঁৰাবোৰলৈ
মই একেথিৰে চাই ৰৈছিলো
পট্টিৰ মাজেৰে নিগৰি অহা তেজৰ নৈখন
চুই চাইছিলো
চকুৰ কোণদি ওলাই আহিছিল তপত উশাহ
মোক কোলাত তুলি মায়ে সেইদিনা মাথো কৈছিল –
“ আমি যুঁজি আছো
আমাৰ মাটি আৰু অস্তিত্বৰ হকে
মোৰ পিছত তইও যুঁজিব লাগিব-”
পিছদিনা মা পুনৰ ধনু-কাঁড় লৈ ওলাই গৈছিল
বহু ৰাতিলৈকে মা উলটি অহা নাছিল
ৰাতিৰ ছাঁ-পোহৰত মই ৰৈ আছিলো
মা উভতি নাহিল
বহু বছৰৰ পাছত মই গম পাইছিলো
হাতত ধনু-কাঁড় লৈ সেইদিনা মা উভতি আহিবলৈতো যোৱা নাছিল
আজি মই যুঁজি আছো
মাৰ সপোনটোক বচাবলৈ
সকলো শোক যাতনা হৃদয়ত লৈ যুঁজি আছো
শতিকাজুৰি যুঁজি আছো
সিহঁতৰ বাবে এয়া মাথো এখন যুঁজ
সিহঁতে মোৰ শতিকা পুৰণি সন্তাপ দেখা নাপায়
দেখা নাপায় মোৰ শতিকা পুৰণি আঘাত
দেখা নাপায় শতিকাজুৰি মোৰ শৰীৰ আৰু আত্মাত
হানি খুচি প্ৰতিষ্ঠা কৰা বিষাক্ত আঁচোৰৰ দাগ
সিহঁতে মাথো দেখা পায়
মোৰ মাটি, মোৰ অৰণ্য
আৰু
মোৰ হাতৰ অস্ত্ৰপাত ।