গল্প-কবিতা

মধ্যমা আঙুলি-(ৰাৱণ জ্যোতি)

মোৰ দুই হাতৰ এই দুই মধ্যমা আঙুলি
তোমালোকৰ বাবেই মই আগবঢ়ালো।

তোমালোকৰ যত কৰ্মৰাজিৰ উপহাৰ
মোৰ দুইহাতৰ দুই মধ্যমা আঙুলি।

তোমালোকৰ উদ্ভণ্ডালি, ভণ্ডামি আৰু মিথ্যাচাৰিতাৰ নামত,
মোৰ দুই হাতৰ এই দুই মধ্যমা আঙুলি
তোমালোকৰ সকলো বৰ্বৰতা, শোষণ আৰু উৎপীড়নৰ নামত,
মোৰ দুইহাতৰ দুই মধ্যমা আঙুলি।
তোমালোকৰ কম্যুনেল, চল-চাতুৰী আৰু নতখতিৰ বাবদ,
মোৰ দুই হাতৰ দুই মধ্যমা আঙুলি।
তোমালোকৰ অহেতুক লম্ফ-জম্ফ, গোড়ামী আৰু মইমতালিৰ উপহাৰ,
মোৰ দুইহাতৰ দুই মধ্যমা আঙুলি।

মইতো ভাই নিঃকিন তেনেই
মোৰ এই দুই আঙুলি
কাটি নিব পাৰিবা অতি সহজেই
মোক মাৰিলেও কাৰো একো হানি নহয়
কোনেও একো নকয়।
কিন্তু মই জানো,
আৰম্ভণি এনেকৈয়ে হয়
এনেকৈয়ে হয়।
এদিন মোৰ দৰে আন কোনোবাইয়ো টোৱাব তোমালোকলৈ বুলি
দুই হাতৰ দুই মধ্যমা আঙুলি।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *