জৈৱবিৱৰ্তন: আঁৰৰ বিজ্ঞান আৰু সামাজিক চেতনাবোধ -(ড০ লক্ষ্যজ্যোতি বৰঠাকুৰ)
“যুক্তি বিকাশ সমিতি, অসম”ৰ অনলাইন আলোচনী ‘মুক্ত চিন্তা’ৰ পঞ্চম বছৰ পঞ্চম সংখ্যাৰ ‘অতিথি সম্পাদকৰ চ’ৰা’ শিতানটিৰ সম্পাদনাৰ দায়িত্ব দিয়াৰ বাবে আমি সংশ্লিষ্ট সকলোকে ধন্যবাদ জনাইছোঁ। সম্পাদনা সমিতিৰ লগত আলোচনাৰ অন্তত এই সংখ্যাৰ বাবে বাছি লোৱা হৈছিল ‘জৈৱবিৱৰ্তন: আঁৰৰ বিজ্ঞান আৰু সামাজিক চেতনাবোধ’ বিষয়টো।
জৈৱবিৱৰ্তন বৰ্তমান সময়ত এক প্ৰতিষ্ঠিত বৈজ্ঞানিক সত্য। তথাপিও কিন্তু জনসাধাৰণৰ মাজত এই বিষয়ত বহুতো ভুল ধাৰণা এতিয়াও আছে। বহুতো শিক্ষিত ব্যক্তিয়েও সকলো জীৱ এককোষী জীৱৰ পৰা বিৱৰ্তনৰ মাধ্যমেৰে আহি আহি বৰ্তমানৰ এই ৰূপ পাইছেহি বুলি বিশ্বাস নকৰে, কৰিবলৈ টান পায়। সেয়ে ধৰ্মীয় গুৰু, স্বাৰ্থান্বেষী ৰাজনৈতিক নেতাকে আদি কৰি সমাজৰ এক বৃহৎ অংশই জৈৱবিৱৰ্তন সম্পৰ্কত বিভিন্ন ভ্ৰান্তিকৰ কথা সমাজত প্ৰচাৰ কৰে। বহুতো তথাকথিত পণ্ডিতেও বিভিন্ন তৰল আৰু অবৈজ্ঞানিক যুক্তি আৰু প্ৰমাণৰ ভিত্তিত জৈৱবিৱৰ্তন আৰু ডাৰউইনৰ মতবাদ ভুল বা ভুৱা বুলি কয়। কিন্তু সঁচা অৰ্থত যদি আমি আধুনিক মন আৰু চিন্তাৰ অধিকাৰী হ’ব বিচাৰোঁ, যদি সঁচাকৈ আমি সকলো ধৰণৰ বৈষম্যহীন এখন সমাজ স্থাপন হোৱাটো বিচাৰোঁ, তেন্তে সকলো জীৱৰ মূল উৎস যে এটা সেই কথা প্ৰথমে মানি ল’ব লাগিব। অৰ্থাৎ আমি সঁচা অৰ্থত এখন আধুনিক সমাজৰ সপোন দেখিবলৈ হ’লে বিৱৰ্তন সম্পৰ্কত মানুহৰ ভুল ধাৰণাসমূহ নোহোৱা কৰিব লাগিব। বিৱৰ্তন সম্পৰ্কীয় বিভিন্ন দিশত আলোকপাত কৰাৰ উদ্দেশ্যে ‘মুক্ত চিন্তা’ৰ এই সংখ্যাৰ ‘অতিথি সম্পাদক’ৰ শিতানৰ বাবে এই বিষয়টো বিবেচনা কৰা হ’ল।
ডাৰউইনৰ মতবাদক মিছা বুলি ব্যাখ্যা কৰাটো কোনো নতুন কথা নহয়, ইণ্টাৰনেটত বিচাৰিলে খুব সহজতে এনেকুৱা বহুতো তথ্য পোৱা যায়। কিছুদিনৰ আগতে আমাৰ দেশৰ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়েও এই মতবাদ অসত্য বুলি সামাজিকভাৱে মন্তব্য কৰিছিল। কেৱল ভাৰতবৰ্ষতহে যে এনেধৰণৰ বিৰোধিতা কৰা হয় এনে নহয়, আমেৰিকাৰ দৰে উন্নত দেশতো জৈৱবিৱৰ্তনৰ বিৰুদ্ধে প্ৰচাৰ আৰু ষড়যন্ত্ৰৰ শেষ নাই। স্বয়ং আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰ্পতি জৰ্জ বুছে জৈৱবিৱৰ্তনৰ পৰিৱৰ্তে “ইণ্টেলিজেণ্ট ডিজাইন” নামৰ অবৈজ্ঞানিক ধৰ্মীয় সৃষ্টিতত্ত্বটোক স্কুলত পঢ়াব লাগে বুলি মন্তব্য কৰাই নহয়, এই দিশত চেষ্টাও কৰিছিল। আমেৰিকাৰ সংবিধান অনুসৰি কোনো ধৰ্মীয় ধ্যান-ধাৰণাক চৰকাৰী স্কুল-কলেজত পঢ়োৱাটো নিষিদ্ধ হোৱা সত্ত্বেও এনেধৰণৰ প্ৰ্চেষ্টা অব্যাহত আছে। সমাজৰ সচেতন নাগৰিক তথা বিজ্ঞানীসকল ইয়াৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছে আৰু আদালতে প্ৰ্ত্যেকবাৰতে “ইণ্টেলিজেণ্ট ডিজাইন” ৰ বিপক্ষে ৰায় দিছে বাবে এতিয়া পৰ্যন্ত এই ষড়যন্ত্ৰ সফল হোৱা নাই।সি যিয়েই নহওক, এটা কথা ঠিক জৈৱবিৱৰ্তন বিজ্ঞানৰ সমগ্ৰ ক্ষেত্ৰখনৰ ভিতৰতে অত্যাধিক সমালোচিত বিষয়। কপাৰ্নিকাছ আৰু গেলিলিঅ’ৰ সূৰ্য্যকেন্দ্ৰীক সৌৰজগতৰ ধাৰণাৰ পিছতে হয়তো ডাৰউইনৰ বিৱৰ্তন মতবাদ এতিয়া পৰ্যন্ত সকলোতকৈ বেছি চৰ্চিত বৈজ্ঞানিক মতবাদ। সাধাৰণ জনসাধাৰণে সামগ্ৰিকভাৱে কি কাৰণতনো জৈৱবিৱৰ্তনৰ ইমান বিৰুদ্ধাচৰণ কৰে?
ডাৰউইনৰ বিৱৰ্তন সূত্ৰ কেৱল এক বৈজ্ঞানিক তত্ত্ব বা মতবাদ নহয়, ই মানুহৰ মান্ধাতাযুগীয় চিন্তা ধাৰণা আৰু বিশ্বাসৰ ওপৰত এক কুঠাৰাঘাত। হাজাৰ বছৰ ধৰি মানুহে এই বিশ্ব, ইয়াৰ জীৱকুল আৰু নিজৰ সৃষ্টিকলৈ নানা চিন্তা-ভাৱনা কৰিছে, ধৰ্মীয় আলোচনা হৈছে, দাৰ্শনিক বিতৰ্ক হৈছে, শিল, পাহাৰ, গুহাত শিল্পৰ সৃষ্টি কৰিছে, বিভিন্ন ৰকমৰ ধৰ্মীয় ধাৰণাৰে পুষ্ট সৃষ্টিতত্ত্বৰ জন্ম দিছে, সাহিত্য, সংগীত, নাটক, গ্ৰন্থ আদি লিখিছে। বিশ্বব্ৰ্হ্মাণ্ডৰ বিশালতাৰ ওচৰত নিজৰ তুচ্ছতাক অনুধাৱন কৰি, বিভিন্ন প্ৰাকৃতিক পৰিঘটনাৰ ৰহস্যৰ অনুসন্ধানৰ প্ৰ্চেষ্টাত দিশহাৰা হৈ বিভিন্ন সময়ত, বিভিন্ন সমাজত মানুহে অলেখ অলৌকিক কাহিনীৰ জন্ম দিলে; প্ৰ্কৃতিৰ আন আন জীৱৰ লগত তুলনা কৰি নিজকে নিজেই জীৱশ্ৰেষ্ঠ বুলি ভাবিলে। নিজৰ তথাকথিত শ্ৰেষ্ঠতাত মুগ্ধহৈ নিজকে গোটেই ব্ৰ্হ্মাণ্ডৰ কেন্দ্ৰবিন্দু বুলি কল্পনা কৰি হাজাৰ বছৰ ধৰি মহিমামণ্ডিত হৈ থাকিল। মানুহে কল্পনা কৰিলে সৃষ্টিকৰ্তাই এই পৃথিৱীখন কেৱল মাত্ৰ মানুহৰ প্ৰয়োজন আৰু উপভোগৰ বাবে বনাইছে, আমি তেওঁৰ মানসপুত্ৰ। কল্পনাৰ এনে আৱেশত মোহাচ্ছন্ন হৈ থকা অৱস্থাত যদি কোনোবাই আহি কয় যে আমাৰ কোনো বিশেষত্ব নাই, পৃথিৱীৰ সকলো জীৱ এক সাধাৰণ পূৰ্বপুৰুষৰ পৰা বিৱৰ্তনৰ দ্বাৰা সৃষ্টি হৈছে তেওঁৰ কথা বাৰু কোনে মানি ল’ব, কিয় মানি ল’ব? নিজে সৃষ্টি কৰি লোৱা শ্ৰেষ্ঠতাৰ ৰাজসিংহাসনৰ পৰা নমাই সকলো মৰ্যাদাক গছকি মাটিত মিলাই দিয়া যিকোনো তত্ত্ব সাধাৰণ মানুহে মানি নোলোৱাটো অতি স্বাভাৱিক।
বিৱৰ্তনৰ বিৰোধিতা কিন্তু কেৱল মাত্ৰ বিচ্ছিন্ন ব্যক্তিগত ৰুচিবোধ নহয়, ইয়াৰ আঁৰত বহুত শক্তিধৰ সামাজিক আৰু ৰাজনৈতিক কাৰকে কাম কৰি আছে।সৰুৰে পৰা আমাক সৃষ্টিতত্ত্ব সম্পৰ্কত বিভিন্ন কাহিনী শুনোৱা হয়। পূৰ্বজন্ম, পুনৰ্জন্ম, আত্মা আদি ধাৰণা আমাৰ মনত দকৈ শিপাই আছে। আজি আমাৰ সমাজৰ সৰহখিনি ৰীতি-নীতি ধৰ্মভিত্তিক। কিন্তু বৰ্তমান সমাজত ধৰ্মই সম্প্ৰীতি ৰক্ষা কৰাৰ বিপৰীতে ইয়াৰ মৌলবাদী ৰুপটোহে বেছি প্ৰ্কট হৈ উঠিছে। তথাকথিত ধৰ্মৰক্ষকসকল বৰ্তমান সময়ত যথেষ্ট শক্তিশালী আৰু তেওঁলোকে নিজৰ মৰ্যাদা অটুট ৰাখিবৰ বাবে সমাজত ধৰ্মৰ প্ৰাধান্য বৰ্তি থকাটো অত্যন্ত প্ৰয়োজনীয়। ধৰ্মৰ মূল আধাৰ হ’ল সৃষ্টিকৰ্তা, আত্মা, পাপ, পূণ্য, পূৰ্বজন্ম, পুনৰ্জন্ম, স্বৰ্গ, নৰক আদি ধাৰণাসমূহ। জৈৱবিৱৰ্তন ধাৰণাৰ যদি সঁচা অৰ্থত সমাজত প্ৰসাৰ ঘটে তেতিয়া খুব স্বাভাৱিকতেই এই ধৰ্মীয় কথা-বাৰ্তা বিলাকৰ ওপৰত মানুহৰ সন্দেহ হ’ব আৰু তেনেক্ষেত্ৰত ধৰ্মই তাৰ সামাজিক গুৰুত্ব হেৰুওৱাৰ সম্ভাৱনীয়তা বৃদ্ধি পাব। সে্য়ে সমাজৰ এটা শ্ৰেণীয়ে উদ্দেশ্যপ্ৰণোদিতভাৱে বিৱৰ্তনৰ বিৰোধিতা কৰে, ইয়াৰ প্ৰসাৰত বাধা দিয়াৰ চেষ্টা কৰে। অন্যহাতে, ধৰ্ম যিহেতু যিকোনো ৰাজনৈতিক দলৰে অন্যতম প্ৰ্ধান চালিকাশক্তি সেয়ে চৰকাৰ তথা ৰাজনৈতিক দলসমূহে ইয়াৰ বিৰোধিতা কৰে, বিৱৰ্তনৰ ধাৰণা ভূৱা, অবৈজ্ঞানিক ইত্যাদি কথাবোৰ প্ৰ্চাৰ কৰাত উদগনি দিয়ে। এনেধৰণৰ চিন্তাৰ বাবেই এতিয়াও আমাৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলক বিৱৰ্তনৰ বিষয়ে ভালদৰে শিকোৱা নহয়। এনেধৰণে সুচিন্তিতভাৱে আৰোপ কৰা ৰাজনৈতিক তথা সামাজিক বিৰোধিতাসমূহে সাধাৰণ মানুহৰ মনত ডাৰউইনিজিমৰ প্ৰ্তি বিৰূপ মনোভাৱ সৃষ্টি কৰে।
জৈৱবিৱৰ্তন বিৰোধিতা কৰাসকলৰ মাজতো আছে বিভিন্ন শ্ৰেণী। সমাজত এক শ্ৰেণী মানুহ আছে যি আমাৰ ধৰ্মগ্ৰন্থসমূহত থকাৰ দৰে এতিয়াও সূৰ্য্য পৃথিৱীৰ চাৰিওফালে ঘূৰে, পৃথিৱীখন চেপেটা আদি কথাবোৰ বিশ্বাস কৰে। অজ্ঞতাৰ বাবেই যে তেওঁলোকৰ এনে ধাৰণা তেনে নহয়, বহুত সময়ত সকলো জনাৰ পিছতো কেৱল ধৰ্মীয় গোড়ামিৰ বাবেই তেওঁলোকে ডাৰউইনিজিমৰ বিৰোধিতা কৰে। এই শ্ৰেণী লোকৰ ভিতৰত বহুত শিক্ষিত ব্যক্তিও আছে।ইংলেণ্ডৰ A.N. Wilson নামৰ জীৱনী লেখকগৰাকীয়ে লিখা ডাৰউইনৰ জীৱনী “Charles Darwin: Victorian Mythmaker” কিতাপখনৰ প্ৰথম বাক্যটোৱেই হ’ল “ডাৰউইনৰ ভুল হৈছিল” (Darwin was wrong)। একেদৰে তুৰ্কীৰ দাৰ্শনিক লেখক Harun Yahya য়ে তেখেতৰ “The Evolution Deceit” কিতাপখনত জৈৱবিৱৰ্তন বৰ্তমানৰ আধিপত্যকাৰী সকলৰ দ্বাৰা সৃষ্ট এক বৃহৎ প্ৰ্তাৰণাৰ বাহিৰে আন একো নহয় বুলি মন্তব্য কৰিছে। এনেধৰণৰ মৌলবাদী চিন্তা ধাৰণাৰে পুষ্ট ব্যক্তিসকলে সম্পূৰ্ণভাৱে ডাৰউইনিজিমৰ বিৰোধিতা কৰাৰ লগতে ইয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰে, প্ৰ্চাৰ চলায়।
দ্বিতীয় এচাম বিৰোধী আছে যিসকল গোড়া বা মৌলবাদী চিন্তাৰে পুষ্ট নহয়, বিৱৰ্তনৰ বিষয়ে জনাৰ প্ৰতি তেওঁলোক হয়তো আগ্ৰ্হীও, কিন্তু যিহেতু আমাৰ স্কুলীয়া পাঠ্যক্ৰ্মত এই বিষয়ে খুব বিশদভাৱে নাই এই ব্যক্তি সকলে অ’ৰ-ত’ৰ পৰা কিছুমান ভুল কথা শুনি বা ইণ্টাৰনেটত কিছুমান কথা পঢ়ি ডাৰউইনিজিমৰ বিষয়ে ভ্ৰান্ত ধাৰণা লয় আৰু ইয়াৰ বিৰোধিতা কৰে। এই শ্ৰেণীৰ মানুহে, যি বিৱৰ্তনৰ বিষয়ে ভুলে শুদ্ধই কিছু জানে, ক’ব খোজে যে কিবা স্বৰূপে মাইক্ৰ’ বিৱৰ্তন (Micro Evolution) কিছু ঘটিলেও মেক্ৰ’ বিৱৰ্তন (Macro Evolution) মুঠেই সম্ভৱ কথা নহয়।তেওঁলোকে সহজতে দিয়া যুক্তিটো হ’ল যদি বান্দৰ আমাৰ পূৰ্বপুৰুষ তেনেহ’লে আজিলৈকে কোনেও বান্দৰৰ পৰা মানুহ সৃষ্টি হোৱা দেখা নাই কিয়? যদি বান্দৰৰ পৰা মানুহ সৃষ্টি হ’ল তেন্তে পৃথিৱীত এতিয়াও বান্দৰ কিয় পোৱা যায়? সকলো বান্দৰ মানুহ হৈ নগ’ল কিয়? এই সম্পৰ্কত কিছু ব্যাখ্যা কৰাৰ নিশ্চয় থল আছে।
প্ৰ্থমতেই আমি জানি লোৱা উচিত প্ৰ্জাতি মানে কি? বিজ্ঞানৰ ভাষাত এটা প্ৰ্জাতি হ’ল সেইখিনি জীৱ যি নিজৰ মাজত প্ৰ্জনন কৰি প্ৰ্জননক্ষম সন্তান উৎপন্ন কৰিব পাৰে। যেনেে, এটা মতা ঘোঁৰাই এজনী মাইকী ঘোঁৰাৰ লগত প্ৰ্জনন কৰি প্ৰ্জননক্ষম ঘোঁৰা পোৱালীৰ জন্ম দিব পাৰে। গতিকে সকলো ঘোঁৰাকে এটা প্ৰ্জাতিত ৰখা হৈছে। এতিয়া মন কৰিবলগীয়া কথাটো হ’ল ঘোঁৰা আৰু গাধৰ মাজতো কিন্তু প্ৰ্জনন হয়। কিন্তু ইয়াৰ ফলত জন্ম হোৱা জীৱ ‘খচ্চৰৰ’ সন্তান জন্ম দিব পৰা ক্ষমতা নাথাকে। সেয়ে ঘোঁৰা আৰু গাধ একে প্ৰ্জাতিৰ নহয়। ডাৰউইনৰ মতে প্ৰধানতঃ প্ৰাকৃতিক নিৰ্বাচনৰ জৰিয়তে এটা প্ৰ্জাতিৰ পৰা আন এটা প্ৰ্জাতিৰ জন্ম হয়। কিন্তু বিৱৰ্তন প্ৰক্ৰিয়াটো খুব মন্থৰ গতিত হয়। ই কোনো যাদু নহয় যে একেৰাতিৰ ভিতৰত এটা প্ৰজাতিৰ জীৱ আন এটা প্ৰ্জাতিৰ জীৱলৈ পৰিৱৰ্তন হৈ যাব। প্ৰাকৃতিক নিৰ্বাচন, জেনেটিক ৰিকম্বিনেছন, মিউটেছন, ভৌগলিক বিছিন্নতা আদি বিভিন্ন কাৰকৰ ফলত প্ৰ্জাতি এটাত খুব লাহে লাহে সৰু সৰু পৰিৱৰ্তন (Micro Evolution) হৈ থাকে। এনেধৰণৰ বহু Micro Evolution ৰ সন্মিলনৰ জৰিয়তে বহু বছৰৰ পিছত এটা সম্পূৰ্ণ নতুন প্ৰ্জাতিৰ সৃষ্টি হ’ব পাৰে বা আগৰ প্ৰ্জাতিৰ এটা অংশ আন এটা প্ৰ্জাতিলৈ পৰিৱৰ্তন হৈ যাব পাৰে। যদিওবা বান্দৰৰ পৰা মানুহ সৃষ্টি হৈছে বুলি ভৱাটো একেবাৰেই ভুল কথা তথাপিতো যুক্তিৰ খাতিৰত যদি ইয়াক শুদ্ধ বুলি ধৰিও লোৱা হয়, তেতিয়াও কিন্তু বান্দৰৰ পৰা মানুহ সৃষ্টি হোৱা দেখা নাই বা এতিয়াও কিয় প্ৰ্কৃতিত বান্দৰ আছে এই দুয়োটা প্ৰশ্নই আচলতে একেবাৰে অৰ্থহীন। বিৱৰ্তনে এনেধৰণৰ কথা কেতিয়াও কোৱা নাই। সাধাৰণ মানুহৰ মনত বিৱৰ্তন সম্পৰ্কত অহেতুক শ্ংকা উৎপন্ন হ’বৰ বাবে এনেধৰণৰ কথা প্ৰ্চাৰ কৰা হয়।
এতিয়া এঢাপ আগুৱাই চিন্তা কৰা যাওক। সঁচাকৈয়ে বাৰু আমাৰ চকুৰ সন্মুখত একো বিৱৰ্তন হোৱা নাইনে? অলপ মন কৰিলেই কিন্তু আমি দেখিম এনে বহু বিৱৰ্তন আমাৰ চকুৰ আগতে ঘটি আছে। এটা উদাহৰণৰ জৰিয়তে কথাটো আলোচনা কৰা যাওক। এইডছ ৰোগ সৃষ্টিকাৰী HIV (Human immunodeficiency Virus) ভাইৰাছ সমগ্ৰ বিশ্বৰ বাবে এক চিন্তাৰ বিষয়। ১৯৮১ চনত প্ৰ্থম মানুহৰ দেহত এই ভাইৰাছ ধৰা পৰাৰ পিছৰ পৰা বৰ্তমানলৈকে ই প্ৰায় ৫ কোটি মানুহৰ প্ৰাণ ল’লে। এই ভাইৰাছকলৈ হোৱা গবেষণাত কিমান টকা খৰচ হ’ল হিচাপ নাই। কিন্তু প্ৰায় ত্ৰিছ বছৰৰ পিছতো এই ভাইৰাছৰ কোনো ভেকচিন ওলোৱা নাই। কিয়? আচলতে এই অকণমান আণুবীক্ষণিক জীৱটোৱে আমাৰ লগত ‘মিউটেচন’ আৰু ‘প্ৰাকৃতিক নিৰ্বাচন’ৰ দ্বাৰা ঘটোৱা বিৱৰ্তনৰ এক সাংঘাটিক খেল খেলি আছে। আচলতে কিনো এই খেল?
‘প্ৰাকৃতিক নিৰ্বাচন’ কোনো জীৱৰ ক্ষেত্ৰত প্ৰযোজ্য হ’বলৈ হ’লে এক পূৰ্বচৰ্ত হ’ল যে জীৱ প্ৰ্জাতিটোৰ জনপুঞ্জিৰ মাজত যথেষ্ট প্ৰ্কাৰণ (Variation) থাকিব লাগে। অৰ্থাৎ একে প্ৰ্জাতিৰ জীৱসমূহৰ মাজতে বিভিন্ন বৈশিষ্ট থাকিব লাগে। যিবিলাক প্ৰ্কাৰণে পৰিৱৰ্তিত পৰিবেশত জীৱক খাপ খোৱাত সহায় কৰে, সেই জিনৰ অধিকাৰী জীৱবোৰ বাচি থাকে আৰু আনবোৰ জীৱ পৃথিৱীৰ পৰা লাহে লাহে লোপ পাবলৈ ধৰে। সংক্ষেপত ক’লে এইটোৱেই হ’ল ‘প্ৰাকৃতিক নিৰ্বাচন’। অন্যহাতে, জীৱৰ জিনত বিভিন্ন সময়ত আকস্মিক কিছু পৰিৱৰ্তন ঘটে। এনে পৰিৱৰ্তনৰ বাবে কেতিয়াবা জীৱৰ DNA ৰ গঠন বা সংখ্যাৰ পৰিৱৰ্তন হয়। এই পৰিঘটনাক ‘মিউটেচন’ বোলা হয়। ‘মিউটেচন’ কিন্তু জীৱৰ প্ৰয়োজনত হোৱা ঘটনা নহয়, ই নিত্যান্ত আকস্মিকভাৱে হোৱা এটা কাৰবাৰ, কিন্তু ইয়াৰ ফলত যদি আহৰণ কৰা কোনো নতুন বৈশিষ্টই জীৱক বাচি থকাৰ ক্ষেত্ৰত বেছি সুবিধা দিয়ে তেন্তে প্ৰাকৃতিক নিৰ্বাচনৰ জৰিয়তে সেই বৈশিষ্টবোৰ থাকি যায় আৰু সেইবোৰ এটা প্ৰ্জন্মৰ পৰা পিছৰ প্ৰ্জন্মই লাভ কৰে। HIV ভাইৰাছ বিলাকৰ ‘মিউটেচন’ৰ মাত্ৰা অত্যাধিক আৰু সেয়ে ইহঁতৰ মাজত প্ৰ্কাৰণো যথেষ্ট বেছি। মানুহৰ দেহৰ ভিতৰত HIV ভাইৰাছে খুব ক্ষিপ্ৰতাৰে বংশবৃদ্ধি কৰে। মিউটেচন আৰু বংশবৃদ্ধি দুয়োটাৰ মাত্ৰা অত্যাধিক হোৱাৰ বাবে মানুহৰ দেহত প্ৰ্ৱেশ কৰাৰ খুব কম দিনৰ ভিতৰতে ইহঁতৰ সংখ্যা যথেষ্ট বৃদ্ধি হোৱাৰ লগতে সমগ্ৰ জনপুঞ্জিটোত থাকে বিভিন্ন বৈশিষ্টযুক্ত অলেখ ভাইৰাছ। বিজ্ঞানীসকলে HIV ভাইৰাছক প্ৰ্তিহত কৰা ঔষধ আৱিষ্কাৰ ইতিমধ্যে কৰিছে, কিন্তু যিহেতু ভাইৰাছসমূহত বিভিন্ন প্ৰ্কাৰণ আছে এই ঔষধে সকলো ভাইৰাছৰ মৃত্যু ঘটাব নোৱাৰে। নমৰাকে থাকি যোৱা ভাইৰাছকেইটাই খুব ক্ষিপ্ৰগতিত বংশবৃদ্ধি কৰে আৰু মিউটেচনৰ ফলত নতুন ভাইৰাছবোৰৰ ওপৰত আগৰ ঔষধে আৰু কাম নকৰা হয়। ফলত ঔষধৰ জৰিয়তে ৰোগীৰ দেহত বেমাৰৰ প্ৰ্কোপ কিছুদিনলৈ কমাই ৰাখিব পাৰি যদিও ই সম্পূৰ্ণৰূপে বেমাৰ ভাল কৰিব নোৱাৰে, আজিলৈকে পৰা নাই।
আগতে আমি প্ৰায়েই দেখিছিলোঁ যে গৰমৰ দিনত মহৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবৰ বাবে ডি.ডি.টি. (DDT) ছটিওৱা হৈছিল। (বৰ্তমান ডি.ডি.টি. নিষিদ্ধ কৰা হৈছে)। ষাঠিৰ দশকত ডি.ডি.টি.ৰ প্ৰ্য়োগ কৰাৰ ফলত সমগ্ৰ বিশ্বতে মেলেৰিয়া ৰোগীৰ সংখ্যা কমি প্ৰায় ৭৫ মিলিয়ন মান হৈছিল যদিও বৰ্তমান সেই সংখ্যা বাঢ়ি প্ৰায় ৫০০ মিলিয়ন হৈছেগৈ। প্ৰ্তিবছৰে প্ৰায় ২০ লাখ মানুহ এই ৰোগত মৃত্যু হয়। যোৱা শতিকাৰ চল্লিশৰ দশকত ভাৰতবৰ্ষত ডি.ডি.টি.ৰ ব্যাপক প্ৰয়োগ কৰা হৈছিল আৰু দেখা গৈছিল প্ৰায় ১০-১২ বছৰ মান মেলেৰিয়া ৰোগৰ প্ৰ্কোপ যথেষ্ট কমি আছিল। কিন্তু ১৯৫৯ চনত প্ৰ্থমবাৰৰ বাবে ভাৰতত ডি.ডি.টি. প্ৰ্তিৰোধ ক্ষমতা থকা মহ দেখা পোৱা গ’ল। মাত্ৰ ১০-১৫ বছৰৰ ভিতৰতে মিউটেচন আৰু প্ৰাকৃতিক নিৰ্বাচনৰ দ্বাৰা এক নতুন প্ৰ্জাতিৰ ‘ডি.ডি.টি. ৰোগ প্ৰ্তিৰোধক্ষমী মহৰ সৃষ্টি হ’ল।
আজি-কালি আমি সঘনাই শুনি থকা এটা শব্দ হ’ল ‘ছুপাৰ বাগ’। এই ছুপাৰ বাগসমূহ এনেধৰণৰ বেক্টেৰিয়া যাৰ ওপৰত কোনো এণ্টিবায়টিকেই কাম নকৰে। আৱিষ্কাৰৰ পিছৰ পৰাই বহুলভাৱে এণ্টিবায়টিক ব্যৱহাৰ হোৱাৰ ফলত এই বেক্টেৰিয়াসমূহে যিকোনো এণ্টিবায়টিকৰ বিৰুদ্ধে প্ৰ্তিৰোধ ক্ষমতা গঢ়ি তুলিছে। আমি যিমানেই শক্তিশালী এণ্টিবায়টিক ব্যৱহাৰ কৰিছোঁ এই বেক্টেৰিয়াসমূহেও বিৱৰ্তনৰ জৰিয়তে ইয়াৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিছে। বেক্টেৰিয়াৰ প্ৰ্জননৰ হাৰ যিহেতু অত্যন্ত বেছি, সিহঁতৰ মিউটেচনৰ হাৰো খুব বেছি। সেয়ে সিহঁতৰ বিৱৰ্তনৰ মাত্ৰাও খুব তীব্ৰ। মানুহৰ দেহত যি বিৱৰ্তনৰ বাবে ২০ বছৰ লাগে সেই বিৱৰ্তন বেক্টেৰিয়াৰ দেহত মাত্ৰ বিশ মিনিটত হ’ব পাৰে। এনেধৰণেৰে চলি থাকিলে এদিন হয়তো বেক্টেৰিয়া নিৰ্মূলৰ ক্ষেত্ৰত কোনো এণ্টিবায়টিকে কাম নকৰা হ’ব।
জৈৱবিৱৰ্তনৰ বিৰোধীসকলে এতিয়া আন এটা মজাৰ প্ৰশ্ন কৰে। ওপৰৰ উদাহৰণসমূহৰ পৰা বাৰু এটা কথা স্পষ্ট হ’ল যে একেটা প্ৰ্জাতিৰ ভিতৰত বিভিন্ন কাৰকৰ দ্বাৰা অধিক উন্নত প্ৰজন্মৰ সৃষ্টি হ’ব পাৰে; কিন্তু ইয়াততো এটা প্ৰ্জাতিৰ পৰা আন এটা প্ৰ্জাতিৰ সৃষ্টি হোৱা নাই। অৰ্থাৎ ‘ডি.ডি.টি. ৰোগ প্ৰ্তিৰোধক্ষমী মহবোৰতো কোনো নতুন প্ৰ্জাতি নহয়, সিহঁতবিলাক এতিয়াও এন’ফেলিছ মহ। গতিকে ওপৰৰ উদাহৰণসমূহে বান্দৰৰ পৰা মানুহ সৃষ্টি হোৱা বুলি কেনেকৈ প্ৰ্মাণ কৰে?
বিৱৰ্তনৰ আঁৰৰ বৈজ্ঞানিক তত্ত্বসমূহ অলপ বুজিলেই এনে প্ৰশ্নৰ উত্তৰ সহজতে পোৱা যায়। আমি আগতেই কৈছোঁ যে বিৱৰ্তন খুব মন্থৰ গতিত হয়, এটা প্ৰ্জাতিৰ বিৱৰ্তন ঘটি বেলেগ এটা প্ৰ্জাতি হ’বলৈ লক্ষ-কোটি বছৰ লাগে, এইবোৰ ৰাতা-ৰাতি হোৱা কাৰবাৰ নহয়।ধৰাহওক, এক বিশেষ ধৰণৰ বন-মানুহৰ পৰা প্ৰায় ৮০ লক্ষ বছৰৰ আগতে মানুহৰ পূৰ্ব-পুৰুষসকলৰ বিৱৰ্তন হ’বলৈ আৰম্ভ কৰিলে। হাজাৰ হাজাৰ বছৰ ধৰি হোৱা সৰু সৰু পৰিৱৰ্তনৰ জৰিয়তে তেওঁলোকে দুই ভৰিত থিয় হ’ব পৰা হ’ল আৰু তাৰ লগে লগে সিহঁতৰ মগজুৰ আকাৰো ডাঙৰ হ’বলৈ ধৰিলে। প্ৰায় ৫০ লক্ষ মান বছৰৰ আগৰ মানুহৰ পূৰ্ব-পুৰুষৰ যিবোৰ জীৱাশ্ম (Fossil) পোৱা গৈছে, সেইবোৰ অধ্যয়ন কৰিলে স্পষ্টভাৱে দেখা যায় কেনেদৰে ক্ৰ্মে বন-মানুহৰ চতুস্পদী বৈশিষ্ট্যসমূহ লাহে লাহে নোহোৱা হৈছে আৰু জীৱাশ্মবিলাক যিমানে আধুনিক সময়ৰ ফালে আগুৱাইছে সিমানে বৰ্তমানৰ মানুহৰ লগত তাৰ মিল বেছিহৈ গৈ আছে। এই পৰিৱৰ্তনবিলাক ইমান মন্থৰ গতিত ঘটিছে যে কেৱল এটা প্ৰ্জন্মক চাই সেই কথা বুজিব নোৱাৰি।
এতিয়া যদি আমি কওঁঁ যে বন-মানুহৰ বিৱৰ্তন হৈ হৈ আজিৰ আধুনিক মানুহৰ সৃষ্টি হ’ল তেতিয়া হ’লে এইটো বুজিম নেকি যে বন-মানুহ আন প্ৰ্জাতিৰ পৰা মানুহ সৃষ্টি হোৱাৰ এটা মধ্যৱৰ্তী পৰ্যায়? কথাটো তেনেকুৱা নহয়। যেতিয়া যিটো প্ৰ্জাতি পৃথিৱীত আছে তেতিয়া সি এক সম্পুৰ্ণ পূৰ্ণাংগ প্ৰ্জাতি। তাৰ বৈশিষ্টসমূহৰ দ্বাৰা সেই সময়ৰ পৰিৱেশৰ লগত সি খাপ খাই জীয়াই আছে। জীৱাশ্ম অধ্যয়ন কৰিলে আমাৰ তেনে ধাৰণা হ’লেও কোনো এক নিদিষ্ট সময়ত তাক বুজাৰ কোনো উপায় নাই। জীৱাশ্মবিদ্যাৰ দৃষ্টিভংগীৰে আমি ক’ব পাৰোঁ যে মাছ আৰু সৰীসৃপৰ মধ্যৱৰ্তী অৱস্থা হ’ল উভচৰ বা চৰাই সৰীসৃপ আৰু স্তন্যপায়ী জীৱৰ মাজৰ অৱস্থা। সেইবুলি ভেকুলী বা চৰাইক আমি অৰ্ধ্ববিকশিত প্ৰ্জাতি বুলি ক’ব নোৱাৰোঁ। বিজ্ঞানীসকলে ইতিমধ্যে প্ৰ্মাণ কৰিছে যে খুব মন্থৰ গতিত হ’লেও আমাৰ মগজুৰ আকাৰ এতিয়াও ডাঙৰ হৈ আছে। এদিন হয়তো এনেদৰে গৈ গৈ আমাৰ পৰা এক সম্পূৰ্ণ নতুন প্ৰ্জাতিৰ সৃষ্টি হ’ব। কিন্তু ইয়াৰ অৰ্থ এইটো হ’ব নোৱাৰে যে আমি কোনো মধ্যৱৰ্তী প্ৰ্জাতি। সেইবাবে মানুহৰ পূৰ্ব-পুৰুষ কোন আছিল (বান্দৰ/ চিম্পাঞ্জী/ বন-মানুহ বা আন কিবা) বুলি সোধা প্ৰ্শ্নটোৱেই অৱান্তৰ। বিৱৰ্তনৰ দিশৰ পৰা শুদ্ধ প্ৰ্শ্ন হয়তো হ’ব পাৰে “মানুহৰ আগৰ কি প্ৰ্জাতিয়ে দুই ভৰিৰ ওপৰত প্ৰ্থম থিয় হ’ব পাৰিছিল” বা “মানুহৰ আগৰ কোন জীৱই নিজৰ মাজত ভাৱ বিনিময়ৰ বাবে আটাইতকৈ বেছি সাংকেতিক ধ্বনি ব্যৱহাৰ কৰিছিল?”
এইযে জীৱাশ্মবিদ্যাৰ দৃষ্টিভংগীৰে আমি এটা প্ৰ্জাতিক আন এটা প্ৰ্জাতিৰ আগৰ অৱস্থা বুলি ধৰিব পাৰোঁ, ই বিৱৰ্তন সম্পৰ্কত আমাক এক বলিষ্ঠ সাক্ষ্য দিয়ে। আজিলৈকে বিজ্ঞানীসকলে উভচৰ প্ৰাণীৰ উৎপত্তিৰ আগৰ সময়ত কোনো সৰীসৃপৰ জীৱাশ্ম পোৱা নাই বা সৰীসৃপৰ উৎপত্তিৰ আগৰ সময়ৰ কোনো চৰাইৰ জীৱাশ্ম পোৱা নাই। অৰ্থাৎ আজিলৈকে আৱিষ্কাৰ হোৱা আটাইতকৈ পুৰণা উভচৰৰ জীৱাশ্মটোতকৈ আগৰ কোনো সৰীসৃপৰ জীৱাশ্ম পোৱা হোৱা নাই। এনেধৰণৰ তথ্যসমূহে বিৱৰ্তনবাদৰ ধাৰাবাহিকতাকে বুজায়। এতিয়া যদি স্তন্যপায়ী জীৱৰ সৃষ্টি হোৱাৰ আগৰ সময়চোৱাত মানুহৰ কেৱলমাত্ৰ এটা জীৱাশ্মও পোৱা যায় তেনেহ’লে সমগ্ৰ বিৱৰ্তনবাদ মতবাদটোৱেই ভুল প্ৰ্মাণিত হ’ব। কিন্তু আজিলৈকে তেনে হোৱা নাই। সেয়ে বিখ্যাত বিজ্ঞানী হালডেনে কৈছিল যদি কোনোবাই প্ৰিকেম্বিয়ান (৬০০ নিযুত বছৰৰ আগৰ ভৌগলিক যুগ) স্তৰত এটা মাত্ৰ শহাপহুৰ জীৱাশ্ম উলিয়াই দিব পাৰে তেওঁ জৈৱবিৱৰ্তন ভুল বুলি মানি ল’ব।
বিৱৰ্তনৰ বিপক্ষে আন এক যুক্তি হ’ল যে এই মতবাদকলৈ বিজ্ঞানীমহলৰ মাজতেই দ্বিমত আছে, গতিকে ই গ্ৰহণযোগ্য নহয়। বিৱৰ্তন বিজ্ঞানীসকলে আজিলৈকে কোনো বৈজ্ঞানিক পত্ৰিকা বা আন কোনো মাধ্যমত বিৱৰ্তনৰ বিৰোধিতা কৰা নাই। কোনোৱা আধাখুন্দা ব্যক্তিয়ে অজ্ঞতা, অধ্যয়নহীনতা, ৰাজনৈতিক, ধৰ্মীয় বা সামাজিক স্বাৰ্থসিদ্ধিৰ উদ্দেশ্যে কোৱা ভিত্তিহীন, অবৈজ্ঞনিক কথা কাণ্ডবোৰ কোনো কাৰণতে ধৰ্তব্য নহয়। ডাৰউইনিজিম আধুনিক জীৱ বিদ্যাৰ মূল আধাৰ। বৰ্তমান সময়ত প্ৰায় ১৫০ বছৰৰ আগতে দিয়া ডাৰউইনৰ তত্ত্বটোৰ কিছু সংশোধন ঘটিছে, ঘটাটো স্বাভাবিক। ডাৰউইনে যি সময়ত জীৱৰ বিৱৰ্তনৰ কথা কৈছিল সেই সময়ত জিন সম্পৰ্কত বিজ্ঞানীসকলৰ একো ধাৰণাই নাছিল। জেনেটিক বিদ্যাৰ অগ্ৰগতিৰ লগে লগে অতি স্বাভাবিকভাৱে বিৱৰ্তনৰ ধাৰণাটোত বিভিন্ন নতুন দৃষ্টিভংগী অন্তৰ্ভুক্ত হৈছে, কিন্তু ডাৰউইনৰ “প্ৰাকৃতিক নিৰ্বাচন” মতবাদ এতিয়াও সমানেই প্ৰাসংগিক হৈ আছে।
যুক্তিৰ খাটিৰত যদি ধৰি লোৱা হয় যে ডাৰউইনৰ মতবাদ এক মিথ্যাচাৰ, ইয়াৰ কোনো বৈজ্ঞানিক ভিত্তি নাই, তেতিয়াও কিন্তু আমি জীৱৰ বিৱৰ্তন হোৱা নাই বুলি ক’ব নোৱাৰো। এই পৃথিৱীত বিৱৰ্তনৰ জড়িয়তে জীৱৰ সৃষ্টি হৈছে এই কথাটো গছৰ পৰা আপেল মাটিত সৰি পৰাৰ দৰে সত্য। বিজ্ঞানত প্ৰ্কৃতিত ঘটি থকা পৰিঘটনাসমূহক বিভিন্ন তত্ত্ব, সূত্ৰ আদিৰ জৰিয়তে ব্যাখ্যা কৰা হয়। কোনো এক নিৰ্দিষ্ট সময়ত যিটো তত্ত্বই পৰিঘটনাটোক আটাইতকৈ বেছি ব্যাখ্যা কৰিব পাৰে তাকে সেই সময়ত আটাইতকৈ গ্ৰহণযোগ্য তত্ত্ব বুলি মানি লয়। পৰৱৰ্তী সময়ত এই তত্ত্বৰ বিভিন্ন পৰিৱৰ্তন হ’ব পাৰে, আন নতুন তত্ত্বৰ দ্বাৰা আগৰ তত্ত্বটো প্ৰ্তিষ্ঠাপিত হ’ব পাৰে। এয়াই বিজ্ঞানৰ নিয়ম, এয়াই বিজ্ঞানৰ সৌন্দৰ্য্য। আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ সূত্ৰই নিউটনৰ মহাকৰ্ষণ সূত্ৰত থকা কিছু আঁসোৱাহ উদঙাই দিলে। আইনষ্টাইনে দেখুৱালে বস্তুকণাই যদি পোহৰৰ বেগত গতি কৰে বা যদি কোনো অঞ্চলত মহাকৰ্ষণ বল খুব বেছি হয় তেতিয়া নিউটনৰ সূত্ৰই সম্পূৰ্ণ সঠিক উত্তৰ নিদিয়ে। কোৱাণ্টাম বিজ্ঞানৰ প্ৰ্চুৰ অগ্ৰ্গতিয়ে সম্প্ৰ্তি আইনষ্টাইনৰ সূত্ৰ্ৰলৈকো প্ৰ্ত্যাহ্বান আনিছে। ভৱিষ্যতে হয়তো নিউটন আৰু আইনষ্টাইন দুয়োজনেই ভুল প্ৰমাণিত হ’ব, কিন্তু তেতিয়া আমি ক’ম নেকি তেওঁলোক মিথ্যাচাৰী আছিল, ক’ম নেকি তেওঁলোকে মানৱ সমাজক বিপথে পৰিচালিত কৰিলে? কাইলৈ যদি নিউটন সম্পূৰ্ণ ভুল প্ৰ্মাণিত হয়, গছৰ পৰা সৰি পৰা আপেলটো মাটিত পৰাৰ বিপৰীতে বতাহত ওপঙি থাকিব নেকি? তত্ত্ব সলনি হ’ব পাৰে কিন্তু সত্য সলনি নহয়। ‘পৃথিৱী সূৰ্য্যৰ চাৰিওফালে ঘূৰে’ যেনেদৰে এক প্ৰ্তিষ্ঠিত সত্য, তেনেদৰে ‘সকলো জীৱ পূৰ্ব-পুৰুষৰ পৰা বিৱৰ্তনৰ দ্বাৰা সৃষ্টি হৈছে’ (descent, with modification, of all organism from common ancestors) এই মতবাদটোও আজিৰ তাৰিখত এক প্ৰ্তিষ্ঠিত সত্য। কোনোবা আধাখুন্দা পণ্ডিতৰ পাণ্ডিত্যই এই সত্যক ম্লান নকৰে, কৰিব নোৱাৰে।