বিবিধ চিন্তা

কাঠফুলাৰ বিষয়ে কিছু কথা -(ঋতিকা বৰুৱা)

আমাৰ বাবে সময়ৰ সৃষ্টিৰ ইতিহাস যিমান পুৰণি  ঠিক খাদ্যৰ উপযোগী কাঠফুলা আৰু বিষাক্ত কাঠফুলাৰ মাজত আমাৰ সম্পৰ্ক সিমান পুৰণা বুলি কব পাৰোঁ। চিন দেশত প্ৰায় ১০০০ বছৰৰ পূৰ্বেই খাদ্যৰ উপযোগী কাঠফুলাৰ খেতি আৰম্ভ হৈছিল৷ ফ্ৰান্সত প্ৰায় ১৬৫০ চনত প্ৰথমবাৰৰ বাবে এই খেতি কৰা হৈছিল বুলি জনা যায়৷ কেইবাটাও সভ্যতাত শিল আদিত খোদিত কাঠফুলাৰ আৰ্হি দেখা যায়৷ গৌতম বুদ্ধয়ো কাঠফুলা ব্যৱহাৰ কৰিছিল৷ প্ৰণালীবদ্ধ ভাৱে নহলেও প্ৰকৃততে ভাৰতত ইয়াৰ খেতি আৰম্ভ হৈছিল ১৮৮৬ চনৰ পৰাহে৷ সেয়েহে শৈলযুগৰ তথ্যভিত্তিক প্ৰমাণৰ পৰা আমি এই কথাষাৰ স্পষ্টকৈ ক’ব পাৰো যে কাঠফুলাৰ ব্যৱহাৰৰ ইতিহাস বহু হাজাৰ বছৰ পুৰণি। আমাৰ পুৰাতত্ত্ববিজ্ঞানীসকলে ১৯,০০০ বছৰ আগৰ এনে কিছু তথ্য উদ্ধাৰ কৰি প্ৰমাণ কৰিছে যে, আদিম যুগৰে পৰা মানুহে কাঠফুলাক খাদ্য হিচাপে ভক্ষণ কৰি আহিছে। স্পেইনৰ Eastern Cantabria-ৰ El Mirón Cave-ৰ খননকাৰ্যত উদ্ধাৰ হোৱা মৃতকৰ Dental Calculus বিশ্লেষণ কৰি এই  সন্দৰ্ভত যথেষ্টখিনি তথ্য পোৱা গৈছিল।

স্পেইনৰ El Miron গুহাৰ খনন কাৰ্যত উদ্ধাৰ হোৱা মৃতকৰ Dental Calculus বিশ্লেষণ কৰি বহুতো তথ্য পোৱা গৈছে

১০,০০০-২০০০ বছৰৰ আগতে উদ্ধাৰ হোৱা বিভিন্ন ভাস্কৰ্য আৰু গুহাৰ চিত্ৰাংকণৰ  তথ্যৰ পৰা স্পষ্ট কৰা হৈছিল যে পৃথিৱীৰ বহু দেশ-বিদেশ উত্তৰ আফ্ৰিকা, আমেৰিকা, ইউৰোপ  আদিত হয়তো Hallucinogenic কাঠফুলা ব্যৱহৃত হৈছিল। এই তথ্যসমূহে মানুহ আৰু কাঠফুলাৰ বহু পুৰণি সম্পৰ্কৰ কথা পোনপটীয়াকৈ দাঙি ধৰে। কিন্তু মানুহে কাঠফুলাক খেতি ভিত্তিত ফ্ৰান্সত ১৬৫০ চনত প্ৰথমবাৰৰ বাবে কৰিছিল বুলি ইতিহাসে কয়।

 কাঠফুলাৰ আকৃতিৰ বিভিন্ন প্ৰতিমূৰ্তি  Pre-columbian Art

লাহে লাহে যোৱা এশ বছৰৰ পৰা কাঠফুলাক বৈজ্ঞানিকভাৱে বিভিন্ন নতুন পদ্ধতিৰে খেতি কৰি এক বৃহৎ উদ্যোগ গঢ়ি তুলিবলৈ সক্ষম হৈছে। ১৯৫০ শতিকাত জাপানে প্ৰথম খাদ্য উপযোগী কাঠফুলাক (Shittake Mushroom) ব্যৱসায় ভিত্তিত খেতি কৰে। ষাঠি দশকৰ মাজ ভাগতেই ভাৰতৰ হিমাচল প্ৰদেশৰ ‘Solan‘ নামৰ ঠাইত কাঠফুলা খেতিৰ গঢ় লৈ উঠিছিল। আৰু আজি ‘Solan‘ কাঠফুলাৰ মহানগৰ হিচাপে বিখ্যাত হৈ উঠা দেখা গৈছে। অসমতো ঊনৈশ শতিকাৰ শেষৰফালে কাঠফুলাৰ উদ্যোগ গঢ়ি তুলিবলৈ বাবে অসম বিজ্ঞান-প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰদ্বাৰা (ASTEC) কেইজনমান উদ্যমী লোকক মধ্যপ্ৰদেশত কাঠফুলাৰ প্ৰশিক্ষণ দিয়া হৈছিল। পিছলৈ ১৯৯৬ চনত Mushroom Development Foundation-ৰ গঠনে উত্তৰ-পূৱ ভাৰতৰ সূক্ষ্ম আৰু মধ্যমীয়া কাঠফুলা খেতিয়কৰ বাবে এক নতুন আশাৰ বাতৰি কঢ়িয়াই আনে। 

 খাদ্য উপযোগী কাঠফুলা

আজিৰ দিনত উত্তৰ পূৱ ভাৰতকে ধৰি ভাৰতৰ বিভিন্ন প্ৰান্তত মানুহে বিশুদ্ধ কাঠফুলাক বহলকৈ বৈজ্ঞানিকভাৱে খেতি কৰি স্বাৱলম্বী হৈ জীৱন নির্বাহ কৰি আছে। এতিয়া Oyster mushroom, White buttom mushroom, Milky mushroom, Cordyceps, Shittake, Reishi ইত্যাদি বিভিন্ন প্ৰজাতিৰ খোৱা কাঠফুলা মানুহৰ মাজত জনপ্ৰিয় হৈ উঠিছে। ইয়াৰ কাৰণ হৈছে কাঠফুলাত পোৱা বহু ঔষধি পদাৰ্থ তথা প্ৰচুৰ পৰিমাণৰ প্ৰটিন (১৯-৩৫%), ভিটামিন (B,C,D) আদি। ইয়াৰ পিছতো কিন্তু আজিও বহু গাঁও, চৰ আৰু নগৰ অঞ্চলত খোৱা কাঠফুলাৰ গুণাগুণৰ সজাগতা নিচেই কম দেখা পোৱা যায়। মূলতঃ আমাৰ সমাজৰ বহু লোকৰ মাজত কাঠফুলাই এক প্ৰকাৰৰ ভয় আৰু শংকাৰ সৃষ্টি কৰি আহিছে, কিয়নো আমি এনে কিছুমান ঘটনাৰ লগত পৰিচিত য’ত বিষাক্ত বনৰীয়া কাঠফুলা খাই বহুলোক মৃত্যুৰ মুখত পৰিছে আৰু যাৰ বাবে সমাজলৈ এটা ঋণাত্মক বাৰ্তা প্ৰেৰণ হৈ আহিছে।

কিছুমান কাঠফুলা মানুহৰ বাবে বিষাক্ত

আৰু ওপৰত দেখুৱাৰ দৰে এনেকুৱা কিছুমান বাতৰিকাকতৰ শিৰোনামাৰ ফলত পেশাগতভাৱে কাঠফুলাৰ বিষয়ে বৈজ্ঞানিক গৱেষণা কৰি থকা লোকৰ লগতে বৈজ্ঞানিকভাৱে কাঠফুলাৰ ব্যৱসায় কৰা লোকসকলক মানসিক আঘাত দিয়াৰ লগতে কাঠফুলা বেপৰাত যথেষ্ট প্ৰত্যহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে। প্ৰায়ে মানুহে বাতৰি কাকতৰ শিৰোনামহে ওপৰে ওপৰে পঢ়ে। ভিতৰৰ কথা কি লিখা আছে তাক বিতংকৈ পঢ়িবলৈ সকলো মানুহৰে ধৈৰ্য নাথাকে। এনে অৱস্থাত মানুহে এইটো ভাৱিব নিশ্চিত যে কাঠফুলা খাই মানুহ মৃত্যু মুখত পৰে। সেইকাৰণে বাতৰি কাকতত, বাতৰি এটা প্ৰচাৰ হোৱাৰ আগতে লেখকে এই কথাবিলাক গুৰুত্ব দিব লাগে।

সেইবাবেই, এইখিনিতে অলপ কাঠফুলাৰ কথা লিখিছো, কাঠফুলা ইংৰাজীত যাক আমি মাচৰুম বুলি জানো, ই দুই প্ৰকাৰৰ– এবিধ খোৱা কাঠফুলা আৰু আনবিধ বিষাক্ত বনৰীয়া কাঠফুলা। খোৱা কাঠফুলাত প্ৰচুৰ পৰিমাণৰ প্ৰটিনৰ লগতে ভিটামিন D পোৱা যায়। ই এক immunity booster হিচাপে কাম কৰে। কাঠফুলাত Lovastatin নামৰ এক পদাৰ্থ পোৱা যায় যিয়ে মানুহৰ কলেষ্টেৰল লেভেল হ্ৰাস কৰাত সহায় কৰে। বৈজ্ঞানীক পদ্ধতিৰে খেতি কৰা কাঠফুলা যেনে Oyster mushroom, white buttom mushroom, milky mushroom, Cordyceps, Shittake, Reishi আদি আপোনালোকে সহজে খাব পাৰে। Shittake, Reishi, Cordyceps আদি কাঠফুলাত এনে কিছুমান পদাৰ্থ পোৱা যায় যি কেঞ্চাৰ ৰোগৰ প্ৰতিৰোধী বুলি কোৱা হয়। আজিৰ দিনত বজাৰত খোৱা কাঠফুলাত মূল্য-সংযোজন কৰি ঔষধ, আচাৰ, বিস্কুইট, পিঠা, আদিৰ পৰা চাহলৈকে, বিভিন্ন বস্তু উৎপাদন কৰা হৈছে। উঠি অহা নৱপ্ৰজন্মই কাঠফুলাৰ খেতিৰ বিষয়ে বিভিন্ন গৱেষণাৰ লগতে সজাগতা সভাৰ আয়োজন কৰি আহিছে। আনহাতে বিষাক্ত বনৰীয়া কাঠফুলাত এনে কিছুমান বিষাক্ত পদাৰ্থ পোৱা যায় যাক খাদ্য হিচাপে গ্ৰহণ কৰিলে মানুহ মৃত্যুৰ মুখত পৰাটো নিশ্চিত। জানিব পৰা মতে বিষাক্ত কাঠফুলাত এনে কিছুমান পদাৰ্থ পোৱা যায় যাৰ মাত্ৰ ৪-১০mg ভক্ষণ কৰিলে এজন মানুহৰ মৃত্যু হোৱাটো নিশ্চিত। সেইকাৰণে সঠিকভাৱে নজনা বনৰীয়া কাঠফুলা বৰ্জন কৰিব। সদায় বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰা কাঠফুলাহে খাব।

Print Friendly, PDF & Email

One thought on “কাঠফুলাৰ বিষয়ে কিছু কথা -(ঋতিকা বৰুৱা)

  • তথ্যসমৃদ্ধ লেখা৷ ভাল হৈছে৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *