বিবিধ চিন্তা

জুই, ৰন্ধন-কলা আৰু বুদ্ধিমত্তা- (লক্ষ্যজ্যোতি বৰঠাকুৰ)

মানুহৰ জীৱনত জুইৰ প্ৰয়োজনীয়তাৰ বিষয়ে নতুনকৈ কবলগীয়া নাই। পৃথিৱীৰ সকলো জাতি-জনগোষ্ঠীৰ মাজত জুইৰ বিভিন্ন লোকগাঁথা, সাধুকথা, আখ্যান আছে। বহুত ধৰ্মত জুইক প্ৰাধান্য দিয়া হৈছে, উপাসক আৰু উপাস্যৰ মাজৰ মাধ্যম হিচাপে জুয়ে কাম কৰিছে। মানুহ য’লকৈ গৈছে দুটা বস্তু সদায় লগত নিছে: ভাষা আৰু জুই। বৰ্ষাৰণ্যৰ মাজৰে পাৰ হওঁতে পুৰণা জুইৰ অঙঠা বৰষুণৰ পৰা সযতনে বচাই কঢ়িয়াই নিছে। জনশূন্য উওৰমেৰুলৈ কঢ়িয়াই নিছে জুইৰ স্মৃতি আৰু সেই স্মৃতিত ভৰ দি শিলৰ পাত্ৰত জন্তুৰ চৰ্ৱী জমা কৰি জ্ব্লাই লৈছে নিজৰ হেঁপাহৰ জুইকুৰা। চাৰ্লছ ডাৰউইনে তেখেতৰ বিখ্যাত গ্ৰন্থ ‘The Descent of Man and Selection in relation to Sex’ ত লিখিছে “ Man…. has discovered the art of making fire, by which hard and stringy roots can be rendered digestible, and poisonous roots or herbs innocuous. This discovery of fire, probably the greatest ever made by man, excepting language, dates from before the dawn of history”.
ডাৰউইনে কোৱাৰ দৰে জুইৰ ব্যৱহাৰ মানুহে বুৰঞ্জীৰ দোকমোকালিতে হয়তো কৰিছে, ঠিক কথা, কিন্তু এই দোকমোকালি সময় মানে প্ৰ্কৃততে কেতিয়া? এইলৈ বিতৰ্কৰ অন্ত নাই, গৱেষণাৰ অন্ত নাই। যোৱা শতিকাৰ প্ৰায় শেষলৈকে বিজ্ঞানী সকলে ভাৱিছিল মানুহে জুইৰ প্ৰণালীবদ্ধ আৰু সুশৃংখলিত ব্যৱহাৰ কৰিবলৈ লোৱা বৰ বেছিদিনীয়া কথা নহয়, অৰ্থাৎ ৩৫০০০/৪০০০০ মান বছৰৰ আগৰ কথাহে হয়তো। আনকি প্ৰায় নবৈ দশক মানলৈকে মানুহে সিজোৱা খাদ্য খোৱাতো বিৱৰ্তনীয় দৃষ্টিভংগীৰ ফালৰ পৰা কোনো তাৎপৰ্য্যপূৰ্ণ কথা বুলি ভৱা হোৱা নাছিল। কিন্তু বৰ্তমান সময়ৰ শেহতীয়া গৱেষণাৰ কিছু পৰ্যবেক্ষণে এই দিশত বিজ্ঞানীসকলৰ মনোভাৱ সলনি কৰিছে। ডাৰউইন বা তেওঁৰ যথেষ্ট পিছৰ পৰ্যায়ৰ বিৱৰ্তনীয় জীৱবিজ্ঞানী, নৃতত্ববিদ বা এই বিষয়ৰ আন আন বিজ্ঞানী আৰু গৱেষক সকলে ভবাতকৈ মানুহৰ বুদ্ধিমত্তাৰ বিকাশৰ ক্ষেত্ৰত জুইৰ ঘৰচীয়াকৰণ আৰু তাৰ ফলশ্ৰুতিত মানুহে খাদ্য সিজাই বা পুৰি খাবলৈ আৰম্ভ কৰা কাৰ্য্যৰ ভূমিকা হয়তো যথেষ্ট বেছি। কোনো কোনো বিজ্ঞানীৰ মতে কৃষিকৰ্মৰ আৱিস্কাৰতকৈ জুইৰ আৱিস্কাৰ মানৱ বিৱৰ্তনৰ বেছি গুৰুত্বপূৰ্ণ ঘটনা। এচাম বিজ্ঞানীয়ে ক’ব বিচৰা মতে সমাজ বিজ্ঞানী সকলে ভবাৰ দৰে লিংগভিত্তিক কৰ্ম বিভাজন কৃষিৰ আৰম্ভণিৰ লগত জড়িত নহয়, বৰং এনে কৰ্ম বিভাজনৰ আদি বীজ জুইৰ ঘৰচীয়াকৰণ আৰু সিজোৱা খাদ্য খোৱাৰ অভ্যাসৰ লগত জড়িত। যদি বিজ্ঞানীসকলৰ এই মত সচাকৈ শুদ্ধ, তেন্তে আমাৰ প্ৰ্চলিত ধাৰণাতকৈ লিংগভিত্তিক কৰ্মবিভাজন আৰু তাৰ ফলশ্ৰুতিত কালক্ৰমত সমাজত গঢ়লৈ উঠা পুৰুষতান্ত্ৰিকতাৰ ইতিহাস বহুত বেছি পুৰণি। এই দিশ সমূহৰ ওপৰত আলোকপাত কৰাৰ আগতে মানুহে ঠিক কেতিয়াৰ পৰা জুইৰ ব্যৱহাৰ কৰিবলৈ শিকিলে, এই সম্পৰ্কত বিজ্ঞানীসকলৰ ধ্যান-ধাৰণানো কেনেকুৱা সেই বিষয়ে কিছু আলোচনা কৰি লওঁ আহক।
জুইৰ আৱিস্কাৰ আৰু মানুহৰ দ্বাৰা ইয়াৰ ব্যৱহাৰৰ সঠিক সময় নিৰূপণ কৰাৰ বাবে হয়তো নিৰবিচ্ছিন্ন গৱেষণা চলিছে আৰু সদায় নতুন নতুন তথ্য পোহৰলৈ আহি আছে। কিন্তু এই সম্পৰ্কীয় দুটা খুব প্ৰাৰম্ভিক প্ৰশ্ন বহুত দিন ধৰি গুৰুত্ব পোৱা নাছিল। প্ৰথম প্ৰ্শ্ন: পৃথিৱীত মানুহৰ আবিৰ্ভাৱ ঘটাৰ আগতে জুইৰ চৰিত্ৰ কেনেকুৱা আছিল আৰু দ্বিতীয় প্ৰশ্ন: আমাৰ একেবাৰে প্ৰথম পৰ্যায়ৰ পূৰ্বজ সকলৰ জুইৰ সম্পৰ্কত অভিজ্ঞতা কেনে আছিল?
জুই একুৰা জ্বলিবৰ বাবে তিনিটা উপাদানৰ প্ৰয়োজন হয় : জ্বলিবৰ বাবে এটা ইন্ধন, সঠিক পৰিমাণৰ অক্সিজেনৰ উপস্থিতি আৰু জ্বলন প্ৰক্ৰিয়াৰ আৰম্ভণি ঘটাবৰ বাবে এটা তাপ বা স্ফুলিঙ্গৰ উৎস। জুই জ্বলিবৰ বাবে এই তিনিওটা বস্তুৰে উপস্থিতি অপৰিহাৰ্য্য। মুকলি মাটি এডোখৰত জুইৰ আশা কৰিব নোৱাৰি; ইন্ধনৰ উৎস হিচাপে উদ্ভিদৰ উপস্থিতি লাগিব। কেৱল কিন্তু কিবা গছ-গছনি বা খেতি-বাতি থাকিলেই ন’হব, যদি পৰিবেশত অতি কমেও ১৫% অক্সিজেন নাথাকে (বৰ্তমান আমাৰ পৰিবেশত অক্সিজেনৰ পৰিমাণ ২১%) তেন্তে জুই নজ্বলে। মানুহৰ আগমনৰ আগতে তাপ বা স্ফুলিঙ্গৰ প্ৰ্ধান উৎস আছিল বিজুলী।
জীৱাশ্মবিদ সকলে যদি কোনো ঠাই খনন কৰোতে এঙাৰৰ উপস্থিতি পাই তেন্তে সেই স্থানত জুই জ্বলিছিল বুলি বিশ্বাস কৰে। কাঠৰ অসম্পূৰ্ণ দহনৰ ফলত এঙাৰ উৎপন্ন হয় আৰু ইয়াৰ উপস্থিতি জুই জ্বলাৰ সপক্ষে এক বলিষ্ঠ প্ৰমাণ বুলি বিজ্ঞানী সকলে বিশ্বাস কৰে। প্ৰায় ৪৪০ নিযুত মান বছৰৰ আগতে, ছিলোৰিয়ান যুগৰ শেষৰ ফাললৈ শিলত লাগি থকা অৱস্থাত এঙাৰৰ উপস্থিতি বিজ্ঞানী সকলে আৱিস্কাৰ কৰিছে আৰু এতিয়ালৈকে আৱিস্কৃত হোৱাৰ ভিতৰত এইটোৱেই আটাইতকৈ পুৰণা জুই জ্বলাৰ প্ৰমাণ। সেই সময়ত পৃথিৱীত উদ্ভিদৰ আৰ্ভিভাৱ ঘটিছিল যদিও পৰিবেশত অক্সিজেনৰ পৰিমাণ আজিৰ দৰে সুস্থিৰ নাছিল আৰু সেয়ে কৰবাত কেতিয়াবা অলপমান জুই জ্বলিছিল যদিও সেইয়া হয়তো আছিল নিত্যান্তই নগণ্য। সেই হিচাপত আজিৰ পৰা প্ৰায় ৩৪৫ নিযুত মান বছৰৰ আগতে, কাৰ্বনিফেৰাছ যুগৰ ঠিক আৰম্ভণি সময়তে যথেষ্ট পৰিমাণত বনজুই জ্বলিবলৈ আৰম্ভ কৰিছিল বুলি বিজ্ঞানী সকলে বিশ্বাস কৰে।
পৃথিৱীৰ পৰিবেশত অক্সিজেনৰ পৰিমাণ সকলো সময়তে সমান আৰু সুস্থিৰ নাছিল।যদিওবা কাৰ্বনিফেৰাছ যুগত বনজুই জ্বলাৰ প্ৰমাণ পোৱা যায় পাৰ্মিয়ান আৰু ট্ৰায়েছিক যুগত (প্ৰায় ২৫০ নিযুত বছৰৰ আগতে) পৰিবেশত অক্সিজেনৰ পৰিমাণ যথেষ্ট কমি যায় আৰু সেইবাবে এই সময়ছোৱাত এঙাৰৰ জীৱাশ্মীয় অবশেষ বৰ বেছিকৈ পোৱা নাযায়। ইয়াৰ বিপৰীতে কিন্তু ক্ৰিটাছিয়াছ যুগত (প্ৰায় ৯০ নিযুতমান বছৰৰ আগতে ) অৰ্থাৎ ডাইনছৰ বিলাকে পৃথিৱীত দপদপাই থকা সময়ত বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ প্ৰায় ৩১% মান আছিল। বিজ্ঞানীসকলে অনুমান কৰে এই সময়ছোৱাত হয়তো বনজুই সঘনাই লাগিছিল আৰু সেই জুইৰ তাপো হয়তো এতিয়াৰ তুলনাত বহুত বেছি আছিল। গৱেষণাই দেখুৱাইছে যে এই সময়ছোৱাত উত্তপ্ত পৰিবেশত সহবাস কৰিব পৰা পাইন, ইউক্লিপটাছ আদি গছৰ প্ৰথম আবিৰ্ভাৱ হৈছিল। এনেধৰণৰ গছৰ প্ৰজননৰ ক্ষেত্ৰতো জুয়ে সহায় কৰে।
সেইয়া বাৰু যিয়েই নহওঁক, প্ৰায় ৭ নিযুতমান বছৰৰ আগত যেতিয়া আফ্ৰিকাৰ ছাভানা অঞ্চলৰ নিচিনা ঘাঁহনিৰ সৃষ্টি হ’ল তেতিয়া সমগ্ৰ পৰিবেশ সলনিহৈ গ’ল আৰু তাত বাস কৰা জীৱ সমূহৰ ওপৰতো ইয়াৰ প্ৰ্ভাৱ পৰিলে।গৱেষকসকলে কম্পিউটাৰ আৰ্হিৰ জৰিয়তে কৰা অধ্যয়ন মতে ছাভানাত সঘনে বনজুই লগাতো অতি প্ৰয়োজনীয় আছিল, অন্যথা ঘাঁহনিবোৰ গুল্মজাত জংঘললৈ পৰিৱৰ্তনহৈ যাব। এই দিশৰ পৰা ক’ব পাৰি যিহেতু আমাৰ পূৰ্বজসকল প্ৰথম অৱস্থাত ছাভানাতে বাস কৰিছিল তেওঁলোকে বহুত বনজুই দেখিছিল আৰু এই অভিজ্ঞতাৰ ভিত্তিতে তেওঁলোকে পিছৰ পৰ্যায়ত জুইৰ ব্যৱহাৰ কৰিবলৈ শিকিলে। তেওঁলোকে হয়তো জুই নুমুৱাৰ পিছত পোৰা মৃত জীৱ, আধাপোৰা কাঠ আদি সংগ্ৰহ কৰিছিল বা জুইৰ আতংকত পলাব খোজা চৰাই, জীৱ আদি সহজতে হত্যা কৰি খাইছিল। এনেদৰেই হয়তো আমাৰ পূৰ্বজ ‘হ’মনিন’ সকলে এদিন জুইক ঘৰচীয়াকৰণ কৰিবলৈ সক্ষম হৈছিল।
জুইৰ ব্যৱহাৰৰ অতীত অধ্যয়ন কৰাৰ ক্ষেত্ৰত কিছুমান অসুবিধা আছে। প্ৰথম কথা জুই জ্বলোৱাৰ প্ৰমাণ গোটোৱা ইমান সহজ আৰু চিধা কথা নহয়। কৰবাত দুই এখন জুহালৰ অস্তিত্ব পালেও সেই সমূহো বৰ কামত অহা ধৰণৰ প্ৰমাণ নহয়।দুই এখন জীৱাশ্মকৃত জুহালৰ উপস্থিতিৰ ওপৰত ভিত্তি কৰি কোনো এক নিদিষ্ট স্থান আৰু সময়ত নিয়মিত ভাৱে জুই জ্বলোৱা হৈছিল বুলি মানি ল’ব নোৱাৰি। কোনো এক নিদিষ্ট সিদ্ধান্তত উপনীত হ’বৰ বাবে কোনো এক নিদিষ্ট অঞ্চলত, নিদিষ্ট সময়ত বহু স্থানত একেধৰণৰ জুহালৰ উপস্থিতি পাব লগা হয় আৰু এনে তথ্য পোৱাতো মুঠেই সহজ কথা নহয়; ইয়াৰ বাবে নৃতত্ববিদসকলে খননো কৰিব লগা হয় বহুত স্থানত। তাৰোপৰি এঙাৰ, ছাই, পোৰা মাটি আদিৰ অৱশেষসমূহ বতাহ, বৰষুণ আদিয়েও উটায় লৈ যায়।যদি কেনেবাকৈ পৰ্যাপ্ত প্ৰমাণ পোৱা যায়ো, তাৰ উৎস সন্ধান কৰাতোও সহজ নহয়। বিশেষকৈ এই অৱশেষসমূহ আচলতে কোনোবা ‘হ’মনিন’ প্ৰজাতিয়ে জ্বলোৱা জুই নে সেইয়া বনজুইৰ অৱশেষ সঠিকভাৱে ধাৰণা কৰা দিগদাৰ। যদি এটা অঞ্চলত বহু কেইখন জুহালৰ সন্ধান পোৱা যায়ো, তেতিয়াও কিন্তু সেয়া নিয়মীয়া ভাৱে জুইৰ ব্যৱহাৰৰ এক জোৰদাৰ প্ৰমাণ বুলি সাউতকৈ মানি নলয় বিজ্ঞানীসকলে। নিয়মীয়া মানে তেওঁলোকে এনে জুহাল সদায় ব্যৱহাৰ কৰিছিলনে, এসপ্তাহত এবাৰ, এমাহৰ মুৰত নে বছৰত এবাৰ? এনেধৰণৰ প্ৰ্শ্ন সমূহ সদায় থাকিয়েই যায়। সেইবাবে এনে অধ্যয়নত বহুত সময়ত বিজ্ঞানীসকলে অতীতৰ কোনো এক সময়ৰ বিষয়ে ধাৰণা কৰিবৰ বাবে কিছুমান সম্ভাৱনীয়তাৰ ওপৰত নিৰ্ভৰ কৰে, কৰিব লগা হয়। আচলতে পৃথিৱীৰ বিৱৰ্তন সম্পৰ্কত কৰা অধ্যয়নৰ বহুক্ষেত্ৰতে এনে সম্ভাৱনীয়তাসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আমাৰ পূৰ্বজসকলে প্ৰথম অৱস্থাত জুই দেখি কৰা আচৰণ সম্পৰ্কতো বিজ্ঞানীসকলে কৰা ধাৰণাসমূহৰো বেছি ভাগেইে এনে অনুমান আৰু সম্ভাৱনীয়তাৰ ওপৰত ভিত্তি কৰা।
সি বাৰু যি নহওঁক এতিয়ালৈকে পোৱা তথ্য অনুসৰি ‘হ’মনিন’ সকলে খুবসম্ভৱ আজিৰ পৰা প্ৰায় ১.৬ নিযুত মান বছৰৰ আগতে প্ৰথম জুইৰ ব্যৱহাৰ কৰিছিল।আফ্ৰিকা আৰু মধ্য এছিয়া অঞ্চলৰ ছটা মান স্থানত কৰা অলেখ খননৰ ভিত্তিত বিজ্ঞানীসকলে ক’ব খোজে আজিৰ পৰা ১.৬ নিযুতৰ পৰা প্ৰায় ৮০০,০০০ মান বছৰৰ আগতে ‘হ’মনিন’ জাতিৰ অন্তৰ্গত ‘হ’ম ইৰ্কেটাছ’ (Homo Erectus) সকলেই হয়তো পোন-প্ৰথমবাৰৰ বাবে জুইৰ সঘন আৰু প্ৰণালীবদ্ধ ব্যৱহাৰ আৰম্ভ কৰিছিল। যদিও এই আৱিস্কাৰ সম্পূৰ্ণ সত্য বুলি এতিয়াও প্ৰতিস্থিত হোৱা নাই, অধিকাংশ তথ্য প্ৰমাণ কিন্তু ইয়াৰ সপক্ষে আছে।
আমাৰ পূৰ্বজসকলে ঠিক কেতিয়াৰ পৰা নিয়মীয়াকৈ জুইৰ ব্যৱহাৰ কৰিলে সেই বিষয়ে বিতৰ্ক, দ্বিমত আদি নিশ্চয় আছে বা ভৱিষ্যতলৈও হয়তো থাকিব, কিন্তু জুইৰ ব্যৱহাৰে যে আমাৰ বিৱৰ্তনত এক গুৰুত্বপূৰ্ণ ভূমিকা ল’লে তাত কাৰো সন্দেহ নাই। জুইৰ সহায়ত মানুহ নিজকে হিংস্ৰ জন্তু-জানোৱাৰৰ পৰা বচাব পৰা হ’ল, জুইৰ পৰা ওলোৱা ধোঁৱাৰে বিষাক্ত ম’হ দাহ আদি খেদিব পৰা হ’ল, প্ৰয়োজনত বন-জংঘল পুৰি নিজৰ বসতিৰ বাবে ঠাই উলিয়াব পৰা হ’ল। হিংস্ৰ জন্তু-জানোৱাৰৰ মাজত বাছি থাকিবৰ বাবে জুই মানুহৰ বাবে এক শক্তিশালী অস্ত্ৰ্হৈ পৰিল। সেইবাবেই হয়তো কোৱা হয় মানুহে যেতিয়াৰ পৰা জুইক নিজৰ বসলৈ আনিব পৰা হ’ল, ঠিক তেতিয়াৰ পৰাই বিৱৰ্তনৰ দৌৰত মানুহে আৰু পিছলৈ ঘূৰি চাব লগা হোৱা নাই। ডাৰউইনে সেইবাবেই কৈছিল মানুহে আৱিস্কাৰ কৰা বস্তু সমূহৰ ভিতৰত ভাষাৰ পিছতে জুই অন্যতম।
নিঃসন্দেহে আমাক জুয়ে আন জীৱ-জন্তুতকৈ শক্তিশালী কৰি তুলি বিৱৰ্তনীয় সুবিধা দিলে, কিন্তু মানৱ বিৱৰ্তনত জুইৰ অৱদান মাত্ৰ ইমান খিনিয়েইনে? যোৱা শতিকাৰ শেষৰ সময়লৈকে এনেদৰেই ভৱা হৈছিল যদিও বৰ্তমান সময়ত বিজ্ঞানীসকলে এক সম্পূৰ্ণ নতুন দৃষ্টিকোণৰ পৰা সকলো কথা চাবলৈ আৰম্ভ কৰিছে। তেওঁলোকে বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছে যে মানুহক মানুহ কৰাৰ ক্ষেত্ৰত জুইৰ ভূমিকা কেৱল হিংস্ৰ জন্তুৰ পৰা আমাক বচাই ৰখাতে সীমাবদ্ধ নহয়, ইয়াতকৈ বহুত বেছি। হাৰ্ভাড বিশ্ববিদ্যালয়ৰ জীৱবিজ্ঞানী ৰিচাৰ্ড ৰেংঘামক (Richard Wrangham) এই ক্ষেত্ৰত বাটকটীয়া বুলি ক’ব পাৰি। তেখেতে এখোজ আগবাঢ়ি ক’ব খোজে মানুহক জুয়েহে মানুহ কৰিলে। কেনেকৈ?
পৃথিৱীত মানুহেই একমাত্ৰ জীৱ যি নিজৰ খাদ্য সিজাই খায়।বহুত সময়লৈকে জীৱবিজ্ঞানীসকলে খাদ্য ৰান্ধি খোৱাতো মানুহৰ বিলাসিতা বুলিয়েই ভাবিছিল। যোৱা শতিকাৰ সত্তৰৰ দশকলৈকে এডমাণ্ড লিছ (Edmund Leach) ক্লউড লেভি-ষ্ট্ৰ্ছ ( Claude Levi-Strauss) আদি নৃতত্ববিদ সকলে মানুহে আচলতে খাদ্য ৰান্ধি খোৱাৰ কোনো প্ৰয়োজন নাই, সকলো জন্তুৰ দৰে কেঁচা খাদ্যহে খাব লাগে আদি ধাৰণা পোষকতা কৰিছিল আৰু ইয়াৰ প্ৰসাৰো কৰিছিল। সিজাই বা পুৰি খোৱা খাদ্যই যে মানৱ বিৱৰ্তনত কিবা সহায় কৰিব পাৰে সেই কথা বিজ্ঞানীসকলে ভবাও নাছিল।কিন্তু বৰ্তমান সময়ত কৰা গৱেষণাই দেখুৱাইছে যে ৰন্ধা খাদ্য খোৱাতো মানুহৰ এক বিৱৰ্তনীয় অভিযোজন (adaptation)।
এতিয়া স্বাভাবিকতেই মনলৈ প্ৰশ্ন আহিব পাৰে যে উপযুক্ত জলবায়ু আৰু পৰ্যাপ্ত পৰিমাণৰ বনৰীয়া কেঁচা খাদ্য যোগান ধৰিলে কোনোবা ব্যক্তি বা জনগোষ্ঠীয়ে সেইয়া খাই বাছি থাকিব পাৰিবনে? ওপৰে ওপৰে চালে কথাটো তেনেই সহজ যেন লাগে যদিও আচলতে কিন্তু কোনো মানৱ সমাজেই, সি লাগে কোনোবা অনুন্নত অঘৰী সমাজেই হওক বা কোনোবা আধুনিক সমাজেই হওক, সম্পূৰ্ণ কেঁচা খাদ্য খাই থাকিব নোৱাৰে।ৰিচাৰ্ড ৰেংঘামৰ মতে যেনেদৰে ভাষা বিহীন এখন মানৱ সমাজ কল্পনা কৰিব নোৱাৰি একেদৰে সিজোৱা বা ৰন্ধা খাদ্য নোখোৱাকৈ জীৱনধাৰণ কৰা এখন সমাজো কল্পনাতীত। সিজাই খোৱা খাদ্যয়নো আমাক প্ৰজাতিগত ভাবে কি সুবিধা দিয়ে?
সৰু কথা এটা কল্পনা কৰকছোন। আমি যদি গৰুৰ নিচিনাকৈ খাদ্য পাগুলিব লগা হ’লহেতেঁন বা বান্দৰ, চিম্পাঞ্জী আদিৰ দৰে দিনটোৰ অধিকতৰ সময় ঘণ্টা খাদ্য চোবোৱাত পাৰ কৰিব লগা হলহেতেঁন? আন কামৰ বাবে আমাৰ হাতত সময় থাকিলেহেতেঁন জানো? জুইত ৰন্ধা খাদ্য কেঁচা খাদ্যতকৈ কোমল আৰু সেয়ে মানুহৰ তুলনাত্মকভাৱে সৰু দাঁত আৰু দুৰ্বল হনুৰ সহায়তে সেইবোৰ ক’ম সময়তে চোবাৱ পাৰে।আমি দিনটোৰ ভিতৰত এক ঘণ্টাতকৈও কম সময় চোবোৱাত খৰচ কৰাৰ বিপৰীতে চিম্পাঞ্জীয়ে দিনটোৰ প্ৰায় ছয়-সাত ঘণ্টা সময় কেৱল খাদ্য চোবায়েই পাৰ কৰিব লগা হয়। এইযে চিম্পাঞ্জীয়ে ইমান সময় অকটিয়াই-পকটিয়াই চোবোৱাত পাৰ কৰে আমাৰ পূৰ্বজ সকলৰ তুলনাত সিহঁতৰ হাতত চিকাৰ কৰিবলৈ, খাদ্য সংগ্ৰহ কৰিবলৈ সময় কম আছিল। সেয়ে ‘হ’মনিন’সকলে মাংস আৰু আন খাদ্য বেছিকৈ যোগাৰ কৰিব পাৰিছিল। খাদ্য সংগ্ৰহ কৰাত বেছি সময় দিবপৰা হোৱা কথাটো কিন্তু মানুহৰ বুদ্ধিমত্তাৰ বিকাশৰ দিশৰ পৰা যথেষ্ট তাৎপৰ্য্যপূৰ্ণ। সেই বিষয়ে বাৰু অলপ পিছত আহিম। তাৰ আগতে বেলেগ এটা দিশত চকু ফুৰাই লওঁ।
আমাৰ গুৰি দাঁতৰ (molar teeth) আকাৰ চিম্পাঞ্জীতকৈ যথেষ্ট সৰু। দেহৰ ওজন আৰু দাঁতৰ আকাৰৰ সমানুপাত উলিয়াই বিজ্ঞানী সকলে দেখুৱাইছে যে চিম্পাঞ্জীৰ তুলনাত আমাৰ গুৰি দাঁতৰ আকাৰ প্ৰায় আধা। দাঁতৰ আকাৰ সৰু হোৱা কাৰবাৰটো কিন্তু চিম্পাঞ্জীৰ পৰা ‘হোম ছেপিয়েঞ্চ’লৈ একাদিক্ৰমেহে হৈছে, ই তাৎক্ষণিক ভাৱে হোৱা প্ৰ্ক্ৰিয়া মুঠেই নহয়। ৰেংঘাম আৰু তেওঁৰ সহযোগী সকলৰ গৱেষণালব্ধ তথ্য মতে Australopithecus afarensis আৰু Homo habilis ৰ দাঁতৰ আকাৰৰ পাৰ্থক্য বৰ বেছি নহয় যদিও Homo Erectus প্ৰজাতিৰ দাঁতৰ আকাৰ কিন্তু আগৰ প্ৰজাতি দুটাতকৈ যথেষ্ট হ্ৰাস পাইছে। আকৌ Homo Erectus তকৈ Homo Ninderthel দাঁতৰ আকাৰ যথেষ্ট কমিছে। Homo Sapiens আৰু Homo Ninderthel ৰ দাঁতৰ আকাৰ প্ৰায় সমান। ইয়াৰ পৰা সহজেই অনুমান কৰিব পাৰি দাঁতৰ সৰু আকাৰ আচলতে মানুহৰ এক বিৱৰ্তনীয় অভিযোজন।
ৰন্ধা খাদ্য খোৱাৰ ফলত যে কেৱল দাঁতৰ আকাৰহে সৰু হৈছিল তেনে নহয় চিম্পাঞ্জীৰ তুলনাত ‘হ’মনিন’ বিলাকৰ খাদ্যনলীৰ দৈঘ্যও সংকুচিত হ’বলৈ আৰম্ভ কৰিলে। চিম্পাঞ্জীৰ তুলনাত মানুহৰ খাদ্যনলীৰ দৈঘ্য যথেষ্ট ক’ম। ইয়াৰ প্ৰ্ধান কাৰণ হ’ল সিজোৱা খাদ্য হজম কৰাতো যিকোনো কেঁচা খাদ্যতকৈ বহুত সহজ আৰু কম দৈঘ্যৰ খাদ্যনলীতে এই কাম হয়।খাদ্যনলীৰ সংকোচন ঘটা কামটোও কিন্তু Homo Erectus ৰ সময়ৰ পৰা আৰম্ভ হয়। দাঁত সৰু হোৱা আৰু খাদ্যনলীৰ আকাৰ সংকোচন ঘটা এই দুইটা পৰিঘটনা প্ৰায় একে সময়তে আৰম্ভ হোৱা। দুইটা পৰিঘটনা প্ৰায় একেসময়তে হোৱা কথাটো আমাৰ পূৰ্বজ সকলে যে এই সময়ৰ পৰা সিজোৱা খাদ্য খাবলৈ আৰম্ভ কৰিছিল তাৰ এক বলিষ্ঠ প্ৰমাণ । এই দুইটা পৰিঘটনা যি সময়ৰ পৰা ঘটিবলৈ আৰম্ভ কৰিছিল ঠিক সেই সময়ৰ পৰাই ক্ৰমে ক্ৰমে ‘হ’মনিন’ৰ মগজুৰ আকাৰো বাঢ়িবলৈ আৰম্ভ কৰিছিল। কথাটো তেনেহলে এনেকুৱা নেকি যে আমি সিজোৱা খাদ্য খাবলৈ অভ্যাস কৰাৰ পিছৰে পৰা মগজুৰ আকাৰ বাঢ়িবলৈ ধৰিলে? যদি হয়, কেনেকৈ?
আমি খোৱা খাদ্যৰ পৰা যিখিনি শক্তি ওলাই তাৰ অধিকাংশ কিহঁত খৰচ হয় বাৰু? আপুনি হয়তো ভাবিব পাৰে জিমত গৈ গধুৰ লোঁহা ডাঙিলে আটাইতকৈ বেছি শক্তি লাগে; আচলতে কিন্তু কথাটো তেনেকুৱা নহয়। আমাৰ দেহৰ অধিকাংশ শক্তি খৰচ হয় মগজু, হৃদপিণ্ড, পাকস্থলী, লিভাৰ আদিবোৰৰ কাম-কাজৰ বাবে। আমাৰ মগজুটোক দেহৰ ২০% মান শক্তিৰ প্ৰয়োজন হয়। গোটেই দিনটো যদি আপুনি একো বিশেষ চিন্তা নকৰাকেও পাৰ কৰে তেতিয়াও কিন্তু সিমানখিনি শক্তি লাগেই। এই শক্তি আহিব কৰ পৰা? হয় খাদ্যৰ জৰিয়তে অতিৰিক্ত ভাৱে যোগান ধৰিব লাগিব ন’হলে সেয়া আন বেলেগ অংগক প্ৰয়োজন হোৱা শক্তিৰ পৰা কমিব লাগিব। আগৰ বিজ্ঞানীসকলে ক’ব বিচাৰে যে মানুহে যেতিয়াৰে পৰা মাংস খাবলৈ আৰম্ভ কৰিলে আমাৰ মগজুৰ বাবে প্ৰয়োজনীয় শক্তিখিনি পালে। কিন্তু বৰ্তমান সময়ত এই ধাৰণা কিছু সলনি হৈছে। যদি মাংস আমি কেচাঁকৈ খালোহেতেঁন তেতিয়া? আমাৰ অধিকাংশ শক্তি সেই মাংস চোবাওতে আৰু হজম কৰাতে খৰচ হ’লহেতেঁন। সিজালে মাংসত থকা কলাজেন অৰ্থাৎ মাজৰ সংযোগী কোষ সমূহ ভাঙে, প্ৰটিন সমূহৰ জটিল গঠন শিথিল কৰি মাংস কোমল কৰি তোলে। জুইৰ তাপে উদ্ভিদ কোষৰ কোষাবৰণ ভাঙি ভিতৰত থকা ষ্টাৰ্ছ আৰু চৰ্ৱী বাহিৰলৈ উলিয়াই আনে। তাৰোপৰি সিজোৱা খাদ্যৰ পৰা আমাৰ দেহে বেছি শক্তি আহৰণ কৰিব পাৰে। যিহেতু খাদ্য ৰন্ধা প্ৰক্ৰিয়াটোৰ আগতে সেইবোৰ সৰু সৰুকৈ কাটি লোৱা হয় তাৰফলতো হজম প্ৰ্ক্ৰিয়াত কম শক্তি খৰচ হয়, কম সময় লাগে। আৰু সেইবাবে সিজোৱা খাদ্য খাবলৈ লোৱাৰ ফলত আমাৰ খাদ্যনলী ক্ৰ্মাণে ছুটি হৈ আহিব ধৰিলে। খাদ্যনলী ছুটি হোৱাৰ ফলত ইয়াক প্ৰয়োজন হোৱা শক্তিৰ পৰিমাণো কমি গ’ল আৰু তাৰপৰা ৰাহি হোৱা শক্তিখিনি মগজুৰ বৰ্ধনৰ বাবে ব্যৱহাৰ হ’ল। খাদ্যনলীৰ আকাৰ সৰু হোৱা আৰু মগজুৰ আকাৰ বৃদ্ধি হোৱা এই দুয়োটা পৰিৱৰ্তন প্ৰায় একেসময়তে হোৱা কথাটো কোনো কাকতলীয় সংযোগ নহয়, এটা আনটোৰ ওপৰত নিৰ্ভৰশীল পৰিঘটনা।
ইয়াৰ উপৰিও আন এটা দিশো মন কৰিবলগীয়া। যেতিয়াৰ পৰা মানুহে জুইত খাদ্য ৰন্ধা আৰম্ভ কৰিলে এটা বৰ গুৰুত্বপূৰ্ণ ঘটনা ঘটিলে। যদিও ৰান্ধি খোৱা খাদ্য চোবাওতে কম সময় আৰু হজম কৰোতে কম শক্তি লাগে ৰন্ধন প্ৰক্ৰিয়াটোত আমাৰ বহুত সময় খৰচ হয়। আন জীৱই চিকাৰ বা সংগ্ৰ্হ কৰা খাদ্য প্ৰায় লগে লগেই খাই, মানুহে ফল-মূলক বাদ দি আন কোনো খাদ্য ইমান সোনকালে খাব নোৱাৰে। এইযে খাদ্য ৰন্ধা সময়খিনি, বুদ্ধিমত্তাৰ বিৱৰ্তনত ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। খাদ্য ৰন্ধাৰ সময়ত হয়তো আমাৰ পূৰ্বজসকল জুম বান্ধি জুইৰ চাৰিওফালে বহি আছিল। এনেদৰে সময় পাৰ কৰাৰ ফলত তেওঁলোকৰ মাজত সামাজিক বন্ধন শক্তিশালী হৈছিল। বৃহৎ সংখ্যাত জুম বান্ধি থাকিব পৰা ক্ষমতা প্ৰজাতি হিচাপে কেৱল আমাৰহে আছে আৰু পৃথিৱীত আমি দপদপাই থাকিব পৰাৰ ই এক অন্যতম কাৰণ। ক’ব পাৰি জুইৰ নিয়মীয়া ব্যৱহাৰে আমাক গোট বান্ধি থকাত ইন্ধন যোগালে। ইয়াতকৈও ডাঙৰ কথাটো হ’ল বহুত মানুহ একগোটহৈ যেতিয়া বেছি দেৰি থাকে স্বাভাবিকতেই তেওঁলোকৰ মাজত বিভিন্ন ভাৱৰ আদান-প্ৰ্দান হয়। এনেদৰে ভাৱৰ আদান প্ৰদানৰ ফলতেই এদিনগৈ হয়তো আমাৰ ভাষাৰ উৎপত্তি হ’ল। জুইৰ ব্যৱহাৰ নিশিকা হ’লে হয়তো আমি ইমান উন্নত ভাষা ব্যৱহাৰ কৰি কথা ক’ব পৰা নহলোহেতেঁন।
ৰন্ধা খাদ্য খোৱাতো আমাৰ এক বিৱৰ্তনীয় অভিযোজন, এই কথাৰ প্ৰমাণ হিচাপে আৰু কিছু যুক্তি বিজ্ঞানী সকলে আগবঢ়াইছে। তাৰে ভিতৰত এক অন্যতম প্ৰমাণ হ’ল কেৱল কেঁচা খাদ্য খাই থাকিলে মহিলাসকলৰ প্ৰ্জনন কাল হ্ৰাস হয়। ৰিচাৰ্ড ৰেংঘাম আৰু তেওঁৰ সহযোগী বিজ্ঞানীসকলে সংগ্ৰহ কৰা তথ্য মতে যি সকল নগৰীয়া মহিলাই কেৱল কেঁচা খাদ্য খায় ( raw foodish) প্ৰয়োজনীয় সকলো পুষ্টি পাই যদিও আন মহিলাতকৈ তেওঁলোকে বেছি সোনকালে ৰজনোবৃত্তি (menopause) লাভ কৰে। ইয়াৰ প্ৰ্ধান কাৰণ হ’ল আমাৰ শৰীৰে কেঁচা খাদ্যৰ পৰা সিজোৱা খাদ্যৰ সমান পুষ্টি নিষ্কাষণ কৰিব নোৱাৰে। বিৱৰ্তনে আমাৰ দেহতো তেনেকৈ গঢ় দিলে।
ইয়াৰ উপৰিও সিজোৱা খাদ্য খোৱাৰ ফলত খাদ্যৰ পৰা হ’ব পৰা বিষক্ৰিয়া বা কেঁচা খাদ্যত থকা বেক্টেৰীয়া, ভাইৰাছ আদিৰ সংক্ৰমণৰ সম্ভাৱনীয়তা কিছু কমিল। ইয়াৰ ফলত মানুহৰ আয়ুস বাঢ়িবলৈ ধৰিলে। সৰু কথা এটা মন কৰিলেই কথাটো গম পাব। মানুহেই হয়তো একমাত্ৰ প্ৰাণী যাৰ জীৱিত কালত সকলো দাঁত সৰি যায়। অৰ্থাৎ দাঁতৰ আয়ুস শেষহৈ যোৱাৰ পিছতো আমি জীয়াই থাকো। আমাৰ গঢ়-আয়ুস বঢ়াৰ ফলত কি হ’ল বাৰু? প্ৰথম সুবিধা হ’ল সন্তানৰ লালন-পালন কৰাৰ ক্ষেত্ৰত আমি আইতাক ককাকৰ সহায় পোৱা হ’লো। সন্তান ডাঙৰ কৰিবলৈ বেছি ব্যক্তিৰ সহায় পোৱাতো প্ৰ্জাতি হিচাপে বহুত সুবিধাজনক কথা। এনে হোৱাৰ ফলত আন জীৱৰ তুলনাত নৱজাতকৰ মৃত্যুৰ হাৰ মানুহৰ ক্ষেত্ৰত কিছু হলেও কমিল। বিৱৰ্তনীয় প্ৰ্তিযোগিতাত এইটো বাৰু কম সুবিধাৰ কথা হ’লনে? তাৰোপৰি আমাৰ যে পূৰ্বজসকলৰ আয়ুস বাঢ়িলে তাৰফলত এটা প্ৰজন্মৰ পৰা পিছৰ প্ৰজন্ম সমূহলৈ জীৱনৰ অভিজ্ঞতাবোৰ বেছি সুচলভাৱে প্ৰ্চাৰ হ’ল। অৰ্থাৎ আইতা, ককাহঁতৰ পৰা নাতি-নাতিনীসকলে জীৱনৰ অভিজ্ঞতা গোটাই কামত লগাব পৰা হ’ল। এই কথাবোৰে আমাক প্ৰ্জাতিগত ভাৱে খুব লাভৱান কৰিলে।
ৰেংঘামৰ মতে মানুহে ৰন্ধন কলা আয়ত্ব কৰাৰ ফলত খুবসম্ভৱ আৰু এটা ঘটনা ঘটিল। হয়তো শাৰীৰিক গঠনৰ পাৰ্থক্যৰ বাবেই আমাৰ পূৰ্বজসকলৰ গোট সমূহত খাদ্য ৰন্ধাৰ কামতো নাৰীসকলৰ ভাগত পৰিলে আৰু পুৰুষসকলে প্ৰধানতঃ চিকাৰ কৰাৰ দ্বায়িত্ব ল’লে। প্ৰথম অৱস্থাত নিজৰ সুবিধাৰ বাবে হোৱা এনে কৰ্ম বিভাজনে হয়তো সময়ত পুৰুষতান্ত্ৰিকতাৰ ৰুপ ল’লে। বিৱৰ্তন বিজ্ঞানৰ আন বহু কথাৰ দৰে ইয়ো এক অনুমানহে। অন্ততঃ আজিৰ তাৰিখত ইয়াৰ কোনো তথ্য প্ৰমাণ আদি নাই। যদি ৰেংঘামৰ অনুমান সঁচা তেন্তে সমাজ বিজ্ঞানীসকলে সচৰাচৰ ভবাৰ দৰে পুৰুষতান্ত্ৰিকতা কৃষিকৰ্মৰ লগত জড়িত নহয়, তাতকৈ বহুত আগতেই ইয়াৰ বীজ অংকুৰিত হৈছিল। সেইয়া যিয়েই নহওঁক এটা কথা কিন্তু ঠিক যে মানুহৰ বুদ্ধিমত্তাৰ বিকাশত জুইৰ ভূমিকা অপৰিহাৰ্য্য। ৰেংঘামৰ সুৰত সুৰত মিলাই জুইৰ বাবেহে আমি মানুহ হলো ( Fire made us human)বুলি ক’লে খুব বেছি অত্যুক্তি কৰা ন’হব।

(ইচ্ছুকসকলে এই বিষয়ত অধিক জানিবৰ বাবে Richard Wrangham ৰ ‘ Catching Fire: How Cooking Made Us Human, 2009, Published by Profile Books in England and Basic Books in USA, কিতাপখন পঢ়িব পাৰে।)

Leave a Reply

Your email address will not be published. Required fields are marked *