অনুবাদকবিতা

মই ঈশ্বৰ (মূল: পুনিত শৰ্মা :: অনুবাদ : দেৱব্ৰত কটকী)

যেতিয়া মই কওঁ
সমকামীৰ অধিকাৰৰ কথা
তেতিয়া আপুনি বিচাৰি উলিয়ায়
মোৰ ভিতৰত এজন সমকামীক।
যেতিয়া মই
মুছলমানৰ প্ৰাপ্যৰ কথা কওঁ,
আপুনি বিচাৰি উলিয়ায়
মোৰ ভিতৰত এজন মুছলমান

ইয়াৰ পিছত মই যেতিয়া গছৰ কথা কম,
আশা কৰোঁ তেতিয়া মোৰ ভিতৰত
আপুনি এখন সেউজীয়া অৰণ্য বিচাৰি পাব—
যেতিয়া মই পানীৰ বিষয়ে লিখিম,
বিচাৰি পাব মোৰ হৃদয়ত এখনি খৰস্ৰোতা নদী!

কোনোবা শ্ৰমিক নাইবা কোনো খেতিয়ক,
কোনো মহিলা অথবা কোনো এটি শিশু;
এই পৃথিৱী, চৰাই হওক অথবা কোনো ভিক্ষাৰী—
মই যি কথাই উল্লেখ নকৰোঁ কিয়,
আপুনি এই সকলোবোৰ মোৰ ভিতৰতেই বিচাৰি ল’ব।

আপুনি বিচাৰি ল’ব মোৰ ভিতৰত প্ৰেম,
আৰু কেতিয়াবা অন্ধকাৰ!
দুখ আৰু সুখ, খং আৰু গ্লানি;
আনকি আপুনি আপোনাৰ নিসংগতাকো
মোৰ ভিতৰতেই বিচাৰি ল’ব।

মই সেইবোৰ আশাও নকৰোঁ যদিও
কেতিয়াবা কোনোবা এদিন
যেতিয়া আপুনিও
শোষিতৰ শাৰীত একেলগে থিয় হ’ব,
মই আপোনাৰ প্ৰাপ্যৰ কথা কম।

আৰু পাৰে যদি তেতিয়াই
মোৰ ভিতৰত
আপুনি নিজকে বিচাৰিব।

মই আপোনাৰ ঈশ্বৰ—
আপোনাৰ অনাস্থাৰ পৰা জনম লোৱা
আস্থাৰ ঈশ্বৰ

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *