কেন্দ্ৰীয় নিবন্ধ

যুক্তিবাদৰ কষটি শিলতহে সম্ভৱ হৈ উঠিব প্ৰগতি (ৰঞ্জিত বৰা)

মানুহক বাদ দি প্ৰকৃতিৰ বুকুৰ অন্যান্য বস্তুপুঞ্জৰ বিৱৰ্তন আৰু বিকাশ প্ৰকৃতিৰ স্বাভাৱিক নিয়মানুযায়ী সম্পাদিত হয়৷ অৰ্থাৎ প্ৰকৃতিৰ নিয়মৰ বান্ধত থাকিয়েই জগতৰ জড় আৰু জীৱ সকলো বস্তুৱেই কাল অতিবাহিত কৰে৷ কিন্তু এই নিয়ম ভাঙি ব্যতিক্ৰম হ’ল মানুহ৷ মানুহে প্ৰকৃতিয়ে বান্ধি দিয়া নিয়মক নিঃচৰ্তভাৱে স্বীকাৰ কৰি নল’লে৷ মানুহে প্ৰকৃতিক প্ৰশ্ন কৰিলে—নিতৌ ন ন প্ৰশ্ন৷ যাৰ ফলশ্ৰুতিত মানুহে প্ৰকৃতিৰ নিয়মক নিজৰ সুবিধানুযায়ী ব্যৱহাৰিক জীৱন-যাত্ৰাত প্ৰয়োগ কৰি গঢ়ি তুলিলে ‘মানৱ সমাজ’৷ যি নিজকে বস্তুজগতৰ আৱেগ আৰু বিবেক হিচাপে প্ৰতিষ্ঠা কৰিলে৷ অৱশ্যে মানুহৰ ক্ষেত্ৰতো প্ৰকৃতিৰ স্বাভাৱিক নিয়মৰ ব্যতিক্ৰম নহ’লহেঁতেন; যদিহে ক্ৰমবিৱৰ্তনৰ পিছত মানুহে সমাজ-বিকাশৰ পথত খোজ নেপেলালেহেঁতন৷ অৰ্থাৎ প্ৰথমে শ্ৰম আৰু পিছলৈ শ্ৰমলব্ধ চেতনা আৰু ভাষাই মানুহক প্ৰকৃতিৰ দাসত্বৰ পৰা মুক্তি দি জীৱ শ্ৰেষ্ঠৰ মৰ্যাদা প্ৰদান কৰিলে৷ যি শ্ৰেষ্ঠত্বৰ কাষ চপাটো জগতৰ বাকী জীৱমণ্ডলীৰ পক্ষে সম্ভৱ নহ’ল৷ যাৰবাবে সিবিলাক নিয়মৰ দাস হৈ স্থানু হৈয়ে আজিও বৰ্তি আছে আহাৰ, নিদ্ৰা আৰু মৈথুনৰ চিৰাচৰিত ক্ৰিয়াৰ যান্ত্ৰিকতাৰ মাজতে৷ কিন্তু ইয়াৰ বিপৰীতে মানুহে বস্তুজগতৰ পৰা চেতনা আহৰণ কৰি উত্তৰণৰ বাটত বাট বুলিবলৈ ল’লে আৰু আজিও দুগুণ উৎসাহেৰে অহোপুৰুষাৰ্থ কৰি আহিছে৷ মানুহৰ এই উত্তৰণ সম্পৰ্কে এটা কথাই ক’ব পাৰি—সেয়া হ’ল, উত্তৰণৰ এই গতিশীল প্ৰক্ৰিয়াৰ দিক্‌ নিৰ্ণয়হে সম্ভৱ; অন্তিম বিন্দু ক’ত তাক নিৰ্ণয় অসম্ভৱ নহ’লেও অন্ততঃ আটাইতকৈ কঠিন কাৰ্য৷ প্ৰকৃতি-জগতৰ মানুহ নামৰ এই জীৱকুলৰ বিৱৰ্তন আৰু বিকাশৰ যি ইতিহাস, সেই ইতিহাসেই হ’ল যুক্তিবাদৰ আধাৰ৷ এই যুক্তিবাদৰ পুংখানুপুংখ অধ্যয়ন আৰু সণ্ঢালনি চৰ্চাই হ’ল মানুহৰ সকলো জ্ঞান-বিজ্ঞানৰ [epistemology] মূল সোপান৷

কিন্তু চৰম পৰিহাসৰ কথা যে যুক্তিবাদৰ এই মৌলিক তত্ত্বৰ উপযুক্ত প্ৰচাৰ-প্ৰসাৰ আজিলৈকে সম্ভৱ হৈ উঠা নাই৷ যাৰ ফলত মানৱ জাতিৰ ইতিহাসত অন্ধকাৰৰ যুগ বুলি বিবেচিত মধ্যযুগৰ সদম্ভ স্থিতি আজিও বিশ্বত বিৰাজমান হৈ প্ৰগতিৰ পথত হেঙাৰ স্বৰূপে থিয় দিছে৷ উল্লেখযোগ্য যে প্ৰাচীনকালৰ লোকবিশ্বাস-মেজিক আদিৰ সংস্কাৰৰ ফলত ধৰ্ম আৰু ঈশ্বৰ বিশ্বাসৰ জন্ম হৈছিল৷ পৰৱৰ্তী সময়ত এই ধৰ্ম আৰু ঈশ্বৰ বিশ্বাসৰ ভিত্তিতে গঢ়ি তোলা হৈছিল সমাজ-ব্যৱস্থা৷ যি সমাজ-ব্যৱস্থাৰ উৎপাদন ব্যৱস্থা আছিল সামন্তবাদ৷ য’ত উৎপাদন ব্যৱস্থাৰ নিয়ন্ত্ৰণ কৰিছিল সামন্ত প্ৰভু শ্ৰেণীয়ে৷ উৎপাদন ব্যৱস্থাটোৰ জোল খোৱা এই শ্ৰেণী প্ৰভুৱে নিজ শ্ৰেণী স্বাৰ্থৰ সুৰক্ষাৰ হেতু ধৰ্ম আৰু ঈশ্বৰক ক্ষমতা আৰু সম্পদৰ বলেৰে প্ৰতিষ্ঠা কৰিছিল সৃষ্টি, স্থিতি আৰু প্ৰলয়ৰ নিয়ন্তা স্বৰূপে৷ এজন ঈশ্বৰ বা একেশ্বৰবাদ এই সামন্ত যুগৰ অন্যতম অৱদান৷ যি অৱদানে গণতান্ত্ৰিক প্ৰমূল্যবোধৰ শ্মশান যাত্ৰাৰ বাট কাটি দিছিল৷ এই সময়ছোৱাতে ৰচিত হৈছিল নানা ধৰ্মশাস্ত্ৰৰ৷ যিবোৰ শাস্ত্ৰই জ্ঞান-বিজ্ঞানৰ উৎস আৰু নিয়ন্তাৰ অধিকাৰী বুলি ঈশ্বৰক স্বীকৃতি দিছিল আৰু ঈশ্বৰৰ নিৰ্দেশ অনুযায়ী এই জ্ঞান-বিজ্ঞানৰ প্ৰসাৰ-প্ৰচাৰৰ দায়িত্ব পালন কৰিছিল এশ্ৰেণী শ্ৰমবিমুখ পৰশ্ৰমজীৱীয়ে৷ ভাৰত উপ-মহাদেশত এই দায়িত্ব সুচাৰুৰূপে পালন কৰিছিল উৎপাদন কৰ্মৰ জ্ঞানৰহিত এখিনি অঘৰী পশুপালকে৷ যিসকল সিন্ধু নদীৰ পাৰত গঢ়ি উঠা সুপ্ৰাচীন সভ্যতাৰ পতনৰ বাবেও দায়ী বুলি কোৱা হয়৷ এই অঘৰী পশুপালক জাতিৰ উদ্যোগত গঢ়ি উঠা সামাজিক শ্ৰেণী বিভাজনো আছিল চমকপ্ৰদ৷ সৰ্বশক্তিমানজনৰ এজন চাবঅৰ্ডিনেট দেৱতাৰ শৰীৰৰ অংগৰ পৰা চাৰি জাতিৰ সৃষ্টিৰ তত্ত্ব প্ৰতিষ্ঠা কৰি এই শ্ৰেণীয়ে নিজ শ্ৰেণী স্বাৰ্থৰ অনিৰ্দিষ্ট কাললৈ সুৰক্ষাৰ বন্দোৱস্ত কৰি লৈছিল৷ তেওঁলোকে বৈশ্য আৰু শূদ্ৰসকলক পতিয়ন নিয়াইছিল যে যদিহে তেওঁলোকে নিজ দায়িত্ব পালন নকৰে তেনেহ’লে জগতত অথন্তৰ ঘটিব৷ বৈশ্য আৰু শূদ্ৰই আৰোপিত দায়িত্ব পালন নকৰিলে যে অথন্তৰ ঘটিব তাক পৰশ্ৰমজীৱীসকলে বুজি উঠাৰ কথাটোৱে ইয়াকে প্ৰতিপন্ন কৰে যে এই শ্ৰেণী বিভাজনৰ ভিত্তি মূলতঃ অৰ্থনৈতিক আছিল৷ পৃথিৱীৰ চুকে-কোণে সিঁচৰতি হৈ থকা গোটেইবোৰ সমাজেই এনে ব্যৱস্থাৰে টিকি আছিল৷ অৰ্থাৎ সমাজৰ মূল ভেটি অৰ্থনৈতিক ব্যৱস্থাটোৰ ক্ষেত্ৰত প্ৰভেদ বিশেষ একো নাছিল৷ মাত্ৰ উপৰিসৌধবিলাকৰহে কিছু স্বকীয় আঞ্চলিক বৈশিষ্ট্য আছিল৷ সুদীৰ্ঘ কালজুৰি টিকি থকা এই ধৰ্ম আৰু ঈশ্বৰৰ যুগটোৰ বক্ষ বিদীৰ্ণ কৰি খ্ৰিষ্টীয় পোন্ধৰশ আৰু সোতৰশ শতিকাৰ সময়খিনিত ইউৰোপত সংঘটিত হোৱা নৱজাগৰণ, ধৰ্মীয় সংস্কাৰ, শিল্প বিপ্লৱ আৰু ফৰাচী বিপ্লৱৰ ফলশ্ৰুতিত আধুনিক যুগে ভুমুকি মাৰিলে৷ বৈশ্য [বণিক] শ্ৰেণীৰ সচেতনতা বৃদ্ধি পালে৷ সামন্ততন্ত্ৰৰ হাতৰ পৰা উৎপাদন ব্যৱস্থা বণিক শ্ৰেণীৰ হাতলৈ আহিল৷ সমাজ-ব্যৱস্থাৰ আমূল পৰিৱৰ্তন ঘটিল৷ এইবাৰ ক্ষমতা আৰু সম্পদ বণিক শ্ৰেণীৰ নিয়ন্ত্ৰণলৈ আহিলত ৰাষ্ট্ৰ আৰু ধৰ্ম-ঈশ্বৰ এই শ্ৰেণীয়ে নিজ স্বাৰ্থৰ অনুকুলে ব্যৱহাৰত উঠিপৰি লাগিল৷ সমাজৰ সকলো দিশতে ব্যাপক পৰিৱৰ্তন পৰিলক্ষিত হ’ল৷ মানুহৰ জীৱন-জীৱিকাৰ মান আগতকৈ উন্নত হোৱা দেখা গ’ল৷ সাধাৰণ শিক্ষা আৰু বিজ্ঞানৰ যথেষ্ট উন্নতি আৰু প্ৰসাৰ ঘটিল৷ কিন্তু এই বণিক শ্ৰেণীও শ্ৰেণী স্বাৰ্থৰ ঊধ্বৰ্লৈ যাব নোৱাৰিলে৷ এওঁলোকেও সকলো জ্ঞান আৰু সম্পদৰ কেন্দ্ৰীকৰণতহে সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিলে৷ ব্যাপক হাৰত হোৱা মুদ্ৰাৰ প্ৰচলনে এওঁলোকক অধিক শক্তিশালী কৰি তুলিলে৷ জ্ঞান আৰু কৰ্মৰ সীমা এওঁলোকৰ মতে নিৰ্ধাৰণ হ’বলৈ ধৰিলে৷ ‘পেটেণ্ট’ আইন প্ৰৱৰ্তন হ’ল৷ স্বাধীন চিন্তা আৰু সামাজিক চাহিদা অনুযায়ী উৎপাদন কাৰ্য আদিৰ নিচিনা সাৰ্বজনীন আৰু প্ৰয়োজনীয় ধ্যান-ধাৰণাক কবৰস্থ কৰাৰ কুট-কৌশল চলিল৷ মুখেৰে সাম্য, মৈত্ৰী আৰু স্বাধীনতাৰ কথা কৈ কামেৰে চূড়ান্ত অসাম্য, বৈৰিতা আৰু পৰাধীনতাৰ বীজ সিঁচিবলৈ লাগিল৷ জাতি-ধৰ্ম-বৰ্ণৰ ভিত্তিত সমাজৰ নিম্নবৰ্গৰ শ্ৰেণীটোক [যিটোৰ শ্ৰমৰ ওপৰতে নিৰ্ভৰ কৰে সমগ্ৰ ব্যৱস্থাটো] বিভাজিত কৰি শাসন-শোষণ অব্যাহত ৰখাত লাগিল৷ গঢ়ি তুলিলে পুঁজিবাদী সমাজ-ব্যৱস্থা৷ প্ৰতিষ্ঠা হ’ল ‘যোগ্য ভোগ্য বসুন্ধৰা’ৰ দৰে অমানৱীয় দৰ্শনৰ৷ পুঁজিৰ প্ৰচলনৰ বাবে বজাৰ বিচাৰি নিজ দেশৰ পৰিধি ভাঙি চল-চাতুৰি আৰু যুদ্ধৰ জৰিয়তে সাম্ৰাজ্য বিস্তাৰৰ আখৰা আৰম্ভ হ’ল৷ এই শ্ৰেণীয়ে দুটা শিবিৰত বিভক্ত হৈ এবাৰ নহয় দুবাৰকৈ বিশ্বজুৰি যুঁজ-বাগৰৰ খেলাও খেলিলে৷ দ্বিতীয়বাৰৰ যুঁজৰ পিছত বিশ্বজুৰি প্ৰবল হৈ উঠা জাতীয় মুক্তি সংগ্ৰামবোৰ সাম্ৰাজ্য বিস্তাৰৰ বাটত হেঙাৰ হোৱাত নতুন কায়দাৰে আগবাঢ়িল৷ উপনিৱেশবোৰক স্বাধীনতা দিলে আৰু শাসনৰ গাদীত বহুৱালে তেওঁলোকৰে মন্ত্ৰত দীক্ষিত এশ্ৰেণী প্ৰতিক্ৰিয়াশীল জাতীয় ধনবানক৷ পৰৱৰ্তী সময়ত চৰম স্থিতাৱস্থাবাদী হৈ পৰা এইসকলে বণিক শ্ৰেণীক কমিশ্যনৰ বিনিময়ত জাতীয় সম্পদ অবাধে লুণ্ঠনৰ লাইচেন্স দিলে৷ ক্ৰমান্বয়ে উদাৰীকৰণ, বিশ্বায়ন আদিৰ দৰে নতুন নতুন কলা-কৌশলে প্ৰাণ পাই উঠিল৷ বিশ্বৰ চুকে-কোণে থকা সম্পদশালীবিলাক একত্ৰিত হ’ল এই বিশ্বায়ন নামৰ মঞ্চত৷ এতিয়া সমগ্ৰ বিশ্বতে চলিছে এই সম্পদশালী শ্ৰেণীৰ লুণ্ঠনৰ ঐক্যবদ্ধ অভিযান৷ বিক্ৰী যোৱা জাতীয় চৰকাৰবোৰে এই ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰিছে৷ ৱৰ্ল্ড বেংক, আইএমএফ, ডব্লিউটিঅ’, এডিবি আদি আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সংস্থা আৰু সম্পদশালীসকলৰেই আঙুলিৰ ইচাৰাত চলা ৰাষ্ট্ৰসংঘৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংগঠনবোৰ হ’ল এই অভিযানৰ অন্যতম পৃষ্ঠপোষক৷ লক্ষ্যণীয় যে নিমিষতে গোটেই বিশ্ব ছাৰখাৰ কৰিব পৰাকৈ এই শ্ৰেণীৰ হাততে আছে পাৰমাণৱিক অস্ত্ৰৰ দৰে সভ্যতাৰ অলেখ জাৰজ সন্তান৷ এহাতে বিশ্বশান্তি আৰু অন্যহাতে অস্ত্ৰৰ ৰমৰমীয়া বেপাৰ দুয়োটাৰে ঠিকাও এই শ্ৰেণীৰ হাততে আছে৷ অৰ্ধশিক্ষিত আৰু দৰিদ্ৰ চুবুৰীয়া দেশবোৰৰ মাজত সংঘাত সৃষ্টি কৰি শান্তি প্ৰতিষ্ঠাৰ দায়িত্বও এওঁলোকেই উপযাচি লয়৷ অলপ বহল দৃষ্টিত চালে ভাৰত-পাকিস্তানৰ মাজৰ দ্বন্দ্ব আৰু একেবাৰে গাতে চালে অসম-নগালেণ্ড, অসম-অৰুণাচল, নগালেণ্ড-মণিপুৰ আদিত এই কথা স্পষ্ট হয়৷ য’ত বণিক শ্ৰেণীৰ এজেণ্ট জাতীয় স্থিতাৱস্থাবাদী ৰাজনৈতিক নেতৃত্ব আৰু প্ৰতিক্ৰিয়াশীল অৰাজনৈতিক প্ৰভাৱগোষ্ঠীবোৰে জোল খায়৷

কাৰ্ল মাৰ্ক্স, এংগেলচ, লেনিন প্ৰভৃতি মহান সমাজবিজ্ঞানীসকলে এইবিলাক কথাকে সবিস্তাৰে বিশ্ব জনতাৰ আগত কৈ গৈছে৷ সামন্তবাদৰ দুৰ্ভেদ্য বেহু ভাঙি যিদৰে পুঁজিবাদে প্ৰতিষ্ঠা লাভ কৰিছিল, ঠিক তেনেকৈ পুঁজিবাদৰ বেহুৰ পৰা মুক্তিৰ পথৰ সন্ধানো কেনেকৈ সম্ভৱপৰ তাক তেওঁলোকে তাত্ত্বিক আৰু প্ৰায়োগিক দুয়োটা ধৰণে দেখুৱাই গৈছে৷ মাৰ্ক্স-এংগেলচে আগবঢ়োৱা তত্ত্বৰ আঁত ধৰি লেনিনে ৰাছিয়াত পুঁজিবাদৰ পিছত সমাজ-বিকাশৰ নিয়ম অনুযায়ী কোনটো স্তৰ আহিব সেয়া প্ৰমাণ কৰাৰ লগতে বিশ্বমানৱৰ প্ৰগতি যে এই ঐতিহাসিক দ্বন্দ্বাত্মক বস্তুবাদৰ যথোপযুক্ত বিচাৰ-বিশ্লেষণতহে নিহিত আছে তাকো প্ৰতিপন্ন কৰিলে৷ এই কথা নিশ্চিত যে আৰ্থ-সামাজিক প্ৰক্ৰিয়াৰ ভিত্তিত বিকাশ লাভ কৰা যুক্তিবাদেই এদিন স্থবিৰ হৈ পৰা বিশ্ব মানৱৰ প্ৰগতিৰ পথ প্ৰশস্ত কৰিব৷ প্ৰাচীন কালতো বাস্তৱবাদীসকলে [যুক্তিবাদী] এই কথা উপলব্ধি কৰিছিল আৰু সেয়ে কৈছিলঃ “One’s whole experience of the world will be radically different if there is a new way of experiencing, seeing and knowing things.”৷ উল্লেখযোগ্য যে সৰ্বপ্ৰথমে কাৰ্ল মাৰ্ক্সে এই ঐতিহাসিক যুক্তিবাদৰ প্ৰণালীবদ্ধ অধ্যয়ন কৰাৰ বাবে এই যুক্তিবাদ ‘মাক্সৰ্বাদ’ ৰূপে আখ্যায়িত হোৱাৰ উপৰি প্ৰগতি আৰু মানৱতাবাদৰ সমাৰ্থক ৰূপেও পৰিগণিত হ’ল৷

(ৰচনা কালঃ ২০১১ চন)

Leave a Reply

Your email address will not be published. Required fields are marked *