জ্যোতিষ বিদ্যাৰ স্বৰূপ-(দেৱকান্ত সন্দিকৈ)
জ্যোতিষবিদ্যাৰ কোনো বৈজ্ঞানিক ভিত্তি নথকাৰ কথাটো 18 জন নোবেল বঁটা বিজয়ী বিজ্ঞানীসহ মুঠ 186 জন বিজ্ঞানীয়ে স্পষ্ট ভাষাৰে ঘোষণা কৰাৰ পিছতো বহুত উচ্চ শিক্ষিত ব্যক্তিয়েও জ্যোতিষবিদ্যাক বিজ্ঞান বুলিয়েই দাবী কৰি থাকে। কিন্তু কোনো বিচাৰতেই জ্যোতিষ বিজ্ঞান নহয়, ই হ’ল এবিধ অন্ধবিশ্বাসহে। সূৰ্যৰ ৰশ্মি বা পোহৰ সকলোৱে পোৱাৰ নিচিনাকৈ সমগ্ৰ পৃথিৱীৰ প্ৰাণীজগত, উদ্ভিদজগত আৰু জড়পদাৰ্থৰ ওপৰত পৰিব।জ্যোতিষীয়ে হিচাপ কৰি উলিয়াব পৰাকৈ গ্ৰহ-নক্ষত্ৰবিলাকৰ কাৰোবাক চাকৰি দিব পৰা ‘বিকিৰণ’, কাৰোবাক বিয়া পাতি দিব পৰা বিকিৰণ বা কোনোবাজনক দুৰ্ঘটনাত পতিত কৰিব পৰা বিশেষ বিকিৰণ নাথাকে! গ্ৰহ-নক্ষত্ৰৰ প্ৰভাৱৰ কথা ক’বলৈ জ্যোতিষীয়ে ব্যক্তি এজনক গৱেষণাগাৰ এটাত সোমোৱাই লৈ পৰীক্ষা নকৰে। তেওঁলোকে ৰাহু-কেতুৰ দৰে কাল্পনিক গ্ৰহৰ অৱস্হান হিচাপ কৰি ব্যক্তিজনৰ বিশ্বাসযোগ্য হোৱাকৈ কিছুমান আনুমানিক কথাৰে ভৱিষ্যতবাণী তৈয়াৰ কৰে।পৃথিৱীৰ প্ৰতিজন মানুহ আনজনতকৈ বেলেগ,স্বভাৱ-চৰিত্ৰ বেলেগ,চিন্তা শক্তি,কৰ্মশক্তি বেলেগ।কোনেও কাৰোৰ ভৱিষ্যত জানিব নোৱৰাটোৱেই এটা প্ৰাকৃতিক নীতি। জ্যোতিষশাস্ত্ৰই এই চিৰন্তন প্ৰাকৃতিক নীতিটোৰ বিৰুদ্ধে গৈ জ্যোতিষীসকলৰ বাবে এটা সহজ জীৱিকা নিৰ্বাহৰ পথ তৈয়াৰ কৰে।
জ্যোতিষীৰ ভৱিষ্যতবাণী কেতিয়া কেনেকৈ সঁচা হয় তাৰ এটা উদাহৰণ আগ বঢ়াব পাৰি।পৰস্পৰৰ মাজত কোনো চিনা-পৰিচয় নথকা দহগৰাকী গৰ্ভৱতী মহিলা বেলেগ বেলেগকৈ জ্যোতিষীৰ ওচৰলৈ গ’ল।প্ৰত্যেকগৰাকী মহিলাক জ্যোতিষীয়ে কন্যাসন্তানৰ মাতৃ হ’ব বুলি ভৱিষ্যতবাণী কৰিলে – গৰ্ভৱতী মহিলাই সময়ত সন্তান জন্ম দিবই, আৰু সন্তানটো পুত্ৰ বা কন্যা হ’বই! এই দহগৰাকী মহিলাৰো, ধৰক চাৰিগৰাকীৰ কন্যা সন্তান জন্ম হ’ল, আৰু ছগৰাকীৰ পুত্ৰ সন্তান হ’ল। চাৰিগৰাকীয়ে বিশ্বাস কৰিলে যে জ্যোতিষীৰ ভৱিষ্যৎবাণী সঁচা হয় অৰ্থাৎ জ্যোতিষ নামৰ ভৱিষ্যৎ ক’ব পৰা বিদ্যা এটা সঁচাকৈ আছে! জ্যোতিষবিদ্যা আৰু জ্যোতিষীৰ ওপৰত তেওঁলোকৰ আস্থা বাঢ়ি গ’ল৷তেওঁলোকে নিজৰ আত্মীয়-স্বজনৰ মাজত জ্যোতিষীৰ ভৱিষ্যতবাণী ফলিওৱাৰ কথাটো প্ৰচাৰ কৰিলে৷ কিন্ত যি ছগৰাকী মহিলাৰ ক্ষেত্ৰত জ্যোতিষীৰ ভৱিষ্যত বাণী নিমিলিল, তেওঁলোক প্ৰতাৰিত হ’ল৷ বহুতে নিজে কাৰোবাৰ ওচৰত প্ৰতাৰিত হোৱা কথাটো প্ৰচাৰ কৰিবলৈ (বা আনক ক’বলৈ) লজ্জাবোধ কৰে৷ সেইটো কাৰণতে জ্যোতিষীয়ে অনুমানতে কোৱা এমুঠিমান ভৱিষ্যতবাণী সঁচা হ’লে যিমান প্ৰচাৰ পায়, এশটামান ভৱিষ্যতবাণী মিছা হ’লেও সেইবোৰ কথা গোপনে থাকি যায়৷ ফলত জ্যোতিষশাস্ত্ৰ বা জ্যোতিষীয়ে মানুুুুহৰ ভৱিষ্যত ক’ব পাৰে বুলি এটা ভ্ৰান্ত ধাৰণা মানুহৰ মাজত গঢ় লয়৷এই ধাৰণাটোৱেই জ্যোতিষীসকলৰ ভৱিষ্যতবাণী ব্যৱসায়ৰ মূূূূলধন!
ৰাশিফল বিশ্বাস কৰা মানুহে বাতৰি কাকত,আলোচনীত প্ৰকাশিত ৰাশিফলৰ কেৱল নিজৰ ৰাশিটোহে পঢ়ে আৰু এইটোৱেই স্বাভাৱিক কথা৷ তেওঁ তাৰে দুই-এটা কথা নিজৰ জীৱনত মিলি যোৱা যেন পায়৷ কিন্তু তেওঁ যদি কৌতূহলবশতঃ আনবোৰ ৰাশিও পঢ়ি চায়, দেখিব যে প্ৰত্যেক ৰাশিৰ কাৰণে লিখা কথাবোৰ কম-বেছি পৰিমাণে প্ৰায় একে৷ অৰ্থাৎ মানৱ জীৱনত সাধাৰণতে ঘটিব পৰা ঘটনাবোৰকে ইফাল-সিফাল কৰি লিখি প্ৰত্যেকটো ৰাশিৰ ভৱিষ্যত ফল প্ৰস্তুত কৰা হয়৷ৰাশিফলত বিশ্বাসী এজনে জ্যোতিষীৰ এইবিলাক কাৰচাজিৰ একো ভু নাপায়৷এটা ৰাশিৰ ফলবোৰ সেই ৰাশিৰ সকলো মানুহৰ বাবে৷ দেশখনত এটা বিশেষ ৰাশিৰ মানুহ এক কোটি আছে বুলি ধৰিলে জ্যোতিষীয়ে প্ৰচাৰ কৰা সেই ৰাশিৰ ফলবোৰ গোটেই এক কোটি মানুহৰ বাবে ফলিয়াব লাগিব৷কিন্তুু ফলিয়ায় নে? ৰাশিফলত দুৰ্ঘটনাৰ কথা লিখা থাকিলে এক কোটি মানুহৰ এজন-দুজন বা এশজন দুৰ্ঘটনাত পতিত হ’লে ৰাশিফল ফলিয়ায় বুলি দাবী কৰিব পৰা হ’বনে? আন ৰাশিৰ মানুহৰো এজন-দুজন বা এশজন দুৰ্ঘটনাত পতিত হ’ব পাৰে৷মুঠতে ৰাশিফল কিছুমান আনুমানিক কথাৰ বাহিৰে আন একো নহয়৷ ইয়াত বিজ্ঞান, যুক্তি একো নাই৷ আছে মাত্ৰ কিছুমান অতি কৌশলী ব্যৱসায় বুদ্ধি৷ জ্যোতিষবিদ্যাৰ অন্তঃসাৰশূন্যতাৰ আন এটা উদাহৰণ – এটা মানৱ সন্তানে জন্ম লাভ কৰা ঘৰৰ কোঠাটোৰ জোখ আছিল 12ফুট×12ফুট।জন্মৰ সময়ত এজন ডাক্তৰ আৰু দুগৰাকী নাৰ্চ কোঠাটোত উপস্থিত আছিল।আন এটা সন্তান জন্ম হৈছিল 10ফুট×13ফুট জোখৰ এটা কোঠাত।কোঠাটোত উপস্থিত আছিল দুজন ডাক্তৰ আৰু তিনিগৰাকী নাৰ্চ।সন্তান দুটাৰ জন্ম মুহূৰ্তৰ এই পৰিস্থিতিগত তাৰতম্যৰ প্ৰভাৱ সন্তান দুটাৰ ভৱিষ্যত জীৱনত কি হ’ব কোনোবা জ্যোতিষীয়ে কব পাৰিব নে?- প্ৰশ্নটো মুঠেই অবান্তৰ নহয়।জ্যোতিষশাস্ত্ৰই যদি পৃথিৱীৰ প্ৰতিটো মানৱ সন্তানৰ জীৱনৰ ঘটনাৱলী পৃথিৱীৰ পৰা কোটি কোটি কিলোমিটাৰ দূৰৈত থকা গ্ৰহ-নক্ষত্ৰৰ অৱস্হানৰ আধাৰত ক’ব পাৰে, তেন্তে সন্তানটোৰ জন্মস্হানৰ একেবাৰে কাষৰ পৰিস্থিতিবোৰৰ প্ৰভাৱ কি হ’ব ক’ব নোৱাৰিব কিয়? প্ৰকৃততেই দূৰৈৰ গ্ৰহ-নক্ষত্ৰৰ প্ৰভাৱতকৈ (যদি প্ৰভাৱ আছে বুলি যুক্তিৰ খাতিৰত ধৰি লোৱা হয়) শিশু এটাৰ জীৱনৰ কাষতে থকা বস্তুগত আৰু সামাজিক পৰিবেশ পৰিস্থিতিৰ প্ৰভাৱহে বেছি গুৰুত্বপূৰ্ণ।যদি আলোকবৰ্ষৰ দূৰত থকা গ্ৰহ-নক্ষত্ৰৰ প্ৰভাৱ সদ্যজন্মা শিশু এটাৰ ওপৰত পৰিব পাৰে, তেন্তে ডাঙৰ আৰু সৰু কোঠাৰ প্ৰভাৱ বা জন্মক্ষণত উপস্থিত থকা মানুহৰ সংখ্যাটোৰ প্ৰভাৱো শিশুটোৰ জীৱনত অৱশ্যেই পৰিব।হিচাপ কৰি গ্ৰহ-নক্ষত্ৰৰ প্ৰভাৱ উলিয়াব জনা জ্যোতিষীসকলে তাতোকৈ বহুগুণে সহজ ওচৰৰ বস্তুবোৰৰ প্ৰভাৱ হিচাপ কৰি উলিয়াবলৈ শিকিছে নে? শিশু এটাৰ ওপৰত পৃথিৱীতে থকা বস্তু আৰু সামাজিক প্ৰভাৱ বিচাৰিবলৈ যোৱা কথাটোৱেই প্ৰতাৰণামূলক, অৰ্থহীন তথা অবান্তৰ।
শিশু এটাৰ ভৱিষ্যত শিশুটো ডাঙৰ হৈ অহাৰ লগে লগে পোৱা সামাজিক, অৰ্থনৈতিক পৰিবেশৰ ওপৰতহে নিৰ্ভৰ কৰে।আকাশৰ গ্ৰহ-নক্ষত্ৰৰ লগত পৃথিৱীৰ মানুহৰ ভৱিষ্যতৰ কোনো সম্পৰ্ক নাই৷ জ্যোতিষবিদ্যা এক প্ৰতাৰণামূলক অনৈতিক ব্যৱসায়। বিজ্ঞান হ’বৰ কোনো অৰ্হতাই জ্যোতিষৰ নাই।