গ্রন্থ পৰিচয়বিবিধ চিন্তা

‘খাম-ৰূবা : ভেলী অৱ দ্যা ড্ৰাগণ মেন’- এক পৰিচয়মূলক টোকা ।। মীনাক্ষী বৰুৱা

মুক্ত চিন্তা। একাদশ বছৰ।।  দ্বিতীয় সংখ্যা

ৰক্তিম শৰ্মাৰ সদ্যপ্ৰকাশিত উপন্যাস “খাম-ৰূবা : ভেলী অৱ দ্যা ড্ৰাগণ মেন” হৈছে ইতিহাস, কল্পনা আৰু আত্মানুসন্ধানৰ এক বৌদ্ধিক যাত্ৰা। উপন্যাসখন পঢ়ি থাকোঁতে এটা কথাই স্পষ্ট হৈ উঠে, ই কেৱল এক কাহিনী নহয়, ই অসমীয়া সমাজৰ অতীত, শিপা আৰু আত্মপৰিচয়ক নতুন দৃষ্টিৰে চাবলৈ কৰা এক সাহসী বৌদ্ধিক প্ৰয়াস। কেইজনমান মনে-মিলা বন্ধুৰ পুনৰ মিলন আৰু তেওঁলোকৰ পাহাৰীয়া একা-বেঁকা যাত্ৰাৰ কাহিনীৰ মাজেৰে উপন্যাসখনে গতি লাভ কৰিছে। ইয়াত ইতিহাস, সমাজবিজ্ঞান, পুৰাতত্ত্ব আৰু ধৰ্মীয় অধ্যয়নৰ সৈতে জড়িত বহু মৌলিক আৰু স্পৰ্শকাতৰ প্ৰশ্ন পাঠকৰ সন্মুখত দাঙি ধৰা হৈছে।

অসমীয়া উপন্যাস জগতত ইতিহাসভিত্তিক কল্পনাৰ ধাৰাটো নতুন নহয়। কিন্তু এই ধাৰাটোক বিকল্প দৃষ্টিভংগী, গভীৰ অনুসন্ধানী মনোভাৱ আৰু সাহসী প্ৰশ্নৰে পুনৰ উন্মোচন কৰাটো সহজ কাম নহয়। “খাম-ৰূবা” ত ৰক্তিম শৰ্মাই সেই কঠিন কামটোৱেই কৰিছে। উপন্যাসখন পঢ়ি অনুভৱ হয়, ই কেৱল ইতিহাস বৰ্ণোৱাৰ এক প্ৰচেষ্টা নহয়, বৰঞ্চ ইতিহাসক বুজিবলৈ কৰা এক কল্পনাশীল, যুক্তিসংগত যাত্ৰা।

আগকথাৰ আৰম্ভণিতেই লেখকে এটা মৌলিক প্ৰশ্ন উত্থাপন কৰিছে, “অসমীয়া মানুহৰ শিপা ক’ত?” এই প্ৰশ্ন নতুন নহয়, কিন্তু ইয়াৰ উত্তৰ বিচাৰি যি পথ বাছি লোৱা হৈছে, সেয়াই এই উপন্যাসৰ মূল শক্তি। লেখকৰ মতে, আৰ্যতত্ত্বক একমাত্ৰ ভিত্তি হিচাপে লৈ অসমৰ ইতিহাস চৰ্চা কৰাটো অতি সীমাবদ্ধ আৰু প্ৰত্যাহ্বানমূলক। “খাম-ৰূবা: ভেলী অৱ দ্যা ড্ৰাগণ মেন”-এ সেই প্ৰত্যাহ্বানক সাহসেৰে গ্ৰহণ কৰি ইতিহাসক বিকল্প দৃষ্টিকোণেৰে চাবলৈ চেষ্টা কৰিছে। ইয়াত লেখকে নিজকে চূড়ান্ত সত্যৰ দাবীদাৰ হিচাপে নহয়, এজন অনুসন্ধানকাৰী হিচাপেহে উপস্থাপন কৰিছে।

পাহাৰীয়া একা-বেঁকা পথেৰে আগুৱাই গৈছে বন্ধুদলৰ বলেৰ’ গাড়ী। যাত্ৰাৰ সৈতে আগবাঢ়িছে অজস্ৰ প্ৰশ্ন। “৭২ মিলিয়ন বছৰ পূৰ্বে এই ভূমিত কি ঘটিছিল?—  “মেঘালয়লৈ ক’ৰপৰা আহিল প্ৰাগৈতিহাসিক বিশাল টাইটানোচ’ৰিয়ান চৰোপদ?” উপন্যাসখনত উত্থাপিত প্ৰতিটো প্ৰশ্নৰে একো একোটা যুক্তিপূৰ্ণ ভিত্তি আছে। সমাজ ব্যৱস্থা মাতৃতান্ত্ৰিকতাৰপৰা পিতৃতান্ত্ৰিকতালৈ পৰিৱৰ্তন হোৱাৰ প্ৰসংগত লেখকে ফ্ৰেডৰিক এংগেলছৰ তত্ত্বৰ উল্লেখ কৰিছে। এংগেলছৰ মতে, উৎপাদন পদ্ধতিৰ পৰিৱৰ্তন, কৃষিৰ আৱিষ্কাৰ, খাদ্যবস্তুৰ ৰাহি আৰু কৰ্মবিভাজনৰ ফলত ইউৰোপত পৰিয়ালৰ ক্ষমতা নাৰীৰ হাতৰ পৰা পুৰুষৰ হাতলৈ গুচি গৈছিল। ভাৰতবৰ্ষত এই প্ৰক্ৰিয়াত ব্ৰাহ্মণসকলৰ ভূমিকা মিছনেৰীৰ দৰে আছিল বুলিও লেখকে ইঙ্গিত কৰিছে। কিন্তু ইয়াতেই এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উঠে, তেনেহলে পাহাৰীয়া অঞ্চলত সমাজ ব্যৱস্থা মাতৃপ্ৰধান হৈ থাকিল কিয়? এই প্ৰশ্নৰ উত্তৰো লেখকে এৰাই যোৱা নাই। জুম খেতিৰ প্ৰথাৰ ফলত পাহাৰীয়া সমাজত কৃষিভূমিৰ অধিকাৰ নাৰীৰ হাততেই থাকি যোৱা আৰু পশুপালন তথা নাঙলভিত্তিক কৃষিৰ লগে লগে পুৰুষতন্ত্ৰৰ প্ৰভাৱ বিস্তাৰৰ যুক্তি বাৰ্তালাপৰ মাধ্যমেৰে স্পষ্ট কৰা হৈছে।

উপন্যাসখন পঢ়ি থাকোঁতে স্পষ্টভাৱে অনুভৱ হয় যে, কাহিনী ৰচনাৰ আঁৰত ক্ষেত্ৰ অধ্যয়ন, গভীৰ পঠন আৰু সুসংহত চিন্তাৰ দৃঢ় ভিত্তি আছে। আগকথা আৰু শেষ পৃষ্ঠাত দিয়া প্ৰসংগ গ্ৰন্থপঞ্জীয়ে এই গৱেষণাৰ ভিত্তি আৰু গভীৰতা স্পষ্ট কৰে। আখৰৰ আৱিষ্কাৰ, কিছুমান বৰ্ণৰ গুপ্ত যুগৰো বহু পূৰ্বৰ অস্তিত্ব, আদিপ্ৰস্তৰ যুগৰ সমাজ ব্যৱস্থা—এই সকলো বিষয় উপন্যাসখনত প্ৰসংগিকভাৱে আহিছে। কিন্তু কাহিনীটো অতীততেই সীমাবদ্ধ নহয়। বন্ধুসকলৰ আলোচনাই বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচনা, কা-আন্দোলন, ডি-মনিটাইজেশ্যন, ক’ভিড আৰু লকডাউনৰ দৰে সমসাময়িক বিষয়কো স্পৰ্শ কৰিছে। বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচনাক বৰ্তমানৰ গৱেষণাৰ উৎস হিচাপে লোৱা যুক্তিসংগত হয়নে নহয়, এই প্ৰশ্নও উপন্যাসখনত উত্থাপিত হৈছে। অৱশ্যে ইয়াৰ উত্তৰো দিয়া হৈছে। পদ্ধতিগত গৱেষণা নথকা সত্ত্বেও ৰাভাদেৱে এছিয়াটিক জাৰ্নেল নিয়মীয়াকৈ পঢ়িছিল, গেইট চাহাবৰ বুৰঞ্জীৰ উৎসসমূহৰ সৈতে পৰিচিত আছিল আৰু নগালেণ্ডৰ পৰা নেপাললৈকে ওচৰৰপৰা অধ্যয়ন কৰা একলব্য সাধক আছিল। এনে পূৰ্বসুৰীক একাশৰীয়া কৰি থৈ নতুন গৱেষণা কিদৰে ফলপ্ৰসূ হ’ব পাৰে, এই যুক্তি লেখকে সাৱলীলভাৱে আগবঢ়াইছে।

“খাম”, “কাম”, “ৰূবা” আদি শব্দৰ মাজেৰে লেখকে অসমৰ প্ৰাচীন সভ্যতা, কামৰূপ, পাহাৰ-ভৈয়ামৰ সম্পৰ্ক আৰু বহিৰ্জগতৰ সৈতে সংযোগৰ সম্ভাৱনাসমূহ উন্মোচন কৰিবলৈ চেষ্টা কৰিছে। গম্ভীৰ বিষয়বস্তুক উপজীব্য হিচাপে লৈ ৰচিত এই উপন্যাসখনত সমান্তৰালভাৱে অনুৰাধা–ৰামানুজ, ইনজামূল–ৰবীনাহঁতৰ প্ৰেম-নিজৰাৰ জিৰজিৰণিও পাঠকে অনুভৱ কৰিব পাৰে। উপন্যাসখনৰ ভাষা সৰল, ঠায়ে ঠায়ে কাব্যিক, আৰু প্ৰয়োজন অনুসৰি তৰ্কমুখী। বহু প্ৰশ্নৰ মাজেৰে লেখকে পাঠকক হাতত হাত ধৰি লৈ যায়, যাতে উত্তৰসমূহ পাঠকে নিজেই বিচাৰি উলিয়াব পাৰে। “খাম-ৰূবা : ভেলী অৱ দ্যা ড্ৰাগণ মেন”  উপৰুৱাকৈ পঢ়ি শেষ কৰা কাহিনী নহয়; ই ধীৰে ধীৰে পঢ়ি ভাবিবলৈ বাধ্য কৰা এখন গহীন উপন্যাস। উল্লেখযোগ্য যে, লেখকে নিজেই স্বীকাৰ কৰিছে, এই অনুসন্ধানত ভুল থাকিব পাৰে। তেওঁ নিজৰ মতকে চূড়ান্ত বুলি প্ৰতিষ্ঠা কৰিবলৈ বিচৰা নাই; বৰঞ্চ এক আলোচনাৰ সূচনা কৰাই তেওঁৰ মূল লক্ষ্য। এই আলোচনা অসমীয়া সমাজৰ বাবে সময়োচিত আৰু প্ৰয়োজনীয়। ক’ব পাৰি, “খাম-ৰূবা : ভেলী অৱ দ্যা ড্ৰাগণ মেন” মূলতঃ এক সাংস্কৃতিক অনুসন্ধানমূলক উপন্যাস। ইয়াত ৰোমাঞ্চ আছে, ইতিহাসৰ গোন্ধ আছে, কিন্তু তাৰো ওপৰত আছে এক গভীৰ প্ৰশ্ন, “আমি কোন?” ব্ৰাহ্মণ–দৈৱজ্ঞৰ শিপাডাল ক’ত? বোন ধৰ্মৰ উৎস কি? কুণ্ডিল সভ্যতাৰ জন্ম কেনেকৈ হৈছিল? এনেকুৱা বহু ঐতিহাসিক আৰু পুৰাতাত্ত্বিক প্ৰশ্নৰে উপন্যাসখনে পাঠকৰ মন-মগজুত আলোড়ন তুলিবলৈ সক্ষম হৈছে।

গুৱাহাটীৰ প্ৰজ্ঞা মিডিয়াহাইপ পাব্লিকেশ্বনৰ পৰা প্ৰকাশিত ২৬৮ পৃষ্ঠাৰ এই সুখপাঠ্য উপন্যাসখনৰ প্ৰচ্ছদ অৰ্থবহ। মূল্য ২৮০ টকা। অসমীয়া সমাজৰ শিপা, অতীত আৰু আত্মপৰিচয় সম্পৰ্কে গভীৰভাৱে ভাবিবলৈ উৎসুক পাঠকৰ বাবে “খাম-ৰূবা : ভেলী অৱ দ্যা ড্ৰাগণ মেন” নিঃসন্দেহে এখন পঠনীয় আৰু গুৰুত্বপূৰ্ণ গ্ৰন্থ।

Leave a Reply

Your email address will not be published. Required fields are marked *