ক্ষমতাৰ বিন্যাসত ‘নাৰীয়েই নাৰীৰ শত্ৰু’: শিক্ষয়িত্ৰীৰ শালীন পোছাকৰ প্ৰসংগেৰে – (বীথিকা হাজৰিকা)
সমাজত বহুল প্ৰচলিত লিংগবৈষম্য ভিত্তিক প্ৰবচনবোৰৰ ভিতৰত এটা হ’ল ‘নাৰীয়েই নাৰীৰ শত্ৰু।’ আপাতদৃষ্টিত চাবলৈ গ’লে কথাটো সঁচা যেন লাগে। কিন্তু প্ৰকৃততে হয় নে? যদি হয় সেই কথাটি প্ৰতিষ্ঠাত কি কি কাৰকে ক্ৰিয়া কৰে? যদি নহয় কেনেকৈ? কাৰকবোৰ আৰ্থ-সামাজিক নে কেৱল মনস্তাত্বিক? প্ৰবৃত্তিগত নহয়তো? মনস্ত্বতত্বই সমাজক প্ৰভাৱিত কৰে নে মনস্তত্ত্বহে সমাজনিৰ্ভৰ? পুৰুষতন্ত্ৰ ইয়াৰ বাবে জগৰীয়া নেকি? নাৰীবাদী দৃষ্টিভংগীৰে এই বিশ্লেষণ কেনেকৈ কৰিব পাৰি? এই বিষয়ে বহু চিন্তা-চৰ্চা, বাক-বিতণ্ডা ইতিমধ্যে হৈছে। হোৱাটো স্বাভাৱিক। অতি সম্প্ৰতি অসমৰ বিদ্যালয়বোৰত শিক্ষক-শিক্ষয়িত্ৰীৰ ড্ৰেছকোডক লৈ সেই বিষয়টোৱে গুৰুত্ব পাইছে। পৰম্পৰা, শালীনতা আদি কথাবোৰ চৰ্চিত হৈছে। কিছুমান পুৰুষৰ উপৰিও বহুবোৰ শিক্ষয়িত্ৰীয়েও বিদ্যালয়ৰ পৰম্পৰা ৰক্ষাৰ দোহাই দি শিক্ষয়িত্ৰীসকলক চেলোৱাৰ পিন্ধাত বাধা দিছে। ‘নাৰীয়েই নাৰীৰ শত্ৰু’ এই তাচ্ছিল্যপূৰ্ণ প্ৰবচনটো সত্য ৰূপত জিলিকি উঠিছে। এইক্ষেত্ৰত ক্ৰিয়া কৰা কাৰকবোৰ সাধাৰণতে আৰ্থসামাজিক ব্যৱস্থা আৰু পুৰুষতান্ত্ৰিকতাৰ সৈতে সংপৃক্ত হৈ থকা ক্ষমতাৰ বিন্যাসৰ লগত জড়িত। এই ক্ষমতাৰ বিন্যাসৰ কথাটো পাতিবলৈ যোৱাৰ আগতে পৰম্পৰানো কি সেই বিষয়ে থুলমূল ধাৰণা এটা থকাটো ভাল।
প্ৰকৃততে পৰম্পৰা হৈছে সমাজৰ ভিন ভিন গোটে স্থান ভেদে দীৰ্ঘদিন ধৰি মানি অহা কিছুমান অলিখিত বা লিখিত নীতি-নিয়ম। সেই নিয়ম ধৰ্ম ভিত্তিক, জাতি ভিত্তিক, বৰ্ণভিত্তিক, বংশভিত্তিক, আনকি পৰিয়ালভিত্তিকো হ’ব পাৰে। পৰম্পৰাসমূহৰ বেছি ভাগেই দীৰ্ঘদিনীয়া অভ্যাসৰ দ্বাৰা গঢ়ি উঠে। এই পৰম্পৰা প্ৰথম অৱস্থাত কোনো যুক্তিৰ ভিত্তিতেই গঢ়ি উঠে যদিও দীৰ্ঘদিন ধৰি পৰিৱৰ্তনশীল সমাজত বৰ্তি থকাৰ হেতুকে শেষলৈ বেছি ক্ষেত্ৰতে যুক্তিবিবৰ্জিত হৈ পৰে। যুক্তিবিবৰ্জিত হৈ পৰাৰ পাছতো মায়া-মোহতেই হওক, ভয়-ভীতিতেই হওক বা নিজ স্বাৰ্থ পূৰণৰ বাবেই হওক সমাজৰ বেছিখিনিয়ে পালন কৰি থকা দেখা যায়। পৰম্পৰাগত নীতি-নিয়মসমূহৰ প্ৰতি বিশেষ গোটসমূহৰ আৱেগ-অনুকম্পা থাকে। যি সকলে পালন কৰি থাকে তেখেত সকলে সেই পৰম্পৰা কাৰোবাৰ দ্বাৰা উলঙ্ঘন হ’লে খৰ্গহস্ত হৈ পৰে। পৰম্পৰা ভঙাৰ কাৰবাৰটো কেতিয়াও পালনকৰ্তা বা ভাঙোতা কাৰো বাবেই সুখকৰ নহয়। তথাপি পৰম্পৰা ভাগে। কেতিয়াবা লাহে লাহে, কেতিয়াবা থনথনকৈ একে কোবে। নতুন পৰম্পৰাৰ সৃষ্টি হয়।এয়াই ইতিহাসসিদ্ধ নিয়ম। পৰম্পৰা ৰক্ষাৰ নামত মানুহে মানুহৰ লগত যুঁজাৰ দৰেই পৰম্পৰা ভাঙিবলৈও যুঁজিব লগা হয়। দুইখন যুঁজৰ মাজত কিন্তু বিস্তৰ পাৰ্থক্য আছে। প্ৰথমখন যুঁজ স্থিতাৱস্থা বাহাল ৰখাৰ বাবে আৰু দ্বিতীয়খন প্ৰগতিশীলতাৰ হকে। প্ৰথমখন যুঁজ সহজ। কিয়নো একজোঁট হ’বলৈ ইয়াত কোনো সংগ্ৰামৰ প্ৰয়োজন নাই, প্ৰয়োজন নাই সাহসৰ। দ্বিতীয়খন কঠিন। অদম্য সাহস নোহোৱাকৈ যুঁজিব নোৱাৰি। যুঁজাজন অকলশৰীয়া হোৱাৰ সম্ভাৱনাই অধিক। সেইজনে প্ৰথমে অকলেই বাট বুলিবলৈ বাধ্য। তথাপি আশ্চৰ্যকৰভাৱে অকলশৰীয়াজনৰ পাছে পাছে চুচুকচামাককৈ হ’লেও আন হেজাৰজনে বাট বুলে। কিয়নো মানুহ স্বভাৱগতভাৱেই প্ৰগতিশীল। নিজৰ ভুল মানুহে নিজেই ভাঙিব পৰাৰ ক্ষমতা ৰাখে। পৰিৱৰ্তনৰ চকাও সদায় আগলৈহে ঘূৰে। পাছলৈ ঘূৰা চকাৰে অহা পৰিৱৰ্তন বিকাৰযুক্ত।
এতিয়া কথা হ’ল পৰম্পৰাৰ সৃষ্টি কেনেকৈ হয়? একে আষাৰে ক’ব পৰা কথাটো হ’ল বেছি ক্ষেত্ৰতেই পৰম্পৰাৰ সৃষ্টিৰ আধাৰ ধৰ্ম আৰু ৰাজনীতি। জলবায়ুৰ প্ৰভাৱৰ কথাটো ইয়াত গৌণ হৈ পৰে। পুৰুষ আৰু নাৰীৰ সাজপাৰ, খাদ্যাভ্যাস, আচাৰ-আচৰণ সকলোতে এই দুয়োটাৰে প্ৰভাৱ লক্ষণীয়। প্ৰতিষ্ঠানিক ধৰ্মক লৈ প্ৰগতিশীলতাৰ দিশে কেতিয়াও বাট বুলিব নোৱাৰি। ৰাজনীতিভেদে কিন্তু পাৰি। কেনেকৈ পাৰি সেই আলোচনা পাছলৈ কৰিব পৰা যাব। ধৰ্ম আৰু ৰাজনীতি অতীজৰে পৰাই পুৰুষতান্ত্ৰিকতাৰেই পৰিচালিত। প্ৰমাণস্বৰূপে আমি জনাত পৃথিৱীত কোনো নাৰী ধৰ্মপ্ৰৱৰ্তক নাই আৰু কোনোকালে নহ’বও। সকলোবোৰ ধৰ্মই পুৰুষতান্ত্ৰিক ব্যৱস্থাৰ দ্বাৰাই উদ্ভাৱিত আৰু প্ৰতিপালিত। সেয়ে ধৰ্মক সাৰথি কৰি পুৰুষতন্ত্ৰৰ শিপা উভালিবলৈ যোৱাটো এটা অবান্তৰ কথা। এই পুৰুষতন্ত্ৰনো কি লগতে পুৰুষতন্ত্ৰৰ শিপাডাল উভালিবলৈ সদা তৎপৰ নাৰীবাদনো কি আগৰ দুটামান লেখাত আলোচনা কৰা হৈছে। মানৱসমাজলৈ ব্যক্তিগত সম্পত্তিৰ ধাৰণাটো অহাৰ পাছত সমাজ বিৱৰ্তনৰ মাজেৰে জন্মগ্ৰহণ কৰা প্ৰাতিষ্ঠানিক ধৰ্মই নাৰীক কেনেকৈ শৃংখল পিন্ধালে সেই বিষয়েও আগৰ এটা লেখাত আলোচনা কৰা হৈছে। আজিৰ প্ৰসংগ পুৰুষতান্ত্ৰিক সমাজত বহুল প্ৰচলিত ‘নাৰীয়েই নাৰীৰ শত্ৰু’ এই প্ৰবচনটো।
সকলোৱে জনা এটা কথা এয়ে যে ‘প্ৰবচন’ হৈছে এনে একোটা বাক্য বা বাক্যাংশ যি একো একোটা জাতি বা একোখন সমাজৰ সঞ্চিত অভিজ্ঞতা, দৰ্শন আৰু কেতিয়াবা ভ্ৰান্তদৰ্শনকো প্ৰকাশিত কৰে। গতিকে প্ৰবচনে বহু সদৰ্থক বৈশিষ্ট্যৰে সৈতে হ’লেও নিজৰ মাজতে নিহিত কৰি ৰাখিছে নিজকে ভ্ৰান্ত বুলি প্ৰমাণ কৰিব পৰাৰ যুক্তি।
ঈৰ্ষা, প্ৰতিযোগিতা বা আন কিবা কাৰণতে নহওক কিয়, এজন পুৰুষে আন এজন পুৰুষৰ বিৰুদ্ধে যোৱাটো সততেই কৰ্মস্থলীবোৰত দেখা যায়। ৰাস্তাই-ঘাটে হোৱা হতাহতি, মাৰপিটৰ ঘটনাবোৰো পুৰুষে পুৰুষৰ বিৰুদ্ধেই সংঘটিত কৰে। ধৰ্ষণ কৰি হত্যা কৰা বা ঘৰুৱা হিংসাৰ ঘটনাবোৰক বাদ দিলে আন ধৰণৰ হত্যাকাণ্ডবোৰৰ পৰিসংখ্যাত ওলাই পৰে যে হত্যাৰ বলি হোৱাজন আৰু হত্যাকাৰী উভয়ৰে লিংগ পুং। আন আন ক্ষেত্ৰতো যেনে পদবীক লৈ কৰ্মস্থানত, সম্পত্তিক লৈ পৰিয়ালবোৰত, ক্ষমতাক লৈ দেশে দেশে পুৰুষৰ মাজতে যুদ্ধবোৰ সংঘটিত হয়। তথাপি ‘পুৰুষেই পুৰুষৰ শত্ৰু’ বুলি কোনো প্ৰবচনৰ প্ৰচলন সমাজত নাই। অথচ ঈৰ্ষা, হিংসা, প্ৰতিযোগিতাৰ মনোভাৱ, সম্পত্তিৰ প্ৰতি লোভ বা মোহ নাৰী-পুৰুষৰ উমৈহতীয়া প্ৰবৃত্তি। ‘নাৰীয়েই নাৰীৰ শত্ৰু’, ‘নাৰী চলনাময়ী’, ‘নাৰী সহনশীলা’ আদি প্ৰবচনবোৰ পুৰুষ প্ৰবৃত্তিক ঢাকোন পিন্ধাই পুৰুষতন্ত্ৰক গজগজীয়া কৰি ৰখাৰ স্বাৰ্থত সদায়ে ব্যৱহৃত হৈ আহিছে। পুৰুষতন্ত্ৰই নাৰীসকলকো সাঁচত ঢালি তৈয়াৰ কৰি লৈছে। য’ত নাৰীৰ নিজা কোনো পছন্দ-অপছন্দ নাথাকে। নিজ পছন্দৰ কিবা এটা কৰিবলৈ লোৱাৰ পাছতো পুৰুষৰ দৃষ্টিৰে নিজকো চায়, আনকো। সেই দৃষ্টিৰেই ভাল দেখে বা বেয়া দেখে। যুগ যুগ ধৰি অনুশীলন কৰি থকাৰ ফলত স্বাভাৱিক যেন হৈ পৰিছে যদিও এয়া এক বিকাৰ। তেনে বিকাৰগ্ৰস্ত নাৰীয়ে স্বাধীনচিতীয়া নাৰীৰ প্ৰতি অনুভৱ কৰে প্ৰচণ্ড ঈৰ্ষা। সেই ঈৰ্ষা কেতিয়াবা যদি নিগ্ৰহৰ ৰূপত প্ৰকাশিত হয়, কেতিয়াবা চৰিত্ৰহননৰ যোগেদি। জন্মৰে পৰা ক্ষমতাহীন হৈ থাকিব লগা হোৱা নাৰীয়ে যেতিয়া বয়স হোৱাৰ পাছত ঘৰে বাহিৰে কিছু ক্ষমতা লাভ কৰে, কাৰোবাৰ ওপৰত কৰ্তৃত্ব খুটুৱাবলৈ সুযোগ পায়, তাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰে।পৰিয়ালবোৰত প্ৰজন্মৰ ব্যৱধানৰ শাহু-বোৱাৰীৰ হাই-কাজিয়াবোৰো সেই বিকাৰৰে মূৰ্ত প্ৰকাশ। সেই বিকাৰ কেৱল ঘৰৰ চাৰিসীমাতেই আৱদ্ধ হৈ নাথাকে। কৰ্ম-স্থলী বা ৰাজহুৱা স্থানলৈকো বিয়পি পৰে।তেনে নাৰী পুৰুষতান্ত্ৰিক ব্যৱস্থাক বাহাল ৰাখিব বিচৰা বিকাৰগ্ৰস্ত পুৰুষসকলৰ সহযোগী হৈ পৰে। তাৰ ফলত আপাতদৃষ্টিত নাৰীয়েই নাৰীৰ শত্ৰু যেন লাগে। সমাজে গভীৰতালৈ নগৈ তাকে মানি লয়। ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষমতা লাভ কৰা সেইসকল নাৰী কিন্তু নিজৰ জীয়াৰীৰ ক্ষেত্ৰত সম্পূৰ্ণ বিপৰীত।জীয়াৰীৰ পছন্দৰ ওপৰত বৰ বিশেষ কৰ্তৃত্ব খুটুৱাবলৈ যোৱা দেখা নাযায়। জীয়াৰীৰ সমবয়সী বোৱাৰী বা আন নাৰীৰ ক্ষেত্ৰত দেখুউৱা তেওঁলোকৰ কৰ্তৃত্বৰ বান্ধোন জীয়াৰীৰ ক্ষেত্ৰত শিথিল হৈ পৰে। নিজে ভুগি থকা দুৰ্ভোগ যাতে জীয়াৰীয়ে ভুগিব লগা নহয় তাক কিন্তু মনে-প্ৰাণে কামনা কৰে। এইধৰণৰ বিকাৰ পুৰুষতান্ত্ৰিক সমাজৰে ফচল। যুগ যুগ ধৰি নাৰীসকল এই বিকাৰৰ বলি হৈছে।
পুৰুষতান্ত্ৰিক সমাজখন বৰ্তি থকালৈকে এই বিকাৰ থাকি যাব। প্ৰজন্মৰ পাছত প্ৰজন্ম নাৰীয়ে দুৰ্ভোগ ভুগি থাকিব লগা হ’ব। তাৎপৰ্যপূৰ্ণ কথা হ’ল প্ৰযুক্তি-বিজ্ঞানৰ যুগতো আধুনিক বিশ্বৰ দেশে দেশে কম-বেছি পৰিমাণে এতিয়াও পুৰুষতান্ত্ৰিকতা বৰ্তি আছে। আমাৰ দেশত তাৰ শিপা কিমানলৈকে প্ৰোথিত হৈ আছে তাক বহলাই কোৱাৰ প্ৰয়োজনেই নাই। পুৰুষতান্ত্ৰিকতাক নাৰীবাদেহে নোহোৱা কৰিব পাৰে। নাৰীবাদ লিংগনিৰপেক্ষ হ’ব পাৰে। অৰ্থাৎ সকলো লিংগৰ মাজতে নাৰীবাদী থাকিব পাৰে। কাৰণ পুৰুষতান্ত্ৰিকতাৰ বিকাৰসমূহে লিংগনিৰপেক্ষ ভাৱে সকলোকে আক্ৰান্ত কৰে। যিসকলে বুজে তেখেতসকলে ইয়াৰ বিৰোধিতা কৰিবলৈ এক মুহূৰ্তও চিন্তা কৰিব লগা নহয়। নাৰীবাদী পুৰুষ অতীজতো আছিল। এতিয়াও আছে। ভাৰতত পূৰ্বতে প্ৰচলিত অতি নৃশংস আৰু অমানৱীয় সতীদাহ প্ৰথাৰ বিলোপ সাধনৰ বাবে হোৱা আন্দোলনৰ নেতৃত্ব লোৱা এজন পুৰুষ ৰাজা ৰামমোহন ৰায়ৰ নাম সকলোৱে জানে। আন্দোলনৰ ফলত লৰ্ড বেণ্টিংকে ১৮২৯ চনত আইন প্ৰণয়ন কৰি বেংগলত সতীদাহ প্ৰথা বন্ধ কৰে। তাৰ পাছত ১৮৬১ চনত বৃটিছ অধীনস্থ গোটেই ভাৰততে এই আইন বলবৎ হয়। ৰাজনৈতিক ক্ষমতা প্ৰয়োগ নকৰাহেঁতেন সতীদাহ বিৰোধী আন্দোলনে কিমান দূৰলৈকে সফলতা লাভ কৰিলেহেঁতেন তাত সন্দেহ আছে। কুৰি শতিকাৰ শেষৰ ফালে ৰূপ কনোৱাৰে সতী যাবলৈ বাধ্য হোৱাৰ কথা সৰ্বজনবিদিত। সেই ঘটনাকো মহিমামণ্ডিত কৰি তুলিবলৈ কৰা প্ৰয়াসৰ কথা কোনে নাজানে! তলসুঁতীয়াকৈ তাৰ ৰেশ এতিয়াও ৰৈ নোযোৱাকৈ থকা নাই। বেণ্টিংকৰ সেই আইন প্ৰণয়নৰ দুশ বছৰ হ’বৰ হ’ল। এতিয়াও নাৰীৰ প্ৰতি সমাজৰ দৃষ্টিভংগীৰ বিশেষ সলনি হোৱা পৰিলক্ষিত হোৱা নাই। বহুতে হয়তো ভাবিব, চেলোৱাৰ নিপিন্ধিবলৈ ফটোৱা জাৰি কৰাৰ লগত সতীদাহ প্ৰথাৰ তুলনা কৰিব পাৰি নে! পাৰি। সেইসময়ত সতীদাহ বিৰোধী আন্দোলনৰ বিৰোধিতা কৰা লোকৰ সংখ্যা কম নাছিল বাবেই আইন প্ৰণয়ন কৰি বন্ধ কৰাব লগা হৈছিল। সেই প্ৰথাক নৃশংস আৰু অমানৱীয় বুলি নভবাৰ ফলতেই সেই প্ৰথাৰ সমৰ্থনকাৰীও আছিল। ছেলৱাৰ পিন্ধাৰ বিৰোধিতা কৰাসকলৰ মানসিকতা সেই সকলতকৈ কোনো গুণে কম নৃশংস নহয়। দুশ বছৰ নালাগে আৰু কিছু বছৰৰ পাছতেই নৱপ্ৰজন্মই আজিৰ এই বিৰোধিতাক নৃশংসতাই বুলিব।
এই নৃশংসতাৰ ভেটি কিন্তু এতিয়াও ধৰ্মীয় পৰম্পৰাই। হাজাৰ অস্বীকাৰ কৰিলেও সেয়া লুকুৱাই ৰখা সম্ভৱ নহয়। সাজ-পোছাক বেছি ক্ষেত্ৰতে ধৰ্মীয় পৰম্পৰাৰ অন্তৰ্গত হোৱাৰ হেতুকেইতো সুদূৰ আৰবৰ ধৰ্মীয় পৰম্পৰাগত পোছাক হিজাব আৰু বোৰ্খাই ইয়াতো খোপনি পুতি বহি লৈছে, লাগিলে আমাৰ ইয়াৰ জলবায়ুৰ লগত সেয়া খাপ খোৱা নহওকেই। আমাৰ অতি জনপ্ৰিয় নেতা গৰাকীয়ে শিক্ষয়িত্ৰীৰ পোছাক হিচাপে চেলোৱাৰক শালীন বুলি স্বীকৃতি দিয়াৰ পাছতো এখোজ পিছুৱাই যাবলৈ বাধ্য হৈছে। কিয়নো ধৰ্মৰ নামত কৰা ৰাজনীতিৰে ক্ষমতালৈ অহা জনপ্ৰিয় নেতা গৰাকীয়ে ঠিকেই বুজিছে যে ধৰ্মীয় পৰম্পৰাৰ ভিত্তিত স্বীকৃতিপ্ৰাপ্ত শালীনতাৰ সংজ্ঞা আন কিবাহে। পৰম্পৰাক বজ্ৰাঘাত কৰি লৰ্ড বেণ্টিংকৰ ভূমিকাটি পালন কৰাৰ ক্ষেত্ৰত সেয়ে তথাকথিত আধুনিক মনা নেতাগৰাকী অপাৰগ। সেয়ে বিদ্যালয় পৰিচালনা সমিতিৰ ভূমিকাক নস্যাৎ কৰাৰ সাহস কৰিব পৰা নাই। এক কথাত লিংগ-বৈষম্যৰ তীব্ৰ বিৰোধিতা কৰিবলৈ সাহস কৰা নাই। সময়ৰ আহ্বানকো নেওচা দি সেই পৰম্পৰা পালন কৰিবলৈ নাৰীসকলক বাধ্য কৰোৱাত নাৰী-পুৰুষ নিৰ্বিশেষে পুৰুষতন্ত্ৰৰ ধাৰক-বাহকসকল উঠিপৰি লাগিছে। যদিওবা শালীনতাৰ সংজ্ঞা কোনেও একে আষাৰতে নিৰূপণ কৰিব নোৱাৰে, লিংগ বৈষম্যৰ বিৰোধিতা কৰা আৰু ব্যক্তিস্বাধীনতাৰ সপক্ষে থকা বহু নাৰী-পুৰুষে শালীনতা ৰক্ষা কৰি শিক্ষয়িত্ৰীক পোছাক পিন্ধিবলৈ দিয়া চৰকাৰী নিৰ্দেশনাটোক স্বাগতম জনাইছিল। আমাৰ সমাজব্যৱস্থাই নাৰীৰ প্ৰতি কৰা আচৰণত পুৰুষক নাৰীৰ প্ৰতি সংবেদনশীল হ’বলৈ শিকোৱা নাই। আন নহ’লেও শিক্ষকতা বৃত্তিৰ লগত জড়িত নাৰী-পুৰুষ উভয়েই এতিয়া লিংগসমতাৰ বিষয়টো অধ্যয়ন কৰিব লগা হয়। কিয়নো শিক্ষকতা বৃত্তিৰ বাবে কৰিব লগা পাঠ্যক্ৰম বা ট্ৰেইনিং সমূহতো লিংগ সমতাৰ বিষয়টো অন্তৰ্ভুক্ত কৰা আছে। কিন্তু দেখা গৈছে শিক্ষা সম্বন্ধীয় সকলো বিষয় আওকাণ কৰি শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বেছি সংখ্যকেই পৰম্পৰা ৰক্ষাতহে গুৰুত্ব প্ৰদান কৰিছে। তাকো শিক্ষয়িত্ৰীৰ সাজপাৰৰ যোগেদি। বিশেষকৈ শিক্ষয়িত্ৰীসকলে যেতিয়া বিৰোধিতা কৰিছে তেতিয়া আকৌ ‘নাৰীয়েই নাৰীৰ শত্ৰু’ প্ৰবচনটো বহুতে আওৰোৱা দেখা গৈছে, লাগিলে পুৰুষ শিক্ষকেও চেলোৱাৰৰ বিৰোধিতা নকৰক কিয়। শিক্ষিত নাৰীসকলে বৰ্তমানৰ প্ৰজন্মৰ বাবে নাভাবিলেও নিজৰ সন্তান আৰু নাতি-নাতিনীবোৰৰ স্বাৰ্থতে হ’লেও অন্ততঃ নিজৰ পোৱা নোপোৱাৰ হা-হুমুনিয়াহবোৰক আওকাণ কৰি সহকৰ্মীসকললৈ সহায়ৰ হাত আগবঢ়াই বিদ্যালয়ৰ পৰিবেশ সুস্থ কৰি ৰখাত হাত উজান দিয়াৰ লগতে লিংগ-বৈষম্যহীন সমাজ এখন প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সহযাত্ৰী হ’ব পাৰে। তাতে যদি পুৰুষসকলেও হাত উজান দিয়ে সোণত সুৱগা চৰিব। ‘নাৰীয়েই নাৰীৰ শত্ৰু’ প্ৰবাদটোৱেও পলাই পত্ৰং দিবলৈ বাধ্য হ’ব।