৬ষ্ঠ বছৰ(প্ৰথম সংখ্যা)অতিথি সম্পাদকৰ চ'ৰাষষ্ঠ বছৰ

কি কৰিম? কি হ’বগৈ? – (লুইত কিৰণ দাস)

আলোচনাৰ প্ৰাৰম্ভণীতে এটা কথা উনুকিয়াই থওঁ যে আলোচনাৰ মূল প্ৰেক্ষাপট অসম৷ অসমৰ বাহিৰৰ ৰাজ্যবোৰৰ লোকজীৱনৰ লগত আমি প্ৰত্যক্ষভাৱে বৰ্তমানলৈকে জড়িত হ’ব পৰা নাই৷ লোকজীৱনৰ লগত জড়িতৰ কথাটো যে ক’লোঁ, ইয়ো এক বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে পাঠকৰ মনত৷ কৈ থওঁ, আজি আমি অসমৰ সমাজ জীৱনত প্ৰচলিত অন্ধবিশ্বাস, কুসংস্কাৰ আৰু ইয়াৰ নিৰাময়ৰ বিষয়ে দুআষাৰ পাতিবলৈ আগবাঢ়িছোঁ৷

প্ৰকৃততে কৃষিপ্ৰধান অসমৰ লোকজীৱনত দৈনন্দিন কেনেধৰণেৰে জীৱন অতিবাহিত হয়? ই এটা প্ৰশ্ন৷
উত্তৰত আহে যে, ভালদৰে অতিবাহিত হয়৷ খেতি কৰি খায়৷ কাম কৰি খায়৷
যদি আমি ওপৰে ওপৰে নাচাই অলপ গভীৰভাৱে চাওঁ, তেনেহ’লে দেখিম যে আটাইতকৈ কষ্টকৰ জীৱন কটোৱাৰ অন্যতম উদাহৰণ এই গাঁৱলীয়া লোকসকল৷ বেমাৰ-আজাৰ হ’লে থাউকতে হস্পিতেল এখন নোপোৱা এই লোকসকল, কিবা বিপদ হ’লে সহায় অথবা সাহস দিবলৈ আন এখন হাত নথকা এই লোকসকলৰ অৱস্থা ওচৰৰ পৰা লক্ষ্য কৰাজনে বোধহয় বুজিব৷
এইখিনিতে প্ৰশ্ন হয়, এই মানুহখিনিয়ে বেমাৰ-আজাৰ হ’লে কি কৰে? বিপদত পৰিলে কি কৰে? আমি এই মানুহখিনি মানে য’ত এতিয়ালৈকে এখন উন্নত সমাজৰ পোহৰ পৰাগৈ নাই, সেইখিনিৰ কথা কৈ আছোঁ৷
সেই সমাজখনত জ্বৰ হ’লে হাবিৰ পৰা বিভিন্ন গছৰ পাত, শিপা আনি খুন্দি খুৱাই, ছালৰ ৰোগ হ’লে ফুটচাই, বালি ইত্যাদি ঘঁহি দিয়ে, অতি বেছি মানসিক অস্থিৰতাত ভূগিলে তথাকথিত ‘বেজ’ আনি ৰোগীজনক উপৰ্যুপৰি অত্যাচাৰ কৰে৷ তদুপৰি অন্ধবিশ্বাসৰ হাওতাডাল আছেই৷ ‘ডাইনী’ ৰ সন্দেহত মহিলা অথবা পুৰুষক (মূলত:) হত্যা পৰ্যন্ত কৰাৰ নজিৰ আছে৷ যিবোৰ বাতৰি কাকতে ঢুকি পায় যদিও কোনো বিশেষ পতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা নাযায়৷
স্বাধীনতাৰ অত বছৰ পিছতো আমি যদিও নিজকে আধুনিক বুলি জাহিৰ কৰিব খোজো, সেইটো স্বমূৰ্খামীৰ বাহিৰে একো নহয়৷ আমি মাত্ৰ এটা নিৰ্দিষ্ট এলেকাত থাকি সেই এলেকাৰ ৰেহ-ৰূপক সমগ্ৰ ৰাজ্যখনৰ এলেকাৰ লগত মিলোৱাতো এক প্ৰকাৰৰ মূৰ্খামী বুলিয়েই ক’ব লাগিব৷

আমাৰ সমাজত এনেকুৱা এটা প্ৰজন্ম সৃষ্টি হৈয়ে থাকিব৷ কেতিয়ালৈকে হৈ থাকিব সেইটো আমি অনুমান কৰিব নোৱাৰোঁ৷ কিন্তু এই অন্ধবিশ্বাস, কু:সংস্কাৰক নেতৃত্ব দিয়া চাম এটা যে আঁৰে আঁৰে গঠিত হৈ থাকিব সেই কথা মন খুলি ক’ব পাৰি৷ আৰু তেনেকৈ হৈয়ে আছে৷

পৰীক্ষা অথবা ঘৰুৱা কিছু সমস্যাৰ বাবে যদি সৰুতে পুষ্টিকৰ খাদ্য নোপোৱা ল’ৰা এজনৰ কিছু মানসিকভাৱে বিকৃতি ঘটে তেতিয়া গাঁৱৰ দুই-এজন বয়োজ্যেষ্ঠই আহি মানসিক ডাক্তৰৰ ওচৰলৈ নিয়াৰ আগতেই স্বঘোষিত বেজৰ ওচৰলৈ নিবলৈ পৰামৰ্শ দিব৷ সেই কথামতেই ঘৰৰ মানুহে বেজৰ ওচৰলৈ নি বিভিন্ন পৰিক্ৰমাৰ মাজেদি ল’ৰাটোৰ মানসিক অৱস্থাটো আৰু জটিল কৰি তুলিব, তাৰ পিছৰ পৰ্যায়ত ‘কালিকা’ লাগি মৃত্যু ঘটা বুলি ঘোষণা কৰিব৷ তাৰ পিছৰ পৰ্যায়ত মৃতকৰ ঘৰত বেজৰ ওচৰলৈ নিবলৈ পৰামৰ্শ দিয়া তথাকথিত ভকতকেইজনে সকাম খাবলৈ আহিব৷
মই আগতে কৈ অহা আঁৰৰ নেতৃত্ব দিয়া প্ৰজন্মটোৰ এটা ভাগ এই ভকতসকল (সকলো ভকত নহয়৷)

ছোৱালী এজনী পুষ্পিতা হোৱাৰ পিছত চাৰিদিনলৈকে ঢাৰি এখনৰ আঁৰত থাকিবলৈ দিয়া হয়৷ পকী ঘৰ-দুৱাৰ নহৈ যদি কেঁচা ঘৰ-দুৱাৰৰ হয় তেনেহ’লে ছোৱালীজনী বিভিন্ন ৰোগত ভোগাৰ সম্ভাৱনা থাকে৷ প্ৰথম কথা যে, নিয়ম অনুসৰি ছোৱালীজনীক খেৰৰ ওপৰত শুবলৈ দিয়া হয়, দ্বিতীয়তে গাত থাকে কেৱল বগা দুই-এখন কাপোৰ (জাৰ-জহৰ প্ৰশ্নই নুঠে), খোৱা-বোৱাৰ ক্ষেত্ৰত ভীষণ নিষেধাজ্ঞা৷ গতিকে এই চাৰিদিনত যাক তথাকথিত ‘বেহীৰ তলত থোৱা’ বুলি কোৱা হয়, তাৰ জৰিয়তে ছোৱালীজনীৰ পেটৰ অসুখ, ছালৰ অসুখ আৰু গেষ্ট্ৰিকালছাৰ পৰ্যন্ত হোৱাৰ সম্ভাৱনা থাকে৷ অঞ্চলভেদে নিয়ম-নীতি সুকীয়া যদিও বৈজ্ঞানিক দৃষ্টিভংগীৰে যদি চোৱা হয় তেতিয়াহ’লে ইয়াৰ কোনো ধনাত্মক ফলাফল নাই, বৰঞ্চ ঋনাত্মক ফলাফলৰহে আশা বেছি৷

ওপৰত কৈ অহা নেতৃত্ব দিয়া প্ৰজন্মটোৰ এটা ভাগ এই তোলনি বিয়াতো আপুনি যদি লক্ষ্য কৰে দেখা পাব৷

আমাৰ অসমীয়া লোক-সমাজত অতীজৰে পৰা যিসমূহ লোকবিশ্বাস পৰম্পৰাগতভাৱে প্ৰচলিত হৈ আহিছে, সেইসমূহৰ পৰা বৰ বিশেষ বেয়া প্ৰভাৱ পৰা আমাৰ চকুত নপৰে৷ অৱশ্যে তাৰ মাজতো দুই-এটা বিশ্বাসে বৰ্তমান সময়ত কিছু ঋনাত্মক প্ৰভাৱ পেলোৱা দেখা যায়৷

ধৰক গৰু বিহুৰ দিনা গোহালি অথবা ঘৰৰ চাৰিওফালে অসমীয়া সমাজত নহৰু খুন্দি তাৰ পানীবোৰ চটিয়াই দিয়া হয়৷ ইয়াৰো বিশেষ কিছু বৈজ্ঞানিক কাৰণ আছে৷ নহৰুত থকা ‘এলিন’ নামৰ ৰাসায়নিক পদাৰ্থবিধে বিষাক্ত কীট-পতংগ ঘৰৰ ভিতৰলৈ অহাত বাধা দিয়ে৷ ঠিক তেনেদৰে গৰু বিহুৰ দিনাই হালধীৰে দাঁত মজা, মাহৰ গুৰিৰে গা ধোৱা আদি নিয়মসমূহত বিভিন্ন বিজ্ঞানসন্মত কাৰণ জড়িত হৈ আছে৷
দ্বিতীয়তে আমি যদি লক্ষ্য কৰোঁ, গৰু বিহুৰ দিনাই আহুতলীৰ পথাৰত মাখিয়তীৰ দাল, ভাঙৰ দাল আদি খেতিয়কসকলে পুতি থৈ আহেগৈ৷ যাতে খেতিডৰা ভাল হয়৷ ইয়াত কোনোধৰণৰ বৈজ্ঞানিক কাৰণ জড়িত থকাৰ আমাৰ চকুত নপৰে (?!)৷ কিন্তু পূৰ্বৰ পৰা চলি অহা এই বিশ্বাসে অসমৰ লোকসংস্কৃতিক সমৃদ্ধ কৰিছে৷ ইয়াৰ পৰা কাৰো কোনোধৰণৰ উপকাৰ হোৱা নাই আৰু অপকাৰো হোৱা নাই৷
এইখিনিতে তথাকথিত কিছু লোকে ক’ব খুজিব যে খেতি ভালদৰে কৰিলে তাত কোনো গছৰ ডাল পুতি দিয়াৰ দৰকাৰ নাথাকে৷ সেইসকলৰ জ্ঞাতাৰ্থে এটাই কথা যে–
“নেদেখাই কণাই সমান৷”

গতিকে আমি এটা কথা লক্ষ্য কৰিব পাৰিছো যে, অন্ধবিশ্বাসৰ জগতখনৰ লগত বিশেষত: অসমত লোকজীৱন পূৰ্বৰ পৰা জড়িত হৈ থকা নাই৷ ইয়াক মাজতে ধৰি এচামে সৃষ্টি কৰিছিল৷ জড়িত থকাহ’লে বোধহয় আইনাম, বিয়ানাম আদিত ডাইনী, পিঁশাচ, ভূত আদিৰ কথা অতি বেছিকৈ উল্লেখ থাকিলহেঁতেন৷

কথাৰ মাজতে ‘ব্ৰাহ্মণ্যবাদ’ৰ কথা এটাও চুটিকৈ উনুকিয়াই থওঁ৷ অতীজৰে পৰা ব্ৰাহ্মণ্যবাদে শোষণ কৰি অহা সাধাৰণ লোকসকলৰ মাজত অন্ধবিশ্বাসকো সেই বাদে মূল শোষক হিচাপে বাচি লৈছিল৷ সমাজৰ তথাকথিত ‘ওপৰৰ লেভেল’ৰ মানুহ হিচাপে নিজকে পৰিচয় দি ভালপোৱা এই ‘বাদ’ৰ লোকসকলে পূৰ্বতে হাল-কোৰ বোৱা কাৰবাৰ নকৰিছিল আৰু লগতে সাধাৰণ লোকক কোনবাৰে হাল বাব লাগে অথবা নালাগে সেইয়াও পঞ্জিকা নিৰ্মাণ কৰি ঠিক কৰি দিছিল৷ এতিয়াও কৃষিজীৱী অসমীয়া সমাজত বিশেষ কিছুমান দিনত হালবোৱা কাৰ্য বন্ধ৷
ভাল খবৰ যে বৰ্তমানত এই প্ৰথা যথেষ্ট পৰিমাণে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে৷

কথাটো যদি ইউৰোপৰ লগত তুলনা কৰি চাওঁ তেতিয়া আন এটা ধাৰণাও মনলৈ নহা নহয়৷
ইউৰোপৰ দেশসমূহত গাড়ীৰ আগেদি মেকুৰী পাৰ হৈ গ’লে সাৱধান হ’বলৈ কোৱা হৈছিল এইবাবেই যে গাড়ীৰ চেপাত যাতে আগলৈ কোনো জন্তুৰ মৃত্যু নহয়৷ দেশ বাগৰি আমাৰ মুলুকত কথাটো হৈ পৰিল ওলোটা যে, গাড়ীৰ আগেদি মেকুৰী পাৰ হৈ যোৱা মানেই অমংগল৷
গতিকে কিছুমান বিশ্বাস দিন বাগৰি, ঠাই বাগৰি লগতে ‘মূৰ বাগৰি’ আহি ঠাইভেদে অন্ধবিশ্বাস হৈ পৰিছেহি৷ ইয়ো এটা উদাহৰণ৷

আমি এক কথাত কৈ পেলাব নোৱাৰো যে মূলত: এই অন্ধবিশ্বাস ক’ৰ পৰা বাগৰি ক’লৈ গৈ আছে৷ কিন্তু ক’ব পাৰি যে এই ধাৰণাসমূহক প্ৰতিটো প্ৰজন্মৰ কিছুমান সদস্যই অতি নিপুনভাৱে কঢ়িয়াই লৈ গৈছে৷ এই কথাটো লক্ষ্য কৰি তাক নিৰ্মূল কৰাতে আমি গুৰুত্ব দিব লাগিব৷ আলোচনাটোৰ কথাসমূহৰ কোনো সংগতি নাই বুলি জনাৰ পিছতো এইবাবেই লিখিছো যে, সমগ্ৰ কথাখিনিৰো এটা স্থায়ী সংগতি নাইপোৱা৷

লোকবিশ্বাস, লোকজীৱন, পৰম্পৰা, বিজ্ঞান, প্ৰজন্ম এই আটাইবোৰ বিষয় সামৰি এখন সোৱাদময় পিটিকা কৰাৰ পিছত পিটিকাৰ পৰা এটা এটাকৈ বস্তুবোৰ উলিয়াই থকাটো জানো মুখৰ কথা!?
পাঠকে বিচাৰ কৰিব৷

Leave a Reply

Your email address will not be published. Required fields are marked *