অতিথি সম্পাদকৰ চ'ৰাচতুৰ্থ বছৰচতুৰ্থ বছৰ (তৃতীয় সংখ্যা)নিবন্ধ

কবিতাৰ আদৰ্শ আৰু আদৰ্শ কবিতা-(ৰাজেন কলিতা)

(অতিথি সম্পাদকৰ টোকা: ৪ৰ্থ বছৰ, ২৯শ সংখ্যাৰ শাৰদীয় ‘শ্ৰীময়ী’ আলোচনীত ১৯৯১ চনতে প্ৰকাশিত এই লিখাটো অসমীয়া কবিতাৰ প্রসংগত এক প্রভাৱশালী প্রবন্ধ। লিখাটিত উল্লিখিত সেই সময়ৰ বহু নতুন কবি বৰ্তমান সমাদৃত প্ৰবীণৰ শাৰীত। তদুপৰি, পৰৱৰ্তী সময়ত বহু সম্ভাৱনাপূৰ্ণ নতুন কবিয়ে আত্মপ্ৰকাশ কৰিলে‌। স্বাভাৱিকতেই সেইসকল কবিৰ কবিতাৰ আলোচনা এই লেখাত নাই‌। তথাপিও আলোচনাটিত বৰ্ণিত মতাদৰ্শগত ভিত্তিৰ কথাটো আজিও প্রাসংগিক।
লেখকৰ অনুমতি সাপেক্ষে লেখাটো মুক্ত চিন্তাৰ পাঠকলৈ আগ বঢ়ালোঁ)

সত্তৰৰ দশকৰ অসমীয়া কবিতা সম্পর্কে আজি এই নব্বৈৰ প্রাৰম্ভত উৎসাহী কবি আৰু কাব্যৰসিকৰ সংখ্যা এমুঠিমানেই হ’ব চাগৈ। আশীৰ দশকৰো আগছোৱালৈকে যিটো কবিতাৰ ধাৰা অতি বেগৱান আছিল সি আশীৰ শেষৰ পিনে মন্থৰ হৈ পৰিল আৰু এতিয়া তেনেধৰণৰ কবিতা প্রায় অচল। কি বিষয়বস্তু, কি আঙ্গিক সকলো দিশৰ পৰাই সাম্প্রতিক অসমীয়া কবিতাত সত্তৰ দশক মৃতপ্রায়। অসমীয়া কবিতাৰ এই সুঁতি সলনিৰ বিৱৰণ আৰু তাৰ সাহিত্যিক কাৰণসমূহৰ উপৰিও সাহিত্যবহির্ভূত কাৰণসমূহ বিচাৰৰ প্রচেষ্টা চিন্তাকর্ষক হ’ব বুলি ভবা যায়।

অসমীয়া কবিতাই বিভিন্ন সময়ত বিভিন্ন ধাৰাৰে আগ বাঢ়িছে আৰু তেনে এটা ধাৰায়েই সত্তৰৰ দশক আৰু আশীৰ দশকৰ আগভাগলৈকে পৰিপুষ্ট হৈ তীব্রতা লাভ কৰিছিল। তেনেদৰেই সাম্প্ৰতিক যি পৰিবৰ্তনৰ কথা উল্লেখ কৰিছোঁ সিও, কেতবোৰ আঙ্গিকগত অভিনৱত্ব সত্ত্বেও, মূলতঃ অসমীয়া সাহিত্যৰ পুৰণি এক দৃষ্টিভঙ্গীৰ সৈতে সম্পর্কৰহিত নহয়। 

মন কৰিবলগীয়া যে সামাজিক-ৰাজনৈতিক পৰিৱৰ্তনসমূহে অসমীয়া কবিক সততে প্রভাৱিত কৰি আহিছে, কেতিয়াবা এনে পৰিৱর্তনে তেওঁক উদ্বুদ্ধ কৰিছে, কেতিয়াবা এনে পৰিবৰ্তনৰ কদর্যতা সহিব নোৱাৰি কোনোজন গৰজি উঠিছে, কোনোজনে ৰোমাণ্টিক পলায়নবাদৰ আশ্রয় লৈছে। বিগত দুই দশকৰ কবিতাৰ ক্ষেত্ৰতো ই শুদ্ধ।

সমাজজীৱনৰ এনে গভীৰ প্ৰভাৱৰ বাবেই, সাধাৰণভাৱে ক’বলৈ গ’লে, অসমীয়া কবিতাত কাৰিগৰীগত বা অধিবিদ্যাগত আদর্শই বিশেষ প্ৰভাৱ পেলাব পৰা নাই। আনকি শ্রী নীলমণি ফুকনৰ দৰে কবিয়েও, যি কবিতাৰ ৰূপগত দিশ সম্পৰ্কে অত্যন্ত সচেতন, তেওঁৰ কাব্যাদর্শ বুৰ্জোৱা ব্যক্তিনিষ্ঠতা সত্ত্বেও, কবিতা ৰচনা কৰোঁতে সমাজ অভিজ্ঞতাৰ ঊৰ্ধ্বত থাকি অধিবিদ্যাগত একোটাহঁত গাঁথনি নিৰ্মাণত নিজৰ কাব্য প্রতিভাক অধঃপতিত কৰা নাই। তেওঁৰ কবিতাৰ জটিলতা সত্ত্বেও গুৰুত্বপূর্ণ কথাটো হ’ল তেওঁৰ বাস্তৱৰ প্রতি এক সক্রিয় মনোভঙ্গী আছে, তেওঁ ইয়াৰ প্রতি অমানুষিকভাৱে উদাসীন নহয়। ব্যক্তি চেতনাই প্রাধান্য লাভ কৰা সত্ত্বেও, সামগ্ৰিকভাৱে ক’ব পাৰি, শ্রীফুকনৰ কবিতাত, জীৱন আৰু জগত সম্পর্কীয় জিজ্ঞাসাই, যি জিজ্ঞাসা আকৌ মানৱ সমাজ সম্পর্কীয় উৎকণ্ঠাৰ পৰাও উত্থিত, কবিৰ কাব্যৰীতিৰ মাজেৰে পৰিশ্ৰুত হৈ প্রকাশ পাইছে। সেয়ে অসমীয়া কবিতাৰ জীৱনমুখী, সজীৱ ধাৰাটোৰ স’তে বর্তমান সময়ৰ এজন অতি গুৰুত্বপূৰ্ণ কবি (শ্ৰীবীৰেশ্বৰ বৰুৱাৰ প্ৰবল আপত্তি সত্ত্বেও গুৰুত্বপূৰ্ণ) শ্রীনীলমণি ফুকনক যুক্ত কৰিব পাৰি।

সত্তৰৰ দশকত অসমীয়া জীৱনমুখী চৰিত্ৰটোৱে এটা বিশেষ ৰূপ লৈছিল। তাৰ এক পশ্চাদভূমি আছে‌। মন কৰিবলগীয়া যে আধুনিক অসমীয়া কবিতা তাৰ জন্মলগ্নৰে পৰা উদ্দেশ্যধর্মী। ই কেতিয়াবা সমাজ সংস্কাৰমূলক, কেতিয়াবা দেশপ্রেমমূলক, সাম্রাজ্যবাদবিৰোধী, খুব কমেই ভাববিলাসী, অহৈতুকী। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কালছোৱাত অসমীয়া কবিয়ে, অসমৰ বিশেষ পৰিস্থিতিত তেওঁৰ সাম্রাজ্যবাদবিৰোধী ভূমিকাৰ সীমাবদ্ধতা সত্ত্বেও, কবিতাৰ উদ্দেশ্যধর্মিতাক আঁকোৱালি লৈছিল। ব্যতিক্রম নথকা নহয়: দুই-এজনে বৃহত্তৰ সামাজিক পটভূমিৰ পৰা নিলগে থাকি ব্যক্তিগত প্রেম-বিৰহৰ গান গাইছিল, কিন্তু সিও আছিল সামন্ত সমাজব্যৱস্থাই চেপি ধৰা কবিৰ অন্তৰৰ অৰুত্তদ আর্তনাদ, নিছক সাহিত্য বিলাস নহয়।

কবিতা বেছিভাগ অসমীয়া কবিৰ বাবেই অন্তৰৰ বাণী, বক্তব্যহীন শাব্দিক নিৰ্মাণ নহয়। শাব্দিক চেতনাতকৈ তেওঁলোকৰ চেতনা অনুভূতিক শব্দঅনুভূতিৰ বাহন, শব্দই অনুভূতি নহয়। শব্দৰ অৰ্থৰ অনিশ্চয়তাক লৈও তেওঁলোক ব্যাকুল নহয়, এক নির্দিষ্ট সামাজিক পৰিপ্ৰেক্ষিতত শব্দই অর্জন কৰা পোনপটীয়া আৰু ব্যঞ্জনাগত অর্থক সামাজিক আদান-প্রদানৰ মাধ্যম ৰূপে গ্রহণ কৰি তাক ব্যঞ্জনাগত নতুন মাত্রা সংযোজনৰ দ্বাৰা কাব্যিকভাৱে অধিক প্রকাশক্ষম কৰি তুলিব পাৰিলেই তেওঁলোক সুখী।

সেয়ে অসমীয়া কবিতাত সাধাৰণভাৱে ক’বলৈ গ’লে শব্দৰ দৌৰাত্ম্য কম আৰু সেই কাৰণেও অসমীয়া কবিতা মুষ্টিমেয় কবিৰ মননশীল দুর্বোধ্যতাত বাদে সহজপাঠ্য আৰু হৃদয়গ্রাহী। সহজপাঠ্যতা বুলিয়েই কোনো কোনোৱে নাক কোঁচায় – সহজপাঠ্যতা নির্বুদ্ধিতাৰ সমার্থক। সেইবোৰ মহলত ইন্দ্রিয়জ অনুভূতিসমূহ এনে এটা খেলিমেলি অৱস্থাত, সদা তুৰীয় অৱস্থাত স্থিত যে synaesthesia অলঙ্কাৰেই সূক্ষ্মতম আনুভূতিক প্রকাশ ৰূপে পৰিগণিত। এনে এটা অৱস্থাত প্ৰকৃততেই তেওঁলোক থাকিব পৰা হ’লেও এক কথা আছিল, অন্ততঃ আনুভূতিক সাধুতাই তেওঁলোকৰ কাব্যক কৃত্রিমতাৰ পৰা ৰক্ষা কৰিলেহেঁতেন। কিন্তু আপত্তিৰ কাৰণ ইয়াতেই যে অনুভূতিৰ তীব্রতা সম্পর্কীয় তেওঁলোকৰ ধাৰণামতেহে তেওঁলোকে এনে অলঙ্কাৰ কৰে, অর্থাৎ মগজু খটুৱাই তেওঁলোকে অনুভৱ কৰে।

অৱশ্যেই কবিতা এক নিৰ্মাণ, আৰু ইয়াত এক ধৰণৰ কৃত্রিমতা অনিবার্য, এই কথা মূলতঃ সত্য। কিন্তু ই এনে এক নিৰ্মাণ য’ত আবেগ, অনুভূতি, মতাদর্শ, বৌদ্ধিক বিচাৰ সকলো মিলামিচা এক হৈ পৰে।

কিন্তু অসমীয়া কবিতাত এটা ধাৰা আছে। য’ত কৃত্রিমতাই সকলো, বৌদ্ধিক ধাপ্পাবাজিৰে পাঠকৰ মূৰ ঘূৰাই দিয়াতেই তাৰ সার্থকতা। বেচেৰা পাঠকে একো ওৰ মোৰ নাপায়, ‘মননশীল’ বুলিলেই সেইমুৱা নোহোৱা হয়। ইফালে ‘মননশীল’ কবিয়ে আত্মসন্তুষ্টিৰ হাঁহি মাৰে, কবিতাবোৰ যদু মধু হৰিয়ে বুজিবই পৰা হ’ল, তেওঁৰ কবিতাৰ কৌলীন্য ক’ত থাকিল, দ’মে দ’মে বিদেশী কবিতাৰ কিতাপ পঢ়িনো তেওঁ কি শিকিলে! সেয়ে তেনে কোনো কবিয়ে আকৌ কবিতাৰ কিতাপ ছপায় এশ, পিছত টীকা টিপ্পনীৰে কবিতাবোৰ বুজাই মেলি দিয়ে। কিন্তু নেপথ্যৰ কথাবোৰ জনাৰ পিছত বেৰসিক পাঠকে ভাবিবলৈ লয়, কথাবোৰচোন সিমান গহীনবিধৰ নহয়, কবিতা কৰি লিখোতেনো ইমান অঁকাই-পকাই লিখাৰ দৰকাৰ কি আছিল। অর্থাৎ কবিতাবোৰৰ ভিতৰৰ কথাবোৰ সিমান ‘মননশীল’ নহয়, সেইবোৰৰ নিৰ্মাণহে মননশীল!

সি যি নহওক, মননশীলতা পৰিত্যাজ্য নহয়। তথাকথিত হৃদয়সর্বস্ব কবিসকলৰ মাথোঁ আবেগ আছে, চিন্তা নাই এনে কথা অসম্ভৱ। যিদৰে সকলো চিন্তাৰেই থাকে এক মতাদর্শগত ভিত্তি। সেয়ে দেখা যায় যে তথাকথিত হৃদয়সর্বস্ব কবিসকলো কোনো মতাদর্শগত দৃষ্টিকোণৰ দ্বাৰা চালিত হয়। আচলতে কবিয়ে গ্রহণ কৰা কাব্যিক আদর্শও নির্ণিত হয় মতাদৰ্শৰ দ্বাৰাই।

কবিতাত দুর্বোধ্যতাৰ প্ৰশ্নটোকে ধৰা যাওক। দুর্বোধ্যতা সম্পর্কে নানা বিতর্ক সময়ে সময়ে হৈয়ে আছে। ইয়াৰ ওৰ পৰাৰো কোনো সম্ভাৱনা নাই। এটা কথা লক্ষ্য কৰিবলগীয়া যে যিসকলে দুর্বোধ্যতা কবিতাৰ এটা এৰাব নোৱৰা বৈশিষ্ট্য বুলি কয়, তেওঁলোকৰ সামাজিক-ৰাজনৈতিক মতাদর্শ সাধাৰণতেই স্থিতাৱস্থা সমৰ্থক, সোঁপন্থী। আকৌ যিসকলে দুর্বোধ্যতাক কবিতাৰ এটা ব্যাধি বুলি ভাবে তেওঁলোকে কবিতা জনগণৰ ওচৰ চাপিব লাগে বুলি ভাবে, ততোধিক তেওঁলোকৰ অনেকে কবিতাক সমাজ পৰিবৰ্তনৰ অস্ত্ৰৰূপেও গণ্য কৰে। এওঁলোক সাধাৰণতেই স্থিতাৱস্থাবিৰোধী, বাঁওপন্থী। (কোন কিমান বাঁও, কোন কিমান সোঁ, এই প্ৰশ্নবোৰ মনত ৰাখিব!) ধাৰণা হয় যে কবিতাত ব্যৱহৃত ফৰ্ম, কলা-কৌশল, অলঙ্কাৰ আদিৰ নিৰ্বাচন, শব্দচয়ন আদিও মতাদর্শগত অৱস্থানে বহুলাংশে নির্ণয় কৰে। এই কথাখিনি সাধাৰণীকৰণৰ চেষ্টা, সুধী পাঠকে ব্যতিক্ৰমবোৰৰ কথা ভাবোতে যেন মনত ৰাখে।

মতাদৰ্শৰ এনে এক প্রভাৱ আকৌ কবিতাৰ পাঠকৰ ওপৰতো পৰে। মোক আপুনি আপোনাৰ মতাদর্শ কি কওক, মই আপোনাক ক’ম কেনে কবিতাই আপোনাৰ মন-চিত চুই যায়। আকৌ এক সৰলীকৰণ। কিন্তু ই নিশ্চিত যে, কবি বা পাঠক কোনোৱেই মতাদৰ্শৰ (সচেতন বা অসচেতন) প্রভাৱ উলাই কৰিব নোৱাৰে। ধাৰণা হয়, মতাদৰ্শৰ ভূমিকা আমি সাধাৰণতে ভবাতকৈ অধিক গুৰুতৰ, অধিক সক্রিয়।

অৱশ্যে এই কথা অনস্বীকার্য যে মতাদৰ্শৰ সীমাৰ ভিতৰতে কলা সদায়ে আবদ্ধ নাথাকে, মহান সৃষ্টিসমূহৰ ক্ষেত্ৰত দেখা যায় যে কলাই কেতিয়াবা মতাদৰ্শৰ গণ্ডী চেৰাইও যায়। কিন্তু আমি যিহেতু আমাৰ নিৰপেক্ষতাৰ সমস্ত চেষ্টা সত্ত্বেও, সচেতন বা অসচেতনভাৱে, কোনো নহয় কোনো মতাদর্শগত দৃষ্টিকোণ গ্ৰহণ কৰোৱেই, কলাৰ বিচাৰ মাথোঁ কলাগত মানদণ্ডেৰে কৰা কথাটো এটা অবাস্তৱ কথা, মতাদর্শগত বিচাৰ সকলো সময়তে, কম বেছি পৰিমাণে, নিহিত হৈ থাকে।

কলাগত মানদণ্ডও আনকি স্থিৰ নহয়। উদাহৰণস্বৰূপে যি Poetic Diction বাদ দি কবিতাই নহৈছিল, সেই Poetic Dictionৰ ব্যৱহাৰেই এসময়ত অকাব্যিক হৈ পৰিল। এনেধৰণৰ কথাবোৰ কেতবোৰ লেখক-সমালোচকৰ খেয়াল-খুচিতেই হৈ থাকে বুলি ভাবিলে ভুল হ’ব, নিঃসন্দেহে সামাজিক ৰাজনৈতিক মতাদৰ্শৰ স’তেও ইয়াৰ সম্পর্ক আছে। আমি সত্তৰৰ দশকৰ কবিতাকে উদাহৰণস্বৰূপে ল’ব পাৰে। সত্তৰৰ দশকৰ কবিতাৰ স’তে নক্সালবাৰী আৰু তৎপৰৱৰ্তী ঘটনা সমষ্টিৰ, মার্ক্সবাদ-লেনিনবাদ-মাও-চে-টুং চিন্তাধাৰাৰ সম্পর্ক কাৰো অবিদিত নহয়। সেয়ে আচৰিত নহয় যে গণেশ গগৈ, যতীন দুৱৰা, দেৱকান্ত, সত্তৰৰ দশকৰ কবিতাত লক্ষণীয়ভাৱে অনুপস্থিত, আচৰিত নহয় যে অমূল্য বৰুৱা-ভবানন্দ দত্ত-ধীৰেণ দত্ত সত্তৰৰ কবিৰ বাবে হৈ পৰে ‘পূৰ্ব কবি অপ্ৰমাদী’।

অৱশ্যেই সত্তৰৰ দশকৰ কবিতাৰ বিপ্লৱবাদ সম্পর্কে প্রশ্ন উঠিব পাৰে, ই নির্ভেজাল সর্বহাৰা বিপ্লৱবাদ নে পেটি বুৰ্জোৱা বিপ্লৱবাদ? ইয়াৰ প্ৰেৰণা সৰ্বহাৰাৰ লৌহ দৃঢ়তা নে পের্টি বুৰ্জোৱা আত্মম্ভৰি? সেইবোৰ প্ৰশ্নৰ আলোচনা নিশ্চয় হ’ব পাৰে, অৱশ্যে ই আমাৰ এই নিবন্ধত প্ৰাসঙ্গিক নহ’ব। কিন্তু সত্তৰৰ দশকৰ কবিতাৰ যি প্রেৰণা সি যে এনে কোনো এক বিপ্লৱবাদ আছিল সেই লৈ তর্কৰ অৱকাশ নাই বুলিয়ে ভাবোঁ। নক্সালবাৰী ইত্যাদি ঘটনা-পৰিঘটনাসমূহ বাদে সত্তৰৰ দশকৰ কবিতাৰ চৰিত্র নিশ্চিতভাৱে আন হ’লহেঁতেন, যিদৰে আশীৰ দশকৰ কবিতা, বিশেষকৈ সাম্প্রতিকতম কবিতাৰ চৰিত্র ভিন্ন হৈছে।

আশীৰ দশকৰ আগভাগত সত্তৰ দশকৰ প্রভাৱ স্তিমিত হৈ পৰা নাছিল। বৰং ক’ব পাৰি যে নতুন নতুন অভিজ্ঞতাৰ পোহৰত, ৰাজনৈতিক চিন্তাসমূহৰ পুনৰমূল্যায়নৰ লগে লগে, কলাগত দিশতো নিজৰ কিছু কিছু ক্ষেত্রত বালখিল্যতাৰ সংশোধনৰ পিছত বিপ্লৱী কবিতাই এক নতুন শক্তি অর্জন কৰিছিল। তাৰ প্রকাশ আমি দেখা পাওঁ  সনন্ত তাঁতী, ৰফিকুল হুছেইন, মদন শর্মা, সমীৰ তাঁতী আদিৰ কবিতাত।

কিন্তু অসম আন্দোলনৰ সময়ছোৱাত সাধাৰণভাৱেই বাঁওপন্থীসকল নিগৃহীত, হোৱাৰ সমান্তৰালভাৱে আন কোনো সুস্থ কাব্য আন্দোলন গঢ়ি নুঠিল। এই সময়ছোৱাত নতুনকৈ কবিতা লিখিবলৈ লোৱা কেইবাজনো সংবেদনশীল ডেকা কবিয়ে আকৌ এনে এক ক্ষয়ংকৰী শূন্যতাৰ ভৰ সহিব নোৱাৰি, একে সময়তে নির্বোধ অসম প্রেমৰ ‘জয় আই অসম’ ধ্বনিত কণ্ঠ মিলাব নোৱাৰি, ধীৰে ধীৰে আত্মকেন্দ্ৰিক এক খোলাত সোমাই পৰিল।

এইখিনি সময়ৰ পৰাই মই কৈ অহা সামাজিক ভাবাপন্ন উদ্দেশ্যধর্মী ধাৰাটো অতিশয় নিস্তেজ হৈ পৰিল। আত্মকেন্দ্রিকতা সত্ত্বেও এই কবিসকলৰ মাজত পোনতে এক সামাজিক ক্ষয়ংকাৰিতাৰ ছবি দেখা পোৱা গৈছিল, পিছলৈ তেওঁলোকৰ আত্মকেন্দ্ৰিক বিষাদ-বিলাপ লাভজনক কাব্যিক ভঙ্গী হৈ পৰিল। পোনতে থকা আন্তৰিকতা পিছলৈ ধূৰ্তালিত পৰিণত হ’ল।

অসম আন্দোলনে আনহাতে বিশেষ কোনো কাব্যিক প্ৰেৰণা যোগাব নোৱাৰিলে, অৱশ্যেই ই স্বাভাৱিক। যিটো আন্দোলনৰ নেতা আছিল প্ৰফুল্ল মহন্তৰ দৰে ‘ছাত্ৰ’, যি আন্দোলনে অগপৰ দৰে ৰাজনৈতিক দলৰ জন্ম দিয়ে, সেই আন্দোলনে যে কবিৰ সংবেদনশীলতাক জোকাৰি যাব নোৱাৰিব ই আৰু কি আচৰিত কথা? কিন্তু ৰাজনৈতিক সামাজিক জীৱনৰ এই অনুপ্ৰেৰণাহীনতাই, শূন্যতাই, অসমীয়া কবিতাত এনেধৰণৰ, আবেগ-অনুভূতি চিন্তাৰ প্ৰাধান্য আনিলে, কবিতা সম্পর্কীয় ধাৰণাৰ এনে পৰিৱৰ্তন সাধিলে যে সাম্প্ৰতিক অসমীয়া কবিতাৰ ধাৰাটো যতীন দুৱৰা, গণেশ গগৈৰ সৈতে যুক্ত হৈ পৰিল বুলি ক’ব পাৰি। এনে হোৱাটো অসমীয়া কবিতাৰ, শেষ পৰ্যন্ত অসমীয়া সমাজৰ বাবে ক্ষতিকৰ হ’ব।

তথাপি, বর্তমানক লৈয়ে আমি ভবিষ্যতৰ  সপোন ৰচিব লাগিব। সেয়ে আমি আমাৰ দৃষ্টিকোণেৰে অসমীয়া কবিতাৰ ন-পুৰণি এমুঠি কবি সম্পর্কে এটি চালুকীয়া আলোচনাত প্ৰবৃত্ত হ’ব খুজিছোঁ।

সাম্প্ৰতিক অসমীয়া কবিতাত যি দুগৰাকী কবিৰ প্রভাৱ অতি গভীৰ আৰু ব্যাপক, তেওঁলোক হ’ল নীলমণি ফুকন আৰু হীৰেন ভট্টাচাৰ্য। সত্তৰৰ দশকৰ কবিসকলকো এওঁলোকে প্রভাৱিত কৰিছিল, কিন্তু বামপন্থী ৰাজনৈতিক আন্দোলনে প্রভাৱিত কৰা সত্তৰৰ দশকত তৎকালীন নীলমণি ফুকনৰ কাব্যকৃতি কঠোৰ সমালোচনাৰ সন্মুখীন হৈছিল। শ্ৰীহেমন্ত বর্মনে এঠাইত এনে সমালোচনাক শ্রীফুকনৰ বিৰুদ্ধে সংগঠিত কুৎসা ৰটনা নে কি বুলি কৈছে। শব্দকেইটা ভালদৰে মনত নাই। কথাটো সিমান দূৰ নিকৃষ্ট আছিল নে নাই সেই সম্পর্কে মোৰ সন্দেহ আছে যদিও এই কথা ঠিক যে ‘জনগণৰ বাবে সাহিত্য’ –এনে শ্লোগানত বিশ্বাসী কবি-সাহিত্যিকসকল অধিকাংশৰ বাবেই শ্রীফুকনৰ কবিতাৰ ভাব, কাব্যৰীতি আপোন নাছিল। আমি এই কথা এতিয়াও ভাবো যে শ্রীফুকনৰ আগছোৱাৰ কবিতাবোৰৰ এটা পুথিগত (bookish) চৰিত্র আছে। উৎকৃষ্ট কবিতা সম্পর্কীয় যিবোৰ ধাৰণা শ্রীফুকনে তেতিয়া পোষণ কৰিছিল সেইবোৰৰো ইতিমধ্যে পৰিবর্তন ঘটিছে বুলিয়েই মই বিশ্বাস কৰোঁ। সামাজিক পৰিঘটনাসমূহেও শ্রীফুকনক নতুন নতুন অভিজ্ঞতাৰ মুখামুখি কৰাইছে আৰু তেওঁৰ তীব্র সংবেদনশীল মনত নতুন কাব্যিক ভাবৰ জন্ম দিছে। সেয়ে সত্তৰৰ দশকৰ কবিতাৰ ধাৰাটোৱে ফুকনৰ হাততেই এক নতুন মাত্রা লাভ কৰিছে। আশীৰ দশকত আৰু এই ধাৰাৰ কবিসকলৰ ওপৰত শ্ৰীফুকনৰ প্ৰভাৱো  তীব্র হৈছে এই দশকতেই।

কিন্তু আকর্ষণীয় কথাটো হ’ল এই যে সত্তৰৰ দশকতেই, যি সময়ত মই উল্লেখ কৰাৰ দৰে শ্ৰীফুকনৰ কবিতাৰ প্ৰতি সৰহভাগ কবি সমালোচনাৰে দৃষ্টিভঙ্গী আছিল প্রায় বৈৰীমূলক, শ্রীফুকনৰ কবিতাৰ প্ৰভাৱ দুই-এক প্ৰগতিশীল কবিৰ ওপৰতো চকুত পৰাকৈয়ে পৰিছিল – জ্ঞান পূজাৰীৰ কবিতালৈ মনত পেলাওক। ই নিশ্চিতভাৱে শ্রীফুকনৰ কবিতাৰ এক অন্তর্নিহিত শক্তিৰ কথাকে সূচায় যি মতাদর্শগত ভিন্নতা সত্ত্বেও এজন পাঠকক আকৰ্ষণ কৰিব পাৰে, এজন কবিক প্রভাৱিত কৰিব পাৰে।

ফুকনৰ কবিতাৰ যি পৰিবৰ্তনৰ কথা মই কৈছোঁ সি হয়তো আৰু আগতেই সংঘটিত হ’ব পাৰিলেহেঁতেন যদিহে কাব্যাদর্শ অন্বেষণত তেওঁ আন বাটে নগ’লহেঁতেন। ধাৰণা হয়, কবি-সমালোচক শ্রীভবেন বৰুৱাৰ স’তে থকা সাহিত্যিক অন্তৰঙ্গতাও ইয়াৰ বাবে বহুদূৰ দায়ী। এটা সময় আছিল যেতিয়া ভবেন বৰুৱা আৰু নীলমণি ফুকন—এই দুজনৰ কবিতাৰ কথা পাঠকৰ মনলৈ একে সময়তে আহিছিল। এই সম্পর্ক কাকতালীয় নাছিল। সূক্ষ্মদৰ্শী পাঠকে দুয়োৰে মাজত প্রভেদ নিশ্চয় পাইছিল কিন্তু সাধাৰণভাৱে ইজনৰ কবিতা সিজনৰ নামত চলাই দিব পৰা গৈছিল। কবিতাৰ তাত্ত্বিক দিশটোৰ ক্ষেত্ৰত শ্ৰীবৰুৱাৰ প্রভাৱ শ্রীফুকনৰ ওপৰত নিশ্চয় পৰিছিল। ভবেন বৰুৱাৰ কাৰিগৰী দক্ষতা সর্বজনবিদিত, কবিতা বিশ্লেষণত থকা তেওঁৰ চাতুর্যও বিখ্যাত, কিন্তু তেওঁৰ কবিতা প্রাণহীন। তেওঁৰ কবিতাই পাঠকক নিমন্ত্ৰণ নকৰে। সি যি নহওক, তত্ত্বৰ অন্ধগলিৰ পৰা প্ৰকৃত কবিত্বই মুক্তি লভিবই। সেয়ে ধীৰে ধীৰে নীলমণি ফুকনৰ কবিতাত আমি আদৰণীয় পৰিবর্তন দেখিবলৈ পালোঁ। নিঃসন্দেহে তেওঁৰ কাব্যাদর্শৰ এক পৰিবৰ্তন আহিছিল। তেওঁৰ পূৰ্বৰ কবিতাৰাজিৰ বৰফশীতল কঠিনতা দূৰ হৈ শব্দবোৰে যেন অৰ্জন কৰিলে এক উষ্ণ মানৱিকতা।

মোৰ বাৰে বাৰে এই কথা মনলৈ আহে যে এজন কবিৰ গভীৰ কবিত্ব শক্তি থকা সত্ত্বেও তেওঁ নিজক বিচাৰি পোৱাত ব্যর্থ হ’ব যদি তেওঁ গ্ৰহণ কৰা কাব্যাদর্শ তেওঁৰ সংবেদনশীলতাৰ স’তে খাপ নাখায়। মোৰ ভুল হ’ব পাৰে, কিন্তু শ্রীফুকনৰ আগছোৱাৰ কবিতা পঢ়িলে মোৰ সদায়ে এই ভাব মনলৈ আহে। এই ভাব মোৰ আৰু দৃঢ় হৈছে যেতিয়া মই ‘কবিতা’ সংকলনৰ কবিতাবোৰ পঢ়িলোঁ। ক’ত লুকাই আছিল এই অদ্ভুত দৰদী কবি, ক’ত লুকাই আছিল নিপীড়িত মানুহৰ যাতনাৰ স’তে এই একাত্মীয়তা, ক’ত লুকাই আছিল মানবিক প্রতিবাদৰ এই তীব্র তীক্ষ্ণ উচ্চাৰণ? অথচ কাব্যিকভাৱে কিমান নিয়ন্ত্রিত, কিমান সংহত‌।

আৰম্ভতে কোৱা কথাখিনিৰে মই শ্রীফুকনৰ কাব্যিক সন্ধানৰ সাধুতাক প্রশ্ন কৰাতো নায়েই, বৰং এই কথাইহে মোক মুগ্ধ কৰিছে যে কিমান আন্তৰিক সততা থাকিলে এজন প্ৰতিষ্ঠিত কবিয়ে নিজৰ কাব্য চৰ্চা অবিৰত সন্ধানত ৰত হৈ নিজকে অবিৰত সলনি কৰিব পাৰে, যি কাব্যিক সূত্ৰই এই তেওঁক যশ আনি দিছিল তাৰো পৰা নিজকে আঁতৰাই আনিব পাৰে! শ্রীফুকনৰ সৎ কাব্যিক সন্ধানৰ বাবেই ই হ’ব পাৰিছে।

কিন্তু মই পোনতেই যিটো ধাৰণা ব্যক্ত কৰিছোঁ তাক অনুসৰণ কৰিয়েই কওঁ যে শ্ৰীফুকনৰ মানৱিক ব্যক্তিত্ব, তেওঁৰ গভীৰ নৈতিক বোধ আৰু সামাজিক চেতনা আৰু তেওঁ যিধৰণৰ কবিতাৰ সাধনা কৰিছিল— তাৰ মাজত এটা দ্বন্দ্ব আছিল আৰু সি শ্ৰীফুকনৰ  কবিতাৰ পক্ষে ক্ষতিকৰ হৈছিল। অদ্ভুত অদ্ভুত চিত্রকল্প (conceit) নিৰ্মাণত তেওঁ সিদ্ধহস্ত হৈ পৰিছিল, কবিতাবোৰ সাঁথৰ যেন লাগিছিল, মুঠতে তেওঁৰ কবিতা অযথা আধুনিকতাৰ মাজত বাট হেৰুৱাইছিল। তেওঁৰ বহুবোৰ কবিতাই সাধাৰণ পাঠকৰ বাবে কিয়, হয়তো জ্ঞানানন্দ পাঠকৰ বাবেও, দুৰ্বোধ্য হৈ পৰিছিল।

অৱশ্যেই দুর্বোধ্যতাৰ কথাটো আপেক্ষিক। যুক্তি উত্থাপিত হ’ব পাৰে। হয়, অসমৰ এমুঠি মানুহৰ সেইবোৰ কবিতাৰো ৰস গ্রহণ কৰিব পৰাৰ ক্ষমতা আৰু ইচ্ছা দুয়োটাই আছে বুলি মই অনুমান কৰোঁ, কিন্তু মোৰ অভিজ্ঞতাৰ মাজেৰে দেখিছোঁ যে— সাধাৰণৰ কথাই নকওঁ, বিশ্ববিদ্যালয়ৰ শিক্ষাৰে শিক্ষিত কবিতাৰ প্রতি আগ্ৰহীসকলো এনেবোৰ কবিতাৰ আগত কোঁচ খাই যায়। নিজৰ কাব্যকৃতিৰ কঠোৰ সমালোচক শ্রীফুকনে চাগে কথাটো মন কৰিছেই। কোনো কোনোৱে ভবাৰ দৰে সমস্যাটো জানো ‘নব্যনিৰক্ষৰতা’ৰ দুৱাৰত থাপিলেই হ’ব?

সমস্যাটো যিয়েই নহওক নিৰলস কাব্যিক সন্ধানত ৰত মানৱিক মূল্যবোধেৰে উদ্দীপ্ত শ্রীফুকনে ইয়াক অতিক্ৰম কৰিব পাৰিব আৰু আমি শ্রীফুকনৰ কবিতা ‘সৰ্বত্ৰগামী’ হোৱা দেখা পাম। ‘লোক কল্পদৃষ্টিৰ’ মর্ম বুজোতা শ্রীফুকনৰ পৰা এনে আশা আমি নিশ্চয় কৰিব পাৰোঁ।

আগতেই কৈছো শ্রীফুকনৰ প্রভাৱ সাম্প্রতিক অসমীয়া কবিতাত অতি গভীৰ। কিন্তু এই প্রভাৱ কবিসকলৰ বাবে খুব শুভ হৈছে বুলি মোৰ মনে নধৰে। যি ক্ষেত্ৰত শ্রীফুকনৰ কাব্যকলা অহৰহ সন্ধান, গভীৰ আৰু বিস্তৃত অধ্যয়ন, তীব্র সংবেদনশীলতা, প্রখৰ জীৱনবোধ, জনজীৱনৰ স’তে নিবিড় পৰিচয় আৰু সৃষ্টিশীল সজীৱ কল্পনাৰ দ্বাৰা সমৃদ্ধ, তেওঁৰ অনুকৰণকাৰী বহুতৰ ক্ষেত্ৰতেই কিন্তু এইবোৰ গুণ দুখ লগাভাৱে অনুপস্থিত। বৰং তেওঁৰ কবিতাৰ যিটো দুর্বল দিশ – দুর্বোধ্যতা – সিহে এই কবিকুলক আকৃষ্ট কৰিছে। কিন্তু ই হ’ল সস্তাতে বাজীমাৎ কৰাৰ হাবিয়াস। তেনে উপৰুৱা অনুকৰণৰ মূল্যও কম হোৱা স্বাভাৱিক।

অৱশ্যেই শ্রীফুকনৰ কবিতাত অসমীয়া ভাষাৰ এক নতুন ধৰণৰ প্রকাশ ক্ষমতাৰ পৰিচয় পোৱা গ’ল। আমাৰ ভাষাটোৰ এনে ব্যৱহাৰত নিশ্চিতভাৱে মই উত্তেজিত হৈ পৰোঁ‌। সন্দেহ নাই, তেওঁক অনুকৰণকাৰী বা অনুসৰণকাৰীসকল ভাষাৰ তেনে ব্যৱহাৰত মাতাল হৈ পৰিব। কিন্তু বিপদটো হ’ল যি গভীৰতৰ কাব্যিক বোধে শ্রীফুকনক তেনে ভাষাৰ ব্যৱহাৰত অনুপ্ৰাণিত কৰে, সেই বোধৰ অভাৱত তেনে ব্যৱহাৰ নিতান্তই উপৰুৱা বিধৰ কাব্যিক অনুশীলন হোৱাৰ আশঙ্কা থাকে। আৰু তেনে হৈছেও।

অন্ধ অনুকৰণেই হওক বা সচেতন অনুসৰণেই হওক, শ্রীফুকনে তেওঁৰ পিছৰসকলক নতুন কাব্যিক উপচাৰ দিলে; কোনো কোনোৱে তেওঁক আত্মীকৃত কৰি নিজাকৈ আগুৱাই যোৱাও দেখিছোঁ, যেনে ‘শোকাকুল উপত্যকা’ৰ সমীৰ তাঁতী, কিন্তু ই সাধাৰণতেই কবিসকলক অভিভূত (overwhelm) কৰি পেলাইছে, তেওঁলোকৰ নিজা কণ্ঠস্বৰ শুনাৰ পৰিৱৰ্তে তেওঁলোকৰ কবিতাত শ্রীফুকনৰ ভঙ্গীহে শুনা পাওঁ; আনকি নিঃসন্দেহ কাব্যিক ক্ষমতাৰ অধিকাৰী কোনো কোনো কবিৰো কবিতাৰ আবেদন তেনেদৰে ক্ষুন্ন হৈছে, যেনে কেশৱ ভাগৱতী। এই কবিগৰাকী সম্পর্কে দুআষাৰ পিছলৈ ৰাখিলো।

আনহাতে শ্রীফুকনৰ কবিতাত এটা আত্মগত ভাববাদী বিমূর্ততা আছে, সি অনুকৰণকাৰীসকলক উৎসাহিত কৰে। ইয়াৰ ফলস্বৰূপে দায়িত্বহীন দুর্বোধ্যতাতো উৎসাহী হয়। এনেদৰে অল্পকবি যশ প্রার্থীৰ ওপৰত শ্ৰীফুকনৰ কবিতাৰ মই আপত্তি কৰা দিশসমূহে প্রভাৱ পেলায়, আৰু কোৱা বাহুল্য মাথোঁ, তাৰ ফল মুঠেই আনন্দদায়ক নহয়।

কিন্তু মোৰ ধাৰণা, শ্রীফুকনৰ কবিতাৰ প্রভাৱ গভীৰতৰ চৰিত্ৰৰ আৰু ভবিষ্যত অসমীয়া কবিতাই তাৰ সাক্ষ্য বহন কৰিব। সাম্প্রতিক কবিসকলৰ ওপৰত ব্যাপক আৰু গভীৰ প্রভাৱ পেলোৱা আনজন কবি হ’ল হীৰেন ভট্টাচার্য। হীৰেন ভট্টাচার্য অসমীয়া কবিতাৰ জগতত এক বিস্ময়। সত্তৰৰ দশকত শ্রীভট্টাচাৰ্যৰ কবিতা কলেজ-বিশ্ববিদ্যালয়ৰ কবিতাপ্রেমী ছাত্র-ছাত্রীসকলৰ মুখে মুখে আছিল। তেওঁৰ কবিতাই আমাক শিহৰিত কৰি তুলিছিল, “মোৰ দেশ মোৰ প্ৰেমৰ কবিতা” প্রকাশ পাইছিল, ড হীৰেন গোহাঁইৰ পাতনিৰ সৈতে, আৰু আমি উন্মাদ হৈ পৰিছিলোঁ। ড গোহাঁইৰ পাতনিত শ্ৰীভট্টাচার্যৰ কবিতা সম্পর্কে কেতবোৰ আপত্তি আছিল, কিন্তু সেই আপত্তিবোৰে আমাক বিশেষ প্রভাৱিত কৰিব পৰা নাছিল। প্ৰেম আৰু বিদ্ৰোহৰ কবিতাবোৰে আমাৰ যৌৱনৰ হৃদয় আৰু চেতনাক অদ্ভুতভাৱে শিহৰিত কৰিছিল, অসমীয়া ভাষাই শ্রীভট্টাচাৰ্যৰ হাতত লাভ কৰা মোহিনীয়ে আমাক মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল। সর্বগ্রাসী আছিল আমাৰ প্রিয় কবিৰ প্রভাৱ। আগতেই কৈছোঁ, সত্তৰৰ দশক আছিল বিদ্ৰোহৰ দশক, বিপ্লৱী চেতনাৰ দশক। বিদ্রোহী চেতনাৰ সেই প্রকাশ যিমানেই ব্যক্তিনিষ্ঠ নহওক কিয়, সেই সময়ত সি আমাৰ বাবে এক বিশ্বজনীনতা লাভ কৰিছিল। অসমীয়াত এনে তীব্র ৰাগি লাগি যোৱা কবিতা তেওঁৰ আগতে কোনে ৰচিছিল? নিঃসন্দেহে বিস্ফোৰক কবিতা আছিল সেইবোৰ। অভূতপূৰ্ব! ইয়ো হয়তো তেওঁৰ তৎকালীন আকৰ্ষণৰ অন্যতম কাৰণ আছিল‌।

মুঠতে হীৰেন ভট্টাচাৰ্যই আমাক মোহগ্ৰস্ত কৰি ৰাখিছিল।

আৰু সেয়ে শ্রীভট্টাচার্যৰ কবিতাত থকা অগভীৰ দিশ এটাৰ প্রতি আমাৰ বিশেষ দৃষ্টি নাছিল। ড° গোহাঁয়ে উল্লেখ কৰা ‘অসংকোচ ৰোমাণ্টিকতা’ৰ যিবোৰ ভঙ্গী শ্রীভট্টাচার্যই বাৰম্বাৰ ব্যৱহাৰ কৰিছিল সেইবোৰৰ অনুকৰণকাৰীৰে অসমীয়া কবিতাৰ জগত আজি ভৰি পৰিছে, অথচ শ্রীভট্টাচার্যৰ যি বিদ্ৰোহী উচ্চাৰণে তেওঁৰ কবিতাক বৈশিষ্ট্য প্রদান কৰিছে, সেয়া এই অনুকৰণকাৰীসকলৰ মাজত বিচাৰি যোৱাটো নিষ্ফল। ৰাজনৈতিক পৰিমণ্ডলৰ পৰিবৰ্তনৰ কথাটো মনত ৰাখিলেও মোৰ ধাৰণা হয় যে শ্রীহীৰেন ভট্টাচাৰ্যৰ কাব্যিক ব্যক্তিত্বৰ এক দুর্বল দিশৰ বাবেই এনে হ’বলৈ পাইছে।

শ্রীভট্টাচার্যৰ কবিতাই এহাতে যেনেকৈ অসমীয়া ভাষাৰ তীব্ৰ প্ৰকাশিকা শক্তি উন্মোচন কৰি দেখুৱালে, ঠিক তেনেদৰেই অসমীয়া কবিৰ বাবে, (তেওঁৰ নিজৰ বাবেও, পিছলৈ) এক Poetic Dictionৰ সৃষ্টি কৰিলে। এসময়ত এনে হ’লহি যে কেতবোৰ শব্দ আৰু প্রকাশভঙ্গীৰ ব্যৱহাৰ অনিবাৰ্য হৈ উঠিল, একধৰণৰ অগভীৰ, উপৰুৱা, চৌখিন ৰোমাণ্টিক ভাবে, শব্দৰ সহজ মিলে, গভীৰ উপলব্ধিৰ স্থান ল’বলৈ ধৰিলে।

কোনোবাই ভুল বুজাৰ আগতেই কোৱা ভাল যে শক্তিশালী কবি এজনে নিজাকৈ ভাষা নিৰ্মাণ কৰে, তাত দোষৰ কথাতো নায়েই, ওলগনিৰ কথাহে আছে, কিন্তু যেতিয়া সেই বিশেষ ভঙ্গীকেই কবিয়ে কবিতাৰ পিছত কবিতাত ব্যৱহাৰ কৰি যায়, যেতিয়া কাব্যিক সন্ধানৰ নতুনৰ পৰা নতুনতৰ অভিজ্ঞতাৰ পোহৰত তেওঁৰ কবিতা আলোকিত হৈ নুঠে, তেতিয়া নিঃসন্দেহে সংশয় উপজিব পাৰে।  

হীৰেন ভট্টাচাৰ্যৰ ক্ষেত্ৰত বিপদটো আহিল দুটা দিশৰ পৰা, প্ৰথমটো হ’ল তেওঁৰ নিজা সীমাবদ্ধতা, দ্বিতীয়টো হ’ল তেওঁৰ কবিতাৰ অন্ধ অনুকাৰসকল। দ্বিতীয়টোৰে আৰম্ভ কৰোঁ। শ্রীহীৰেন ভট্টাচাৰ্যৰ অনুকৰণকাৰীৰ সংখ্যা অসমীয়া কাব্য জগতত ইমান বেছি যে সি শ্রীভট্টাচার্যৰ কাব্যিক মহত্ত্বৰেই প্ৰমাণ। আনহাতে বিপদটো হ’ল এই যে এই অনুকৰণকাৰীকসকলে শ্রীভট্টাচার্যৰ কবিতাৰ স্বকীয়তা পনীয়া কৰি পেলালে। এটা উদাহৰণ দিয়া যাওক। কবিতা পঢ়ি ভাল পোৱা এজন মহাবিদ্যালয়ৰ সাহিত্যৰ ছাত্রই আলোচনীৰ পাতত শ্ৰীহীৰেন ভট্টাচার্যৰ দুই-এটা কবিতা পঢ়িছে, আন ভট্টাচার্য-অনুকাৰকৰ দলৰ কবিতাৰ লগতে‌। মফচল চহৰৰ ছাত্ৰ হিচাপে স্বাভাৱিকভাৱেই তেওঁৰ অসমীয়া কবিতাৰ অধ্যয়নত কিছু ফাক ৰৈ গৈছিল। মই আন কেইখনমান কবিতাৰ কিতাপৰ লগতে মোৰ প্রিয় কবিৰ ‘মোৰ দেশ মোৰ প্ৰেমৰ কবিতা’খনিও আলফুলে তেওঁক পঢ়িবলৈ দিলোঁ। পিছত কিতাপকেইখন সম্পৰ্কে তেওঁৰ লগত আলোচনা কৰোঁতে মই বিশেষকৈ শ্রীভট্টাচার্যৰ কবিতাৰ কথাই সুধিলোঁ। তেওঁৰ মাজত মই কোনো উচ্ছ্বাস নেদেখিলোঁ; অথচ মই আশা কৰিছিলোঁ যে তেওঁ কবিতাবোৰ সম্পৰ্কে বিশেষণৰ পিছত বিশেষণ ব্যৱহাৰ কৰি তেওঁৰ মনৰ অনুপম প্রতিক্রিয়া ব্যক্ত কৰিব আৰু মই তেওঁৰ সৈতে মোৰ ছাত্ৰজীৱনৰ অন্ততঃ কেইটামান মুহূৰ্ত পুনৰ যাপন কৰিম। কিন্তু তেওঁ মাথোঁ ক’লে, ভালেই লাগিল। কথাটোৱে মোক ভবাই তুলিলে। মই তেওঁক আকৌ সুধিলোঁ। তেওঁ কবিতাবোৰৰ এক সুকীয়া সৌন্দৰ্য লক্ষ্য কৰা নাইনে, সেইবোৰ অনুপম নহয় নে? তেওঁ উত্তৰত ক’লে যে কবিতাবোৰ সুন্দৰ৷ কিন্তু এনেধৰণৰ কবিতাতো আমি আলোচনীৰ পাতত পায়েই থাকোঁ‌।

কথাটো গুৰুত্বপূৰ্ণ। অসমীয়া কবিতাত হীৰেন ভট্টাচাৰ্যৰ প্ৰভাৱ সম্পূর্ণ আৰু নিঃশেষিত। হীৰেন ভট্টাচাৰ্যক অসমীয়া কবিতাই হজম কৰি পেলাইছে। হীৰেন ভট্টাচার্য এতিয়া এজন অতীতৰ কবি। তেওঁ এতিয়া নিজকে নিজে অতিক্ৰম কৰিব লাগিব।

কিন্তু মোৰ এজন প্রিয় কবি হীৰেন ভট্টাচাৰ্যই সেয়া কৰিব পাৰিব নে?

হীৰেন ভট্টাচাৰ্যৰ ‘শইচ পথাৰ মানুহ’ত কবিয়ে স্বীকাৰ কৰিছে যে ইদানীং তেওঁ কবিতা প্রায় নিলিখাৰ নিচিনাই। সম্প্রতি মোৰ কবিতা প্রায় নোহোৱাৰ দৰেই। লগে লগে মনলৈ প্রশ্ন আহে, কিয়? যিজন কবিৰ কবিতা তেওঁৰ জীৱন ধাৰণৰ এটি অঙ্গ আছিল, কাব্যিক ভাবৰ তৰঙ্গই যিজন কবিক টোপনিৰ মাজতো দোলা দি গৈছিল, যিজন শব্দৰ খেতিয়কে শব্দ-শইচবোৰৰ সোৱাদত মত্ত হৈ থাকে, যিজন কবিৰ অন্য নাম সংবেদনশীলতা (টানকৈ বন্ধা তাঁৰৰ দৰে সচেতন এটা মন), মানৱীয় আদৰ্শৰে উদ্ধুদ্ধ যিজন কবি তেওঁৰ কবিতা প্রায় নোহোৱাৰ নিচিনাই, নিজকে চেৰাই যোৱাটো দূৰৰে কথা। আমি এনে কথাও বিশ্বাস কৰিব লাগিব নেকি যে হীৰেন ভট্টাচাৰ্যৰ কাব্যিক সৃষ্টিশীলতা নিঃশেষিত! তেন্তে কিয় ?

এটা ধাৰণাই মোৰ মনত খুন্দিয়াইছে। হয়তো শ্রীভট্টাচার্যৰ কাব্যিক অনুপ্রেৰণাৰ উঁহ শুকাই গৈছে। কি আছিল এই কাব্যিক অনুপ্ৰেৰণাৰ উঁহবোৰ? বিপ্লৱ, দেশপ্ৰেম, যৌৱনৰ জয়গান‌। সত্তৰৰ দশকত এই উঁহৰ পৰা মুক্তি লভিছিল সৃষ্টিশীলতাৰ বেগবান স্রোতস্বিনীয়ে। তাত অৱগাহন কৰিছিল কবিয়ে আৰু আমি পাইছিলোঁ সেই অনুপম কবিতাবোৰ। ৰাজনৈতিকভাৱে যি দলৰ প্রতিয়েই কবিৰ আনুগত্য নাথাকক কিয়, নক্সালবাৰীৰ বিপ্লৱী কার্যকলাপে, টলমল যৌৱনৰ নিঃস্বাৰ্থ আত্ম-ত্যাগে, কবিৰ সংবেদনশীলতাক আলোড়িত কৰি গৈছিল গভীৰভাৱে, কিন্তু অসমৰ কমিউনিষ্টবিৰোধী আন্দোলনৰ দিনবোৰত নিজৰ কবিতাৰ বিকৃত ব্যৱহাৰ দেখিও নিঃসহায় কবি যদি এক আত্মক্ষয়ী হতাশাত ডুব যায়, তাত আচৰিত কি? শ্রীভট্টাচার্যই আশীৰ দশকতো কবিতা লিখিছে— কিন্তু সেইবোৰে শ্ৰীহীৰেন ভট্টাচাৰ্যৰ সহজ ৰোমাণ্টিকতাহে প্ৰধানকৈ প্ৰকাশ কৰিছে, যি ৰোমাণ্টিকতা হয়তো কবিৰ দুর্বল দিশহে‌।

১৯৭২ চনত কবিয়ে লিখা এটা সৰু কবিতা—

কমৰেড, বুকুখন বিষাইছে, বন্দুকটো উম দি বুকুতে থাকক

আঁতৰাই নিনিবা; লাগিলে তর্জনীটো মোৰ

ট্ৰিগাৰতে থোৱা ; বন্দুকৰ নলেৰে জ্বলক অবিৰাম বিজুলী?

ৰাতিটো পাৰ হৈ গ’লে আমাৰ আৰু ভয় কি ?

নলে গলে  লগ লাগি পাম গৈ ফৰকাল বেলতলাৰ পথাৰ

১৯৭২ত কবিতাত যি ‘ফৰকাল বেলতলা পথাৰ’ৰ কথা শ্রীভট্টাচার্যই লিখিছিল, আশীৰ দশকত সেই সপোন শ্রীভট্টাচার্যই কেনেকৈ দেখিব? একো আচৰিত নহয় যে প্ৰেৰণাৰ উঁহ শুকাই অহাৰ লগে লগে কবিয়ে নিজকে দোহাৰিব, সুৰীয়া শব্দ ব্যৱহাৰেৰে বিমূৰ্ত কবিতা ৰচনাতে নিজৰ সৃষ্টিশীলতাক নিয়োগ কৰিব। ‘জয় আই অসম’ দেশপ্রেমৰ দিনত কবিয়ে আৰু কেনেকৈ দেশপ্রেমৰ কবিতা ৰচিব? নেলীৰ সশস্ত্র বিপ্লৱৰ সময়ত কবিয়ে আৰু কেনেকৈয়েবা বিপ্লৱৰ গান গাব? আশীৰ শেষৰ মৃত্যুৰ মাতাল মহোৎসৱেই বা কবিক কিহৰ প্রেৰণা দিব? খুবেই দুখৰ কথা যে অসম আন্দোলনৰ বন্ধ্যাত্বই শ্রীহীৰেণৃন ভট্টাচাৰ্যৰ সৃষ্টিশীলতাকে চুই গ’ল। আৰু দুখৰ কথা যে কবিয়ে অভিশপ্ত সময়ৰ বিৰুদ্ধে গৰজি উঠিব নোৱাৰিলে। ই হীৰেন ভট্টাচাৰ্যৰ কবি সত্তাৰ এক দুৰ্বলতা।

কবিতাৰ কলাগত দিশ সম্পৰ্কে কবিৰ সচেতনতা আৰু তেওঁৰ কলাকুশলতা সত্ত্বেও মোৰ ভাব হয়, কবি ভট্টাচার্য অনুপ্ৰেৰণাৰ কবি। আৰু তেওঁৰ কবিতা কমি অহাৰ ই এক কাৰণ হ’ব পাৰে।

তথাপি, তথাপি হীৰেন ভট্টাচাৰ্যই এতিয়াও যাতে গাই উঠিব পাৰে-

মোক তাত ঠাই দিয়া য’ত তেজৰ উম,

বিশ্বাসৰ আকাশচুম্বী সুদৃঢ় গম্বুজ

উড্ডীন পতাকা স্বৰূপ মোৰ যন্ত্ৰণাৰ প্ৰত্যাশা

বহুত, লৈ যোৱা মোক

হেলাৰঙে ৰণ জিকা বিবেকহীন

কৃতকাৰ্যতা আত্মতুষ্টিৰ পৰা দূৰ

ক’ৰবালৈ, হওক মোৰ জীৱনজোৰা নিবিষ্ট

বিদ্ৰোহী ব্যৰ্থতা।

অসমীয়া কবিতাৰ সমাজমুখী ধাৰাটোৰ স’তে যুক্ত দুজন বিশিষ্ট কবিৰ নাম আমাৰ মনলৈ একেলগে আহে – ৰবীন্দ্ৰ সৰকাৰ আৰু অৱনী চক্ৰবৰ্তী। ৰবীন্দ্ৰ সৰকাৰৰ কবিতা ভাববাদী জটিলতা বা পাঠকক বুৰ্বক বনাব খোজাধৰণৰ দুর্বোধ্যতাৰ পৰা সাধাৰণভাৱে মুক্ত। সূক্ষ্ম অনুভূতি, সজাগ জিজ্ঞাসা, তেজাল কল্পচিত্র আৰু বলিষ্ঠ বক্তব্যৰে ৰবীন্দ্ৰ সৰকাৰে কাব্যপ্রেমীসকলৰ মনত স্থায়ী আসন ইতিমধ্যে কৰি ল’ব পাৰিছে। বৃত্ত ভঙাৰ সময়ৰ পৰা তেওঁৰ শেহতীয়া কাব্য সংকলনখনলৈকে সৰকাৰৰ নিৰলস কাব্য সাধনাই আমাক আশাবাদী কৰে যে, হতাশা-নিৰাশা-শূন্যতাক আসৈ নিদি কবি সৰকাৰে নিছিগা ধাৰেৰে কবিতা লিখি যাব এনে সময়ৰ বিৰুদ্ধে যেতিয়া

‘এন্ধাৰৰ দাঁত-নখবোৰে যত বুকুৰ বেলি কুটি কুটি খায়,

অনিবৃত্তত জাঁপ দিয়ে যৌৱন

অশান্ত গোলাপৰ পাহিয়েদি।

ধাৰাসাৰে সৰি পৰে তেজ…’

অৱনী চক্ৰৱৰ্তী অসমীয়া প্ৰগতিশীল কাব্য আন্দোলনৰ স’তে সুদীর্ঘদিন ধৰি যুক্ত। চক্ৰৱৰ্তীৰ সংকলন সেই অনুপাতে অতি কম। বোধকৰো ‘কবি কণ্ঠ’ই তেওঁৰ একমাত্ৰ সংকলন। বিভিন্ন আলোচনীৰ পাতত তেওঁৰ ভালেসংখ্যক কবিতা প্ৰকাশিত হৈছে আৰু সেইবোৰৰ অধিকাংশই নিঃসন্দেহে সংকলনবদ্ধ হোৱাৰ যোগ্য।

সি যি নহওক, দুয়োটা নাম একেলগেই প্রায় উচ্চাৰিত হয় যদিও চক্ৰৱৰ্তীৰ কবিতাত সৰকাৰৰ গম্ভীৰ, আবেগিক সহমর্মী স্বৰৰ বিপৰীতে এক তীব্ৰ আৰু সূক্ষ্ম ব্যঙ্গাত্মক স্বৰহে শুনিবলৈ পাওঁ। অৱনী চক্ৰৱৰ্তীৰ কবিতাৰ এই চৰিত্ৰই তেওঁক কবি হিচাপে বেলেগে চিহ্নিত কৰিছে। (স্বস্তিৰ কথা যে তেওঁ আজিকালিৰ হাস্য কবি নহয়।) তেওঁৰ কবিতা মূলতঃ ৰাজনৈতিক-সামাজিক। তেওঁৰ ব্যংগ ক্ষমাহীন কিন্তু বুদ্ধিদীপ্ত সূক্ষ্মতাই তাক সাধাৰণ গালি-গালাজলৈ অধঃপতিত হোৱাৰ পৰা ৰক্ষা কৰাই মাথোন নহয়, তেওঁৰ কবিতাক এক বিশেষ মূল্য দিছে।

আনধৰণৰ কবিতাও চক্রৱর্তীয়ে নিলিখা নহয়; কেতিয়াবা সহনশীলতাত তেওঁৰ কণ্ঠ আৰ্দ্ৰ হৈ আহিছে, কেতিয়াবা বাস্তৱৰ অসহনীয় জঘন্যতাই তেওঁক ব্যংগৰ বাবে প্রয়োজনীয় বৌদ্ধিক আহৰি আৰু দূৰত্বলৈ যাবলৈ দিয়া নাই, তেওঁৰ কণ্ঠস্বৰ হৈ উঠিছে গম্ভীৰ, ক্ৰুদ্ধ আৰু তাৎক্ষণিক, আকৌ কেতিয়াবা হয়তো অভিজ্ঞতাৰ সাৰ সংকলনৰ মাজেৰে তেওঁ উপনীত হৈছেহি গভীৰ প্রত্যয়ৰ দৃঢ় কঠিন মাটিত –  

‘ৰাতিটো নহয়—পুৱাই আহিছে দুখৰ ৰাতি

চা চোন চা, চকুলোৱে তোৰ

আৱৰি ৰাখিছে সোণালী বেলি।’

কিন্তু নিশ্চিতভাৱে চক্ৰৱৰ্তীৰ প্ৰতিভা আত্মনিবিষ্ট গীতি কবিতাৰ নহয়, ই হ’ল বহিঃমুখী, সমালোচনামূলক ব্যংগৰ। অৱনী চক্ৰৱৰ্তীৰ লেখীয়া কবি অসমীয়া সাহিত্যত এই মুহূৰ্তত দ্বিতীয়জন নাই বুলিয়ে ভাবোঁ‌।

এইখিনিতে আমি এজন কবিৰ উল্লেখ কৰিব খোজোঁ, যাৰ অসমীয়া কবিতাৰ প্ৰতি অৱদান নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ, কিন্তু যি যথাযোগ্য সমাদৰ এতিয়াও পোৱা নাই। তেখেত হ’ল বয়োবৃদ্ধ কবি নলিনীধৰ ভট্টাচাৰ্য। নলিনীধৰ ভট্টাচাৰ্যৰ কবিতা উপলব্ধিৰ বস্তু, উপৰুৱাকৈ গাই যোৱা পদ নহয়। ভাষা নিৰ্মাণৰ যাদু নহয়, কাব্যিক উপলব্ধিৰ সততা আৰু গভীৰতাহে তেখেতৰ কবিতাৰ মূল আকৰ্ষণ। কবিতা সম্পর্কীয় যিবোৰ ধাৰণা সাধাৰণতে সুলভ, তেনেবোৰ ধাৰণাৰে তেখেতৰ কবিতাৰ কাষ চাপিলে সেইবোৰ আকর্ষণীয় যেন নালাগিব পাৰে, কিন্তু কবিতা সম্পর্কীয় গভীৰতৰ বোধসম্পন্ন পাঠকে কবিতাবোৰৰ অন্তৰ্নিহিত শক্তি অনুভৱ কৰিব পাৰিব। মোৰ ধাৰণা, হীৰেন ভট্টাচার্যৰ উৰ্দু কবিতাৰ দৰে সৰু সৰু জনপ্রিয় কবিতাবোৰে কবিতা সম্পর্কীয় এটা ধাৰণাৰ সৃষ্টি কৰিলে, (যেনেকৈ এটা সময়ত ভূপেন হাজৰিকাৰ ওপৰে ওপৰে লিখা, চুটি চুটি, মিঠা মিঠা, গদ্যৰীতিয়ে সাধাৰণ পাঠকক এনেকৈ প্ৰভাৱিত কৰিছিল যে আন ধৰণৰ গদ্য পাঠকে ভালেই নোপোৱা হৈছিল। সেই ‘ষ্টাইল’টো এতিয়াও কেতিয়াবা দেখা যায়।) যি বহুতো পাঠকক সাংগীতিক লয় আৰু তাৎক্ষণিক আবেদনত গুৰুত্ব নিদিয়া আনধৰণৰ ভাল কবিতাৰ ৰস গ্ৰহণৰ ক্ষেত্ৰত বাধাগ্ৰস্ত কৰিলে। হীৰেন ভট্টাচার্যৰ আলোচনা প্ৰসঙ্গত মই যি Poetic Dictionৰ কথা কৈছোঁ সি পাঠককো আক্ৰমণ কৰিছে। কবিতা সম্পর্কীয় তেনেধৰণৰ একসুৰীয়া ধাৰণাৰে বাধাগ্ৰস্ত নোহোৱা সজাগ পাঠকে বয়োবৃদ্ধ কবিৰ কবিতাৰ তাৰুণ্যৰ প্রতি, সংহত উচ্চাৰণৰ প্রতি তীব্ৰ ইতিহাস চেতনাৰ প্রতি, উষ্ণ মানৱিকতাৰ প্রতি, প্রতিবাদী কণ্ঠৰ বলিষ্ঠতাৰ প্রতি, সৰ্বোপৰি ইয়াৰ অন্তৰ্লীন গভীৰতৰ কাব্যিক মহত্ত্বৰ প্রতি শ্ৰদ্ধাৱান হ’ব। কবিতা ভট্টাচাৰ্যৰ বাবে চখ নহয়, ই তেওঁৰ সজাগ জীৱন জিজ্ঞাসাৰ এটা মাধ্যম, সেয়ে যি ক্ষেত্ৰত দেখা যায় যে আমাৰ কবিসকল সাধাৰণতে আদহীয়া, প্ৰতিষ্ঠিত আৰু সন্মানিত হ’বলৈ লোৱাৰে পৰা কবিতা বাদ দি সবাহ গাবলৈ লয়, তেনে ক্ষেত্ৰত নলিনীধৰ ভট্টাচাৰ্যই বৃদ্ধ হৈ আহিছে মানে বেছি ভাল কবিতা লিখিবলৈ ধৰিছে।

আমি এই ছেগতে তেখেতৰ সুদীৰ্ঘ জীৱন আৰু সুস্বাস্থ্য কামনা কৰিলোঁ আৰু তেখেতৰ আৰু অনেক কবিতাৰ বাবে সাগ্রহে অপেক্ষা কৰিলোঁ‌।

সনন্ত তাঁতি আৰু সমীৰ তাঁতীৰ নাম প্রায়ে একেলগে উচ্চাৰিত হয়, হয়তো তেওঁলোকৰ সমকালীনতাৰ বাবে, হয়তো তেওঁলোকৰ কবিতাৰ এটা সময়লৈকে পৰিলক্ষিত সাদৃশ্যৰ বাবে, হয়তো তেওঁলোকৰ নামৰ সাদৃশ্যৰ বাবে, বা এই গোটেইবোৰৰ বাবে। হতাশা আৰু আত্মকেন্দ্ৰিক বিননিৰ বিপৰীতে এই দুই কবিৰ কবিতাত আমি পাওঁ সংগ্রামী মেজাজ আৰু গভীৰ আশাবাদ।

‘উজ্জ্বল নক্ষত্রৰ সন্ধান’ৰ পৰা নিজৰ বিৰুদ্ধে শেষ প্রস্তাৱলৈকে সনন্তই কোনো আপোচ কৰা নাই। কবিতাক কৰি তুলিছে নিজৰ স’তে নিজৰ আৰু নিজৰ স’তে পাঠকৰ যোগাযোগৰ, সংলাপৰ মাধ্যম। কবিতাৰে সনন্তই অন্যায় অবিচাৰ অত্যাচাৰৰ প্রতিবাদ কৰাই নহয়, কবিতাৰে তেওঁ নিজক সংগঠিত কৰে, পাঠককো। সনন্তৰ কবিতা দৃঢ় প্রত্যয়ৰ কবিতা, বিশাল মানৱীয় অনুভূতিৰ কবিতা, জীৱন আৰু জীৱনৰ বাবে যুদ্ধৰ কবিতা। তেওঁৰ উচ্চাৰণ অনুচ্চ নহয়, সবল, দৃপ্ত, অথচ কাব্যিক। তেওঁৰ কবিতা ৰাজনৈতিক কবিতা, অথচ সেইবোৰ ৰাজনৈতিক বক্তৃতা নহয়, কাব্যিক গুণেৰে সমৃদ্ধ। সাধাৰণতে উচ্চগ্রামত বন্ধা যদিও তেওঁৰ কবিতাৰ স্বৰ, আত্মিক উপলব্ধিৰ অনুচ্চ কণ্ঠৰেই কেতিয়াবা তেওঁ গায়

‘শুনিছোঁ নিজৰ ভিতৰতেই মানুহৰ সমুদ্ৰ

আৰু মানুহে সমুদ্ৰত ডুব যায়।

সমুদ্ৰ মানুহ এদিন খুব ওচৰা-উচৰি হ’লে

সন্ধিপত্র

বতাহত উৰে,

সন্দেহ নাই, সনন্তৰ কবিতাত এনে মুহূৰ্ত খুব বেছি নহয়, কিন্তু সি এইবাবে নহয় যে সনন্ত তেনে কবিতাৰ বাবে অক্ষম, বৰং এই বাবেহে যে সনন্তই কবিতা খুব সহজকৈ লিখিব খোজে?

কবিতা খুবেই সহজকে লিখা যায়,

যদি ঘটনাৰ স’তে সবিশেষ পৰিচয় থাকে‌

————

চকুৰ সমুখৰ কবিতাকে প্রতিবাদ কৰি মানুহ হোৱা

————-

কবিতা খুবেই সহজকে লিখা যায়

যদি চিন্তাৰ ঐশ্বর্য থাকে শ্ৰেণী পীড়া থাকে।’

সনন্তই ইয়াত কবিতাৰ নন্দনতত্ত্বৰ মৰ্মৰ প্রশ্ন এটা তুলি ধৰিছে ? যদি শ্ৰেণী পীড়া থাকে কবিয়ে কবিতা সহজকৈ লিখিব কিয়নো তেওঁ শ্ৰেণী বৈষম্যৰ অৱসান বিচাৰে। ই এটা ৰাজনৈতিক অৱস্থানৰ প্রশ্ন। সেইবুলি সনন্তৰ কবিতা জীৱনৰ আন কেতবোৰ দিশৰ প্ৰতিও একেবাৰে সঁহাৰিবিহীন নহয়। সূক্ষ্ম সংবেদনশীলতাৰে সনন্তই লিখিছে বেগম আখটাৰক লৈ এটি অনুপম কবিতা যাৰ আবেদন অপ্ৰতিৰোধ্য। সনন্তই আকৌ লিখিছে ‘প্রেম’ শীর্ষক এটি আশ্চৰ্য অনুভূতিময় কবিতা যাৰ শেষৰ পংক্তিকেইটা হ’ল-

‘সি মোৰ নাভিকুণ্ডলী আলোড়িত কৰি জাগি উঠা তৃষ্ণাৰ্ত

বিপুল স্পন্দনময় প্ৰেম

সমস্ত নক্ষত্রমণ্ডলীব্যাপ্ত কৰি মই তাক পালন কৰি আছোঁ।’

সেয়ে হ’লেও, মনত ৰাখিব লাগিব যে সনন্ত মূলতঃ প্রতিবাদৰ কবি। তাতেই তেওঁৰ স্বকীয়তা। এক যন্ত্রণাময় দায়িত্ববোধে তেওঁক কবিতা লিখাত নিয়োগ কৰে—

যেতিয়া কবিতা লিখোঁ আশ্চর্য গৰমত – মোৰ বুকু পুৰি যায়

অৱশ্যে কবিতা লিখিলেই মোৰ সমস্ত অসুখ দেহৰ পৰা পোছাকৰ দৰে খহি পৰে।

কবিতা লিখাৰ মাজেৰে সনন্তই নিজকে নিৰাময় কৰাই নহয়, নিজকে আবিষ্কাৰো কৰে, সেয়ে আপাতদৃষ্টিত বহিৰ্মুখী কবিতাবোৰ আত্মাভিমুখীও। কঠিন, সংহত চিত্রকল্প, স্বল্পভাষিতা আৰু ইংগিতময়তা যিবোৰ কবিতাৰ বৈশিষ্ট্য, তেনে কবিতাৰ সৈতে তুলনা কৰিলে সনন্তৰ কেতবোৰ কবিতা বহুবল্কী, প্রগলভ যেন লাগিব পাৰে। কিন্তু তেওঁৰ কবিতা তেনেদৰে বিচাৰ কৰাটো ভুল হ’ব। বিশাল গতিময় আবেগ, তীব্র উপলব্ধি আৰু উদাত্ত প্রতিবাদৰ ভাষা শান্ত, নিৰুদ্বিগ্ন, ইংগিতসর্বস্ব চিত্রকল্পৰ ভাষা নোহোৱাটো দোষৰ কথা নহয়। ইতিমধ্যে মই কৈছোঁ যে সনন্তৰ কবিতাৰ বিষয়বস্তু প্রতিবাদ। সেয়ে তেওঁ ব্যৱহাৰ কৰা আঙ্গিক আদিও বিষয়বস্তুৰে খাপ খোৱা। তেওঁৰ কবিতাৰ প্রকৃতিয়েই বেলেগ।

অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে সনন্তই তেওঁৰ কবিতাৰ ৰূপগত দিশটো সম্পৰ্কে চিন্তা কৰাৰ আৰু কোনো প্রয়োজন নাই। কিন্তু তেওঁ সেই চিন্তা নিজা প্ৰতিভা, সংবেদনশীলতা, উদ্দেশ্য (হয়, উদ্দেশ্য), আৰু অসমীয়া ভাষাৰ এতিয়াও অনাৱিষ্কৃত প্ৰকাশিকা শক্তিৰ কথা মনত ৰাখি কৰাই ভাল হ’ব। অমুক বিদেশী কবিৰ কবিতা এনেকুৱা, বা তমুক দেশত এনেধৰণৰ কবিতাৰ চলতি আছে, এনেবোৰ বিবেচনা অল্পমতি শিকাৰুৰ হ’ব পাৰে, পূৰঠ কবিৰ ক্ষেত্ৰত মই অশোভন বুলিয়ে ভাবোঁ। বিদেশী কবিতাৰ অধ্যয়নৰ বিৰুদ্ধে মই কোৱা নাই, কিন্তু আমাৰ ইয়াত বিদেশী কবিতাৰ প্রভাৱে অঘটন ঘটায়, মানুহে একো নুবুজা হয়। জীণ গ’লে ভাল, নহ’লে অজীণ পাতকী কবিতাৰ জন্ম হয়। নিঃসন্দেহে ফর্মৰ ওপৰত অত্যধিক গুৰুত্বই কাব্যিক অভিজ্ঞতাৰ দেউলীয়া অৱস্থাকে সূচায়। সি যি নহওক, সনন্তৰ বলিষ্ঠ প্রতিবাদৰ কণ্ঠস্বৰ তথাকথিত কাব্যিক বিবেচনাসমূহে যাতে ৰুদ্ধ কৰি নেপেলায়; সনন্তই যেন তেওঁৰ চেতনা আৰু হৃদয়ত ধাৰণ কৰিব পাৰে নিপীড়িত দলিত জনগণৰ যন্ত্ৰণা, ক্ৰোধ আৰু প্রতিবাদৰ ভাষা।

এইবাৰ সমীৰ তাঁতীৰ কবিতালৈ আহোঁ। সমীৰৰ দুখন কবিতাৰ সংকলন মোৰ চকুত পৰিছে‌। ‘যুদ্ধভূমিৰ কবিতা’ আৰু ‘শোকাকুল উপত্যকা।’ ‘যুদ্ধভূমিৰ কবিতাৰ’ বাকভঙ্গীৰ স’তে ‘শোকাকুল’ৰ বিস্তৰ প্রভেদ, কিন্তু সেইবুলি কবিৰ দৃষ্টিভংগীৰ মৌলিক পৰিৱৰ্তন ঘটিছে বুলি ক’ব নোৱাৰি। ‘যুদ্ধভূমিৰ কবিতা’ যথার্থতে যুদ্ধৰ কবিতা, যুযুৎসু কবিতা। … ‘যুদ্ধভূমিৰ কবিতা’ সংকটদীর্ণ সমসাময়িক ভাৰত আৰু অসমৰ এখন অমূল্য দলিল।’ ড. গোহাঁইৰ ভূমিকাৰ এই কথাকিষাৰে এই সংকলনখনিৰ কবিতাসমূহৰ যথাৰ্থ পৰিচয় দাঙি ধৰিছে। সনন্তৰ দৰেই সমীৰেও কবিতা সম্পৰ্কে স্পষ্ট‌।

মোৰ দেশৰ সাধাৰণ মানুহৰ দৰেই সাধাৰণ মোৰ জীৱন,

মোৰ শিল্প আৰু কবিতাৰ শৰীৰ

মহামাৰী আৰু বানপানীৰ স’তে যুঁজি সাৰে থাকে বহু পলকহীন ৰাতি।

সমীৰৰ শোকাকুল উপত্যকাৰ কবিতাসমূহত ‘যুদ্ধভূমি’ৰ উগ্ৰতা নাই, আছে একধৰণৰ কৰুণ উপলব্ধি। সেইবুলি এইবোৰত বিলাপ নাই, পলায়নো নাই। বাস্তৱক বুজি উঠাৰ আন্তৰিক চেষ্টাৰে সমীৰে এই কবিতাবোৰ লিখিছে, আৰু কবিতাসমূহৰ আংগিকৰ ক্ষেত্ৰতো পৰিৱৰ্তন সাধিছে। ক’ব লাগিব যে সমীৰৰ কবিতাই এটা কেঁকুৰি পাৰ হৈ আহিল। সমীৰে নতুন ধৰণে কথা কৈছে। কি যে এক কালিকা লগা সপোন refrain ব্যৱহাৰেৰে এক গোট কৰি ৰখা সাতটুকুৰা কবিতাত জনগণৰ সৈতে সহমর্মিতা, অথচ অতীতৰ ভুলৰ বিৰুদ্ধে এক প্ৰতিবাদ, যুক্তি আবেগ তিৰস্কাৰেৰে এক সংলাপ গীত-মাতৰ মন পৰশা সুৰেৰে বান্ধি পেলাইছে। সমীৰৰ সাতোটা খণ্ডৰ এই দীঘল কবিতাটো সহজ সৰল, অথচ ইয়াৰ তীব্ৰ মানৱিক আবেদন অতি গভীৰ আৰু স্থায়ী –

হেংদান বুলি লৈছিলা

হেংদান নাছিল সেয়া

শতৰু বুলি শালিছিলা।

শতৰু নাছিল সেয়া

———–

তেজৰ বৰণ কি অ’ বান্ধৈ।

তেজৰ বৰণ কি!

আকৌ হাঁহ কুকুৰাৰ দৰে মৰিয়াই মাৰিলা শিশুক

গুৰুৰে মাটিত কি দেখিলোঁ কি দেখিলোঁ।

——-

আজান ফকিৰৰ দেশত

এইবোৰ মানুহনে, মানুহনে

কি যে এক কালিকা লগা সপোন’

বিগত দিনৰ ভয়ঙ্কৰ হত্যালীলা অমানুষিকতা বাস্তৱ হ’ব পাৰে নে ? নহয়, ই এক দুঃস্বপ, ‘এক কালিকা লগা সপোন’। সমীৰে জনগণৰ ভুল চুকবোৰ আঙুলিয়াই দিব খোজে এক সহমৰ্মিতাৰে, তেওঁ জনগণৰ লগৰীয়া, গুৰু নহয়।

সমীৰৰ কবিতাৰ এক চকুত পৰা দিশ হ’ল গঞা ৰাইজৰ মুখৰ আকর্ষণীয় মাত-কথাৰ (ʻrich, lively language of the masses’) কাব্যিক ব্যৱহাৰ। লোককৃষ্টিৰ পৰা সমীৰে তেওঁৰ কবিতাৰ মাল-মছলা সংগ্ৰহ কৰিছে। জনজীৱনৰ গীত-মাতৰ সুৰে ঢৌৱাই গৈছে তেওঁৰ কবিতাৰ শৰীৰ। বিহুগীত বনগীত জিকিৰৰ সুৰ আহি মিলি গৈছে তেওঁৰ কবিতাৰ সুৰত, অথচ সমীৰে তেওঁৰ পৰিশীলিত কণ্ঠস্বৰ হেৰুওৱা নাই। আঙ্গিকৰ পৰীক্ষা-নিৰীক্ষা সমীৰে নিশ্চয় কৰিছে, কিন্তু সমীৰৰ কবিতাৰ আঙ্গিক জনজীৱনৰ গীত-মাত আদিৰ ওপৰত আধাৰিত হোৱাৰ ফলত আৰু বক্তব্যই আঙ্গিক নির্ণয় কৰাৰ ফলত সেইবোৰে সমীৰৰ কবিতাক ঘাইকৈ সমৃদ্ধহে কৰিছে বুলিব পাৰি। ক’ৰবাত হয়তো সম্পৰীক্ষাৰ চাপ স্পষ্ট, উপাদানবোৰ জীণ যোৱা নাই,  যেনে ‘গাঁৱত নহ’লে শইচ’ পহিলা শাৰীৰে কবিতাটি, কিন্তু কবিৰ আন্তৰিকতাও স্পষ্ট।

অৱশ্যে ক’ৰবাত ক’ৰবাত সমীৰৰ কবিতাত এক ধৰণৰ দায়িত্বহীনতাই কেনা লগাইছে যেন লাগিছে, যেনে ২৬ পৃষ্ঠাৰ কবিতাটি, ‘মই তোমাৰ স’তে নাথাকোঁ গছৰ স’তে থাকিম’ যাৰ পহিলা শাৰী। এনেকুৱা আচৰিত আচৰিত কাব্যিক পংক্তি সাম্প্ৰতিক অসমীয়া কবিতাত ইমান বেছি যে সমীৰে সেইটো দিশলৈ মন নিদিলেও চলিব যেন পাওঁ।

সমীৰৰ ভাষাৰ ওপৰত দখল আছে, ছন্দ জ্ঞান আছে, দেশী-বিদেশী কবিতাৰ স’তে চিনাকি আছে, সূক্ষ সংবেদনশীলতা আছে, তদুপৰি আছে নিপীড়িত অৱহেলিত জনগণৰ স’তে আত্মীয়তা, এতেকে সমীৰ আমাৰ আশাৰ স্থল, তেওঁৰ প্রতিটো কবিতাত যেন ফুটি উঠে আপোচহীন সংগ্ৰামী চেতনা, জীৱনৰ জয়গান। মোৰ দৃঢ় বিশ্বাস, শোকাকুল উপত্যকাৰ চকুলো মচি ‘যুদ্ধভূমি’ত গভীৰতৰ প্রত্যয়েৰে সোমাব পাৰিলেহে সেই চকুলোৰ প্রকৃত মূল্য দিয়া হ’ব। ৰফিকুল হুছেইন, মদন শর্মা, সুভাষ সাহা, কৌস্তভমণি শইকীয়া, ৰাজীৱ কুমাৰ ফুকন এওঁলোক প্রত্যেকৰে একোখনিকৈ সংকলন ওলাইছে। ৰফিকুল হুছেইনৰ ‘শৰবিদ্ধ আকাশ’ৰ কবিতাসমূহে এক প্ৰতিশ্ৰুতি বহন কৰিছিল যিটো পূৰণ হোৱা দেখিবলৈ নোপোৱাটো আমাৰ বাবে দুৰ্ভাগ্যজনক। শ্রদ্ধেয় সমালোচক নলিনীধৰ ভট্টাচার্য সংকলিত এটি পাতনিত ৰফিকুলৰ কবিতা সম্পৰ্কে প্রশংসাৰ দৃষ্টিৰে কৈছিল, ‘শব্দবোৰ স্থূল বর্ণনাত্মক নহয়, সি কিহবাৰ ৰূপক বা প্রতিনিধি হৈ সংহত ৰূপত দেখা দিছে। প্রকাশভঙ্গীৰ এই অভিনৱত্ব অৱশ্যে প্রতিভাৰ চিন। … তেওঁৰ প্ৰতিশ্ৰুতি আমি পাইছোঁ‌। এই প্ৰথম প্রতিশ্রুতিয়েই তেওঁৰ ভবিষ্যতৰ পথ উজ্জ্বল কৰক….।’ কিন্তু ৰফিকুলৰ কবিতা পঢ়িবলৈ নোপোৱা হৈছোঁ। ই পৰিতাপৰ কথা! হয়তো স্বপ্নভঙ্গৰ যাতনাই সৃষ্টিশীলতাৰ পথ ৰুদ্ধ কৰিছে, হয়তো তেওঁৰ সৃষ্টিশীলতাই অন্য মাধ্যম বিচাৰি পাইছে। শুনিবলৈ পাইছো ৰফিকুলে আজিকালি নাটকেই কৰে।

একেদৰেই ‘অতবোৰ তৰাফুল’ৰ মদন শৰ্মাৰ কবিতাও দেখিবলৈ নোপোৱাৰ দৰেই। স্থানান্তৰত ‘অতবোৰ তৰাফুল’ৰ এক আলোচনাত মই এই কবিতা সংকলনখনি সত্তৰৰ দশকৰ কবিতাৰ সবল আৰু আদৰণীয় দিশটোৰ বহুখিনিলৈকে প্রতিনিধিত্বমূলক বুলিছিলোঁ। আশীৰ দশকৰ মৰুভূমিত বোধকৰো তেওঁৰ কবিতাৰ ধাৰা শুকাই যোৱাৰ উপক্ৰম।

সুভাষ সাহাৰ ‘ভালপোৱাৰ শিপা’ সমাজ চেতনাৰে উদ্বুদ্ধ এখনি সংকলন! সুভাষৰ কবিতাও আজিকালি কমকৈ দেখোঁ। আঙ্গিকগত অভিনৱত্বতকৈ অনুভূতিৰ তীব্ৰতা আৰু উপলব্ধিৰ সততাহে সুভাষৰ কবিতাৰ মূল সম্পদ। ‘অন্তৰঙ্গ স্তৱক’ৰ কৌস্তভমণি শইকীয়াই অৱশ্যে কবিতা লিখি আছে সত্তৰৰ দশকৰ পৰা ধাৰাবাহিকতাৰে। কৌস্তভৰ অনুভূতি সৎ, তেওঁৰ চেতনাৰ গতি জনমুখী। নিজা এক শৈলী গঢ়ি তোলাৰ চেষ্টাও তেওঁৰ আছে। ‘অন্তৰংগ স্তৱক’ৰ বহুকেইটা কবিতাৰ আন্তৰিকতাই মন চুই যায়। কৌস্তভমণিয়ে আজিকালি, ইটো সিটো লিখা দেখিবলৈ পাওঁ, কিন্তু মোৰ ধাৰণা, কবিতাৰ মাজেৰেহে তেওঁৰ সৃষ্টিশীলতাই আপোন বাট বিচাৰি পায়। ‘বাজি আছে গৰখীয়া বাঁহী’ ৰাজীৱ কুমাৰ ফুকনৰ বোধকৰোঁ একমাত্র সংকলন। ৰাজীৱৰ কবিতা শক্তিশালী, জীৱনবোধ সতেজ আৰু গভীৰ, মধ্যবিত্তীয় চেতনাৰ পৰা মুক্তিৰ চেষ্টা তেওঁৰ আছে। সংকলনটিৰ পাতনিত ড. হীৰেন গোহাঁয়ে কৈছে –  ‘পোনপটীয়া ভাষা, অস্থিৰ আৰু দুৰ্বাৰ ছন্দ, আৰু গঞা জীৱনৰ গোন্ধ থকা বিবিধ উপমা আৰু অনুষঙ্গই তেওঁৰ কবিতাক এক বৈশিষ্ট্য দান কৰিছে।’ আঙ্গিক সচেতনতা ৰাজীৱৰ নিশ্চয় আছে, কিন্তু আঙ্গিকসর্বস্বতাৰ পৰা তেওঁ বহু আঁতৰত।  আশা কৰোঁ, ভৱিষ্যতৰ সংকলনত ৰাজীৱক আমি অতি কুশলী, অধিক সমৃদ্ধ এজন কবিৰূপে পাম।

মৃদুল কুমাৰ দাস কবি হিচাপে স্বল্পপৰিচিত। সংকলনো ওলোৱা নাই। ওলোৱাৰ পথত সত্তৰৰ দশকত ‘ৰণক্ষেত্ৰত কবিতা’, ‘নতুন পৃথিৱী’ আৰু আন আলোচনীত আৰু সম্প্ৰতি ‘শ্রীময়ী’ৰ পাতত মৃদুলৰ কেইবাটাও গুৰুত্বপূৰ্ণ কবিতা প্ৰকাশিত হৈছে। মৃদুলৰ কবিতা প্ৰশ্নাতীতভাৱে ৰাজনৈতিক, কিন্তু প্ৰশ্নাতীতভাৱেই কাব্যগুণসম্পন্ন। মৃদুলৰ কবিতাৰ সংকনলটি ওলালে তেওঁৰ কবিতা সম্পৰ্কে সম্যক পৰিচয় লাভ কৰিব পৰা যাব, কিন্তু ইতিমধ্যেই যিসকলে তেওঁৰ কবিতা পঢ়াৰ সুযোগ পাইছে তেওঁলোকে নিশ্চয় এই কথা মানিব যে মৃদুলে নিজা বৈশিষ্ট্যৰে কবিতা লিখে, তেওঁৰ কবিতাই মাথোঁ আবেগ সঞ্চাৰিত নকৰে, বৌদ্ধিক উত্তেজনাৰ সৃষ্টি কৰে। মৃদুলৰ সংকলনটিৰ বাবে আগ্ৰহেৰে বাট চালোঁ ।

‘মহাকাব্যৰ প্রথম পাত’ৰ কবি বিপুল জ্যোতি শইকীয়াই আমাৰ মনত বিপুল প্ৰত্যাশা জগাই তুলিছে। তেওঁৰ সূক্ষ্ম অনুভূতি, গভীৰ উপলব্ধি, জীৱনৰ প্রশ্নসমূহৰ স’তে মুখামুখি হোৱাৰ সজাগ দৃঢ়তা, ভাষাৰ ক্ষেত্ৰত তেওঁৰ ক্ৰমবৰ্ধমান দখল, কাব্যিক সমস্যাসমূহৰ নিজস্ব ধৰণে সমাধানৰ চেষ্টা, তদুপৰি প্ৰশ্নাতীত সৃষ্টিশীলতা, – এইবোৰ গুণে ইতিমধ্যেই বিপুলক এজন সুকবি ৰূপে চিনাকি কৰি দিছে। পিছে কবি নৱকান্ত বৰুৱাই বিপুলৰ কবিতাৰ যিটো চিনাকি ‘মহাকাব্য’ৰ পাতনিত দিছে, সেই চিনাকি সূত্ৰে পাঠক আগ বাঢ়িলে ভুল পথে যোৱাৰেই আশঙ্কা। তেখেতে কৈছে, বিপুল জ্যোতিৰ কবি সত্তাত সংগ্রাম বা যুদ্ধৰ স্থান নাই… ইত্যাদি। কথাখিনিৰ অর্থ যদি এনে হ’লহেঁতেন যে তেখেতে বিপুলৰ যুদ্ধবিৰোধী মনোভাবৰ কথা কৈছে তেন্তে কোনো কথা নাছিল‌ – কিন্তু তেখেতে সংগ্রাম আৰু যুদ্ধ সাঙুৰি পেলাইছে। সংগ্রাম সাধাৰণভাৱে সদৰ্থক আৰু ‘যুদ্ধ’ সাধাৰণভাৱে নেতিবাচক শব্দ। বিপুলৰ কবিতাত সংগ্ৰাম নাই নেকি? তেন্তে বিপুলৰ কবিতাত সংগ্ৰামবিৰোধিতা আছে নেকি? সংগ্ৰাম মানে ‘ইনকিলাব জিন্দাবাদ’ৰ ধ্বনি নেকি? সুকবি নৱকান্ত বৰুৱাই নাভাবেনে যে ৰাজপথৰ সংগ্ৰামৰ ৰূপ, আৰু কবিতাৰ সংগ্ৰামৰ ৰূপ বেলেগ হয়? সামাজিক অভিজ্ঞতাই যি বিচ্ছিন্নতাৰ অনুভূতিৰ জন্ম দিয়ে, তাৰ বিৰুদ্ধে কবিৰ সংবেদনশীলতাই যিদৰে প্রতিক্রিয়া প্রকাশ কৰে সি জানো সংগ্ৰামৰেই এটা ৰূপ নহয়?

বিপুলৰ কবিতাত অৱশ্যে আমি সনন্তৰ কবিতাত থকা মেজাজ নাপাওঁ; বিপুলৰ কাব্যৰীতি বেলেগ। প্রতীকী ব্যঞ্জনাৰ ওপৰত নিৰ্ভৰশীল হোৱা বাবে বিপুলক অৱশ্যে মাজে মাজে কাব্যিক যেনেই লাগে, তেওঁৰ প্রতিবাদী, সংগ্রামী কবিসত্তা চকুত পৰোঁতে দেৰি লাগে। কথাটো ময়ো লক্ষ্য কৰিছোঁ। কিন্তু শ্ৰীযুত বৰুৱাদেৱে কথাৰ লাচতে বিপুলক সংগ্ৰামবিমুখ কৰি পেলালে সম্পূৰ্ণৰূপে। বিপুল যুযুৎসু কবি নহ’ব পাৰে, কিন্তু বিপুলৰ কবি বৰুৱাই দিয়া পৰিচয়টো মই ভুল বুলিয়ে ভাবোঁ।

বিপুলৰ কবিতাত অগ্ৰজ কবিৰ প্ৰভাৱ ক’ৰবাত ক’ৰবাত চকুত পৰাকৈ আছে। অৱশ্যে বিপুলে সেই প্ৰভাৱ জীণ নিয়াব পৰাৰ চিন এই সংকলনতেই আছে। বিমূৰ্ততাৰ প্রতি আকৰ্ষণো ঠায়ে ঠায়ে চকুত পৰিছে। আশা ৰাখিছোঁ, বিপুলৰ কাব্যচর্চা জীৱন চর্যাৰ এটি অঙ্গ হ’ব আৰু তথাকথিত উৎকৃষ্ট কবিতাৰ সলনি আমাক দিব সৎ আৰু গভীৰ জীৱনবোধেৰে সিক্ত কবিতা। বিপুলে কেতিয়াও আত্মসমর্পণ নকৰক একাকিত্ব, বিচ্ছিন্নতা আৰু পলায়নবাদৰ ওচৰত, সুবিধাবাদেও যেন তেওঁৰ নিষ্কলুষ কাব্যিক সততাৰ ওচৰত পৰাভূত হয়।

‘এনেকৈয়ে দিন, এনেকৈয়ে ৰাতি’ কবিতা সংকলনৰে কবীন ফুকনে এক মূল্যৱান অৱদান আগ বঢ়ালে বুলি ক’বই লাগিব। ভাষাৰ ব্যৱহাৰ আকর্ষণীয়, স্বকীয়। চিত্রকল্পসমূহ সতেজ আৰু সুন্দৰ। ১৯৮৩ ৰ পৰা ভাত ১৯৮৯ কি ১৯৯০ লৈকে এই সময়ছোৱাৰ ভিতৰত ৰচিত এই কবিতাসমূহে সাম্প্রতিক অসমীয়া কবিতাৰ জনপ্রিয় ধাৰাটোৰ শিথিল কাব্যিকতাৰ বিপৰীতে পেশীযুক্ত, আকর্ষণীয়ভাৱে দায়বদ্ধ, তেজাল কবিতাৰ উদাহৰণ দাঙি ধৰিলে। সাম্প্ৰতিক অসমীয়া কবিতাৰ আলোচনাত দুজন ছদ্ম কবিৰ নাম অৱধাৰিতভাৱেই আহে, অনুভৱ তুলসী আৰু নীলিম কুমাৰ। ‘নাজমা’ কাব্যসংকলনৰ উপৰিও অনুভৱৰ অলেখ কবিতা বিভিন্ন আলোচনীৰ পাতত সিঁচৰতি হৈ আছে। নীলিম কুমাৰৰ এটা সংকলন  পাইছোঁ – যুটীয়াভাৱে লুটফা হানুম চেলিমা বেগমৰ স’তে প্রকাশিত। তেওঁৰ অসংখ্য কবিতা আলোচনীৰ পাতে পাতে সিঁচৰতি হৈ আছে।

অনুভৱৰ কবিতাৰেই আৰম্ভ কৰোঁ‌। নিঃসন্দেহ কবিত্ব শক্তিৰ অধিকাৰী এই কবিৰ সংকলন ‘নাজমা’ কবিৰ অনুভূতিপ্রৱণ হৃদয় আৰু এক সৰ্বগ্ৰাসী আবেগত মগ্ন চেতনাৰ আলেখ। পাতনিত (কষটি কাপ) হীৰেন গোহাঁয়ে কবিৰ প্ৰতি সপ্রশংস দৃষ্টি গ্ৰহণ কৰিও কৈছে –কিন্তু, লগতে এই অনুভৱো হয় যে, মলঙা ৰোমান্টিকতাৰ পৰা কবি সম্পূৰ্ণৰূপে মুক্ত হ’ব পৰা নাই। ‘কলিজা’ শব্দৰ প্রয়োগ মাত্ৰাধিক যেন লাগে। অকণমান ইতিকিং কৰাৰ সুৰত ক’ব পাৰি যে, কলিজা, অর্থাৎ অসমীয়াতকৈও যিটো ভাষাত কলিজা সম্পর্কীয় আবেগবোৰক লৈ বেছি কবিতা লিখা হৈছে সেই উর্দু ভাষাত দিল, এই দিলক লৈয়ে মলঙা ৰোমান্টিকতাত অনুভৱ ডুব গৈছে‌। ইত্যাদি। কিন্তু ইতিকিং কৰাৰ কোনো ইচ্ছাই মোৰ নাই। বৰং আশীৰ পৰৱৰ্তী বছৰবোৰত কবিতা লিখিবলৈ লোৱা সংবেদনশীল সৎ আবেগৰ ডেকা কবিৰ অসহায় অৱস্থাই মোৰ মনত দুখৰ ভাবৰহে জন্ম দিছে। মই বিশ্বাস কৰিবলৈ টান পাইছোঁ যে সমসাময়িক অসমৰ ভাতৃঘাতী দিনবোৰত কোনো সংবেদনশীল কবিয়ে চতুৰ্দিকৰ অমানৱীয়তাৰ প্রতি উদাসীন হৈ থাকি ‘নাজমা’ৰ লেহুকা কবিতাবোৰ লিখিব পাৰে – ই নিশ্চিতভাৱে একধৰণৰ পলায়ন। অৱশ্যেই বিশেষ একধৰণৰ কবিতা হিচাপে, ঠায়ে ঠায়ে থকা পেনপেননিৰ আধিক্য সত্ত্বেও, ‘নাজমা’ই মোক মুগ্ধ কৰিছে। কবি অনুভৱৰ কবিত্ব আৰু আন্তৰিকতাও সন্দেহাতীত। অসমীয়া ভাষাৰ আলফুলীয়া কোমল সুৰ এটা তেওঁ বিচাৰি পাইছে, আনহাতে অসমীয়া গীত-মাতৰ স’তে আৰু অসমৰ প্ৰকৃতিৰ বর্ণালীৰ স’তে তেওঁৰ নিবিড় পৰিচয় আছে। অনুভৱৰ আন যিবোৰ কবিতা আলোচনীৰ পাতত পঢ়িছো সেইবোৰেও অনুভৱৰ কবিত্বৰ প্রতি মোৰ শ্ৰদ্ধা বঢ়াইছে, কিন্তু একে সময়তে সেই কবিতাবোৰ মই আদৰণীয় বুলিও ভাবিব পৰা নাই।

একেদৰেই নীলিম কুমাৰৰ ‘অচিনাৰ অসুখ’ সংকলনখনিৰ কেতবোৰ কবিতাত পোৱা যন্ত্ৰণাবোধ পিছলৈ আৰু নাথাকিল। থাকিল একধৰণৰ ভঙ্গী, কবিতা কবিতা লগা অথচ কবিতা নোহোৱা কিছুমান দায়িত্বহীন পংক্তি, কবিতাৰ সলনি কাব্যিক চমক। নীলিম কুমাৰৰ কবিত্ব সন্দেহৰ অতীত। অথচ ডঃ মহেন্দ্ৰ বৰাৰ মাত্রাতিৰিক্ত প্ৰশংসা সত্ত্বেও নীলিমৰ কবিতা বিৰক্তিকৰ বুলিয়ে ভাবোঁ। তেওঁৰ কবিতাত বিধৃত আবেগ আৰু চিন্তা (?) সন্দেহজনক। অনুভৱ আৰু নীলিম মাথোঁ দুটি উদাহৰণহে। তেওঁলোকে লিখাৰ দৰে কবিতা সম্প্ৰতি এজাক কবিয়ে লিখি আছে। সেয়ে অনুভৱ, নীলিমৰ সংকট এটা বিশেষ সময়ৰ সংকট বুলি লোৱাই ভাল। ড° হীৰেন গোহাঁয়ে অলপতে এঠাইত লিখিছে, ইমানবোৰ কবিতা লিখা হৈছে এতিয়া যে মাজে মাজে ভ্রম হয়, কবিতাৰ কাৰখানা থকা বুলি। মন্তব্যটো তাৎপর্যপূর্ণ। এক, কবিতা দেধাৰ লিখা হৈছে, কাৰখানাতহে যেন তৈয়াৰ হৈছে, দুই, কাৰখানাত তৈয়াৰী বস্তুৰ দৰেই ইবোৰ একেধৰণৰ হৈছে, স্বকীয় বৈশিষ্ট্যহীন, নিস্প্রাণ; কবিৰ প্ৰাণৰ নির্যাস ইবোৰত পোৱা নাযায়, সৃষ্টিশীলতাৰ সলনি ইবোৰ যেন যান্ত্ৰিক কচৰতৰহে ফল।

কিন্তু ঘটনাটো কি ? কেতবোৰ ব্যতিক্ৰম বাদ দি অধিকসংখ্যক কবিতাই ইমান যান্ত্ৰিক হৈছে কিয় ? কবিতাবোৰ সব একে যেন লগা হৈছে কিয় ? সম্প্ৰতি লিখি থকা বহুকেইজন কবিৰ নামবোৰ বাদ দি কবিতাবোৰ যদি এখন সংকলনত ভৰাই দিয়া হয় তেন্তে সংকলনখনি যিকোনো এজনৰ নামেৰেই চলাই দিয়া যাব। পাঠকে উমঘামেই নাপাব।

ই নিশ্চিতভাৱে বৰ্তমানে চলি থকা কবিতাৰ এটা দুৰ্বলতা।

ড. গোহাঁয়ে তেখেতৰ অন্তৰ্ভেদী দৃষ্টিৰে লক্ষ্য কৰিছে, – ‘কিছুমানৰ বানান আৰু ব্যাকৰণ দুখ লগা: কিছুমানৰ বাগ্মিতা আছে, কিন্তু বক্তব্য নাই; কিছুমান নিমজ, নিপুণ আৰু প্রাণহীন। এনে গড্ডালিকা প্রৱাহৰ মাজতো নিজা বক্তব্য, বাচন-ভঙ্গী, আৰু জীৱনীশক্তি থকা কবিতা নোলোৱা নহয়। কিন্তু প্ৰবল আবৰ্জনা প্ৰৱাহৰ মাজত প্রায়েই তাৰ চিন হেৰায়।’

এনেদৰে চিন হেৰাই যোৱাৰ উপক্ৰম হোৱা প্রতিশ্রুতিপূর্ণ এখন সংকলন ‘জোনাকৰ পানীগছা’। কবি কেশৱ চন্দ্র ভাগৱতী। পাঠকক সোধক, নামটো প্রায় অপৰিচিত। সংকলনখনিৰ নামটো কওক। খুব কমেই শুনিছে। পঢ়িছে আৰু কমে। কিন্তু ‘জোনাকৰ পানীগছা’ৰ কবি চকুত ৰাখিব লগীয়া কবি। অগ্ৰজ কবি, বিশেষকৈ কবি নীলমণি ফুকনৰ প্ৰভাৱ একাষৰীয়াকৈ থৈ যাব পাৰিলে, বা সেই প্রভাৱক জীণ নিয়াব পাৰিলে, কেশৱে ভাল কবিতা আমাক দিব পাৰিব বুলি আশা ৰাখিব পাৰোঁ। কিয়নো সজীৱ কল্পনা, ইতিহাসবোধ আৰু সামাজিক চেতনা, জনজীৱনৰ স’তে একাত্মীয়তা, লোকসংস্কৃতিৰ গভীৰ উঁহৰ পৰা লভা কাব্যিক প্রেৰণা, অসমীয়া ভাষাৰ তীব্ৰ প্ৰকাশিকা শক্তি সম্পৰ্কে কবিৰ সচেতনতা, এইবোৰ গুণ কেশৱৰ কম-বেছি পৰিমাণে আছে। এই সংকলনখনিৰ (প্রভাৱৰ কথাটো বাদ দি) বহুকেইটা কবিতা পঢ়ি মই মুগ্ধ হৈছোঁ।

ব্যক্তিনিষ্ঠ, আবেগেই কেশৱৰ কবিতাৰ উপজীব্য নহয়, সেয়ে কেশৱে যিটো ফর্মৰ মাজেৰে তেওঁৰ অনুভূতি, উপলব্ধি, আবেগসমূহ প্রকাশ কৰিব খুজিছে সি যথোপযুক্ত হোৱা নাই (inadequate)। কেশৱে তেওঁৰ আঙ্গিকগত দিশ সম্পৰ্কে পুনৰ চিন্তা কৰাটো ভাল হ’ব, পোনপটীয়া বাক্য ব্যৱহাৰৰ মাজেৰেও কবিতাই যে অভাবনীয় কাব্যিক শক্তি আহৰণ কৰিব পাৰে সেই সম্পৰ্কে সচেতন হ’লে তেওঁৰ কবিতাত মাজে মাজে লক্ষ্য কৰা শিথিলতা আৰু অস্পষ্টতা দূৰ হ’ব পাৰে বুলি ভাবোঁ। সি যি নহওক, কেশৱৰ পৰবৰ্তী সংকলনখনিলৈ আগ্ৰহেৰে বাট চালোঁ।

অতনু ভট্টাচাৰ্যৰ “সহযোদ্ধা” আৰু নৰেন মজুমদাৰৰ “অনুভৱ” দুখন উল্লেখযোগ্য সংকলন বুলি ভাবোঁ। অতনুৰ কবিতাৰ বক্তব্য আছে, কিন্তু তেওঁৰ নিজা বচন-ভঙ্গী এতিয়াও গঢ় লৈ উঠা নাই। অতনুৱে কিন্তু দায়িত্বহীনভাৱে, আবোল-তাবোল বকি কাব্যিকতা কৰা নাই। সৎ উপলব্ধি, জীৱনৰ প্রতি একধৰণৰ দায়বদ্ধতা, সঙ্গী মানুহৰ প্রতি মমত্ববোধ, আত্মসমালোচনা, নিজাকৈ কথা কোৱাৰ চেষ্টা, এইবোৰ তেওঁৰ কবিতাৰ ভাল গুণ। হীৰেন ভট্টাচার্যৰ কবিতাৰ মোহ লগা ভঙ্গীটোৰ পিছফালে থকা নাটকীয়তা সম্পৰ্কে কবি সচেতন হোৱাটো ভাল। হীৰেন ভট্টাচার্য সম্পৰ্কে আৰু বিশেষ কি প্ৰশংসা কৰিম, কিন্তু তেওঁৰ সীমাবদ্ধতাবোৰকে আমি গুণ বুলি নভবাই মঙ্গল হ’ব। অতনুৰ পৰৱৰ্তী সংকলনখনিত আমি নিশ্চয় অধিক পূৰঠ কবিতা পাম বুলি আশা কৰিব পাৰোঁ।

‘অনুভৱ’ৰ কবি নৰেন মজুমদাৰ সম্পর্কে ড. হীৰেন গোহাঁয়ে পাতনিত কৈছে – ‘কাব্যৰ সাফল্য বা বিফলতাতে তেওঁৰ পৰীক্ষা আবদ্ধ। এই পৰীক্ষাত সফল হোৱা বাবে আমিও অবিমিশ্র আনন্দ উপলব্ধি কৰিছোঁ।’ সুলিখিত পাতনিখনিৰ শেষত ড. গোহাঁয়ে মজুমদাৰৰ কবিতাত, বিশেষকৈ নীলমণি ফুকনৰ উপস্থিতিৰ কথা আঙুলিয়াই দিও কৈছে যে তেওঁ মৌলিক কবিতা ৰচনা কৰিব নোৱৰাকৈ থকা নাই আৰু সেইবোৰে আধুনিক অসমীয়া কবিতাৰ সমলয়ত এক ব্যক্তিগত আৰু অনন্য ধ্বনি সংযোজন নকৰাকৈ থকা নাই। মজুমদাৰৰ অনুভূতি সূক্ষ্ম আৰু পূৰঠ; তেওঁৰ কবিতাসমূহত সমাজ চেতনাৰ অভাৱ আছে বুলিব নোৱাৰি, অৱশ্যে ইয়াৰ প্রকাশ পোনপটীয়া নহয়, তেনে হোৱাটো আৱশ্যকীয়ও নহয়। কবিসকলক সমাজৰ আটাইতকৈ সংবেদনশীল ব্যক্তি বুলি কোৱা হয়। সেয়ে সমাজৰ অন্যায়, অত্যাচাৰ, অবিচাৰ, শ্রেণী শোষণ, বর্ণ শোষণ, জাতি, ধর্ম, ভাষাৰ নামত মানৱীয়তাৰ অপমান, এইবোৰে এই সংবেদনশীল ব্যক্তিসকলকেই আটাইতকৈ দোলা দি যাব লাগে। দোলা দিয়াই নহয়, এইবোৰে তেওঁলোকৰ হৃদয়ত যাতনাৰ সৃষ্টি কৰিব লাগে যি যাতনাৰ উপশম হ’ব পাৰে মাথোঁ কবিতাৰ মাজেৰে।

‘কবিতা লিখিলেই মোৰ সমস্ত অসুখ দেহৰ পৰা/ পোছাকৰ দৰে খহি পৰে।’

কিন্তু সংবেদনশীলতা কোনোবাই ব্যক্তিগত পর্যায়তে ৰাখিব খুজিলে সি সৎ সাহিত্যৰ সহায়ক নহ’ব বুলিয়ে ভাবোঁ। আপোনাৰ এটি সুবেদী মন আছে, অথচ আপোনাৰ সমুখতে ঘটি থকা নৃশংস ঘটনাৱলীয়ে আপোনাৰ মনত দাগ কাটি নাযায়, ই কেনেকৈ হ’ব পাৰে? এনে অমানুষিক ‘স্থিতপ্রজ্ঞ’ কবিৰ কাৰিগৰীগত দক্ষতা যিমানেই নাথাকক কিয়, তেওঁ ব্যক্তিগত প্রেমৰ যিমানেই সুন্দৰ কবিতা নিলিখক কিয়, তেওঁৰ এটা সংবেদনশীল মন আছে বুলি কোৱা টান হ’ব। আপোনাৰ সমুখেদি যেতিয়া তেজৰ নৈ বৈ গৈছে, চর্তুদিক পাশৱিক হত্যালীলাই অন্ধকাৰ কৰি আনিছে, তেতিয়া আপুনি গোলাপ কলিজা জোন তৰাৰ অশ্লীল কবিতা লিখিব? হয়, অশ্লীল, অশ্লীলতা এটা আপেক্ষিক শব্দ।  (হাঁহ কুকুৰাৰ দৰে মৰিয়াই মাৰিলা কত শিশুক/গুৰুৰে মাটিত কি দেখিলো কি দেখিলো/ তুমি ক’লা এহ লোকৰহে মৰিছে মৰক/ আমি শলাগিলো এৰা, আমাৰনো আহে যায় কি)।

কোনোবাই ক’ব কবিতা একধৰণৰেই হ’ব বুলি কোনো কথা নাই। নিশ্চয়, একধৰণৰেই যদি হ’ব লাগে এজন কবিৰ কবিতা পঢ়িলেই যথেষ্ট। আন কবিতাৰ প্ৰয়োজনেই নাথাকিলহেঁতেন। উপলব্ধিৰ গভীৰতা, অভিজ্ঞতাৰ অভিনৱত্ব, প্রকাশভঙ্গীৰ নিজস্বতা, এইবোৰে কবিক স্বকীয়তা দান কৰে। কিন্তু মই প্রশ্ন তুলিছো, কবিৰ জীৱন আৰু জগত সম্পর্কীয় দৃষ্টিভঙ্গীৰ বিষয়ে। আৰু সি আমাক মতাদৰ্শৰ প্ৰশ্নটোলৈ আকৌ লৈ যায়। আপুনি যদি এজন কবি, আপুনি আপোনাৰ মতাদর্শগত দৃষ্টিভঙ্গী সম্পর্কে স্থিৰ হোৱা ভাল। কিয়নো আপোনাৰ অতি আদৰৰ কাব্যিক সংবেদনশীলতাকো মতাদর্শগত দৃষ্টিভঙ্গীয়ে আপুনি জনাকৈ নজনাকৈ, প্রভাৱিত কৰে। আপুনি ব্যৱহাৰ কৰা চিত্রকল্পসমূহ, উপমাসমূহ, ৰূপকসমূহো আনকি ইয়াৰ পৰা মুক্ত নহয়। সেয়ে, কবি, ৰাজনীতিৰ কথাৰে মোৰ কি হ’ব, বা মোৰ যি ভাব আহে লিখি যাম, মতাদৰ্শৰ কথা বিচাৰ কৰাৰ কি দৰকাৰ, এনেবোৰ ভঙ্গী মাথোঁ সেইসকল কবিয়েহে ল’ব যাৰ সমাজ ৰূপান্তৰৰ ভাবনাৰ স’তে কোনো সম্পৰ্ক নাই। কোনোৱে ক’ব পাৰে, ৰাজনৈতিক আদৰ্শবোৰ দেউলীয়া, মাৰ্ক্সবাদী সাম্যবাদৰ দিন উকলিল, এনে পৰিস্থিতিত কবিয়ে এইবোৰ কথা ভাবি কি হ’ব? কিন্তু গণতন্ত্ৰ বুলিলে, মানে আমেৰেকীয় গণতন্ত্ৰ বুলিলে তেওঁলোকৰ বহুতেই উৎসাহী হৈ উঠে। কথাটো কি? আমেৰেকীয় গণতন্ত্ৰক আমি আকৌ আমেৰেকীয় সাম্ৰাজ্যবাদ বুলিয়ে জানো! অর্থাৎ মতাদৰ্শগত প্রশ্নটো থাকিয়ে যায়।

কবিসকলক কোনো ‘ফৰ্মুলা’ দিব খোজা নাই, তেনে মূৰ্খামি আমাৰ নাই। আমি মাথোঁ সাধাৰণতে কবিতাৰ স’তে সম্পৰ্কৰহিত বুলি ভবা দুটা-এটা কথাহে উৎত্থাপন কৰিছোঁ আৰু আমাৰ মত দাঙি ধৰিছোঁ‌। সমাজজীৱনৰ শূন্যতাই, চর্তুদিক ছানি ধৰা, হতাশাই মানৱীয় মূল্যবোধসমূহৰ সংকট কালত কবিতাতো যেন আমি সেই সংকটৰ প্রতিফলন দেখা পাইছোঁ। শব্দৰেই জানো কবিয়ে পাৰ হৈ যাব পাৰিব এই সংকট কাল? মাথোঁ শব্দৰেই? এনে অৱস্থাত কুশল কবিয়ে হয়তো ৰচিব পাৰিব শব্দৰ ইন্দ্রজাল, অপটুজনৰ হাতত হয়তো সি হৈ পৰিব শব্দৰ মকৰাজাল। শব্দৰ ঐন্দ্রজালিক শক্তিবোধ পূজাত বেতালসিদ্ধ হোৱাৰ প্ৰচেষ্টাত ৰত থাকোতেই হয়তো নামি আহিব ফেচীবাদী খড়্গ।

প্রসংগক্রমে, যোৱা কেইবছৰতে হয়তো শব্দক লৈ আটাইতকৈ বেছি কবিতা লিখা হৈছে। কথাটো তাৎপৰ্যপূৰ্ণ যেন লাগিছে। কবিসকল শব্দসচেতন হোৱা বাবে মই আপত্তি কৰা নাই, মই মাথোঁ শব্দক পৰম স্থান দিয়া কথাটোহে আমাৰ কবিতাৰ বাবে ক্ষতিকাৰক হ’ব বুলি ভাবিছোঁ।

‘কবিসকল দ্ৰষ্টা’, সেই দ্ৰষ্টাসকল এতিয়া কাব্যিক আত্মৰতিতে জাহ যাব নে? আমি আশা কৰিছোঁ যে সম্প্ৰতি দেখা দিয়া দায়িত্বহীন শব্দ বিলাসৰ বিপৰীতে, ব্যক্তি চেতনাৰ অন্ধগলিৰ পৰা ওলাই আহি, অনুকৰণেৰে পাতৰ পিছত পাত ভৰাই মাহটোত ডেৰশ কবিতা নিলিখি কবিসকলে তেওঁলোকৰ চৌপাশ ওন্দোলাই অনা অন্ধকাৰৰ বিৰুদ্ধে আমাক আনি দিয়ক প্রমিথিউছৰ জুই, সৃষ্টি কৰক ক্রান্তিকাৰী সতেজ কবিতা— এনে কবিতা যি আমাৰ চেতনাক ঠৰে ঠৰে কঁপাই যাব, হৃদয়লৈ আনিব জীৱনমুখী আবেগ আৰু অনুভূতিৰ ধল।

‘এই চহৰত এজন কবি, আছে বুলিয়েই

কুলিয়ে আজিও মাতে

বৰষুণত তিতি

ল’ৰাই আকৌ বালিঘৰ সাজে

নিজৰাটো পাৰ হ’লেই কবিৰ ঘৰ

তাত বেলিৰ পোহৰ 

কিবা এটা বোধ যেন ভিতৰে ভিতৰে –  

প্রেম আৰু প্রবাহিত মনুষ্যত্ব

……..

কোনেও গম নাপায়, এই চহৰত

এজন কবি আছে বুলিয়েই

মানুহ আজিও মানুহ হৈ আছে।’ (ৰবীন্দ্র সৰকাৰ)

Leave a Reply

Your email address will not be published. Required fields are marked *