লঘু-গুৰু

লিমাৰিক – (বসন্ত কুমাৰ বৰা)

(১)

লিমাৰিক লিখে তেওঁ, নিৰ্মালী চুতীয়া,
ডাকঘৰ ধলপুৰ, গাঁও যোৰহটীয়া,
পঠিয়ালে কাকতত
ছপা হ’ল ফটাফট
সুধি ফুৰে, একাডেমি বঁটা পাব কেতিয়া ।

(২)

তীৰ্থলে’ গ’ল হেনো পণ্ডিত প্ৰবৰ,
মায়া-মোহ তিয়াগিলে, তিয়াগিলে ঘৰ,
পিছে এনে কলিকাল
কথা হ’ল আহুকাল
সোমৰস গিলি হেনো পালে ৰঙাঘৰ ।

(৩)

খেতি কৰে খেতিয়ক জুৰমন কাই,
দুবেলা দুমুঠি মিলে, ৰাই-ৰুই নাই,
এটা মাথোঁ দোষ তাৰ
বোলে, ‘মোৰ অধিকাৰ’
দুপৰলে’ শুই নুঠে এচিলিম খাই।

(৪)

নিতৌ প্ৰসংগ কৰে – ভদীয়া ভকত,
নিজে ৰান্ধে তিনিসাঁজ তিনিটা পৰত,
মুখে ফুটে হৰিনাম
নহ’লে নচলে কাম
কোনোমতে এটোপাল সন্ধিয়া ক্ষণত ।

(৫)

মাক হ’লে লাভ পায়, চৰকাৰী আঁচনি,
গা উঠিল তাকে দেখি অনামিকা পাচনি,
পিছে বুধি নহ’ল সিদ্ধি
আছিল বাটত কণা বিধি
হ’ব লাগে সংখ্যালঘু, তেহে হ’ব বাছনি ।

(৬)

নিৰ্বাচন জিকি তেওঁ হ’লগৈ ৰজা,
সামৰিলে নিজলে’হে, পাহৰিলে প্ৰজা,
ৰাজযোগ হ’ল শেষ
সন্যাসীৰ পিন্ধি বেশ
সভা পাতি টেঁটু ফালে, কথা মনে সজা ।

-০-

Leave a Reply

Your email address will not be published. Required fields are marked *