মা-(উপাসনা বৰদলৈ)
পকা মধুৰী আমে মলমলাই থকা দুপৰীয়া আছিল সেইটো
কৰ্দৈজোপা ঢাকি ধৰা ভাটৌ এজাকৰ কোৰ্হালত তচনচ হৈছিল চিন্তাৰ সোঁতটো
বাৰে বাৰে!
তুলি লওঁ, পুনৰ হেৰাই যায়!
কৰ্দৈতলখন লেতেৰা হৈছিল
খং এটা উজাই আহিছিল নেকি?
কিন্তু সিহঁত গুচি যাব
আৰু তাৰ পাছত?
শান্ত বতাহখিনিয়ে কজলা বৰণ ল’ব।
মাৰ দীঘল চুলিকোচাৰে মধুৰীআমৰ দুপৰীয়াটো বৈ গৈছিল
কলডিলীয়া খোপাটোত চুলিকোচা সামৰি থয় মায়ে, সামৰে শেলুৱৈ ধৰা সময়বোৰো!
স্থিৰ হৈ যোৱা বতাহজাকক বেয়া পায় মায়ে। ভীষণ!
মই আহিব খোজো মাৰ কাষলৈ বগুৱা বাই নতুনকৈ পোখা মেলা গছজোপাৰ দৰে,
শেলুৱৈবোৰ আঁতৰি পৰিষ্কাৰ হৈ পৰে মাৰ সময়বোৰ!
আৰু তাৰ পাছত?
ভাটৌজাক সদায় আহিবলৈ ল’ব,
আজি, কাইলৈ, তাৰ পাছদিনা….
বৈ যাব মধুৰিআমৰ দুপৰীয়াটো মাৰ চুলিকোচাৰে,
পুনৰ।