মালামাল বয়জ : প্রথমার্ধত হাস্যৰস, দ্বিতীয়ার্ধত বিশৃংখলাৰে ভৰপূৰ এখন অসমীয়া চিনেমা ।। সুজাতা হাতীবৰুৱা আৰু উপাসনা কৃষ্ণাত্ৰেয়া শৰ্মা
মুক্ত চিন্তা। একাদশ বছৰ।। দ্বিতীয় সংখ্যা
মালামাল বয়জ, মৃণাল ডেকা পৰিচালিত ২০২৫ চনত মুক্তি পোৱা এখন অসমীয়া crime comedy ধাৰাৰ চিনেমা। এই ছবিখনে গুৱাহাটীলৈ উন্নত জীৱনৰ সন্ধানত অহা নিবনুৱা আৰু অৰ্ধ-নিবনুৱা অৱস্থাত থকা চাৰিজন যুৱক অভি, লক্ষী, জীৱন আৰু ৰঘুৰ বিশৃংখল, কৰুণ যাত্ৰাৰ বিবিধ বিড়ম্বনাক হাস্যকৰ ৰূপত উপস্থাপন কৰিছে।
ছবিখনৰ প্ৰথমাৰ্ধ বৰ আকৰ্ষণীয়। চাৰিজন বন্ধুৰ নিজৰ থকা-খোৱাৰ খৰচ মোকলাবলৈ অৰ্থ উপাৰ্জনৰ বাবে কৰা ব্যৰ্থ প্ৰচেষ্টাসমূহে আমোদৰ খোৰাক যোগাইছে। ইয়াত নির্ভুলভাৱে প্ৰতিফলিত হৈছে সাম্প্ৰতিক অসমৰ নিবনুৱাৰ যাতনা, gig economy-ৰ যুগত অৰ্ধ-নিবনুৱাৰ অনিশ্চয়তা, আৰু সংস্থাপনৰ বাবে নগৰসমূহলৈ প্ৰৱজিত নাগৰিকৰ কষ্ট। চিনেমাখনৰ এনেবোৰ অংশত শেহতীয়া আন দুই-এখন অসমীয়া চিনেমা যেনে, বৰনদী ভটিয়ায় বা বিদূৰভাই আদিৰ সৈতে কিছুমান দৃশ্য বা ঘটনাগত মিলো দেখা যায়। লক্ষীৰ ফুটপাথৰ চাহ দোকানখন বুলড’জাৰেৰে ভাঙি পেলোৱা দৃশ্যই দেশত চলি থকা bulldozer politics-ৰ ৰূঢ় বাস্তৱকহে যেন কিছুপৰলৈ দৰ্শকক মনত পেলাই দিয়ে। প্ৰথমাৰ্ধ এনেদৰেই বাস্তৱিক আৰু সমসাময়িক সমাজৰ প্ৰাসংগিক সমস্যাৰ সৈতে জড়িত।
কিন্তু দ্বিতীয়ার্ধত ছবিখন সম্পূর্ণ অন্য দিশে গতি কৰে৷ বাস্তৱৰ সৈতে স্পৰ্শ হেৰাই যায়। আৰম্ভ হয় মাফিয়াৰ দৌৰাত্ম্য, ড্ৰাগছ নেটৱৰ্ক, একেবাৰে হঠাতে জন্ম লোৱা প্ৰেম কাহিনী, আৰু শেষ হয় বলিউডীয় কায়দাৰ বিশৃংখলতাৰ মাজেৰে গৈ হোৱা কাহিনীৰ হঠাৎ যোগাত্মক সমাপ্তিত। প্ৰথমাৰ্ধৰ চিত্ৰনাট্যত কাহিনীৰ যি দৃঢ় ভিত্তি গঢ় লৈ উঠিছিল, সেই বাস্তৱতা শেহৰ ভাগত অনেক পার্শ্বচৰিত্ৰ আৰু অযৌক্তিক ঘটনাৱলীয়ে ঢাকি দিয়ে। শেষটো predictable আৰু chaotic হৈ পৰে, আৰু কেতবোৰ অসম্পূৰ্ণ উপকাহিনীৰ শৃংখলৰ সংযোগ সাধনৰহে প্ৰয়াস কৰা দেখা গ’ল৷
ছবিখনৰ আটাইতকৈ শক্তিশালী দিশ হৈছে অভিনয়। উজ্জ্বল ৰাজখোৱা, বলীন বৰা, জিণ্টু কুমাৰ কাশ্যপ, নৱজ্যোতি নাথ আৰু জুনু নাথ ডেকাই চৰিত্ৰ অনুসৰি বাস্তৱিক অভিনয় কৰিছে। চাৰি বন্ধুৰ Comic timing, স্বাভাৱিক সংলাপ প্রয়োগ, আৰু কেমিষ্ট্রিয়ে বহু ভাল লগা মুহূৰ্তৰ সৃষ্টি কৰিছে।
বিশেষ আকর্ষণ হিচাপে ছবিখনত দুজন জনপ্রিয় শক্তিশালী অভিনেতা– দূৰ্গেশ কুমাৰ (পঞ্চায়ত নামৰ জনপ্ৰিয় হিন্দী ছিৰিজখনৰ বনৰাকচ চৰিত্ৰটিত যি অভিনয় কৰিছে) আৰু আশোক পাঠকক (একেখন ৱেব ছিৰিজতে যি বিনোদ চৰিত্ৰটি ৰূপায়ণ কৰিছে) দুটি এণ্টাগনিষ্ট ভূমিকাত দেখা যায়। দুয়ো ভাল অভিনয় কৰিছে, তাত সন্দেহেই নাই, কিন্তু সেই চৰিত্ৰ দুটিক জিলিকাই তুলিবলৈ যিখিনি মনোযোগ আৰু গভীৰতা আশা কৰা হৈছিল, তাত ছবিখন কিছু পিছ পৰি ৰৈছে। সংলাপৰ প্ৰয়োগ যথাযথ হ’লেও, এই অভাৱৰ মূল কাৰণ দুই চৰিত্ৰৰ চিত্ৰনাট্যত থাকি যোৱা দুৰ্বলতা আৰু তেওঁলোকৰ পৰিচয়মূলক দৃশ্যৰ নিষ্প্রাণ visual treatment। বিনোদনমূলক ছবি হিচাপে প্ৰথম প্ৰৱেশ দৃশ্যত mid-shot-ৰ ব্যৱহাৰ চমৎকাৰী নহ’ল৷ যদি এই অংশত সম্পাদনা অলপ কঠোৰ হ’লহেঁতেন, ছবিখন অধিক gripping হোৱা সম্ভাৱনা আছিল।
কলা নির্দেশনা কেইবাটাও দৃশ্যত আশাপ্রদ। সংগীতৰ ক্ষেত্ৰত বিশেষকৈ এটা গান ধুনীয়া আৰু উপভোগ্য। আৱহ সংগীত কিছু দৃশ্যত তাৎপর্যপূর্ণ, আন কিছুমানত খাপ নোখোৱা যেন অনুভূত হ’ল। দক্ষিণ ভাৰতৰ ছবিৰ ৰোমাণ্টিক গানৰ পৰা লোৱা কিছুমান অনুপ্ৰেৰণা স্পষ্টকৈ চকুত পৰে। ছবিখনত এবাৰ “বিদুৰভাই”-ৰ এটা বিতৰ্কিত দৃশ্যৰ loose reference দিয়া হৈছে, য’ত স্থানীয় এগৰাকী বিধায়কে এজন পুৰুষক যৌন নির্যাতন কৰিছিল। ইয়াক দৰ্শকৰ হাঁহি উঠাবলৈ পুনৰাবৃত্তি কৰাৰ চেষ্টা প্রয়োজনীয় নাছিল আৰু সেই দৃশ্য কেইটা অস্বস্তিকৰ বুলি অনুভৱ হয়।
মুঠৰ ওপৰত, মালামাল বয়জ (Malamal Boyyyz) এবাৰ থিয়েটাৰত গৈ উপভোগ কৰিব পৰা চিনেমা৷ কোনো এজন নায়কৰ আধিপত্য নাথাকিও, শক্তিশালী অভিনয় শিল্পীৰ এটা দল, জীৱনৰ বাস্তৱ সংগ্ৰাম, আৰু হাস্যৰসৰ মিশ্ৰণে ছবিখন উপভোগ্য কৰি তুলিছে। অৱশ্যে, দ্বিতীয়ার্ধত বিশ্বাসযোগ্য কাহিনী কথকতাৰ অভাৱে ছবিখনৰ আকর্ষণ শক্তি হ্ৰাস কৰিছে। প্ৰথমাৰ্ধত গঢ় লৈ উঠা দৃঢ় ভিত্তি যদি শেষলৈকে অবিচল হৈ থাকিলহেঁতেন, সামাজিক জীৱনৰ জীয়া বক্তব্য হিচাপে ছবিখন উজলি উঠিলহেঁতেন।
