মানৱ-সৃষ্ট আকাল-(মূলঃপ্ৰবীৰ বৈশ্য; অনুবাদঃ অজিতাভ হাজৰিকা)
১৯৭৪ চনৰ ৩১ অক্টোবৰ তাৰিখে অসমত ধান আৰু চাউলৰ পাইকাৰি ব্যৱসায়ৰ কৰ্তৃত্ব চৰকাৰে আনুষ্ঠানিকভাৱে লাভ কৰাৰ এটা বছৰ পাৰ হ’ল। ৰাজ্যত সেইবছৰ তীব্ৰ খাদ্য সংকটে দেখা দিলে। চৰকাৰী ভাষ্য মতে ৫০০ মানুহে অনাহাৰত মৃত্যুবৰণ কৰিব লগা হৈছিল। কিন্তু এই মূল্যায়ন সঠিক নাছিল। বেচৰকাৰী সূত্ৰসমূহৰ মতে ১৯৭৪ চনত কমেও ৫০০০ লোকে মৃত্যুবৰণ কৰিছিল অনাহাৰত। গোৱালপাৰা জিলাৰ ধুবুৰী মহকুমা আৰু কামৰূপ জিলাৰ বৰপেটা মহকুমাত চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠান সমূহৰ দ্বাৰা চালিত নি:স্ব সকলৰ শিবিৰৰ সংখ্যা টোৱেই ৰাজ্যৰ খাদ্য ব্যৱস্থাত দেখা দিয়া গুৰুতৰ সংকটৰ কথা সদৰি কৰে।
গ্ৰাম্য অঞ্চলত দুৰ্ভিক্ষ বা প্ৰায় দুৰ্ভিক্ষ সদৃশ পৰিস্থিতি বৰ্তি থকাৰ মূলতে অৱশ্যে অপৰ্যাপ্ত খাদ্যদ্ৰব্য উৎপাদন নাছিল, বৰং মানুহৰ মাজত ক্ৰয় ক্ষমতা হ্ৰাস পোৱাটোহে আছিল ইয়াৰ প্ৰধান কাৰণ। চৰকাৰী নিৰিখ মতেই স্বাভাৱিক বৰ্ষ এটাত ৰাজ্যৰ ৭৫ শতাংশ লোক দৰিদ্ৰ সীমাৰেখাৰ তলৰ বাসিন্দা। চৰা দামৰ প্ৰভাৱ এই বৃহত্বৰ অংশটোৰ ওপৰতেই আটাইতকৈ বেছি পৰিছিল। চাউলৰ প্ৰস্তাৱিত দৰ প্ৰতি কুইন্টলত ৩৫০ টকা। অসমৰ অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়ৰ তথ্য মতে ১৯৭৩ চনৰ ছেপ্তেম্বৰ মাহৰ তুলনাত ১৯৭৪ চনৰ ছেপ্তেম্বৰত চাউলৰ উপভোক্তা মূল্য সূচক (Consumer price index) আছিল ৬৫ শতাংশ বৰ্দ্ধিত; সেই একেখিনি সময়তে আটাৰ সূচক বৃদ্ধি পাইছিল ৯৯ শতাংশ। ভাত অসমৰ প্ৰধান খাদ্য আৰু চাউলৰ ক্ষিপ্ৰ মূল্যবৃদ্ধি আছিল পাইকাৰী ব্যৱসায় চৰকাৰে দখল কৰাৰ এক শ্লেষাত্মক পৰিণতি, যাৰ কোনো ফল নধৰিল।
চৰকাৰে অসমত ধানৰ ব্যৱসায় দখল কৰাৰ সময়ত এই প্ৰতিশ্ৰুতি দিছিল যে ৬৬৩ টা ব্যক্তিগত পাইকাৰি ব্যৱসায় প্ৰতিষ্ঠানৰ ঠাইত পঞ্চায়ত পৰ্যায়ত ৬৬৩ টা সমবায় পাইকাৰি সমিতি গঠন কৰা হ’ব। পাইকাৰি ব্যৱসায়ৰ ৰাষ্ট্ৰীয়কৰণৰ সমান্তৰলভাৱে, আৰু ২৪ লাখ কুইন্টল ধান আহৰণৰ লক্ষ্য পূৰণ কৰাৰ নিমিত্তে চৰকাৰে ২৫ কুইন্টল উপৰত প্ৰতিবাৰতে ধান আৰু চাউলৰ আন্ত: পৰিবহনত বাধ্য – বাধকতা আৰোপ কৰিলে। সেই সময়তে পঞ্চায়ত পৰ্যায়ত ৬৬৩ খন সমবায় পাইকাৰী সমিতি গঠনৰো নিৰ্দেশ জাৰি কৰা হ’ল।পিছে প্ৰশাসনিক তৎপৰতা বৰ বিশেষ দেখা নগ’ল।ধান দাই অনাৰ সময় জানুৱাৰী মাহতেই উকলিল যদিও 1974 চনৰ মাৰ্চ মাহৰ শেষ ভাগলৈকে কেৱল ৯৪ খন সমবায় সমিতিহে গঢ় লৈ উঠিল। এনেকি সমবায় গঠন আৰু কাৰ্যক্ষম হোৱাৰ মাজত সময়ৰ ব্যৱধান আহি পৰাৰ হেতুকে,ব্যক্তিগত ব্যৱসায় প্ৰতিহত কৰাটো দূৰৰেই কথা বহু কেইখন সমবায়ে মাথো কেইকুইন্টলমান ধানো সংগ্ৰহ কৰিব নোৱাৰিলে।ঠিক সেইদৰে যোগান বিভাগেও সূলভ মূল্যৰ বিপণী আৰু সমবায় সমিতি সমূহৰ জৰিয়তে সংগৃহীত শস্যৰ সাময়িক আবন্টন নিশ্চিত কৰাত বিফল হ’ল। এহাতে পৰিবহনত আৰোপিত বাধ্যবাধকতা আনহাতে জন আবন্টন প্ৰণালীত বিফলতাৰ হেতুকে অভাৱ থকা অঞ্চলত দুৰ্ভিক্ষই গা কৰি উঠিল আৰু মাহৰ পিছত মাহ ধৰি ধানৰ মূল্য বৃদ্ধি পাবলৈ ধৰিলে সাধাৰণ মানুহৰ ক্ৰয় ক্ষমতাৰ বহু উৰ্ধলৈ- ছেপ্টেম্বৰ মাহত ই শীৰ্ষত আৰোহণ কৰাৰ সময়লৈকে। ইটোৰ পিছত সিটোকৈ অহা পাঁচটাকৈ বানেও পৰিস্থিতি আৰু অধিক প্ৰতিকূল কৰি তুলিলে।
জনসাধাৰণৰ বাবে বিতৰণ হ’ব লগা চাউলৰ পৰিমাণ নিৰ্ধাৰিত হয় ৰাজ্যত সংগৃহীত ধান আৰু আমদানি নিয়ন্ত্ৰণৰ জৰিয়তে। ভাৰতীয় খাদ্য নিগম(FCI) আৰু অসম সমবায় বাণিজ্য সমাজে ৰাজ্যৰ ২৪ লাখ কুইন্টল ধান সংগ্ৰহৰ লক্ষ্য সংগ্ৰহ কৰিছিল যদিও প্ৰকৃততে সংগ্ৰহ কৰা ধানৰ পৰিমাণ আছিল ১৭ লাখ কুইন্টল,আৰু ইয়াৰ পৰা উৎপাদিত চাউলৰ পৰিমাণ আছিল ১২ লাখ কুইন্টল। ই মোটামুটি ৮০ লাখ ক্ৰেতাৰ এক দশমাংশ প্ৰয়োজন পূৰণৰ বাবেও পৰ্যাপ্ত নাছিল,য’ত আছিল চহৰীয়া চাহ বাগানৰ বনুৱা,কৃষিখণ্ডৰ শ্ৰমিক, ভাৰাতীয়া আৰু প্ৰান্তীয় কৃষক শ্ৰেণী। ইয়াৰ শেষৰ দুটা শ্ৰেণীয়ে নিজ উৎপাদনৰ এক অংশ শস্য কটাৰ সময়ত বিক্ৰয় কৰিছিল,যদিও বছৰটোৰ প্ৰায় ছটা মাহেই খাদ্য দ্ৰব্য ক্ৰয় কৰিব লগাত হৈছিল।
সংগ্ৰহ যিহেতু পৰ্যাপ্ত নাছিল, চৰকাৰৰ হাতত আন উপায় নথকাত চহৰ অঞ্চলত প্ৰতিটো সপ্তাহত গাইপতি ৭৫০ গ্ৰাম চাউল ধাৰ্য্য কৰা হ’ল,যিটো পিছলৈ ৫০০ গ্ৰামলৈ হ্ৰাস পাইছিল। জুলাই মাহৰ পৰা এনেকি এই পৰিমাণটোও বৰ্তি নাথাকিল। চৰকাৰে পঞ্জাৱৰ পৰা আমদানি কৰা চাউলৰ দৰো নিয়ন্ত্ৰণত ৰাখিব নোৱাৰিলে। আগষ্ট মাহৰ শেষলৈ ৰেচনৰ কেৱল এটা অংশহে চৰকাৰী সাহায্য প্ৰাপ্ত মূল্যত বিতৰণ কৰা হ’ল; আৰু কিছুদিন যোৱাৰ পাছত এই সাহায্য সম্পূৰ্ণভাৱে উঠাই দিয়া হ’ল। ইয়াৰ পৰিৱৰ্তে আমদানিকৃত বাচমতি চাউল বজাৰত প্ৰতি কুইণ্টলত ৩৫০ টকা দৰত আগবঢ়োৱা হ’ল! এই গোটেই সময়ছোৱাতে ৰাজহুৱা বিতৰণ ব্যৱস্থাটোত গ্ৰাম্য অঞ্চলসমূহে বিশেষ গুৰুত্ব লাভ কৰা নাছিল আৰু গাঁৱৰ ক্ৰেতাসমূহৰ ভাগ্য নিৰ্ভৰ কৰিছিল গ্ৰাম্য ব্যৱসায়ীয়ে লাভ কৰা ‘টেণ্ডাৰ’ ৰেহাইৰ ওপৰত। এটা সময়ত সেয়েহে চহা আৰু নগৰীয়া দুয়োশ্ৰেণীৰ ক্ৰেতাই ‘মুকলি বজাৰ’ত প্ৰতি কিলোত ৩.৫০ টকা দৰত লাভ কৰা ‘বিতাৰিত’ ব্যক্তিগত ব্যৱসায়ীৰ চাউলৰ ওপৰত নিৰ্ভৰ কৰিবলৈ বাধ্য হ’ল। স্বাভাৱিকতে যাৰ এনে চৰা মূল্যত চাউল ক্ৰয়ৰ সামৰ্থ নাছিল তেওঁলোকে অনাহাৰে দিন কটাব লগাত পৰিল – হাজাৰ হাজাৰ লোকে মৃত্যুকো সাৱটিব লগা হ’ল। অথচ ‘মুক্ত বজাৰ’ত আকাশলংঘী দৰত বিক্ৰী হোৱা চাউলৰ কেতিয়াও অভাৱ ঘটা নাছিল। এনেকি উপভোক্তা সমবায় সমূহে উপযুক্ত অনুমতি লৈ মুক্ত বজাৰৰপৰা ট্ৰাকত বোজাই কৰি চাউল তুলি নিব পাৰিলেহেঁতেন, যদিহে তেওঁলোকৰ সেই অনুযায়ী ধন মজুত থাকিলে হয়!
এই চাউল ক’ৰপৰা আহিছিল? স্থানীয় উপভোক্তা সমবায় সমূহে জনাইছিল যে অতিৰিক্ত মজুত থকা অঞ্চলত মিলৰ মালিকে আগতীয়া যোগাযোগ আৰু তেওঁলোকে বিচৰা ধন আদায় দিয়াৰ বাবদ যিকোনো পৰিমাণ চাউল যোগান ধৰিব পাৰে। স্পষ্টভাৱে, ‘বিতাৰিত’ ব্যৱসায়ীসকলে এক বৃহৎ পৰিমাণৰ চাউল মজুত কৰিছিল। খবৰ কাগজৰ সূত্ৰ মতে অসমৰ মানুহে অনাহাৰত দিন কটোৱাৰ সময়তো ইয়াৰ ওচৰ চুবুৰীয়া ৰাজ্য আৰু দেশ সমূহলৈ ধান আৰু চাউলৰ চোৰাং সৰবৰাহ অব্যাহত আছিল য’ত ইয়াৰ ক্ৰয় ক্ষমতা আছিল বহু বেছি।
অতিৰিক্ত মজুত ধানৰ বজাৰখনেই ৰাজ্যত চলি থকা চোৰাং সৰবৰাহ আৰু ক’লা বজাৰৰ পৰিসৰ দৰ্শায়। ৫ কুইণ্টলৰ বিনামূলীয়া সৰবৰাহৰ গইনা লৈ অধিকতৰ ধান আৰু চাউলৰ ৰপ্তানি কৰা হ’ল। বিগত শস্য বৰ্ষত ধানৰ উৎপাদন আছিল ৩৫০ লাখ কুইণ্টল- যিটো পৰিমাণ ৰাজ্যৰ প্ৰায় ১৫ মিলিয়ন লোকৰ বাবে আছিল পৰ্যাপ্ত – অথচ উৎপাদিত শস্যৰ অনুপাতে আশা কৰা ৫৫ শতাংশ বাণিজ্যিক Surplus আছিল মাত্ৰ ১৫০ লাখ কুইন্টল । ইয়াৰে, চৰকাৰে সংগ্ৰহ কৰা পৰিমাণটো আছিল ১৭ লাখ কুইন্টল – অৰ্থাৎ এক দশমাংশৰো কম । সেইবাবে ১৬০ লাখ কুইন্টলৰো অধিক ধান ব্যৱসায়ীৰ হাততে ৰৈ যায় আৰু সি কলা – বজাৰ, গোপন মজুত আৰু তেনে বিনিয়োগত খোৰাক যোগায় ! দুবছৰৰ আগতে পোনপটীয়া সংগ্ৰহ অভিযানত ৩০ লাখ কুইন্টল ধান সংগ্ৰহ হৈছিল।যদিও সেই বছৰৰ তুলনাত ১৯৭৪ ত উৎপাদনৰ পৰিমান বহু কম আছিল, ৰাজ্যখনৰ মানুহৰ মৃত্যু আৰু দুৰ্ভিক্ষৰ প্ৰকৃত কাৰণসমূহ আছিল : ৬৬৩ টা ব্যক্তিগত ব্যৱসায় বিতৰণ কৰাৰ নামত কেৱল প্ৰস্তাৱৰ পৰ্যায়তে ৰৈ যোৱা ৬৬৩ খন পাইকাৰী সমবায়, মজুতকাৰী আৰু চোৰাং ব্যৱসায়ীৰ প্ৰতি চৰকাৰৰ সম্পূৰ্ণ উদাসীনতা আৰু জনসাধাৰণৰ দৰিদ্ৰতা ।
সেইবছৰ চৰকাৰে হাতত লোৱা খাদ্য নীতিও বিশ্বাসযোগ্য প্ৰমাণিত নহ’ল । কুইন্টলত ৭৫ টকা দৰত চৰকাৰে ২১ লাখ কুইন্টল চাউল সংগ্ৰহৰ আঁচনি লৈছিল। ৰাজ্যৰ ১২ টা খাদ্য মণ্ডলৰ বাহিৰত ধান আৰু চাউলৰ সৰবৰাহ বন্ধ কৰা হৈছিল। ২০ বিঘা ( প্ৰায় ৭ একৰ ) ৰ অধিক মাটিত খেতি কৰা কৃষকৰ ওপৰত শুল্ক আৰোপ কৰা হৈছিল। মিলত চাউল কুটোৱাও প্ৰায় আনুষ্ঠানিকভাৱে বন্ধ হৈছিল। এই পদক্ষেপ কেইটা লোৱা হৈছিল দুই চৰকাৰী সংস্থা FCI আৰু অসম সমবায় বাণিজ্য সমাজ (Assam Apex Marketing Society) আৰু ইয়াৰ উপ-সংস্থা হিচাপে নতুনকৈ গঠন হোৱা পাইকাৰী সমবায় সমিতিৰ ধান সংগ্ৰহত সুবিধা হ’বৰ বাবে ।
অথচ চহৰাঞ্চল আৰু অভাৱজৰ্জৰ গ্ৰাম্য অঞ্চললৈ দৈনিক যোগান নিশ্চিত কৰিবৰ বাবে কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নহ’ল । সৰবৰাহত আৰোপিত বাধা-নিষেধ আৰু মিলসমূহ বন্ধ কৰা কাৰ্যই নিঃসন্দেহে শস্য চপোৱাৰ সময়ত surplus থকা এলেকাত ধান আৰু চাউলৰ দাম কমাই ৰাখিলে, কিন্তু ই চহৰ আৰু অভাৱ থকা গাঁও অঞ্চলত দৰ ঊৰ্দ্ধগামী হোৱাত হাত উজান দিলে, যি অঞ্চলত চৰকাৰে ডিচেম্বৰ মাহত এমুঠিও চাউল যোগান ধৰিব নোৱাৰিলে আৰু নিজৰ প্ৰয়োজন পূৰাবৰ বাবে মুকলি বজাৰৰ পৰা খাদ্য দ্ৰব্য সংগ্ৰহ কৰিবলৈও মানুহ অসুবিধাত পৰিল।
চাউলৰ সংগ্ৰহ মূল্য বজাৰ মূল্যতকৈ বহুত কম হোৱা সত্বেও একৈশ লাখ কুইণ্টলৰ নিৰ্ধাৰিত লক্ষৰ দুই-তৃতীয়াংশও পুৰ হোৱাৰ সম্ভাৱনা দেখা নগ’ল। ডিচেম্বৰ মাহৰ শেষৰফালে শষ্য তোলাৰ সময়খিনি শেষ হোৱাৰ আগে আগে সংগ্ৰহ আছিল ৫.৬০ কুইণ্টল, যাৰ তুলনাত ১৯৭৩ চনত এই সময়খিনিত সংগ্ৰহ আছিল- ৮ লাখ কুইণ্টল। প্ৰতিবেদনত প্ৰকাশ পোৱা মতে বৃহৎ ব্যৱসায়ীৰ দালালসমূহে মধ্যম শ্ৰেণীৰ কৃষকৰ surplus অংশ ইতিমধ্যে সংগ্ৰহ মূল্যতকৈ বহু বেছি দৰত ক্ৰয় কৰাৰ চুক্তি কৰিছিল আৰু বৃহৎ শ্ৰেণীৰ কৃষকসকলে ততোধিক মূল্যৰ আশাত নিজ শষ্য উঠাই লৈছিল। চৰকাৰেও প্ৰস্তাৱিত শুল্ক বৃহৎ শ্ৰেণীৰ কৃষকৰ ওপৰত আৰোপ কৰাৰ সাহ নকৰিলে, – যিটো আৰোপ কৰা হ’লেও অৱশ্যে তেওঁলোকে কৌশলেৰে উলাই কৰি গ’লহেতেন। এই সকলো পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত, প্ৰায় সমুদায় বাণিজ্যিক surplus (যি নিম্নভূমি অঞ্চলত হোৱা কেইবাটাও বানৰ পৰা হোৱা ক্ষতি বহু পৰিমাণে উচ্চ ভূমিৰ অত্যধিক শষ্যই প্ৰশমিত কৰাৰ বাবে বিগত বৰ্ষৰ তুলনাত মাথোঁ কিঞ্চিতহে কম আছিল)। ব্যৱসায়ীলৈ ৰেহাই দিয়া ২.৫ কুইণ্টলৰ বিনামূলীয়া সৰবৰাহৰ আওতাত মুক্ত বজাৰলৈ গতি কৰিব।
এইবছৰো সেইবাবে ৰাজহুৱা বিতৰণ ব্যৱস্থাটোৱে উপভোক্তাৰ প্ৰয়োজনৰ মাথোঁ এটা অংশহে পুৰাবলৈ সক্ষম হ’ব, আৰু মজুতকাৰী তথা বিনিয়োগকাৰীয়ে শষ্য চপোৱাৰ মাজৰ সময়খিনি (Lean season)ত মুনাফা আদায় কৰিব। গুৱাহাটী আৰু আন কেতবোৰ অভাৱ থকা অঞ্চলত চাউলৰ যোৱাবছৰৰ শীৰ্ষমূল্য প্ৰতি কিলোত ৩.৫০ টকা ইতিমধ্য হৈছেই, আৰু ই একধৰণৰ মূল্যবৃদ্ধিৰ মানসিকতা গঢ়ি তুলি অবৈধ বিনিয়োগ আৰু মজুতকৰণৰ প্ৰৱণতা বঢ়াই তুলিছে। আগত আহি থকা শষ্য চপোৱাৰ মাজৰ সময়খিনিত হয়তো যোৱাবছৰৰ এই সময়খিনিৰ তুলনাত এইবাৰ অনাহাৰত মৃত্যু সংখ্যাও বৃদ্ধি পাব।
এনে নহয় যে খাদ্য দ্ৰব্যৰ মুক্ত বজাৰৰ বাবে থকা হেঁচাসমূহৰ সেও মানিলেই আসন্ন আকালৰ পৰা আমি এই দুখীয়া ৰাজ্যখনত ৰক্ষা পৰিম। চাউলৰ ব্যৱসায় হাতলৈ অনা কাৰবাৰটো যদি বিফল হৈছে তাৰ মূল হেতু হৈছে উপযুক্ত নিয়ন্ত্ৰণ প্ৰণালীৰ অভাৱ। মূল্যৰ সৰ্বোচ্চ সীমা নিৰ্ধাৰণ, ব্যৱসায়সকলে চোৰাংভাৱে মজুত ৰখা খাদ্যবস্তু বাজেয়াপ্ত কৰিবৰ বাবে সক্ৰিয় কাৰ্যপন্থা হাতত লোৱা, আৰু আন্তঃমাণ্ডলিক সৰবৰাহৰ ওপৰত থকা বাধা-নিষেধসমূহ উঠাই লোৱা আদি পদক্ষেপ বৰ্তমানৰ পৰিস্থিতিৰ পৰিপূৰক হৈ উঠিব পাৰে।
উৎসঃ Economic and Political Weekly, Vol 10, No. 21 (May, 1975)