অনুবাদপ্ৰবন্ধ

মাৰ্ক্সবাদ আৰু অভিনয়কলা (মূল বাংলা: উৎপল দত্ত, অনুবাদ: বিদ্যুৎ দত্ত)

মোৰ আজিৰ আলোচনাৰ বিষয়টো হৈছে— মাৰ্ক্সবাদ আৰু অভিনয়কলা৷ বহুতে ভাবিব পাৰে যে মাৰ্ক্সবাদৰ সৈতে অভিনয়কলাৰ কি সম্পৰ্ক? মাৰ্ক্সবাদ হ’ল মূলতঃ সমাজ আৰু অৰ্থনীতি সম্পৰ্কীয় এক মতবাদ। ই অভিনয়ক আকৌ কেনেধৰণে প্ৰভাৱিত কৰিছে? কৰিছে। সমগ্ৰ পৃথিৱীতেই মাৰ্ক্সবাদে অভিনয়ৰ ক্ষেত্ৰত নতুন দিগন্তৰ উন্মোচন কৰিছে। মাৰ্ক্সবাদক বুজি উঠি যেতিয়া অভিনেতাসকলে অভিনয়ৰ ক্ষেত্ৰখনত আগবাঢ়িছে তেতিয়া তেওঁলোকে উপলব্ধি কৰিছে যে পূৰ্বতকৈ তেওঁলোকে ক্ৰমশঃ বহুগুণে ভাল অভিনয় কৰিব পৰা হৈ উঠিছে। কিহৰ ভি­ত্তিত, কেনেকৈ এইটো সম্ভৱ হৈছে— সেইটো আমি জনা উচিত; যাৰ বাবে পৃথিৱীৰ বহুকেইখন শ্ৰেষ্ঠ নাট্যবিদ্যালয়ত মাৰ্ক্সবাদ আজি অৱশ্যে পঠনীয়। মই কেৱল ছোভিয়েট ইউনিয়ন, পূৰ্ব ইউৰোপ বা চীনৰ কথা কোৱা নাই, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কথাও কৈছোঁ। ষ্টাণ্ডাৰ্ড বিশ্ববিদ্যালয়ত যি নাট্যশিক্ষাৰ কলেজ আছে তাতো মাৰ্ক্সবাদ পঢ়িব লাগে। যিসকল মাৰ্ক্সবাদী নহয় নাইবা মাৰ্ক্সবাদ-বিৰোধী তেওঁলোকেও লাহে লাহে ক্ৰমশঃ হৃদয়ঙ্গম কৰিছে যে মাৰ্ক্সবাদে এনেকুৱা কি দিছে যাৰ ফলত অভিনেতাসকলে আৰু ভাল অভিনয় কৰিবলৈ সক্ষম হৈছে। সেইবোৰক আয়ত্ত কৰাটো অৱশ্যে খুব কঠিন আৰু সেইটো এটা দীৰ্ঘ অনুশীলনৰ বিষয়। ই অধ্যয়ন আৰু চিন্তা-বিশ্লেষণৰ এক বিষয়। কাৰণ এইটো হৈছে মাৰ্ক্সবাদৰ দৰ্শনৰ এটা দিশ। মাৰ্ক্সবাদ মানে কেৱল অৰ্থনীতি বা ৰাজনীতি নহয়। মাৰ্ক্সবাদ, মাৰ্ক্সবাদী দৰ্শন হৈছে আধুনিক এক দৰ্শন, যাৰ পৰা এতিয়াও বহু কিবাকিবি আৱিষ্কাৰ হ’বলৈ বাকী আছে। কেৱল মাৰ্ক্সৰ নাম লোৱাটো ভুল হ’ব৷ হেগেল আৰু মাৰ্ক্স— এই দুগৰাকীয়ে মিলি যি দৰ্শন সৃষ্টি কৰিছিল, তাৰপাছত ইউৰোপত এতিয়াও আৰু তেনেধৰণৰ কোনো শক্তিশালী দৰ্শন সৃষ্টি হোৱা নাই। হয়তো এটা সময়ত ‘মাৰ্ক্সবাদৰ মৃত্যু হৈছে’ বুলি অনেকেই ক’ব খোজে; সকলোতকৈ বেছি চিঞৰ আহিছে মস্কোৰপৰা। কিন্তু তাত একো কথা নাই। মাৰ্ক্সবাদ কেতিয়াও মস্কোৰ ওপৰত নিৰ্ভৰশীল নাছিল। বৰং সি সমগ্ৰ পৃথিৱীৰ শ্ৰমিক শ্ৰেণীৰ ওপৰত নিৰ্ভৰশীল। প্ৰথমে গিৰ্জাৰ যি দৰ্শন আছিল, সেই দৰ্শন শতাব্দীৰ পাছত শতাব্দী ধৰি ইউৰোপৰ চিন্তাধাৰাৰ সকলোতকৈ অগ্ৰণী দৰ্শন আছিল। তাৰপাছৰ গুৰুত্বপূৰ্ণ আৰু সমগ্ৰ বিশ্বকে প্ৰভাৱিত কৰা দৰ্শনটো হৈছে­— হেগেল আৰু মাৰ্ক্সৰ দৰ্শন— যিটোক এক কথাত ‘দ্বন্দ্বমূলক বস্তুবাদ’ বুলি কোৱা হয়।
এতিয়া কথা হ’ল, এগৰাকী অভিনেতাই তাক নিজৰ কামৰ মাজত কিদৰে প্ৰয়োগ কৰিব? অভিনেতাজনে সেই সম্পৰ্কে জানিব লাগিব নেকি– যিয়ে তেওঁৰ অভিনয়ক সহায় কৰিব? মাৰ্ক্সবাদৰ দ্বন্দ্বৰ তত্ত্ব, যিটো ডায়েলেক্‌টিক্স— এইটো প্ৰয়োগ কৰি গ’লে অভিনেতাজনৰ প্ৰতিদিনেই ক্ৰমশঃ উত্তৰণ ঘটি আহিব। তেওঁ নিজৰ অভিনয় বা তেওঁ যি চৰিত্ৰত অভিনয় কৰিব সেই চৰিত্ৰৰ ওপৰত যদি সচেতনভাৱে ডায়েলেক্‌টিক্স প্ৰয়োগ কৰে, তেনেহ’লে তেওঁৰ অভিনয়ৰ উত্তৰণ ঘটিবই। এই বিষয়ে কোনো সন্দেহ নাই যে বহুদিনৰ পৰা বিখ্যাত বিখ্যাত অভিনেতাসকলে ডায়েলেক্‌টিক্স প্ৰয়োগ কৰি আহিছে— কিন্তু সচেতনভাৱে নহয়, সেইটো তেওঁলোকৰ মজ্জাগত আছিল। কোনো চৰিত্ৰক সন্মুখত ৰাখি তেওঁলোকে ডায়েলেক্‌টিক্স আৰু দ্বন্দ্বতত্ত্বক লৈ সেইটো বুজাৰ চেষ্টা কৰে। সেইবাবেই তেওঁলোক বিখ্যাত অভিনেতা হ’ব পাৰিছে। সমগ্ৰ পৃথিৱীতে, সেই গ্ৰীক শাসনকালৰপৰা আজিৰ সময় পৰ্যন্ত সেইটোৱেই হৈ আহিছে। কিন্তু তেওঁলোকে সচেতনভাৱে প্ৰয়োগ কৰা নাই। অভিনয় কৰাৰ সময়ত তেওঁলোকে এইবোৰ চিন্তা নকৰে। তেওঁলোকৰ মগজুলৈ প্ৰথমে যি আহে সেইমতেই অভিনয় কৰি যায়। কিন্তু আকস্মিকভাৱে তেওঁলোকে যিটো কৰি আহিছে সেইটোৱেই আচলতে ডায়লেক্‌টিকেল, অৰ্থাৎ মাৰ্ক্সবাদী দ্বন্দ্ববাদত সেইটোৱেই শুদ্ধ। সেইদৰেই কৰা উচিত। অৰ্থাৎ মাৰ্ক্সবাদে প্ৰথমে পৃথিৱীক ক’লে যে, এখন নাটক যে লিখা হৈছে আৰু সেই নাটকৰ বিষয়বস্তুৰ বাহিৰেও নিশ্চয়ে এটা শ্ৰেণীৰ প্ৰশ্ন আছে। সেইটো কোন শ্ৰেণীৰ? কোন শ্ৰেণীৰ পক্ষত বা কোন শ্ৰেণীৰ বিপক্ষত সেই নাটকখন পঢ়িলেই বুজি পোৱা যায়। মাৰ্ক্সবাদে আৰু চমুকৈ কয় যে, কেৱল নাটকৰ বিষয়বস্তুৱেই নহয়; নাটকৰ ফৰ্ম, আঙ্গিকৰ ক্ষেত্ৰত, আঙ্গিকটোও এটা শ্ৰেণীগত প্ৰশ্ন। আমি কিদৰে অভিনয় কৰিম, কিদৰে মঞ্চ সজাম, কিদৰে আলোকসম্পাত কৰিম– তাৰ ভিতৰতো লুকাই আছে আমাৰ শ্ৰেণীগত অৱস্থান, শ্ৰেণীগত দৃষ্টিভংগী। আমি কোন শ্ৰেণীৰ মানুহ, কোন শ্ৰেণীৰ পক্ষত, কোন শ্ৰেণীৰ বিপক্ষত সেইটো আমাৰ প্ৰযোজন দেখিয়েই বুজা যাব। সেইটো আমাৰ অভিনয়ৰ ধৰণ দেখিয়েই বুজা যাব।
যেতিয়া মাৰ্ক্সবাদীসকলে প্ৰথমে এইধৰণৰ কথা ক’বলৈ আৰম্ভ কৰিলে, সেই ১৮৪৪ চনৰ পাছৰ পৰা, তেতিয়া অনেকেই এইবোৰ কথা মানি লোৱা নাছিল। ধূৰ, আমি কিদৰে অভিনয় কৰিম, আমি টুপিটো পেলাই সেইফালে যাম নেকি, কথা কৈ এবাৰ পিছলৈ যাম নেকি, কথাবোৰ কোন ফালৰ পৰা ক’ম– তাৰ মাজত শ্ৰেণীগত প্ৰশ্ন আহিল ক’ৰ পৰা?
আছে, কমৰেড, আমি যদি ভালকৈ চিন্তা কৰোঁ তেতিয়া দেখিম যে নিশ্চয় তাৰ মাজত শ্ৰেণীগত প্ৰশ্ন আছে। নাটকৰ বিষয়বস্তুতেই অৱশ্যে শ্ৰেণীগত বৈশিষ্ট্যটো বুজিব পৰা যায়। নাটক এখন পঢ়িলে বুজা যায়, এইটো কোন শ্ৰেণীৰ পক্ষত নাইবা কোন শ্ৰেণীৰ বিপক্ষত লেখা। কিন্তু, কেৱল সেইটোৱেই নহয়, কিধৰণে মঞ্চসজ্জা হৈছে, কিধৰণৰ আলোকসম্পাত হৈছে, আৰু অভিনয়ৰ কৌশলটো কি লৈছে তাৰ পৰাও বুজা যায় ই কোন শ্ৰেণীৰ পক্ষত আৰু কোন শ্ৰেণীৰ বিপক্ষত। মাৰ্ক্সবাদীসকলে বুজাব ধৰিলে যে, চোৱা শ্বেইক্সপীয়েৰেও এইধৰণৰ নাটক লিখিছিল, অভিনয় কৰিছিল। কিন্তু তাৰ পাছত ইমান বিশাল পৰিৱৰ্তন কেনেকৈ? আমি যেতিয়া বাৰ্নাৰ্ড শ্ব, ইবছেন আদিৰ যুগত আহি পাইছোঁ তেতিয়া দেখোঁ নাটকৰ উদ্দেশ্য সম্পূৰ্ণ সলনি হৈ গৈছে। নাটকৰ মূল যি উদ্দেশ্য সিয়েই সলনি হৈ গৈছে। পূৰ্বতে শ্বেইক্সপীয়েৰ আৰু অন্যান্যসকলে যি উদ্দেশ্য লৈ নাটক ৰচনা কৰিছিল– শ্ব, ইবছেনৰ সময়ত সেই উদ্দেশ্যৰ সলনি অন্য উদ্দেশ্যত নাটক লিখা হ’ল। কেৱল নাটকৰ উদ্দেশ্যই নহয়, সমান্তৰালভাৱে মঞ্চসজ্জাও সম্পূৰ্ণৰূপে সলনি হৈ গৈছে। ইয়াৰ কাৰণটো কি? এইটোৰ অনুসন্ধান কৰি কৰি তেওঁলোক এই সিদ্ধান্তত উপনীত হৈছে যে, শ্বেইক্সপীয়েৰো নিশ্চয় বাস্তৱবাদীয়েই আছিল, তেওঁতো আৰু আকাশৰ পৰীক লৈ নাটক লিখা নাছিল। তেওঁ মানুহক লৈয়েই লিখিছিল। আকৌ, ইবছেন, বাৰ্নাৰ্ড শ্ব, তেওঁলোকেও তেওঁলোকৰ সমসাময়িক সমাজক লৈয়েই লিখিছিল। কিন্তু সমাজখন এনেধৰণে সলনি হৈ গৈছে যে নাটকৰ বিষয়বস্তু আৰু আঙ্গিক— দুয়োটাই ওলোটা হৈ গৈছে। বিখ্যাত বিখ্যাত পণ্ডিতসকলে তাৰ নাম দিছে শ্বেইক্সপীয়েৰ পৰ্যন্ত হৈছে ধ্ৰুপদী বাস্তৱতা অথবা ক্লাছিকেল ৰিয়েলিজম।
যেতিয়া সমগ্ৰ পৃথিৱীতেই পুঁজিপতিসকল বা বুৰ্জোৱাসকল প্ৰায় সম্পূৰ্ণৰূপে ক্ষমতাত অধিষ্ঠিত তেতিয়া তেওঁলোকৰ প্ৰয়োজনত নতুন নাটক লিখা যিদৰে আৰম্ভ হ’ল, ঠিক তেতিয়াৰ পৰাই নাটকৰ আঙ্গিকটোও সলনি হৈ যাবলৈ ধৰিলে। প্ৰধান পাৰ্থক্যটো ক’ত আপোনালোকে ভালদৰে চাওক– নিশ্চয় আপোনালোকে পঢ়া-শুনা কৰে আৰু শ্বেইক্সপীয়েৰৰ নাটকো নিশ্চয় পঢ়িছে। শ্বেইক্সপীয়েৰৰ নাটক নপঢ়াকৈ কোনোবা অভিনয়ত নমাৰ কথাটো এক বাতুলতা মাথোন। শ্বেইক্সপীয়েৰৰ নাটকত মঞ্চসজ্জাই ক’তো বুজাবলগীয়া হোৱা নাই যে ই কোন ঠাই বা এতিয়া দিন নে ৰাতি। অৰ্থাৎ এইবোৰ একো বুজোৱাৰ প্ৰয়োজন নাছিল। মনত ৰাখিব, তেতিয়া অভিনয় হৈছিল একেটা মঞ্চতেই, মঞ্চসজ্জা বুলি বিশেষ একো নাছিল। পাথৰৰ চৌহদৰ মাজত অভিনয় হৈছিল আৰু যিকোনো নাটকেই হওক বা তাৰ যিকোনো দৃশ্যই হওক– অনুৰূপ মঞ্চসজ্জা সকলো সময়তে দৰ্শকৰ সন্মুখত। বহুতো ডাঙৰ আৰু বিশাল ঠাই। আৰু সেই ঠাইৰ তিনিওফালেই দৰ্শক থিয় হৈ আছে– ওচৰতো আৰু দুয়োফালেও। দৰ্শকে থিয় হৈ চায়, দৰ্শকৰ বহাৰ ব্যৱস্থা নাই। দৰ্শকৰ বহাৰ ব্যৱস্থা আছে প্ৰেক্ষাগৃহৰ পিছফাললৈ আৰু পাছফালে বক্স (বাকচ)ৰ দৰে কৰা আছে। তাত কেৱল ডাঙৰ (আভিজাত্যৰ অৰ্থত) মানুহবোৰহে বহে। আৰু সমস্ত দৰিদ্ৰ মানুহে থিয় হৈয়েই নাটক উপভোগ কৰে। শ্বেইক্সপীয়েৰৰ কোনো নাটকেই তিনি ঘণ্টাৰ কম নহয়। পাঁচ ঘণ্টাৰ নাটকো আছে। হেমলেট, আণ্টনি ক্লিওপেট্ৰা আছে। ভাবি চাওক, পাঁচ ঘণ্টা ধৰি থিয় হৈ দৰ্শকে নাটক চালে। সেইধৰণৰ নাটকত, সেইদৰে দৰ্শকৰ মনোযোগ ধৰি ৰখা খুব কঠিন।
সেইবাবে শ্বেইক্সপীয়েৰৰ নাটকত এনেকুৱা ঘন ঘন তৰোৱালৰ খেলা হয়। মাজে মাজে ভূতৰ আগমন ঘটে, ডাকিনী আহে। আৰু ইয়াত হত্যা সংঘটিত হয়, মৃতদেহ পৰি ৰয় ৰঙ্গমঞ্চৰ ওপৰতে। সেয়া নহ’লে পাঁচ ঘণ্টা ধৰি তেওঁলোকৰ মনোযোগ আকৰ্ষণ কৰাৰ অন্য কি উপায় আছে নাট্যকাৰৰ? একো নাই। কিন্তু ই হ’ল ধ্ৰুপদী বাস্তৱতা।
বুৰ্জোৱা বাস্তৱতা ইয়াৰ একেবাৰে ওলোটা। একেবাৰে অন্য থিয়েটাৰ। এতিয়া দৰিদ্ৰ মানুহৰ থিয়েটাৰত প্ৰৱেশ কৰাটো বাৰণ হৈ গ’ল। কিয়নো টিকটৰ দাম ইমান অসম্ভৱ বেছি হৈ গ’ল যে প্ৰথমেই ইউৰোপৰ শ্ৰমিক শ্ৰেণীয়ে থিয়েটাৰলৈ যোৱাটো বন্ধ কৰিবলৈ বাধ্য হ’ল। দ্বিতীয়তে, তাত নিৰ্দিষ্ট নীতি বান্ধি দি কোৱা হ’ল যে সান্ধ্য পোছাক অবিহনে কাকো থিয়েটাৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। যিহেতু ইউৰোপৰ শ্ৰমিক শ্ৰেণীৰ সান্ধ্য পোছাক নাই, সেইবাবে যিসকলে সেই পোছাক পিন্ধি নাহিব তেওঁলোকক তাত প্ৰৱেশ কৰাটো নিষিদ্ধ কৰি দিয়া হ’ল। বৰঞ্চ বুৰ্জোৱা নাটকত বুৰ্জোৱা দৰ্শক শ্ৰেণীৰ বাহিৰে আৰু কাকো সেই থিয়েটাৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ল। পূৰ্বতে আছিল সকলোতকৈ সস্তা ছিটবোৰ মঞ্চৰ একেবাৰে সন্মুখত। শ্বেইক্সপীয়েৰৰ নাটকত সকলোতকৈ আগতে যিসকল সোমাইছিল তেওঁলোকে সকলোতকৈ আগত থিয় হৈ নাটক চাব পাৰিছিল। বুৰ্জোৱা নাটকত এই নতুন ৰীতি প্ৰৱৰ্তিত হ’ল যে যিসকলে সস্তীয়া টিকট ক্ৰয় কৰিব তেওঁলোকক আটাইতকৈ পাছফালে আসন দিয়া হ’ব। যিসকলে বেছি মূল্যৰে টিকট ক্ৰয় কৰে তেওঁলোকক মঞ্চৰ সন্মুখৰ পৰা আগফালে বহাৰ সুযোগ দিয়া হ’ল। অৰ্থাৎ তেনেকৈয়ে সমাজৰ আভিজাত্যশীল বা ধনী লোকসকলে [বুৰ্জোৱা] থিয়েটাৰ দখল কৰিলেগৈ। তেওঁলোকে সকলোতকৈ আগত বহি নাটক উপভোগ কৰিছে, অভিনেতাৰ সৈতে তেওঁলোকৰ যোগাযোগ সকলোতকৈ বেছি।
ধূমপান বাৰণ হ’ল থিয়েটাৰত– প্ৰেক্ষাগৃহত ধূমপান বাৰণ। এইটো শ্বেইক্সপীয়েৰৰ দিনত কোনেও চিন্তা কৰা নাছিল। ধূমপান কি, সেইসময়ত মদ্যপানো কৰি গৈছিল দৰ্শকসকলে। এতিয়া এই সকলো বাৰণ কৰা হৈছে। যেন গিৰ্জাতহে আহি বহিছেহি– এনে এক গুৰুগম্ভীৰ, কৃত্ৰিম আৱহাৱা সৃষ্টি কৰা হ’ল।
যেতিয়া ৰঙ্গমঞ্চ এইধৰণে সজোৱা হ’ল তেতিয়াই নাটকৰ যি চৰিত্ৰৰ আৰম্ভণি ঘটিল, নাটকৰ শেষলৈ সেই চৰিত্ৰ অব্যাহত থাকিল। এই কথাটোৰ আৱিষ্কাৰ হ’ল যে, চৰিত্ৰ কি? ই কি নাটকৰ নায়ক? নে নাটকৰ খলনায়ক? মাৰ্ক্সবাদে আমাক শিকালে যে মানুহ নায়কো নহয়, খলনায়কো নহয়। মানুহ হৈছে মানুহ। এটা বিশেষ অৱস্থাত তেওঁ নায়ক হয় আকৌ আন এটা বিশেষ অৱস্থাত তেওঁ খলনায়ক হয়। কোনজন নায়ক আৰু কোনজন খলনায়ক এতিয়াও সেই কথাটো ক’ব নোৱাৰি। পণ্ডিতসকলৰ মাজত এতিয়াও তৰ্ক হয়। ‘জুলিয়াছ ছিজাৰ’ নাটকখনতো সকলোতকৈ সহজ নাটক। তেনেহ’লে কোন ইয়াৰ নায়ক? নাটকৰ নাম জুলিয়াছ ছিজাৰ, কিন্তু তেওঁ নায়ক হ’ব পৰা নাই। কাৰণ তৃতীয় অঙ্কৰ প্ৰথম দৃশ্যতে তেওঁৰ মৃত্যু হৈছে। তাৰপাছত নাটকখন আৰু দুই অঙ্ক চলিছে। এতিয়া ব্ৰুটাছ এই নাটকৰ নায়ক নে মাৰ্ক এণ্টনি এই নাটকৰ নায়ক সেইকথা কোনেও ক’ব পৰা নাই।
এতিয়া, এই যে সৰু ৰঙ্গমঞ্চ সজোৱা হৈছে আৰু আমি সদায় যিটো ঘৰ দেখি আহিছোঁ সেই ঘৰটো সাজি দিছে, একেবাৰে হুবহু সাজি উলিয়াইছে, এনেকুৱা এখন ঠাইত যি ঘটনা ঘটিছিল, কছাইখানাৰ এটা দৃশ্য দেখুৱাৰ বাবে আটাইবোৰ গৰু কাটি সেইবোৰ ওলমাই ৰাখিছিল– সেয়া বাস্তৱতা। শ্বেইক্সপীয়েৰৰ নাটকতো কিন্তু কছাই আছিল, কিন্তু দোকান নাছিল। কাৰণ শ্বেইক্সপীয়েৰে ভালদৰেই জানে যে তেওঁ কছাইক আনিছে কছাই বুলিবলৈ নহয়, কি কাম কৰে সেইটো তেওঁৰ বাবে গুৰুত্বহীন। কিন্তু এতিয়া সেয়া নহয়। বুৰ্জোৱা থিয়েটাৰত কোনে কি কৰ্ম কৰে সেইটো খুব গুৰুত্বপূৰ্ণ কথা।
এতিয়া মানুহক এইধৰণে এটা লেবেল মাৰি দিয়া হৈছে যে যিটো শ্বেইক্সপীয়েৰে কেতিয়াও কৰা নাছিল। তেওঁ জানিছিল, মানুহক এইধৰণে লেবেল মৰাটো উচিত নহয়, মানুহ তাতকৈ অধিক বেছি জটিল, বহু বেছি আৱেগপ্ৰৱণ এটা জীৱ, যাৰ কথাবাৰ্তা, আচৰণৰ লজিক কেতিয়াও বুজিব নোৱাৰি। বহুসময়ত দেখিব, আমাৰ নাট্যসমালোচকসকলে লিখিছে– চৰিত্ৰটোৰ লজিক নাই। আৰে, লজিকটো মানুহৰেই নাই। মানুহৰ লজিক থকা হ’লে আজি ছোভিয়েট ইউনিয়নৰ লোকসকলে ক’ব পাৰিলেহেঁতেন যে কমিউনিষ্ট পাৰ্টিৰ আৰু প্ৰয়োজন নাই? কৈছে জানো? তেন্তে তাত আপোনালোকে লজিক বিচাৰিবলৈ বহিব? মানুহৰ লজিক নাথাকে। মানুহৰ আচৰণতো লজিক নাথাকে। সমাজৰ পৰিৱৰ্তন নহয়, মানুহৰ কোনো পৰিৱৰ্তন নহয়, মানুহ চিৰদিন একেধৰণেই থাকে– এইধৰণৰ ব্যাখ্যা কৰা হৈছে। নাটকৰ চৰিত্ৰতো এইধৰণৰ লেবেল মৰা হৈছে।
তেনে এক অৱস্থাতে মাৰ্ক্সবাদে আমাৰ ওচৰলৈ আহি বুজাই দিলে যে এই বুৰ্জোৱা নাটকে বৰ্তমান সমগ্ৰ পৃথিৱীৰ নাট্যশালাক দমন কৰি ৰাখিছে। ইয়াক যদি আঁতৰাই পঠাব পৰা নাযায়, এক আধুনিক শক্তিৰ সৈতে যদি ইয়াক জড়িত কৰিব পৰা নাযায়, তেনেহ’লে তাক এক পূৰ্ণ শক্তিলৈ আত্মপ্ৰকাশ কৰাব পৰা নাযাব। গ্ৰীক থিয়েটাৰত বা শ্বেইক্সপীয়েৰৰ সময়ত থিয়েটাৰৰ যিটো দৃঢ় শক্তি আছিল সেইটো পৰৱৰ্তীকালত হেৰাই গ’ল। এইবাৰ আহ্বান আহিল, থিয়েটাৰৰ এই বুৰ্জোৱা আৰ্ট এৰা, নতুন থিয়েটাৰে তাৰ নিজস্ব পথত আগুৱাই থাকিব, আৰু সি অমৃতশক্তিৰ জন্ম দিব। যিসকল মাৰ্ক্সবাদী নাট্যপৰিচালক, অভিনেতা তেওঁলোকেই সৰ্বপ্ৰথমে আমাৰ সন্মুখত দেখুৱাই দিলে যে অভিনয় প্ৰক্ৰিয়াটো হৈছে ডায়েলেক্টিকেল– যি ডায়েলেক্টিকেলৰ ওপৰত মাৰ্ক্সবাদ থিয় হৈ আছে, দ্বন্দ্ববাদ। প্ৰতি মুহূৰ্ততে অভিনেতাসকলে কিমান দ্বন্দ্বৰ মুখামুখি হ’বলগীয়া হয়, আৰু সেই দ্বন্দ্বক অতিক্ৰম কৰাৰ নামেই হৈছে অভিনয়। যিদৰে ধৰা হয় জনা কথা কিছুমানকে অভিনয়ৰ বাবে অভিনেতাজনে ভালকৈ মুখস্থ কৰিব লাগে। ৰঙ্গমঞ্চত সেইবোৰ মুখস্থকৈ ক’ব লাগে। কিন্তু প্ৰতিদিনেই তাক এনেধৰণে ক’ব লাগিব যে জীৱনত আগতে কেতিয়াও যেন এইবোৰ কথা শুনা নাই। প্ৰতি মুহূৰ্ততে প্ৰত্যেকটো কথাই যেন স্বতঃস্ফূৰ্তভাৱে তেওঁৰ মনত পৰিছে, তেওঁ যেন প্ৰথমবাৰৰ বাবে এনেধৰণে কৈছে। তাকেই অভিনয় বোলা হয়। আন লেখকে লিখা কথাবোৰ আমি এনেকৈ ক’ব লাগিব যে, সেয়া যেন আমাৰ কথা, আমাৰ নিজৰ মনৰ কথা। প্ৰতি মুহূৰ্ততে সেইটো উপলব্ধি কৰিব লাগিব, অন্য লোকক বুজাব লাগিব, কাৰ চৰিত্ৰ আমি? কিন্তু এনেদৰে সংলাপ উচ্চাৰণ কৰিব লাগিব যেন সেইবোৰ আমাৰ কথা। দ্বন্দ্ব, প্ৰতি মুহূৰ্ততে দ্বন্দ্ব।

(উক্ত প্ৰবন্ধটো উৎপল দত্তৰ বিষয় থিয়েটাৰ গ্ৰন্থৰপৰা লোৱা হৈছে)

Leave a Reply

Your email address will not be published. Required fields are marked *