নিবন্ধবিজ্ঞান-প্ৰযুক্তি

জীৱাশ্ম-সন্ধানী মেৰি এনিং ।। ড০ অদিতি বেজবৰুৱা

মুক্ত চিন্তা। একাদশ বছৰ।। ১ম সংখ্যা

ইংলেণ্ডৰ এখন সৰু চহৰ। ১৮০০ চনৰ আগষ্ট মাহৰ এটা ৰৌদ্রোজ্জ্বল দিন। জহকালিৰ উমাল বতৰ উপভোগ কৰি নগৰখনৰ মানুহবোৰ ব্যস্ত আছিল এখন মেলাত। হঠাৎ ক’লা মেঘে আকাশ ছানি ধৰিলে। ধুমুহা, বৰষুণ আৰু গাজনিয়ে মানুহক ভীতিগ্রস্ত কৰি তুলিলে। মানুহবোৰে আশ্রয় বিচাৰি যেনি তেনি পলাবলৈ ধৰিলে। এলিজাবেথ হাছকিংছ নামৰ মহিলাগৰাকীয়ে তেওঁক দুগৰাকী লগৰীয়াৰ সৈতে মেলা অনুষ্ঠিত হোৱা পথাৰখনৰ কাষৰ এজোপা এলম (দেৱদাৰু জাতীয় গছ) গছৰ তলত আশ্রয় ল’লে। এলিজাবেথৰ কোলাত আছিল পোন্ধৰমহীয়া কেঁচুৱা এটি। তেওঁ ওচৰচুবুৰীয়াৰ মৰম লগা ছোৱালীজনী লগত লৈ আছিল। হঠাৎ বজ্রপাত পৰি এলিজাবেথ আৰু তেওঁৰ লগৰ তিৰোতা দুগৰাকীৰ মৃত্যু হ’ল। কিন্তু আচৰিতভাৱে এলিজাবেথৰ কোলাত থকা অকণমান ছোৱালীজনী বাচি গ’ল। সেই অকণমান ছোৱালীজনীয়েই আছিল মেৰি এনিং। জীৱিকাৰ কাৰণে জীৱাশ্ম বিচৰাৰ কাম কৰা এই গৰাকী মহিলাৰ জীৱনক বিপদ-বিঘিনিৰ ধুমুহাই বাৰে বাৰে বিধ্বস্ত কৰিছিল। কিন্তু সেই সকলো অতিক্ৰম কৰি তেওঁ নিজৰ কৰ্মেৰে বিজ্ঞানৰ জগতখনত এক সুকীয়া স্থান অধিকাৰ কৰিবলৈ সক্ষম হ’ল। ওঠৰ শতিকাৰ শেষৰ বছৰটোত ইংলেণ্ডৰ লাইম ৰেজিছ নামৰ চহৰত মেৰি এনিঙৰ জন্ম হৈছিল। লাইম ৰেজিছ চহৰখন ইংলিছ প্ৰণালীৰ উপকূলৰ লাইম উপসাগৰৰ কাষত অৱস্থিত। এই অঞ্চলৰ সাগৰ তীৰ আৰু শিলৰ গৰাসমূহ ইয়াত উপলদ্ধ হোৱা জীৱাশ্মৰ কাৰণে বিখ্যাত আছিল। মেৰিৰ দেউতাক ৰিছাৰ্ড এজন দুখীয়া কাঠমিস্ত্রী আছিল। ৰিছাৰ্ড আৰু তেওঁৰ পত্নী মলিৰ দহোটা ল’ৰা-ছোৱালী আছিল যদিও পিছলৈ তাৰ দুটাহে বাচি থাকিল মেৰি আৰু জ’ছেফ। ইমানবোৰ ল’ৰা-ছোৱালীৰ সৰুতেই মৃত্যু হোৱাটো অৱশ্যে সেই সময়ত অস্বাভাৱিক কথা নাছিল। কাৰণ ১৯ শতিকাত ইংলেণ্ডত জন্ম হোৱা ল’ৰা-ছোৱালীৰ আধাখিনিৰ পাঁচবছৰৰ আগতেই মৃত্যু হৈছিল। তাতে সেই সময়ত লাইম ৰেজিছত জীৱন ধাৰণৰ অৱস্থাও সিমান ভাল নাছিল। তাত ভালেমান শিশুৰ বৰ আই (স্মল পক্স) আৰু সৰু আই (মিজলছ) হৈ মৃত্যু হোৱাটো সাধাৰণ কথা আছিল। যি কি নহওক ৰিছাৰ্ড আৰু মলিৰ সংসাৰখন একেবাৰে স্বচ্ছল নাছিল। খাটি খোৱা বিছার্ডে সংসাৰৰ জোৰা মাৰিবৰ কাৰণে আজৰি পৰত সাগৰৰ পাৰত ভ্ৰমণকাৰীসকলক ছুভেনিৰ (স্মৃতিচিহ্ন) বিক্ৰী কৰি ফুৰিছিল। সাগৰৰ নিচেই পাৰতে থকা তেওঁলোকৰ ঘৰটোৰ সন্মুখতো মেজ এখনত এনে বস্তু ৰাখি বেচিছিল। তেওঁ বেচা দ্রব্যবোৰৰ ভিতৰত মানুহে আটাইতকৈ বেছিকৈ বিচৰা বস্তুটো আছিল জীৱাশ্ম‌। জীৱাশ্ম হৈছে ভূ-গৰ্ভত পোত গৈ থকা এতিয়া শিলৰ নিচিনা টান হৈ পৰা প্ৰাগৈতিহাসিক যুগৰ উদ্ভিদ বা প্ৰাণীৰ দেহৰ অংশ, চিন বা সাঁচ‌।

লাইম ৰেজিছ বর্তমান বিশ্ব ঐতিহ্য ক্ষেত্ৰ জুৰাছিক উপকূলৰ অন্তৰ্গত। জুৰাছিক ঐতিহ্য ক্ষেত্ৰত ১৮৫ নিযুত বছৰৰ ভূতাত্ত্বিক ইতিহাস খোদিত হৈ আছে বুলি কোৱা হয়। উপকূলীয় খহনীয়াত উন্মোচিত হোৱা শিলৰ গঠনে ত্রিয়াছীয়, জুৰাছীয় আৰু ক্রিটোছীয় যুগৰ ধাৰাবাহিক স্বাক্ষৰ বহন কৰি আহিছে। বেলেগ বেলেগ সময়ত এই অঞ্চল মৰুভূমি, সাগৰ আৰু জলাহৰূপে আছিল আৰু ইয়াৰ অধিবাসী প্রাণীবোৰৰ জীৱাশ্মবোৰ গেদীয় শিলৰ মাজত সংৰক্ষিত হৈ থাকি গ’ল। এনিঙৰ দেউতাকে তেওঁলোকৰ গৃহ নগৰীখনৰ সাগৰৰ পাৰৰ পৰা, শিলৰ খাদৰ পৰা শামুকৰ খোলা, জীৱাশ্মৰ অংশ আদি বুটলি আনিছিল। যেতিয়া ধুমুহা আহিছিল বা সাগৰৰ বিশাল ঢৌবোৰে পাৰত কোবাইছিল, শিলবোৰ চটাচটে সাগৰত খহি পৰিছিল, লগে লগে যেন অঞ্চলটোৰ ইতিহাসহে উন্মোচন হৈ পৰিছিল। এনিঙৰ দেউতাকে ততালিকে তাত উপস্থিত হৈ জীৱাশ্ম সংগ্ৰহ কৰিছিল। মেৰি এনিঙেও দেউতাকৰ লগত এনেদৰে ফছিল বা জীৱাশ্ম বিচাৰি, শামুকৰ খোলা বুটলি সাগৰৰ পাৰে পাৰে ঘূৰি ফুৰিছিল।

ফৰাচী বিপ্লৱৰ পাছত ইংৰাজসকলে ইউৰোপৰ বিভিন্ন ঠাইত ফুৰিবলৈ যোৱাটো বিপদজনক বুলি গণ্য কৰিবলৈ ধৰিলে। ফলত সম্ভ্রান্ত আৰু ধনী লোকসকলেও ভ্ৰমণৰ আনন্দ লভিবলৈ লাইম ৰেজিছলৈ আহিবলৈ আৰম্ভ কৰিলে। গতিকে স্থানীয় লোকসকলে এনেদৰে এমনাইট (শামুকৰ জীৱাশ্ম), বেলেমনাইট (এতিয়া লুপ্ত হোৱা এবিধ শামুকৰ জীৱাশ্ম, শালগ্রাম বা সর্প শিলা) বা চয়তানৰ আঙুলি আদি সংগ্ৰহ কৰি বিক্ৰী কৰিছিল। এইবোৰৰ লগত ঔষধি গুণ আৰু কিছু ৰহস্য কথা সংযোগ কৰি এইবোৰৰ বিষয়ে মানুহক আগ্রহী কৰি তোলা হৈছিল। প্ৰথমতে এনেদৰে জীৱাশ্ম সংগ্ৰহ কৰাটো অৱসৰ বিনোদনৰ আহিলা আছিল যদিও পাছলৈ এইবোৰ ভূ-তাত্ত্বিক আৰু জীৱবিজ্ঞান সম্পর্কীয় গৱেষণাৰ বিষয় হৈ পৰিল। গতিকে পাছলৈ এই জীৱাশ্মবোৰৰ গুৰুত্ব বৃদ্ধি পালে।

সাগৰৰ পাৰে পাৰে দেউতাকৰ লগত জীৱাশ্ম বুটলি মেৰিয়ে বৰ আনন্দ পাইছিল। পিছে এদিন হঠাতে মেৰিহঁতৰ জীৱনৰ ছন্দপতন ঘটিল। এদিন নিশা এনেকৈ ফছিল বিচাৰি ফুৰোঁতে শিলত পিচলি গেদত সোমাই দেউতাকে আঘাত পালে। ভালে কিছু দিনৰ বাবে তেওঁ বিছনাত পৰিল। তেনেতে তেওঁ যক্ষ্মা ৰোগতো আক্রান্ত হ’ল। লাহে লাহে তেওঁৰ স্বাস্থ্য পৰি আহিল। ১৮১০ চনত মেৰিৰ এঘাৰ বছৰ বয়সত দেউতাকৰ মৃত্যু হ’ল। দেউতাকে তেওঁলোকৰ কাৰণে এৰি থৈ গৈছিল এসোপা ধাৰৰ বোজা। মাক মলিয়ে নিজৰ সামান্য সাঁচতীয়া ধন আৰু ঘৰৰ দুই এপদ বস্তু বেছি কিছু ধাৰ পৰিশোধ কৰিলে। সংসাৰ চলোৱাৰ দায়িত্ব আহি পৰিল এঘাৰ বছৰীয়া মেৰি আৰু ভাতৃ জ’ছেফৰ কান্ধত। দুয়ো সাগৰৰ গৰালৈ গৈ শামুকৰ খোলা আৰু সৰু সৰু জীৱাশ্ম সংগ্ৰহ কৰি ফুৰিবলৈ ধৰিলে। মেৰি স্কুললৈ যোৱা নাছিল। অৱশ্যে সেই সময়ত লাইম ৰেজিছত বেছিভাগ ছোৱালী আৰু মহিলাই পঢ়া-শুনা কৰা নাছিল। মেৰি অৱশ্যে গির্জাৰ দেওবৰীয়া স্কুললৈ গৈছিল। দৰিদ্ৰ লোকৰ শিক্ষাত গুৰুত্ব প্ৰদান কৰা তেওঁলোকৰ সেই দেওবৰীয়া শ্ৰেণীত তেওঁ লিখিবলৈ আৰু পঢ়িবলৈ শিকিছিল। তেওঁৰ হাতত এখন আলোচনী পৰিছিল য’ত তেওঁলোকৰ ধর্মযাজক জেমছ হুইটনে ভূতত্ত্বৰ নতুন বিজ্ঞান পঢ়িবলৈ ডিচেন্টাৰসকলক (খ্রিষ্টধৰ্মৰ এক বিদ্রোহী প্রশাখাৰ লোক। মেৰিহঁতো ডিচেণ্টাৰ আছিল) অনুৰোধ জনাইছিল। এই আলোচনীখন মেৰিৰ বৰ প্ৰিয় সম্পত্তি আছিল। এনেকৈয়ে তেওঁৰ ভূ-তত্ত্বৰ প্ৰতি আগ্ৰহ জন্মিছিল আৰু তেওঁ য’তেই কিতাপ পাইছিল তাতেই পঢ়িবলৈ ধৰিছিল। তদুপৰি দেউতাক ৰিছাৰ্ডৰ লগে লগে থাকি মেৰিয়ে জীবাশ্ম সম্পর্কীয় বহু কথাই শিকিছিল। মেৰি স্বভাৱতে কৌতুহলী, বুদ্ধিমতী, উদ্যমী আৰু প্ৰাণচঞ্চল আছিল। সৰুতে মেৰি হেনো অসুখীয়া আছিল। মানুহে কোৱা-কুই কৰিছিল যে বজ্ৰপাতৰ ঘটনাৰ পাছতহে মেৰি অধিক তজবজীয়া আৰু জীৱনীশক্তিৰে পূৰ্ণ হৈ পৰিছিল।

দেউতাকৰ মৃত্যুৰ পাছত এনিং আৰু তেওঁৰ ভাতৃ জ’ছেফে সাগৰৰ গৰালৈ গৈ খোলা আৰু সৰু সৰু জীৱাশ্ম সংগ্ৰহ কৰি ফুৰিছিল। ১৮১১ চনত এনিঙৰ ভাতৃ জ’ছেফে শিলত এখন মুখ লক্ষ্য কৰিলে। কেইসপ্তাহমানৰ পাছত এনিঙে এটা সৰু হাতুৰীৰে লাওখোলাটোৰ পৰা গেদবোৰ আঁতৰাবলৈ ধৰিলে। দিনৰ পিছত দিন এনেকৈ পৰিষ্কাৰ কৰাৰ অন্তত ওলাই পৰিল মূৰৰ খোলা, ৰাজহাড়, কামিহাড়, জকা আৰু ভৰি। সেইবোৰৰ মাজেৰে স্পষ্ট হৈ উঠিল এটা প্রকাণ্ড সোতৰ ফুট দীঘল প্রাণী। ইয়াৰ ‘জ’ অৰ্থাৎ দাঁতৰ পাৰি লাগি থকা হাড় দুযোৰ এটা প্রকাণ্ড ঘৰিয়ালৰ নিচিনা। দুটি শিশুৱে আৱিষ্কাৰ কৰিলে ইকথিয়াছৰ (Ichthyosaur) নামৰ অধুনালুপ্ত প্রাক ঐতিহাসিক সামুদ্রিক সৰীসৃপ বা মৎস্য সৰীসৃপৰ প্ৰথমটো জীৱাশ্ম। তেওঁলোকে এই মৎস্য সৰীসৃপৰ জীৱাশ্মটো ওচৰৰ অভিজাত ভূ-স্বামী এজনক ২৩ পাউণ্ডত বিক্ৰী কৰি দিলে। এইটোৱেই জীৱাশ্ম বিজ্ঞানলৈ এনিঙৰ প্ৰথম উল্লেখযোগ্য বৰঙনি আছিল। এইয়া অৱশ্যে তেওঁৰ বাবে এক দীঘলীয়া যাত্ৰাৰ আৰম্ভণিহে আছিল। অৱশ্যে লাইম ৰেজিছত এনেদৰে জীৱাশ্ম আৱিষ্কাৰ কৰা প্ৰথম ব্যক্তি তেওঁলোকেই নাছিল। স্থানীয় লোকসকলেও এনেকুৱা আচৰিত আকৃতিৰ হাড় আৰু জীৱাশ্মৰ অংশ অ’ত ত’ত পাইছিল। কিছুমানে এইবোৰ ভগৱানৰ বিভূষণ বা অলংকাৰ বুলি বিশ্বাস কৰিছিল। আন কিছুমানে আকৌ ভাবিছিল সেইবোৰ মহাপ্লাৱনৰ সময়ত নোৱাৰ নাওখনত থকা প্ৰাণীবোৰৰ জীৱাশ্ম অৱশিষ্ট।

এনিঙৰ কাৰণে এই জীৱাশ্ম বোটলাটো কেৱল ৰোজগাৰেই নাছিল, তেওঁৰ নিচাত পৰিণত হৈছিল। জ’ছেফে জীৱিকাৰ কাৰণে বেলেগ উপায় অৱলম্বন কৰাত এনিঙে তেওঁৰ মৰমৰ কুকুৰ ‘ট্রে’কে সাৰথি কৰি লাইম ৰেজিছৰ শিলৰ গৰাবোৰত জীৱাশ্মৰ সন্ধানত ঘূৰি ফুৰিবলৈ ধৰিলে। ভূমিস্খলন আৰু শিলৰ ভগা-ছিগা টুকুৰা আৰু গেদবোৰৰ মাজৰ পৰা বিচাৰি অনা শিল, খোলা আৰু হাড়বোৰেৰে তেওঁৰ, পথৰ কাষৰ দোকানখন ভৰি পৰিছিল। ১৮২৩ চনত তেওঁ প্লেছিঅ’ছৰ (Plesiosaur সাগৰীয় সর্পসিংহ, –  সাগৰীয় অতিকায় সৰীসৃপ) এটাৰ জীৱাশ্ম আৱিষ্কাৰ কৰিলে। ইয়াৰ পাঁচবছৰৰ পাছত টেৰ’ডেক্টিলাছ (pterodactylus) বুলি এতিয়া বিলুপ্ত হোৱা, প্রাচীন যুগৰ ডেউকা থকা কিন্তু পাখি নথকা উৰণক্ষম, দন্তবিশিষ্ট সৰীসৃপ এটাৰ জীৱাশ্ম বিচাৰি পালে। উৰণ দৈত্য নামেৰে জনাজাত এই প্রাণীটোৰ জীৱাশ্মৰ আৱিষ্কাৰে বিজ্ঞানীসকলক উপকৃত কৰিলে। ক’পলাইটছ (coprolites) বা বেজৰ শিল (bezoar stone) আৱিষ্কাৰৰ ক্ষেত্ৰত তেওঁৰ নিৰীক্ষণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। বেজৰ শিলবোৰ আঁচলতে জীৱজন্তুৰ পাকস্থলীত থাকি যোৱা খাদ্যৰ গোটা অথবা থেলথেলীয়া অৱশেষৰ জীৱাশ্ম। গতিকে এইবোৰে সেই প্রাণীবোৰৰ খাদ্য অথবা চিকাৰৰ ধৰণ সম্বন্ধে প্রত্যক্ষ প্রমাণ দাঙি ধৰে। তেঁৱেই আৱিষ্কাৰ কৰিছিল যে বেলেমনাইট বা শালগ্রাম শিলবোৰে (belemnite- এবিধ অধুনালুপ্ত শামুকৰ জীৱাশ্ম) আজিকালিৰ সাগৰীয় অক্টোপাছ, স্কুইড (দহবাহুযুক্ত সামুদ্রিক মস্তকপদী), নটিলাচ (চক্রাকাৰ শামুক)আদিত থকাৰ দৰে চিয়াঁহীৰ মোনা বা থলীৰ জীৱাশ্ম ধাৰণ কৰি আহিছে। অর্থাৎ এতিয়া বিলুপ্ত হোৱা এই শামুকৰ নিচিনা প্রাণীবোৰৰো নটিলাছ, স্কুইড আদিৰ দৰে দেহত চিয়াঁহীৰ মোনা আছিল। এনিঙৰ আৱিষ্কাৰবোৰৰ পৰা তেওঁ আমেৰিকা, ইউৰোপ আৰু বিট্ৰেইনৰ ভূ-তাত্ত্বিক ক্ষেত্ৰখনত এটা চিনাকী নাম হৈ পৰিছিল। জীৱাশ্ম সংগ্ৰহ আৰু জীৱদেহৰ অংগ-প্রত্যঙ্গ আৰু আভ্যন্তৰীণ অংগ সম্পর্কে বিভিন্নজনে তেওঁৰ লগত আলোচনা কৰিছিল। এনিঙৰ আৱিষ্কাৰসমূহৰ পৰা বিজ্ঞানীসকল অতিশয় উপকৃত হৈছিল। কিন্তু সামাজিকভাৱে নিম্নস্তৰৰ হোৱা আৰু বিশেষকৈ এগৰাকী মহিলা হোৱাৰ কাৰণে তেওঁৰ আৱিষ্কাৰবোৰক লৈ হোৱা তাত্ত্বিক আলোচনাত তেওঁক অন্তৰ্ভূক্ত কৰা হোৱা নাছিল। তেওঁৰ আৱিষ্কৃত জীৱাশ্মবোৰৰৰ বিষয়ে পত্রিকাত প্রকাশিত প্রবন্ধ আদিত তেওঁৰ নামটো সদায় বাদ দিয়া হৈছিল। এনিঙৰ পৃষ্ঠপোষকসকলে তেওঁৰ সংগ্ৰহৰ কাৰণে তেওঁক সামান্য বেতন দিয়াৰ ব্যৱস্থা কৰিছিল যদিও প্রকৃত লাভৰ পৰা তেওঁ বঞ্চিত হৈছিল। প্রশংসা, শলাগ আদি আনেহে পাইছিল। এনিঙৰ কাৰ্য্য আৰু সফলতাবোৰৰ বিষয়ে লাইম ৰেজিছৰ বাসিন্দাসকলো অৱগত বা সজাগ নাছিল। চুবুৰীয়াসকলেও তেওঁৰ কামৰ মোল বুজা নাছিল। তথাপি তেওঁ তেওঁৰ মৰমৰ কুকুৰ ‘ট্ৰে’ক লগত লৈ জীৱাশ্মৰ সন্ধানত অহৰ্নিশে ঘূৰি ফুৰিছিল। এবাৰ এনেকৈ যাওঁতে ভূমি স্খলনৰ শিল, বালি, গেদৰ দ’মৰ মাজত সোমাই ‘ট্ৰে’ৰ মৃত্যু হ’ল। মেৰিও সেই যাত্রাত কথমপিহে বাচিল। এবাৰ আকৌ সমুদ্ৰৰ নিচেই কাষতে থকা তেওঁলোকৰ ঘৰটো সাগৰীয় ধুমুহাৰ সময়ত পানীয়ে বুৰাই পেলাইছিল। তেওঁলোকে ওপৰ মহলাৰ শোৱনী কোঠা এটাৰ খিৰিকিয়েদি বগাই কোনোমতে ওলাই আহি প্রাণ ৰক্ষা কৰিছিল‌।

মেৰিয়ে সংগ্ৰহ কৰা জীবাশ্ম কিনিবলৈ সমগ্র ইউৰোপৰ পৰ্য্যটক আৰু ভূ-তত্ত্ববিদো আহিছিল। ১৮২৬ চনত ২৭ বছৰ বয়সত পইচা গোটাই তেওঁ দোকানৰ কাৰণে আইনাৰ খিৰিকী থকা ধুনীয়া ঘৰ এটা কিনিলে। দোকানৰ নাম দিলে এনিংছ ফছিল ডিপ’ আৰু সুদৃশ্যভাৱে দোকানখন সজাই পৰাই ল’লে। তেওঁৰ ব্যৱসায়ৰ গুৰুত্ব ইতিমধ্যে বাঢ়ি আহিছিল। তেওঁৰ এই নতুন দোকানখনৰ খবৰ স্থানীয় কাগজত সবিস্তাৰে প্ৰকাশ পাইছিল। দোকানত ৬ ফুট ডাঙৰ ইকথিয়ছৰৰ জঁকা এটা ক’লা মাটিৰ টুকুৰাত খোদিত কৰি থোৱা হৈছিল। ভূতত্ত্ববিদ উইলিয়াম ফিদাৰষ্টনহওৱে ১৮২৭ চনত নতুনকৈ খোলা নিউইয়ক লাইচিয়াম অৱ নেছাৰেল হিষ্টৰিৰ বাবে তেওঁৰ পৰা ভালেখিনি জীৱাশ্ম ক্ৰয় কৰিছিল। ১৮৪৪ চনত ছাক্সনীৰ ৰজা ফ্ৰেডৰিক অগষ্টাছ-২ এ তেওঁৰ প্ৰাকৃতিক ইতিহাস সংগ্ৰহৰ কাৰণে এনিঙৰ পৰা ইকথিয়ছৰ (এতিয়া বিলুপ্ত হোৱা এবিধ সামুদ্রিক সৰীসৃপ) এটাৰ জীৱাশ্ম কিনি নিছিল। ৰজাৰ চিকিৎসক আৰু সহায়ক কার্ল গুষ্টভ চাৰাছে তেওঁৰ টোকাবহীত এই সম্পর্কে লিখি থৈ গৈছে। এই জীৱাশ্মৰ কাৰণে তেওঁলোকে মূল্য হিচাপে কেৱল পোন্ধৰ পাউণ্ডহে দিছিল। কার্ল গুষ্টভে নিজৰ পকেট বুকখনত মেৰিৰ নাম আৰু ঠিকনা লিখি দিবলৈ কৈছিল। মেৰি এনিঙে কেৱল নামটো লিখি ঠিকনা নিলিখাকৈয়ে বহীখন ঘূৰাই দি কৈছিল, ‘মোক গোটেই ইউৰোপতে চিনি পায়।’ কেৱল ইউৰোপেই নহয় আমেৰিকাৰ পৰাও তেওঁৰ ওচৰলৈ বিভিন্ন জীৱাশ্ম সংগ্ৰহ কৰোঁতা আৰু ভূতত্ত্ববিদসকল আহিছিল।

ভূতত্ত্ববিদ হেনৰী বেকে প্রাগৈতিহাসিক জীৱনৰ চিত্ৰায়ণ কৰা, পৃথিৱী বিখ্যাত, পানী ৰঙেৰে অংকিত, ‘দুৰিয়া এণ্টিকুইৱৰ’ (Duria Antiquior) নামৰ ছবিখন মেৰি এনিঙৰ জীৱাশ্মবোৰৰ পুনৰ নিৰ্মাণ কৰিয়েই আঁকিছিল। এই বিখ্যাত ছবিখনৰ ছপা কৰা অনুকৃতি (print) বেচি সংগ্ৰহ কৰা ধন মেরি এনিঙক সাহায্য হিচাবে দিয়া হৈছিল। আজীৱন দৰিদ্ৰতাই চেপি ৰখা এইগৰাকী মহিলাই ঊনৈশ শতিকাৰ ব্রিটেইনত তেওঁ পাব লগা সন্মান নাপালে। মহিলা হোৱাৰ কাৰণে লণ্ডনৰ ভূ-তাত্ত্বিক সমাজৰ সদস্য হোৱাৰ পৰাও তেওঁক বঞ্চিত কৰা হৈছিল। তেওঁৰ জীৱনৰ একমাত্র বৈজ্ঞানিক প্ৰবন্ধটো ‘নেছাৰেল হিষ্টৰি’ আলোচনীত ১৮৩৯ চনত প্রকাশ পাইছিল। আচলতে সেইটো আলোচনীত প্ৰকাশিত কথাৰ বিষয়ে প্ৰশ্ন কৰি সম্পাদকলৈ লিখা চিঠিৰ অংশহে আছিল।

১৮৪৭ চনত স্তনৰ কৰ্কট ৰোগত ভুগি সাতচল্লিশ বছৰ বয়সত এনিঙৰ মৃত্যু হ’ল। কৰ্কট ৰোগত ভুগি থকাৰ সময়ত অসহ্য বিষৰ পৰা উপশম লভিবলৈ তেওঁ বিষৰ দৰৱ লডেলাম বেছি মাত্ৰাত সেৱন কৰিবলগীয়া হৈছিল। শেষ বছৰ কেইটামান অসুখৰ কাৰণে তেওঁ কাম কৰিব নোৱৰা হৈছিল। তেওঁ চুবুৰীয়াসকলে তেওঁ মদৰ ৰাগীত মাতাল হৈ থকা বুলিহে ভাবিছিল। তেওঁ ঢুকুৱাৰ বাৰ বছৰৰ পিছত চাৰ্লছ ডাৰউইনৰ বিখ্যাত গ্রন্থ ‘অৰিজিন অৱ স্পেচিছ’ প্রকাশ পায়। এনিঙৰ প্রাগৈতিহাসিক জীৱাশ্মৰ আৱিষ্কাৰসমূহে এই কিতাপখনক কিছু প্ৰভাৱিত কৰা বুলি বহুতে ক’ব খোজে। ২০১০ চনত তেওঁৰ মৃত্যু হয়। ১৬৩ বছৰৰ পাছত ৰয়েল ছ’চাইটিয়ে বিজ্ঞানৰ আটাইতকৈ বেছিকৈ প্রভাৱান্বিত কৰা দহগৰাকী ব্ৰিটিছ মহিলাৰ ভিতৰত এগৰাকী বুলি তেওঁক স্বীকৃতি দিলে।১৯০৮ চনত ৰচনা কৰা টেৰি ছুলিভানৰ বিখ্যাত গীত ‘she sells seashells on the sea shore’-ক তেওঁৰ জীৱন কাহিনী বুলি জনা যায়। তাৰপৰাই ইংৰাজী ভাষাত বহু প্রচলিত জিভা কেঁকুৰি (tongue-twister) ‘she sells seashells on the sea shore’ জনপ্রিয় হয়। ২০১৯ চনত তেওঁৰ সোঁৱৰণত লণ্ডনৰ নেছাৰেল হিষ্টৰি মিউজিয়ামত এটা বিশেষ প্রান্তীয় অঞ্চল বা উইং মুকলি কৰা হ’ল। তাত তেওঁৰ সংগ্ৰহসমূহ সুকীয়াকৈ প্ৰদৰ্শন কৰি ৰখাৰ ব্যৱস্থা কৰা হ’ল। এইবোৰে এতিয়াও প্ৰায় ২০০ বছৰৰ পাছতো দৰ্শকক সমানেই আকৰ্ষণ কৰে। চাৰ্লছ-ডিকেন্স সম্পাদিত ‘অল দি ইয়েৰ ৰাউণ্ড’ (All the year round) নামৰ জার্নেল এখনত মেৰি এনিঙৰ বিষয়ে এটা প্রবন্ধ প্রকাশ পাইছিল। এই প্ৰবন্ধৰ সামৰণি মৰা হৈছিল এটা বাক্যৰে-‘কাঠমিস্ত্ৰীৰ জীয়েকে নাম যশ অৰ্জন কৰিলে আৰু তেওঁ এই নাম যশৰ প্ৰকৃততে যোগ্য আছিল।’ হয়, সাগৰ তীৰত জীৱাশ্ম বেচা কাঠমিস্ত্ৰীৰ জীয়েকে পৃথিৱাৰ ইতিহাস আৰু প্রাগৈতিহাসিক জীৱ সম্পৰ্কে বৈজ্ঞানিক ধ্যান-ধাৰণাক প্ৰভাৱিত কৰি পৰিৱৰ্তন ঘটোৱাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ালে।

Leave a Reply

Your email address will not be published. Required fields are marked *