কাগজৰ গাড়ী ।। প্ৰিয়ম হাজৰিকা
মুক্ত চিন্তা ।। একাদশ বছৰ।। ১ম সংখ্যা
চুবুৰীটোৰ সৰু ল’ৰা-ছোৱালীমখাৰ ভিতৰত আটাইতকৈ সৰু আছিল তৰা। বয়স চাৰি বছৰ, কিন্তু মুখখন একেবাৰে লাও-পাত, কচু-পাত। সিহঁত মখাৰ লিডাৰ আছিল তৰাৰ ককায়েক জোন। বয়স ন বছৰ। বাকী লীনা, বিকি, বুলু, কুকি আৰু ৰাজহঁত জোনতকৈ সৰু। পিছে ইহঁতকেইটাই তৰাক এতিয়াও সিহঁতৰ দলটোৰ মানুহ হিচাপে আঁকোৱালি লোৱা নাই। তাই সিহঁতৰ খেলৰ নীতি-নিয়ম বুজিব পৰা হোৱা নাই। তাই থাকিলে সিহঁতৰ খেলৰ মজা নাইকিয়া হয়। তাই হেনো ভালদৰে লুকাবও নাজানে আৰু বাকীকেইটা লুকালে তাই সিহঁতক বিচাৰিবলৈ এৰি গোটেইকেইটাই তাইক এৰি ক’ৰবালৈ গুচি গ’ল বুলি ভেঁ-ভেঁকৈ কান্দিবলৈ ধৰে। আবেলি কি খেল খেলিব সেয়া সিহঁতে স্কুলতে ঠিক কৰে, পানী খোৱা ছুটীৰ সময়ত। আঢ়ৈ বজাত ছুটীৰ ঘণ্টা মৰাৰ লগে লগেই গোটেইকেইটা কোঁ-কোঁকৈ ঘৰমুৱা হয়। পিঠিত মানুহজনীতকৈও ডাঙৰ ককায়েকৰ এৰেহা চেফটি পিন মৰা বেগ এটা ওলমাই ‘ক’ শ্ৰেণীত পঢ়া তৰাও ককায়েকহঁতৰ পিছে পিছে লৰ মাৰে। “অ’ দাদা মোলে ৰ” বুলি বেগত হাতখন দি তাই পাৰে মানে দৌৰে। কাপোৰ-কানি সলাই মাকে যতনাই থোৱা ভাতকেইটা নাকে-কাণে গুজি গোটেইকেইটা নামঘৰৰ সন্মুখৰ ৰাজহুৱা পথাৰখনলৈ লৰ মাৰে। জোনক নঙলা মুখলৈ ওলোৱা দেখিলেই তৰাই টেটুফলা চিঞৰ মাৰে, “অ’ মা, দাদাই মোক এৰি থৈ গ’ল। মইও যাওঁ, মইও যাওঁ।” “ঘৰত মোৰ মূৰটোহে গৰম কৰিব। লৈ যাচোন এইজনীকো। তাইক এৰি য’ত ত’ত ঘূৰি নুফুৰিবি কিন্তু” বুলি মাকেও জোনক ভনীয়েকৰ দায়িত্ব দিয়ে। “হ’ব আহ আৰু” বুলি হুমুনিয়াহ এটা কাঢ়ি জোনে তৰাক লৈ যায়। সি আগে আগে, তাই পিছে পিছে। খঙত উগ্ৰসেনটো হৈ সি গোটেই বাটচোৱা এবাৰো পিছলৈও নাচায়।
সেইদিনা সিহঁত পথাৰখন পাইগৈ পাই মানে লীনা, বিকি, বুলু, কুকি আৰু ৰাজে খেলৰ নীতি-নিয়মৰ কথা আলোচনা কৰিবলৈ ল’লেই। স্কুলত থিৰাং কৰি অহাৰ মতেই সিহঁতে আজি লুকা-লুকি খেলিব। কালিলৈকে ধৰা-ধৰি খেলিছিল। তাৰ আগৰ সপ্তাহত আকৌ কাবাডী। কিন্তু একেটাকেনো কিমান খেলিব! সেইকাৰণে প্ৰতি সপ্তাহে সপ্তাহে বেলেগ বেলেগ খেল। বৰষুণ দিয়া কেইদিন কুকিৰ ঘৰত লুদু আৰু চোৰ-পুলিচ খেলে। পিছে ৰাজহুৱা পথাৰখনৰ ওচৰে-পাজৰে বলিন, লীনা, ৰাজীৱ দোকানী, শংকৰ দাদা, ৰূপালীখুৰীহঁতকে ধৰি ছয় ঘৰমান মানুহ আছে। কেনেবাকৈ ইহঁত ছয় ঘৰত লুকাবলৈ গ’লে ল’ৰা-ছোৱালীমখাইতো দূৰৰে কথা স্বয়ং যমে বিচাৰি থাকিলেও বিচাৰি নাপাব। সেয়ে সিহঁতে লুকোৱাৰ এটা সীমা বান্ধি ল’লে। এমূৰে নামঘৰটো, ইমূৰে গাঁৱৰ ঘাই আলিটো ; এফালে বলিনহঁতৰ ঘৰৰ নঙলামুখ আৰু আনফালে সিহঁতৰ স্কুলখনেই খেলৰ সীমা। কুকিয়ে কলে, “প্ৰথম কোনে বিচাৰিব ? মই কিন্তু লুকামহে।” “তই লুকাম বুলি ক’লেই নহ’ব নহয়! ৰহ, উকুলি-মুকুলি কৰিম, যাৰ ভাগত পৰে সিয়ে বিচাৰিব।” লীনাৰ কথা মতেই কাম। গোটেইকেইটাই ঘুৰণীয়াকৈ থিয় দিলে। লীনাই আৰম্ভ কৰিলে,
“উকুলি মুকুলি কুকুলি কাঁহী
আদৈ দৈ ডোমৰ দাঁহী
আম পাতে চাম চেলাই
পদুম পাতে সুঁহুৰিয়ায়।
কি কি চৰাই কি কি নাওঁ
সোণৰ চৰাই কথা কওঁ
বুঢ়ী মুজী কঁঠাল পাত
এইটোক এৰি সেইটোক কাট।”
বুলু ফচিল। সিয়ে বিচাৰিব লাগিব, বাকীবোৰ লুকাব। বুলুয়ে প্ৰথম যাক বিচাৰি পাব সি দ্বিতীয়বাৰ বিচাৰিব লাগিব। যাক একেবাৰে বিচাৰি নাপাব বা শেষত বিচাৰি পাব সিয়ে জিকিব। এইবুলি গোটেইকেইটা সেই ডোখৰৰপৰা ফালৰি কাটিলে। বুলুয়ে একৰপৰা বিছলৈ নেওঁতা মাতিবলৈ ধৰিলে। কুকি লুকাল নামঘৰৰ ফালে, ৰাজ আমগছৰ তলৰ ঢাপটোৰ তলতে দীঘল দি পৰিল, বিকি আৰু লীনা বলিনহঁতৰ ঘৰৰ সন্মুখত থকা ৰাজীৱৰ দোকানৰ পিছফালে গৈ লুকাল। বাকী থাকিল জোন আৰু তৰা। সিহঁতৰ স্কুলৰ পুথিভঁৰালটো পকী কৰিবলৈ এগাড়ী ইটা আনি পুৰণি পুথিভঁৰালটোৰ ওচৰতে জাপি থোৱা আছিল। জোনে তৰাক হাততে ধৰি ইটাখিনিৰ পিছফালে টানি নিলে। দুইটা তাতে বহি পৰিল। ইতিমধ্যে বুলুৰ বিছলৈকে নেওঁতাখন শেষ হ’ল। সি প্ৰথমে নামঘৰৰ ফালে চোঁচা ল’লে। নামঘৰৰ কাৰ্যালয়ৰ ওচৰতে মুখত সোপা দি বহি আছিল কুকি। কিন্তু বুলু অহা বুলি গম পাই তাই মেকুৰী খোজেৰে কাৰ্যালয়টোৰ পৰা আঁতৰি বাটচ’ৰাটোৰ ফালে লুকাল। তাত কাকো নাপাই বুলুয়ে এইবাৰ স্কুলৰ ফালে পোনালে। স্কুলৰ জেওৰাখন খুলি হেডছাৰৰ অফিচৰ ফালে যাবলৈ লওঁতেই ইটাৰ জাপৰ ইপিনৰপৰা তৰাই দিলে হাঁচি মাৰি। বিকট হাঁহি মাৰি একে জাপে বুলুয়ে আহি জোনৰ পিঠিত এঢকা দিলে। “নহ’ব, মোক এনেই ফচালি, তৰাক ধৰ, তাইক প্ৰথম দেখিছ। ” “কিন্তু এইফালৰ পৰা মই তোৰ পিঠিটোহে দেখি আছিলোঁ”, বুলুয়ে উত্তৰ দিলে। “ই….ক’লেই হ’ব নে, গেজু কৰিছ। এইজনীক আনিবই নালাগিছিল। খেলিব চেলিব নাজানে।” এইবুলি জোনে তৰাক ঠেলা মাৰি দিলে। একো তত ধৰিব নোৱাৰি তৰা লুটিখাই পৰিল আৰু ভেঁকৈ মুখখন মেলিবলৈ ধৰিলে। “কান্দি থাক” বুলি জোন তাৰপৰা আঁতৰি গ’ল। বুলুও গুচি গ’ল বাকীকেইটাক বিচাৰিবলৈ বুলি। কাৰো গুৰুত্ব নাপাই তৰাৰ চিঞৰ দুগুণ বাঢ়িল। কিন্তু এক মিনিটমানৰ পিছত তাই ক্ষান্ত হ’ল। মাটিৰপৰা উঠি স্কাৰ্টটো মোহাৰি তাই লাহে লাহে খোজ দিলে। স্কুলৰপৰা ওলাই তাই কুকিহঁতৰ ঘৰৰ মুখৰ ৰাস্তাটোৰ ফালে খোজ দিলে। তাই আজি ঘৰলৈ নাযায়, তাই জোনক বেয়া পায়। জোনৰ লগত তাই আৰু কেতিয়াও নেখেলে বুলি শপত খাই মুখ ওফোন্দাই তাই খোজ কাঢ়ি গৈ থাকিল। আমতল গাঁও পাৰ হৈ তাই ইতিমধ্যে বৰুৱা গাঁও পালেগৈ। তাইৰ খোজ থমকি নৰ’ল। একেটা বেগতে তাই গৈয়ে থাকিল। আন্ধাৰ হৈ আহিল। আন্ধাৰত ৰাস্তাটো নমনা যেন হওঁতেই সন্মুখৰপৰা স্কুটাৰ লৈ বলিন পেহা অফিচৰ পৰা আহিল। আন্ধাৰে মুন্ধাৰে অকণমানি ছোৱালী এজনীক অকলে দেখি তেওঁ স্কুটাৰ ৰখালে। ওচৰৰপৰা চাই দেখে যোগেনৰ জীয়েক। “তই অকলে অকলে ক’ত ঘূৰি ফুৰিছ, মাৰ বাপেৰ নাই নেকি ঘৰত ? বৰ দায়িত্বহীন মানুহ দেই! উঠ মোৰ লগত। নহ’লে কোনোবাই উঠাই লৈ গ’লে গম পাবি!” পেহাকৰ কঠোৰ মাতত তাই একে জাপে গৈ স্কুটাৰত বহিল আৰু মনে মনে মুখ তল কৰি গৈ থাকিল। ইতিমধ্যে জোনৰ পিঠিত মাধমাৰ পৰিছেই। যোগেনে চাইকেলখন উলিয়াই তৰাৰ সন্ধানত যাবলৈ লওঁতেই বলিনৰ স্কুটাৰত উঠি তৰা ঘৰত হাজিৰ হ’ল। “তহঁতে এইক অকলে কিয় এৰি দিয় ? জাননে তাই বৰুৱা গাঁৱৰ স্বাস্থ্য কেন্দ্ৰটোৰ ওচৰ পাইছিলগৈ। মই পালোঁ বুলিহে। নহ’লে আজি ছোৱালী ক’ত মৰিলগৈহেঁতেন ঠিকনা নাই।” পেহাকৰ কথাবোৰে যোগেনৰ মূৰত জ্বলি থকা জুইৰকুৰাত যেন ঘিঁউহে ঢালিলে। পিছদিনাৰপৰা সিহঁতৰ বাহিৰত খেলা বন্ধ। স্কুল ছুটীৰ পিছত পাঁচ মিনিটৰ ভিতৰত যদি সিহঁত ঘৰ নোসোমাই তেতিয়াহ’লে হালোৱা এচাৰিৰেহে সিহঁতক ঘৰত আদৰা হ’ব। যোগেনৰ কথা মতেই কাম। পিছদিনাৰপৰা দুয়ো স্কুল ছুটীৰ পিছত ক্ষন্তেকো পলম নকৰি লগালগ ঘৰলৈ দৌৰ দিয়া হ’ল। আবেলিৰ সময়ত জোনে এনেই ছবি আঁকি বা ঘৰৰ চৌহদৰ ভিতৰত ইটো-সিটো কৰি কটাবলৈ ল’লে। তৰাইও কামত ব্যস্ত মাকৰ পিছে পিছে লাটি-পুটি কৰি ফুৰিবলৈ ল’লে। লীনা, বিকি, বুলু, কুকি আৰু ৰাজ পথাৰত খেলিবলৈ বুলি লগ হয় যদিও সিহঁতৰো কোনোদিনে একো খেলা নহয়। জোন নাথাকিলে সিহঁতৰ নজমে। সেইকাৰণে সিহঁতেও ঘৰতে ইচাট-বিচাট কৰি কটাবলৈ ল’লে। পিছে বিকিয়ে কেতিয়াবা চহৰত পঢ়িবলৈ যোৱা তাৰ ককায়েকৰ পুৰণি চাইকেলখন হাফ পেডেল মাৰি মাৰি চলাই গাঁওখনতে এক চক্কৰ দিয়ে।
এনেদৰেই দিনবোৰ গৈ থাকিল। সিহঁতৰ বছৰেকীয়া পৰীক্ষা হৈ গ’ল। পৰীক্ষাৰ পিছত ঠাণ্ডাৰ বন্ধত বৰ ডাঙৰ বগা গাড়ী এখন লৈ ৰূপালী খুৰীহঁতৰ ঘৰলৈ আলহী আহিল। খুৰীৰ ককায়েকৰ পৰিয়াল হেনো। গুৱাহাটীত থাকে। তেওঁলোকৰ ল’ৰাটো জোনহঁতৰ সমবয়সীয়া। নাম পল। সৰু ল’ৰা-ছোৱালী নথকা ৰূপালী খুৰীহঁতৰ ঘৰত খেলিবলৈ লগ নাপাই পলে বৰ আমনি কৰিবলৈ ধৰিলে। তাকে দেখি খুৰীয়ে জোন, বিকিহঁতৰ গোটেই গেংটোক মাতি পঠালে, খেলিবৰ কাৰণে। ইতিমধ্যে তৰা হেৰোৱা ঘটনাটোৰ শাম কাটিছে। সেয়ে সিহঁতৰ খেলা-ধূলাত এতিয়া তেনেকৈ কোনোধৰণৰ বাধা নাই। পিছে পলৰ লগত সিহঁতৰ খেলবোৰ নিমিলিল। সি কিবা নাম নুশুনা আজব খেল কিছুমানৰ কথা ইহঁতক ক’লে, ইহঁতৰ দৰে দৌৰা-দৌৰি, কাবাডীও সি খেলিব নাজানে। সি তাৰ লগত অনা খেলা বস্তুৰ সম্ভাৰখন ইহঁতৰ আগত মেলি দিলে। ইহঁতে তবধ মানিলে। জোনে ক’লে সি বোলে দুৰ্গা পূজাৰ মেলাটো ইমানখিনি খেলা বস্তু একেলগে দেখি পোৱা নাই। গোটেই বস্তুবোৰৰ ভিতৰত সিহঁত আটাইৰে পছন্দৰ বস্তুটো আছিল পলৰ জে.চি.বি গাড়ীখন। ৰিমটত চুইচ টিপি দিলেই এইখন আগলৈ পিছলৈ যায়, আকৌ চুইচ টিপি দিলেই ইয়াৰ হাকোটাডাল মাটিত নামি যায়, সাইলাখ কুকিহঁতৰ ঘৰত পুখুৰী খন্দা জে.চি.বিখনৰ নিচিনা। সেইখন বোলে পলক দেউতাকে দিল্লীৰপৰা আনি দিছিল। “বৰ দামী চাগে দেই” বিকিয়ে বিভোৰ হৈ চাই চাই কয়। লীনা, কুকি আৰু তৰাৰ পিছে গাড়ীখনতকৈও চুইচ টিপিলে কথা কোৱা মেকুৰীটোহে বেছি পছন্দ হৈছিল। তৰাই থাপ মাৰি “এইটো মোক লাগে” বুলি আনিবলৈয়ে লৈছিল, ৰূপালী খুৰীয়ে বুজাই-বঢ়াই সান্তনা দিলে বুলিহে। ৰূপালী খুৰীৰ ঘৰৰপৰা উভতি আহোঁতে জোনে মাত লগালে “ঐ পলৰ দেউতাকে তাক ইমান ধুনীয়া ধুনীয়া বস্তু আনি দিছে। দেউতাকে কি কৰে অ’ ?” “মায়ে কৈছে তাৰ দেউতাকে বোলে কিবা তেলৰ কাম কৰে,” ৰাজে উত্তৰ দিলে। “মোৰ দেউতাইওচোন সৰিয়হ পেৰি মিঠাতেল বিক্ৰী কৰে।” জোনৰ কথাত হাঁহি হাঁহি বিকিয়ে কয়, “ধেৎ এইডাল, দেউতাকে মিঠাতেল বিক্ৰী নকৰে অ’। মাটি তলৰ তেলৰ খনিত কিবা কাম কৰে। এইবোৰ সেই গাড়ী চলোৱা তেল আক’।” জোন, বিকি, বুলু আৰু ৰাজে জে.চি.বিখনৰ কথা ভাবি ভাবি ততেই নাপালে। তেনেকুৱা এখন জে.চি.বি. কিনাৰ সপোনে সিহঁতক গোটেই ৰাতি শুবলৈ নিদিলে।
পিছদিনা গোটেই গ্ৰুপটো খেলপথাৰত লগ হ’ল। পল নাই সিহঁতৰ লগত। সিঁহতে কাগজৰ জে.চি.বি. এখন বনাব। জোনে প্ৰস্তাৱটো আগবঢ়ালে। সেইহেতুকে সকলোৱে নিজৰ নিজৰ ৰং, পেঞ্চিল, কাগজ য’ত যি আছে লৈ আনিব আৰু কাম আৰম্ভ কৰিব। চুইচ, ৰিমট এইবোৰ হুবহু বনাব নোৱাৰিব যদিও সিহঁতে ৰছী লগাই গাড়ীখন টনাৰ ব্যাৱস্থা কৰিব। একেৰাহে তিনিদিন কঠোৰ পৰিশ্ৰমৰ পিছত সিহঁতে গাড়ী এখন সাজি উলিয়ালে। কাগজেৰে কাটি কাটি হাকোটাখনো সিহঁতে বনালে। ওপৰত হালধীয়া-ক’লা ৰং সানি, ৰছী লগাই বৰ ধুনীয়াকৈ গাড়ীখন নিৰ্মাণ কৰিলে। গোটেই প্ৰক্ৰিয়াটোত ৰং, কাগজ, কেঁচী, আঠা যুগুতাই দিয়া তৰাই আটাইতকৈ বেছি ৰস পালে। গাড়ীখন বনাই হোৱাৰ পিছতেই সিহঁতে পলক দেখুৱাবলৈ বুলি ৰূপালী খুৰীহঁতৰ ঘৰ পালেগৈ। আলহীৰে গিজ্গিজাই থকা ৰূপালী খুৰীহঁতৰ ঘৰত ল’ৰা-ছোৱালীমখাই গৈ নিজে বনোৱা জে.চি.বিখন উলিয়াই দিয়াত আটাইয়ে বৰ ফূৰ্তি পালে। পলৰ দেউতাকে গাড়ীখন পিটিকি-মোহাৰি চাই জোনহঁতক প্ৰশংসাৰে বোৱাই পেলালে। পিছে পলৰ প্ৰতিক্ৰিয়া আশানুৰূপ নাছিল। সি পৰ্দাৰ ফাঁকৰপৰা চাইহে থাকিল, কিন্তু ৰূমৰপৰা ওলাইয়ে নাহিল। এইবাৰহে লাগিল লেঠা। তাকো কাগজৰ গাড়ী এখন লাগে। তাৰ উৎপাত সহ্য কৰিব নোৱাৰি তাৰ মন ভাল লগাবলৈ দেউতাকে তাক যোৰহাটৰ জে.বি. কলেজৰ ফিল্ডত বহা আনন্দ মেলালৈ লৈ গ’ল আৰু সি যি বিচাৰিলে তাকে কিনি দিলে। মেলাৰপৰা এগালমান খেলা বস্তু লৈ তেওঁলোক ঘৰলৈ উভতিল। অৱশ্যে মেলাৰপৰা কিনা পুতলাবোৰেৰে এদিন খেলিয়ে তাৰ আমনি লাগিল। ইফালে ঠাণ্ডাৰ বন্ধ শেষ হ’বৰ হ’ল। এক তাৰিখৰপৰা স্কুল খুলিব। জোন, বিকিহঁতক বাই বাই কৈ পল গুৱাহাটীলৈ গ’লগৈ। ঘৰ গৈ পোৱাৰ পিছদিনা শুই উঠি মুখ-হাত নোধোৱাকৈয়ে সি তাৰ খেলনা বস্তু সুমুৱাই ৰখা কাগজৰ বাকচটো কাটিবলৈ ধৰিলে। সিও বনাব ৰছীৰে টনা কাগজৰ গাড়ী।

